মূল পৃষ্ঠা / শিক্ষা / অসমৰ সংস্কৃতি / আদিসকলৰ কেবাং আৰু ব্যৱসায়
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

আদিসকলৰ কেবাং আৰু ব্যৱসায়

আদিসকলৰ কেবাং আৰু ব্যৱসায়

আদি সমাজত কেবাঙৰ ভূমিকা অতি মহত্ বুলি স্থানান্তৰত আমি আগতেই পাঠকসকলক অৱগত কৰিছোঁ। তেওঁলোকৰ সমাজত কেবাঙৰ ঊৰ্দ্ধত আন কোনো অনুষ্ঠান নাই। গাঁও পৰ্যায়ৰ কেবাঙক তেওঁলোকৰ ভাষাত ‘দলুং কেবাং’ বোলে। কেবাঙত গাঁৱৰ সকলো বয়সীয়াল মানুহে অংশগ্ৰহণ কৰিব পাৰে। কেবাঙৰ মুখীয়ালজনক সমাজেই বাছি দিয়ে। সময় সলনি হোৱাৰ পৰিপ্ৰেক্ষিতত পৰৱৰ্তী কালত গাম, কটকী আদি বয়োজ্যেষ্ঠ আৰু মুখীয়ালসকলেও কেবাঙৰ প্ৰধান ভূমিকা গ্ৰহণ কৰিছিল। কেবাঙত পুৰুষ-তিৰোতা উভয়ে অংশগ্ৰহণ কৰিব পাৰে। তিৰোতাসকলৰ ব্যক্তিগত অসুবিধাৰ কাৰণে কেতিয়াবা কেতিয়াবা কেবাঙত ভাগ লোৱাত বিসঙ্গতি ঘটে। তেওঁলোকৰ সন্তান প্ৰসৱৰ সময়ত বা মাহৰ অসুবিধা হোৱা সময়খিনিত ‘দেৰে’ বা ‘মচুপ’ত (মেল ঘৰ) সোমোৱাত সমাজৰ নীতি অনুসৰি বাধা আছে। সেইবাবেও মহিলাৰ কেবাঙত অংশগ্ৰহণত সেৰেঙা হোৱা দেখা যায়। সৰ্বোপৰি আদি সমাজ পুৰুষপ্ৰধান জাতি। গতিকে নাৰী কেবাঙত থাকিবই লাগিব বুলি কোনো ধৰাবন্ধা নিয়ম নাই। তেওঁলোকে যে সময়-সুযোগ বুজি নাৰীক সন্মান কৰি কেবাঙত অংশগ্ৰহণ কৰিবলৈ দিছে, সেয়ে তেওঁলোকৰ বাবে বহুত। তেওঁলোকৰ মতে, নাৰীয়ে বিবাহৰ পিছত গাঁও এৰিব লাগে আৰু যি অন্য গাঁৱৰ পৰা বোৱাৰী হৈ গাঁৱলৈ আহে তেওঁলোকেও গাঁৱৰ কোন কেনেকুৱা মানুহ তাক বুজি নাপায়। আন কথাত তেওঁলোকে গাঁৱৰ আত্মাটোক বুজি নাপায়। সেই কাৰণেও কেবাঙত তিৰোতাৰ কথা বেছিকৈ ভৱা নহয় বুলি বিজ্ঞসকলে আমাক জানিবলৈ দিয়ে। আমি কিন্তু আলঙৰ(পূৰ্বৰ আলং) কেবাঙত ২০০৫ চনৰ পৰা ২০০৮লৈ বহু তিৰোতাক কেবাঙত বহি থকা দেখিছিলোঁ। পুৰুষসকলে তিৰোতাসকলৰ বিষয়ে আৰু এটা কথা কয় যে তেওঁলোকৰ ওচৰত গোপন কথা আলোচনা হ’লে সেয়া গাঁৱৰ বাহিৰলৈ ওলাই যাব পৰাৰ সম্ভাৱনা থাকে। আগৰ দিনত যুদ্ধ-বিগ্ৰহৰ কথা গোপন নহ’লে নিজৰ প্ৰতিৰক্ষাৰ ব্যৱস্থাই সুৰক্ষিত নহ’লহেতেন। বৃটিছৰ দিনত গাঁৱৰ কেবাঙৰ ওপৰত আৰু দুটা কেবাঙৰ অনুষ্ঠান গঢ় লৈ উঠে। তাৰে এটাক ‘বাংগু কেবাং’ বোলে। বাংগু কেবাঙে কেইবাখনো গাঁৱৰ কথাবোৰ চোৱা-চিতা কৰিছিল। বাংগু কেবাঙৰ ওপৰত থকা আনটো অনুষ্ঠান হ’ল ‘বগুম বকাং কেবাং’। এই কেবাঙে জাতিটোৰ সমস্যাবোৰ চাইছিল।

