মূল পৃষ্ঠা / শিক্ষা / অসমৰ সংস্কৃতি / লোক-সংস্কৃতিত সাজ-পাৰ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

লোক-সংস্কৃতিত সাজ-পাৰ

লোক-সংস্কৃতিত সাজ-পাৰ

সভ্যতা-সংস্কৃতিৰ অন্যতম পথ নিৰ্দেশক সাজ-পাৰ আৰু অলংকাৰ-পাতি। জাতিৰ সাজ-পাৰ আৰু তাৰ উপকৰণত ওপৰত ভৌগোলিক প্ৰভাৱ আৰু ব্যৱহাৰিক প্ৰয়োজন অস্বীকাৰ কৰিব নোৱাৰি। তথাপি, সাজ-পোছাকৰপৰা বৰ্ণ, শ্ৰেণী, বিবাহিত, অবিবাহিত, বয়স, লিংগ – এই প্ৰভেদসমূহৰো সংকেত পায়। পুৰোহিত-ব্ৰাহ্মণ, মহন্ত-সত্ৰাধিকাৰ, বৈৰাগী-সন্ন্যাসীৰ লগত সাধাৰণৰ সাজ-পাৰৰ আজিও পাৰ্থক্য আছে। বিধৱা-সধৱাৰ অথবা বিবাহিতা তিৰোতা আৰু পাটগাভৰু ছোৱালীৰ সাজ-পাৰ একে নহয়; ধনী-দুখীয়াৰ প্ৰথম পৰিচয় বেশ-ভূষাতে। সাজ-পাৰে যিদৰে শ্ৰেণী-বিভাজন সূচায়, সেইদৰে ব্যক্তিত্বৰ ওপৰতো সাজ-পাৰে বিশিষ্ট মৰ্যাদা দিয়ে। এই সাজ-পাৰতেই জাতিৰ শ্লীলতা, আৰ্থিক অৱস্থা, সৌন্দৰ্যপ্ৰিয়তা, শিল্পীমন, সুকুমাৰ প্ৰতিভাৰ প্ৰকাশ। ধাৰ্মিক আৰু সামাজিক জীৱনৰ লগতো বস্ত্ৰ-অলংকাৰৰ বিশেষ সম্বন্ধ। পূজা-পাৰ্বনত কেৱল পূজাৰীয়ে নহয়, সেৱকেও পাট, নৱ-বস্ত্ৰ অথবা ধৌত-বস্ত্ৰ পৰিধান কৰিব লাগে। মন্ত্ৰ-সাধনত আৰু কোনো কোনো পূজা-অৰ্চনাত ৰঙা কাপোৰ পিন্ধাৰ নিয়ম। দুৰ্গা পূজাত নতুন কাপোৰ পিন্ধাৰ নিৰ্দেশ কালিকা পুৰাণে দিছে। বিবাহত, ঘাইকৈ প্ৰতিদিনৰ নোৱনিৰ পিছত, দৰা-কন্যা উভয়ে নতুন বস্ত্ৰ পিন্ধিব লাগে। পুৰণি বস্ত্ৰ আঁতৰাই নতুন বস্ত্ৰৰে মৃতকৰ দেহ ঢকাৰ বিধি শাস্ত্ৰীয়। গুৰু-গোঁসাই অথবা নামঘৰত সেৱা জনালে কান্ধত চাদৰ বা গামোচা গলবস্ত্ৰৰূপে ল’ব লাগে। বস্ত্ৰদান পুণ্যকাৰ্য। দুৰ্গা পূজাত, ব’হাগ বিহুত ন-কাপোৰ ব্যৱহাৰ কৰাৰ বাহিৰেও পৰিয়ালবৰ্গ আৰু আত্মীয়-কুটুম্বৰ মাজত বস্ত্ৰৰ আদান-প্ৰদান চলে। পূৰ্বে ৰজা-ঘৰলৈ পঠোৱা