মূল পৃষ্ঠা / শিক্ষা / অসমৰ সংস্কৃতি / পাহাৰীয়া তিৱাসকলৰ থাউখুম কাৰা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

পাহাৰীয়া তিৱাসকলৰ থাউখুম কাৰা

পাহাৰীয়া তিৱাসকলৰ থাউখুম কাৰা

অসম তথা মেঘালয় পাহাৰ আৰু ভৈয়াম উভয়তে বসবাস কৰা তিৱা সকলৰো মৃত্যুৰ লগে লগে এনে ধৰণৰ কিছুমান ক্ৰিয়া-কৰ্ম আৰম্ভ হয়। পাহাৰীয়া তিৱাসকলৰ তেনে এক মৃতকৰ ক্ৰিয়া-কৰ্ম আমি ইয়াত দাঙি ধৰিলো, যাক তেওঁলোকে থাউ খুমকাৰা অৰ্থাত তেল ফুল উতসৰ্গা কৰা কাৰ্য বুলি কয়। তিৱাসকলৰ এই অনুষ্ঠানটি আমি থাৰাখুঞ্জি নামৰ এখনি কাৰ্বি পাহাৰৰ ভিতৰুৱা গাঁৱত চোৱাৰ সৌভাগ্য হৈছিল।

পাহাৰীয়া তিৱাসকলৰ মাজত পুৰুষ বা মহিলা এগৰাকীৰ মৃত্যুৰ পিছত মৃতগৰাকী যিটো কুলৰ পৰা (তিৱাসমাজত ঘৰ জোঁৱাই ৰখা প্ৰথজা আছে) আহিছিল মৃতকৰ পৰিয়ালে প্ৰথমে তেওঁলোকৰ পৰিয়ালত খবৰ দিয়া নিয়ম, তাৰ পিছতহে ডেকাচাঙৰ বিষয়ববীয়া, বুঢ়া-মেঠাসকলক জনোৱাৰ নিয়ম। যদি মৃতকৰ পৰিয়ালত কোনো ধৰণৰ দায়-জগৰ নেথাকে তেনেহ’লে গাঁৱৰ এই সমাজখনে পৰিয়ালটোৰ পৰা জনাবলৈ যোৱা ব্যক্তিগৰাকীক সোধে, ‘আপোনালোকে মৃতকৰ শৱটি গাতত পুতিবনে দাহ কৰিব’, তেতিয়া মৃতকৰ পৰিয়ালৰ মুখিয়ালজনে ক’ব ‘পূৰ্বৰেপৰা আমাৰ সমাজখনে যিহেতু দাহ কৰাৰ হে নিয়ম, গতিকে আমিও সেইটোকে কৰিবলৈ আপোনালোকক অনুৰোধ জনাইছো। তেতিয়া সকলোৱে মান্তি হৈ মৃতকৰ ঘৰলৈ আহি মৃতকক চাঙি কৰি নিৰ্দিষ্ট দূৰৈত থকা ৰাজহুৱা শ্মশানলৈ লৈ যায়। যাওঁতে তেওঁলোকে গৃহৰ ভিতৰত কিছু ছাঁই বা এঙাৰ চালনিৰে চালি থৈ যায়। ডেকাচাঙৰ ৰাইজে বান্ধি দিয়া গিয়াতিয়ে মৃতকক ঠাক ঠাককৈ সজাই থোৱা খৰিৰ ওপৰত ৰাখি জুই ধৰে। এই দুগৰাকী গিয়াতিৰ কাম হ’ল মৃতকৰ মাংসপিণ্ড, সম্পূৰ্ণ জ্বলি শেষ নোহোৱা পৰ্যন্ত চিতাৰ পিনে পিছ দিব নোৱাৰিব। অৰ্থাত চিতাৰ কাষৰ পৰা তেওঁলোক আঁতৰ হ’ব নোৱাৰে। মৰিশালিত মৃতকৰ শৱ পুৰি থাকোঁতে তেওঁলোকে পনীয়া মদ্যপান কৰে দুখ-ভাগৰ লাঘৱ কৰাৰ কাৰণে।ভৈয়ামৰ তিৱাসকলৰ দৰে পাহাৰৰ তিৱাসকলৰ শ্মশানত মৃতকৰ পৰিয়ালৰ (ঘৰ) মানুহ থকাত নিষিদ্ধতা নাই। নাৰীসকলৰস্বাদে সকলোৱে শ্মশানত থাকিব পাৰে। যি দুজন গিয়াতিক সমাজে বাছি দিয়ে তেওঁলোকে শ সতকাৰ হোৱাৰ পিছত পৰিয়ালৰ মানুহক মৃতকৰ শৰীৰৰ অংশ ৰৈ গৈছে নেকি চোৱা-চিতা কৰিবলৈ পৰামৰ্শ দিয়ে। যদি পৰিয়ালৰ লোকৰ দৃষ্টিত মৃতকৰ কোনো অংশ নজ্বলাকৈ ৰৈ নাযায়, তেতিয়া জুই নুমাব পাৰে বুলি কয়। পৰিয়ালৰ লোকে চোৱা-চিতা কৰাৰ পিছতো যদিহে মৃতকৰ নজ্বলা অংশ ৰৈ যায় তাৰ বাবে গিয়াতি দুগৰকী জগৰীয়া নহয়। ইয়াৰ অন্যথা শাস্তিৰ বিধান আছে। ইয়াৰ পিছত মৰিশালিৰ পৰা ঘুৰি আহি সকলোৱে চালি থৈ যোৱা ছাই বা এঙাৰখিনি পৰীক্ষা কৰে। ছাইখিনিত যদিহে মানুহৰ ভৰিৰ খোজৰ নিচিনা চিহ্ন দেখে তেতিয়া মানুহে কূ-কৰ্ম অৰ্থাত কবিৰাজি কৰি অথবা লাহাম খুৱাই, কুমন্ত্ৰ মাৰি মাৰিছে বুলি ধাৰণা কৰে অৰ্থাত আকস্মিক মৃত্যু হৈ বুলি ভাৱে। কোনো চিহ্ন নাপালে স্বাভাৱিক মৃত্যু হৈছে বুলি ভাবে। এইখিনিতে এইটোও উল্লেখযোগ্য যে পাহাৰীয়া তিৱাসকলে অস্বাভাৱিকভাবে মৃত্যু হোৱা লোকক যেনে গছৰ পৰা পৰি বন্য হিংস্ৰ জীৱ-জন্তুৰদ্বাৰা আক্ৰান্ত হৈ, শিল খহি অথবা ফাঁচি লাগি মৃত্যু হ’লে ৰাজহুৱা শ্মশানত দাহ নকৰে। তাৰ পৰিৱৰ্তে কোনো বেলেগ স্থান নিৰ্বাচন কৰে। মৰিশালিৰপৰা ঘুৰি অহাৰ আগতে শ্মশানত থকা মানুহবিলাকে এটা সৰু দোনা পূৰ কৰি মৰিশালিত চাউল থৈ আহে। থাউখুম কাৰাৰ দিনা সেই দোনাটোৰ চাউল পৰীক্ষা কৰাৰ নিয়ম। যদিহে দোনাটোৰ চাউল কোনো হৰণ-ভগন অৰ্থাত কোনো পশু-পখী, জীৱ-জন্তুৱে খোৱা নাই, তেন্তে সেয়া পৰিয়ালৰ বাবে অম্ংগলৰ চিহ্ন। যদিহে আধা খাই আধা এৰি গৈছে সেয়া ম্ংগলৰ চিন আৰু মৃতকে সম্পূৰ্ণ জীৱন পাৰ কৰি মৃত্যু হৈছে বুলি ধাৰণা কৰে। তেনেদৰে একেবাৰে চাউল খাই সম্পুৰ্ণ কৰাটোও অম্ংগল বুলি তেওঁলোকে বিচবেচনা কৰে। থাউখুম কাৰাৰ কোনো নিৰ্দিষ্ট দিন-বাৰ নাথাকে। কোনোৱে মৃতকৰ মৃত্যুৰ দুদিন পাছত, কোনোৱে ১০/১৫ দিনলৈকে এই অনুষ্ঠানটি উদ্‌যাপন কৰিবলৈ থৈ দিয়ে। থাউখুম কাৰাৰ দিনা খুমলাই নামৰ তৃণ(তুলসী জাতীয় গছ)অতি পৱিত্ৰ ভাৱে মিঠাতেলৰ লগত সানি মৃতকক উতসৰ্গা কৰি কিছু অংশ আগবঢ়ায় আৰু কিছু অংশ অনুষ্ঠানত সমবেত হোৱা গাঁৱৰ ৰাইজ আৰু আত্মীয়-কুটুম্বই কাণত পিন্ধে। বিলনীয়াৰে বিলাই যোৱা আউনিপাণ আৰু বাকলিৰ সৈতে টুকুৰা-টুকুৰিকৈ কটা তমোল-পাণ মৃতকক উদ্দ্যেশি আগবঢ়ায় আৰু দুই এটুকুৰা তামোল-পাণৰ লগতে চোবাই পৰীক্ষা কৰাৰ দৰে আগবঢ়ায়। তেওঁলোকে বিশ্বাস কৰে যে সেই চোবোৱা তমোল-পণ যিগৰাকী চোবাওঁতাৰ বেছিকৈ ৰঙা হয় সেই গৰাকীৰ চোবাওঁতাৰ ঔৰসত মৃতকে পুঅনৰ জন্ম লয়। এই পৰীক্ষা কৰাৰ আগতে সমজুৱা সকলোৱে কুমলীয়া চুটি চুটিকৈ কটা এটি বাঁহৰ চুঙাত মদ লৈ বিলনীয়াৰে আগতথৈ যোৱা কটা পাণ-তামোলত মৃতকক উদ্দ্যেশি বাওঁহাতেৰে আগবঢ়ায়। অন্য এটি চুঙাত সমজুৱাজনে নিজে খায়।

বাহিৰত সমজুৱেআসকলে এইবোৰ কৰি থাকোতে বৰঘৰৰ ভিতৰত গাঁৱৰ সমাজখনৰ মুখিয়াল লোক আৰু যিটো কুলৰ পৰা মৃতকে ঘৰজোঁৱাই হৈ আহিছিল আৰু যিটো কুললৈ আহিছিল সকলোৱে মুখামুখিকৈ বহি লয়। সমাজৰ মুখি্যালসকল একাষৰীয়াকৈ বহে। তাৰ পিছত আগলি কলপাতত ঠঙালি, ঠেনাচ, ফাচকাই আদফি নৱবস্ত্ৰ আগবঢ়াই থাউখুম ইত্যাদি উতসৰ্গা কৰি মৃতকক উদ্দেশ্যি এইদৰে বৰ্ণনা কৰে- ‘এইবোৰ তোমাৰ নামত উতসৰ্গা কৰিছো গ্ৰহণ কৰা, আমিও তোমাৰ লগতে এইকেইদিন এনে ধৰণৰ ভাল ঠঙালি (টঙালি) ঠেনাচ (নৃত্যত পৰিধান কৰা কাপোৰ বিশেষ) ফাচকাই(মহিলাই বুকুত মৰা কাপোৰ) পৰিধান কৰা নাছিলো, মূৰত তেল-ফুল লোৱা নাছিলো। আজি আমি তোমাক এইবোৰ অৰ্পণ কৰি আমিও পৰিধান কৰিম বুলি ভাবিছোঁ। তাৰ বাবে আমাক বেয়া নাপবা, তেল-ফুল ঘঁহিম মনত দুখ নকৰিবা। তুমি অন্য এটি কুলৰ পৰা আহি এই কুলত থিতাপি লৈ নানা কৰ্ম কৰিলা, সেইবোৰ আমি সদায় সুঁৱৰিম।’

এইখিনি সময়তে মৃতকৰ আত্মিয়ই মৃতকক সুঁৱৰি ইনাই-বিনাই কান্দে। অসমৰ কিছুমান জনগোষ্ঠীয়ে মৃতকৰ ম্ৰিত্যুৰ তিনিদিনলৈকে ব্ৰ্ত ৰখা প্ৰথা আছে। পাহৰীয়া তিৱাসকলৰ মাজত এই প্ৰথা নাই। তেওঁলোকে মৃতকৰ শ দাহ কৰি অহাৰ পিছতে ৰান্ধি-বাঢ়ি খাব পাৰে। থাউখুম কাৰা অনুষ্ঠানটি নপতালৈকে মৃতকক সদায় পৰিয়ালৰ লোকে খোৱা খাদ্য আগবঢ়োৱাৰ নিয়ম অছে। এই অনুষ্ঠানটি নোযোৱা পৰ্যন্ত পাহাৰীয়া তিৱাসকলে কাঠ-বাঁহ ইত্যাদিৰে নিৰ্মিত ওখ আসনত বহাৰ নিয়ম নাই। থাউখুম কাৰা শেষ হোৱাৰ পিছত ওছৰ চুবুৰীয়া গাঁৱৰ পৰা অহা অত্মীয়-কুটুম্বক ‘জ্যু’(মদ) যচা হয়। চামচুৰি(এবিধ লতা জাতীয় শাক) পাতৰ লগত শুকান মাছ ৰান্ধি ভাতৰ সৈতে আপ্যায়ন কৰাৰ নিয়ম দেখা যায়। এই থাউখুম কাৰা কৰাৰ বহুদিন পাছতহে মূল শ্ৰাদ্ধটি পতা দেখ যায়। অৰ্থাত কুলৰ কেইবাগৰাকীও মানুহ মৰাৰ পিছতহে একেলগে শ্ৰাদ্ধ পাতে। থউখুম কাৰা শেষ হোৱাৰ পিছত ওচৰ-চুবোৰীয়া আত্মীয় নাৰীসকলে মৃতকৰ পৰিয়লৰ ঠাই লেপি তুলসী পানী চতিয়াই শুদ্ধি কৰে। ‘থাউখুম কাৰাৰ লগত স্ংপৃক্ত হৈ আছে অন্য এটি গুৰুত্বপূৰ্ণ পৰ্ব সেইটো হৈছে ‘ফামাৰী’ চোৱা প্ৰথা। ফামাৰী চোৱাৰ অৰ্থ হ’ল আত্মাক নিমন্ত্ৰণ কৰি পৰিয়ালৰ ভূত-ভৱিষ্যতৰ বিষয়ে অৱগত হোৱা। পাহাৰীয়া তিৱা সমাজত ফামাৰী বুলি এক শ্ৰেণী দেওঁজকা মানুহ আছে যিয়ে এই নিয়মত অংশগ্ৰহণ কৰে। থাউখুম কাৰাৰ কিছুদিনৰ পিছতে মৃতকৰ পৰিয়ালে নিৰ্দিষ্ট দিন-বাৰ এটি চাই অতীতত মৃতকে খাই ভাল পোৱা বয়-বস্তু, তামোল-পাণ, আগলি কলপাত জুগুলি(ভাতৰ সৈতে থকা মদ) সৰুকলহ এটি, শুকান তিতা লাউৰ খোলা, ভাত, মদ, মাংস, শাল পাতত বনোৱা ধঁপাত লৈ নিৰ্দিষ্ট দিনটোত ফামাৰীৰ ঘৰলৈ যায়। তেতিয়া ফামাৰীজনেও নিৰ্দিষ্ট নীতি-নিয়মৰ মাজেৰে আত্মাক নিমন্ত্ৰণ কৰে। এটা সময়ত আত্মাই আহি ফামাৰীৰ গাত ভৰ কৰে। আত্মা আহি ভৰ কৰিলেই স্বত:ফুৰ্তভাৱে ফামাৰীজনৰ চকুৰে লোতক বৈ আহে, নিজে নিজে কান্দি উঠে। তেতিয়া তেওঁ পৰিয়ালৰ মানুহক কি উদ্দেশ্যত আহিছে সুধিবলৈ কয়।