অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

লোক-বিশ্বাসত সাপ

লোক-বিশ্বাসত সাপ

ডক্টৰ ভগেলে তেওঁৰ ‘Indian Serpert Lone’ গ্ৰন্থত অতি পুৰণিকালৰে পৰা ভাৰতত সাপ-পূজাৰ বহুল প্ৰচলনৰ বিষয়ে আলোচনা কৰিছে। অসমতো অসমীয়া আৰু জনজাতীয় লোকসকলে জীৱন্ত সৰ্পৰ প্ৰতীকৰ পূজা কৰে। হিন্দুৱে ম’হ, ছাগলী, পাৰ বলি দি বছৰি মনসা বা বিষহৰিৰ পূজা কৰে। সম্প্ৰতি এই সৰ্পদেৱীক মূৰ্তি নোহোৱাকৈয়ে ঘট বা সিজু গছক কেন্দ্ৰ কৰি পূজা কৰা হয়। সংক্ৰামক ব্যাধি নাইবা মহামাৰীৰ সময়ত এই মনসা দেৱী বা মাৰ’ই দেৱীক অতি পয়োভৰেৰে এতিয়াও পূজা কৰা হয়। কোনো কোনো উপজাতিয়ে পূৰ্বপুৰুষেই পৰিয়ালৰ মংগলৰ অৰ্থে সাপৰূপে জন্ম লৈ ঘূৰি আহে বুলি বিশ্বাস কৰে; বিশেষকৈ মণিপুৰীসকলৰ মাজত এই বিশ্বাস প্ৰচলিত। তেওঁলোকৰ এজন পূৰ্বপুৰুষ পাখংবা। পাখংবাই এতিয়াও মাজে মাজে সাপৰ ৰূপত দেখা দিয়ে বুলি তেওঁলোকৰ অন্ধবিশ্বাস আছে। টি.চি. হাড্‌চনে ৰজাৰ সিংহাসন আৰোহণৰ প্ৰসংগত ৰজা বহা সিংহাসনৰ তলৰ এটা খলপাত পাখংবা নামে এটা সৰ্প বাস কৰাৰ উল্লেখ কৰিছে। ৰাজসিংহাসনৰ তলত যিমান দিন পাখংবা থাকিব সিমান দিন ৰজা নিৰাপদে সিংহাসনত উপবিষ্ট থাকিব। এই একে জাতিৰ ভিতৰতে নংশা বা অজগৰৰ শিলামূৰ্তি হ’ল ৰাজ্যৰ সৌভাগ্যৰ প্ৰতীক। মণিপুৰীসকলৰ পূৰ্বপুৰুষ সৰ্পৰ উত্‌পত্তি সম্বন্ধে থাডউ-কুকীসকলৰ মাজতো এটা পুৰণি আখ্যান আছে। লেংহোই বা লুংমাইদেং নামৰ এজনী ছোৱালী ওচৰৰে গাঁৱত বাস কৰা এটা ডাঙৰ সাপৰ প্ৰেমত পৰে। তাই পুৰণি কুকীসকলৰ ছোথে জাতিৰ ছোৱালী আছিল। আন মানুহৰ আগত সাপটোৱে সাপ হৈয়েই দেখা দিয়ে; কিন্তু ছোৱালীজনীৰ আগত দেখা দিলে এজন ধুনীয়া ডেকাৰ ৰূপত। কালক্ৰমত তাই অন্ত:সত্বা হ’ল, আৰু শেষত তাইৰ এটি ল’ৰা উপজিল। ল’ৰাটো ডাঙৰ হ’ল আৰু মানুহে তাক বাপেক নোহোৱা বুলি কোৱাত সি লাজ পালে। মাকে ল’ৰাটোক সেই কথালৈ কাণ নিদি সৰ্পৰূপী বাপেকৰ লগত বন্ধুত্ব স্থাপন কৰিবলৈ ক’লে। মাকৰ কথাত ল’ৰাটোৱে সাপটোৰ ওচৰলৈ গৈ তাৰ ডিঙিত ধৰিলগৈ; সাপটোৱেও ল’ৰাটোক তাৰ জীৱনত বহুতো বিস্ময়কৰ ঘটনা ঘটিব বুলি ক’লে। ল’ৰাটোৱে আহি মাকক এই কথা জনালে; মাকেও নতুন ঠাই বিচাৰি নতুন গাঁও স্থাপন কৰিবলৈ ‘আহটুইচান্‌’ উৎসৱ পালনৰ অৰ্থে কিছুমান কণী আগবঢ়ালে। ল’ৰাটোৱে প্ৰথমে লাংথাবল নামে ঠাইত চেষ্টা কৰিলে; কিন্তু তাত কোনো শুভ লক্ষণ নেদেখি উপত্যকাৰ মাজলৈ গৈ তাত ‘আহটুইচান্‌’ উৎসৱ পাতি শুভফল লাভ কৰিলে। সি তাৰ পিছত তাত এখন গাঁও পাতিলে আৰু তাৰেপৰাই মণিপুৰীসকলৰ উত্‌পত্তি হ’ল। খাছীয়াসকলৰ মাজতো সাপ-পূজাৰ প্ৰচলন আছে। ইয়েই ইউথ্ৰেন্‌ পূজা; এই সাপক তুষ্ট কৰিবলৈ নৰবলিৰ প্ৰয়োজন। এই সৰ্পপূজাৰ নিমিত্তে এতিয়াও গোপনে নৰহত্যা অনুষ্ঠিত হয়। ইউথ্ৰেনৰ উত্‌পত্তিৰ বিষয়ে তলৰ বিৱৰণ মন কৰিবলগীয়া :

