মূল পৃষ্ঠা / শিক্ষা / অসমৰ সংস্কৃতি / অসমীয়া কৃষ্টিৰ চমু আভাস:বিষ্ণুপ্ৰসাদ ৰাভা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

অসমীয়া কৃষ্টিৰ চমু আভাস:বিষ্ণুপ্ৰসাদ ৰাভা

অসমীয়া কৃষ্টিৰ চমু আভাস:বিষ্ণুপ্ৰসাদ ৰাভা

এক

কৌটিকলীয়া অসমী আইৰ আহল-বহল চেনেহৰ সঁফুৰা, বুকুৰ মাজৰ পৰা কৌটি মানুহৰ ভিতৰত ৰাইজৰ চৰণৰ ধূলি এই নিঃকিন জনে যে আপোনালোকৰ হিয়া চালনীত কেনেকৈ ঠাই পালে, তাক ভাবি উলিয়াবৰ শকতি এই মূৰুখমতিৰ নাই। লুইতপৰীয়া ডেকা এজনক যে আপোনালোকে এনেকৈ চেনেহৰ আগভাগ দি মাতি আনি আপোনালোকৰ বৰ সবাহৰ বৰ পুৰোহিত কেনেকৈ পাতিলে তাৰ কাৰণেও এই অভাজনৰ কল্পনাই ঢুকি নাপায়। এনে বৰ ভাৱনাত যদি বহুৱা সাজোঁ, অথবা ভুচং পহু হওঁ তাৰ বাবে যেন মোক হিয়াৰ বান্ধৈ বুলি আপোনালোকে ক্ষমা কৰে। গতিকে এনে সন্মিলনীৰ নিচিনা বৰ সবাহৰ কাম যাতে সুকলমে হয়, তাৰ বাবে লাগে আপোনালোকৰ প্ৰীতি, চেনেহ, আশিস আৰু সহানুভূতি। এই প্ৰীতি, চেনেহ, আশিস আৰু সহানুভূতিয়েই মোৰ পাশুপত অস্ত্ৰ।

পোনপোনতে আপোনালোকক অতিকৈ চেনেহৰ মুগাৰে মহুৰা, অতিকৈ চেনেহৰ মাকো, তাতোকৈ চেনেহৰ ৰঙালী বিহু-ব’হাগীৰ ওলগ জনাওঁ। তাৰ লগে লগে মৰমৰ দীঘ দি চেনেহৰ মাতৰ বাণি লৈ হেঁপাহৰ আঁচুৰে বোৱা হিয়াৰ বিহুৱান গামোছা এখনো আগবঢ়াওঁ। তাৰ লগে লগে চেনেহৰ পেঁপা বজাওঁ, হৃদয়ে হৃদয়ে তাল জুৰি বাওঁ, হিয়াই হিয়াই টকা কোবাওঁ, কামি হাড়ৰ বৰতীৰে সিয়া বুকুৰ কলিজাৰ ঢোলত কোব দিওঁ। সিবিলাকৰ তিঁহিটি তিঁহিটি সুৰীয়া মাতৰ ছেৱে ছেৱে, তালৰ ছাবে ছাবে, টকাৰ তালে তালে, ঢোলৰ কোবে কোবে কনিহা বিহুতলিত দল্দোপ হেন্দোলদোপকৈ নাচি উলহ-মালহ, উখল-মাখল লগাওঁ। লগে লগে চেঙেলীয়া চফল ডেকাসকলৰ লগত পথাৰত, বালি চাপৰিত ঘিলা, ঢোপ হাফলু আদি খেলোঁ। আয়তী ভনীসকলৰ চেনেহ লওঁ, বিহুৱান আদি গ্ৰহণ কৰোঁ, ভাইসকলৰ মৰমৰ সুৱাগ তোলোঁ; বুঢ়া-মেঠাসকলৰ প্ৰতি সেৱা জনাওঁ; নিৰ্দ্দেশ উপদেশ শুনো; শেহত হুঁচৰি গাই বিহুৱা দলৰ মাজত সোমাই নতুন তেজেৰে কৰ্ম্মক্ষেত্ৰত নামো।

এনে যি বিহু, সেই বিহুলৈ যে অসমীয়াৰ ইমান মৰম, ইমান চেনেহ, ইমান ধাউতি আৰু তাৰ কাৰণে যে ইমান যো-যা কিয়? এই বিহু-ব’হাগী ৰঙিলী, ৰাঙলী, তাৰ আগ জাননী দি যায় জটায়ুৰ জীয়াৰী, গৰুণ্ডৰ বোৱাৰী বৰদৈ চিলাই হিল্-দোল্ কোবাই।

