মূল পৃষ্ঠা / শিক্ষা / অসমৰ সংস্কৃতি / অসমৰ হস্ততাঁত বস্ত্ৰ্শিল্পৰ জনপ্ৰিয়তা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

অসমৰ হস্ততাঁত বস্ত্ৰ্শিল্পৰ জনপ্ৰিয়তা

অসমৰ হস্ততাঁত বস্ত্ৰ্শিল্পৰ জনপ্ৰিয়তা

হস্ততাঁত বস্ত্ৰশিল্পৰ ক্ষেত্ৰখন বহু প্ৰাচীন। তাতৰঁ পাটত অসমীয়া শিপীনিয়ে সপোন ৰছে। মহাত্মা গান্ধী অসমলৈ আহোতে শুৱালকুছিৰ শিপীনিৰ নিপুন হাতৰ সৃষ্টিৰাজি দেখি এইদৰে কৈছিল।সচাঁ কথা,এগৰাকী শিপীনিৰ নিপুন হাতৰ পৰশত সুন্দৰ একোখন বস্ত্ৰৰ সৃষ্টি হয়।বৰ্তমান বস্ত্ৰশিল্প ক্ষেত্ৰখনলৈ বহু পৰিবৰ্তন আহিছে। যিয়ে ভাৰতীয় অৰ্থনীতিৰ ওপৰতো প্ৰ্ত্যক্ষ প্ৰ্ভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছে।এই ক্ষেত্ৰখনে বহতো লোকক প্ৰ্ত্যক্ষভাবে নিযুক্তি প্ৰ্দান কৰা পৰিলক্ষিত হয়।বৰ্তমান গ্ৰাম্যঞ্চলৰ লগতে চহৰাঞ্চলক ধৰি প্ৰায় ৬৫ লাখ লোকে এই ক্ষেত্ৰখনত নিযুক্তি লাভ কৰিছে।কৃষিৰ পিচতে দ্বিতীয় বৃহৎ উদ্যোগৰুপে পৰিগনিত এইখন ক্ষেত্ৰত (হস্ততাঁত আৰু বস্ত্ৰ্শিল্প)দেশৰ উৎপাদিত বস্ত্ৰবোৰৰ এক বৃহৎ অংশ বিদেশলৈকো ৰপ্তানি কৰি আহিছে,যত আছে বিভিন্ন বস্ত্ৰ,টাৱেল,কুচন কোভাৰ,বিচনা চাদৰৰ পৰা পৰ্দা আদিলৈকে বিভিন্ন উৎপাদিত বস্ত।পৰিবেশ অনুকুল এইসমূহ বস্তৰ জনপ্ৰিয়তা অতি বেচি।

হেণ্ডলুম অৰ্থাৎ হস্ততাঁত উৎপাদিত এবিধ বস্ত্ৰৰ চানেকীৰ ক্ষেত্ৰতো ই অতি চকুত লগা হয়।কিয়নো পাৱাৰ লুমত সকলো চানেকী তুলি লোৱা সম্ভৱ নহয়।ভাৰতৰ ইতিহাস গৌৰৱময়।যত আমি বিভিন্ন স্থাপত্যৰ লগতে দেখিবলৈ পাওঁ বিভিন্ন বস্ত্ৰৰ সম্ভাৰ,কুশল শিপীনিৰ হাতৰ কৰ্মৰাজি।অতীত গৌৰৱ অকনো স্নান নোহোৱাকৈ সময়ৰ সোতঁত ই বৰ্তমানেও বহন কৰি আহিছে নিজৰ সৃষ্টিশীলতা।প্ৰাক স্বাধীনতা কালৰ মহাত্মা গান্ধীৰ খাদী বস্ত্ৰৰ জনপ্ৰিয়তা আৰু ইয়াৰ পিচৰ সময়চোৱাত আমি বিভিন্ন জনপ্ৰিয় লোকক দেখিবলৈ পাইছো যত তেওঁলোকে পিন্ধা সাজসমূহে এক সুকীয়া স্থান লাভ কৰিছে।যত আছে আমাৰ ভূতপূৰ্ব প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে পিন্ধা শাড়ীসমূহ আৰু বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াই কথা নকলোৱেইবা।

