অংশিদাৰী

অসমী শিশুগ্ৰন্থ

অসমী শিশুগ্ৰন্থ

যেনে চোৰ তেনে টাঙোন

মা, আহো দেই’। অমিতাভে মাকক মাত লগাই স্কুললৈ বুলি ওলাল। সি গৈ আছে। তেনেতে ৰাস্তাৰ একাষে থকা আমৰ বাৰীখনত দুজন ল’ৰাই পকা-পকা আমবোৰ খাই থকা দেখিলে। সেই দৃশ্যটো দেখি অমিতাভৰো জিভাৰ পানী টপ্‌টপকৈ পৰিব ধৰিলে। তাৰ পিছত সি সিহঁতৰ ওচৰ চাপিল আৰু ক’ব ধৰিলে-মোকো দুটা আম দিয়ানা, স্কুলকৈ পলম হ’ব, সোনকালে দিয়া।

অমিতাভৰ কথা শুনি সিহঁত দুয়োজনৰে খং উঠি গ’ল আৰু ক’লে-‘কোনহে তুমি মহাপুৰু! নিজে গচহত উঠি খোৱা’। কিন্তু অমিতাভে গছত উঠিবতো নাজানে। মুখখন সেমেনা-সেমেনি কৰি সি দুখোজমান আগুৱাই আহিল। হঠাতে সি দেখিবলৈ পালে দুটা কাপোৰৰ মোনা। সৰু গছ এডালত ওলোমাই থোৱা আছে। সেয়া নিশ্চয় কিতাপৰ মোনাই হ’ব! তাৰ জানিবৰ মন গ’ল। কথাটোনো কি! সি সুধিলে-হেৰা, এই দুটা কাৰ মোনা?

‘আমাৰেই। কিয়নো সুধিলা!’ অমিতাভে পুনৰ প্ৰশ্ন কৰিলে- ‘তোমালোকে স্কুললৈ যাবা কেতিয়া?’

‘স্কুললৈ নাযাওঁ। সদায় স্কুললৈ যাব লাগে নেকি! একেখিনি পঢ়াকে আৰু কিমান শুনিম। যাম আকৌ এদিন।’

সিহঁতৰ কথাবোৰ শুনি অমিতাভৰ মনলৈও কিছুমান পৰিৱৰ্তন আহিল। সি মনতে ভাবিলে-হয়তো, ঘৰত দেউতাই শিকাবই। মাষ্টৰে শিকোৱা দেউতাই শিকোৱা একে কথা। কিছু সময় টলকা মাৰি থাকি অমিতাভে সিহঁতক ক’লে-অহাকালিৰ পৰা ময়ো তোমালোকৰ লগত আহিম, তেতিয়া আম দিবানে মোক?

‘আহিলেতো পাবাই।’ অমিতাভৰ কথাত ল’ৰা দুজনে খুব ৰং পালে।

সেই ল’ৰা দুজন অমিতাভৰ চুবুৰীটোৰে ৰন্টু আৰু গোলাপ।

পিছদিনাৰ পৰা অমিতাভেও সিহঁতৰ সৈতে সহযোগ কৰিলে। সময়মতে ঘৰৰ পৰা ওলাই আহি লোকৰ বাৰীত সোমাই আম খায়, ফৰ্মুটি দলিয়াই বগৰী খায়।

এইদৰে বহুত দিন গ’ল। গোটেই দিনটো অনাই-বনাই ঘূৰি আহি সন্ধিয়া পঢ়া-শুনা নকৰি সি শুই থাকে। খোৱা-বোৱাও ভালদৰে নকৰে। অমিতাভৰ এনে কাৰ্য দেখি মাকৰ খুব খং উঠিল।

এদিনাখন তেনেকৈ শুই থাকোতে মাকে আহি তাক ধমকি দিলে-‘পঢ়া-শুনা নকৰ নেকি? তই এতিয়া সৰু ল’ৰা নহয়। নপঢ়। নপঢ় যদি কাইলৈৰ পৰা স্কুললৈ যাব নালাগে।’ স্কুললৈ যাব বাধা দিয়াত সি তৎক্ষণাৎ বিছনাৰ পৰা জাপ মাৰি উঠি বিজ্ঞানৰ কিতাপখন উলিয়াই ল’লে। তাৰ পিছত দুটামান প্ৰশ্নোত্তৰ চিঞৰি পঢ়ি সিদিনাৰ বাবে পঢ়া সামৰিলে।

বৰ্তমান অমিতাভৰ দেউতাক ঘৰত নাথাকে। অফিচৰ কামত বদলি হোৱা বাবে মাহেকত এবাৰ ঘৰলৈ আহে। সেয়ে অমিতাভ সুবিধা আৰু বেছিহে পাইছে।

অইন এদিনৰ কথা। গোলাপ, ৰন্টু আৰু অমিতাভ তিনিওটা চৌধুৰীহঁতৰ প্ৰকাণ্ড বাৰীখনত সোমাল। আম, বগৰী, অমৰাবোৰ পকি একেবাৰে সেন্দুৰ যেন হৈ আছে। সিদিনা গোলাপহঁতে আলোচনা কৰি অমিতাভক গছত উঠাই দিলে আৰু পকা আমবোৰ ছিঙি সি সিহঁতলৈ দলিয়াই দিব ধৰিলে। এনেতে চৌধুৰীয়ে দুৱাৰখন খুলি বাৰীত সিহঁতৰ উৎপাত দেখি লউৰি আহিল। চৌধুৰীক দেখাৰ লগে লগে ৰন্টু আৰু গোলাপ তীব্ৰবেগে দৌৰি পলাল। বেচেৰা অমিতাভ গছৰ ওপৰতেই থাকিল।

‘নামি আহ, সোনকালে নামি আহ।’চৌধুৰীৰ তৰ্জন-গৰ্জনত সি ভয়ে ভয়ে নামি আহি কিতাপৰ মোনাটো তুলি ল’লে।

‘বাপেৰৰ নাম কি অ!’

‘দীনেশ শইকীয়া’

অ, শইকীয়া মহৰীৰ ল’ৰা হৈ তই বাৰীত সোমাই চোৰ কৰিবলৈ শিকিছ! ব’ল ঘৰলৈ। চৌধুৰীয়ে অমিতাভক লগত লৈ গৈ পদূলিমুখৰ পৰাই চিঞৰি মাতিলে-‘শুনিছানে অমিতাভৰ মাক, তোমাৰ ল’ৰাই নাপালে। সেই যে দধিৰামৰ ল’ৰা ৰন্টু আৰু কনক ঠিকাদাৰৰ সৰুটো ল’ৰা গোলাপ সিহঁত দুজন হৈছে তাৰ বন্ধু। স্কুলৰ কথা পাহৰিলে বুজিছা! অলপ যতন ল’বা। আহোহে মই।’ পুতেকৰ অধ:পতন দেখি শইকিয়ানী খঙে-লাজে হতাশ হৈ পৰিল। অমিতাভক বৰকৈ মাৰিলে।

“পঢ়িছ! দিনটো লোকৰ বাৰীত ঘূৰি ফুৰি সন্ধিয়াতে আহি শুই পৰিবি; ৰাতিপুৱাই টিফিনৰ বাবে চিঞৰি হাহাকাৰ কৰিবি। চুৰ কৰিবিনে ক’, আজিৰ পৰা চুৰ কৰিবিনে?”

‘নকৰো মা, মই চুৰ নকৰো। আজিৰ পৰা সকলো সঁচা কথা ক’ম। মোক আৰু নামাৰিবা।’

সেই দিনাৰ পৰা অমিতাভে নিয়মীয়াকৈ স্কুললৈ যাব ধৰিলে। বছৰেকীয়া পৰীক্ষালৈ মাথো সাতদিন বাকী। সি পৰীক্ষা দিলে যদিও উত্তীৰ্ণ নহ’ল। পুনৰ সপ্তম শ্ৰেণীতে ৰৈ গ’ল। পৰীক্ষাৰ খবৰ বেয়া বুলি শুনি মাকে দুখ কৰি ক’লে-সঁচা কথা নকব, ভালদৰে নপঢ়। এতিয়া ফল পালো! দৰকাৰ নাই তই পঢ়িবৰ। মিছলীয়া এটাক পঢ়াই একো লাভ নাই।

মাকৰ কথাত অমিতাভে কান্দি পেলালে। সি বুজি পালে মাকৰ সঁচা মৰম আৰু তাৰ বন্ধুৱে কৰা প্ৰতাৰণাৰ কথা। সি মাকৰ মনৰ শান্তি দিবলৈ প্ৰতিজ্ঞা কৰি পেলালে-মা, মই আজিৰ পৰা ভালদৰে পঢ়িম। মিছা কথা কেতিয়াও নকওঁ। মোক ক্ষমা কৰি দিয়া মা। মোক ক্ষমা কৰা।

নীতি কথা: চৰিত্ৰ গঠনত এটি শিশুৰ কাৰণে ঘৰখন আৰু সমাজৰ পৰিৱেশৰ ভূমিকা উল্লেখনীয়। সজ সংগত শিশুটি সৎ স্বভাৱৰ হয়, আনহাতে অসৎ সংগত পৰি শিশু অবাটে যায়। গতিকে শিশুৰ আচৰণত অস্বাভাৱিকতা দেখিলেই পিতৃ-মাতৃ বা অভিভাৱকে তাৰ কাৰণ জানিবলৈ প্ৰয়াস কৰি শিশুটিক শুধৰাব লাগে।

ভিখাৰী

মাঘ-ফাগুনমহীয়া বতৰ। খুব ঠাণ্ডা। ৰাতিপুৱা পুৱা পলমকৈ ৰ’দ ওলায়। মনটিয়ে সেই সময়ত চোতালত পীৰা এখনত বহি ৰ’দ পুৱাই আছিল। এনেতে এজনী ভিখাৰী আহি মনটিহতঁৰ পদূলিত ৰৈ চিঞৰিব ধৰিলে-আই, অলপ ভিক্ষা দিয়া.....। ভিখাৰীজনীক দেখি তাৰ খং উঠিল। সি ক’লে-ঐ যা, ইয়াৰ পৰা আঁতৰ হ’। মাক ওলাই আহিল আৰু ভিখাৰীজনীৰ হাতত এটকীয়া নোট এখন গুজি দি মনটিক বুজালে-নাপায় মনটি, আজিৰ পৰা এনে কাম কেতিয়াও নকৰিবা। কিন্তু মনটিয়ে মাকৰ কথা নুশুনিলে। সি দৌৰি কোনোবা ফালে গুচি গ’ল।

কিয় জানো, ভিখাৰী দেখিলেই মনটিৰ খং উঠি যায়। ৰাস্তাৰে গৈ থাকোতে যদি ভিখাৰী দেখে সি দূৰৰ পৰাই নাক-মুখ কোঁচাই দিয়ে। সি আঁতৰি অন্যফালে গুচি যায়।

এদিনাখনৰ কথা। সেইদিনা আছিল দেওবাৰ। মনটিয়ে ৰাতিপুৱাই তাৰ বন্ধু প্ৰণৱৰ ঘৰলৈ যাব ওলাল। সি গৈ আছে, এনেতে ৰাস্তাৰ দাঁতিত পাগলী বুঢ়ী এজনীয়ে কিবা বলকি থকা দেখিলে। বুঢ়ীজনীৰ হাতত তিনি-চাৰি ঠাইত চাপ খোৱা চিলভাৰৰ বাটি এটা আছিল। দিনৰ দিনটো খুজি মাগি কিবা অলপ পোৱাৰ আশাত তাই সেইদৰে ৰাস্তাৰে গৈ আছিল। তাইক দেখি কেইজনমান দুষ্ট ল’ৰাই ফৰ্মুটি দলিয়াই খেদি লৈ ফুৰা দেখি মনটিয়েও এটা শিল ৰাস্তাৰ পৰা তুলি লৈ পাগলীজনীৰ গালৈ মাৰি দিলে। সেই শিলটো তাইৰ ভৰিত লগাত তাই বৰকৈ দুখ পালে। তাই ঠাইতে ৰৈ গ’ল আৰু মনটিলৈ চাই ক’বলৈ ধৰিলে-হে আল্লা, এ চবক শাস্তি দে।

প্ৰণৱক মনটিয়ে সেই ঘটনাটো কৈ খুব হাঁহিব ধৰিলে। কিন্তু প্ৰণৱে নাহাঁহিলে। সি মনটিৰ কাৰ্যক গৰিহণা দি ক’লে-সিহঁত ভিখাৰী যদিও আমাৰ দৰেই সিহঁতো মানুহ, মনটি। তই তেনে নকৰিবি। সিহঁতক মাৰিলে সিহঁতেও আমাক অভিশাপ দিয়ে বুজিছ!

‘যা: যা: সিহঁত পাগল। থৈ দে সিহঁতৰ অভিশাপ।’ মনটিয়ে প্ৰণৱৰ কথাখিনি পাতলভাৱে উৰুৱাই দিলে।

‘আবেলি হৈ আহিল। যাওঁ দে প্ৰণৱ। সিফালে মায়ে চাগৈ চিন্তা কৰি আছে!’

‘তেন্তে যা বাৰু। আকৌ আহিবি।’ মনটিয়ে প্ৰণৱক মাত লগাই ঘৰলৈ বুলি খোজ ল’লে। সি খুব বেগাই আহি আছিল। তেনেতে কিছু দূৰত সি হুলস্থূল লগা শুনিবলৈ পালে।

‘ধৰ্‌ ধৰ্‌, ই সকলো নিলে। ধৰ্‌ মাৰ........।’ কথাটোনো কি জানিবলৈ মনটিয়ে দৌৰি আহি সেই নিৰ্দিষ্ট ঠাইখিনিত ৰৈ গ’ল। ইফালে দোষী পলাই পত্ৰং দিলে। দোষীক মাৰিবলৈ বুলি খেদি অহা মানুহ দুজনৰ সমুখত পৰিল মনটি। ‘এইটো, ইয়াক মাৰ। ই বদমাছে মোৰ বস্তু চুৰ কৰিছে।’ এইবুলি মানুহ দুজনে মনটিক মাৰিবলৈ হাত তুলিলে। লগে লগে অলপ আঁতৰৰ পৰা কোনোবাই চিঞঁৰি উঠিল-তাক নামাৰিবি ঐ, তাক নামাৰিবি। সি তহঁতৰ বস্তু চুৰ কৰা নাই। তহঁতৰ চোৰ সেইফালেদি পলাইছে। ই অন্য ল’ৰা। মনটিক বুঢ়ীয়ে সিহঁতৰ পৰা আজোৰ মাৰি টানি আনিলে আৰু তাই পুনৰ ক’লে-ই নিৰ্দোষী। মই সকলো দেখি আছিলো।

বুঢ়ীজনীৰ মুখলৈ লক্ষ্য কৰি মনটি ভয়তে কঁপি উঠিল। সি তাইক চিনি পালে। সিহঁতৰ ঘৰলৈ প্ৰায়েই ভিক্ষা মাগিবলৈ যোৱা সেই বুঢ়ীজনী। এদিন সি তাইক টান কথাও শুনাইছিল। তাৰ ভালদৰে মনত আছে। কিন্তু সেই মুহুৰ্তত বুঢ়ীজনীৰ প্ৰতি তাৰ মৰম লাগি গ’ল। আজি এই মহাবিপদত এনে এজনী সামান্য মানুহেই তাক ৰক্ষা কৰিলে। তাৰ প্ৰাণ বচালে। সি তাইৰ ওপৰত সন্তুষ্ট হ’ল আৰু ভিখাৰীৰ প্ৰতি থকা ঘৃণা ভাব তাৰ মনৰ পৰা আঁতৰি গ’ল। সি তাইক ক’লে-তুমি মোক ক্ষমা কৰি দিয়া। আজিৰ পৰা মই তোমালোকক টান কথা নকওঁ।

‘নাই বোপাই। আমি তোক বেয়া পালে কি হ’ব! তোক বেয়া পালে ভগৱানে আমাক দোষিব।’ তাৰ পিছত সি ঘৰলৈ উভতিল আৰু মাকৰ ওচৰত সকলো কথা ভাঙি কৈ ঘৰৰ পৰা কেইটামান পকা মধুৰীআম আৰু পইচা দুটামান আনি সেই ভিখাৰীজনীৰ হাতত দি পুনৰ সি ক’লে-মোক তুমি ক্ষমা কৰি দিয়া। বুঢ়ীজনীয়েও মনটিক আশীৰ্বাদ কৰিলে-ভগৱানে তোৰ মংগল কৰক।

নীতি কথা: প্ৰকৃত মানুহ সেইজনেই, যিজন বিপদ কালৰ সহায়ক হয়। দুখীয়া-নিচলা বুলি মানুহক ঘিণাব নাপায়।

সঁচা বন্ধুত্ব

‘এইখনেই আমাৰ ফুলনি। ইয়াত গোলাপ, তগৰ, জবা, খৰিকাজাঁই, চম্পা আৰু বহুতো ফুল আছে। কিন্তু গোলাপ আটাইতকৈ বেছি। ৰঙা, বগা, হালধীয়া এই তিনিটা ৰঙৰ গোলাপ আছে। সিদিনা আকৌ দেউতাই বাগানৰ পৰা উভতি আহোতে বগা গোলাপৰ আৰু দুটা ডাল লৈ আহিছে। সেই ডাল দুটাও মই ভালদৰে ৰুই থৈছো। কেইদিনমানৰ পিছত সেই ডাল দুটাটো ফুল ফুলিব।’ পৰাণে তাৰ বান্ধৱী মেৰীৰ সন্মুখত নিজৰ ফুলনিখনৰ প্ৰশংসা কৰি ব্যাকুল হৈ পৰিছে।

‘বা: সঁচাকৈয়ে দেই বন্ধু, তুমি ইমান সুন্দৰকৈ ফুলবোৰ ৰুইছা, আটাইবোৰ ফুলেই ধুনীয়া হৈ উঠিছে। বৰ ভাল লাগিছে পৰাণ। আমাৰ ঘৰত মাথোন কেইটামান টাবত কেক্‌টাছ কাঁইটহে আছে। অন্য কোনো ফুলেই নাই।’

‘তোমাক যিমান ফুল লাগে মোৰ পৰা লৈ যাবা মেৰী। লাগিব নেকি কোৱা মই এতিয়াই দুটামান পুলি তুলি আনোগৈ’।

‘নালাগে, নানিবা পৰাণ, ফুল মই নিব নোৱাৰিম।’

‘কিয় মেৰী?’

‘ফুল মই খুব ভাল পাওঁ। কিন্তু আমাৰ মায়ে এইবোৰ ৰুব নিদিয়ে। ফুল ৰুলে হেনো ঠাইবোৰ লেতেৰা হয়। মাকে কয়, ফুল ৰোৱাতকৈ কমিক্‌চ পঢ়ি সময় কটোৱাই ভাল।’

‘তোমাৰ দেউতাইও ফুল ৰুব নিদিয়ে নেকি?’

