মূল পৃষ্ঠা / শিক্ষা / অসমৰ সংস্কৃতি / কোচ-ৰাজবংশী লোকগানৰ জীৱন্ত দলিল নামাতি গান—এক বিশ্লেষণ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

কোচ-ৰাজবংশী লোকগানৰ জীৱন্ত দলিল নামাতি গান—এক বিশ্লেষণ

কোচ-ৰাজবংশী লোকগানৰ জীৱন্ত দলিল নামাতি গান—এক বিশ্লেষণ

লোক সংস্কৃতি হ’ল জনগণৰ সংস্কৃতি। যাৰ আঁত ধৰিয়ে আমি কোনো এটা জাতি বা জনজাতিৰ ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক, জনবিশ্বাস, ৰীতি-নীতি, খেলা-ধূলা, নাচোন-কাচোন, অতীত-বৰ্তমান আদিৰ এক জীয়া ছবি আমাৰ আগত স্পষ্টকৈ প্ৰতিফলিত হয়। সমান্তৰালভাবে লোকসংস্কৃতিয়ে কোনো এটা জাতিৰ পৰম্পৰা চহকী কৰি তোলাৰ লগতে প্ৰচলিত সমাজ ব্যৱস্থা নিয়ন্ত্ৰণ কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। আনহাতে আমাৰ পূৰ্বপুৰুষসকলৰ বিষয়ে সম্যক জ্ঞান লাভ তথা যি ৰীতি-নীতি আচাৰ ব্যৱহাৰ এৰি থৈ গৈছে তাৰ সবিশেষ জনাৰ উত্তম মাধ্যম হ’ল লোকসংস্কৃতিৰ অধ্যায়। লোকসংস্কৃতিৰ অধ্যায়নে কোনো এখন ভৌগলিক সীমাৰেখাৰ অন্তৰ্গত জনসমষ্টিৰ জনগাঁঠনিকে আদি কৰি সেই অঞ্চলৰ সমাজ জীৱনৰ বিভিন্ন সংযুতি— আনন্দ-বেদনা, হাঁহি-কান্দোন, অভাৱ-অভিযোগ, বিৰহ-মিলন, সুখ-দুখ, অৰ্থনৈতিক দুৰৱস্থা, ৰাজনৈতিক অস্থিৰতা, শাসন-শোষণ আদি দিশৰ লগতে নানা জনবিশ্বাস, প্ৰচলিত গীত-মাত, পৰম্পৰাগত উৎসৱ ইত্যাদি জ্ঞানৰ বাট মুকুলি কৰি দিয়ে।