পূৰ্বতে অসমৰ পাট-মুগাৰ কাপোৰ বুলি কলে কেৱল শুৱালকুচিৰহে নামটো মনলৈ আহিছিল কিন্ত বৰ্তমান গুৱাহাটীৰ লগতে অসমৰ বিভিন্ন ঠাইত হস্ততাঁত একোটা উদ্যোগ গঢ়ি উঠিছে।ইয়াৰ ফলত এই উদ্যোগসমূহে স্ংস্থাপনৰ ৰাস্তাও মুকলি কৰিছে যদিও বহুক্ষেত্ৰত ই নানান সমস্যাৰ সন্মুখীন হৈছে।যাৰ ফলত কিছুমান কাৰখানা বন্ধ হোৱাৰ উপক্ৰম হৈছে।ইয়াৰ প্ৰধান কাৰন হল শিপীনিৰ অভাৱ।তদুপৰি কিছুমান অসাধু শিপীনিৰ বাবেও এইক্ষেত্ৰত কাৰখানাৰ মালিকসকল ক্ষতিগ্ৰস্থ হোৱা পৰিলক্ষিত হৈছে।তাৰ মাজতে কিছু লোকৰ নেৰানেপেৰা প্ৰ্চেষ্টাতে এই উদ্যোগটো বৰ্তি আছে আৰু আশা কৰো থাকিবও।

সুন্দৰ কামৰ প্ৰ্শ্ংসা সকলোবেই কৰে।অসমৰ ডিজাইনাৰসকল কামৰ প্ৰ্শ্ংসা বৰ্তমান সীমাৰ পৰিধি ভাগি বিদেশতো প্ৰ্শ্ংসা বুটিবলৈ সক্ষম হৈছে।বিদেশৰ অনুষ্ঠানসমূহো এই ক্ষেত্ৰত আগবাঢ়ি আহি তেঁওলোকক উৎসাহ যোগাইছে।বিশেষকৈ প্ৰবাসী অসমীয়া লোকসকলৰ আগ্ৰহ যোগাইছে।বিশেষকৈ প্ৰবাসী অসমীয়া লোকসকলৰ আগ্ৰহ আৰু সদিচ্ছাৰ ফলত থাইলেণ্ড,লণ্ডন,ডুবাই।ছিংগাপুৰ আদি বিদেশৰ মাটিত অসমীয়া ডিজাইনৰ প্ৰস্তত কাপোৰ পিন্ধি মডেলসকলে যেতিয়া ৰেম্পত খোজকাঢ়ি যোৱা দেখো,নিজেও গৰ্ব অনুভব কৰো।

অসমীয়া মেখেলা-চাদৰযোৰ এতিয়া কেৱল অসমীয়া নাৰী এগৰাকীৰ পছ্ন্দৰ সাজ হৈ থকা নাই, বৰ্তমান বহুতো অনা অসমীয়া মহিলায়ো সানন্দেৰে এযোৰ চাদৰ মেখেলা পিন্ধা দেখা পাওঁ।আজিকালি পাট মূগাৰ লগতে বিভিন্ন সুতাৰ কাপোৰ পোৱা যায়,যিবোৰ পিন্ধিবলৈ সুবিধাজনক।

অসমৰ এই সুন্দৰ উদ্যোগটো চলাই ৰাখিবলৈ সকলোবেই বিচাৰে। যাৰবাবে Weavers training centre একোটাৰ অভাৱ বাৰুকৈয়ে অনুভৱ কৰি থকা গৈছে।ভাৰতৰ কিছুমান ঠাইত ইতিমধ্যে এনে প্ৰ্শিক্ষন কেন্দ্ৰ আছে।অসমত যদি এনেকুবা প্ৰ্শিক্ষন কেন্দ্ৰ মুকলি কৰা যায়,তেন্তে শিপীনিৰ সমস্যাটো বহুলাংক্ষে কমিব বুলি আমি আশা কৰো।যৰ পৰা প্ৰ্শিক্ষিত শিপীনিসকলৰ সংস্থাপনো সম্ভৱ হব।আশা কৰো এইক্ষেত্ৰত বিজ্ঞজনৰ সহাঁৰি পাম।