নিদিয়ে পৰাণ। দুয়োৰে ধাৰণা একেটাই। এবাৰ কি হ’ল জানা পৰাণ, তেতিয়া মই প্ৰাইমেৰী শ্ৰেণীত পঢ়িছিলো।তিনিজনী বান্ধৱীৰ সৈতে এদিন স্কুল ছুটীৰ পিছত ওচৰৰে বাগানখনত সোমালো আৰু মালীক খুজি আমি আটাইকেইজনীয়ে গোলাপৰ ডাল একোডালকৈ লৈ আহিলো। ভাবিলো, ডালটো ৰুবলৈ অলপ মাটি খান্দিলো। তেতিয়া মা ঘৰত নাছিল। দেউতাই ভিতৰৰ কোঠাত বহি কিবা কিতাপ পঢ়ি আছিল। মাটি খন্দা দেখা পাই দেউতা মোৰ ওচৰলৈ আহিল। মই দেউতালৈ চাই ক’লো, এয়া গোলাপৰ ডাল দেউতা, ফুল ফুলিলে খুব ভাল লাগিব। তেতিয়া দেউতাই মোক ধমকিহে দিছিল। ‘মেৰী, এইবোৰ ক’ৰ পৰা আনিছা! কোনে কৈছে তোমাক ফুল ৰুবলৈ! তুমি ইমান লেতেৰা হৈ গৈছা। চাওঁ, এইফালে আহা।’ দেউতাৰ ধমকনিত মই হাত-ভৰি ধুলো। ভাবিলো, দেউতাই নেদেখাকৈ পিছত গৈ ৰুই থ’ম। কিন্তু-।

‘কিন্তু কি? কোৱা মেৰী!’

দেউতাই লগে লগে সেই ডালটো টুকুৰা টুকুৰ কৰি বহু দূৰলৈ দলিয়াই দিলে। সন্ধিয়া মা উভতি অহাত দেউতাই কথাটো ক’লে। তেতিয়া মায়েও মোক গালি পাৰিলে আৰু বুজালে, ফুল ৰুই কি কৰিবা! তোমাক মই বজাৰৰ পৰা ধুনীয়া ধুনীয়া ফুল আনি দিম। তুমি সজাই থ’ব পাৰিবা।

অইন এদিন বিভিন্ন ৰকমৰ কাগজৰ ফুল আনি মোৰ সমুখত থ’লে। ৰঙা, নীলা, কমলা বহুতো কাগজ আৰু প্লাষ্টিকেৰে তৈয়াৰী ফুল। সিদিনা মই খুব কান্দিছিলো। মায়ে অনা সেই ফুলবোৰ এবাৰো স্পৰ্শ নকৰিলো। তেতিয়া মায়ে ঠায়ে ঠায়ে সজাই থৈ দিলে। আমাৰ ঘৰত এতিয়াও ড্ৰয়িং ৰূমৰ চুকত তেনে বহুতো ফুল সজাই থোৱা আছে। আজি তোমাৰ এই ফুলনিখন দেখি মোৰ বৰকৈ মনলৈ আহিছে গোলাপৰ কথা। সঁচা বন্ধু, আজিও মই কান্দো গোলাপ ফুল দেখিলে।

‘শুনা মেৰী, তুমি দুখ নকৰিবা। তোমাৰ ঘৰত যদি ফুল ৰোৱাত ইমানেই বাধা আছে, তেন্তে নালাগে ৰুব। আজিৰ পৰা এইখনেই হ’ব আমাৰ দুয়োৰে ফুলনি।’

‘সন্ধিয়াও হৈ আহিল, এতিয়া যাওঁ দেই’।

‘বাৰু যোৱা মেৰী। কাইলৈ আহিবা।’

মেৰীহতঁৰ ঘৰ পৰাণৰ ঘৰৰ পৰা অলপ আতঁৰত। মেৰীৰ দেউতাক এজন চৰকাৰী উচ্চ পদস্থ বিষয়া। প্ৰথমতে তেওঁলোক ডিমাপুৰত আছিল। এতিয়া গুৱাহাটীতেই নিজা ঘৰ। দুমহলীয়া অট্টালিকা। গাড়ী-মটৰেৰে পৰিপূৰ্ণ চহকী ঘৰৰ ছোৱালী মেৰী বৰ্তমান পঞ্চম শ্ৰেণীৰ ছাত্ৰী।

মেৰী বৰ শান্ত স্বভাৱৰ ছোৱালী। তাইৰ মনটোও ফুলৰ দৰেই কোমল। সৰল মনৰ মেৰীয়ে সেয়ে বাগানৰ চকীদাৰৰ ল’ৰা পৰাণৰ সৈতে অতি সহজেই মিলি গ’ল। বৰ্তমান তাইৰ বন্ধু-বান্ধৱবোৰৰ ভিতৰত পৰাণেই অতি মৰমৰ।

এদিনাখন পৰাণে ৰাতিপুৱাই কেইটামান ফুলৰ পুলি নতুনকৈ ৰুই দি পানী ঢালি আছিল। তেনেতে মেৰী আহি ওলাল।

‘পৰাণ, পৰাণ....’।

‘কি হ’ল মেৰী? ইমানকৈ চিঞঁৰিছা কিয়!’ মেৰীয়ে সেইদৰে উধাতু খাই অহা দেখি পৰাণে অলপ ভয়ো খালে।

‘পৰাণ, আজি মোৰ বাৰ্থদে। মানে জন্মদিন। তুমি কিন্তু সোনকালে আহিবা দেই। বাবলি, ডেইজি, বিকি, সুমন আটায়ে আহিব। তুমি মোৰ অতি মৰমৰ বন্ধু। তুমি নোযোৱালৈকে মই অপেক্ষা কৰি থাকিম। যদি তুমি নোযোৱা, মই তোমাক বেয়া পাম। কোৱা যাবনে?’

পৰাণ উপাইবিহীন হৈ পৰিল। ইমান ডাঙৰ মানুহৰ বাৰ্থদেলৈ সি বাৰু কি সাহসত যায়। অৱশেষত মেৰীৰ অনুৰোধ ৰক্ষা কৰিবলৈ সি ‘যাম’ বুলি কৈ থ’লে। পৰাণে ‘আহিম’ বুলি কোৱাত মেৰীয়ে আনন্দ পালে।

মেৰী গুচি যোৱাৰ পিছত পৰাণে চিন্তা কৰিব ধৰিলে। মেৰীৰ জন্মদিনত ডাঙৰ ডাঙৰ মানুহ আহিব হাতত দামী উপহাৰ একোটিকৈ লৈ। আনহাতে বাবলি, বিকিহঁতেও কিবা এটা উপহাৰ দিব; কাৰণ সিহঁত তাৰ দৰে ছাল চিগা ভিকছ নহয়। সিহঁতৰো সামৰ্থ্য আছে। কিন্তু সি ক’ৰ পৰা দিয়ে। তাৰ দেউতাকেতো বন্ধুৰ খাতিৰত পইচা ভাঙিব নোৱাৰে। দিনৰ দিনটো ৰ’দে-বতাহে বাগানত কটাই ডেৰকুৰি বা দুকুৰি ৰূপ পায়, সেইকণ ধনেৰে ঘৰখনেই নচলে। গতিকে বন্ধুৰ স্বাৰ্থৰ কথা এইখন ঘৰত কেতিয়াও নাহে।

কিন্তু উপায় কি হ’ব! আজি যে তাৰ দৰে দুখীয়া ল’ৰা এটাই মেৰীৰ অতি মৰমৰ বন্ধু হৈ পৰিল। বন্ধুত্বৰ সন্মান ৰক্ষা কৰাৰ বাবে সিটো আজি যাবই লাগিব মেৰীৰ ঘৰলৈ।

লাহে লাহে সন্ধিয়া হৈ আহিল। জন্মদিনৰ নিমন্ত্ৰণ ৰক্ষা কৰি সকলোৱে আহি মেৰীক শুভেচ্ছা জনালে। নিমন্ত্ৰিত সকলো অতিথিয়ে আহিল আৰু গ’ল। কিন্তু পৰাণৰ দেখা-দেখি নাই। গোটেই দিনটো পৰাণৰ অপেক্ষাৰে মেৰীয়ে ইফালে-সিফালে চাই আছে। কিন্তু পৰাণ অহা নাই। তাইৰ বৰ দুখ লাগিল। আমন্‌-জিমনকৈ বহি তাই পৰাণৰ ক্ষণ গণি থাকিল।

ইতিমধ্যে পৰাণে মেৰীৰ ঘৰলৈ বুলি খোজ দিছে। এটা পেকেটত এথোপা বগা গোলাপ আলফুলকৈ ভৰাই লৈছে। পৰাণৰ বাবে সেয়ে হ’ব মেৰীৰ জন্মদিনৰ এটি ক্ষুদ্ৰ উপহাৰ। সি গৈ মেৰীহতঁৰ পদূলিমুখত ৰৈ গ’ল। সমুখত বহুতো গাড়ী তেতিয়াও ৰৈ আছে। ঘৰৰ চাৰিওফালে ৰূপালী লাইটবোৰ জ্বলি উঠিছে। ইমান ধুনীয়া ঘৰ। ইমান ধনী মানুহবোৰ। তাৰ বেয়ালাগিল নিজৰ পোছাকযোৰৰ পিনে চাই; তথাপি সি পলম নকৰিলে। এখোজ দুখোজকৈ গৈ সি মেৰীৰ কোঠাত প্ৰৱেশ কৰিলে। ‘মেৰী....।’

পৰাণৰ মাতত তাই উচপ খাই উঠিল যদিও মুখখন ঘূৰাই দি অভিমানৰ সুৰত ক’লে-বন্ধু, ইমান পলম কৰিলা কিয়? মোক যদি বেয়া পোৱা কৈ নিদিয়া কিয়?

নহয় মেৰী। মই তোমাক বেয়া নাপাওঁ। আচলতে মই....

কোৱা বন্ধু, তুমি কি ক’ব খুজিছা!

সঁচা মেৰী, আমি খুব দুখীয়া। তোমাৰ জন্মদিন বুলি মই একোৱেই আনিব নোৱাৰিলো।

কিন্তু পৰাণ, তোমাকতো মই উপহাৰৰ কথা কোৱা নাছিলো। তুমি মোৰ বন্ধু। সেয়ে তোমাৰ উপস্থিতিয়েই মোৰ একমাত্ৰ বাঞ্ছনীয়। সেয়া হাতত কি আনিছা চাওঁ!

‘এয়া এথোপা বগা গোলাপ। অইন একো নহয়। মোৰ ফুলনিত সেইদিনা যে ৰুইছিলো, তাৰেই ফুল’।

‘দিয়া পৰাণ। এই বগা গোলাপ থোপা মোৰ চুলিত গুজি দিয়া।’ আ: কেনে সুন্দৰ গোন্ধ! পৰাণে ফুলথোপা মেৰীৰ চুলিত আলফুলে গুজি দিলে আৰু গোলাপৰ সুবাস চাৰিওফালে বিয়পি পৰিল। তাৰ পিছত মেৰীয়ে পুনৰ ক’লে- সঁচাকৈয়ে বন্ধু, তোমাৰ এই গোলাপ থোপা মোৰ আজিৰ জন্মদিনৰ এটি উত্তম উপহাৰ। এই উপহাৰটি মোৰ বাবে সকলোতকৈ আদৰৰ।

পৰাণৰ হাতৰ গোলাপ থোপা মেৰীৰ বাবে অতি মৰমৰ হোৱা বাবে সি পৰম সন্তোষ পালে।

নীতি কথা: বন্ধুত্বই ধনী-দুখীয়া অথবা আভিজাত্য নিবিচাৰে। বিচাৰে সঁচা মৰম, সহানুভূতি আৰু আন্তৰিকতা।

মিন্টুৰ আদৰ্শ

চ’ত মাহৰ আজি পচিশ তাৰিখ। চাওঁতে চাওঁতে বিহুতো পালেহিয়েই। শালৰ গামোছা কেইখনো ওলাবলৈ অলপ বাকী। ইফালে চাউল, চিৰা, তিল, নাৰিকলৰটো একে দিহা কৰিবই পৰা নাই। ‘হেৰি শুনিছেনে, বিহুলৈ চাৰিটা দিনো নাই। তিল, নাৰিকল এইবোৰ সোনকালে আনিব লাগিছিল!’

বিহু আহিল বুলি মোৰো খবৰ আছে। ইমানকৈ টেটু ফালিব লাগে কিয়! কাইলৈ আনিম। ভাতকিটা বাঢ়া। অফিচলৈ পলমকৈ হ’ল।

‘ভাত বাঢ়িয়েই থৈছো। খাওকগৈ। হেৰি নহয়....’

‘আকৌ কি হ’ল! কোৱা সোনকালে!’

মিন্টুৰ কথাহে ক’ব খুজিছো। বিহু বুলি তাৰ গাত ততেই নাই। তাক হেনো এসাজ নতুন কাপোৰ লাগে। সদায়ে সি বিহুৰ কাপোৰৰ কথা কৈ আমনি কৰি আছে। আজিও তাক কোনো মতেহে ফুচুলাই স্কুললৈ পঠিয়াইছো। আজি সন্ধিয়া অলপ বজাৰৰ পৰা আহিব পাৰিলে ভাল আছিল।

আজি মই যাব নোৱাৰিম। অফিচত মিটিং এখন আছে। আহোতে পলম হ’ব। তুমিয়ে তাক লৈ গৈ যি লাগে লৈ আহিবা। কিন্তু তাৰ দেখোন যোৱা মাহত অনা কাপোৰযোৰ আছেই। সেইযোৰটো সি পিন্ধাই নাই। ইমানবোৰ কাপোৰ থাকোতে আকৌ এসাজ নতুন কাপোৰ......!

আপুনিও যে আৰু! একেটিয়ে মাথোন ল’ৰা। তাক নিদিনো দিব কাক! নতুন বছৰ বুলি এসাজ কাপোৰ ল’বলৈ তাৰো কিবা মন নাযায়নে!

বাৰু, মই আহো। বজাৰৰ পৰা সোনকালে উভতিবা।

বজাৰৰ পৰা আহি মিন্টুৱে কাপোৰযোৰ এবাৰ গাত সুমুৱাই ড্ৰেচিং আইনাৰ সন্মুখত থিয় হৈ ঘূৰি ঘূৰি নিজকে চাব ধৰিলে।

মিন্টু, এতিয়া এইবোৰ সামৰি থৈ হাত-মুখ ধুই পঢ়গৈ।

মাকৰ আজ্ঞামতে আনন্দমনেৰে সি পঢ়া টেবুলত বহিল। পিছদিনা স্কুললৈ গৈ সি তাৰ বন্ধুবোৰৰ সৈতে আলোচনা কৰিব ধৰিলে, বিহুত কোনে কি ল’লে, কোনে ক’ত বিহু চাব ইত্যাদি। এইকেইদিন সিহঁতৰ এইবোৰেই আলোচনাৰ বিষয়।

এনেতে স্কুল ছুটী হ’ল। মিন্টুৱে স্কুলৰ বেগটো টেবুলত দলি মাৰি থৈ অন্য এসাজ কাপোৰ খৰধৰকৈ পিন্ধি মাকক চিঞঁৰিলে-মা, ভোক লাগিছে। কি আছে সোনকালে খাবলৈ দিয়া। খেলিবলৈ যাওঁ।

হ’ল নে তোৰ আহিয়ে খেলিবলৈ! সদায়ে খেল’। অলপ জিৰাই ল’চোন!

কিছু সময়ৰ পিছত মিন্টুৱে খেলিবলৈ ওলাই আহিল। খেলপথাৰত ৰন্টু, মন্টুহতঁক দেখি সি ক’লে-ঐ খেলো দে। সন্ধিয়া হ’বই এতিয়া। বলটো আন আক’।

‘আজি দেখোন দুলু নাহিল অ’ মিন্টু!’

‘তাকেতো। সিতো আজি স্কুললৈ গৈছিল!’ মিন্টুৱে ক’লে।

‘এতিয়া আৰু অহাৰ সময়ো নাই। বাদ দে; আমি কেইজনেই খেলো। ধৰ বলটো।’

‘নহয় অ’ ৰন্টু। কিজানি কিবা বিপদেই হ’ল তাৰ, আমি খবৰ এটাকে কৰি আহো ব’ল।’

‘হয় নেকি! ব’ল তেনেহ’লে আজি নেখেলো।’

ৰন্টু, মন্টু আৰু মিন্টুৱে দুলুহতঁৰ ঘৰলৈ বুলি ৰাওনা হ’ল। সিহঁতে গৈ পদূলিমুখৰ পৰাই দেখিলে, দুলুৱে বাৰাণ্ডাৰ এচুকত অকলে আমন্‌ জিমনকৈ বহি আছে।

কি হ’ল অ’ দুলু, আজি খেলিবলৈ নাহিলি কিয়? দুলুৱে একো নমতা দেখি সিহঁতে প্ৰশ্নসূচক দৃষ্টিৰে মাকৰ মুখলৈ চালে।

কি ক’ম তোমালোকক! কাইলৈৰ পৰা বিহু কাৰণে তাক হেনো নতুন চোলা লাগে। ইমান বুজালো বিহুৰ পিছত দেউতাকে টকা দুটামান পাব, তেতিয়া তাক কাপোৰ এসাজ লৈ দিম। নাই, সি নুবুজে। তাক আজিয়েই লাগে। তৎক্ষণাৎ মই দিওঁ ক’ৰ পৰা চোৱাচোন। ইফালে বিহুৰ বতৰ। এতিয়া এসাজ কাপোৰৰ দাম জানো কম হ’ব। সেইকাৰণেই ভাত পানী নাখাই স্কুলৰ পৰা অহাৰ পৰাই এইদৰে ঠেহ পাতি বহি আছে।

দুলুৰ মাকৰ কথাবোৰ শুনি সিহঁতৰ দুখ লাগিল। ৰন্টুৱে ক’লে- ইচ্‌ বেচেৰা, দুখেই লাগে ভাই। বিহুৰ দিনতো তাৰ এসাজ ভাল কাপোৰ নাই। তাৰ পিছত মিন্টুৱে দুলুৰ চকুপানীখিনি মচি দি ক’লে-শুন দুলু, তই অকণো বেজাৰ নকৰিবি। ময়ে তোক এসাজ কাপোৰ দিম। গধূলিয়েই হ’ল। এতিয়া যাওঁ দে আমি।

বিহুৰ দিনা ৰাতিপুৱাই মিন্টুৱে গৈ মনে মনে দুলুক কাপোৰ যোৰ দি আহিল। ইফালে ঘৰত কাপোৰযোৰ বিচাৰি হায়ৰাণ। মিন্টুৱে মাকৰ ৰূদ্ৰমূৰ্তি দেখি লাহেকৈ সুধিলে, কি হ’ল মা?

‘নতুন কাপোৰ যোৰ তই ক’ত ৰাখিছ?’

‘তোমাৰ বাকচতেই থৈছিলো মা। পিছত বিচাৰিম ৰ’বা। এতিয়া মোৰ বন্ধুকেইজন আহিছে, মনে মনে থাকাচোন।’

উস....ঘৰৰ পৰা কাপোৰযোৰ গ’ল ক’লৈ! শুনিছেনে, সিদিনা মিন্টুলৈ অনা কাপোৰযোৰ নাই।

নাই! ক’ত যাবহে! ক’ৰবাত সোমাই আছে চাগৈ। এতিয়া সেইবোৰ বাদ দিয়া। জা-জলপানৰ দিহা কৰা।

ইতিমধ্যে সন্ধ্যা লাগি আহিল। মিন্টুৱে মাক-দেউতাকৰ সৈতে বিহু চাবলৈ গ’ল। মঞ্চত নাচ-গান দেখা পাই মিন্টু আপোন পাহৰা হৈ আছিল। তেনেতে মিন্টুৰ মাকে ক’লে- যাওঁ ব’লক, বহুত ৰাতি হ’ল।

ব’ল মিন্টু। আজিলৈ হ’ব। কাইলৈ আকৌ আহিমেই নহয়!