পৃথিৱীৰ বিভিন্ন জাতি-জনজাতি যিদৰে নিজস্ব লোকসংস্কৃতিৰ সোৱাদত মহীয়ান ঠিক একেদৰে অসমত বসবাস কৰা কোচ-ৰাজবংশী জনজাতিও লোকসংস্কৃতিৰ ফালৰ পৰা চহকী। জন্মৰ পৰা মৃত্যুলৈ এই দীৰ্ঘ অবিৰত প্ৰক্ৰিয়াটোত প্ৰতিজন কোচ-ৰাজবংশী লোককে নিজস্ব লোক সংস্কৃতিৰ প্ৰতি দায়িত্বশীল হোৱা পৰিলক্ষিত হয়। বছৰটোৰ প্ৰতিটো ঋতু, প্ৰতিটো মাহে যেন সহজ-সৰল কোচ-ৰাজবংশীসকলে পালন কৰি থাকে পৰম্পৰাগতভাবে চলি অহা কিছুমান পূজা-পাৰ্বন। য’ত প্ৰতিফলিত হয় কোচ-ৰাজবংশীসকলৰ সৰলতা, পৰম্পৰাৰ প্ৰতি অগাধ বিশ্বাস তথা দায়িত্ববোধ, আনন্দ-উলাহ, নীতি-নিয়ম তথা নানা পৰিৱেশ্য কলাৰ সুন্দৰ নিৰ্দেশন। আনহাতে ইয়াক আৰু গভীৰতা প্ৰদান কৰিছে “বাৰ মাসে তেৰো পূজা” প্ৰবাদটোয়ে। কোচ-ৰাজবংশীসকল হ’ল আৰ্য্য আৰু অনাৰ্য্যৰ দোমজাত থকা এটা জনগোষ্ঠী। খৃ:পূ: ১৫০০ শতিকাত আৰ্য্যসকলে উত্তৰ-পশ্চিম কোণেদি ভাৰতবৰ্ষত পৰ্দাপণ কৰিছিল আৰু এই আৰ্য্যসকলৰ লগতে উত্তৰ-পূব ভাৰতৰ এক বৃহৎ আদিম জনগোষ্ঠী কোচসকলে নিজৰ ধৰ্ম আৰু তীব্বতবৰ্মী ভাষা পৰিহাৰ কৰি হিন্দু ধৰ্ম আৰু আৰ্য্য ভাষা গ্ৰহণ কৰি নিজকে ৰাজবংশী বুলি পৰিচয় দিবলৈ ধৰে। এই আৰ্য্যকৰণ প্ৰক্ৰিয়াৰ সমান্তৰালভাবে জনজাতীয় গোষ্ঠীৰ কোচসকলৰ লগত আৰ্য্যসকলৰ সংস্কৃতিৰ এক সংমিশ্ৰণ ঘটে যদিও শক্তিশালী আৰ্য্য সংস্কৃতিৰে বিজয় হয়। গতিকে কোচ-ৰাজবংশীসকল লোকসংস্কৃতিত জনজাতীয় বৈশিষ্ট্য ৰক্ষিত হোৱাৰ বাহিৰেও আৰ্য্য সংস্কৃতিৰ প্ৰভাব নুই কৰিব নোৱাৰি।

আমাৰ আলোচনাৰ বিষয় কোচ-ৰাজবংশী সমাজত প্ৰচলিত নামাতি গান মুখ্যত কোচ-ৰাজবংশী সমাজত প্ৰচলিত বিবাহ আদি অনুষ্ঠানত গোৱা গীত। এনে গীতৰ মাজেদি কোচ-ৰাজবংশী সমাজৰ বিবাহ আদিৰ ৰীতি-নীতি তথা বিবাহত কৰা ৰং-ৰইচৰ লগতে পিতৃ গৃহ এৰি যাবলৈ ওলোৱা কন্যা এজনীৰ কৰুণ গাঁথায়ে প্ৰতিফলিত হয়। ৰিচাৰ্ড এম. ডৰচন (Rishard M. Dorson)-ৰ মতে লোকসংস্কৃতি আৰু লোকজীৱনক মোটামুটিভাবে চাৰিটা ভাগত বিভক্ত কৰিব পাৰি—

১. মৌখিক সাহিত্য। (Oral literature)

২. ভৌতিক সংস্কৃতি। (Material culture)

৩. সামাজিক লোক ৰীতি-নীতি। (Social folk custom)

৪. লোক-পৰিৱেশ্য কলা। (Performing folk arts)

দেখা যায় য়ে প্ৰাচীন কালৰে পৰা কিছুমান নিৰক্ষৰ মানুহৰ মাজত একধৰণৰ ৰূপ কথা, গল্প, সাঁথৰ পটন্তৰ, প্ৰবাদ-প্ৰবচন, গীত-মাত মুখে মুখে প্ৰচলিত আৰু প্ৰচাৰিত হৈ আহিছে। দীৰ্ঘ সময় ধৰি মানুহৰ মুখে মুখে প্ৰচলিত হৈ অহাৰ কাৰণে ইয়াক লোক-সাহিত্য বা মৌখিক সাহিত্য বুলি কোৱা হয়। এনে মৌখিক সাহিত্যবোৰতো আমি লিখিত সাহিত্যৰ দৰেই মানৱ জীৱনৰ হৰ্ষ-বিষাদ, আশা-নিৰাশা আদি বিভিন্ন অনুভূতিৰ উমান পোৱাৰ উপৰি সামাজিক চিত্ৰ, প্ৰকৃতিৰ বিচিত্ৰ ৰূপৰ সুন্দৰ বৰ্ণনা পোৱা যায়। এনে মৌখিক গীতবোৰক মূলতঃ তিনিটা প্ৰধান ভাগত ভাগ কৰিব পাৰি—(ক) লোকগীত (খ) ফকৰা-যোজনা, সাঁথৰ-পটন্তৰ আৰু (গ) সাধু কথা।

