মূল পৃষ্ঠা / শিক্ষা / অসমৰ সংস্কৃতি / আদিসকলৰ খেলা-ধূলা আৰু চিকাৰ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

আদিসকলৰ খেলা-ধূলা আৰু চিকাৰ

আদিসকলৰ খেলা-ধূলা আৰু চিকাৰৰ বিষয়ে

আদিসকলে খেলা-ধূলা কৰি বৰ ভাল পায়। শিশু অৱস্থাৰ পৰাই তেওঁলোকে নানা ধৰণৰ খেল খেলিবলৈ শিকে। তাৰ ভিতৰত পলাপলি খেল বৰ প্ৰিয়। দৰা-কইনা খেলা, ঘৰ সজা, দৌৰা, জপিওৱা, নৈ-নলাত সাঁতোৰা, কাঁড় মাৰি লক্ষ্য স্থান ভেদ কৰা, শিল দলিয়াই নৈ বা নলা পাৰ কৰা, টেঙা বল বা কাপোৰৰ বল খেলা খেলবোৰেই তেওঁলোকে সৰুৰ পৰাই খেলিবলৈ অভ্যাস কৰে। চিকাৰ কৰিবলৈ শিকা বা চিকাৰ ধৰিবলৈ শিকা কামবোৰো খেলৰ ভিতৰত ধৰিব পাৰি।

কৃষিজীৱি আদিসকল চিকাৰপ্ৰিয়। তেওঁলোকে দলবদ্ধ হৈ চিকাৰ কৰি আনিলেও দলবদ্ধ চিকাৰৰ আনন্দই সুকীয়া। তেনেকুৱা সময়ত মানুহবোৰ ভাগ ভাগ হৈ লয়। এদলে এফালৰ হাবিত চিঞৰি, হাবি কোবাই বা কুকুৰ লগাই চিকাৰ নিৰ্দিষ্ট স্থানৰ ফালে খেদি নিয়ে। তেনে চিকাৰ গৈ যেতিয়া লুকাই থকা চিকাৰীৰ সন্মুখত ওলায়গৈ, তেতিয়াই চিকাৰীয়ে কাঁড় নিক্ষেপ কৰি ততালিকে বধ কৰে। খেতি উঠোৱাৰ পিছত সাধাৰণতে সমূহীয়া চিকাৰ কৰা হয়। সেই সময়ত হাবিত থাকে। চিকাৰ সমানে ভাগ কৰি লয়। চিকাৰ কৰাৰ মূল আহিলা হ’ল ধনু-কাঁড় আৰু যাঠি। আজিকালি বন্দুক ব্যৱহাৰ বৰকৈ হ’বলৈ ধৰিছে। চিকাৰত চিকাৰীক বিশেষকৈ কুকুৰে চিকাৰ বিচাৰি উলিওৱাত সহায় কৰে। চিকাৰ সমানে ভাগ কৰিলেও ডিঙি আৰু মূৰৰ অংশ চিকাৰ বধ কৰোঁতাজনৰ ভাগত পৰে। দাঁত, ছাল, এইবোৰ চিকাৰীজনৰ। তেওঁলোকৰ বিশ্বাস মৃত্যুৰ পিছত সেইবোৰ চিকাৰীক সিপুৰীতো লাগিব। হাবিত গছৰ গুটি বা পানী খাবলৈ অহা জন্তুক চাং পাতি লুকাই থাকিও বধ কৰা হয়। ঠিক সেইদৰে বিভিন্ন ধৰণৰ চিটিকা পাতি বা গাঁত খান্দি তাত পেলায়ো চিকাৰ ধৰা হয়। চিকাৰীয়ে বাঘ, সাপ, শিয়াল বা মেকুৰী মাৰিলেও তাৰ মাংস খাব নাপায় বুলি ভাবে। সেইবোৰৰো সুকীয়া সুকীয়া কাহিনী আছে। তেওঁলোকে সেইদৰে কাউৰী, চিলনী, ফেঁচা আৰু বাদুলীৰ মঙহো নাখায়। মানুহে কাঠ-বাঁহ-বেঁত যোগাৰ কৰি খোৱাৰ দৰে আদিসকলে জীৱ-জন্তুও মাৰি তাৰ মঙহ শুকুৱাই থৈ সেইবোৰ বহু দিনলৈ খাই থাকে। জন্তু চিকাৰ কৰাৰ দৰে কেতিয়াবা কেতিয়াবা সমূহীয়াকৈ মাছলৈ যায়। মাছ অকলে বা সমূহীয়াভাৱে ধৰা হয়। সোৱণশিৰিৰ পাহাৰীয়া মিৰি বা নিচিৰ দৰে পানীৰ সুঁতিৰ গতি সলাই পিছত তাক আগফালে বন্ধ কৰি দি পানী শুকুৱাই মাছ ধৰা হয়। এই নিয়মটোক তেওঁলোকে ‘চিবুক পেনাম’ বোলে। পানীত নিজে তৈয়াৰ কৰা বিহ প্ৰয়োগ কৰিও মাছ ধৰা হয়। এই কামটো কৰোঁতে সাৱধান হ’ব লাগে। সাৱধান নহ’লে মানুহলৈও টান পৰে। কাৰোবাৰ ভৰি-হাতত ঘা থাকিলে সেই ফালেদি বিহ গৈ মৃত্যু পৰ্য্যন্ত ঘটাব পাৰে। বিহ মিহলোৱা কামটোক তেওঁলোকে ‘চিবু ৰিনাম’ বোলে। এবাৰতে বেছি মাছ ধৰিলে তাক জুইশালত শুকুৱাই বহু দিনলৈ খোৱাৰ বাবে সাঁচি থয়।