ৰ’বাচোন দেউতা আৰু অলপ চাওঁ।

মিন্টু! মাকৰ ধমকনিত সি ভয় পাই ক’লে-ব’লা মা। বিহুতলীৰ পৰা ওলাই আহি তেওঁলোকেঘৰলৈ বুলি অহাৰ বাটত দুলুহতঁক লগ পাই থমকি ৰ’ল।

অ’ বৰুৱা দেখোন! বিহু চালে!

চালো। পিছে শইকীয়া, ঘৰলৈ যায়নে?

অ’ ব’লক।

দুলুৱে মিন্টুক লগ পাই খুব ৰং পালে। হঠাৎ মিন্টুৰ মাকৰ চকু পৰিল দুলুৰ কাপোৰযোৰত। কথাষাৰ সোধো বুলি ভাবোতেই দুলুৱে কৈ উঠিল- এই কাপোৰযোৰ মোক মিন্টুৱে দিছে, খুৰীদেউ।

‘মিন্টুৱে দিছে....!’

‘হয় মা। দুলু দুখীয়া ঘৰৰ ল’ৰা হ’লেও মোৰ বন্ধু। এইহেন বতৰত সি এযোৰ কাপোৰৰ আশাত কান্দি কান্দি দুখত ভাগি পৰা দেখি মোৰ সহ্য নহ’ল।’

‘কিন্তু তইতো মোক এবাৰো সোধা নাছিলি!’

‘মোক ক্ষমা কৰা মা। তুমি গালি দিবা বুলিয়েই.....!’

দেখিছে ইয়াৰ কাণ্ড! কথষাৰ মিন্টুৰ মাকে সকলোকে উদ্দেশ্যি ক’লে। তেতিয়া মিন্টুৰ দেউতাকে হাঁহি হাঁহি ক’লে- শুনা মিন্টুৰ মাক, তোমাৰ ল’ৰাই দুলুক সহায় কৰি দুলুৰ চকুপানী ৰোধিব পৰাটো আৰু এনে উৎসৱৰ দিনত তাৰ মনৰ শান্তি ঘূৰাই আনিব পৰাটো আমাৰ কাৰণে বৰ আনন্দৰ কথা। মিন্টুৰ মাকে একো নামাতিলে যদিও মনে মনে পুতেকৰ উদাৰতাৰ বাবে গৌৰৱবোধো কৰিলে। দেউতাকে মিন্টুক কাষলৈ মাতি মৰমেৰে ক’লে- আমি সকলোৱে ক্ষমা কৰি দিছো। এয়া তই বৰ আদৰ্শৰ কাম কৰিছ মিন্টু। প্ৰকৃত শান্তি লভিব পাৰি ত্যাগৰ যোগেদিহে।

তাৰ পিছত মিন্টুৰ হাতত ধৰি দুলু আগবাঢ়ি গ’ল। সিহঁতৰ পিছে পিছে তেওঁলোকো আগুৱাই গৈ থাকিল।

নীতি কথা: যি মূলা বাঢ়ে তাৰ দুপাততে চিন বোলা কথাষাৰ যিদৰে সত্য, সেইদৰে শিশু চৰিত্ৰৰ মাজেদি যদি কোনো ধৰণৰ আদৰ্শমূলক আচৰণ প্ৰকাশ পায়, সেই আদৰ্শক উলাই নকৰি পিতৃ-মাতৃয়ে উদগনি দিব লাগে। শিশুৰ মনৰ সজ-চিন্তা আৰু আদৰ্শবোৰক সূক্ষ্ম দৃষ্টিৰে বিচাৰ কৰি উৎসাহ আৰু অনুপ্ৰেৰণা যোগাব পাৰিলেহে ভৱিষ্যতে পিতৃ-মাতৃয়ে এটি সু-পুত্ৰৰ গৰাকী হ’ব পাৰে।

সঁচা কথা ক’বলৈ গ’লে

সময় তেতিয়া বিয়লি তিনি বাজি গৈছে। বীণাই ৰাস্তাৰ কাষতে থকা বকুল গছডালৰ তলত ৰৈ সৰা ফুলবোৰ বুটলি, মালা অহালৈ অপেক্ষা কৰি আছে। এনেতে মালা আহি তাইৰ ওচৰ পালে।

‘বকুল ফুলবোৰ বৰ ধুনীয়া অ’, মোকো দুটামান দে না।’ মালাই ক’লে।

‘ল’। ইহঁতকেইজন দেখোন নাহিলেই!’

‘আহিব ৰহ’। এইবুলি দুয়ো গছডালৰ তলতে বহি পৰিল।

বীণা, কালি বিহু ফাংচনলৈ নাহিলি কিয়? মই মা-দেউতাৰ লগত বহু ৰাতিলৈ বিহু চালো।

এহ, মোৰ কথা নক’বি। স্কুলৰ পৰা গৈ পোৱাৰ পিছত দেউতাই ক’লে- ৰাতিলৈ যদি বিহু চাব যাৱ, এতিয়া অলপ শুই ল’। তাৰ পিছত ইমান টোপনি আহিল যে দেউতাহঁত কেতিয়া ওলাই গ’ল গমেই নাপালো।

অ’ তাৰমানে তই বিছনাৰ পৰাই বিহু চালি। ফাংচন খুব ভাল হৈছিল জান’। সৌৱা চা- জিতু, বাবলু আৰু দীপ আহি আছে। সিহঁত তিনিওজন আহি বীণাহতঁৰ কাষতে ৰ’ল। জিতুৱে সিহঁত দুজনীক উদ্দেশ্যি ক’লে-তহঁতে কি বখলিয়াই আছ’! উঠ। আহ, খেলো।

বেলি লহিয়ালেই। এতিয়া খেলিবলৈ আহিছে! মালাই ক’লে।

কিমাননো পলম হ’ল। আহ, আহ। জিতুৰ কথামতে আটাইকেইজনে খেলপথাৰলৈ খোজ ল’লে।

কিন্তু......।

আকৌ কি হ’ল? মালা থমকি ৰোৱা দেখি বাবলুৱে সুধিলে।

ৰাতুল দেখোন আহিয়ে পোৱা নাই!

সেইপাতৰ নাম নল’বি। দেখিবৰ মন নাযায়।

কিয়?

নেদেখিছনে তাৰ ভেম। সকলো কথাতে সি বেছি দেখুৱায়।

অ’ বুজিছো। সিদিনা ৰাতুলৰ কথামতে ছাৰে তোক কাণত ধৰি আঁঠু কঢ়াই থৈছিলতো, সেইকাৰণে! মালাই হাঁহি হাঁহি কয়।

বাবলুৰ খং উঠে। ‘মনে মনে থাক। সেইবোৰ কৈ মোৰ মূৰটো গৰম কৰি নল’বি’। তেনেতে ৰাতুল আহে।

‘সেইবোৰ বাদ দে। হোৱা কথা হৈ গৈছে। এতিয়া কিবা এটা খেলিব লাগে।’ বীণাই ক’লে। কিন্তু খেলিবি কি! নাও-পানী খেলিবি!

ভয় লাগে পায়। মালাই ক’লে।

লুকা-চুৰি!

নেখেলা!

হৈ-গুডু!

আমি এইকেইটাৰে নহ’ব নহয়!

এটা খেলো পছন্দ হোৱা নাই। বীণাই ক’লে, তাতকৈ এটা কাম কৰ। মালা আৰু মই চেং খেলো। তহঁতে চোৰ-পুলিচ খেল।

ঠিক আছে তেন্তে। বাবলুৱে ক’লে।

তাৰ পিছত সিহঁত আটাইকেইজনে খেলিবলৈ সাজু হ’ল।

মালা, বীণা, জিতু, দীপ, বাবলু আৰু ৰাতুল- একেটা চুবুৰীৰে একেখন স্কুলৰে ছাত্ৰ-ছাত্ৰী। প্ৰত্যেক দিনাই সিহঁতে স্কুল ছুটীৰ পিছত আবেলিৰ সময়খিনি কটাবলৈ খেল-পথাৰলৈ আহে আৰু প্ৰতিদিন বিভিন্ন খেল-ধেমালি কৰে।

সিদিনাও সিহঁতে খেলি আছিল। হঠাতে কি হ’ল জানো! ৰাতুলে বিকট চিঞঁৰ এটা মাৰিলে। মালা আৰু বীণাই খেলা বন্ধ কৰি সিহঁতৰ কাষলৈ দৌৰি আহি দেখিলে, বাবলুৱে ৰাতুলক ধৰি লৈ খুব বেয়াকৈ মাৰি আছে আৰু ৰাতুলে কাতৰভাৱে তাক কৈ আছে ‘এৰি দে’। ইমানকৈ মাৰিছ কিয়? আমি খেলিছোহে। নামাৰিবি’।

‘নামাৰিম! সিদিনা স্কুলত ছাৰৰ ওচৰত মোৰ কথা কৈ মাৰ খুৱাইছিল যে মই পাহৰা বুলি ভাবিছ! মাৰিমেই তোক।’

‘এৰি দে মোক!’ ৰাতুলে বাবলুক খঙেৰে ক’লে।

‘নিদিওঁ। কি কৰিবি! ছাৰক কৈ দিবি! ছাৰক মাতি আন।’

‘বাবলু’! এইবুলি মালাই বাবলুৰ পৰা ৰাতুলক আঁজোৰ মাৰি টানি আনিলে।

সিহঁতৰ কাষতেই ইমানপৰে ৰৈ থকা বীণাই বাবলুক ক’লে-সঁচা কথা ক’লে লাজ পাৱ। সিদিনা ৰাতুলে কিনো বেয়া কাম কৰিছিল ক’চোন! ছাৰে আমাক পঢ়ুৱাই থাকোতে তই বিকিৰ চোলাটোত চিয়াঁহি মাৰি দিছিল, তাকে দেখি ৰাতুলে তোৰ কথা ছাৰক কৈ দি ভাল কামেই কৰিছিল।

‘কি ভাল কৰিছিল ঐ! তাৰ চোলাতটো মই চিয়াঁহি মাৰা নাছিলো। সি কৈ দিয়াৰ কি দৰকাৰ আছিল!’ বাবলুৱে মালাক প্ৰশ্ন কৰিলে।

‘চা বাবলু, সিদিনা যদি ৰাতুলে তোৰ কথা নক’লেহেঁতেন, ছাৰে দেখোন আমাক সকলোকে আঁঠু কঢ়াই থ’লেহেঁতেন। তই বেয়া কাম কৰিছ, সেয়ে তই শাস্তি পাইছ’ সেইদিনা।’

‘ঐ মালা, ব’লাচোন ব’ল ৰাতুলৰ ওচৰলৈ। সি চাগৈ বৰকৈ দুখ পালে!’

সিহঁতৰ পৰা কিছু নিলগত শিল এচটাত বহি উচুপি থকা ৰাতুলৰ কাষলৈ মালা আৰু বীণা আগুৱাই গ’ল।

‘ৰাতুল, ক’ত দুখ পাইছ চাওঁ!’ মালাই সুধিলে।

‘ইচ্‌ ৰাম, চাচোন চা তাৰ পিঠিখন! কেনেকৈ ক’লা দাগ বহিছে। আঁঠুটোতো ছাল এৰাইছে।’ এইবুলি বীণাই কাষতে থকা পুখুৰীটোৰ পৰা হাতৰ আঁজলিৰে পানী অলপ আনি আঁঠুৰ আঘাত লগা ঠাইডোখৰ ধুই দিলে।

পানী লগাৰ লগে লগে চেক্‌চেকনিত সি কেঁকাবলৈ ধৰিলে।

উঠচোন উঠ। খোজ কাঢ়িব পাৰিবনে!

আস্‌.....বুলি চিঞঁৰি মালা আৰু বীণাৰ কান্ধত ধৰি ৰাতুল থিয় হ’ল। এখোজ দুখোজকৈ তিনিওজনে আগবাঢ়ি আহি থাকোতে মালাই দেখিলে, খেলপথাৰৰ সোঁমাজতে জিতু, দীপ আৰু বাবলুৱে একেলগে বহি কিবা কিবি কথা পাতি আছে। জিতুৱে বাবলুক কোৱা শুনিলে, তই আজি ৰাতুলক মাৰি খুব বেয়া কাম কৰিলি। তই তাক নামাৰি নিজৰ ভুলটো বুজি পোৱা উচিত আছিল। আমাৰ কঁকাহতে কোৱা শুনিছো, মানুহৰ মাজত মিলা-প্ৰীতি থকা উচিত। আমি যদি এনেবোৰ সৰু-সুৰা কথাতে হাই-কাজিয়া কৰি ফুৰো, তেনেহ’লে দেখোন মিলা-প্ৰীতি দূৰৰে কথা, মাত-বোলেই নাথাকিব। সৌৱা, ৰাতুল আহি আছে। যা, তই ৰাতুলক মাত গৈ।

‘কিন্তু! সি যদি নামাতে!’

‘মাতিব যা’। দীপে ক’লে।

বাবলুৱে নিজৰ ভুল বুজিব পাৰি ৰাতুলৰ ওচৰলৈ দৌৰ মাৰি গৈ ক’লে-ৰাতুল, তই মোক ক্ষমা কৰি দে। খুব দুখ পালি নেকি!

‘নাপাম নেকি!’ ইমান জোৰে মাৰিছ’। ৰাতুলে ক’লে।

‘যি হ’ব লগা আছিল, হ’ল। তই কিন্তু ঘৰত কথাবোৰ নক’বি।’ বাবলুৱে ক’লে।

‘ন’কওঁ। তয়ো নক’বি। আহ। ঘৰলৈ যাওঁ’। এইবুলি ৰাতুলে বাবলুৰ হাতত ধৰি ঘৰলৈ খোজ ল’লে।

ৰাতুল আৰু বাবলুৰ পিছে পিছে বীণা, মালা, দীপ আৰু জিতুৱে আগুৱাই গৈ থাকিল।

নীতি কথা: ব্যক্তি মাত্ৰেই ভুল হয়। সেই ভুল স্বীকাৰ কৰিব পাৰিলেহে ব্যক্তিৰ মহানতা প্ৰকাশ পায়।

বিদ্যাপুৰ

গাঁওখনৰ নাম বিদ্যাপুৰ। লোকে লোকাৰণ্য এখন ডাঙৰ গাঁও। মানুহবোৰো বৰ চহকী আৰু পৰিশ্ৰমী।

বহু বছৰৰ আগৰ কথা। এই গাঁৱলৈ এদিন এজন সন্ন্যাসীৰ আগমন হ’ল। গৰমৰ দিন। পিয়াহত অন্ঠ-কন্ঠ শুকাই যায়। সময় দুপৰীয়া। সন্ন্যাসীজনে গাঁওখনত সোমায়েই চাৰিওকাষে ওখ গছ-গছনি, সেউজ-বননিৰে ভৰা প্ৰাকৃতিক দৃশ্য দেখি খুব আমোদ পালে।

দৃশ্যৰাজি উপভোগ কৰি বাটকুৰি বাই আহি এটা সময়ত সন্ন্যাসীজনৰ ভাগৰ লাগিল। খুব পিয়াহো লাগিল। কিন্তু ওচৰে-পাঁজৰে ক’তো পানী এটুপি তেওঁ নেদেখিলে।

কিছু সময়ৰ মূৰত এজনী সৰু ছোৱালীয়ে কাষত এটা কলহ লৈ আহি থকা সন্ন্যাসীজনৰ চকুত পৰিল। সন্ন্যাসীজনৰ মাতত ছোৱালীজনী থমকি ৰ’ল। ‘আই, অকণমান পানী পোৱা যাবনে?’

‘কিয় নাপাব বাবা! সৌটো জুপুৰি। আপুনি তাতেই অলপ ৰওক। মই একমাত্ৰ পানী লৈ আহিছো।’

পানী পি সন্ন্যাসীজনে এটা স্বস্তিৰ নিশ্বাস এৰিলে।

: বাবা, এতিয়া মই আহোহে। ছোৱালীজনীয়ে ক’লে।

: আই! সন্ন্যাসীজনে পুনৰ তাইক মাতিলে।

: কিবা ক’ব নেকি বাবা?

: এই গাঁওখনৰ নাম কি বাৰু?

: বিদ্যাপুৰ।

: বিদ্যাপুৰ! বৰ সুন্দৰ নাম। পিছে মই ইমান দূৰ আহিলো, ইয়াত কোনো ফলি নেদেখিলো। ক’তো গাঁওখনৰ নাম লিখা হোৱা নাই, কিয়?

: কোনে লিখিব বাবা? এই গাঁৱত লিখা-পঢ়া জনা মানুহ থাকিলেহে!

সন্ন্যানীজন আচৰিত হ’ল। তাৰমানে এই গাঁৱত এজনো শিক্ষিত মানুহ নাই। এখন বিদ্যালয়ো নাই!

: আছে। বিদ্যালয়ো আছে। মাষ্টৰো আছে। পিছে মাষ্টৰে পঢ়িব জানিলেহে!

: কি কথা কৈছা আই!

: সঁচা বাবা। দধিৰাম নামৰ এজন মাষ্টৰ আছে। তেওঁ কেৱল ল’ৰা-ছোৱালীক নিজে জানে তাকে মুখেৰে কৈ দিয়ে। তেনেকৈয়ে তেওঁ শিক্ষাদান দি আহিছে। আপুনি যাব নেকি মাষ্টৰৰ ঘৰলৈ?

: ব’লাচোন আই।

ছোৱালীজনীয়ে সন্ন্যাসীক লগত লৈ মাষ্টৰৰ ওচৰ পালেগৈ। মাষ্টৰৰ সৈতে সন্ন্যাসীজনক সাক্ষাৎ কৰাই দি তাই তাৰ পৰা গুচি আহিল।

মাষ্টৰে সন্ন্যাসীজনক প্ৰশ্ন কৰিলে: কি লাগে আপোনাক?

: মোক একো নালাগে। তুমি হেনো এই গাঁৱৰ মাষ্টৰ!

: অ’ মই মাষ্টৰ। পিছে কি হ’ল?

: কিন্তু তুমি লিখা-পঢ়া কিমানখিনি জানা?

: আপোনাক কিয় লাগে?

সন্ন্যাসীজনৰ খং উঠিল। ইমান ডাঙৰ এখন গাঁও। অথচ ইয়াত এজনো শিক্ষিত মানুহ নাই। মাষ্টৰ বুলি নাম কৰি শ শ ল’ৰা-ছোৱালীক ঠগিব লাগিছে। এয়া হ’ব নোৱাৰে। দধিৰামে যে লিখা-পঢ়া নাজানে এই কথা গাঁৱৰ অইনবোৰে মানুহে গম নাপায়। জানিবই বা কেনেকৈ! গাঁওখনত জানো শিক্ষিত মানুহ আছে!