এই লোকগীতৰ ভিতৰুৱা হ’ল আমাৰ নামাতি গান। কোচ-ৰাজবংশী লোকগীত বা লোকগানক ড° দ্বিজেন্দ্ৰনাথ ভকতে ‘গোটায়ে কোচ-ৰাজবংশী ছাত্ৰ সন্থাৰ অষ্টম দ্বিবাৰ্ষিক কেন্দ্ৰীয়, ২০০৮’-ৰ মুখপত্ৰ ‘পহলান’ত মুঠ চাৰিটা ভাগত ভাগ কৰিছে। সেইবোৰ হ’ল—

১. পূজা পাৰ্বনেৰ গান

২. কাজ কামাইৰ গান বা কৰ্মগান

৩. কেচ্চাবন্দী গান আৰু

৪. নানান বিষয়েৰ গান

কোচ-ৰাজবংশী সমাজত প্ৰচলন অনুসৰি পূজা পাৰ্বনেৰ গীতক আকৌ ১২টা প্ৰকাৰত ভাগ কৰি দেখুৱা হৈছে—

১. মনসা পূজাৰ গান।
২. সোনাৰায় ঠাকুৰেৰ গান।
৩. কাতি পূজাৰ গান।
৪. বাঁশ পূজাৰ গান।
৫. হুদুম পূজাৰ গান।
৬. ত্ৰিনাথ পূজাৰ গান।
৭. শীতলা বা ঠাকুৰাণী পূজাৰ গান।
৮. গোৰক্ষনাথেৰ গান।
৯. চৰক পূজাৰ গান।
১০. জগন্নাথেৰ গান।
১১. তিস্তাবুঢ়ী বা ভেদাই খেলিগান। আৰু
১২. বিয়াৰ গান।

শেষৰ ফালে যি বিয়াৰ গানৰ কথা উল্লেখ কৰা হৈছে সেয়াই হল নামাতি গান অৰ্থাৎ কোচ-ৰাজবংশী সকলৰ সামাজিক নিয়ম অনুসৰি বিয়াৰ মাংঙ্গলিক কাৰ্যৰ লগত সংগতি ৰাখি যি গীত গোৱা হয় সেয়াই নামাতি গান বা বিয়াৰ গান। এই গীত সাধাৰণতে বিবাহিতা তথা আদহীয়া মহিলাসকলে গোৱাৰ নিয়ম। দল গঠনৰ ক্ষেত্ৰত ৫জন সদস্য থাকিব লাগিব যিটো পাঁচ বৈৰাতী বুলি সৰ্বজনবিদ। নামাতি গানৰ দলটো কিন্তু সম্পূৰ্ণ ৰূপে বিবাহিতা মহিলাৰে গঠিত হব লাগিব। দলটোক বিয়াৰ চায়েইনা তলিত (ৰভা তলিত)সামূয়িক ভাবে আয়তী বা বৈৰাতী বুলি কোৱা হয়।দলটোৰ মূল গায়িকগৰাকীক গীতালী বা গীদালী বুলি কোৱা হয় আৰু ইয়াত প্ৰধান সহায়কাৰীজনীক দাইনাপালি আৰু বাকী সদস্যক পালি বুলি কোৱা হয়। ইয়াত কোনো বাদ্য-যন্ত্ৰৰ ব্যৱহাৰ নাথাকে। আনহাতে এই ‘নামাতি গান’ নামকৰণৰ প্ৰসঙ্গত বহুত মতবাদৰ বাদ-বিবাদ থকাৰ পৰিলক্ষিত হয়। কিছুমানৰ মতে এই গীতত গায়িকাসকলে বিয়াৰ দৰা-কইনাকে আদি কৰি আত্মীয়-স্বজনক নামধৰি মতাৰ কাৰণে এনে গীতক নামাতি গান বুলি কোৱা হয়। আন একাংশৰ মতে আৰ্য্য সংস্কৃতিৰ প্ৰভাৱ নপৰাৰ আগত আয়তী বা বৈৰাতীসকলে গোৱা এনে গীতক আয়তী গান বা বৈৰাতী গান বুলিয়ে কৈছিল। কিন্তু আৰ্য্য সংস্কৃতিৰ সংস্পৰ্শত এনে গীতবোৰক পিছলৈ নামাতি গান বুলিয়ে পৰিচিত হ’বলৈ ধৰিলে।