আদিসকলৰ যুদ্ধৰ বিষয়ে দুটামান কথা

জগতত মানুহে নিজৰ স্বাৰ্থত আঘাত লাগিলেই যুদ্ধ কৰাৰ পৰম্পৰা বহু পুৰণি। বোধহয় ই মানুহৰ সমানেই পুৰণি। যুদ্ধ যিকোনো ঠাইত যিকোনো কাৰণত হৈছিল। সেইবোৰৰ ভিতৰত মাটিৰ সীমা বা মাটিৰ কাৰণে লগা যুদ্ধই বোধহয় বেছি। আজিৰ দিনত পানীৰ সীমাৰ কাৰণে হোৱাৰ দৰে অতীততো মানুহে পানীৰ সীমাৰ কাৰণে হোৱাৰ দৰে অতীততো মানুহে পানীৰ সীমাৰ কাৰণে ৰণ কৰিছিল। আদিসকলো তাৰ ব্যতিক্ৰম নাছিল। ওচৰ-চুবুৰীয়াৰ লগতে নৈৰ পানীৰ সীমাৰ কাৰণে তেওঁলোকে যুঁজ-বাগৰ কৰিছিল। তাৰ প্ৰমাণ আমি ২০০৫ চনতে পশ্চিম ছিয়াঙত পাই আহিছোঁ। সেই দুটা প্ৰধান কাৰণৰ উপৰি নৰ হত্যা, পশু চুৰি, কন্যা অপহৰণ আদি বিষয় লৈ আদিসকলে একালত ভয়ংকৰ ৰণত অৱতীৰ্ণ হৈছিল। অতীতত উত্তৰৰ তিব্বতী লোক আৰু মেন্বাসকলৰ লগত আদিসকলৰ মাজে মাজে ৰণ হৈছিল। ঠিক সেইদৰে তেওঁলোকে পূৰ্ব্বৰ মিচিমসকলৰ লগতো নানান কাৰণত যুদ্ধ কৰিব লগাত পৰিছিল। বৃটিছ আগমনক প্ৰতিহত কৰিবলৈ যুদ্ধ কৰাৰ তথ্য আছে। আজিৰ দৰে তেতিয়া বন্দুক-বাৰুদৰ যুদ্ধ হোৱা নাছিল। তেওঁলোকৰ যুদ্ধৰ প্ৰধান অস্ত্ৰ কঁকালত আঁৰি লোৱা দাখনেই বুলি আমি স্থানান্তৰত উল্লেখ কৰিছোঁ। ইয়াক তেওঁলোকে ‘চকপে’ বুলিছিল। লোহাৰ দাৰ অভাৱত তেওঁলোকে বাঁহৰ দাও সাজি লৈছিল। ডিঙিতো আগ জোঙা কটাৰী এখন আঁৰি লৈছিল। সেইখনক তেওঁলোকৰ ভাষাত ‘য়কচিক’ বোলে। ধনু-কাঁড়, যাঠি (নেবু), ঢাল (ছ’টাম), বুকু আৰু পিঠিত মেৰিয়াই লোৱা মেথুনৰ ছালেৰে তৈয়াৰ কৰা ‘তাকাৰ’ (ঢাল বিশেষ), বেঁতৰ টুপী (ৰাই বলুপ) আৰু কপাহী কাপোৰৰ চোলা পিন্ধিয়েই ৰণুৱাসকলে ৰণ কৰিছিল।

আদিসকলে প্ৰতিৰক্ষাৰ বাবে গাঁৱৰ প্ৰৱেশ দ্বাৰত শিলৰ বেৰা দি গাঁও ভেটিছিল। গাঁও মুকলি ঠাইত বহিলেও আত্মৰক্ষাৰ উপায় চিন্তা কৰি গাঁৱৰ যিকোনো এটা ফালে হাবিৰ আশ্ৰয় লোৱা হৈছিল। পাহাৰৰ টিঙত থকা গাঁৱে বিপদৰ বেলা পূৰ্বতে প্ৰতিৰক্ষাৰ বাবে যোগাৰ কৰি ৰখা শিলৰ বা কাঠৰ দম তললৈ বগৰাই দি শক্ৰ নিধন কৰিছিল। গাঁৱৰ বিশেষ স্থানত দ গাঁত খান্দি তাত জোঙা জোঙা শুল পুতি থৈও শত্ৰু আগ্ৰাসন ৰোধ কৰিবলৈ পথত বাঘধনু লগাই থৈছিল। শত্ৰুৰ লগত সন্ধি স্থাপন কৰিবলৈ ভঙা ধনু বা ভঙা কাঁড় পেলাই তাৰ আগজাননী দিয়া হয়। সেইদৰে আনটো দলেও তেনে কৰিলে তৃতীয় পক্ষৰ সহায়ত এখন মাজৰ ঠাইত বহি আলোচনা কৰে। আলোচনা ফলৱৰ্তী হ’লে মেথোন, গাহৰিৰ মাংসৰ লগত আপং খাই ৰণৰ সামৰণি মৰা হয়।

লিখক: ৰামচন্দ্ৰ চুতীয়া, দৈনিক অসম।

2.96610169492
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top