সন্দেশ-বাৰ্তাৰ লগত বস্ত্ৰ-অলংকাৰো উপঢৌকনস্বৰূপে পঠোৱা হৈছিল। ভাস্কৰবৰ্মাই হৰ্ষবৰ্ধনলৈ পঠোৱা উপঢৌকনৰ ভিতৰত মহামূল্য অলংকাৰ আৰু চিত্ৰ-বিচিত্ৰ পাট-কাপোৰৰ উল্লেখ আছে। আহোম স্বৰ্গদেউসকলে মোগললৈ পঠোৱা উপহাৰৰ ভিতৰত নানা ধৰণৰ বস্ত্ৰ-অলংকাৰ আছিল। বিবাহ-মৃত্যু অনুষ্ঠানত আৰু বছৰেকীয়া কৰ হিচাপে গুৰুঘৰলৈ বস্ত্ৰ আগবঢ়োৱা ৰীতি এতিয়াও প্ৰচলিত। নৱ-বস্ত্ৰ আগবঢ়াই দৰা-কন্যাই মানীজনক সেৱা জনোৱা অসমীয়া বিবাহৰ প্ৰাসংগিক অনুষ্ঠান। বস্ত্ৰদান যিদৰে সন্মানৰ কাৰ্য, বিৱস্ত্ৰীকৰণ সেইদৰে অসন্মান আৰু অপমানজনক। ‘নাঙঠ-কৰিম’ – এইষাৰ ডাঙৰ গালি। তিৰোতাক পুৰুষৰ আৰু পুৰুষক তিৰোতাৰ কাপোৰ পিন্ধোৱাওঅসন্মানৰ কথা। অসমীয়া লোক-বচন আৰু সাহিত্যত সাজ-পাৰ সন্বন্ধীয় বহু উক্তি আৰু বৰ্ণনা আছে। এইবোৰৰ সংকলন হ’লে অসমীয়া মানুহৰ সাজ-পাৰ সম্বন্ধীয় প্ৰাচীন ধৰণ-কৰণৰ বিষয়ে জনা যাব। পুৰণি অসমীয়া সাজ-পাৰৰ বিষয়ে এতিয়ালৈকে আমি নিচেই কম বিৱৰণহে পাইছোঁ। এই বিৱৰণ ঘাইকৈ প্ৰাচীন মূৰ্তি-শিল্পৰপৰাহে সংগ্ৰহ কৰিব পাৰি। হৰ্ষচৰিত আৰু কালিকা পুৰাণতো কিছু উল্লেখ আছে। এই বিষয়ে A Cultural History of Assam গ্ৰন্থত আলোচনা কৰা হৈছে। মধ্যযুগৰ অসমীয়া সাহিত্যত বিশেষকৈ চিত্ৰ-সম্বলিত পুথিসমূহৰ চিত্ৰৰপৰা ৰজা, বিষয়া, সাধাৰণ প্ৰজা, সন্ন্যাসী, তিৰোতা, নটি আদি বিভিন্ন শ্ৰেণীৰ মুনিহ-তিৰোতাৰ সাজ-পাৰ, অলংকাৰ-পাতিৰ আভাস পায়। ভাৰতৰ অন্যান্য প্ৰদেশৰ দৰে ধোতি বা ধুতিয়েই সৰ্বশ্ৰেণীৰ অসমীয়া মানুহৰ সকলো যুগতে প্ৰধান অধোবাস আছিল। এই ধুতি পিন্ধা পদ্ধতিৰপৰাই মানুহৰ সামাজিক মৰ্যাদা নিৰ্ণয় কৰিব পাৰি। খেতিয়ক, গৰখীয়া আদিয়ে নাইৰ তলত (সম্ভৱত: নাইৰ সৌন্দৰ্য দৰ্শাবলৈ, দেওপানীৰ দশম শতিকাৰ বিষ্ণু-মূৰ্তিত নাইৰ তলত ধুতি পিন্ধাৰ ৰীতি দেখা গৈছে) আৰু