সংস্কৃতি

বৃটিছ চৰকাৰৰ দিনতে আন তিনিটা পদৰ সৃষ্ট কৰা হৈছিল। তেওঁলোক হ’ল ‘গাম’, ‘পলিটিকেল জমাদাৰ’ আৰু ‘কটকী’। পলিটিকেল জমাদাৰে গাঁওবুঢ়াসকলক চৰকাৰৰ নীতি-নিয়মবোৰৰ বিষয়ে অৱগত কৰিছিল। কটকীয়েও চৰকাৰৰ বিষয়াৰ লগত ৰাইজৰ মাজলৈ গৈ চৰকাৰৰ নীতি-নিয়মৰ কথাবোৰ বুজাই দিছিল। তেওঁ ৰাইজ আৰু চৰকাৰৰ মাজৰ মানুহ হোৱাত তেওঁৰো সমাজত বহুত প্ৰতিপত্তি আছিল। বহুত সময়ত কটকীৰ কথামতে আগৰ দিনত চৰকাৰী বিষয়াই কামত ধীৰে-স্থিৰে আগবাঢ়িছিল। আদি সমাজত তেওঁলোক তিনিও মিলি কাম কৰাৰ বাবে কেবাঙৰ পূৰ্বৰ বল ক্ৰমে ক্ৰমে কমি আহিল। সেয়া আমাৰ নিজস্ব ধাৰণা।

কেবাঙত গাঁৱৰ সমূহীয়া কামবোৰৰো সিদ্ধান্ত লোৱা হৈছিল। বাট-পথ নিৰ্মাণ কৰা, দলং সজা, ৰাইজ ঘৰ সজা, উত্সৱৰ দিন ধাৰ্য্য কৰা, কোনো গেনা মানিব লগা হ’লে সেই গেনা কিমান দিননো মনা হ’ব, শান্তি ৰক্ষা, নতুন স্থান নিৰ্বাচনৰ নিচিনা কথাবোৰ কেবাঙতে ঠিক কৰা হৈছিল। ইয়াৰ উপৰি মাটিৰ কাজিয়া, ধৰ্ষণ, নাৰী অপহৰণ, চুৰি কৰ্ম, বিবাহ-বিচ্ছেদৰ লেখীয়া বিষয়বোৰ সমাধানৰ অৰ্থেও কাম কৰিছিল। এই কথাখিনিৰ লগতে তেওঁলোকৰ বেপাৰৰ বিষয়ে কেইটামান কথা লিখা হওক।

আন এটা দিন আছিল আদিসকলে উত্তৰৰ তিব্বতৰ আৰু অসমৰ লগত যোগাযোগ ৰাখি ব্যৱসায় কৰিছিল। আদা, হাতী দাঁত, জন্তুৰ ছাল, কপাহ, কাপোৰ, গৰু-ছাগলী, কচু, জলকীয়া, মণি, লামা দা যি পাৰে  বিনিময় কৰিছিল। টকা-পইচাৰ অভাৱত বস্তুৰ সাল-সলনি কৰা হৈছিল। অসমৰ এড়ী কাপোৰ, কাঁহী-বাতি আৰু অন্যান্য দৰকাৰী সামগ্ৰীও কিনি নিছিল। তেওঁলোকৰ লগত তিব্বতৰ যোগাযোগ বৰ সুচল নাছিল, যি সামান্য আছিল সেয়াও ১৯৬২ চনৰ পিছত সম্পূৰ্ণ বন্ধ হৈ গৈছিল। সেইবাবেই তেওঁলোকৰ অসমৰ লগত ব্যৱসায় কিছু বেছিকৈ চলিছিল।

লেখকঃ ৰামচন্দ্ৰ চুতীয়া।

2.96721311475
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top