পিছদিনাখন। চাৰিওকাষে চাৰিটা খুঁটা লগোৱা চালি এখনৰ তলতে দধিৰামে ল’ৰা-ছোৱালীবোৰক শিক্ষাদান দি আছিল। সেই সময়তে সন্ন্যাসীকজনেও গৈ কোনেও নেদেখাকৈ এঠাইত বহি দধিৰামৰ গতি বিধি চাই থাকিল। সন্মুখত আঁৰি থোৱা ব্লেকবোৰ্ডখনত দধিৰামে চকমাটিৰে কিবা আঁক-বাঁক কৰি আছে। ল’ৰা-ছোৱালীবোৰে তাকেই শিক্ষা বুলি আজি অতদিনে গ্ৰহণ কৰি আহিছে।

সন্ন্যাসীজনৰ দুখ লাগিল। দুখ লাগিল গাঁৱৰ মানুহবোৰ অশিক্ষিত হোৱা বাবে। দধিৰামৰ ভণ্ডামি তেওঁৰ সহ্য নহ’ল।

এনেকৈয়ে আৰু কিছুদিন পাৰ হৈ গ’ল। সন্ন্যাসীজনে এই গাঁৱতেই আশ্ৰম পাতি থাকিবলৈ ল’লে।

গাঁওখনৰ সিটো মূৰত সদানন্দ মহাজনৰ বাসস্থান। গাঁওখনৰ ভিতৰতে চহকী। তেওঁৰেই একমাত্ৰ পুত্ৰ ৰাহুলে শিক্ষা আহৰণৰ উদ্দেশ্যে গাঁৱৰ পৰা বহু দূৰলৈ আজি চাৰি বছৰৰ আগতেই গৈছিল। এদিন মধ্যাহ্ন পৰত এখন চিঠি আহিল। হঠাৎ চিঠিখন পাই মহাজন অলপ বিস্মিত হ’ল। কাৰ চিঠি! ক’ৰ পৰা আহিছে! মহাজনৰ মনত বহু প্ৰশ্নৰ উদয় হ’ল। অৱশেষত তেওঁ লগুৱা এজনৰ হতুৱাই দধিৰামক মাতি পঠিয়ালে। মহাজনে জানে যে, গাওঁখনৰ দধিৰামেই একমাত্ৰ শিক্ষিত মানুহ।

কিন্তু দধিৰামৰ ভয় হ’ল। বৰ্তমান তেওঁ নিৰুপায়। ইফালে মহাজনৰ আদেশ উলংঘা কৰাও অসম্ভৱ।

অৱশেষত দধিৰাম মহাজনৰ ওচৰলৈ গ’ল। সেই সময়ত সন্ন্যাসীজনেও ভেশ ধৰি গৈ তাত উপস্থিত হ’ল। মহাজনে দধিৰামক সোনকালে চিঠিখন পঢ়ি শুনাবলৈ ক’লে। তেতিয়া মহাজনৰ বাসগৃহত বহুকেইজন মানুহৰ সমাবেশ ঘটিছিল। দধিৰামে নিৰুপায় হৈ চিঠিখন তুলি ল’লে আৰু থৰ্‌থৰ্‌কৈ কঁপিব ধৰিলে। চিঠিখন হাতত লৈ বহু পৰলৈ দধিৰাম নীৰৱ হৈ ৰ’ল। মহাজন কৌতুহলী হৈ পৰিল।

: কোৱা দধিৰাম! চিঠিত কি লিখা আছে!

: মহাজন দেউতা, মহাজন দেউতা......দধিৰাম ৰৈ গ’ল।

: কোৱা দধিৰাম, কিবা দুখৰ বাতৰি নেকি?

: অ’ মহাজন দেউতা।

: তাৰ মানে, মোৰ পুত্ৰ....!

: আপোনাৰ পুত্ৰ আৰু ইহ সংসাৰত.....। কথাখিনি সম্পূৰ্ণ নকৰাকৈয়ে দধিৰামে কান্দি পেলালে। মহাজনে বুজিলে, তেওঁৰ একমাত্ৰ পুত্ৰৰ তাৰ মানে সৰ্বনাশ হ’ল।

মহাজনে দুখে-শোকে মূৰ্চ্ছাপ্ৰায়ে হ’ল। সমবেত ৰাইজেও চকুলো টুকিলে।

সন্ন্যাসীজনৰ কিন্তু বিশ্বাস নহ’ল দধিৰামৰ কথা। সন্ন্যাসীজনে আগুৱাই আহি দধিৰামৰ হাতৰ পৰা চিঠিখন তুলি ল’লে আৰু ক’লে, এয়াতো দুখৰ বাতৰি নহয়! তোমাৰ ল’ৰা ৰাহুলে শিক্ষা সাং কৰি কাইলৈ পুৱাতে ঘৰ পাবহি।

সন্ন্যাসীয়ে চিঠিখন পঢ়ি শুনোৱাৰ পিছত মহাজনে প্ৰাণ পাই উঠিল। কিন্তু দধিৰামে মিছা কোৱাৰ কাৰণ....! তেওঁ ইমান মিছা কথা কিয় ক’লে?

প্ৰকৃততে এয়া দধিৰামৰ দোষ নহয়। দোষসমূহ ৰাইজৰ। দধিৰামে যে লিখা-পঢ়া নাজানে, কোনেও গম নাপায়। আনকি গাঁওখনৰ একমাত্ৰ মহাজনেও নাজানে।

সন্ন্যাসীৰ মুখৰ পৰা প্ৰকৃত সত্য ওলাই পৰাত সকলোৱে মিলি দধিৰামক যথোচিত শাস্তি বিহিলে।

পিছদিনা পুৱাতেই ৰাহুল উভতি আহিল নিজ গাঁও বিদ্যাপুৰলৈ। দুহাতে দুটা কিতাপৰ মোনা লৈ অতি আনন্দেৰে ঘৰ অভিমুখে আহি থকা ৰাহুলক দেখি সন্ন্যাসীয়ে ওচৰ চাপি আহি সুধিলে- ৰাহুল, বৰ্তমান তুমিয়েই এই গাঁৱৰ একমাত্ৰ শিক্ষিত ব্যক্তি, নহয়নে!’

‘হয়।’ ৰাহুলে গৌৰৱেৰে উত্তৰ দিলে।

‘বৰ ভাল কথা। তুমিয়েই এই গাঁৱৰ গৌৰৱ। আজিৰ পৰা তোমাৰ কাম হ’ব, এই গাঁৱৰ প্ৰতিজন ব্যক্তিকে শিক্ষা দান কৰা আৰু শিক্ষিত কৰা। বুজিলানে?’

সন্ন্যাসীৰ কথা শুনি ৰাহুলৰ খং উঠিল আৰু ক’লে-এইবোৰ আপুনি কি কৈছে? আজি চাৰি বছৰে কঠোৰ সাধনা কৰি, ক’ত বাধা-বিঘিনি নেওচি মই শিক্ষা লাভ কৰিছো, এতিয়া মই কিয় সকলোকে শিক্ষিত কৰিম! এই গাঁৱৰ প্ৰতিজনেই যদি শিক্ষাৰ পোহৰ পায়, তেতিয়াহ’লে মোৰ সন্মানেই বা থাকিব ক’ত! মই কাকো শিক্ষা দিব নোৱাৰো। ক্ষমা কৰিব। ৰাহুলৰ বিদ্যা গৰ্ব দেখি সন্ন্যাসীয়ে উগ্ৰমূৰ্তি ধৰিলে আৰু লগে লগে ৰাহুলক অভিশাপ দিলে।

ইফালে ৰাহুল আহি ঘৰত উপস্থিত হোৱাৰ লগে লগে আত্মীয়-স্বজন, ওচৰ-চুবুৰীয়াৰে ভৰি পৰিল। ৰাহুলৰ কিতাপ-পত্ৰ চাবলৈ সকলো অধীৰ হৈ ৰ’ল।

কিছু সময়ৰ বিশ্ৰামৰ পিছত ৰাহুলে বৰ গৰ্বেৰে ৰাইজৰ মাজত বহিল। কিন্তু....সি আখৰ লিখিবলৈ অক্ষম হ’ল। বহু সময় চেষ্টা কৰিও সি এটা আখৰো লিখিব নোৱাৰিলে।

তাকে দেখি সকলো আচৰিত হ’ল। সমবেত ৰাইজৰ সমুখত ৰাহুল খুব লজ্জিত হ’ল আৰু ওচৰতে বহি থকা পিতৃক ক’বলৈ ধৰিলে-কিন্তু দেউতা, এইবোৰ ময়েই লিখিছিলো। ৰাহুলে দেউতাকৰ সমুখত আগতে লিখা বহীবোৰ দেখুৱালে। ‘কিন্তু আজি মোৰ কি হ’ল দেউতা?’ আকৌ এবাৰ চেষ্টা কৰি চালে কিন্তু সি পুনৰ নিস্ফল হ’ল। সমবেত ৰাইজে তাচ্ছিল্য কৰি আঁতৰি গ’ল। মহাজনে ৰাইজৰ সমুখত ঘোৰ অপমান পালে।

এদিনাখন সন্ন্যাসীজন আশ্ৰম বহি আছিল। তেনেতে সেই ছোৱালীজনীয়ে পানী নিবলৈ আহি সন্ন্যাসীক দেখি প্ৰথমতে আশ্ৰমলৈ বাট পোনালে। তাই লাহেকৈ সুধিলে- বাবা, ৰাহুলৰ কি হ’ল, ইমান বছৰ কষ্ট কৰিও দেখোন সি একোকে লিখিব পঢ়িব নজনা হ’ল। কিয় বাবা!

মই সকলো জানো। এইবোৰ সকলো ময়েই কৰিছো। ৰাহুলে বিদ্যা গৰ্ব কৰিছে আই।

কথা শুনি ছোৱালীজনীয়ে বিস্ময় মানিলে। তাই বাবাক হাত-যোৰ কৰি অনুৰোধ কৰিলে- বাবা, আপুনি দয়া কৰি ৰাহুলক পুনৰ লিখিব পৰা কৰি দিয়ক। সি নাজানিহে বিদ্যা গৰ্ব কৰিছিল হ’বলা। তাক আপুনি ক্ষমা কৰক।

: হ’ব আই। তুমি কৈছা যেতিয়া ৰাহুলক মই ঠিক কৰি দিম।

: ধন্যবাদ বাবা।

: ব’লা আই। তোমাৰ সমুখতে মই ৰাহুলক লিখিব পৰা কৰি দিম।

ৰাহুলে তেতিয়া দুখমনেৰে বহি আছিল। মহাজনৰ মন উদাস। সন্ন্যাসীৰ আগমনত মহাজনে হাত-যোৰ কৰি প্ৰণাম জনাই আদৰি আনিলে। ক্ষন্তেক পিছতে ৰাহুলক কাষলৈ মাতি লিখিবলৈ অনুৰোধ কৰিলে আৰু ক’লে- ৰাহুলে লিখিব পাৰিব।

: সঁচানে? মহাজনে আনন্দিত হৈ সুধিলে।

: সঁচাই ৰাহুলে লিখিব পাৰিব। কিন্তু মোৰ দুটা চৰ্ত আছে।

: কি চৰ্ত বাবা? মই সকলো মানি ল’বলৈ প্ৰস্তুত। মহাজনে ক’লে।

: মোৰ প্ৰথম চৰ্ত হ’ল, ৰাহুলে আৰ্জিত বিদ্যাক লৈ গৌৰৱ কৰিব নোৱাৰিব। দ্বিতীয়তে, জ্ঞান সাঁচি থোৱা বস্তু নহয়, জ্ঞান দিব জানিলেহে শিক্ষা ফলপ্ৰসূ হয়। গতিকে ৰাহুলে তেওঁৰ শিক্ষাৰে গাঁৱৰ প্ৰতিজন আগ্ৰহী মানুহক শিক্ষাদান কৰিব লাগিব।

: হ’ব বাবা, সেয়ে হওক। মহাজনে ক’লে। ৰাহুলে লগে লগে প্ৰণাম জনাই ক’লে। ৰাহুলে লগে লগে প্ৰণাম জনাই ক’লে-বাবা, আপোনাৰ কথা মই আখৰে আখৰে পালন কৰিম। মোৰ অপৰাধ মৰিষণ কৰক।

ৰাহুলৰ কথাত সন্ন্যাসী সন্তুষ্ট হ’ল আৰু ৰাহুলে পুনৰ লিখিব পৰা হ’ল। আখৰ লিখিব পৰাত সকলোৰে মুখলৈ আনন্দৰ ৰেঙণি আহিল। তাৰ পিছৰ পৰা ৰাহুলে গাঁৱৰ সকলো ঠাইতে শিক্ষাৰ বহুল প্ৰচাৰৰ আঁচনি হাতত ল’লে।

ৰাহুলৰ বিদ্যা শিক্ষা সাৰ্থক হোৱাত মহাজনে এদিন নিজেই সন্ন্যাসীৰ ওচৰলৈ গ’ল আৰু ক’লে- বাবা, আপুনি মহান। এইবুলি তেওঁ সন্ন্যাসীৰ ভৰিত দীঘল দি পৰিল।

সন্ন্যাসীয়ে মহাজনক আৰ্শীবাদ কৰিলে- তোমাৰ পুত্ৰই তোমাৰ সুখৰ কাৰণ হওক।

নীতি কথা: অহংকাৰেই অধ:পতনৰ মূল।

ধনটিৰ মন

স্কুলৰ বাৰ্ষিক পৰীক্ষা শেষ হ’ল। এতিয়া ধনটিক আৰু পাই কোনে। সি মাকৰ ওচৰত বহি ক’বলৈ ধৰিলে- মা, আইতাহঁতৰ ঘৰলৈ যাওঁ ব’লা, তুমি পৰীক্ষাৰ পিছত মোৰ ফুৰাবলৈ লৈ যাম বুলি কৈছিলা নহয়! যাওঁ ব’লা মা। ‘এতিয়া নোৱাৰ, গাঁৱলৈ গৈ কি কৰিবি! বন্ধ পাইছ, ঘৰতে জিৰণি ল’চোন।’ তাৰ পিছত সি খঙে-বেজাৰে তাৰ পৰা উঠি আহি বিছনাত শুই পৰিল। তেনেতে দেউতাক অফিচৰ পৰা আহি পালে। ধনটিয়ে তেনেকৈ শুই থকা দেখি তাৰ কাষলৈ আহি তেওঁ সুধিলে- ‘কি হ’ল ধন, মন মাৰি কিয় আছা?’

‘চোৱা দেউতা, স্কুল বন্ধ বাবে আইতাহঁতৰ ঘৰলৈ যাব খুজিছো, মাক কোৱাত মায়ে ধমকি দিছে। তুমি যাবানে দেউতা?’ তাৰ কথা শুনি দেউতাকৰ মনটো বেয়া লাগি গ’ল।

‘যাম ধন, পৰহিলৈ ৰাতিপুৱাই আমি আটায়ে গাঁৱলৈ ফুৰিবলৈ যাম। এতিয়া মোৰ ওচৰলৈ আহা।’ দেউতাকৰ কথা শুনি সি বৰ ৰং পালে। সি বিছনাৰ পৰা একে জাঁপে উঠি আহি দেউতাকৰ গালত টপক্‌কৈ এটা চুমা খালে।

সেইদিনা সিহঁতে ৰাতিপুৱা ন-বজাৰ লগে লগে গাঁৱলৈ বুলি যাত্ৰা কৰিলে।

বাছত উঠিয়েই ধনটিয়ে দেউতাকৰ ওচৰত বহি আলিৰ দাঁতিৰ দৃশ্যবোৰ চাই গৈ থাকিল। ধনটিৰ এয়াই প্ৰথম গাঁৱলৈ যাত্ৰা। গাঁও সি খুব সৰুতেই এবাৰ দেখিছিল। তেতিয়া সি মাক-দেউতাকৰ কোঁচতেই আছিল। সেয়ে আজি তাৰ খুব আনন্দ লাগিছে। এনেতে হঠাৎ গাড়ীখন ৰৈ গ’ল। লগে লগে তাৰ শৰীৰৰ ওপৰৰ অংশ পিছলৈ হাউলি গ’ল। কিন্তু ইয়াৰ প্ৰকৃত কাৰণ সি নুবুজিলে- গাড়ীখন ৰৈ দিলে মানুহবোৰে কিয় জোকাৰণি খায়! সি কথাটো জানিব খোজাত দেউতাকে কৈ গ’ল- এনে কিয় হ’ল জানা ধনটি, গাড়ীখন চলি থকা অৱস্থাত আমাৰ শৰীৰৰ তলৰ অংশ স্থিতিশীল হৈ থাকে আৰু ওপৰৰ অংশই গাড়ীৰ গতিৰ সৈতে গতি কৰি থাকে। যেতিয়া গাড়ীখন ৰৈ যায়, তেতিয়াও ওপৰৰ এই অংশ গতিশীল হৈয়ে থাকে বাবে তৎক্ষণাৎ এই

অংশটো স্থিৰ অৱস্থালৈ আহিব নোৱাৰে, সেয়ে আমাৰ ওপৰ ভাগটো পিছলৈ হাউলি গৈ আগফালে পৰি যাব খোজে। এতিয়া বুজিলানে? বুজিলো দেউতা’। তাৰ পিছত ধনটি নীৰৱ হৈ গৈ থাকিল। কিছু দূৰ যোৱাৰ পিছত সি পুনৰ চিঞঁৰি উঠিল- দেউতা, সৌৱা চোৱাচোন, গাড়ীখনৰ পিছফালৰ চকাটো খুলি পেলাইছে, কিয়? এনেবোৰ প্ৰশ্নৰ উত্তৰ দি থাকিবলৈ ধনটিৰ মাকে বৰ টান পায়, কিন্তু দেউতাকৰ উপায় নাই। সি সোধা প্ৰশ্নৰ উত্তৰ নাপালেই কান্দোন আৰম্ভ কৰি দিয়ে। সেয়ে দেউতাকে উত্তৰ দিবলৈ বাধ্য হ’ল। ক’লে-ধন, এই চকাবোৰ আৰু তুমি দুৰ্গা পূজাত লোৱা বেলুন এইবোৰৰ ভিতৰত বায়ু থাকে। বায়ুৰ ওজন আছে কাৰণেই চকাটো গধুৰ হয় আৰু গাড়ী এখন টানি লৈ ফুৰাব পাৰে। সেই চকাটো ক’ৰবাত ঘঁহনি খাই অথবা গজাল আদিত লাগি ফুটি গ’ল, তেতিয়া বায়ু ওলাই গ’ল আৰু চকাটো পাতল হৈ গ’ল। সেয়ে নতুনকৈ বায়ু ভৰাই চকাটো লগাব।

‘অ, আমাক বাইদেৱে স্কুলত এদিন কৈছিল, আমাৰ চাৰিওফালৰ সকলো ঠাইতে হেনো বায়ু আছে।’ ‘অ, আছেতো, সেই কাৰণেই আমি জীয়াই আছো। বায়ু নহ’লে পৃথিৱীত কোনো প্ৰাণীয়েই জীয়াই থাকিব নোৱাৰে’। ‘তাৰ মানে বায়ু আমাৰ বাবে খুব দৰকাৰী। নহয়নে দেউতা!’

‘ওঁ ধনটি, এতিয়া ব’লা, বাছৰ পৰা নামিবৰ হ’ল। সৌৱা, আইতা ৰৈ আছে দেখিছানে?’ ধনটিয়ে দেউতাকৰ নিৰ্দেশ পোৱাৰ লগে লগে আইতাকৰ ওচৰলৈ দৌৰ দিলে- এই মোক নুচুবি, পথাৰৰ পৰা আহিছো। কাপোৰযোৰ সলাই লওঁ ৰহ। ‘ধন, লেতেৰা কাপোৰত বীজাণু, ধূলি-মাকতি থাকে, সেয়ে লেতেৰা হৈ থকা বেয়া আৰু লেতেৰা বস্তু আদিও চুব নাপায়। সেইদৰে ঢাকনি নিদিয়াকৈ ৰখা খাদ্য খালেও বেমাৰ হয়।’ দেউতাকে কথাটো বুজাই দিয়াত সি বৰ ভাল পালে। তাৰ পিছত সি আইতাকৰ ওচৰলৈ গৈ প্ৰশ্ন কৰিলে- কোৱাচোন আইতা, বায়ু নহ’লে আমাৰ কি হ’ব? ‘হেৰ বোপাই, এইবোৰ কথাৰ মই একো ভু নাপাওঁ।’ তহঁত পঢ়া-শুনা কৰাবোৰেহে জান’। ধনটিয়ে হাঁহি দিলে আৰু পিছত দেউতাকে কোৱাৰ দৰে আইতাকক বুজাই দিলে। ইফালে তাৰ দীঘলীয়া বক্তৃতা শুনি মাকৰ খং উঠিল। ‘বুজিছ আই, ইয়াৰ পৰা আৰু উপায় নাই। যিকোনো সময়তে কিবা-কিবি কথাবোৰ সুধি একেবাৰে মূৰ গৰম কৰি দিয়ে।’

পিছদিনা ৰাতিপুৱা খুড়াকৰ ল’ৰা দিবাকৰৰ সৈতে ধনটি পথাৰলৈ গ’ল। গৰুকেইটা বান্ধি দি আহি দিবাকৰে তাৰ বন্ধু জিতেনহঁতৰ ঘৰলৈ ধনটিক ফুৰাবলৈ লৈ গ’ল। জিতেনহঁতৰ ঘৰত

ঢেঁকিটো দেখি ধনটিয়ে দিবাকৰক সেইটো কি বস্তু সুধিলে। ‘সেইটো ঢেঁকি ধনটি। ইয়াত ধান, চাউল আদি খুন্দিব পাৰি।’ তাৰ পিছত সি দিবাকৰক একো প্ৰশ্ন নকৰিলে। ঘৰলৈ উভতি অহাৰ পিছত সি আইতাকক সুধিলে- আইতা তোমালোকৰ ঢেঁকি নাই নেকি? ‘নাই ধন, আজিকালি আমাৰ ইয়াত ধানৰ কল আনিছেতো, আমাৰ ধানবোৰ তাতেই দিওঁ, সিহঁতে মেচিনেৰে তৎক্ষণাৎ চাউল উলিয়াই দিয়ে। ঢেঁকিৰে খুন্দি থাকোতে বহু সময় যায় অ’ ধন’। আইতাকৰ মুখত মেচিনৰ কথা শুনি সি দৌৰি গৈ মেচিনটো চাব ধৰিলে। সম্পূৰ্ণ তিনিদিন এনেকৈ ফুৰি-চাকি সিঁহত ঘৰলৈ উভতিল ঘৰ পায়েই সি দেউতাকৰ ওচৰলৈ গ’ল। ইফালে মাকে মাতি আছে জলপান খাবলৈ। সি গৈ খাবলৈ বহিল। তিনিও খাবলৈ বহিছে। খোৱাৰ মাজতে ধনটিয়ে সুধিলে- দেউতা, আমাৰ ইয়াত পথাৰো নাই, ধান কল বা ঢেঁকিও নাই, কেনেকৈ এই চাউলবোৰ আহে?

‘এই, খাবৰ সময়ত কথা নক’বি, মনে মনে খাই থাক। কি যে অলাগতিয়াল কথাবোৰ বলকি থাকে!’ খাই বৈ উঠি ধনটিক দেউতাকে কথাটো ভালদৰে বুজাই দিলে আৰু ক’লে-এইবোৰ সকলো বিজ্ঞানৰ কথা। বিজ্ঞানৰ উন্নতি হ’লে যিকোনো জটিল কামেই খুব সহজ হৈ পৰে।

‘বুজিছো দেউতা। তোমাৰ পৰা মই বহুতো কথাই জানিলো। মায়ে মোক একোকে নিশিকায়’। ‘মায়ে সেইবোৰ নাজানে নহয়!’ তেন্তে আজিৰ পৰা সকলো কথা তোমাকেই সুধিম দেউতা, তুমি কিন্তু উত্তৰ দিবা’।

‘ওঁ দিম।’ তেতিয়া ধনটিয়ে আনন্দ মনেৰে বিশ্ৰাম ল’লে।

নীতি কথা: প্ৰধানত: কৌতুহলীপ্ৰিয়তাই শিশুৰ শিক্ষাৰ প্ৰধান আহিলা। শিশুৰ শাৰিৰীক বিকাশৰ লগে লগে মানসিক বিকাশো হয়। এই মানসিক বিকাশক সুস্থভাৱে গঢ় দিবলৈ হ’লে শিশুৰ কৌতুহলী ভাবক সক্ৰিয় কৰি তুলিব লাগিব। অৰ্থাৎ পিতৃ-মাতৃসকলে শিশুৱে জানিবলৈ বিচৰা কথাবোৰৰ শুদ্ধ সমাধান দিব লাগিব। অনুকৰণৰ দ্বাৰাই শিশুৰ জ্ঞানৰ বিকাশ উন্নত আৰু দ্ৰুততৰ হয়। গতিকে শিশুৰ মানসিকতাক গঢ় দিবলৈ পিতৃ-মাতৃসকল সদায় সচেতন হোৱা উচিত।

উপলব্ধি

বহুদিনৰ আগৰ কথা। তেতিয়াৰ দিনত আজিৰ দৰে শিক্ষা-বিজ্ঞান আদিৰ উন্নত ব্যৱস্থা নাছিল। যাতায়তৰ পথ বৰ দুৰ্গম আছিল। তেনেদৰে সেইকালৰ মানুহবোৰো শিক্ষিত নাছিল।

এখন গাওঁ। গাওঁখনৰ নাম আছিল আহঁতগুৰি। সেই গাঁৱতে এজন প্ৰখ্যাত চিকাৰী আছিল। শিক্ষা-দীক্ষা বা অন্য বিদ্যাত পাকৈত নহ’লেও চিকাৰ বিদ্যাত বৰ নিপুণ আছিল। তেওঁৰ নাম বুদ্ধিৰাম। বুদ্ধিৰাম নামত যেনে কামতো তেনে। তাৰ কোনো নাই। একমাত্ৰ বাপেকটোৱেই আছিল তাৰ আশ্ৰয়। বাপেক গংগাৰামো এজন নাম-জলা চিকাৰী আছিল। এদিন হঠাতে কিবা অচিন ৰোগত ভুগি গংগাৰামৰ মৃত্যু হ’ল। তাৰ পিছৰ পৰা বুদ্ধিৰাম একেবাৰে অকলশৰীয়া হৈ পৰিল। লাহে লাহে সি ডাঙৰ হৈ আহিল আৰু বাপেকৰ দিনৰ বন্দুকটো সিয়েই ব্যৱহাৰ কৰিব ধৰিলে। সি নিতৌ যিকোনো গছৰ তলত বহি, হাবিৰ মাজত লুকাই থাকি কোনো এক নিৰ্দিষ্ট লক্ষ্যত উপনীত হয়। গুৰুম্‌! গুৰুম্‌! বন্দুকৰ শব্দত ওচৰৰ চৰাই-জন্তু সকলো ভয়তে পেঁপুৱা লাগে। এইদৰে এদিন বন্দুকটো হৈ পৰিল বুদ্ধিৰামৰ জীৱন-মৰণৰ লগৰী স্বৰূপ।

এদিনাখনৰ কথা। তেতিয়া জেঠমহীয়া প্ৰখৰ ৰ’দ। ভৰ দুপৰীয়া। সেই সময়তে বুদ্ধিৰাম ওলাল কান্ধত বন্দুকটো লৈ। লগতে ভোকৰ পৰত খাবলৈ বুলি দুটামান খোৱা বস্তু মোনা এখনত ভৰাই কান্ধত ওলোমাই ল’লে। তাৰ পিছত সি ভালদৰে এখন তামোল মুখত ভৰাই বাটলৈ ওলাই আহিল। সি এখোজ-দুখোজকৈ গাঁৱৰ বাটেৰে তাৰ গতি আগবঢ়ালে। সৰু সৰু ল’ৰা-ছোৱালীবোৰে বুদ্ধিৰামক দেখি বাটৰ পৰা ঘৰমুখে দৌৰি পলাল।

সি গৈ বহু দূৰ পালেগৈ। বহু দূৰ বাটকুৰি বাই তাৰ ভাগৰ লাগিল। সেয়ে কাষৰে এচটা শিলত বহি ক্ষন্তেক জিৰালে। মোনাৰ পৰা আৰু এখন তামোল উলিয়াই মুখত ভৰালে। তাৰ পিছত সি তাৰ বহা ঠাই ডোখৰৰ পৰাই চাৰিওপিনে দৃষ্টি নিক্ষেপ কৰিলে। এনেতে সি দেখিবলৈ পালে, তাৰ সমুখৰ পিনে অলপ দূৰত আছে এখন হাবি। হাবিৰ মাজে মাজে এটা সুৰসুৰীয়া বাট। হাবিখনৰ পৰা কিছু নিলগত এখন বহল পথাৰ। তাত কেইটামান গৰু চৰি আছে। বুদ্ধিৰাম বহাৰ পৰা উঠিল আৰু হাবিখনৰ পিনে আগবাঢ়ি গ’ল। কোনেও নেদেখাকৈ সি হাবিৰ মাজৰ এডোখৰ ঠাইত বহি বন্দুকেৰে লক্ষ্য পোনাই থাকিল।

এনেকৈয়ে বহু সময় পাৰ হ’ল। সি তাৰ সমুখত একো চিকাৰ দেখা নাপালে। বুদ্ধিৰাম হতাশ হৈ পৰিল। তথাপি সি মনৰ আশা নেৰিলে। সি আৰু কিছু সময় ধৈৰ্য ধৰিলে। হঠাতে তাৰ চকু পৰিল আকাশৰ অলপ ওপৰেদি উৰি যোৱা এজাক কপৌৰ ওপৰত। কপৌজাকক দেখি তাৰ জিভালৈ পানী আহিল। সি পলম নকৰিলে। লগে লগে সি এটা কপৌলৈ লক্ষ্য থিৰ কৰিলে। “গুৰুম্‌” কৈ এটা শব্দ হ’ল। বুদ্ধিৰামৰ কিন্তু লক্ষ্য ভ্ৰষ্ট নহ’ল। তাৰ বন্দুকৰ গুলিয়ে এটা কপৌক আঘাত কৰিলে। বেচেৰী কপৌজনী ছট্‌ফটাই ওপৰৰ পৰা ধুপুচ্‌কৈ সৰি পৰিল। তেতিয়া লগত উৰি অহা আনটো কপৌৱে সজোৰে উৰা মাৰি আহি আঘাতপ্ৰাপ্ত কপৌটোক বিচাৰি ফুৰিলে। ইফালে বন্দুকৰ শব্দ শুনি পথাৰত গৰু চৰাবলৈ অহা এজন ল’ৰা হাবিৰ পিনে আগবাঢ়ি আহিল। বুদ্ধিৰামে কিন্তু এইবোৰ দৃশ্য একো দেখা নাপালে। সি বন্দুকটো হাতত লৈ হাবিৰ মাজে মাজে আগুৱাই আহি কপৌটো বিচাৰিলে। কিন্তু কপৌটো কোনখিনিত পৰিল সি ধৰিব নোৱাৰিলে। সেয়ে সি বহুখিনি ঠাইতে বন্দুকৰ নলীৰে খুচি খুচি বিচাৰিব ধৰিলে। তেনেতে সেই ল’ৰাজনে চিঞঁৰি উঠিল- ‘এইটো, এই কপৌটো কোনে মাৰিলে!’ সি বুদ্ধিৰামক প্ৰথমতে দেখা পোৱা নাছিল। ল’ৰাজনৰ কথা শুনি বুদ্ধিৰামে পিছলৈ ঘূৰি চাই কৈ উঠিল- ঐ দে, এই কপৌটো মই মাৰিছো। মোৰ ওচৰলৈ আন।

ল’ৰাজনে বুদ্ধিৰামক চিনি পালে।কিন্তু সি বুদ্ধিৰামৰ আদেশ নুশুনি কপৌটো থকা ঠাইখিনিতে ৰৈ থাকিল আৰু ক’লে- বুদ্ধিৰাম ককা, তুমি এয়া বৰ ভুল কাম কৰিলা। তুমি কপৌজনীক মাৰিব নালাগিছিল!

ল’ৰাজনৰ কথা শুনি বুদ্ধিৰামৰ খং উঠিল আৰু সুধিলে- চৰাইটো মই বধ কৰিছো, তোৰ ইয়াত কি অধিকাৰ আছে হোঁ! তেতিয়া ল’ৰাজনে ফেঁকুৰি উঠিল আৰু সি বুদ্ধিৰামলৈ একেথৰে চাই ৰ’ল। তাৰ কাণ্ড দেখি বুদ্ধিৰাম অবাক হ’ল আৰু ল’ৰাজনৰ কাষলৈ আগুৱাই আহিল। বুদ্ধিৰামে তাক সুধিলে- তোৰ হ’ল কি? কান্দিছ কিয়? তেতিয়া ল’ৰাজনে আঙুলিয়াই দেখুৱালে। সিহঁতৰ পৰা কিছু দূৰত লগৰ কপৌজনীয়ে আমন্‌-জিমনকৈ বহি আছিল। ল’ৰাজনে সেই দৃশ্যটো দেখুৱাই বুদ্ধিৰামক ক’লে- বুদ্ধিৰাম ককা, আজি তুমি এটা জীৱক হত্যা কৰিলা, তাৰ ফলত আনজনে দুখত ভাগি পৰিছে। চোৱা এই কপৌজনীলৈ! তুমি তাইৰ সুখকণ নাইকিয়া কৰিলা। সিহঁতৰ আনন্দবোৰ তুমি কাঢ়ি নিয়াৰ অধিকাৰ ক’ত পালা ককা? সিহঁতৰো জানো আমাৰ দৰে জীয়াই থকাৰ অধিকাৰ নাহ! কোৱা ককা, সিহঁতে তোমাৰ কি দোষ কৰিছিল!

বচ্‌ মনে মনে থাক বোপা, তই ঠিকেই কৈছ। মই বৰ ভুল কৰিলো। মই পাপ কৰিলো। আজি তইহে মোৰ চকু মেল খুৱালি। তই ঠিকেই কৈছ, এই পৃথিৱীত সকলোৰে জীয়াই থকাৰ অধিকাৰ আছে। এই সামান্য প্ৰাণীটোক হত্যা কৰাৰ অধিকাৰ কাৰো নাই। এনে কাম আৰু কেতিয়াও নকৰো। এয়া চা, আজিৰ পৰা এই বন্দুকটো ভাঙি পেলালো মই।

নহয় বুদ্ধিৰাম ককা, তুমি বন্দুকটো নাভাঙিবা। ভুল তুমিহে কৰিছা, এই বন্দুকটোক সম্পত্তি বুলি ভাবি তুমি যতনেৰে ৰাখিবা। ল’ৰাজনৰ কথা শুনি বুদ্ধিৰামৰ চকুলো বৈ আহিল। তাৰ পিছত সি বন্দুকটো কান্ধত লৈ ল’ৰাজনৰ সৈতে হাবিৰ পৰা ওলাই আহিল। আহোঁতে বাটত ল’ৰাজনৰ কথাকিটাই বাৰে বাৰে বুদ্ধিৰামৰ অন্তৰত প্ৰতিধ্বনি তুলিলে। ইমানদিনে তাৰ মনত থকা দুৰ্বল অভিপ্ৰায়বোৰ পলকতে নাইকিয়া হৈ পৰিল। সি যেন আজিহে প্ৰকৃত জীৱনৰ মূল্য বুজি পালে। বুদ্ধিৰামে এক অনাবিল শান্তি অনুভৱ কৰিলে।

নীতি কথা: জীৱ হত্যা মহাপাপ।

এনেকৈয়ে

অৱশেষত বৰষুণজাক এৰিল। ক’লীয়া ডাৱৰখিনি লাহে লাহে আঁতৰি গৈ আকাশখন ফৰকাল হ’ল। লগে লগে পূবৰ বেলিটোৰ পোহৰ ছাটিয়ে গোটেই পৃথিৱীখন পোহৰাই তুলিলে।

‘ঐ মুন, আহ খেলোগৈ।’

‘বা: বৰষুণজাক এৰিছেহে মাথোন, তই ওলালিয়েই বলটো লৈ!’

‘নীলু, এতিয়া নেখেলোদে। অ’ আজি দেওবাৰ, খবৰ আছেনে তোৰ!’

‘আজি দেওবাৰ বুলি জানো, পিছে কি হ’ল?’

‘কিয়, মাকণ পেহীৰ তালৈ নাযাৱ জানো!’

‘অ সেই সাধু সোপা শুনিবলৈ। আজি যাব নালাগে দে। সদায় দেখোন গৈয়ে থাক!’

নীলু, তই যে কি কৱ, নজনা-নুশুনা কথাবোৰ জানিবলৈ তোৰ মন নাযায়নে? আমাৰ গাঁৱত কোনেনো জানে মাকণ পেহীৰ দৰে ধুনীয়া নতুন নতুন কথা ক’বলৈ! সিদিনা যাওঁতে পেহীয়ে আমাক আকাশ, তৰা, গ্ৰহ আদিৰ কথা কৈছিল, শুনি ইমান ভাল লাগিছিল।

‘তই ভাল পাৱ তই যা। মই হ’লে নাযাওঁ।’

‘কিয়! বাবলু, চিন্তু, মনটিহঁতো যাব জানো!’

‘তহঁতেই যা গৈ। মই ঘৰলৈ যাওঁ। আবেলি খেল যদি আহিবি।’

নীলু ঘৰলৈ উভতিল। মুনহঁত গৈ মাকণ পেহীৰ ঘৰ ওলাল।

অইনদিনাৰ দৰেই সিহঁতে মাকণ পেহীহতঁৰ বাহিৰৰ কোঠাটোত ভালদৰে বহি ল’লে।

‘ঐ মুন, জোনা নাই নেকি অ’?

‘নাজানো আছে নে নাই।’ মুনে বাবলুক ক’লে।

এনেতে মাকণ পেহী আহি সিহঁতৰ সমুখত থিয় হ’ল। পিছে পিছে জীয়েক জোনাও আহি মুনহঁতৰ ওচৰতে বহি ল’লে।

পেহীয়ে আৰম্ভ কৰিলে- বাৰু আজি তোমালোকে কি বিষয়ে শুনিম বুলি ভাবিছা কোৱাচোন!

মুন লগে লগে চিঞঁৰি উঠিল- পেহী, আজি ৰাক্ষসীৰ সাধু কোৱা।

ওঁহো! আজি সাধু নহয়। তোমালোককতো সাধু সদায় কৈয়েই আছো, আজি মই তোমালোকক ‘এটা নতুন কথা শিকাম দেই। সেয়া হৈছে- পৰিৱেশ প্ৰদূষণ তথা পৰিৱেশ সুৰক্ষা। কেনে হ’ব!

পৰিৱেশৰ কথা শুনাৰ লগে লগে আটাইকেইজনে তলমূৰ কৰিলে। তেতিয়া পেহীয়ে চিন্তুক সুধিলে- চিন্তু, তুমি ক’ব পাৰিবানে, পৰিৱেশ মানে কি?