পুৰণিকালত লঙিঘয়াং কোংখেন নামে গাঁৱত এজন বজাৰ আছিল, তাতে দেৱতাসকলৰ এখন পৱিত্ৰ স্থান আছিল। তাৰে ওচৰতে ৰংঝিৰটেহ নামৰ গুহাত প্ৰকাণ্ড এটা থ্ৰেন বা সাপ বাস কৰিছিল। বজাৰলৈ যাওঁতে ৰংঝিৰটেহৰ ওচৰ পোৱাৰ লগে লগে মানুহবোৰক এই সাপটোৱে গিলি থৈছিল। থ্ৰেনে এই কাৰ্য বিশেষ নিয়ম অনুযায়ীহে কৰিছিল। সেয়া আছিল – যদি দহোটা মানুহ যায়, তাৰে পাঁচোটাকে সি গিলে; অৰ্থাত্‌ আধাখিনি গিলে আৰু আধাখিনি এৰি দিয়ে। কেৱল এজন মানুহ গ’লে, থ্ৰেনে তাক একো নকৰে। সাপৰ অত্যাচাৰৰ পৰা ৰক্ষা পাবলৈ মানুহবোৰে সুন্নাই বজাৰত এখন মেল চপালে; সেই মেলত খাছীয়াসকল আৰু ভৈয়ামৰ সকলো লোকেই যোগ দিলে। মানুহ গিলা এই থ্ৰেনটোক কেনেকৈ মাৰিব পাৰি তাৰে উপায় বিচৰা হ’ল। বহুত আলাপ-আলোচনাৰ পিছত উপায় স্থিৰ হ’ল; লাইট্ৰিংগুৰ ওচৰত এখন কুঞ্জবন আছিল : ‘উ চুইদ্‌নোহ্‌ – কুঞ্জবন’। তাতে উ চুইদ্‌নোহ্‌ নামে এজন লোকে বাস কৰিছিল। সকলোৱে বিচাৰ বিবেচনা কৰি থ্ৰেনৰ লগত উ চুইদ্‌নোহৰ বন্ধুত্ব স্থাপন কৰিবলৈ দিহা কৰিলে। উ চুইদ্‌নোহ এজন সাহসী মানুহ আছিল; তেওঁৰ সদায় অকলে ফুৰা অভ্যাস আছিল। সেইকাৰণে থ্ৰেনৰ ওচৰলৈ গ’লে থ্ৰেনে তেওঁক নাখাইছিল। ৰাইজে উ চুইদ্‌নোহক প্ৰতিদিনে থ্ৰেনৰ ওচৰলৈ গৈ ছাগলি, গাহৰি নাইবা গৰু আদিৰ মাংস উপহাৰ দিবলৈ উপদেশ দিলে। বহুত দিন এনেদৰে উপহাৰ দিয়াৰ পিছত থ্ৰেন পোহনীয়া হৈ পৰিল আৰু উ চুইদ্‌নোহৰ লগত বন্ধুত্ব স্থাপন কৰি লো গলোৱা ঘৰ এটা সাজিবলৈ ঠিক কৰিলে। উ চুইদ্‌নোহে তেতিয়া লো গলোৱা ঘৰ এটা সাজি লোবোৰ তপতাই ৰঙা কৰি লৈ চেপেনা এডালেৰে ধৰি আনি থ্ৰেনক ক’লেহি, ‘মুখ মেলা, মুখ মেলা, ভিনদেউ! তোমালৈ অলপ মঙহ আনিছোঁ!’ থ্ৰেনে মুখ মেলা মাত্ৰেই জুইত ৰঙা কৰি অনা লো ডাল তাৰ মুখত সুমুৱাই দিলে। এই বিৰাট দৈত্যাকাৰ প্ৰাণীটোৱে তেতিয়া মৃত্যুযন্ত্ৰণাত ছট্‌ফটোৱাত তাৰ প্ৰকোপত পৃথিৱী ভূঁইকঁপত কঁপাদি কঁপিবলৈ ধৰিলে। থ্ৰেনৰ মৃত্যুযন্ত্ৰণা দেখি উ চুইদ্‌নোহ্‌ মূৰ্ছিত হৈ পৰিল। উ চুইদ্‌নোহ ঘৰলৈ উলটি নহা দেখি তেওঁৰ পৰিয়ালৰ মানুহবোৰে তেওঁক বিচাৰি গৈ দেখিলে যে উ চুইদ্‌নোহ মূৰ্ছিত হৈ পৰি আছে। তেওঁলোকে থ্ৰেনৰ মৃত্যুৰ কথা জানিব পাৰি থ্ৰেনৰ শটো খাবৰ দিহা কৰিবলৈ এখন সভা পাতিলে। সেই সভাত মীমাংসা হ’ল যে থ্ৰেনৰ দেহ খাছীয়াসকলে আধা খাব আৰু বাকী আধা ভৈয়ামৰ মানুহে খাব। এই সিদ্ধান্তৰ পিছত মানুহবিলাক গৈ থ্ৰেনৰ শটো গুহাৰপৰা উলিয়াই টুকুৰা-টুকুৰকৈ কাটিলে। পূৰ্বদেশীয় ভৈয়ামৰ মানুহৰ সংখ্যা সৰহ হোৱাত তেওঁলোকে নিজৰ ভাগৰ মাংস অকণো নেৰাকৈ খালে; সেইকাৰণে ভৈয়ামত থ্ৰেন নোহোৱা হ’ল। কিন্তু পছিমৰ দেশৰ খাছীয়াসকলৰ সংখ্যা তাকৰ হোৱাত তেওঁলোকৰ ভাগৰ গোটেইখিনি মাংস খাব নোৱাৰি অলপ এৰিলে। সম্পুৰ্ণকৈ খাব নোৱাৰাত থ্ৰেন সিঁহতৰ লগতে থাকি গ’ল আৰু তাৰেপৰাই থ্ৰেন বংশ বৃদ্ধি হৈ খাছী পাহাৰত বিয়পি পৰিল। মাজে মাজে ঘৰৰ সম্পত্তি দান বা বিক্ৰী কৰিলে থ্ৰেনে সেই সম্পত্তি অনুসৰণ কৰি আঁতৰি যায়; কিন্তু যদি কোনো এটা ঘৰত থ্ৰেনে এবাৰ বাস কৰিলে, তেন্তে তাৰপৰা সাৰিবৰ কোনো উপায় নাথাকে। থ্ৰেন শ্ৰী বা ঐশ্বৰ্যৰ অধিষ্ঠাতা; থ্ৰেনৰ সম্বন্ধ সম্পত্তিৰ লগত, মানুহৰ তেজ খাবলৈ দিলে সি ঘৰলৈ ধন-সম্পত্তি আনে। বলি দিবলৈ অনা মানুহটোৰ প্ৰথমে চুলি আৰু হাতৰ নখ ৰূপৰ কেঁচিৰে কাটি পেলোৱা হয়; তাৰ পিছত বলিৰ মানুহজনৰ নাকৰ তেজ বাঁহৰ চুঙা এটাত উলিয়াই লৈ থ্ৰেনক খাবলৈ দিয়া হয়। থ্ৰেনক ঘৰৰপৰা খেদিবলৈ হ’লে ঘৰৰ সকলো টকা-পইচা, অলংকাৰ-পাতি আৰু অন্যান্য সম্পত্তি দলিয়াইঅ পেলাই দিব লাগে; থ্ৰেনে সেই সম্পত্তি অনুসৰণ কৰিব বুলি কোনেও ভয়ত সেই সম্পত্তি গ্ৰহণ কৰিবলৈ সাহ নকৰে; যাৰ ঘৰত থ্ৰেন পোহা হয় সকলোৱে সেই মানুহক ভয় কৰে; অমংগলৰ আশংকা কৰি সেই মানুহৰ নামো কোনেও নলয়। চিনটেং সকলেও ইয়াক এক প্ৰকাৰ সাপ বুলিয়েই বিশ্বাস কৰে; তেওঁলোকৰ কিছুমান পৰিয়ালে থ্ৰেন পোহে আৰু তাক ঈশ্বৰ জ্ঞান কৰি পূজা কৰে। তেওঁলোকে অকল গাহৰিহে বলি দিয়ে; খাছীয়াসকলৰ দৰে মানুহৰ তেজ দি তেওঁলোকে পূজা নকৰে।

মিল্‌চৰ মতে লোঠা নগাসকলেও তেনেকৈ কুকুৰনেচীয়া বাঘ বা কেতিয়াবা একোটা সাপ পোহে। ৰাভাসকলেও এসময়ত গুহাত বাস কৰা সৰ্পদেৱতা এজনৰ পূজা কৰিছিল আৰু বছৰি ল’ৰা নাইবা ছোৱালী বলি দি তাক তুষ্ট কৰিছিল। আও নগাসকলে সাপৰ অনিষ্টকাৰী প্ৰভাৱৰ পৰা ৰক্ষা পৰিবলৈ বছৰি কুকুৰা বলি দি তাক তুষ্ট কৰিছিল। লুচাইসকলে সাপ পূজা নকৰে; কিন্তু তেওঁলোকৰ মাজত ৰুলপুই বা ডাঙৰ সাপৰ বিষয়ে বহুতো কাহিনী আছে। হিন্দুৰ বিশ্বাসমতে পৃথিৱী ধাৰণ কৰি থক সাপটোৱে গা লৰালেই ভূঁইকঁপ হয়। এই বিশ্বাসটো ভালেমান পৰ্বতীয়া জাতিৰ পৌৰাণিক কাহিনীতে আছে। লোঠা নগাসকলৰ বিশ্বাস মতে পছিম দিশৰ আকাশ আৰু পৃথিৱী লগ লগা ঠাইতে এটা ডাঙৰ সাপ আছে; এই সাপে শৰীৰ লৰাই ভূমিকম্পৰ সৃষ্টি কৰে। পৃথিৱীখন এটা ডাঙৰ সাপে মেৰিয়াই ধৰি আছে বুলি থাডউ কুকীসকলৰ বিশ্বাস। এই সাপটোৱে কেতিয়াবা নিজৰ নেজডাল কামুৰি দুখ পায়; তাৰ ফলত পৃথিৱীখন কঁপি উঠে। মিছিমিসকলৰ এটা পৌৰাণিক কাহিনী মতে পৃথিৱীৰ তলত দেভিব্ৰি নামৰ প্ৰকাণ্ড সাপ এটা আছে। পৃথিৱীখন এটা খুঁটাৰ ওপৰত ৰৈ আছে। এই সাপটোৱে কেতিয়াবা খং উঠি পৃথিৱীৰ মানুহক ধ্বংস কৰিবলৈ এই খুঁটাটো লৰাই দিয়ে; ফলত ভূমিকম্প হয়, আৰু মানুহ মৰে। এটা টাৰায়ণ কাহিনীৰ মতে বিৰাট জলসৰ্প এটাৰ মূৰৰপৰাই ৰামধেনু ওলায়। আকৌ, সেই একেটা জাতিৰে আন এটা কাহিনীৰ মতে পানীত বাস কৰা এটা ডাঙৰ সাপৰ মূৰৰপৰা ৰামধেনু ওলায়। এই সাপটোৰ ভোক লাগিলে সি মানুহ খাবলৈ বিচাৰে আৰু কাকো খাবলৈ নাপালে আকাশলৈ গৈ দেৱতাসকলৰ ওচৰত আহাৰৰ প্ৰাৰ্থনা কৰে। সি আকাশলৈ উঠি যোৱা বাট্টোৱেই হৈছে ৰামধেনু। বুগান কাহিনী মতে সাপেই চন্দ্ৰ-সূৰ্যৰ গ্ৰহণ লগায়। বেলিটো দিনৰ ৰাণী আৰু জোনটো নিশাৰ ৰজা। কিন্তু পৰাক্ৰমী ইটং –এ তেওঁলোকক বধ কৰি তেওঁলোকৰ ঠাইত আকাশৰ ৰজা হ’বলৈ বিচাৰিলে। সেই কাৰণে মাজে সময়ে সি আকাশলৈ গৈ কেতিয়াবা জোনটো আৰু কেতিয়াবা বেলিটো গ্ৰাস কৰে, আৰু তাৰেপৰাই চন্দ্ৰ-সূৰ্যৰ গ্ৰহণ হয়। অসমীয়া আৰু জনজাতীয় মানুহৰ মাজত এটা সাধাৰণ বিশ্বাস আছে যে পানী, ধানৰ ভঁৰাল আৰু ধন-সম্পত্তি থকা ঠাইত সপ বাস কৰে আৰু তাৰ ৰখীয়া হৈ থাকে। পুৰণি কালত মানুহে যেতিয়া পুখুৰী খান্দে, তেতিয়া সেই পুখুৰীৰ মাজভাগত এটা খুঁটা পোতে (সম্ভৱত: পানীৰ বঢ়া-টুটা জুখিবলৈ), আৰু সেই খুঁটাটোত এটা সাপৰ মূৰ্তি কাটে। সেই খুঁটাটোক নাগ বোলা হয়; তাকেই জলদেৱতা বুলিও বিশ্বাস কৰে। জনজাতীয়সকলৰ বহুতেই সাপক জলদেৱতা বুলিও ভাবে। এটা হ্ৰূচো কাহিনীৰ মতে আদিতে সূৰ্য থকা ফালে এটা হ্ৰদত পানী আছিল আৰু সেই হ্ৰদটো এটা ডাঙৰ সাপে মেৰিয়াই ধৰি আছিল। মক্লুমৰ মতেও এটা সাপ ৰংগোকা শৃংগত (পাটকাই পাহাৰৰ) থকা পানীৰ ৰখীয়া হৈ আছিল। মক্লুম শৃংগত থকা এটা কুকুৰাৰ সৈতে এই সাপটোৱে এদিন পানী উলিয়াই দিবলৈ স্থিৰ কৰিলে; সিঁহতে পাহাৰৰ দুয়োটা কাষ খান্দি দিয়াত হ্ৰদৰ পানী দুই ধাৰা হৈ ভৈয়ামলৈ বাগৰি আহি টিৰাপ আৰু দিহিং নৈৰ সৃষ্টি কৰিলে। ড° সুকুমাৰ সেনে জল-পূজা (বোৱতী পানী, চাকনৈয়া নাইবা জলাশয়), পানীয়- পূজা (সুৰা আৰু বিষ), গছ-পূজা (পদুম, সিজু আদি) আৰু স্তম্ভ পূজা আদিৰ লগত মনসা বা সাপৰ সম্বন্ধ আছে বুলি মন্তব্য কৰিছে। অসমীয়াৰ মাজত বিশ্বাস আছে যে, সাপ বিশেষকৈ যোৰ-ফেঁটীসাপ ধানৰ ভঁৰালৰ ৰখীয়া হৈ থাকে । এই ফেঁটী সাপযোৰক মানুহে পবিত্ৰ জ্ঞান কৰে, সিঁহতক মাৰিবলৈ বা সিঁহতৰ কোনো প্ৰকাৰ অনিষ্ট সাধিবলৈ ইচ্ছা নকৰে। বিশ্বাস যে এই ফেঁটীসাপযোৰ থাকিলে ভঁৰালৰ উন্নতি হয়। নামঘৰত বাস কৰা সাপকো মানুহে পবিত্ৰ জ্ঞান কৰে। চৰিত-পুথিৰ মতে মহাপুৰুষ শ্ৰীশংকৰদেৱক ফেঁটীসাপে ফেঁট তুলি ছাঁ দি আছিল; সেই কাৰণে বৈষ্ণৱসকলৰ মতে ফেঁটীসাপ মৰাটো নিষিদ্ধ। অসমীয়া সাধুকথাত সাপৰ মূৰত উজ্জ্বল মণি থকা আৰু সেই মণিটো মানুহে পাবলৈ ইচ্ছা কৰা কাহিনী আছে। গৰ্ভৱতী অৱস্থাত