নামাতি গানক সুক্ষ্মভাবে যদি পৰ্যাবেক্ষণ কৰোঁ দেখা যাব যে কোচ-ৰাজবংশী জনজাতিৰ বিয়া এখনত দৰা আদৰাৰ পৰা কইনা উলিয়াই দিয়া পৰ্ব পৰ্যন্ত যি নীতি-নিয়ম পালন কৰা হয় সেই সকলোবোৰ নামাতি গানৰে মাজেদিয়ে প্ৰতিফলিত তথা প্ৰাণ পাই উঠে। বিশেষকৈ দৰা-কইনা গা ধোৱা, তেল চড়োৱা, ৰভাতলীত কইনা উলিয়াই দিয়া, টিকিচ্যুৎ কৰি দিয়া (অৰ্থাৎ কইনাজনীক নিজ বংশৰ পৰা তেজৰ সম্পৰ্ক চিঙি দিয়া), আখৈ চতিওৱা, দৰা কইনাৰ কড়ি খেলা ইত্যাদিৰ বাহিৰেও দৰা আৰু কইনা পক্ষই উভয়ে উভয়ক জোকৱা ৰং-ধেমালি কৰাৰ দৃষ্টান্ত দেখিবলৈ পোৱা যায়। এনেদৰে উভয় পক্ষৰ সহিতে গোৱা গীতবোৰক খিচতা গান বুলি কোৱা হয়, দৰাচলতে এনে গীতত দৰা আৰু কইনা পক্ষই খিচতা-খিচতিত লিপ্ত হয় আৰু তাৰ কাৰণে এনে গীতক খিচতা গান বুলি কোৱা হয়। অসমীয়াত যাক খিচা গীত বুলি কয়ে। ইয়াৰ উপৰি মাতৃ হৃদয়ৰ চৰম অভিব্যক্তি নামাতি গানৰ মাজেদি প্ৰকাশিত হয়। দৰা যেতিয়া কইনা নিবলৈ পদূলি মুখত আহি পায়হি মাতৃ হৃদয়ৰ আকুলতা যেন তীব্ৰতৰ হৈ পৰে, ম্ৰিয়মান হৈ পৰে কইনাৰ মাক। ঠিক তেনে এক নিজম পৰিবেশ ভাঙিবলৈ বৈৰাতীয়ে কইনাৰ মাকক জোকাই গায়—

বাসেৰ পাত বিজিলি
কইনাৰ মাও পাগিলি
জাঙৈকে ঝোকাবা গেলি হে॥

ইয়াৰ পিচতে কইনাৰ মাকে মনৰ সকলো বেজাৰ পৰিহাৰ কৰি স্বামীৰ সৈতে ন-দৰাক আদৰিবলৈ ওলাই আহে। দৰা আদৰাৰ সময়ছোৱাত বৈৰাতিসকলে যি গান গায়ে তাত নতুক আদৰাৰ যি প্ৰাৰম্ভিক ৰীতি, দৰা পক্ষ আৰু কইনা পক্ষৰ মিলনৰ আনন্দোল্লাস আৰু নতুন দৰা-কইনাক আৰ্শীবাদ, শুভেচ্ছাৰে ৰভাতলিত বহুৱাৰ চিত্ৰ চিত্ৰায়ণ হোৱা দেখা যায়।

কাঠলেৰ পীৰা ফুটিছে কমলা।
কি ফুলে গাইথাইছ মালাহে॥
অ’হে জাঙই চাওৱা মাথা হালি দেক
শচুৰে মালা দে লোৱা হে॥
অ’হে নিঘবাসী জাঙৈ পাইল আজি।
আউদাৰত চিহিৰায় হাতী হে॥
অ’হে মন ভূলে তোলে।
বিয়াতে বসিল বৰ
কইনা দিলোঁ গুণে॥

দৰাচলতে নামাতি গানবোৰত গ্ৰাম্য জীৱনৰ নাৰীৰ কোমল মনৰ কাব্যিক অভিব্যক্তিৰ সুন্দৰতম প্ৰকাশ পৰিলক্ষিত হোৱা দেখা যায়। কেতিয়াবা এনে হয় যে দুখন ওচৰ চুবৰিয়া গাঁৱৰ মাজতে এখন বিবাহ কাৰ্য্য সম্পন্ন হয়। তেনেক্ষেত্ৰ চিনাকী সূত্ৰে কইনাজনীক সান্ত্বনা দি বৈৰাতীয়ে গায়ে—

নাকান্দিস নাকান্দিস কইনা
ওচৰতে ঘৰ।
কুনো চিন্তা নাকৰিস
দিন্নে দেখা বৰ॥
বাপে কৈছিল নেদং নেদং।
মায়ে খাইসে মনে।
হাওয়া খাওয়াৰ আলেছালে
আইছিল ঘনে ঘনে॥

নামাতি গানবোৰত দৰা-কইনাৰ সাজ-সজ্জাৰ বিষয় এক চমু আভাষ ফুটি উঠা পৰিলক্ষিত হয়। এই ক্ষেত্ৰত অতীতৰে পৰা পৰম্পৰাগত সাজ-পোছাক তথা আ-অলংকাৰ দৰা-কইনাই পৰিধান কৰাৰ লগতে বতলাৰে(কুঁহিলা) নিৰ্মিত এক বিশেষ ধৰণৰ মুৰালী দৰা-কইনাই পৰিধান কৰা দেখা যায়; যিয়ে নেকি চায়েইনা তলিত দৰা-কইনাক বিশেষ মৰ্যদা প্ৰদান কৰাৰ লগতে এই মুৰাৰীটো কোচ-ৰাজবংশীসকলৰ লোক-পৰিৱেশ্য কলাৰ এক উৎকৃষ্ট নিৰ্দেশন বহন কৰিছে। মুৰাৰীটোত খোদিত কৰা যি কাৰুকাৰ্যতা তাৰ সৰল বৰ্ণনা দৰা-কইনাক মুৰাৰী পিন্ধাই দিয়াৰ সময়ছোৱাত বৈৰাতীসকলৰ গীতত দেখা যায়—

বিচিত্ৰ মুৰাৰী বিচিত্ৰ মুৰাৰী
মালীৰ বা কি নাম।
কুন মালীয়ে মুৰালী কাটিছে
ফুলে ঝকমক কৰে।
আগফালে লেখিছে কৈৰা-মৈৰা
পাছফালে লেখিছে হাতী,
তাৰ মাজে মাজে এ পাঞ্চ ভোমৰা
মধুৰস পান কৰে।
মুকুটৰে উপৰে মৈৰা ঘোৰ গুঞ্জৰে
নিয়ৰ খায়া পাঙ্খা মেলে
মুকুটেৰে উপৰে মৈৰা ঘোৰ গুঞ্জৰে
উৰাং উৰাং কৰে।