চিন্তুৱে আমন্‌-জিমনকৈ ইফালে-সিফাল চালে। বাবলু, মুন আটাইকেইজন নীৰৱ হৈ ৰ’ল।

পেহীয়ে কৈ গ’ল- পৰিৱেশ মানে হৈছে- মাটি, বায়ু, পানী আৰু এইবোৰত থকা গছ-বন, জীৱ-জন্তু আদি। আকৌ মানুহে সজা ঘৰ-দুৱাৰ, কল-কাৰখানা, নগৰ-চহৰ, বাট-পথ, যান-বাহনে এই সকলোবোৰ আমাৰ পৰিৱেশৰে অংশ। এতিয়া বুজিলানে!

‘অ পেহী।’ চিন্তুৱে ক’লে।

এতিয়া শুনা প্ৰদূষণৰ কথা।

‘প্ৰদূষণ! প্ৰদূষণ আকৌ কি পেহী?’

কৈছো ৰ’বা। তোমালোকে কেৱল মন দি শুনিবা। প্ৰথমতে কোৱাচোন, বায়ু কেনেকৈ দূষিত হয়! পানী কেনেকৈ দূষিত হয়! ক’ব পাৰিবানে?

বায়ুৰ কথা নাজানো পেহী। কিন্তু পানী দূষিত হোৱাৰ কাৰণ জানো। পানীত যদি পোক-পৰুৱা আদি বেয়া বস্তু পৰে তেতিয়া পানী দূষিত হয়।

চিন্তু, তুমি অলপ বুজিব পাৰিছা। মই কওঁ শুনা- এই যে বায়ু, পানী, মাটি এইবোৰত কিছুমান নিৰ্দিষ্ট পৰিমাণৰ উপাদান থাকে। যেনে ধৰা-নিৰ্মল বায়ুত কাৰ্বন ডাই অক্সাইড, নাইট্ৰ’জেন, অক্সিজেন আদি বিভিন্ন গেছ থাকে। এইবোৰৰ কোনো এটা যদি বহু বেছি পৰিমাণে বা কম পৰিমাণে নাইবা তাত নাথাকিবলগীয়া বাহিৰা পদাৰ্থ থাকে, তেতিয়া সেই বায়ু আমাৰ অনুপযোগী হৈ পৰে। এই বাহিৰা অনিষ্টকাৰী পদাৰ্থবোৰক আমি ‘প্ৰদূষক’ বুলি কওঁ আৰু যেতিয়া সেই পদাৰ্থবোৰৰ বাবে আমাৰ বায়ু, পানী, মাটি দূষিত হয়, তেতিয়া তাক প্ৰদূষণ বুলি কোৱা হয়। অৰ্থাৎ বায়ু প্ৰদূষণ, মাটি প্ৰদূষণ, পানী প্ৰদূষণ ইত্যাদি।

এতিয়া শুনা, বায়ু প্ৰদূষণ কেনেকৈ হয়? আমাৰ চাৰিওফালে থকা কল-কাৰখানাৰ চিম্‌নিৰ পৰা বিষাক্ত গেছবোৰ ওলায়, এই গেছবোৰে আমাৰ বায়ু প্ৰদূষিত কৰে। বাটে-পথে চলা যান-বাহনবোৰৰ পৰা যি ধোঁৱা ওলায়, সেইবোৰেই বায়ু প্ৰদূষণৰ ঘাই কাৰণ। ঠিক তেনেকৈয়ে পেট্ৰলিয়াম, কয়লা, কাঠ আদি জ্বলোৱা তোমালোকে দেখিছা। এইবোৰ জ্বলালে কাৰ্বন-ডাই-অক্সাইডৰ পৰিমাণ বাঢ়ি যায়। বায়ুত এই গেছ পৰিমাণতকৈ বেছি থাকিলে উদ্ভিদ আৰু প্ৰাণীৰ জীৱনত ইয়াৰ বেয়া প্ৰভাৱ পৰে। আকৌ নগৰ-চহৰৰ আৱৰ্জনা, মল-মূত্ৰ, মৰা জীৱ-জন্তুৰ শ য’তে-ত’তে পেলালেও এইবোৰ গেলি পচি গ’লে এইবোৰৰ পৰা কাৰ্বন ডাই অক্সাইড, হাইড্ৰ’জেন, ছালফাইড, এম’নিয়া আদি দুৰ্গন্ধময় গেছ ওলাই বায়ু দূষিত কৰে।

‘বায়ু দূষিত হ’লে বাৰু কি হয়?’

শুনা, আমাক বায়ুৰ খুব প্ৰয়োজন। আমি উশাহত যেতিয়া এই বায়ু গ্ৰহণ কৰো আমাৰ শৰীৰত এই দূষিত বায়ু যদি প্ৰৱেশ কৰে তেতিয়া আমাৰ স্বাস্থ্যৰ হানি হয়। নানা ধৰণৰ অসুখ-অশান্তিয়ে দেখা দিয়ে। সেইদৰে জীৱ-জন্তুবোৰৰো অশেষ ক্ষতিসাধন হয়।

‘বাপ্‌ৰে! এইবোৰ কথা আমি আজিহে জানিলো। এতিয়া কোৱাচোন পেহী, পানীৰ প্ৰদূষণ কেনেকৈ হয় ?’

কৈছো ৰ’বা। তোমালোকে জানা, আমি সদায় পৰিষ্কাৰ পানী খাব লাগে। এই পানী আমি নৈ, জান, পুখুৰী, বিল আদি বহুত ঠাইৰ পৰা পাওঁ। এই পুখুৰী, বিল আদিত মানুহে গা ধোঁৱা, বাচন-বৰ্তন ধোৱা আদি অনেক কাম কৰে, নহয়নে?

‘হয় পেহী, আমাৰ ককাহঁতে বিহুৰ দিনা গৰু, ম’হক পুখুৰীলৈ নি গা ধুৱায়।’

অ’ বাবলু, ইয়াৰ ফলতেই পানীৰ প্ৰদূষণ হয়। অৰ্থাৎ এই গৰু, ম’হ, বাচন-বৰ্তন আদিত লাগি থকা বিভিন্ন বীজাণু পানীৰ লগত মিহলি হয় আৰু তেনে পানী খোৱাৰ অনুপযোগী হৈ পৰে।

আজিকালি খেতিয়কে পথাৰত বিভিন্ন কীটনাশক ঔষধ আৰু ৰাসায়নিক সাৰ প্ৰয়োগ কৰে, এইবোৰ বৰষুণৰ পানীৰ লগত বৈ আহি নৈ, বিল আদিত পৰেহি। ফলত পানীৰ প্ৰদূষণ হয়। আকৌ এই ৰাসায়নিক সাৰ পাই পানীত কিছুমান শেলুৱৈ বেছিকৈ গজিবলৈ ধৰে। এই শেলুৱৈবোৰ গেলি পচি পানী প্ৰদূষিত হয়। তেনে পানী খালে মানুহ, জীৱ-জন্তু অসুখত ভুগি মৃত্যুৰ মুখতো পৰে।

বায়ু আৰু পানীৰ দৰেই মাটিৰো প্ৰদূষণ হয়। কেৱল পাৰ্থক্য ইমানেই যে বায়ু আৰু পানীৰ প্ৰদূষণ হ’লে এই প্ৰদূষণ বহু দূৰলৈকে বিয়পি পৰে। কিন্তু মাটিৰ প্ৰদূষণ হ’লে ই সহজে বেছি দূৰলৈ বিয়পিব নোৱাৰে। যিবোৰ আৱৰ্জনা, ৰাসায়নিক সাৰ, কীটনাশক ঔষধ, কল-কাৰখানাৰ পৰা ওলোৱা আৱৰ্জনাযুক্ত পানীয়ে বায়ু আৰু পানীৰ প্ৰদূষণ কৰে, সেইবোৰেই মাটিৰো প্ৰদূষণ কৰে।

‘কেনেকৈ পেহী?’

কিয়! মাটিক ৰক্ষা কৰাৰ বাবে গছ-গছনি গজিবলৈ দিব লাগে। তেতিয়া গছৰ শিপাই মাটিখিনিক খামোচ মাৰি ধৰি ৰাখে। ফলত মাটি খহিব নোৱাৰে। এই গছ-বনবোৰেই মাটিক সুৰক্ষা দিয়ে। এইবোৰ কাটি নোহোৱা কৰিলে ৰ’দ-বৰষুণ, বতাহ-ধুমুহাত মাটিৰ উপৰিভাগত থকা সাৰুৱা উপাদানবোৰ ক্ষয় হয়। এনেকৈ মাটিৰ সাৰুৱা গুণ কমি যোৱাৰ ফলত তেনে মাটি খেতি বাতিৰ কাৰণে অনুপযোগী হৈ পৰে। এতিয়া বুজিলানে?

‘অ’ পেহী, আমি এতিয়াহে সকলোবোৰ কথা বুজি পালো।’ আটায়ে একেলগে চিঞঁৰি উঠিল।

‘তোমালোকৰ আমনি লাগিছে নেকি! আৰু শুনিবানে?’

‘শুনিম পেহী, আৰু কিবা ক’বা!’

‘এহ তোমালোকক আটাইতকৈ দৰকাৰী কথাটোকে কোৱা হোৱা নাই। কিয়, শব্দ প্ৰদূষণ!’

‘হয় মুন, শব্দৰো প্ৰদূষণ হয়।’ আজিকালি ৰেল, মটৰ, উৰাজাহাজ, কল-কাৰখানাৰ সংখ্যা ক্ৰমাৎ বাঢ়ি অহাৰ লগে লগে এইবোৰৰ পৰা হোৱা শব্দৰ মাত্ৰাও বাঢ়িব লাগিছে। আকৌ তোমালোকেতো ৰেডিঅ’, টেলিভিছন আদিৰ কথা জানাই! ৰেডিঅ’ আদি বৰ জোৰকৈ বজালে কি হয় বাৰু?

‘কাণত টিঙিচ্‌কৈ ধৰে পেহী।’

অ’ মুন, এই অতিমাত্ৰাৰ শব্দই পৰিৱেশত শব্দ প্ৰদূষণৰ সৃষ্টি কৰে। এনেবোৰ তীব্ৰ শব্দই কাণ কলা কৰি পেলাব পাৰে। বৰ বেছি হাই-উৰুমি হুলস্থূলে মানুহ, জীৱ-জন্তু সকলোৰে স্বাস্থ্যৰ ক্ষতিও কৰে। সেয়ে এই বিষয়ে সকলোৱে সচেতন হোৱা উচিত। আমি পৰিৱেশ সুৰক্ষাৰ কথা চিন্তা কৰিব লাগিব।

এই বায়ু, পানী, মাটি সকলোবোৰৰ প্ৰদূষণ প্ৰতিৰোধ কৰাৰ কেতবোৰ ব্যৱস্থাও আছে।

‘কি বাৰু পেহী’?

শুনা, এতিয়া ধৰা বায়ু প্ৰদূষণ। কল-কাৰখানাৰ চিম্‌নিৰ পৰা বিষাক্ত গেছৰ উদ্ভৱ হয়। এই ধোঁৱা ওলোৱা চিম্‌নিবোৰ যদি বহু ওখকৈ সাজিব পৰা যায়। তেতিয়া বায়ু প্ৰদূষণমুক্ত হয়। নগৰ-চহৰৰ নলা-নৰ্দমাবোৰ উন্নত ধৰণে সাজিব লাগিব। চহৰত জনসাধাৰণৰ কাৰণে উপযুক্ত শৌচাগাৰ, প্ৰস্ৰাৱগাৰ আদি নিৰ্মাণ কৰিব লাগিব। আৱৰ্জনা পেলোৱা টিন, বাকচ আদি ঢাকি ৰাখি সঘনাই চাফা কৰিব লাগিব। তেতিয়া বায়ু প্ৰদূষণমুক্ত হ’ব। বুজিলানে?

‘বুজিলো। কিন্তু পেহী, পানী আৰু মাটি প্ৰদূষণমুক্ত হ’বলৈ কি কৰিব লাগিব?’

শুনা বাবলু, আমি সদায় নিৰ্মল পানী পাবলৈ হ’লে পুখুৰী, নৈ আদিৰ পানীত যিহকে-তিহকে ধুব নালাগে। ব্যৱহৃত পানী সদায় ঢাকি ৰাখিব লাগে। তেনেকৈয়ে মাটিৰ প্ৰদূষণ ৰোধ কৰিবলৈ হ’লে আমি যথেষ্ট পৰিমাণে গছ-গছনি ৰুব লাগিব। কিয় জানানে?

‘কিয় পেহী?’

প্ৰকৃতিৰ এই গছ-বনবোৰে মাটিৰ সাৰুৱা গুণটো ঠিকে ৰাখে। গছ-গছনি বেছিকৈ ৰুলে ভূমিক্ষয়ো কমে, বুজিলা?

‘বুজিলো।’ চিন্তুৱে ক’লে।

তেন্তে এতিয়া কোৱাচোন, শব্দ প্ৰদূষণ ৰোধ কৰিবলৈ তোমালোকে কি কৰিবা?

বাবলুৱে ক’লে-মই ক’ম।

কোৱাচোন।

আমি ৰেডিঅ’, টেলিভিছন আদি সৰুকৈ বজাব লাগিব।

তেনেতে মুনে চিঞঁৰি উঠিল- বেছি হুলস্থূল কৰিব নালাগে।

বঢ়িয়া। তোমালোকে সকলোৱে বুজি পাইছা। এইদৰেই আমি আমাৰ পৰিৱেশৰ বায়ু, পানী, মাটি আৰু শব্দৰ প্ৰদূষণ ৰোধ কৰি পৰিৱেশ সুৰক্ষিত কৰিব পাৰো।

‘পেহী এতিয়া আমি যাওঁ।’ বহুত পলম হ’ল’।

অ’ যোৱা। এতিয়াৰ পৰা কিন্তু তোমালোক সকলোৱে এই প্ৰতিটো কথা মানি চলিবা। আমাৰ পৰিৱেশটোৰ সুৰক্ষাৰ বিষয়ে আমিয়ে চিন্তা কৰিব লাগুব আৰু শুনা.....!

‘কি পেহী?’

তোমালোকৰ সমুখত যদি কোনোবাই এই বিষয়ক ভুল কৰে, তেতিয়া তোমালোকে তেওঁক শুধৰাই দিবানে নিদিয়া?

‘দিম পেহী।’

ওঁ নিশ্চয়। তেতিয়া আমাৰ পৰিৱেশটো সুন্দৰ হৈ উঠিব, আমিও শান্তিত জীৱন কটাব পাৰিম। এতিয়া তোমালোক যোৱা। আকৌ আহিবা দেই।

তাৰ পিছত মুন, বাবলু, চিন্তু তিনিওজনে মাকণ পেহীক মাত লগাই ওলাই আহি নীলুৰ ওচৰলৈ গ’ল।

নীতি কথা: ইচ্ছা আৰু আগ্ৰহ থাকিলে সকলো সময়তে যিকোনো পৰিৱেশতে জ্ঞান আহৰণ কৰা সম্ভৱ।

নীলমাই আৰু নদাই

নীলমাই আৰু নদাই- এহাল দুখীয়া দম্পতী। দুখৰ বিষয়, তেওঁলোকৰ কোনো সতি-সন্ততি নাই। সেয়ে তেওঁলোকৰ মনত বৰ দুখ। সিহঁতৰ ঘৰত এজনী মৰম লগা মেকুৰী পোৱালি আছে আৰু সেই মেকুৰীজনীক সিহঁতে খুব মৰম কৰে।

নদায়ে নিতৌ ওচৰৰে এখন হাবিত খৰি কাটিবলৈ যায়। খৰি বেচি যি ৰূপ পায় তাৰেই দুয়ো ঘৰখন চলায়। কেতিয়াবা কোনো এটি দিন তেওঁলোকে অনাহাৰেও কটাবলগীয়া হয়।

এদিনাখনৰ কথা। ভৰ বাৰিষা। নদীবোৰত মাছৰ উভৈনদী। নীলমায়ে দুপৰীয়াৰ ভাতকিটা বাঢ়ি লৈ নদাইৰ সৈতে একেলগে খাবলৈ বহিল। এনেতে খোৱা পাততে নীলমায়ে ক’লে-শুন হেৰ’ নদাই, এইদৰে দিনে ৰাতিয়ে কিমাননো আৰু শুদা ভাত খাম, নদীবোৰত এতিয়া বহুত মাছ পৰিছে। তয়ো মাছ-তাছ কিবা এটা আনিব নোৱাৰনে?

মাছৰ কথা নক’বি নীলমাই। যিহে জুই-ছাই দাম। টকানো ক’ত আছে! হ’বদে, কেতিয়াবা যদি ভাগ্যত মিলে খাম। নীলমাইৰ খং উঠিল। তাই থালৰ ভাত সোপাকে এৰি থৈ এটা চুকত বহি পৰিল। নীলমাইৰ দুখৰ কাৰণ সি বুজি পালে। তথাপি সেই মুহুৰ্তত একো নমতাকৈ ভাতকিটা খাই পোনে পোনে সি কামলৈ ওলাই গ’ল।

এনেকৈয়ে সিহঁতৰ দিনবোৰ পাৰ হ’ল। এদিন দুপৰীয়া, সি মাছ এটা পালে। নদায়ে মাছটো লৈ আধা বাটৰ পৰাই চিঞঁৰি আহিল-হেৰ’ নীলমাই, চাচোন চা। কিমান ডাঙৰ মাছ আনিছো। আজি বৰ ভাল দিন অ’ আমাৰ।

মাছৰ নাম শুনিছেহে মাথোন।লুভীয়া নীলমাইৰ মুখত এমোকোৰা হাঁহি বিৰিঙি উঠিল। তাই কাম-বন এৰি থৈ আহি নদাইৰ কাষ পালে- আউ, ইমান ডাঙৰ মাছ। আজিনো পালি ক’ত?

এহ নক’বি দে। গদাধৰে হাটত বেচিবলৈ মাছ মাৰিছিল। বাটতে মোক পাই টিপতে এটা যাচিলো। মইনো এৰো কিয়! এনে সোণালী সুযোগ আহিবনো আকৌ কেতিয়া! এই মাছটো কিনিবলৈ গ’লে দামটো একুৰিৰ কম নহ’ব।

‘ভালেই হ’ল দে।’ এইবুলি নীলমায়ে মাছটো হাতত তুলি ধৰিলে। তাৰ পিছত নদায়ে ক’লে- তই মাছটো কাটি মৰমৰীয়াকৈ ভাজি থ’বি। আজি ৰাতিৰ সাঁজ দুয়ো ভালদৰে খাম। এতিয়া মই কামলৈ যাওঁ।

নদাই যোৱাৰ পিছত তাই মাছটো টুকুৰ-টুকুৰকৈ কাটি মচ্‌মচীয়াকৈ ভাজিলে। তাৰ পিছত মাছৰ সোৱাদটোনো কেনে চাবলৈ বুলি তাৰে এটুকুৰা মাছ মুখত ভৰালে। ‘আ: কেনে সোৱাদৰ মাছ’ এইবুলি নীলমায়ে মনতে আওৰাই আৰু এটুকুৰা তুলি লৈ মুখত ভৰালে। সোৱাদ পাই তাইৰ জিভাৰ পানী টপ্‌টপকৈ পৰিব ধৰিলে। তাই নদাইৰ কথা পাহৰিয়েই গ’ল। এটুকুৰা এটুকুৰাকৈ মুখত ভৰাই আটাইখিনি মাছকে তাই খাই পেলালে। লাহে লাহে ৰাতি হৈ আহিল। নদায়ে কান্ধত কুঠাৰখন লৈ দুখে-ভাগৰে আহি ঘৰ পালে। কিন্তু নীলমায়ে এতিয়া নদাইৰ সমুখত ওলায় কোন স’তে! নদাইক মাছৰ কথা কি বুলি ক’ব তাই ভাবিব ধৰিলে। নদাই অহাৰ উমান পাই অৱশেষত তাই আমন্‌-জিমনকৈ বহি থাকিল।

নদায়ে কুঠাৰখন দুৱাৰৰ এচুকত থৈ হাত-ভৰি কিটা ধুই আহিল। নীলমায়ে আহি থাল এখনত শুদা ভাতকেইটামান নিমখ-জলকীয়াৰে সৈতে দি নদাইৰ কাষত দুখ মনেৰে বহি ৰ’ল। খাবলৈ বহি থালত মাছ নেদেখি সুধিলে-নীলমাই, তই মাছ দিবলৈ পাহৰিলি দেখোন! দে আকৌ সোনকালে, বৰ ভোক লাগিছে। তোৰ ভাতকিটাও বাঢ়ি ল’।

নীলমায়ে ফেঁকুৰি উঠিল। নদায়ে একো ধৰিব নোৱাৰিলে। তাই কন্দা-কটা কৰা কাৰণে সি আচৰিত হৈ সুধিলে- তই কান্দিছ কিয় হেৰ’!