শুৱালকুছিৰ হস্ততাঁত শিল্প

পাট-মুগাৰ মেখেলা চাদৰযোৰৰ সৈতে অসমীয়াৰ পাৰম্পৰিক চেতনা প্ৰ্থা আৰু অবেগ জড়িত হৈ আছে। অসমীয়া লোক জীৱনত ইয়াৰ প্ৰ্ভূত মূল্য আছে।বিয়া এখনৰ আয়োজন আৰম্ভ হয় পাট-মুগাৰ মেখেলা-চাদৰ ক্ৰয়ৰে।আজিৰ পৰা বিশতা বছৰ আগেয়ে পাত্ৰীৰ তাঁতশাল বোৱাৰ ক্ষেত্ৰ্ত থকা দক্ষতাও আছিল বিবাহযোগ্যতাৰ বিচাৰৰ এক মাপকাঠি।সময়ৰ সোততঁ সেয়া সলনি হল।তথাপি অসমীয়াৰ মনৰ পৰা পাট-মুগাৰ মেখেলা চাদৰযোৰৰ প্ৰ্তি থকা দুৰ্বাৰ হেঁপাহৰ তাৰতম্য নঘটিল।কিন্ত আমাৰ অজানিতেই আমাৰ হেপাঁহৰ কাপোৰ সাজঁ প্ৰ্স্তত কৰা মানুহবোৰ সন্মুখীন হ’ল হেজাৰ সমস্যাৰ।আমি খবৰ নল’লো তেওঁলোকৰ। শুৱালকুছি আমাৰ উদাসীনতাৰ সৰ্বোত্ত্ম উদাহৰন হ’ব পাৰে।

সোৰশ শতিকাৰ কেইটিমান তাঁতী পৰিয়ালৰ একক প্ৰ্চেষ্ঠাৰে গঢ়ি উঠা শুৱালকুছি এদিন উজলি উঠিছিল।ফেক্টৰী প্ৰ্থা আহিছিল দ্বিতীয় বিশ্বযুদ্ধৰ পিচতে।পাট-মুগা কাপোৰৰ দাম বাঢ়িছিল।তাতীঁ পৰিয়ালকেইটা ঘৰতে তিনি-চাৰিখন তাঁতশাল বহুৱাই ব্যৱসায়ীকভাবে বোৱনৰ কাম আৰম্ভ কৰিছিল।শিপীনি হাজিৰাৰ বিনিময়ত অনা হৈছিল দাতিঁকাষৰীয়া অঞ্চলবোৰৰ পৰা।লাহে লাহে অইন অইন জীবিকাৰ সৈতে জড়িত মানুহবোৰ আকৰ্ষিত হৈছিল এই হস্তশিল্পৰ প্ৰ্তি।মাছুবৈ,পুৰোহিতসকলেও নিজৰ জীবিকা সলনি কৰি বোৱনৰ এই নতুন কৰ্মত নামিছিল।উৎপাদন কৰ্মত প্ৰযোজক হিচাপে নমা এই নতুন শ্ৰেনীটো পৰিচিত হৈছিল মালিকী শিপিনী হিচাপে।তেওঁলোকৰ অধীনত বানচৰ বিনিময়ত বোৱন শিল্পত নিয়োজিত হোৱাসকল আছিল শিপিনী। শুৱালকুছি ট্ৰেড ইউনিয়নৰ লগত জড়িতসকলৰ মতে ১৯৭০-৮০ দশকত কৰ্ম প্ৰকৰন আৰু মূলধনৰ ওপৰত ভিত্তি কৰি শুৱালকুছিত শিপিনী বা বনুৱাৰ বিভাজন স্পষ্ট হৈছিল।যিসকলে নিজৰ তত্বৱধানত অইন শিপিনী নিয়োগ কৰি প্ৰযোজক ভূমীকা লৈছিল তেওঁলোকে পৰিচিত হৈছিল মাষ্টাৰ উইভাৰ বা মালীক শিপিনী হিচাপে।তেওঁলোকৰ অধীনত কাম কৰাসকল যাৰ নিজাকৈ তাঁতশাল নাছিল পৰিচিত হৈছিল তাতঁশালবিহীন শিপিনী হিচাপে।অইন একাংশ আছিল যাৰ ঘৰৰ তাঁতশালত স্বামী-স্ত্ৰী দুয়ো বহিছিল।অইন শিপিনী তেওঁলোকে নিয়োগ কৰা নাছিল।তেওঁলোকে আছিল স্বাধীন শিপিনী।অইন একাংশৰ পত্নীয়ে নিজৰ ঘৰৰ তাতঁশালত আৰু পুৰুষজনে অইনৰ অধীনত বোৱন কৰ্মত নিয়োজিত হৈছিল।তেওঁলোকে আছিল অৰ্ধস্বাধীন শিপিনী।