তেতিয়াৰ পৰা অসমীয়াই সাজু হয় ন-সাজেৰে সাজি বিহুৰ ওলগ জনাবলৈ। ঘৰৰ চোতালত তাঁতৰ শালৰ ছালি মাৰিৰ তলৰ নাচনীহঁতে নিগৰি খুঁটিত খাপ খাই থকা গৰকাৰ চেৱে চেৱে নাচি জাকি তোলে, জাকিৰ মাজে মাজে অতিকৈ চেনেহৰ মহুৰাৰে সৈতে অতিকৈ চেনেহৰ মাকো, আয়তীসকলৰ চম্পাকলীয়া পাজি সেৰীয়া আঙুলিৰ পৰা উফৰি পৰিবলৈ ধৰে; লগে লগে দোপতিৰ মাজৰ ৰাচৰ তাঁৰ মৰাৰ লগে লগে পুতল দুটা আগুৱাই বগাই যায় আৰু কাণমাৰিয়ে পাক দিয়াৰ লগে লগে টুলুঠাও ঘূৰিব ধৰে। ঘৰে ঘৰে চোতালে যঁতৰ শলাৰ ঘৰ্ ঘৰনি উঠে, উঘা, চেৰেকী, লেটাই ঘূৰ্ পাক খায়। চ’তৰ সংক্ৰান্তিত, প্ৰকৃতিক কুঁহি কুঁহি পাতেৰে ৰূপহী ফুল কলিৰে সজাই পৰাই। জানজুৰি নৈৰ পাৰে পাৰে গৰু-ম’হৰ জাকৰসৈতে ল’ৰা-ছোৱালী, ডেকা-তিৰোতা, বুঢ়া-বুঢ়ীসকলে জুম বান্ধে ভেটো গছৰ ডালেৰে, মাখিয়তী দীঘলতী পাতেৰে ‘লাও খা বেঙেনা খা দিনে দিনে বাঢ়ি যা; মাৰ সৰু বাপেৰ সৰু তই হবি বৰ বৰ গৰু’ গাই গৰু, ম’হ, ছাগলীৰ গাত লাও-বেঙেনা ডোখৰেৰে কোবাই নিজে লবনু গাত মাহ হালধী, খলিহৈ ঘঁহি পানীত বুৰমাৰি জুবুৰিয়াই চুৰিয়া, চাদৰ, চেলেং, ভমকা ফুলীয়া মেখেলা, কেচ দিয়া ৰিহা ফুলাম লটিয়াই ঘৰলৈ উভটি ঘৰে ঘৰে, পথাৰে পথাৰে, চাপৰিয়ে চাপৰিয়ে ব্ৰহ্মপুত্ৰৰ পাৰৰ বৰ্হমথুৰি গছৰ জোপা বিলাকৰ তলে তলে বিহু খাই, তামোল খাই সেলেঙী লগাই ন-সাজেৰে সাজি-কাচি, নাচি-বাগি খেলি-উমলি ৰঙত দেহা উটুৱাই দিয়ে। গাভৰুসকলৰ ঘিলা খোপাত নেঘেৰী খোপাত কলডিলীয়া খোপাত, কপৌ বিহুৱা আদি নানা তৰহৰ ফুলে শুৱাই ধৰে। বিহগ-বিহগীৰ কাকলি বিতানৰ লগে লগে ডেকাহঁতৰ পেঁপা, ঢোল, তাল, টকা একেলগে বাজি উঠে, শেহত ডেকা-গাভৰুৰ সুৰীয়া মাতৰ অমিয়া নামৰ জাউৰি উঠে। সন্ধিয়াৰ লগে লগে হুঁচৰিদলে “দেউতাৰ পদুলিত গোন্ধাইছে মাধুৰী কেতেকী মলে মলায় ঐ গোবিন্দাই ৰাম” বুলি পদুলিয়ে পদুলিয়ে ঢোল, তাল, টকাৰ ছাবে ছাবে বজাই গাই ফুৰে। সত্ৰ-নামঘৰ বিলাকত খোল, তাল, ডবা, নাগৰাৰে নাম-ঘোষা আদি মুখৰিত হয়। খৈলুৱৈ দলে খেলা কৰে, গোলা হাফলু কচুগুটি, ঢোপ আদি আৰু পচি খেলে, নাৱ খেলে, ম’হ, হাতী যুঁজায়। কেৱল ভৈয়ামৰ বিহুৱাসকলেই যে এনে কৰে, সেয়া নহয়— পৰ্ব্বতীয়া আৰু দাঁতিয়লীয়া ডেকা-গাভৰুসকলেও এনে অতিকৈ চেনেহৰ বিহু পাতে। নগা চাঙত টিংখাং বাজি উঠে, খাচীয়া পাহাৰৰ খাচী “কান্থেই”, অপেচৰীসকলে “উখ্ পিং”, “কাঞ্জৰী তাৰ”, “পান্সিনিহাৎ” আদি গঢ়ানা-গহনা পিন্ধি “কাবাম”ৰ ছেৱে ছেৱে “নংক্ৰেম” নাচ নাচে। দেউৰী চাঙৰ ফালে বিহুৰ তলিত পূজা-পাতল পাতি ডেকা-গাভৰুৱে “দিৰঙীয়া” চুটিয়া ভাষাত নাম গাই নাচে বাগে, মিৰি কণেংচংনেংইহঁতে বনগীত “অ’ নিতম” গাই গাত লহৰ তোলে। মৰাণহঁতৰ মৰাল ঘৰৰ এটা কোঠাত ডেকাদলে, আন এটা কোঠালিত গাভৰু জাকে নাম জুৰি বিহু পাতে, বৰো-কছাৰীসকলৰ মাজত ডেকা ‘ঝহ্ লাও’ ‘লৰাগঠো’সকলে ‘চিফুং’ বাঁহী, জোথা তাল বজায় আৰু “গাভৰু-চিখলা”সকলে নতুন ফুলাম দখনা-মেখেলা, পিন্ধি গংগনা-গগনা বজাই হালে জালে, কাছাৰৰ ডিমাছা-কছাৰীসকলে বসতি কৰা অঞ্চলত মঃৰি পেঁপা খাৰাম ঢোলৰ ছেৱে ছেৱে “ৰিগু” মেখেলা, ‘‘ৰিজাংফাই’’ ৰিহা আৰু ‘‘ৰিখা ওছা’’ চাদৰ পিন্ধি কছাৰী-মাঠলা গাভৰুসকলে নগাসকলৰ লগত হেলাৰঙে নাচে-বাগে, “হাচৰী” হুঁচৰি গাই উমলে আৰু ‘বিষু’ বিহু মেলা পাতে। মণিপুৰীয়া মৈতে লৈপাক’ৰ (মিশ্ৰিত জাতিৰ দেশৰ) লাইছবি (নাচনী) “মগলৌ’’ কুঁৱৰীসকলে ডেকাসকলৰ লগত ‘থাংজিং’ বৰষুণ দেৱতাৰ উপলক্ষে “লাই-হাৰওবা” নৃত্য কৰে, আৰু কত কি? ইমান যো-যা ইমান আয়োজন কিয়? পুৰণি বছৰৰ সামৰণি আৰু ন-বছৰৰ পাতনিৰ সন্ধিতে এনে প্ৰদৰ্শনী কিয়? এইয়া হৈছে অসমীয়াৰ প্ৰাচীন প্ৰথা, প্ৰাচীন কৃষ্টি আৰু প্ৰাচীন সভ্যতাৰ নিদৰ্শনৰ বিৰাট মেলা। এই মেলাতেই বুজা যায় অসমীয়াই অসমীয়াৰ কৃষ্টি, প্ৰথা আৰু সভ্যতা কিমানখিনি ৰাখিব পাৰিছে। এই প্ৰদৰ্শনীতেই ধৰা পৰে অসমীয়াই নিজত্ব বজাই ৰাখি প্ৰগতিশীল কৃষ্টিৰ বাটত নে সৰ্বনাশী বিলীনতাৰ পথত।