তই কন্দাৰ কথা কৈছে’! আমাৰ মনৰ আশা মনতে ৰ’ল। ইমান বঢ়িয়াকৈ মাছখিনি বাছি থ’লো, কোন পাকত মেকুৰীজনীয়ে আহি মাছ সোপাকে খাই উদং কৰিলে গমকে নাপালো। এতিঅয় তোক মাছ দিবলৈ চাই দেখিলো, কেৰাহীত এটুকুৰাও মাছ নাই।

নীলমাইৰ কথাবোৰ শুনি নদায়ে দীঘল হুমনিয়াহ এটা কাঢ়িলে। সি মনত বৰ দুখ পালে। নীলমাইক সান্তনা দি ক’লে- যি হ’ব লগা আছিল হ’ল। তই দুখ নকৰিবি। ভগৱানে দিলে আমি কেতিয়াবা এসাঁজ সুখাদ্য নিশ্চয় খাবলৈ পাম। নদাইৰ কথা শুনি তাই পেটে পেটে বৰ ৰং পালে। বেচেৰা নদায়ে শুদা ভাতকিটাকে খাই ৰাতিটোৰ বাবে বিশ্ৰাম ল’লে।

মেকুৰীজনীৰ ওপৰত নদাইৰ খুব খং উঠিল। তাইৰ বাবেই আজি মাছৰ মুখ নেদেখিলে। নদায়ে মেকুৰীজনীক খেদি পঠিওৱাৰ সিদ্ধান্ত ল’লে।

ৰাতিপুৱাৰ লগে লগে মেকুৰীজনীক লগত লৈ নদাই কামলৈ ওলাল। হাবিৰ মাজত তাইক এৰি দিয়াৰ লগে লগে ‘মিউ’ ‘মিউ’ কৈ চিঞঁৰি বহু দূৰলৈ আঁতৰি গ’ল।

এদিন দুদিনকৈ দিনবোৰ বাগৰি থাকিল। নীলমাই এদিন গৰ্ভৱতী হ’ল। কথাটো জানিব পাৰি নদাইৰ বৰ স্ফূৰ্তি লাগিল। সি এদিন পিতৃ হ’ব, সন্তানৰ মুখ দেখিব। সেই আনন্দতে সি দুগুণ উৎসাহেৰে কাম কৰিব ধৰিলে। দুপইচা বেছিকৈ পোৱাৰ আশাত নদাই ব্যস্ত হৈ পৰিল।

কিন্তু বিধিৰ বিপাক! এদিনাখন শেষ নিশা নীলমায়ে জন্ম দিলে এটি মৃত পুত্ৰ সন্তান। তাকে দেখি নদায়ে মূৰে কপালে হাত থ’লে। ভগৱানৰ ওপৰত তাৰ বিশ্বাস হেৰাই গ’ল। সি ভাবিলে- ভগৱানে তাৰ প্ৰাৰ্থনা নুশুনিলে। ইফালে নীলমায়ে মৃত সন্তানটিলৈ চাই শোকত মূৰ্চ্ছাপ্ৰায় হ’ল। তাইৰ বেয়া লাগিল নদাইৰ কাৰণে। সি তাইৰ বাবেই কষ্ট কৰে। কোনোদিনে সি তাইক এষাৰো মিছা নামাতে। এতিয়ানো নদাইৰ ওচৰত তাই কৰা পাপৰ কথা কয় কেনেকৈ! কথাষাৰ ভাবি কান্দি কান্দি তাই অধীৰ হৈ পৰিল।

কিছু সময়ৰ পিছত পূবে ফেঁহুজালি দিলে। নদায়ে সেই পুৱাতেই মৃত সন্তানটিক পুতি থৈ অহাৰ উদ্দেশ্যেৰে কোৰখন লগত লৈ হাবিলৈ ওলাল। সি গৈ হাবিৰ মাজ পালে। জংঘল অলপ আঁতৰাই হাতত থকা কোৰখনেৰে দুই ফুটামান দ’ গাত এটা খান্দি মৃতদেহটো তাত শুৱাই দি সি ফেঁকুৰি ফেঁকুৰি কান্দি তাৰ ওপৰত মাটি জাপি দিলে।

তাৰ পিছত নদায়ে ঘৰলৈ বুলি খোজ ল’লে। তেনেতে ‘মিউ’ ‘মিউ’ কৈ মেকুৰী এজনীয়ে চিঞঁৰি আহি মৃতদেহটো পুতি থোৱা ঠাইডোখৰৰ কাষতে চকুলো টুকি বহি ৰ’ল। নদায়ে মেকুৰীৰ মাত শুনি ঘূৰি চাই সেই দৃশ্য দেখি আচৰিত হ’ল। সেইজনী তাৰেই পোহনীয়া মেকুৰী। এদিন সি তাইক মাৰি মাৰি ঘৰৰ পৰা আনি এই হাবিত এৰি দিছিল আৰু আজি সেই মেকুৰীজনীয়েই তাৰ দুখত চকুপানী টুকিছে কিয়! নদায়ে একো বুজিব নোৱাৰিলে।

ঘৰ আহি পাই নদায়ে নীলমাইৰ শোকাতুৰ অৱস্থাটো দেখি অধিক দুখ পালে। সি তাইক যিমান পাৰে বুজালে। কিন্তু নদাইক দেখি নীলমায়ে এপলক নয়নেৰে চাই ৰ’ল। নদায়ে আচৰিত হৈ সুধিলে-তই এনেকৈ কি চাইছ নীলমাই! যি হ’ব লগা আছিল, হ’ল। তই দুখ নকৰিবি। এয়া আমাৰ কোনোবা জনমৰ পাপৰ ফল।

নহয় নদাই। এয়া মোৰ এই জনমেৰে পাপৰ প্ৰায়শ্চিত্ত। তোক লুকুৱাই মই এটা বৰ ডাঙৰ পাপ কৰিছিলো। নদাই ক’চোন তই মোক ক্ষমা কৰিবিনে!

তইনো এনে কি পাপ কৰিছিলি!

তাৰ পিছত নীলমায়ে কৈ গ’ল তাই মাছৰ লোভত কিদৰে নদাইক ফাঁকি দিছিল। মেকুৰীজনীক বিনাদোষৰ কষ্ট দি আজি তাই যে নিজে মানসিক আঘাত পাইছে।

নীলমাইৰ কথাবোৰ শুনাৰ পিছত হাবিৰ মাজত মেকুৰীজনীয়ে আহি চকুলো টুকি নদাইৰ দুখৰ সমভাগী হোৱাৰ কাৰণটো বুজিব পাৰিলে। সি এক মূহুৰ্তেও পলম নকৰি হাবিলৈ দৌৰ মাৰিলে।মেকুৰীজনীয়ে কান্দি আছিল। নদায়ে তাইক আলফুলে সাবটি লৈ হাবিৰ পৰা ওলাই আহি ঘৰ পালে আৰু নীলমাইক ক’লে-এষাৰ কথা মনত ৰাখিবি নীলমাই, ভগৱানে সত্যক চায়। আজিৰ পৰা সেয়ে ভগৱানৰ ওচৰত দোষী হ’বলৈ চেষ্টা নকৰিবি। তেতিয়া দেখিবি, আমি সদায়ে সুখত দিন কটাব পাৰিম।

নীতি কথা: লোভ মানুহৰ এটি বেয়া ৰিপু। লোভেই মানুহৰ সৰ্বনাশৰ মূল।

বাবলিৰ চাতুৰ্য

দেউতা, আজি স্কুলত..... দীপুৰ কথাষাৰ কৈ শেষ নৌহওঁতেই দেউতাকে কৈ উঠিল- কি হ’ল বাৰু পিছতো শুনিম। গৰমত ঘামি-জামি আহিছ, আগতে কাপোৰযোৰ সলাই দিওঁ আহ। বাবলি, দীপুৰ কাৰণে অন্য এসাজ কাপোৰ আনচোন।

দেউতাকৰ আদেশমতে বাবলিয়ে ডাঁৰৰ পৰা চোলা-পেন্ট এযোৰ আনি দি দীপুৱেনে কি কয় তাকে শুনিবলৈ কৌতুহলী হৈ সিহঁতৰ কাসতে থিয় হৈ ৰ’ল।

কাপোৰসাজ সলোৱাৰ পিছত দেউতাকে তাক সুধিলে- এতিয়া ক’, কি হ’ল! দীপুৱে কৈ গ’ল- আজি চিন্টুক বাইদেৱে বৰকৈ পিটিলে।

কিয়? দেউতাকে সুধিলে।

সি হোমৱৰ্ক কৰা নাছিল। দীপুৱে ক’লে।

হোমৱৰ্ক নকৰিলেতো পিটিবই। অবাধ্য ছাত্ৰক শিক্ষকে বেয়া পায়। তেওঁলোকে যি কয় মন দি শুনিব লাগে আৰু তেতিয়াহে নজনা কথাবোৰ জানিব পাৰি। ইমান পৰে মনে মনে ৰৈ থকা বাবলিয়ে হঠাতে প্ৰশ্ন কৰিলে- দেউতা, হোমৱৰ্ক মানে কি?

এহ, এইবোৰ স্কুলৰ কথা। তই এইবোৰ জানি কি কৰিবি! দেউতাকে বাবলিক ক’লে।

বাবলি আৰু দীপু-শেখৰ বৰুৱাৰ দুটি সন্তান। দীপুৰ মুখত সদায় স্কুলৰ কথা শুনি থাকি বাবলিৰো মন যায় স্কুললৈ যাবলৈ। পঢ়িবলৈ।

সেয়ে সন্ধ্যাপৰত দীপুৱে লিখা-পঢ়া কৰি থাকিলে ছেগ পালেই তাইও গৈ তাৰ নিচেই কাষত বহি চাই থাকে।

এদিনাখনৰ কথা। দীপুৱে কিবা লিখি আছিল। তেনেতে তাইও গৈ তাৰ কাষতে বহি ক’বলৈ ধৰিলে- অ’ দীপু, মোকো লিখিবলৈ শিকাই দে না।

দিম দে। এয়া চা বাইদেউ, তোৰ নামটো এনেকৈ লিখিব লাগে- ‘ব’ তাত আকাৰ মানে ‘বা’ তাৰ পিছত ‘ব’ আৰু ‘ল’ত হ্ৰস্ব ই-কাৰ অৰ্থাৎ বাবলি।

চাওঁ, এইবাৰ মই লিখো। এইবুলি বাবলিয়ে দীপুৰ হাতৰ পৰা ফলিখন আৰু পেঞ্চিলডাল তুলি ল’লে। তেনেতে মাকে পাকঘৰৰ পৰা ওলাই আহি বাবলিক দীপুৰ কাষত দেখি চিঞঁৰি উঠিল- তোক ইমানেই কৈছো, পঢ়াৰ সময়ত তাক আমনি দি নাথাকিবলৈ, কথা নুশুন! উঠ। আহ মোৰ লগত। তাৰ পৰীক্ষাৰ ওচৰ চাপিছে, পঢ়িবলৈ দে।

মাকৰ ধমকনিত বাবলিয়ে মনটো মাৰি পেলালে। তাকে দেখি মাকে বুজনিৰ সুৰত তাইক ক’লে- চা বাবলি, তই ছোৱালী। ছোৱালীয়ে সদায় ঘৰুৱা কাম-কাজত মনোযোগ দিব লাগে। চিলাই কাম, ৰন্ধা-বঢ়া, কাপোৰ কানি পৰিপাটিকৈ ৰখা, ফুলনি এখন ঘৰৰ বোৱাৰী হ’বি, সেই ঘৰখনত তই এইবোৰ কামেই কৰিব লাগিব।

বাবলিৰ শিশু সুলভ মনটোৱে সেইবোৰ কথা একো বুজি নাপায়। তাই ওলোটাই মাকক প্ৰশ্ন কৰিলে- মই পঢ়িলেনো কি হয়!

পঢ়ি কি কৰিবি ক’চোন তয়ে ক’। মাকে তাইক তেনেকৈ কোৱাত পুনৰ তাই সুধিলে-তেনেহ’লে ভাইটিয়ে কিয় পঢ়িব লাগে?

দীপু ল’ৰা। সি নপঢ়িলে ভৱিষ্যতে তাক কোনে খুৱান! আমাৰ সমাজত ল’ৰা মানুহে ধন ঘটিবলৈ কাম কৰিব লাগে। ঘৰ-সংসাৰ চলাব লাগে। দেউতাৰক দেখা নাই! দিনৰ দিনটো কাম কৰি আমাক খুৱাই-পিন্ধাই আছে। এইবোৰ কথা তই ডাঙৰ হ’লে নিজে বুজি পাবি। মাকৰ কথাত বাবলি কিন্তু পতিয়ন নগ’ল। তথাপি তাই আৰু কোনো ধৰণৰ প্ৰশ্ন নকৰি মনে মনে থাকিল।

এনেকৈয়ে দিনবোৰ গৈ থাকিল।

এদিনাখন আবেলি। অইনদিনাৰ দৰেই বাবলিয়ে মিলি, ৰাখী আৰু ৰিমলিহতঁৰ লগত খেলিবলৈ ওলাল। সিহঁতে গৈ গৈ খেলপথাৰ পালে। এনেতে বাবলিৰ চকুত পৰিল, খেলপথাৰৰ পৰা অলপমান নিলগৰ মুকলি ঠাই এডোখৰত বহুত ল’ৰা-ছোৱালীয়ে শাৰী পাতি বহি আছে। তাতনো কি হৈছে জানিবলৈ বুলি লগৰ বান্ধৱীকেইজনীক উদ্দেশ্যি তাই সুধিলে- কি হৈছে অ’ তাত?

ৰাখীয়ে ক’লে-আমাৰ গাঁৱৰ যে মধু মাষ্টৰ, তেওঁ আজিকালি কিবা বোলে বিনামূলীয়া শিক্ষা দিয়ে। যাৰ পঢ়িবলৈ মন আছে তালৈ যাব পাৰে।

কথাটো শুনি বাবলিয়ে বৰ স্ফূৰ্তি পালে আৰু সিহঁতক ক’লে-ব’ল, আমি তালৈ যাওঁ।

এহ, কি কৰিবি তালৈ গৈ। বাদ দে সেইবোৰ। খেলো আহ। হাঁহি-হাহি মিলিয়ে ক’লে।

তহঁতে খেল। মই তালৈ যাওঁ। এইবুলি বাবলিয়ে চুচুক-চামাককৈ আগুৱাই গৈ সেই নিৰ্দিষ্ট ঠাইখিনিত থিয় দি ৰ’ল। বহু সময় তেনেকৈ একে ঠাইতে ৰৈ থকা দেখি মধু মাষ্টৰে আচৰিত হৈ বাবলিৰ ওচৰলৈ আহি সুধিলে- তোমাৰ কি হ’ল কোৱাচোন!

বাবলিয়ে কওঁ নকওঁকৈ লাহেকৈ ক’লে- ময়ো আপোনাৰ ওচৰত পঢ়িব বিচাৰো। আপুনি মোক পঢ়ুৱাবনে?

কিয় নপঢ়ুৱাম! মাষ্টৰে ক’লে- শিশুকালেই হৈছে বিদ্যা অৰ্জনৰ উপযুক্ত সময়। এই বয়সতে পঢ়া-শুনা নকৰিলে জ্ঞান আহৰণ কৰিবা কেতিয়া! কাইলৈৰ পৰা তুমিও ইয়ালৈ আহিবা দেই!

মই সদায় আহিম- এইবুলি কৈ তাই আনন্দ মনেৰে ঘৰলৈ উভতি আহিল। পিছদিনাখনৰ পৰা বাবলিয়ে খেলিবলঈ যোৱাৰ অজুহাতেৰে প্ৰতিদিন গৈ মধু মাষ্টৰৰ ওচৰত শিক্ষা ল’ব ধৰিলে।

লাহে লাহে তাই আখৰ লিখিব পৰা হ’ল। কিতাপৰ কথাবোৰ পঢ়িব বুজিব পাৰি তাইৰ পঢ়াৰ প্ৰতি ধাউতি দিনক দিনে বাঢ়ি আহিল। মাষ্টৰেও তাইৰ একাগ্ৰতা আৰু পাৰদৰ্শিতা দেখি তবধ মানিলে। ইফালে দীপুক লৈ মাক-দেউতাক বৰ চিন্তাত পৰিল। ডাঙৰ হৈ অহাৰ লগে লগে সি খুব চঞ্চল আৰু অমনোযোগী হৈ পৰিছে। পঢ়া-শুনাও ঠিকমতে নকৰে। দিনৰ দিনটো-বনাই ঘূৰি ফুৰি সন্ধিয়াতে আহি শুই পৰে। তাৰ গতি বিধি দেখি বাবলিয়ে মাজে সময়ে তাক কয়-নপঢ় কিয়! নপঢ়িলে পাছ কৰিবি কেনেকৈ!

অৱশেষত বহু ভাবি-গুনি দীপুক পঢ়ুৱাবৰ কাৰণে দেউতাকে মধু মাষ্টৰকে ঘৰুৱা শিক্ষক হিচাপে নিয়োগ কৰাৰ কথা ভাবিলে; যাতে দীপুৰ পঢ়াৰ প্ৰতি মনোযোগ বাঢ়ে।

কথামতেই কাম। মাষ্টৰে দীপুক পঢ়ুৱাবলৈ আহিল। কিন্তু বাবলিক দেখি মাষ্টৰ হতভম্ব হ’ল। ‘বাবলি তুমি!’ একপ্ৰকাৰ আচৰিত হোৱাৰ দৰে মাষ্টৰে চিঞৰি উঠিল।

হয়। বাবলি মোৰেই ছোৱালী। শেখৰ বৰুৱাই ক’লে।

তেনেহ’লে! দীপুক দেখোন তাইয়ে পঢ়ুৱাব পাৰে।

আপুনি ভুল কৈছে-বৰুৱাই ক’লে।

নাই, মই একো ভুল কোৱা নাই! মাষ্টৰে দৃঢ়ভাৱে ক’লে।

শুনক মাষ্টৰ, বাবলিক আমি পঢ়োৱাই নাই।

আপুনিহে পঢ়োৱা নাই। মই পঢ়ুৱাইছো নহয়। তাই কি নাজানে তাকে সোধক। বৰ মেধাৱী ছোৱালী বুজিছে!