চাবলৈ গ’লে শুৱালকুছিৰ হস্তশিল্পৰ এক দীঘ্লীয়া ইতিহাস আছে।সোতৰ শতিকাৰ এই শিল্পই পিচে আজি পাইছেনে বিশ্ব দৰবাৰত যোগ্য স্থান।শুৱালকুচি হস্তশিল্পৰ ভৱিষ্যতৰ স্বাৰ্থত এই আত্মবিশ্লেষন জৰুৰী।অকল ইতিহাসৰে গৌৰাৱাণ্বীত হৈ থাকিলে ভৱিষ্যত কাৰোৱেই নাথাকে।শুৱালকুচিত উৎপাদিত বস্ত্ৰৰ মূল বজাৰ অসম।মুঠ উৎপাদনত ২০% কলকাতলৈ যায়।বাদ বাকী বজাৰ নাই বুলিবই পাৰি।দুই একে ব্যক্তিগত প্ৰ্চেষ্ঠাৰে নিজৰ সামগ্ৰী ভাৰতৰ বাহিৰলৈ পঠিয়াই আছে।উদ্যোগী যুৱক হীৰালাল কলিতা তেওঁলোকে মাজৰ এজন।কলিতা হল আদৰ্শ ছিল্ক গাওঁ ডিজাইনৰ প্ৰ্স্ততকৰ্তা।তেওঁ আমাক তেওঁ প্ৰ্স্তত কৰা আদৰ্শ গাবৰঁ নক্সা দেখুৱাইছিল।২০০৮ চনতে তেওঁ এই নক্সা ৰাজ্য চৰকাৰৰ হাতত অৰ্পন কৰিছিল যিখন তৰুন গগৈ চৰকাৰে কত ৰাখিছে তাৰ শুসুত্ৰ এতিয়ালৈকে নাই।এই নক্সাত বাহিৰৰ মানুহে বিচৰা অনুসৰি অপাৰম্পৰিক ডিজাইনৰ বস্ত্ৰ প্ৰ্স্ততৰ ব্যৱস্থা কৰাৰ পোষকতা কৰা হৈছিল।কাপোৰৰ শুদ্ধতা পৰীক্ষাৰ বাবে এচিড টেষ্ট বাৰ্ন টেষ্ট আৰু মাইক্ৰ্স্কপিক টেষ্ট্ৰ বাবে যাৱতীয় পৰীক্ষাগাৰ আদৰ্শ গাবঁত ৰখাৰ পোষকতা কৰিছিল।বস্ত্ৰ উৎপাদন আৰু বিপনৰ সুবিধা একেটা স্থানতে ৰাখি অধিক গ্ৰাহক আকৰ্ষনৰ পথ উলিওৱা এই মডেল ভিলেজ গগৈ চৰকাৰৰ সহাঁৰি নোপোৱাটো পৰিতাপৰ বিষয়।শুৱালকুচিৰ মূল সমস্যা মানুহৰ প্ৰযুক্তিৰ প্ৰ্তি থকা উদাসীনতা।উন্নত প্ৰযুক্তিৰে ব্যৱহাৰৰ তেওঁলোকৰ বেছিভাগে নিবিচাৰে।জীবিকা হেৰুওৱাৰ আশ্ংকা ইয়াৰ মূল কাৰন।দোষী চৰকাৰ।চৰকাৰীভাৱে শিপিনীসকলক প্ৰযুক্তিগত দিশত কুশলী কৰি তুলিলে এই সমস্যাৰ উদ্ভৱ নহলেহেতেন।কিন্ত কাৰিকৰীভাৱে অজ্ঞ মানুহবোৰ প্ৰযুক্তিভাৱে পৰিৱৰ্তনৰ বিৰোধীতা কৰাই স্বাভাৱিক।