দুই

ভৌগোলিক পৰিৱেশ আৰু ইতিহাসৰ বোঁৱতী সূঁতিত অসমৰ কৃষ্টিৰ ক্ৰম বিকাশ আৰু ক্ৰম বিৱৰ্ত্তনৰ ফলত আজি অসমীয়াৰ এনে আধুনিক দুৰৱস্থা। আজি মনত পৰে পাঁচ ছয় হেজাৰ বছৰৰ আগৰ কথা। হয়তো পোন্ধৰ হেজাৰ বছৰো পূৰ্ব্বৰ আদিম কাহিনী, যেতিয়া অসভ্য উলঙ্গ, বৰ্ব্বৰ যুগত শ্ৰেণীহীন, জাতিহীন, গ্ৰামীন সভ্যতা আছিল। সেই সময়তে এই আদিম বৰ্ব্বৰ খাদ্যৰ সংগ্ৰাহক অসমীয়াই গছ-লতাৰ ফল-মূল-পাত খাই আৰু পশু চিকাৰ কৰি তাৰ মঙহেৰে জীৱিকা নিৰ্ব্বাহ কৰিছিল। ঘৰ্ষণৰ ফলত অগ্নিৰ সৃষ্টি হ’ল। আদিম অসমীয়াই টিঙিৰী আৱিষ্কাৰ কৰিলে। অগ্নিত পুৰি মঙহ খাবলৈ জানিলে। গুটি সিঁচি ধৰণীৰ বুকুত শস্য উলিয়াই প্ৰাণ সঞ্চাৰ কৰিব পৰা দেখি আনন্দ লভিলে, মাটি আনি গঢ় দি বাচন-বৰ্ত্তন, পুতলা সাজিবলৈ শিকিলে, বাঁহৰ চুঙাত, শিলত, মাটিত গছ, লতা, ফুল, পশু আদি ছবি আঁকি হেলাৰঙেৰে ফুৰিলে। শেষত এনে শ্ৰেণীহীন বৈষম্যবিহীন বৰ্ব্বৰ গোষ্ঠী সমাজৰ জীৱন উৎস হ’ল ভাতৃভাৱ আৰু পাছত মাতৃভাৱেই ৰূপান্তৰিত হ’ল মাতৃ মূৰ্ত্তিত। গতিকে আদিম যুগৰ এনে কোনো বিশেষ নিদৰ্শন নাথাকিলেও আজিও আমাৰ আদিম যুগধৰ্মী অসমীয়াসকলৰ কাপোৰৰ ফুলত, বাঁহৰ চুঙাত, গাহৰী দাঁতত, শিঙত আদিত সেই প্ৰস্তৰ যুগীয়া অস্পষ্ট নাৰী মূৰ্ত্তিৰ আভাস পোৱা যায়। নাৰীয়েই হ’ল মানৱ শিশুৰ মাতৃ। কাৰণ নাৰীৰ গৰ্ভতেই শিশুৰ বীজ উপ্ত থাকে। শিশুৰ জন্ম হয়, যেন সেই নৱজাত শিশু নতুন শস্যহে। মাটিও ঠিক তেনেকুৱাই মাতৃ হে। গতিকে ধৰিত্ৰী দেৱী হ’ল নাৰী। কাৰণ ধৰিত্ৰীৰ গৰ্ভতে গুটি সিঁচা হয়, সেই গুটিৰ পৰা পুলি হয়, সেই পুলিয়েই বাঢ়ি শেষত শস্য হয়। সেই কাৰণে ধৰিত্ৰীয়েই নাৰী। যেনেকৈ বৰ্ব্বৰ যুগৰ কামনা-বাসনাই এই মাতৃভাৱকেই কেন্দ্ৰ কৰি আত্মপ্ৰকাশ কৰিছিল। গোষ্ঠী-নৃত্য আৰু সঙ্ঘোৎসৱৰ ভিতৰেদি, তেনেকৈ বসন্তকালত যেতিয়া কুলিয়ে গাইছিল, চতুৱা চৰায়ে সুহুৰিয়াইছিল, গছৰ ডালে ডালে, ঠালে ঠালে, ঠেৰুৱে ঠেৰুৱে কুঁহি কুঁহি সেউজীয়া পাতে মলিয়াইছিল, গোটেই ধৰিত্ৰীৰ বুকু সেউজবুলীয়া ঘাঁহনিৰে ওপচি পৰিছিল, তৰু, লতা, বনত ফুলে পাতে ভৰি উঠিছিল, তেতিয়া আদিম অসমীয়াই জানিছিল পুৰুষ-নাৰীৰ যৌন জীৱনৰ সৈতে ধৰণীৰ শস্যৰ নিবিড় সম্বন্ধ। সেই সম্বন্ধৰ অনুপ্ৰেৰণাই আদিম-অসভ্য অসমীয়াৰ প্ৰাণত জগাই তুলিছিল এটা সূক্ষ্ম অনুভূতি। সেই অনুভূতিৰ ফলত হ’ল নাৰী-পুৰুষৰ যৌন মিলনক কেন্দ্ৰ কৰি যৌথ সঙ্ঘৰ প্ৰাচীন নৃত্যৰ উদঘাত। প্ৰাচীন নাৰী আৰু মাতৃ মূৰ্ত্তিবিলাকেই শেহত দেৱীমূৰ্ত্তি হ’ল। সিবিলাকৰ পূজাৰ বাবে যি গোষ্ঠী নৃত্য আৰু সঙ্ঘোৎসৱৰ সৃষ্টি হ’ল, সেই গোষ্ঠী নৃত্য আৰু সঙ্ঘোৎসৱৰ ক্ৰমবিকাশৰ ফলত হ’ল পূজা-পাতল, নাম-কীৰ্ত্তন ইত্যাদি আৰু নাৰী-পুৰুষৰ যৌথসঙ্ঘৰ যি প্ৰাচীন নৃত্যৰ উদঘাত হৈছিল সেই প্ৰাচীন নৃত্যৰ পৰাই বিহুনাচ বিৰিঙি উঠিল। শেহত তাম্ৰ যুগ গ’ল, ব্ৰোঞ্জযুগ গ’ল, লৌহ যুগ গ’ল, মধ্য যুগ গ’ল, অৱশেষত এই আণৱিক যুগতো আদিম প্ৰেৰণাৰে বশীভূত অসমীয়াৰ ওচৰত এই বিহুনাচ সমানে আদৰ পাই আছিল, আছে আৰু ভৱিষ্যতেও থাকিব। আদি যুগত এই যৌথ সঙ্ঘ নৃত্যত পুৰুষে প্ৰধান ভাও পাইছিল। তেতিয়াৰে পৰা পুৰুষৰ মূৰ্ত্তি চিত্ৰত প্ৰতিফলিত হ’ল। শেষত সেই পুৰুষৰ মূৰ্ত্তি দেৱতাৰ দৰে পূজিত হ’বলৈ ধৰিলে।