আঁঠুৰ ওপৰত পেলাই ধুতি পিন্ধিছিল। কাম-বন কৰোঁতে সুলকি নপৰিবলৈ ধুতিৰ এটা আঁচল কঁকালত টানকৈ মেৰিয়াই বান্ধিছিল; এয়ে কমৰ-বন্ধৰ কাম কৰিছিল। দুই কৰঙনৰ মাজেদি সৰকাই নি অন্যটো আগেৰে পোন্ধ মাৰিছিল। পোন্ধ সম্ভৱত: পঞ্চগচ্ছম শব্দৰ ৰূপান্তৰ। এই ৰীতিত পিন্ধা ধুতিয়ে আজিকালিৰ হাফপেণ্টৰ ৰূপ লৈছে। সৈনিক আৰু যুঁজাৰুসকলেও এই ভংগিতে (মল্লবেশত) ধুতি পিন্ধিছিল; ধুতিৰ বাহিৰে তেওঁলোকে কঁকালত কমৰ-বন্ধও মাৰিছিল। প্ৰাচীন সাহিত্যত যোদ্ধাৰ বেশৰ ভিতৰত সন্নাহৰ উল্লেখ আছে। কোনো কোনোৰ মতে সন্নাহ কপাহী কাপোৰেৰে নিৰ্মিত (a coat of quilted cotton)। সন্ন্যাসীসকলে কৌপীন পিন্ধিছিল, মূৰত জঁটা ৰাখিছিল; কেতিয়াবা তিৰোতাৰ নিচিনাকৈ দীঘল বেণীও গাঁঠিছিল। বিষয়া আৰু মধ্যবিত্ত শ্ৰেণীৰ মানুহে সাধাৰণতে দুই বস্ত্ৰ পৰিধান কৰিছিল। প্ৰধান অধোবাস, অৰ্থাৎ ধুতি; আঁঠুৰ তললৈ নমাই পিন্ধা ধুতিয়ে কেতিয়াবা ভৰিৰ সৰু গাঁঠি স্পৰ্শ কৰিছিল। এয়ে এতিয়াৰ ‘গোৰোৱা লেটাই’ ধুতি পিন্ধাৰ ৰীতি। ধুতিৰ একাষেৰে সমুখৰ পিনে দীঘলকৈ থোৰ মাৰিছিল। প্ৰসংগত হৰ্ষবৰ্ধনক কুমাৰ ভাস্কৰবৰ্মাই বেতৰ জপাত কুণ্ডলী পকোৱা(অৰ্থাৎ থুৰিওৱা) কাপোৰ উপহাৰ দিয়া মন কৰিবলগীয়া (কুণ্ডলী পকোৱা ধুতি আৰু চাদৰ ধনী শ্ৰেণীৰ বঙালীয়ে এতিয়াও ব্যৱহাৰ কৰে)। কেতিয়াবা থোৰ নামাৰি আগটোৰ সামান্যভাগ সমুখৰ পিনে পূৰণ চিনৰ দৰে গাঁঠি বান্ধি থৈছিল (A Cultural History of Assam অৰ ১২ নং চিত্ৰত দেখুওৱাৰ দৰে)। এতিয়াও সাধাৰণ মানুহে এই ভংগিত ধুতি পিন্ধে (পিন্ধন নেতৰ ধড়া কতি বেঢ়ি দুলে – বৰগীত)। সৰু ল’ৰা-ছোৱালীয়ে কেৱল কাছুটি পিন্ধিছিল। দ্বিতীয় বস্ত্ৰ হ’ল উত্তৰীয় বা চাদৰ (পিচৌৰা)। চাদৰ লোৱা ৰীতি কেইবা প্ৰকাৰৰো। সাধাৰণতে, ডিঙিত পেলাই (কেতিয়াবা কুণ্ডলীকৃত কৰি) দুই বাহুৰ ওপৰেদি