আনহাতে মাতৃপূজা হৈছে জনজাতিসকলৰ অন্যতম বৈশিষ্ট। নিজকে প্ৰকৃতিৰ সন্তান বুলি জ্ঞান কৰা জনজাতিসকলে প্ৰকৃতিৰ সৈতে সহাৱস্থান কৰি জীৱন প্ৰণালী প্ৰবাহিত কৰে। কোচ-ৰাজবংশীসকলৰ মাজতো এনে মাতৃ পূজাৰ উৎকৃষ্ট নিদেৰ্শন প্ৰতিফলিত হয় নামাতি গানবোৰত। বিয়াৰ দৰে মাঙ্গলিক কাৰ্যত স্থান দিয়া মাতৃপূজাত বৈৰাতীসকলে সেইবাবেই গায়—

সিৰ্ সিৰিয়া বাতাসখিনি এ
বাবুৰ গাৱে লাগে।
কলৰ পাত বসিয়া বাবু
মাতৃ পূজা কৰে॥

আনহাতে নামাতি গানৰ থিচতা মাৰা গানবোৰ হৈছে আনন্দ-বিনোদ, ৰং-ৰইচ তথা দৰা আৰু কইনা উভয়ে উভয় পক্ষক খিচতা মাৰা বা জোকোৱা গীত। তদুপৰি কোচ-ৰাজবংশীসকলৰ বিয়াত গোৱা এনে খিচতা মাৰা গীতবোৰ দৰা বা কইনা পক্ষতেই সীমাবদ্ধ নাথাকে। এনে গীতত আমি বিয়ালৈ অহা বামুণ বা পুৰোহিত আৰু ঢোল বজোৱা ঢোলুৱাকো খিচতা মাৰা হয়। এনে গীতবোৰ যিদৰে খৰস্ৰোতা নদীৰ দৰে তীব্ৰতৰ ঠিক একে দৰে মানুহৰ বুদ্ধিদীপ্ত মনৰো পৰিচায়ক। এনেবোৰ গীতৰ সুললিত ধ্বনি, শেষ অক্ষৰ তথা ছন্দ মিলনৰ যি প্ৰৱণতা সেয়া এইবোৰ গীতৰ কাব্যিক ধৰ্মীতাকে সূচায়। তলত কেইটামান খিচতা মাৰা গান দাঙি ধৰা হ’ল—

দৰা পক্ষ—

এ হৰি চোতালেৰ বেং
এমন কইনা চাইলুং
শালিকা হেনা ঠেং।

কইনা পক্ষ—

এ হৰি এহাল বাৰীৰ ইটা
বৰ ঘৰেৰ বৈৰাতী গিলাৰ
দুই গালে পিঠা।
দৰা পক্ষ—

কইনা ঘৰেৰ পাসিলাতে
ৰুইয়া থৈছে চানা।
ঢোলুৱা গিলা ঢোল নাবাজায়
তিৰীয়ে কৰিছে মানা॥