তিৰোতাই নাইবা তেওঁৰ স্বামীয়ে সাপ মাৰিব নাপায় বোলা কথাটো বিশেষ অৰ্থপূৰ্ণ। এইটো জনজাতীয় সকলৰো সাধাৰন জনবিশ্বাস। চেমা নগাৰ তিৰোতাই সগৰ্ভা অৱস্থাত সাপ মাৰিলে তেওঁৰ যি সন্তান জন্ম হ’ব, সেই সন্তানৰ জিভাখন সাপৰ জিভাৰ দৰে ঘনাই লৰচৰ কৰি থকা হ’ব বিশ্বাস কৰে। টাংখুলৰ মাজতো এই বিশ্বাস আছে। লোঠা নগাৰ মতে এই কৰ্মফলত জন্ম হোৱা সন্তানৰ জিভা দীঘল হয়। অংগামী নগাই সাপক সাকাৰ-আত্মা বুলি বিশ্বাস কৰে আৰু তাৰ অনিষ্ট কৰা অনুচিত বুলি কয়। চেমা নগাসকলে সাপ মাৰি তাৰ মূৰটো কাটি নেপেলালে সি পুনৰ্জীৱিত হৈ কাৰোবাক দংশন কৰিব বুলি ভাবে। অংগামীয়ে মৰা সাপৰ মূৰটো কাটি নেপেলালে যিটো মানুহে তাক মাৰে, সেই মানুহটোক সাপতোৱে শাও দি ৰুগীয়া কৰে বুলি ভাবে। সাপে খুঁটি মৰা মানুহক দুৰ্ভগীয়া বুলি গণ্য কৰা হয় আৰু এইদৰে মৰা মানুহৰ শটো প্ৰচলিত নিয়ম অনুযায়ী নুপূৰি পুতি পেলোৱা হয়। সাপ দেখাটো মানুহে মংগল বা অমংগলৰ চিন বুলি বিশ্বাস কৰে। অসমীয়া মানুহে যোৰপতা সাপ দেখিলে প্ৰণয় আৰু কাজিয়াৰ বিষয়ত মংগলজনক বুলি কয়। কেতিয়াবা কেতিয়াবা এই যোৰপতা সাপৰ আগত কাপোৰ এখন পেলাই দিয়া হয়, আৰু এই কাপোৰখন ল’লে যুদ্ধ নাইবা প্ৰণয়-ঘটিত কাৰ্যত কৃতকাৰ্য হয় বুলি বিশ্বাস। কিন্তু লুচাইসকলে এনে দৃশ্য দেখিলে মৃত্যু নহ’লেও টান ৰোগ হ’ব বুলি ভাবে। লুচাইসকলৰ নিমিত্তে সাপ দেখা দুৰ্ভাগ্যৰ চিন আৰু সাপ মৰা তাতোকৈও সাংঘাতিক বিপদৰ চিন। পৰ্বত আৰু ভৈয়ামৰ সৰহভাগ মানুহে সাপ দেখা অমংগল বুলি ভাবে। লোঠা নগাৰ মতে সাপ ওলোৱা ঠাই জুম খেতিৰ কাৰণে অনুপযুক্ত। খেতিৰ কাৰণে উলিওৱা ঠাইত যদি লোঠা নগাই সাপ দেখে, তেন্তে সি যিমান বেগাই পাৰে ঘৰলৈ লৰ মাৰে। সেই ঠাইত খেতি কৰিলে মৃত্যু নিশ্চিত বুলি সিঁহতৰ বিশ্বাস। থিংচিৰ সাপ ঘৰৰ ভিতৰত সোমোৱা লুচাইসকলৰ কাৰণে অতি কুলক্ষণ। ঘৰৰ ভিতৰত সাপ সোমোৱা দুৰ্ভাগ্যৰ সংকেত; তাৰ প্ৰতিকাৰৰ কাৰণে ‘চখুৱা’ক পূজা দিব লাগে। এই পূজা সোনকালে নিদিলে পৰিয়ালৰ মৃত্যু অনিবাৰ্য। সপোনত সাপ দেখাটো নানা ধৰণে ব্যাখ্যা কৰা হয়। অসমীয়া মানুহে ইয়াক বন্ধুৰ লগত মনোমালিন্যৰ পূৰ্বাভাস বুলি বিশ্বাস কৰে। ৰেংমাসকলৰ মতেও সপোনত সাপ দেখা কাজিয়া লগাৰ আগজাননী। অসমীয়া মন্ত্ৰ পুথিত সৰ্পদংশনৰ প্ৰতিষেধক অলেখ মন্ত্ৰ আৰু ভালেমান সাপৰ কাহিনী আছে। মন্ত্ৰৰ লগে লগে সাপৰ মোট আৰু বিষ আদিও নানা দৰৱত ব্যৱহাৰ কৰা হয়। কিছুমান ঔষধ, বিশেষকৈ তিৰোতাৰ মন মোহা নাৰী-সন্মোহনী মন্ত্ৰৰ লগত ব্যৱহাৰ কৰা হয়। ৰেংমাসকলে পাৰ্বত্য অঞ্চলৰ একপ্ৰকাৰ সাপৰপৰা নাৰী বা পুৰুষৰ মন আকৰ্ষণ কৰিব পৰা আশ্চৰ্যজনক সন্মোহনী ঔষধ তৈয়াৰ কৰে। এই