পূজাৰ বাবে গোষ্ঠী নৃত্য আৰু পূজা সঙ্ঘোৎসৱাদিৰ যি পদ্ধতি ৰচিত হ’ল তাক ‘মাৰ্গ’ বুলি অভিহিত কৰা হ’ল আৰু যৌথ সঙ্ঘৰ নৃত্যৰ যি পদ্ধতি ৰচিত হ’ল তাক ‘দেশী’ বোলা হ’ল। ‘মাৰ্গ’ত এটা ধাৰাবাহিক পদ্ধতি থাকিল, কিন্তু ‘দেশী’ত কোনো পদ্ধতি নাথাকিল, কেৱল তাত স্বতঃস্ফুৰিত অনুভূতিহে প্ৰকাশিত হ’ল। লগে লগে তাত গীত আৰু বাদ্য সংযুক্ত কৰা হ’ল। নৃত্য, গীত, বাদ্যৰ সমাবেশত সঙ্গীত সৃষ্টি হ’ল। গতিকে সঙ্গীত মানে কেৱল গীতেই নহয়, সঙ্গীতৰ অৰ্থ হৈছে গীত, বাদ্য আৰু নৃত্যৰ সমাবেশ। সঙ্গীতক ‘তোৰ্যত্ৰিক’ও বোলে। পদ্ধতিৰ আশ্ৰয় লৈ যি সঙ্গীত, সেই সঙ্গীতেই হৈছে ‘মাৰ্গ’ সঙ্গীত। কিন্তু পদ্ধতিৰ আশ্ৰয় নোহোৱাকৈ স্বতঃস্ফুৰিত সঙ্গীত, সেই সঙ্গীতেই হৈছে ‘দেশী সঙ্গীত’। শুক নান্ন্যা ব্যাহকীৰ্ত্তন, ওজাপালি, ভাওনা আদিৰ নৃত্য-গীত-বাদ্য হৈছে ‘মাৰ্গ’ সঙ্গীত, কিন্তু গৰখীয়া গীত, বাৰমাহী গীত, দেহবিচাৰ গীত, বিয়ানাম, আইনাম, বিহুনাচ, বিহুনাম, অইনিতম আদি হৈছে ‘দেশী’। লোকসঙ্গীতৰ বেছি ভাগেই দেশী সঙ্গীতৰ শাখাত পৰে।

নৃত্যৰ আদিতে অসমৰ আদিম মানৱে অঙ্কন কৰিছিল। সেই অঙ্কনৰ আদৰ্শ আছিল গছ, লতা, পশু-পক্ষী এইবিলাকেই। শেহত নাৰী মূৰ্ত্তি গঠিত হ’ল। সেই নাৰী মূৰ্ত্তি আঁকিবৰ প্ৰেৰণা পোৱা হ’ল মাতৃৰ পৰা। দৰাচলতে সেই মূৰ্ত্তিবিলাকেই মাতৃ মূৰ্ত্তি আছিল। সেই মাতৃ মূৰ্ত্তিত পৰিণত হ’ল। সেই দেৱী মূৰ্ত্তিয়ে আদিপ্ৰস্তৰ যুগৰ পৰা আজিও অসমীয়াৰ পূজা খাই আছে।