সি যি কি নহকওঁ শুৱালকুচিত দ্বিতীয় বিশ্বযুদ্ধৰ পিচতে কালীৰাম কাৰিকৰে ফ্লাই ছাটল বা আজি সঘনে দেখা হাতেৰে টানি ব্যৱহাৰ কৰিব পৰা মাকোৰ প্ৰ্চলন কৰিছিল।সেই সময়তে তেওঁৰ ওপৰত স্থানীয় মানুহে চলোৱা নিৰ্যাতন শুৱালকুচি সৰ্বত্ৰ জনাজাত।পিচে প্ৰ্থমতে সজোৰে সেই পৰিবৰ্তন প্ৰ্ত্যাখান কৰিলেও দুই-তিনি বছৰ পিছত এই বেগী মাকোৱে দিয়া লাভ অনুধাবন কৰি মানুহবোৰে হাতেৰে দলিয়াই তাঁতশালৰ ইমূৰ-সিমূৰ কৰি থাকিবলগীয়া হোৱা সময় খৰচী মাকো(যাক ইংৰাজীত Throw shuttle বুলি কয় ৰ ব্যৱহাৰ এৰিছিল।ফ্লাই ছাটলক আদৰি লৈছিল।অৰ্থাৎ প্ৰযুক্তিগত পৰিৱৰ্তনৰ প্ৰয়োজনীয়তা তেওঁলোকে পলমকৈ হলেও বুজিছিল।আজিৰ মানসিকতাৰো এদিন পৰিবৰ্তন হব।মানুহবোৰে যন্ত্ৰচালিত তাতঁশাল ব্যৱহাৰ কৰিবলৈ লব।এয়া নিশ্চিত যে আমাৰ উৎপাদিত সামগ্ৰীয়ে বাহিৰৰ বজাৰ দখল কৰিবলৈ হলে আমি বাহ্যিক ৰুপৰ উজ্জলতা আৰু গাঠঁনিগত নিপুনতাৰ কথাটো উলাই কৰিব নোবাৰো।বেনাৰসৰ অসাধু ব্যৱসায়ীয়ে আমাৰ ডিজাইন নিমিলিত ৰাটোতোৰ ভিতৰতে হেজাৰ বিজাৰযোৰ কাপোৰ বনাই।আমাৰেই চকুত ধুলি দি শুৱালকুচিৰ কাপোৰ বুলি বেছি অছে।আমি ধৰিবই পৰা নাই।বৰঞ্চ সেই উজ্জল কাপোৰখিনিক আচল বুলি ধৰি লৈ কিনি আছো।এই পৰিস্থিতিৰ সৈতে মোকাবিলাৰ এটাই উপায় আছে সেয়া হল আমাৰ কাপোৰখিনিও উজ্জল কৰা,কাৰিকৰী নিপুনতাৰ প্ৰয়োগ কৰা।সেয়া কৰিবলৈ আমি প্ৰযুক্তিক আদৰিবই লাগিব।আমি শুৱালকুছি যিমান সফল মাষ্টাৰ উইভাৰ লগ পাইছো তেওঁলোকৰ আটাইকেইজন কম বেচি পৰিমানে প্ৰযুক্তিগত উৎকৰ্ষৰ ব্যৱহাৰ কৰি আহিছে।সেয়া ব্যৱহাৰ নকৰাখিনি কষ্টৰ বিনিময়তো প্ৰাপ্যখিনি পোৱা নাই আৰু নিজৰ ভৱিষ্যতক লৈয়ে অনিশ্চয়তাত ভুগিছে।

উৎস: সম্ভাৰ।

3.0612244898
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top