সমুখলৈ অনা নিয়ম(উত্তৰ ভাৰতীয় তিৰোতাই লোৱা দুপট্টাৰ দৰে)। এই প্ৰথাই শোভা বঢ়ায়; কিন্তু শৰীৰ আচ্ছাদিত নকৰে। কেতিয়াবা সমুখৰ সোঁ আঁচলটো ঘূৰাই বাওঁ কান্ধত থোৱা হয়। শীতকালত অৱশ্যে সমগ্ৰ শৰীৰতে মেৰাই লোৱাৰ নিয়ম; এনে ৰীতিত সমুখেদি সোঁ আঁচল বাওঁ কান্ধত আৰু বাওঁ আঁচল সোঁ কান্ধত থোৱা হয়। কেতিয়াবা আঁচল দুটা সমুখলৈ অনা নহয়; যৎসামান্যভাবে কান্ধ আৰু ডিঙিত লাগি পিছপিনে ঢৌ খেলি থাকে (A Cultural History of Assam ৰ ৩৯ নং চিত্ৰত দেখুওৱাৰ দৰে)। শিৰোবেষ্টন বা মূৰত বন্ধা বা পিছৰ যুগৰ পাগুৰিৰ বিশেষ প্ৰচলন নাছিল। আহোম-মোগলৰ দিনৰপৰা এই প্ৰথাৰ ব্যাপক প্ৰচলন হোৱা বুলি অনুমান কৰিব পাৰি। অৱশ্যে, কনৌজৰ মেলত ভাস্কৰবৰ্মাই শিৰোবেষ্টনেৰে যোগ দিয়াৰ উল্লেখ আছে; পুৰণি পুথিত অনেক প্ৰকাৰৰ শিৰোবেষ্টনৰ চিত্ৰ আছে। এইবোৰৰ আকৃতি-প্ৰকৃতি বিশেষ মন কৰিবলগীয়া। বিষয়াসকলৰ বাহিৰে সৈনিকেও মূৰত কাপোৰ বান্ধিছিল। গাঁৱৰ ডেকাসকলৰ মাজত মূৰত গামোচা মৰা প্ৰথা আজিও আছে। গামোচা মূলতে আছিল অংগবস্ত্ৰ (অংগবস্ত্ৰ>অংগোচ্ছা>গামোচা)। মুছলমান ঐতিহাসিক কাজিমে অসমীয়া সাধাৰণ মানুহৰ সাজ-পাৰৰ বিষয়ে উপহাস কৰি উল্লেখ কৰিছে : The Assamese tie a cloth round their heads and another upon their loins and throw a sheet round their shoulders; but it is not customary to that country to wear turbans, robes, drawers and shoes. প্ৰাচীন সাহিত্যৰপৰা তিৰোতাই একবস্ত্ৰ শাৰীও পিন্ধিছিল বুলি অনুমান কৰিবৰ থল আছে। অৱশ্যে, ধুতি আৰু শাৰী একে পৰ্যায়ৰ পৰিধান। প্ৰাক্‌বৈষ্ণৱ আৰু বৈষ্ণৱ যুগৰ সাহিত্যৰ নানা ঠাইত শাৰীৰ উল্লেখ আছে (পিন্ধি শাড়ী খোণ্টা জালি)। উজনি-নামনি দুয়ো অঞ্চলৰ বিয়া নামত কন্যাৰ সাজ-পাৰ প্ৰসংগত শাৰীৰ উল্লেখ পোৱা যায়:

ৰাধাই পিন্ধা শাৰীখনত দশাৱতাৰ লেখা ।

ষোল্ল হাতৰ শাৰীখনে মেৰ নিব নাটে ।

কৈন্যাৰ মাকৰ শাৰীখনি উপ্তে জালি কটা ।

শাৰী পিন্ধে শাৰী পিন্ধে ভাল মানুহৰ জী ।

ভাল কৰি শাৰী পিন্ধে চিকাত গাৱত দি ।।

মেখেলা শব্দ সাধাৰণতে কটিবস্ত্ৰ বুজাবলৈ ব্যৱহৃত হৈছিল: শিথিল মেখলা খোপা মুখে ঘৰ্মজল। নাচন্তে শৱদ কৰে নূপুৰ মেখল। অথবা, শ্যাম কটি পীত ধতি উৱৰে মেখলা। ৰিহা-মেখেলা এই দুই বস্ত্ৰ তিব্বত-বৰ্মী অৰ্থাৎ কছাৰী-আহোমৰপৰা অহা বুলি কোনো কোনোৱে ভাবে। কোনো কোনোৱে আকৌ ৰিহা শাৰীৰ ক্ষুদ্ৰ সংস্কৰণ আৰু কটিবস্ত্ৰ (মেখলা বা কৰধনি) অধোবাস মেখেলাত পৰিণত হৈছে বুলি অনুমান কৰে। পূৰ্বে ধুতি, ৰিহা, চাদৰৰ দৰে মেখেলাও নিসিয়া বস্ত্ৰহে আছিল। এইখিনিতে লক্ষ্য কৰিবলগীয়া যে মেখেলাৰ দৰে বস্ত্ৰ অজন্তাৰ নাৰী-চিত্ৰতো দেখা গৈছে। অজন্তাৰ নাৰীৰ দৰে সাধাৰণ অসমীয়া আৰু জনজাতিৰ তিৰোতাই বুকুত মেথনি মাৰি স্তন ঢাকি আঁঠুৰ ওপৰলৈ পেলাই মেখেলা পিন্ধে। এনে ধৰণে পিন্ধা জনজাতীয় তিৰোতাৰ মেখেলাৰ শেল পথালিয়ে নামাৰি দীঘে দীঘে বোৱা হয়; এই ৰীতি অজন্তা চিত্ৰতো আছে। খাম্‌তি তিৰোতাৰ কাপোৰ পিন্ধা প্ৰসংগত Dr. G.S. Ghurye- ও এই সাদৃশ্যলৈ আঙুলিয়াই লিখিছে : The principal garament is a piece of dark coloured cloth, the mode of warning which……reminds one of a least one representation of it in the Ajanta paintings. উচ্চ শ্ৰেণীৰ তিৰোতাই ভৰিৰ সৰু গাঁঠিলৈকে পেলাই সমুখৰ পিনে দুটামান দীঘল ভাঁজ ৰখাই মেখেলা পিন্ধে। বুকুৰপৰা কঁকাল-তপিনালৈকে ঘূৰাই ঘূৰাই ৰিহা লয়। ৰিহাই কাঁচলি বা স্তনপট্টৰ কাম কৰে আৰু ৰিহা লোৱাৰ এই ভংগিমাই পিঠি সম্পূৰ্ণভাবে আচ্ছাদিত কৰে। পিছপিনে ৰিহাৰ একাংশই মেখেলাৰ ওপৰত তপিনা টানি ঢাকি ধৰাৰ হেতু বতাহত মেখেলাই ঢৌ খেলিব নোৱাৰে; তদুপৰি, এই প্ৰথাই আধুনিক কৰ্চেটৰ দৰে লাহী কঁকাল আৰু তপিনাৰ বৰ্তুল ৰেখা সুস্পষ্ট কৰে (এই দুয়োটা নাৰীৰ সৌন্দৰ্যৰ লক্ষণ বুলি বিবেচিত)। ৰিহাৰ একাঁচল মেখেলাত খুঁচি সমুখৰ পিনে সামান্যভাবে ওলোমাই থোৱা হয় (প্ৰায় ধুতিৰ থোৰৰ দৰে)। ফুল বছা অথবা গাঁৰি দিয়া হেতু ওলমি পৰা এই আঁচলটোৱে আচ্ছাদনৰ শোভা বঢ়ায়। ৰিহাৰ একাংশ কেতিয়াবা ওৰণিৰ দৰেও ব্যৱহৃত হয়। ৰিহাৰ ব্যৱহাৰত শৰীৰৰ ঋজুতা আৰু বিভিন্ন অংগৰ ৰেখাসমূহ ৰমণীয়ভাবে উদ্ভাসিত হয়। সাধাৰণতে, উৎসৱ-অনুষ্ঠানত ৰিহাৰ ওপৰত চাদৰ বা চেলেং লোৱা হয়। ই সৰ্বাংগ আচ্ছাদনৰ বস্ত্ৰ। নাৰীদেহৰ কোনো অংগই যাতে লোকদৃষ্টিৰ গোচৰীভূত নহয়, সেই ভাবৰপৰাই অসমীয়া তিৰোতাই চাদৰ-চেলেং