যৌথসঙ্ঘনৃত্যৰ পৰা মানৱে পুৰুষৰ মূল্য বুজিলে, সেই পুৰুষৰ মূৰ্ত্তিও শেহত প্ৰতিফলিত হ’ল। অৱশেষত সেই পুৰুষৰ মূৰ্তিবিলাক দেৱতাৰ দৰে পূজিত হ’ল। আদিম অঙ্কনৰ চিন শিলত, গুহাত, মাটিত প্ৰতিফলিত হ’ল। তাৰ আদৰ্শৰ চাব আদিযুগৰ পৰা বস্ত্ৰ-বয়নশিল্প আৱিষ্কাৰ হোৱাৰ লগে লগে কাপোৰতো পৰিল। গতিকে আজিও আদিম শিল্পৰ চানেকী অসমৰ আদিম অধিবাসীসকলৰ কাপোৰত, বাঁহৰ চুঙাৰ গাত ইত্যাদিত দেখা যায়। এইদৰে ক্ৰমবিকাশৰ ফলত এই অঙ্কনৰো এটা পদ্ধতি প্ৰথা গঠিত হ’ল।

অঙ্কনৰ তিনিবিধ নিয়ম হ’ল। তুলাপাতত বা সাঁচিপাতত বিবিধ ধৰণেৰে আঁকি মূৰ্ত্তিক ‘আলেখ্য’ বোলা হ’ল; সমান শিলৰ বুকু কাটি গঢ়া মূৰ্ত্তিক ‘চিত্ৰাৰ্দ্ধ’ বোলা হ’ল আৰু গোটেই মাটি বা শিল কাটি আগ পিছ দেখুৱাই গঢ়া মূৰ্ত্তিক ‘চিত্ৰ’ বোলা হ’ল। গতিকে আমি কাকতত যি ছবি দেখোঁ, সি আলেখ্যহে, ‘চিত্ৰ’ নহয়। সৰস্বতী আদি দেৱ-দেৱীৰ মূৰ্ত্তি গঢ়ি যাক আমি পূজা কৰোঁ, সি ‘চিত্ৰ’হে আৰু ‘চিত্ৰাৰ্দ্ধ’ হৈছে relief মূৰ্ত্তি। মূৰ্ত্তি গঢ়া বা বচাৰ পদ্ধতিৰ যি শাস্ত্ৰ তাক ‘মান-সাৰ’ বোলে। অসমত চাৰি শতিকাৰ পৰা এই ‘মান-সাৰ’ৰ দিহা মতে মূৰ্তি গঢ়া হ’ল। সেই মূৰ্ত্তিবিলাক গোটেই অসমতে সিঁচৰতি হৈ আজিও পৰি আছে।

তিনি

প্ৰাগজ্যোতিষপুৰ, ডিমাপুৰ, পথিমীনগৰ, হাৰূপেশ্বৰ আদি নগৰ পত্তনৰ লগে লগে লিখন-কলাৰ বিশেষ বিস্তাৰ হোৱাৰ পাছত অসমতো প্ৰগতিৰ দ্ৰুতগতি হ’ব ধৰিলে; এই লিখন-কলা আদিম সভ্যতাৰ কালত কি আছিল ক’ব নোৱাৰোঁ, তথাপি ‘লুংডিং’ (লামডিং) অঞ্চলৰ বৰলাংফেৰ আবাসী এজন ডিমাছা কছাৰীয়ে মোক যিকেইটা আখৰ দেখুৱাইছিল তাৰ পৰা বুজা যায় যে আদিম অসমতো সুকীয়া আখৰ আছিল। শেহত সংস্কৃত প্ৰকৃতিৰো প্ৰচলন অসমত হৈছিল, কিন্তু শেহত যেতিয়া গোটেই ভাৰতবৰ্ষ জুৰি বৌদ্ধ ধৰ্ম বিয়পি পৰিল আৰু অসমত তন্ত্ৰ-মন্ত্ৰৰ প্ৰসাৰ হ’ল; সেই এটা যানৰ তন্ত্ৰ-মন্ত্ৰ গুপুতিয়াকৈ ৰাখিবৰ কাৰণে তন্ত্ৰ-মন্ত্ৰৰ কেন্দ্ৰস্থল কামাখ্যাত এবিধ বৰ্ণমালাৰ সৃষ্টি হ’ল। শেহত বৰ্ণমালাই অসম আৰু বঙ্গত নিজভাষাৰ বৰ্ণমালা বুলি পৰিচিত হ’ল। সেই বৰ্ণমালা অসমীয়া আৰু বঙালী ভাষাত আজিও চলি আহিছে। যি কি নহওক, সংস্কৃত সাহিত্যই অসমত এটা নতুন সভ্যতাৰ ঢৌ আনিলে। নৰকাসুৰে অসমৰ শ্ৰেণীহীন, জাতিহীন গোষ্ঠী সমাজ ভাঙিলে হয়, কিন্তু সেই বিদেশী আসুৰীয় সংস্কৃতি তেতিয়াৰ অসমত টনকিয়াল হ’ব নাপালে। কাৰণ তেতিয়া অসমত তথা কামৰূপত আদিম সভ্যতাৰ আদিম দেৱতা ‘শিব্ৰই’ বা শিৱৰ আধিপত্য এই সংস্কৃতিয়ে গুচাব নোৱাৰিলে। শেষত দ্বাৰকাৰ পৰা শ্ৰীকৃষ্ণ আহিল। নৰকাসুৰক বধ কৰি তেওঁৰ পুত্ৰ ভগদত্তক ৰজা পাতি নিজৰ কৃতজ্ঞ কৰি ৰাখি ষোল হেজাৰ অসমীয়া গোপিনী গাভৰুক নিজ ঠাইলৈ লৈ গ’ল। সেই শ্ৰীকৃষ্ণই সৌমাৰৰ পৰা ভীষ্মক জীয়ৰী ৰুক্মিণী আইদেউক হৰি নিলে আৰু সেই শ্ৰীকৃষ্ণৰ নাতিয়েক অনিৰুদ্ধই বানৰ জীয়ৰী শোণিত কুঁৱৰী ঊষাদেৱীক গন্ধৰ্ব্ব মতে বিবাহ কৰিলে। এইদৰে অসমৰ আদিমবাসীসকলৰ লগত সম্বন্ধ পাতি শ্ৰীকৃষ্ণই পোনপোনতে বৈষ্ণৱ ধৰ্ম্ম প্ৰচাৰ কৰিলে আৰু নতুন সভ্যতা আৰু সংস্কৃতি স্থাপন কৰিলে। তেতিয়াৰ পৰা বৰ্ণ বৈষম্য হ’ল। জাতিভেদ সৃষ্টি হ’ল। আদিম জাতিহীন, শ্ৰেণীহীন গোষ্ঠী-সমাজ চুৰ্মাৰ হ’ল। এনে পৰিৱৰ্ত্তন হ’লেও লিখন কলাৰ প্ৰকাশৰ লগে লগে নানা ঘাত-প্ৰতিঘাতৰ মাজেদিও অসমৰ কৃষ্টি আৰু সভ্যতা এটা বিশেষ গঢ় লৈ প্ৰগতিৰ বাটত দ্ৰুত গতিৰে আগুৱাবলৈ ধৰিলে।

