অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

পানী মেটেকা ফুলৰ ভাজি

পানী মেটেকা ফুলৰ ভাজি

পানী মেটেকা আমি বৰ অপ্ৰয়োজনীয় উদ্ভিদ বুলি ভাবো। কিন্তু প্ৰকৃততে পানী মেটেকাৰ উপকাৰিতা বহুত। নদী-বিলৰ পানী পৰিশোধনৰ বাবে পানী মেটেকা বৰ দৰকাৰী। মেটেকাৰ পৰা কাগজ তৈয়াৰ কৰোতেও ব্যৱহাৰ কৰিব পাৰি। সৰ্বোপৰি ইয়াক খাবও পাৰি। গাঁৱে-ভূঞে পানী মেটেকা উভৈনদী। পানী মেটেকাৰ পাতল বেঙুনীয়া মৰম লগা ফুলপাহ আমি সকলোৱে দেখিছো। পানী মেটেকা ফুলৰ ভাজি এখন খাই চাওকচোন।

উপকৰণ

  • মেটেকাৰ ফুল ২০ পাহ।
  • পিঁয়াজ দুটা।
  • কেঁচা জলকীয়া আৰু নিমখ।

প্ৰণালী

ফুলখিনি ঠাৰিৰ পৰা সাৱধানে বাচি লৈ ভালদৰে ধুই লওক। পিঁয়াজখিনি মিহিকৈ কাটি লগত জলকীয়া ফালি দি গৰম তেলত ভাজক। পিঁয়াজখিনি ৰঙা হৈ আহিলে অলপ নিমখ দি লৰাই পানী মেটেকাৰ ফুলখিনি দিয়ক। জুই কমাই আৰু অলপ পৰ ভাজক। ফুলৰ পানী শুকাই আহিলে আৰু অলপমান কেঁচাতেল দি ভালদৰে লৰাই ভাজিখন নমাই থওক। গৰমে গৰমে ভাতৰ লগত পৰিৱেশন কৰক।

উৎস: বিকাশপেডিয়া।

শেহতীয়া উন্নীতকৰণ: : 4/26/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate