অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বাদ্যযন্ত্ৰ

বাদ্যযন্ত্ৰ

ভাৰতৰ অন্যান্য প্ৰদেশৰ দৰে প্ৰাচীন অসমতো সংগীতৰ যথেষ্ট চৰ্চা হৈছিল; সংগীতৰ লগত নানাবিধ বাদ্যযন্ত্ৰৰো সংযোগ আছিল। আমাৰ দেশত অ’ত-ত’ত সিঁচৰতি হৈ থকা পুৰণি ভাস্কৰ্য আৰু বৈষ্ণৱযুগৰ চিত্ৰাংকিত সাঁচিপতীয়া পুথিসমূহৰ চিত্ৰৰপৰা এইবোৰৰ বিষয়ে জানিব পাৰি। পঞ্চদশ শতিকাত মহাপুৰুষ শংকৰদেৱৰ ভক্তি-আন্দোলন সংগীত আৰু নাটক-ভাওনাৰ যোগেদি দেশৰ ইমূৰৰ পৰা সিমূৰলৈকে বিয়পি পৰিছিল। বৈষ্ণৱধৰ্মৰ লগত জড়িত সত্ৰ আৰু নামঘৰ, এই দুই জাতীয় অনুষ্ঠানে, সংগীত আৰু ভাওনাৰ জৰিয়তে আজিলৈকে অসমত প্ৰাণৱান কৰি আহিছে। এই বিষয়ে আমাৰ ধাৰ্মিক আৰু সামাজিক উৎসৱ-অনুষ্ঠানৰো দান কম নহয়। পূজা-পাৰ্বণ আৰু বিয়া-বাৰুত গীত আৰু বাদ্য অপৰিহাৰ্য অংগ। ভাৰতীয় শাস্ত্ৰ মতে অসমৰ বাদ্যসমূহ তত-যন্ত্ৰ, ঘন-যন্ত্ৰ, সুষিৰ-যন্ত্ৰ, আনদ্ধ-যন্ত্ৰ আদি বিভিন্ন পৰ্যায়ত ভাগ কৰিব পাৰি। তত-যন্ত্ৰৰ ভিতৰত তাঁৰৰ বাদ্যযন্ত্ৰসমূহ পৰিছে। ইয়াৰ ভিতৰত বীণ বা বীণাই অতি প্ৰাচীন; ই ভাৰতত জাতীয় বাদ্যযন্ত্ৰৰূপে পৰিগণিত। A Cultural History of Assam পুথিত তেজপুৰ, শিৱসাগৰ, কামাখ্যা মন্দিৰৰ পুৰণি মুৰ্তিৰ হাতত থকা বীণাৰ উল্লেখ কৰা হৈছে। প্ৰাচীন অসমীয়া সাহিত্যত বিপঞ্চি, দোতাৰা, বিলাস, কবিলাস বা ৰুদ্ৰবিলাস, বীণ, ৰুদ্ৰবীণা, ৰামবীণা, ৰবাব, স্বৰমণ্ডল, চাৰিন্দা, টোকাৰী, ৰুদ্ৰক টোকাৰীৰ উল্লেখ আছে। টোকাৰীৰ গ্ৰাম্যসংস্কৰণ হ’ল লাও-টোকাৰী। বিশেষকৈ দেহ-বিচাৰৰ গীত গাওঁতে বৰাগীয়ে লাও-টোকাৰীৰ ব্যৱহাৰ কৰে। মাধৱদেৱৰ বৰগীতত ইয়াৰে কেইখনমান বীণৰ উল্লেখ আছে :

ৰুদ্ৰ কবিলাস        বিপঞ্চি ৰবাব

শৰদ স্বৰমণ্ডলে ।

মধুৰ মৃদংগ         মন্দিৰা উপাংগ

বাহু বাদ্য সুমংগলে ।।

কাঁহ, তাল, ঘণ্টা আদি ঘন-যন্ত্ৰৰ শাৰীৰ। তাল অনেক প্ৰকাৰৰ। শব্দৰ মাধুৰ্য আৰু গাম্ভীৰ্য অনুযায়ী বিভিন্ন প্ৰসংগত বিভিন্ন তাল ব্যৱহাৰ কৰা হয়। আকাৰত ডাঙৰ তালৰ ভিতৰত হ’ল ৰামতাল বা ভোৰতাল। ভোৰতাল ভোটদেশৰপৰা অহা বুলি অনুমান হয় (ভোট ৃ ভোড় ৃ ভোৰ)। তিব্বতী বৌদ্ধ-সংগীতত এই তালৰ ব্যাপক ব্যৱহাৰ আছে। সৰুবিধৰ ভিতৰত খঞ্জৰি, খঞ্জৰিকা, মন্দিৰা, খুটিতাল আদি। বাঁহৰ শালেৰে সজা এবিধ বাদ্যযন্ত্ৰৰ নাম কৰতাল। ধৰ্মসংগীতৰ লগত ইয়াক বজোৱা হয়। এই শাৰীৰ অন্য এক প্ৰকাৰৰ বাদ্যযন্ত্ৰ হ’ল ঘণ্টা। হিন্দুসংগীত আৰু পূজা-অৰ্চনাত অতীতৰপৰাই ঘণ্টাৰ ব্যৱহাৰ হৈ আহিছে। আজিও ভক্তই পুণ্য আৰ্জিবলৈ মন্দিৰত প্ৰৱেশ কৰি ঘণ্টা বজায়। কিংকিনী আৰু নূপুৰকো বাদ্যযন্ত্ৰৰ ভিতৰত ধৰিব পাৰি। মুখেৰে ফু দি বজোৱা বাদ্যযন্ত্ৰসমূহেই হ’ল সুষিৰ-যন্ত্ৰ। ফু দি বজোৱা পুৰণি বাদ্যযন্ত্ৰৰ ভিতৰত শিঙাই প্ৰধান। গাঁৱলীয়া অঞ্চলত আৰু জনজাতীয় সকলৰ মাজত ম’হৰ শিঙাই প্ৰধান। প্ৰয়োগ অনুসৰি শিঙাৰ বিভিন্ন নামকৰণ কৰা হৈছে; ৰামশিঙা, খংশিঙা, ৰণশিঙা। অসমীয়া সাধুকথাত খংশিঙা আৰু ৰণশিঙাৰ উল্লেখ মন কৰিবলগীয়া। বহু জনজাতিয়ে মন্ত্ৰৰ লগত শিঙা বজাই ভূত-প্ৰেত, আপদ-অমংগল দূৰ কৰিবলৈ বিচাৰে। পেঁপাও অন্য এটি সাধাৰণতে প্ৰচলিত বাদ্যযন্ত্ৰ। ভাৰতীয় ধৰ্মমূলক আৰু সামাজিক মাংগলিক অনুষ্ঠানত শংখৰ প্ৰাচীন কালৰেপৰা সম্বন্ধ; যুদ্ধক্ষেত্ৰত শংখৰ প্ৰয়োগ হৈছিল। ভাৰতীয় সংস্কৃতিৰ ইতিহাসত বাঁহী, বেণু বা মুৰুলীৰ স্থান অতি চিত্তাকৰ্ষক আৰু ঐতিহ্যমণ্ডিত। বাঁহীৰ নিদৰ্শন নানা স্থানত আৱিষ্কৃত হোৱা অসমৰ প্ৰাচীন ভাস্কৰ্যত পোৱা গৈছে। পুৰণি সাহিত্যত কীচক-বেণুৰ উল্লেখ আছে। কোনো কোনো পণ্ডিতে কীচকবেণু আৰু কীচক শব্দটো চীন দেশৰপৰা অহা বুলি মত প্ৰকাশ কৰিছে। বাঁহীৰ গ্ৰাম্য সংস্কৰণ হৈছে পেঁপা। বড়ো-কছাৰীসকলৰ মাজত দীঘল চিফুং বাঁহীৰ ব্যাপক প্ৰচলন। অসমত কালি বা কালিয়াৰ ব্যৱহাৰ যে বহুদিনীয়া সেই কথা তেজপুৰৰ এটি পুৰণি ভাস্কৰ্যই প্ৰমাণ কৰে। ইয়াক ধাতু আৰু কাঠ দুয়োটাৰে নিৰ্মাণ কৰা হয়; আৰু বিশেষকৈ বিবাহ উৎসৱত বজোৱা হয়। পুৰণি পুথিত কালি, কালিয়া, জয়কালি, বীৰকালিৰ উল্লেখ আছে। এই শাৰীৰ অন্য এক বাদ্যযন্ত্ৰ ভেৰী সম্ভৱত: তিব্বতৰপৰা আহিছে। ৰামভেৰী বা ৰণভেৰী সম্ভৱত: ৰণবাদ্যযন্ত্ৰ। মোহৰি আৰু গগনা লৌকিক উৎসৱ-অনুষ্ঠানত বজোৱা হয়। গগনাৰ ঘাই সম্বন্ধ বিহুগীত আৰু বিহু নৃত্যৰ লগত। বিহুনামত তিৰোতায়ো গগনা বজায়। আনদ্ধ যন্ত্ৰৰ ভিতৰত ঢোলজাতীয় বাদ্যৰ স্থানেই সৰ্বপ্ৰথম। ঢোলজাতীয় বাদ্য অসমৰ অন্যতম প্ৰধান গুৰুত্বপূৰ্ণ বাদ্যযন্ত্ৰ। অসমত প্ৰচলিত ঢোলজাতীয় বাদ্য অনেক প্ৰকাৰৰ; আকাৰ, গঢ় আৰু নিৰ্মাণৰ উপাদানভেদে সেইবোৰৰ নামো ভিন ভিন। ডাঙৰ ডাঙৰ ঢোলবোৰৰ নাম হ’ল – দামা বা দামামা, গোমুখ, কহালা বা কহালি, নাগাৰা আৰু পটহ। ডংকা, ডিণ্ডিম, দুন্দুভি, জয়ঢাক আদি হ’ল ৰণবাদ্যযন্ত্ৰ। ৰামায়ণত যুদ্ধ-প্ৰসংগত আছে –

কহালি মুহোৰি ভেদী শৰদ তুমুল।

দুন্দুভি মৃদংগ দাম বাজে ঢাক ঢোল।।

কালিকা পুৰাণত আছে –

অৱাদয়ন্ত তে শংখান্‌ পটহান্‌ পৰিৱাদিন: ।

মৃদংগাণ্ডিণ্ডিমাংশ্চৈব গোমুখান্‌ পণৱাংস্তথা ।।

এই জাতীয় অন্য এবিধ বাদ্যযন্ত্ৰ হ’ল দবা। ই আকাৰত ডাঙৰ। নামঘৰ, মন্দিৰৰ অনুষ্ঠানত ইয়াক ব্যৱহাৰ কৰা হয়। মন্দিৰ বা নামঘৰত দবাই গাঁৱৰ মানুহক দৈনন্দিন বিভিন্ন কামৰ সময় সংকেত দিয়ে। দবা কোবালে ভূত-প্ৰেত আদি অমংগল বিদূৰ হয় বুলি সাধাৰণৰ বিশ্বাস। ধুমুহা-বৰষুণ, ভুমিকম্প, অগ্নিসংযোগ আদি প্ৰাকৃতিক দুৰ্যোগবোৰৰ সময়ত দবা কোবাই ৰাইজক সজাগ কৰা হয়। ভাৰতীয় আনদ্ধ যন্ত্ৰৰ ভিতৰত প্ৰাচীনতম বাদ্যযন্ত্ৰৰ এবিধ হ’ল মৃদংগ। মৃদংগ নামটোৱেই ই যে মাটিৰে (মৃৎ) নিৰ্মিত সেই কথা সূচায়। গায়ন-বায়নৰ মূল বাদ্যযন্ত্ৰই হ’ল মৃদংগ। প্ৰাচীন অসমীয়া সাহিত্যত মহিলাই মৃদংগ বজোৱাৰ উল্লেখ আছে। মৃদংগৰ আধুনিক ৰূপ হ’ল খোল। চৰিত পুথিৰ মতে মহাপুৰুষ শংকৰদেৱে কপিলীমুখৰ কুমাৰৰ হতুৱাই প্ৰথমে খোল নিৰ্মাণ কৰোৱাইছিল। ঢোলৰ ক্ষুদ্ৰ সংস্কৰণ ডম্বৰুৱে শিৱৰ বাদ্যযন্ত্ৰস্বৰূপে অসমীয়া প্ৰাচীন মূৰ্তিকালত বিশেষ মৰ্যাদা লাভ কৰিছে। ইয়াৰ ভিতৰত ঢোল, ঢোলক, খুমুচি আৰু মাদলৰ নাম পোৱা যায়। তেজপুৰত পোৱা প্ৰাচীন ভাস্কৰ্যত ঢোল বা ঢোলকৰ চিত্ৰ আছে। লোক-সংগীততেই ঢোল আৰু ঢোলকৰ প্ৰচলন অধিক। সামাজিক উৎসৱত ঢুলীয়া-খুলীয়াই ঢোল আৰু পাতিঢোল ব্যৱহাৰ কৰে। মাধৱ কন্দলীৰ ৰামায়ণত বাদ্যযন্ত্ৰৰ এটি তালিকা:

বীৰ ঢাক ঢোল বাজে           তৱল ডগৰ দণ্ডি

শৱদ শুনিয়া কোলাহল ।

ভেমচা ক্ষৈমচা চায়            ঝাঝাৰ ৰেমচি বাজে

ৰামতাল আৰু কৰতাল ।।

টোকাৰি কেন্দৰা, ৰুদ্ৰ           বিপঞ্চি দোতাৰা বাজে

বীণা বাঁশী দোশৰি মোহৰি ।

জিজিৰা কাহালি শিংগা           ভেৰি থাকে নিৰন্তৰ

স্বৰ্গ ভুৱনকো গৈলা পূৰি ।।

আন এজন অসমীয়া কবি সূৰ্যখৰি দৈৱজ্ঞই তেওঁৰ দৰং ৰাজবংশজাত কেতবোৰ বাদ্যৰ নাম উল্লেখ কৰিছে :

শংখ ঘণ্টা কৰতাল,          দুন্দুভি বজাৱে ভাল,

ঢাক ঢোল ডগৰ নাগাৰা ।

ৰামবেনা কবিলাস,           যাহাৰ মধুৰ ভাষ,

খঞ্জৰীক মোহৰী দোতাৰা ।।

ৰবাব সাৰিণ্ডা বাঁশী,         ঝিলি ঝিঞ্জিৰিকা ৰাশি,

ৰুদ্ৰ টোকাৰী বাৱে তুড়ি ।

মৃদংগ মন্দিৰা খোল,          ধোমচিৰ শুনি ৰোল,

গোগোনা যে বজাৱে মুৰুলী ।।

উপাংগ যে বৰকাংখ,         মচুৱই বাবে জমফ,

জয়কালি বজাৱয় ভেৰী ।

ৰাম শিঙা ৰাম তাল,          ঝোঞ্জৰা বজাৱে ভাল,

গোমুখ বজাৱে উচ্চ কৰি ।।

বীৰ কালি সিংঘবান,          তবল বজাৱে ঘন,

পূৰয় অম্বৰু বাদ্যচয় ।

পালি ৰণ শব্দ আতি,          দোচৰি ঢোলক জাতি,

আনো বাদ্য অসংখ্য বাজয় ।।

এইবোৰ বাদ্যযন্ত্ৰৰ বাহিৰেও প্ৰাচীন অসমীয়া সাহিত্যত ভামৰি, ভাণ্ডি, বেনা, বেনী, ভেমেচি, দণ্ডি, দিণ্ডি, দোচৰি, ধোমচি, মচুৱৈ, মুৰুয়া, পনৱ, ৰেমচি, শিংগৱান, টকা, তৱলা, টুপেচি, তুৰ্য আদি বাদ্যযন্ত্ৰৰ উল্লেখ আছে।

উৎস: অসমৰ লোক-সংস্কৃতি

2.95
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top