এই অসুৰ বংশৰে শেষ ৰজা কুমাৰ ভাস্কৰ বৰ্ম্মনৰ দিনৰ অসমীয়া কৃষ্টিৰ চূড়ান্ত আভাস পোৱা যায়। কুমাৰ ভাস্কৰ বৰ্ম্মনে মগধৰ ৰজা হৰ্ষবৰ্দ্ধনৰ লগত বন্ধুত্ব পাতিবৰ কাৰণে তেওঁৰ পৰম বিশ্বাসী হংসবেগ নামৰ দূত এজনৰ লগত আভোগ ছত্ৰ হীৰা-মুকুতা পতোৱা বহুমূলীয়া অলঙ্কাৰ, ৰজাৰ মুকুটৰ ওপৰত পতাবৰ উপযুক্ত উজ্জ্বল মণি, ডিঙিত পিন্ধা কেইডালমান মহামূল্য হাৰ, নানা তৰহৰ ৰং বুলোৱা চিত্ৰিত বেতৰ জপাৰ ভিতৰত নিয়া ধুনীয়া ধুনীয়া বগা ৰেচমী কাপোৰ, ঝিনুক শঙ্খ আৰু ‘মচ’ নামৰ মণিৰ পানপাত্ৰ, কৃষ্ণসাৰ পহুৰ ছালৰ সোণ খটোৱা সঁজুলি, ভূৰ্জ্জপত্ৰৰ দৰে মিহি আৰু কোমল কৌষেয় বস্ত্ৰ (এডি, মুগা, পাট), কোমল আৰু চিত্ৰ-বিচিত্ৰ কাপোৰেৰে সজা হৰিণ পহুৰ আকৃতিৰ গাৰু, আন আন শোৱা সঁজুলি, নীল পীত বৰণৰ সুন্দৰ ধুনীয়া কাপোৰৰ পৰা বেতেৰে সজা বহা আসন, সদুপদেশপূৰ্ণ সাঁচিপতীয়া পুথি, তামোল গছৰ পাতেৰে সজা টোমৰ ভিতৰত নিয়া বগা-ৰঙচুৱা-সেউজীয়া বৰণৰ ফল, এবিধ গছৰ পাতেৰে আৰু বাঁহেৰে সজা পাত্ৰৰ ভিতৰত নিয়া অতি সুগন্ধি আৰু সোৱাদেৰে আমৰ ৰস, অগৰু তেল, পাট কাপোৰৰ মোনাত সুমুৱাই নিয়া ক’লা অগৰু, হৰি চন্দন, বৰষুণৰ শিলৰ দৰে বগা কৰ্পূৰ, মৃগনাভি কস্তুৰী, নানা বিধ ফল, ককোল গছৰ পাত, লং গছৰ ফুলকুমলীয়া পাত আৰু জাইফল থোপা, জুলীয়া গুড়ৰ কলহ, বগা আৰু ক’লা চোৱৰ, ছবি আঁকিবলৈ তুলি, নানা ৰঙৰ মহীৰে ভৰা মহীচুঙা, কেতবোৰ অঁকা ছবি, পৰিষ্কাৰ অঙ্কনযোগ্য পট, গলত শিকলি লগোৱা কিন্নৰ জাতীয় মানুহ এযোৰ, এযোৰ বনমানুহ, দুটা জলমানুহ, পোৱালী মণিৰ পিজৰাৰ ভিতৰত সুমুৱাই নিয়া এহাল চাকৈচকোৱা, কস্তুৰী মৃগ, সোণৰ পানী চিত্ৰত ‘বেতৰ পিজৰা’ৰ ভিতৰত নিয়া মাত লোৱা ভাটৌ, মইনা আদি চৰাই, গজমুকুতা খটোৱা হাতীদাঁতৰ কণ্ডল ইত্যাদি যিবিলাক উপঢৌকন পঠিয়াইছিল, সেই উপঢৌকনবিলাকে নিশ্চয় তেতিয়াৰ অসমীয়া কৃষ্টি আৰু সভ্যতাৰ যথেষ্ট চিনাকি দিছিল। আজিও ‘হৰ্ষ-চৰিত’ পঢ়িলে প্ৰকৃত অসমীয়াৰ বুকু ফুলি উঠে। এই ভাস্কৰ বৰ্ম্মনৰ দিনতে প্ৰথম সংস্কৃত ভাষাত অসমীয়া ঠাচৰ আখৰেৰে লিখা তমৰ ফলি আৰু নালন্দা বিশ্ববিদ্যালয়ত নিজ নাম মৰা শিল-মোহৰ পোৱা যায় আৰু সেইবিলাক পঢ়ি ভাস্কৰ বৰ্ম্মনৰ আদি পুৰুষৰ সমসাময়িক ইতিবৃত্ত জানি অসমীয়াই আনন্দ উপলব্ধি কৰিব পাৰে। তদুপৰি য়ুৱান চাং-এ অসমলৈ আহি তেতিয়াৰ কামৰূপৰ (চীনা ভাষাত ‘কা মো লু পো’) বিষয়ে এটা বিৱৰণ প্ৰকাশ কৰিছিল। চীনা পৰিব্ৰাজক য়ুৱান চাঙৰ বিৱৰণী পঢ়ি আৰু ‘হৰ্ষ-চৰিত’ত অসমীয়া ৰাজদূত হংসবেগৰ উপঢৌকনৰ বিষয়ে জানিব পাৰি এয়ে মনত হয় যে তেতিয়াৰ অসমত বেছি অংশতে উলঙ্গ, বৰ্ব্বৰ আদিম সভ্যতা থকা সত্বেও এনে এটা উন্নত সভ্যতা বিৰাজ কৰিছিল, যি সভ্যতা ভাৰতৰ সেই কালৰ কৃষ্টি-সভ্যতাতকৈ কোনো গুণে হীন নাছিল। এয়া হ’ল অসমৰ প্ৰায় সপ্তম শতিকাৰ কৃষ্টি আৰু সভ্যতাৰ আভাস।