সাপ বিষাক্ত, আৰু যোৰ পাতিবৰ সময়ত ই ইমান উগ্ৰ হয় যে তাৰ কাষেদি গ’লেও সি খেদি আহে; কিন্তু সন্মোহনী ঔষধৰ নিমিত্তে যোৰ পাতি থকা অৱস্থাতে মানুহে এই সাপ বিচাৰি তাৰ মূৰ কাটি আনে আৰু এই মূৰৰপৰা সন্মোহনী ঔষধ তৈয়াৰ কৰে। কোনো কোনোৱে অৱশ্যে এনে ঔষধ ব্যৱহাৰ নকৰে; কিয়নো তাক ব্যৱহাৰ কৰিলে বংশ নাশ হয় বুলি বিশ্বাস। অংগামীসকলৰ মাজতো এনে এটা ব্যৱস্থা আছে; তেওঁলোকে এই বিষাক্ত সাপৰ মূৰ কাটি আনি গছৰ খোৰোঙত থয়। সেই মূৰ গেলি-পচি গ’লে তাৰ অৱশিষ্ট অংশখিনিৰে সন্মোহনী ঔষধ যুগুত কৰে। সাধুকথা, কিংবদন্তিত সৰ্প-প্ৰণয়িনী বা সৰ্প স্বামীৰ বিচিত্ৰ কাহিনী আছে। প্ৰখ্যাত অসমীয়া চম্পাবতী সাধুৰ লগত তলৰ অংগামী সাধুটোৰ সাদৃশ্য মন কৰিবলগীয়া:

এসময়ত এজনী ছোৱালীয়ে পথাৰত কাম কৰিবলৈ গৈছিল। বাটতে সাপ এটা পালে আৰু ছোৱালীজনীয়ে ‘মোক তুমি নুখুঁটিবা, মই তোমাত বিয়াত সোমাম’ বুলি ক’লতহে সাপটোৱে তাইক বাট এৰি দিলে। ইয়াৰ পিছত সাপটোৱে তাইক বিয়া কৰালে। সাপটোৱে তাইৰ বুকুত খোঁট মৰাত তাই বস্ত্ৰালংকাৰ পালে, আৰু ভৰিত খোঁট মাৰি দিয়াত ভৰিত পিন্ধা বেতৰ অলংকাৰ পালে। আন এজনী ছোৱালীয়ে এই কথা দেখি আছিল। কিছুদিনৰ পিছত তায়ো এটা সাপ লগ পালে। তাই সাপটোক আমি বিয়া পাতিম বুলি কৈ পাচি এটাত ভৰাই সাপটো ঘৰলৈ লৈ আহিল। সাপটোৱে একো নামাতিলে। তাৰ পিছত ছোৱালীজনীয়ে সাপটোক বুকুত লৈ পাটীত পৰিল। সাপটোৱে তাইৰ বাহুত খোঁট মাৰি দিয়াত ছোৱালীজনী মৰিল।

লুচাই-কুকীসকলৰো এনে কাহিনী আছে। এসময়ত ছোৱাংছিলি নামৰ ছোৱালী এজনীয়ে জুম খেতি ৰাখিছিল। জুম খেতিৰ ওচৰৰ গছৰ খোৰোং এটাত সাপ এটা আছিল; সাপটোৰ লগত ছোৱাংছিলিৰ মিলাপ্ৰীতি হৈছিল। খেতিলৈ যাওঁতে ছোৱাংছিলিয়ে সদায়ে ভনীয়েকক সাপটোক মাতিবলৈ পঠিয়াইছিল আৰু সাপটোৱেও আহি ছোৱাংছিলিৰ কোলাত বহিছিলহি। ভনীয়েকে হ’লে সাপটোক ভয় কৰিছিল; অৱশ্যে তাই কথাটো বাপেকক জনাবলৈ সাহ নকৰিলে। ছোৱালী দুজনী ঝুম খেতি ৰাখিবলৈ যাওঁতে মাকে খোৱাবস্তুৰ টোপোলা দি পঠায়। সাপটোৰ ভয়ত সৰু ছোৱালীজনীয়ে ভাত-পানী একো খাব নোৱাৰি শুকাই-খীণাই গৈছিল। তাকে দেখি মাক-বাপেকে এদিন সুধিলে, ‘আই, তই দেখোন দিনে দিনে খিণাই গৈছ?’ উত্তৰত তাই মাথোন কয়, ‘পিতাই, মই কিয় খিণাইছোঁ তোমাক ক’ব নোৱাৰোঁ’। কিন্তু মাক-বাপেকে জোৰকৈ ধৰাত অৱশেষত তাই ক’লে, ‘বাইদেৱে সদায় সাপ এটাৰ লগত ধেমালি কৰে। পথাৰ পালেগৈয়েই তাই মোক সাপটো মাতি দিবলৈ কয়; ময়ো মাতি দিওঁ। সি আহি বাইদেউৰ কোলাত মেৰ খাই বহে। মই ভয়তে একো খাব নোৱাৰোঁ; সেই কাৰণে খিণাই গৈছোঁ’। পিছদিনা ছোৱাংছিলিক ঘৰত থৈ সৰু ছোৱালীজনী লগত লৈ বাপেক পথাৰলৈ গ’ল আৰু ছোৱাংছিলিৰ কানি-কাপোৰ পিন্ধি তাইৰ ভেশ ধৰি থাকিল; লগত অৱশ্যে দাখন আছিল। তাৰ পিছত সৰু ছোৱালীজনীয়ে সাপটো মাতি অনাত সি আনদিনাৰ দৰে ছোৱাংছিলি বুলি বাপেকৰ কোলাত মেৰ খাই বহিলহি আৰু বাপেকে তাক একে ঘাপেই দুটুকুৰা কৰিলে। ইয়াৰ পিছত সিহঁত গাঁৱলৈ উলটি গ’ল। পিছদিনা ছোৱাংছিলি আৰু সৰু ভনীয়েকজনী পামলৈ গ’ল। ভনীয়েকে গৈ সাপটো মাতিলে; কিন্তু সাপ আৰু ক’ত ওলায়? সিহঁত ঘৰলৈ উভতি আহি দেখিলে যে বাপেকে দুৱাৰদলিৰ ভিতৰফালে মাটিত বাগৰি পৰি আছে। ছোৱাংছিলিয়ে মাতিলে, ‘পিতাই উঠ। মই দুৱাৰদলিত ভৰিৰ বোকা মচোঁ’। বাপেকে কিন্তু লৰচৰকে নকৰিলে। ছোৱাংছিলিয়ে ভৰিৰ বোকা গুচাবলৈ দুৱাৰদলিত ভৰি দিওঁতেই বাপেকে তাইক দাৰে ঘপিয়াই দুটুকুৰা কৰিলে। তাইৰ পেটৰপৰা তেতিয়া এশমান সাপৰ পোৱালি ওলাল। সেই সাপ-পোৱালিবোৰো মাৰি পেলোৱা হ’ল। কিন্তু তাৰে এটা পলাই গৈ মেথোনৰ শুকান গোবৰৰ তলত লুকাই থাকিল আৰু তাতে ডাঙৰ হৈ মানুহক খাবলৈ ধৰিলে। যেতিয়া ক্ৰমে আৰু ডাঙৰ হ’ল, সি কেৰ্‌মেৰাই গে ‘ৰুলচমকুৱা’ অৰ্থাত্‌ ‘সাপ-পোহা-গাঁত’ পালেগৈ আৰু গঞালোকে তাক গাহৰি, ছাগলি আদি খুৱাই-বুৱাই পুহি ৰাখিবলৈ ধৰিলে। কিছুদিনৰ পিছত সি ছাগলি আৰু গাহৰিতে সন্তুষ্ট নাথাকি মানুহৰ ল’ৰা-ছোৱালীও খাবলৈ বিচাৰিলে। এদিন এজন চীনা ভ্ৰমণকাৰী এঘৰ মানুহৰ তালৈ আলহী থাকিবলৈ আহি দেখিলে যে ঘৰৰ গিৰিহঁত-গিৰিহঁতনীয়ে কান্দি আছে। ইয়াৰ কাৰণ সুধি তেওঁ জানিব পাৰিলে যে সিহঁতৰ সেইদিনা সাপক ল’ৰা এটা দিয়াৰ পাল পৰিছে। এই কথা শুনি চীনা আলহীজনে বুদ্ধি কৰি সাপটো মাৰি পেলালে।

ডক্টৰ ভেৰিয়াৰ এলউইনে তেখেতৰ ‘Myths of the North-East Frontier of India’ পুথিত ছোৱালী আৰু ল’ৰাৰ লগত সাপৰ বিয়া হোৱা সম্পৰ্কে ভালেমান আমোদজনক কাহিনী সংগ্ৰহ কৰিছে। এটা মিনিয়ং কাহিনীত ছোৱালী এজনীৰ গৰ্ভৰপৰা সাপ আৰু সকলো বিষাক্ত কীট-পতংগৰ জন্ম হোৱাৰ বিৱৰণ আছে। চেনদুক্‌পেন কাহিনীত পানীৰ সাপ এটাই নৈৰপৰা ওলাই আহি ধুনীয়া ডেকাৰ ৰূপ ধৰি গাভৰু এজনীক বিয়া কৰাইছিল। সাপটোৱে ৰাতিহে মানুহৰ ৰূপ ধৰে; দিন হ’লেই সাপৰ বেশ ধৰি নিজৰ নৈৰ তলৰ ঘৰলৈ গুচি যায়। বুগান কাহিনী এটাৰ মতে ছোৱালী এজনীক সাপ এটাই ভাল পাইছিল; শেষত ছোৱালীজনীয়ে সাপটোৰ লগত নৈৰ পানীত বাস কৰিবলৈ ঘৰ এৰি গুচি গ’ল। মিছিমি কাহিনীৰ মতে ডেকা এজনে সৰ্পকন্যা এজনী বিয়া কৰাইছিল। এই সৰ্পকন্যাই তাইৰ সৰ্পদেহা পৰিত্যাগ কৰি স্বামীৰ লগত গাঁৱত বাস কৰিবলৈ গৈছিল। লাখেৰ জাতিৰ উত্‌পত্তি বিষয়ক তলৰ কাহিনীটো বিশেষকৈ পূৰ্ব-পুৰুষ আৰু বিবাহ-বিধিৰ সম্পৰ্কত মন কৰিবলগীয়া।