মাষ্টৰৰ কথাবোৰ একো বুজিব নোৱাৰি বৰুৱাই বাবলিক কাষলি মাতিলে। উপাই বুধি নাপাই তাই ভয়ে ভয়ে আহি তেওঁলোকৰ ওচৰত থিয় দি তলমূৰ হৈ ৰ’ল। দেউতাকে সুধিলে-বাবলি, আচলতে কথাটো কি!

হয় দেউতা, মাষ্টৰে কোৱা প্ৰতিটো কথাই সঁচা। মোক পঢ়াৰ সুযোগ নিদিয়া কাৰণে মই তোমালোকে নজনাকৈ আজি ইমানদিনে এখেতৰ ওচৰতে শিক্ষা গ্ৰহণ কৰিছিলো।

বাবলি, তই আমাক ক্ষমা কৰি দে আইজনী। ছোৱালী বুলিয়ে তোক আমি অৱহেলা কৰি তোৰ মনৰ সুপ্ত প্ৰতিভাখিনিৰ বিকাশ হোৱাৰ পৰা বঞ্চিত কৰিছিলো। আমাৰ ভূল হৈছিল। তই আমাক ক্ষমা কৰ। এইবুলি বৰুৱানীয়ে বাবলিক মৰমতে সাবটি ধৰিলে।

তেওঁলোকৰ কথাবোৰ শুনাৰ পিছত মাষ্টৰে সকলো কথা ভালদৰে বুজিব পাৰি বৰ আক্ষেপেৰে কৈ উঠিল-চাওক বৰুৱা, প্ৰয়োজনীয় সা-সুবিধাখিনি পালে এজনী ছোৱালীয়েও ল’ৰাৰ সমানে খোজ মিলাব যে পাৰে-সেই কথা আজি বাবলিয়ে প্ৰমাণ কৰি দেখুৱালে।

বৰুৱাহতেঁ নিজৰ ছোৱালীৰ প্ৰশংসা শুনি সন্তোষ পালে আৰু মাষ্টৰক অশেষ ধন্যবাদ জনালে।

নীতি কথা: ব্যক্তিৰ সমষ্টিয়েই সমাজ। এখন সমাজৰ উন্নতি সম্ভৱ হয় এচাম শিক্ষিত ব্যক্তিৰ জৰিয়তে। যিহেতু সমাজ এখন পুৰুষ-নাৰী উভয়কে লৈ গঠিত, গতিকে পিতৃ-মাতৃয়ে জন্ময়ে শিশু এটিক ল’ৰা বা ছোৱালী বুলি বিচাৰ নকৰি জ্ঞান আহৰণৰ সুযোগ দিব লাগে। তেতিয়া হ’লে এজন ল’ৰাৰ দৰে এজনী ছোৱালীও এখন ঘৰ বা সমাজৰ পথ প্ৰদৰ্শক হ’ব পাৰে।

কাম কৰা ছোৱালী

ৰমলা......

কি বাইদেউ!

বাচনকিটা ধোৱা হ’লনে?

হ’ল বাইদেউ।

ক’তা চাওঁ! এইবুলি যশোদাই পাকঘৰলৈ গৈ বাচনবোৰলৈ চাই বক্‌বকাই উঠিল- এয়া বাচন ধুইছ’! এইবোৰ দেখা নাই, থাল-বাতিত তেল ছিটিকনি লাগিয়ে আছে। যা, ভালকৈ ধুই আনগৈ।

যশোদাৰ নিৰ্দেশমতে ৰমলাই পুনৰ কলৰ পাৰলৈ বাচনবোৰ দাঙি লৈ গ’ল। শ্ৰীমতীৰ তৰ্জন-গৰ্জন শুনি শইকীয়াই সুধিলে- কি হৈছেহে এই ভৰ দুপৰীয়া?

শইকীয়াই কথাষাৰ সুধিবলৈহে পালে, যশোদাই একে উশাহে ক’ব ধৰিলে-হেৰি, মই আৰু এইজনীক লৈ নোৱাৰিছো বুজিছে। ৰাতিপুৱা ৰাজাৰ চোলা এটা ধুবলৈ দিলো চাবোন লগালেহে লগালে, চাফা কিন্তু নহ’ল। ডাঁৰৰ পৰা চোলাটো আনি গিৰিয়েকৰ হাতলৈ দলি মাৰি দি ক’লে-এয়া চাওঁক। তেতিয়া সিহঁতৰ কাষতে বহি বিভিন্ন খেলা সামগ্ৰী লৈ খেলি থকা ৰাজাই মাকক ক’লে- এই চোলাটোৰ ৰঙটোৱেই এনেকুৱা মা। মাকে তাত ধমকি দিলে- তই চুপ থাক। ওকালতি কৰিবলৈ আহিছে! মাকে গালি দিয়াত সি খেলা বস্তুবোৰ দাঙি লৈ আতঁৰি আহিল। যশোদাইও তাৰ পিছে পিছে আহি তাক সকীয়াই দিলে- খেলা বস্তুবোৰ কিন্তু বহুত দাম দি কিনা হৈছে। খেলা হ’লে ভালদৰে লুকুৱাই ৰাখিবি; ৰমলাই যাতে চুবলৈ নাপায়। তাৰ পিছত পুনৰ তেওঁ গিৰিয়েকক উদ্দেশ্যি ক’লে- আৰু এতিয়া বাচন ধুইছে, থালৰ পৰা তেলৰ দাগেই যোৱা নাই।

হেৰা, তাই সৰু ছোৱালী। শিকাই বুজাই ল’বা। শইকীয়াই ক’লে।

শিকাৰ আগ্ৰহ থাকিলেহে শিকিব। এইবোৰে কেতিয়াও কাম শিকিব নোৱাৰে বুজিছে! ভাল আপদটোৱে পালে। যশোদাই ক্ষোভেৰে ক’লে।

তুমিয়ে দেখোন চিঞঁৰি আছিলা কাম কৰা ছোৱালী এজনী লাগে বুলি! শইকীয়াই ক’লে।

কৈছিলো। সেইবুলি এনে জধা-মূৰ্খ আহি ওলাব বুলি ভবা নাছিলো নহয়!

হেৰা, তাই এইখন ঘৰলৈ অহাৰ এসপ্তাহো হোৱা নাই। ভালদৰে তাইক দেখাই-শুনাই দিলে কিয় নিশিকিবহে! গিৰিয়েকৰ কথাত যশোদাই ভেকাহি মাৰি ক’লে- তাইক এতিয়া হাতত ধৰি শিকালেহে হ’ব!

শইকীয়াই তেওঁৰ শ্ৰীমতীৰ স্বভাৱটো ভালদৰে জানে। সামান্য কথাতে খঙটো উঠে আৰু পিছমুহুৰ্ততে সহজ হৈও পৰে। সেয়ে তেওঁ শ্ৰীমতীৰ কথাবোৰত বিশেষ গুৰুত্ব নিদিলে।

ইতিমধ্যে ৰমলাই বাচনকিটা ধুই আনি, পাকঘৰত থৈ ঘৰ ঝাড দিব ধৰিলে। তেনেতে ৰাজাই তাইৰ কাষলৈ আহি ক’লে-ৰমলা, ফুৰি আহো ব’লা।

নাই, নাযাওঁ। বাইদেৱে গালি দিব। ৰমলাই লাহেকৈ ক’লে।

ঠিক আছে। মই মাক সুধি আহো। এইবুলি সি মাকৰ ওচৰ পালেগৈ।

ৰাজাই কন্দা-কটা কৰে বুলি যশোদাই যাবলৈ অনুমতি দি ৰমলাক ক’লে-যা বাৰু। কিন্তু তাক বেছি দূৰলৈ লৈ নাযাবি।

তাৰ পিছত ৰাজাই ৰমলাৰ হাতত ধৰি ওলাই গ’ল। সিহঁত ওলাই গ’ল। সিহঁত ওলাই যোৱালৈ চাই থাকি শইকীয়াই শ্ৰীমতীক ক’ব ধৰিলে-দেখিছা, ৰমলাক পাই ৰাজাই কিমান স্ফূৰ্তি পাইছে। তাতে আকৌ দুয়োটা প্ৰায় একে বয়সৰ। ভালেই হ’ল দিয়া তাৰ খেলা-ধূলা কৰা, কথা পতাৰ লগ এটা হৈছে। যশোদাই মুখেৰে একো নামাতিলে।

অইনদিনাৰ দৰেই ৰাজা আৰু ৰমলাই গৈ পাৰ্কত বহিল। সেই সময়ত পাৰ্কত বহু ল’ৰা-ছোৱালীয়ে খেল-ধেমালি কৰি আছিল। ৰাজাইও খেলিবলৈ মন কৰি ঝুলনা এখনত বহি দুলিব ধৰিলে। ৰমলাই ভয় খাই তাক ক’লে-নামি আহা। পৰি গ’লে কি হ’ব!

কিয় পৰিম! নপৰো। আহা, তুমিও দুলিবা। ৰাজাই ক’লে।

নাই, মোৰ ভয় লাগে। ৰমলাই ক’লে।

ৰাজাই দুলি থাকিয়ে কৈ গ’ল-তুমি নেখেলাই নেকি!

খেলো। কাবাদী, লুকা-চুৰি। কিন্তু এইবোৰ আমি খেলি পোৱা নাই। আমাৰ গাঁৱত এইবোৰ নাই নহয়!

তোমালোকৰ গাঁৱত স্কুলো নাই নেকি?

আছে। ৰমলাই ক’লে।

তেনেহ’লে তুমি নপঢ়া কিয়? ৰাজাই সুধিলে।

আমি বৰ দুখীয়া মানুহ। দেউতা ঢুকাইছে। আমাক কোনে পঢ়ুৱাব! ৰমলাই দুখেৰে ক’লে।

ৰাজাই এনেদৰে ৰমলাক বিবিধ প্ৰশ্ন কৰি দুলি আছিল। তেনেতে ঝুলনাখনৰ ৰছি এডাল ছিঙি গ’ল। লগে লগে দুলি থকা ৰাজাই ছিটিকি গৈ কাষতে থলা শিলৰ দ’মটোত পৰি ভৰি এখনত আঘাত পালে। তেতিয়া ৰমলাই তাক উঠাই লৈ দেখিলে-ৰাজাৰ বাওঁভৰিৰ আঁঠুটোৰ পৰা তেজ ওলাব ধৰিছে। তাই পাৰ্কৰ ইমূৰে-সিমূৰে চাই ঔষধি গছ এডাল দেখি তাৰ পাত দুটামান ছিঙি আনি, মোহাৰি তেজ ওলোৱা ঠাইখিনিত লগাই দিলে। কিছু সময়ৰ পিছত তেজ ওলোৱা বন্ধ হ’ল যদিও ভৰিখন বিষাব ধৰিলে।

দুখে বেজাৰে দুয়ো ঘৰ-মুৱা হ’ল। ৰাজাই ভালদৰে খোজ কাঢ়িব নোৱাৰি ৰমলাৰ কান্ধত ধৰি কোনোমতে আহি ঘৰ পালে।

ৰাজাক তেনে অৱস্থাত দেখা পাই যশোদাই ঘোপাকৈ চাই তাক কোলাত তুলি লৈ গৈ কিবা কিবি ঔষধি পাত লগাই দিলে। মাকে ৰমলাক গালি দিব বুলি ৰাজাই ক’ব ধৰিলে-মা, ৰমলাৰ গাত অকণো দোষ নাই। মই নিজে পৰিছো।

পৰিলিনে! এই কুলক্ষণীজনীয়ে তোক পেলাই মাৰিলে। যশোদাই তেনেকৈ কোৱাত ৰমলাই গোটেই ঘটনাটো বিৱৰি ক’লে। তথাপি ৰমলাকে উধাই-মুধাই গালি পাৰিব ধৰাত তাই উচুপি উচুপি কান্দিব ধৰিলে।

এনেকৈয়ে দিনবোৰ গৈ থাকিল। এদিন ৰাজাই স্কুললৈ যোৱা আৰম্ভ কৰিলে। তাক স্কুলত দিয়াৰ লগে লগে মাক দেউতাকৰ দায়িত্ব বাঢ়ি গ’ল। স্কুললৈ অনা-নিয়া, পুৱা-গধূলি ৰাজাক পঢ়োৱা আদি কামত ব্যস্ত হৈ পৰা যশোদাই আগৰ দৰে ঘৰুৱা কাম-বনত বিশেষভাৱে মনোযোগ দিব নোৱাৰা হ’ল। তেনেস্থলত ৰমলায়ে ঘৰখনৰ সকলো কাম কৰি যাব ধৰিলে। কম সময়ৰ ভিতৰতে তাই ঘৰুৱা সকলোবোৰ কাম শিকি বুজি ল’লে। তাইৰ চতুৰালি দেখি শইকীয়াই শ্ৰীমতীক ক’লে-বুজিছা ৰাজাৰ মাক, ভয়-সংশয় মানুহৰ শিক্ষাৰ প্ৰধান বাধা স্বৰূপ। মানুহৰ অন্তৰত ভয় ভাব থকালৈকে কোনো কামেই ভালদৰে কৰিব নোৱাৰে। ৰমলাৰ কথাকে কৈছো- তুমি প্ৰথমতে তাইক কামতে গালি শপনি দি অহাৰ ফলত তাই কাম-বন কৰিবলৈ ভয় কৰিছিল আৰু এতিয়া তাইক কাম কৰাৰ স্বাধীনতা দিয়া কাৰণে ঘৰ এখন সুন্দৰকৈ চম্ভালিব পৰা হ’ল। গিৰিয়েকৰ কথাকিটা শুনি যশোদাই মুখেৰে একো নক’লে যদিও মূৰ দপিয়াই হয়ভৰ দিলে।

এদিনাখনৰ কথা। সেইদিনা দেওবাৰ। শইকীয়াই মাছ-পুঠি দুটামান বিচাৰি ৰাতিপুৱাই বজাৰলৈ ওলাল। ৰাজাইও দেউতাকৰ লগত যাবলৈ খোজাত বাধা দি ক’লে-তই যাব নালাগে। পঢ়ি থাক। যাবলৈ নাপাই খং কৰি সি পঢ়া সামৰি খেলিবলৈ ওলাই গ’ল। দেউতাকে গৈ বজাৰ পালে। বজাৰত ডাঙৰ ডাঙৰ মাছবোৰ দেখি শইকীয়াই চিতল মাছ এটাৰ দাম-দৰ কৰি পইচা দিবলৈ ওলাই পকেটত হাত দি দেখে, মানিবেগটো নাই। ক্ষন্তেক সময় তেওঁ চিন্তা কৰিলে-সদায়ে বেগটো পকেটত থাকে, কিন্তু আজি গ’ল ক’লৈ! তাৰ পিছত একো উপায় নেদেখি মাছটো এৰি থৈ বিষাদ মনেৰে ঘৰলৈ উভতি আহিল।

ঘৰ পায়েই শইকীয়াই নিজৰ কোঠাৰ বস্তুবোৰ ওলট-পালট কৰি মনিবেগটো বিচাৰি চলাথ কৰিলে। কিন্তু নাপালে। অৱশেষত যশোদাক সুধিলে- হেৰা, মোৰ মনিবেগটো দেখিছা নেকি?

আপোনাৰ মনিবেগৰ কথা আপুনিহে জানে। ভালকৈ চাওক। ক’ত যাব! যশোদাই ক’লে।

চালোহে। ক’তো বিচাৰি নাপালো। শইকীয়াই ক’লে।

তেনেহ’লে এইটো ৰমলাৰে কাম হ’ব – এইবুলি যশোদাই ৰমলাক মাতি ক’লে- ৰমলা, মনিবেগটো ক’ত থৈছ, ভালে ভালে উলিয়াই দে।

মই নিয়া নাই বাইদেউ। ৰমলাই ক’লে।

তই নিনিলে ক’ত যাব! যশোদাই ক’লে।

তেতিয়া ৰমলাই কান্দি কান্দি ক’লে-শপত খাই কৈছো বাইদেউ, মই নিয়া নাই।

ৰহ বাপেকে। তোক আজি.....এইবুলি এছাৰি এডাল লৈ আহি ৰমলাক উৰাই-ঘূৰাই কোবালে। তেতিয়া কাষতে ৰৈ থকা শইকীয়াই ক’ব ধৰিলে- ৰমলা, তই বেগটো ক’ত থৈছ মোক কৈ নিদিয় কিয়!

মই নিয়া নাই। ৰমলাৰ সেই একেই উত্তৰ। পুনৰ যশোদাই তাইক কোবাব ধৰিলে। কোব খাই তাই ‘আই অ মৰিলো ঔ’ বুলি টেঁটু ফালি চিঞৰিলে। তাইৰ কান্দোন শুনি কাষৰ দুই-এঘৰৰ মানুহ ওলাই আহিল আৰু তেওঁলোকৰ মাজৰ পৰা এজনে ক’লে- এনেকৈ মাৰিলে ছোৱালীজনী মৰি থাকিব। তাতকৈ তাইক ভালদৰে নোসোধে কিয়!

ইমানপৰে খেলি থকা ৰাজাই সিহঁতৰ ঘৰত চিঞঁৰ-বাখৰ শুনি ঘটনাটো বুজিব পাৰি দৌৰ মাৰি আহি ঘৰত সোমাল আৰু হাতত মনিবেগটো লৈ ওলাই আহি ৰমলাক আগচি ধৰি সি মাকক ক’লে- তাইক নামাৰিবা, মনিবেগটো মই লুকুৱাই থৈছিলো।

কি! কিন্তু কিয়? যশোদাই আচৰিত হৈ সুধিলে।

ৰাজাই ক’লে-ৰাতিপুৱা দেউতাই মোক বজাৰলৈ লৈ নোযোৱা কাৰণে।

ৰাজাৰ মুখৰ কথাষাৰ শুনি শইকীয়া আৰু শইকীয়ানী দুয়ো শিল পৰা কপৌৰ দৰে নিমাত হৈ ৰ’ল। সমবেত ৰাইজৰ মাজত গুণগুণনি উঠিল- দেখিলেনে! বিনাদোষত ছোৱালীজনীক কেনেকৈ কোবালে! বেচেৰী বিষতে কেঁকাব ধৰিছে।

ৰাইজৰ মাজৰ পৰা আন এজনে খঙেৰে ক’লে-শুনক শইকীয়া, লোকৰ ঘৰৰ ছোৱালী এজনীক আনি এনেকৈ মাৰ-ধৰ কৰাটো আপোনালোকৰ উচিত হোৱা নাই। আইনমতেও চৈধ্য বছৰৰ তলৰ ল’ৰা-ছোৱালীৰ দ্বাৰা কাম কৰোৱাটোৱে অপৰাধ। ইচ্ছা কৰিলে আমি আপোনালোকক দণ্ড দিয়াব পাৰো।

ৰাইজৰ কথা শুনি শইকীয়া-শইকীয়ানী দুয়ো গহীন হৈ পৰিল। দুয়ো সমবেত ৰাইজৰ ওচৰত নিজৰ ভুল স্বীকাৰ কৰি ক্ষমা খুজিলে আৰু ৰমলাক নিজৰ ছোৱালীৰ দৰে মৰমেৰে ৰাখিব বুলি কথা দিলে।

নীতি কথা: প্ৰমাণ অবিহনে সন্দেহবশত: কোনো ব্যক্তিক শাৰিৰীক, মানসিকভাৱে আঘাত কৰাটো বিবেচকৰ কাম নহয়।

লেখিকা: ৰীণা দেৱী।

2.98275862069
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top