তদুপৰি হাটুপেশ্বৰ বা হাটকেশ্বৰ হৰ্জ্জৰ বৰ্ম্মনৰ, বনমালদেৱৰ, বল বৰ্ম্মনৰ, ইন্দ্ৰপালৰ, বৈদ্যদেৱৰ তামৰ ফলি আৰু শিলৰ ফলিয়ে তেতিয়াৰ সভ্যতা, নৃত্য, গীত আদি কৃষ্টিৰ পৰিচয় দিয়ে। সিবিলাকৰ বৰ্ণনা পঢ়িলে তেতিয়াৰ সৌন্দৰ্য্য-পিপাসা আৰু ৰসাল সাহিত্যৰ চমু পৰিচয়ৰ আভাস পোৱা যায়। আহোম, চুটিয়া, কছাৰী, কোচ আদি ৰজাৰ ফলিও তথৈবচ। কানাই বৰশী বোৱা শিলাৰ লেখাও তেনে। নেপালৰ লিচ্ছবি বংশৰ ৰজাইও কামৰূপ জীয়ৰী ৰাজমতীক বিবাহ কৰিছিল, সেই সুদূৰ সম্পৰ্কও যে সভ্যতাৰ চিনাকি আৰু ৰাজমতী কুঁৱৰীৰ লগত নেপালত যে তেতিয়াৰ অসমীয়া কৃষ্টিৰ ছাব নপৰিছিল তাক নুই কৰিব নোৱাৰি। কামৰূপ জীয়ৰী অমৃতপ্ৰভাই কাশ্মীৰাধিপতি মেঘবাহনৰ স্বয়ংকৃতা ৰাজমহিষী হৈ কামৰূপৰ পৰা তেওঁৰ পিতাৰ গুৰু তিব্বতীয় বৌদ্ধ পণ্ডিত স্তুন পা’ক লগত নি কেনেকৈ সেই অঞ্চলত বৌদ্ধ ধৰ্মৰ গুৰিয়াল হৈছিল, তাৰ চিনাকি ‘ৰাজতৰঙ্গিনী’ পঢ়োঁতে আৰু কাশ্মীৰ বুৰঞ্জীত কামৰূপ জীয়ৰীৰ নামানুসাৰে ‘অমৃত বাহন’ নামে বৌদ্ধ ভিক্ষুসকলৰ মঠাশ্ৰয়ৰ আৰু স্তুন পা’ৰ নামানুসাৰে ‘লোস্তুনপা’ নামৰ স্তুপৰ উল্লেখ দেখোঁতে আজিৰ অসমীয়াই তেতিয়াৰ অসমীয়া কৃষ্টি আৰু সভ্যতাৰ চৰম উন্নতিৰ আভাস পাই আনন্দত আৰু উলাহত উফৰি নুঠেনে? এই প্ৰাচীন কামৰূপৰে কৈৱৰ্ত্ত সম্প্ৰদায়ৰ সিদ্ধ দীননাথে অৱলোকিতেশ্বৰ অৱতাৰ ৰূপে কেনেকৈ তিব্বতত পূজা পাইছিল, মৎসেন্দ্ৰনাথৰ শিষ্য গোৰক্ষনাথে কেনেকৈ কদলী ৰাজ্যলৈ আহি ঢোল বজাই অসমীয়া ৰাজকুঁৱৰীৰ মায়াজালত বন্দী হৈ  থকা গুৰুৰ ওচৰত মাতৃদেৱী ময়নামতীৰ উপদেশ মতে দীক্ষা লৈছিল, কেনেকৈ শঙ্কৰাচাৰ্য্যই কামাখ্যালৈ আহি সেই সময়ৰ বৌদ্ধ তন্ত্ৰত সুপণ্ডিত অভিনৱ গুপ্তক হৰুৱাই তেওঁৰে সাহায্য লৈ ভাৰতৰ পৰা বৌদ্ধ ধৰ্ম্ম দূৰীভূত কৰি পুনৰ সনাতন ধৰ্ম্ম স্থাপন কৰিছিল, এইবিলাক বৌদ্ধযুগীয় কাহিনীত অসমীয়া কৃষ্টি-সভ্যতা পঢ়ি জানিলে আজিৰ অসমীয়াই গৌৰৱ অনুভৱ নকৰেনে? বিশাখাদত্তৰ পুথি ‘মুদ্ৰাৰাক্ষস’ আজিও জগদ্বিখ্যাত।