লাখেৰৰ ভিতৰত বঙঘীয়া আৰু লিউথা জাতিয়ে নিজকে অজগৰৰ বংশধৰ বুলি দাবী কৰে। বহু বছৰৰ পূৰ্বে পিথলং নামে এজনী ছোৱালী আছিল; তাইক ভূত-প্ৰেত আদি অপদেৱতাৰ প্ৰতীক খিছঙক পূজা দিবলৈ পূজাৰিণী পতা হৈছিল। পূজাৰিণী হোৱা বাবে ছোৱালীজনী অবিবাহিতা হৈ থাকিব লগাত পৰিছিল। এদিন নিশা পিথলঙৰ শোৱা কোঠালৈ অজগৰ সাপ এটাই মানুহৰ ৰূপ ধৰি আহি তাইৰ লগত সংগম কৰিলে। যথাসময়ত পিথ্‌লঙৰ বঙঘীয়া নামে পুত্ৰসন্তানৰ জন্ম হ’ল। তাৰেপৰাই চেভাং বোলা মুৰব্বী পৰিয়ালৰ উত্‌পত্তি হয়। বঙঘীয়াৰ জন্মৰ পিছত সাপটোৰ লগত পিথ্‌লঙৰ আকৌ সম্বন্ধ হ’ল আৰু দ্বিতীয় পুত্ৰ লিউথাৰ জন্ম হ’ল। লিউথাৰপৰা আৰু এটা জাতিৰ উত্‌পত্তি হ’ল। লিউথা জাতিটো যদিও উচ্চবংশীয় আছিল, সিহঁত কোনোদিনেই শাসনকাৰী জাতি নাছিল। বঙঘীয়া আৰু লিউথা দুয়োটৈ সৰ্পজাতীয় মানুহ। অজগৰ সাপ বধ কৰা, আনকি স্পৰ্শ কৰাও সিহঁতৰ বাবে নিষেধ। সিহঁতে বিশ্বাস কৰে যে পৰিয়ালৰ কোনো মানুহে অজগৰ সাপ মাৰিলে বা তাক স্পৰ্শ কৰিলে তাৰো মৃত্যু ঘটিব। সিহঁতে পৰিপি বা অজগৰ সাপক উপকাৰী দেৱতা আৰু বঙঘীয়া আৰু লিউথা জাতিৰ মানুহবিলাকৰ ৰক্ষক বুলি বিশ্বাস কৰে। মধ্যযুগৰ অসমীয়া সাহিত্যত মনসা দেৱীৰ পূজা সম্বন্ধে ভালেমান গীত-পদ আৰু আখ্যানমূলক কাব্য ৰচিত হৈছিল। এই কবিতা আৰু গীত ঘাইকৈ বেউলা আৰু লক্ষীন্দৰৰ কাহিনী সম্বন্ধীয়। মহাভাৰতৰ বনপৰ্বৰ অসমীয়া অনুবাদত মূল মহাভাৰতত নোহোৱা সাপৰ বিষয়ে নানা কাহিনী আছে। অসমীয়া কবিয়ে এইবোৰ সম্ভৱত: প্ৰচলিত সাধুকথাৰ পৰা সংগ্ৰহ কৰিছিল। মধ্যযুগৰ অসমৰ মন্ত্ৰ-সাহিত্যত বেলেগ বেলেগ জাতিৰ সাপৰ বহুতো কাহিনী আছে। সৰ্পৰ জনন-শক্তিৰ প্ৰাচুৰ্যই সাধুকথাত আৰু বিশেষকৈ বিহুগীতত সাপক সাহিত্যৰ উপযুক্ত প্ৰতীক কৰি তুলিছে। সৰ্পদেৱী মনসাৰ মূৰ্তি আৰু সৰ্পৰ প্ৰতীক পুৰণি অসমীয়া শিল্পকলাতো দেখিবলৈ পোৱা যায়। স্তম্ভ পূজাৰ লগত সাপৰ সম্বন্ধৰ বিষয়ে থকা ধৰ্মমতৰ কথা উল্লেখ কৰা হৈছে। উত্তৰ-পূব অসমৰ শদিয়াত থকা সৰ্প-স্তম্ভটোৱে স্তম্ভ আৰু সাপ পূজা আদিৰ একত্ৰীকৰণ এক ৰহস্যজনক আৰু উজ্জ্বল আৰ্যীকৰণৰ নিদৰ্শন দাঙি ধৰে। ১৫৩২ চনত খোদিত কৰা এই স্তম্ভটোত মেৰাই থকা সৰ্পমুৰ্তিয়ে এটা পবিত্ৰ পাত্ৰ মুখেৰে ধৰি আছে। আহোম আৰু মিছিমিসকলৰ মাজত হোৱা সন্ধিৰ চিনস্বৰূপে এই স্তম্ভ নিৰ্মাণ কৰা হৈছিল। অসমৰ প্ৰাচীন ভাস্কৰ্যত উৰ্বৰতা আৰু যৌন ইংগিতৰ বাবে যোৰ পতা সাপৰ প্ৰতীক ব্যৱহাৰ কৰা হৈছিল। আজিকালিও কৃষি আৰু তাঁতশালৰ সঁজুলিত সাপৰ চিত্ৰ কটা দেখা যায়। সাপৰ চানেকি অসমীয়া শিপিনীসকলৰ প্ৰিয়। জনজাতিসকলেও সাধাৰণতে দা, যাঠি, কটাৰীৰ নালত সাপৰ চিত্ৰ কাটে।

উৎস: অসমৰ লোক-সংস্কৃতি।

2.80952380952
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top