আপোন মানুহবিলাকেও নিজকে প্ৰস্তুত কৰি বিভিন্ন প্ৰশ্ন সোধে। তেওঁ স্বৰ্গত গৈ ভালদৰে আছে নে নাই, নে কিবা অসুবিধা হৈছে নেকি, থাউখুম কাৰাৰ দিনালৈকে তেওঁক আগবঢ়োৱা ভাত-তৰকাৰী, চাহ-পানী, মদ খাবলৈ পাইছিলনে নাই সোধা পোছা কৰে। মৃতকৰ আত্মায়ো ফামাৰীৰ যোগেদি যথাযথ উত্তৰ দিয়ে। ইয়াৰ পিছত পৰিয়ালটোৰ ভৱিষ্যত জীৱনৰ কৰ্ম পন্থাৰ ওঅপৰত প্ৰশ্ন সোধা হয়। কোৱা হয় যে ‘তুমি ইমান সোনকালে আমাৰ মাজৰ পৰ (স্বৰ্গলৈ) গুচি যাবা বুলি ভবা নাছিলোঁ। তুমি হঠাতে গুচি যোৱাত আমাৰ গুৰিয়ালহীন নাৱৰ দৰে অৱস্থা হৈছে। পৰিয়ালৰ হকে তুমি কিছুমান পৰিকল্পনা কৰি কাম কৰি আছিলা। সেই কামবোৰ আমি কেনেদৰে পৰিয়ালে কৰিম তাৰ দিহা-পৰামৰ্শ দিব লাগে।’ দেওঁ জকা মানুহজনৰ মুখেদি মৃতকৰ আত্মাই সেইমতেই বিধান দি মৃতকে এৰি যোৱা কামবোৰ কেনেকৈ কৰিব লাগে উপদেশ দিয়ে। এনেকৈয়ে কথোপকথন চলি থাকোঁতে মৃতকে আগতে খাই ভাল পোৱা বস্তুবোৰ উলিয়াই দিয়ে। ফামাৰীজনৰ গাত ভৰ কৰা আত্মায়ো সেইবোৰ বস্তু ভালপোৱা মানুহবোৰৰ পৰা খায়। যদিহে জীৱিত অৱস্থত বেয়া পোৱা মনোভাৱ আছিল তেনেহ’লে ফামাৰীজনে নাখায়। উল্লেখনীয় যে যদিও ফামাৰীয়ে আত্মা গাত থকা অৱস্থাত মদ্যপাণ কৰি নিচাসক্ত মানুহৰ দৰে কৰিছিল, আত্মা গুচি যোৱাৰ পাছত ফামাৰীগৰাকী অম্পূৰ্ণ সুস্থ অৱস্থাত দেখা পোৱা যায় অৰ্থাত নিচাসক্ত মানুহৰ দৰে ৰৈ নাথাকে। এনেদৰে ফামাৰী চোৱা প্ৰথাৰ পিছত ফামাৰীৰ উপদেশ লৈ পৰিয়ালটো আপোন গৃহলৈ ঘুৰি আহে আৰু মৃতকৰ আধৰুৱা ঘৰ-সংসাৰৰ কাম কৰি স্বাভাৱিক জীৱন-যাপন কৰিবলৈ সাজু হয়।

ৰুপান্তৰ সেনাপতি, দৈনিক অসম।

3.025
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top