কইনা পক্ষ—

বাঁশেৰ তলেৰ বেঙে লেকু
কান্দে কেকু কেকু।
বৰ ঘৰেৰ চেংৰী গুলাৰ তেলকা-ভেলকা চকু॥

এইদৰে বিশ্লেষণ কৰাৰ অন্তত দেখা যায় যে নামাতি গান হৈছে কোচ-ৰাজবশী লোকগানৰ এক অবিচ্ছেদ্য অংগ। যাৰ ফলশ্ৰুতিতে ৰাজবংশী সমাজৰ বৈবাহিক আচাৰ-নীতি, নিয়ম-কানুনৰ এক সুন্দৰ ছবি পৰিস্ফুট হৈ উঠে। কিন্তু আজিৰ তাৰিখত ই যি দৰে চৰ্চা আৰু প্ৰচাৰ লাভ কৰিব লাগিছিল সেই অনুপাতে দেখিবলৈ পোৱা নোযোৱাটো দুখৰ বিষয়। অন্যফালে লোকসংস্কৃতিক বাদ দি আমাৰ জীৱনৰ কথা কল্পনা কৰিব নোৱাৰি, ই স্বতঃস্ফূৰ্ত। জন্মৰ পৰা মৃত্যু এই সুদীৰ্ঘ সময়ছোৱাত মানুহ এজনে কৰা প্ৰতিটো কামেই একো একোটা লোকসংস্কৃতিয়ে। গতিকে এই বিশ্বায়নৰ যুগত যদিও সময়ৰ পৰিবৰ্তনৰ পৰিপ্ৰেক্ষিতত কিছু তাৰতম্য লক্ষ্য কৰা যায়, তথাপিও যেতিয়াই এনে গীতৰ সুৰে ভৌগলিক সীমা চেৰাই বিশ্বজনীন সাজ পৰিধান কৰিব তাতে লুকাই থাকিব নামাতি গান সাৰ্থকতা আৰু মহত্ব।

নিৰ্বাচিত গ্ৰন্থপঞ্জী আৰু স্মৃতিগ্ৰন্থ

১. ভকত; দ্বিজেন্দ্ৰ নাথ : ‘অসমৰ কোচ-ৰাজবংশী জনজাতি’
ৰামকৃষ্ণ মিচন পথ, বিদ্যাপুৰ, ধুবুৰী, অসম—৭৮৩৩২৪
প্ৰথম প্ৰকাশ- জানুৱাৰী, ২০০৮

২. শৰ্মা; নবীন চন্দ্ৰ : ‘অসমীয়া লোক-সংস্কৃতিৰ আভাস’

বাণী প্ৰকাশ প্ৰাইভেদ লিমিটেড, পাণ বজাৰ, গুৱাহাটী—৭৮১০০১

পঞ্চম প্ৰকাশ,২০১১

৩. শৰ্মা; হেমন্ত কুমাৰ : ‘অসমীয়া সাহিত্যত দৃষ্টিপাত’

বীণা লাইব্ৰেৰি, কলেজ হষ্টেল ৰোড, গুৱাহাটী-৭৪০০১
একাদশ প্ৰকাশ- অগষ্ট,২০০৭

৪. ‘গোটায়ে কোচ-ৰাজবংশী ছাত্ৰ সন্থাৰ অষ্টম দ্বিবাৰ্ষিক কেন্দ্ৰীয়, ২০০৮’ৰ স্মৃতিগ্ৰন্থ—‘পহলান’

৫. “কোচ-ৰাজবংশীগিলানেৰ ভাষা-সংস্কৃতি আৰ’ সমাজ বিষয়ক আন্তৰ্জাতিক আলোচনা চক্ৰ, ২০১১”ৰ স্মৃতিগ্ৰন্থ—‘ভূমকি’

৬. ‘গোটায়ে বি টি এ ডি কোচ-ৰাজবংশী সন্মিলনীৰ চতুৰ্থ দ্বি-বাৰ্ষিক অধিবেশন, ২০০৮’ৰ স্মৃতিগ্ৰন্থ—‘ফুৰুঙা’

লিখক: চক্ৰধৰ ৰাজবংশী

3.06756756757
চক্ৰধৰ ৰাজৱংশী Nov 22, 2016 12:15 AM

এই লিখাটো মই আপোনালোকক দিয়া নাছিলোঁ। আপোনালোকে কৰ পৰা কপি পেষ্ট কৰিলে। বিনা অনুমতিত এনেদৰে লেখা প্ৰকাশ কৰাটো ঘৃণনিয় কাম। অন্তত যৰ পৰা তুলি আনিছে তাৰ লিংকটো দিব লাগিছিল। বেয়া লাগিল এনে চুৰ কাৰ্য দেখি।

পৱিত্ৰ বৰ্মন Aug 15, 2016 12:51 PM

বহুত ভাল লাগিছে

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top