ব্যৱহাৰ কৰে। পুৰণি সাহিত্যত অৱশ্যে কাঁচলি বা স্তনপট্ট ব্যৱহাৰৰ উল্লেখ আছে: নসম্বে বস্ত্ৰ কতো কুচৰ কাঁচলি। হালৈ কৃশ কংকাল স্তনৰো বস্ত্ৰ লড়ৈ, ইত্যাদি। কেশবিন্যাসৰ সৌন্দৰ্য দৰ্শাবলৈকে নাৰীয়ে শিৰবস্ত্ৰ ব্যৱহাৰ নকৰিছিল। চুলি বান্ধোতে কোনোৱে খোপা কেশপট্ট আৰু কাঁকৈ ব্যৱহাৰ কৰিছিল। অসমীয়া তিৰোতাৰ খোপা বন্ধা ৰীতিৰ অলেখ নিদৰ্শন প্ৰাচীন ভাস্কৰ্য আৰু চিত্ৰত দেখা যায়। খোপা ডাঙৰ কৰি দেখুৱাবলৈ আৰু সৌন্দৰ্য বঢ়াবলৈ খোপাত ফুলৰ মালা আৰু অলংকাৰ-পাতিও পিন্ধা হৈছিল। অসমীয়াৰ খোপা বন্ধা ৰীতিৰ লগত সৰ্বভাৰতীয় প্ৰাচীন ৰীতিৰ সাদৃশ্য লক্ষ্য কৰিবলগীয়া। খাম্‌তিসকলৰ খোপাৰ প্ৰসংগত Dr. G.S. Ghurye য়ে লিখিছে : Their (Khamtis) manner of dressing their head is the most remarkable, having evident similarities with those represented in the sculptures of Sanci. The hair is twisted into a knot which projects over the forehead and white muslin turban is so folded round the head as to leave this projected expsed. The manner of doing the hair adopted by their females too is reminiscent of the sculptures of Mathura, Sanci and Bharhut. Not only do they raise the hair-knot to form the top-knot but also they encircle the roll of hair embroidered band, the fringed and tasseled ends of which dangle behind. আহোম যুগৰ পৰা অসমীয়া সাজ-পাৰত বিদেশী প্ৰভাৱ বিশেষভাবে পৰিলক্ষিত হয়। সম্ভৱত: সী লোৱা বস্ত্ৰৰ ব্যাপক প্ৰচলন এই সময়ৰপৰাই হয়। চোলা(চোলক), এংগা চোলা(আংগিকা), জামা, চৌগা-চাপকন, ঘাগ্ৰা(সুত্ৰধাৰীৰ বেশ), জোতা – এইবোৰ ঘাইকৈ আহোম-মোগল দিনৰপৰা চলি অহা সাজ-পাৰ। বৃটিছ আমোলত ইউৰোপীয় পোছাকৰ প্ৰচলন হ’ল। লগে লগে ইউৰোপীয়, মোগল, ভাৰতীয় – এই তিনিও শ্ৰেণীৰ সাজ-পাৰৰ অদ্ভুত সংমিশ্ৰণো ঘটিল। দ্বিতীয় মহাসমৰত অসমলৈ অহা আমেৰিকাৰ সৈনিকসকলে অভিনৱ পোছাক আৰু তাক পিন্ধাৰ ৰীতিও এৰি থৈ গ’ল। পূজা-পাৰ্বন, উৎসৱ-অনুষ্ঠানত ধৌত-বস্ত্ৰ অৰ্থাৎ ধোৱা কাপোৰ পিন্ধা নিয়ম। অসমৰ গাঁৱত ধোবা বুলি সুকীয়া শ্ৰেণী নাই। ঘৰ-ঘৰোৱাহ সকলোৰে কাপোৰ-কানি তিৰোতায়েই ধোৱে। পূৰ্বে, এতিয়াও কোনো কোনো অঞ্চলত খাৰণিত সিজাই লৈ কানি-কাপোৰ ধোৱা হয়। মণি ছালেৰেও কাপোৰ ধোৱে; গা-মূৰো ধোৱা হয়। তিৰোতাই সাধাৰণতে মাটিমাহ বটি তাত ঔ-বীজ মিহলাই মূৰ, চুলি ধোৱে।

উৎস: অসমৰ লোক-সংস্কৃতি।

3.11764705882
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top