চাৰি

যেতিয়া নকৈ সনাতন ধৰ্ম আৰ সনাতন সমাজ প্ৰতিষ্ঠিত হ’ল, বৌদ্ধ যুগৰ সেই পণ্ডিতসকল ব্ৰাহ্মণত পৰিণত হ’ল। সেই চতুৰ কৃত্ৰিম ব্ৰাহ্মণসকলৰ যাদুকৰী কল্পনামূলক চক্ৰান্তত অসমৰ আদিম ৰজাসকল দীক্ষিত হৈ প্ৰজাসকলৰ পৰা বেলেগ জাতিত পৰিণত হ’ল। এইদৰে ৰজা আৰু প্ৰজাৰ মাজত বিভেদ সৃষ্টি কৰি ব্ৰাহ্মণসকলে ব্ৰাহ্মণ্য প্ৰাধান্য পুনৰ্স্থাপন কৰিলে। বৌদ্ধ ধৰ্মৰ আগতে যি উদাৰ বৈদিক সনাতন ধৰ্ম আছিল, আদিম উলঙ্গ বৰ্ব্বৰ যুগৰ যাদুকৰী দলৰ পৰা ধাতু যুগত পুৰোহিত শ্ৰেণীত পৰিণত হোৱা আৰু বৌদ্ধ যুগৰ সৰ্ব্বনাশ হোৱাৰ পাছত বৌদ্ধ পণ্ডিতসকলে সনাতন ধৰ্ম প্ৰতিষ্ঠা হোৱাৰ লগে লগে নিজক উচ্চতম শ্ৰেণীৰ বুলি চিনাকি দিয়া নতুন ব্ৰাহ্মণসকলে সিহঁতৰ একচেতীয়া লিখনকলাৰ সহায় লৈ ছলে-বলে কৌশলে পুৰাণ শাস্ত্ৰ লিখি চতুৰ্বৰ্ণ সৃষ্টি কৰি সকলোৰে নমস্য হৈ সেই উদাৰ সনাতন ধৰ্ম জটিল কৰিলে। কৃষ্টি, সভ্যতা শেষত সিহঁতৰে একচেতীয়া সম্পতি হ’ল। বৌদ্ধ ধৰ্ম লোপ পোৱাৰ পাছত নতুন সনাতন ধৰ্ম আৰু নতুন সমাজ প্ৰতিষ্ঠিত হোৱাৰ লগে লগে এই ব্ৰাহ্মণ সম্প্ৰদায়ে এনে প্ৰতিপত্তি নিজস্ব প্ৰাধান্য ৰাখি লাভ কৰিলে। শেহত এই ব্ৰাহ্মণ আৰু ব্ৰাহ্মণ সম্পৰ্কিত জাতিসকলে নতুন শাস্ত্ৰ পুৰাণাদি ৰচনা কৰিলে। আদি কৃষ্টি, সভ্যতাৰ ৰূপ পৰিৱৰ্ত্তিত হ’ল, নতুন ৰূপান্তৰ ৰূপায়িত হ’ল। ঠাই, নৈৰ নাম সলনি হ’ল, আদিম দেৱ-দেৱী পুৰাণ শাস্ত্ৰৰ যোগেদি নিজৰ কৰি ল’লে। যেনে অসমক ডিমাছা কছাৰীসকলে কামৰূপ নুবুলিছিল, ‘কামৰূ’হে বুলিছিল; কামাখ্যা নুবুলিছিল, ‘কাম-লক্ষী’হে বুলিছিল, বড়ো-কছাৰীসকলে ‘কামক্ষী’ (খী), ‘কামক্ষা’হে বুলিছিল। এতিয়াও খেৰই পূজাৰ সময়ত গোসাঁই-গোসানীৰ আসন দিওঁতে ‘বাথৌ ব্ৰাই’ৰ বাওঁপিনে ‘ৰাগদেও’ৰ কাষতে ‘কামক্ষী’ গোসানীৰ আসন বড়ো-কছাৰীসকলে আজিও দিয়ে। খছাৰীসকলে ব্ৰহ্মপুত্ৰ নুবুলিছিল, ‘ভুল্লুংবুথুৰ’হে বুলিছিল, লৌহিত্য নুবুলিছিল, ‘টিলাও’হে বুলিছিল, ভৰালী বা ভৰলু নুবুলিছিল, ‘ভল্লী’হে (য’তে কেঁচাইখাতী গোসানীৰ থান থাকে, ত’তেই ওচৰতে ভৰালী বা ‘ভল্লী’ নদী থাকিবই) বুলিছিল। আৰু কিমান ক’ম? যেতিয়া কালিকাপুৰাণ, যোগিনীতন্ত্ৰ ৰচিত হ’ল, তেতিয়া তন্ত্ৰ প্ৰণেতাসকলে নানা গল্পৰে সজাই ‘কামৰূ’ক কামৰূপ কৰিলে, ‘কামলক্ষী” বা ‘কাম-খী’ (ক্ষী) বা ‘কাম-ক্ষা’ক কামাখ্যা কৰিলে, ‘ভুল্লুংবুথুৰ’ক ব্ৰহ্মপুত্ৰ কৰিলে, ‘টিলাও’ক লাওটি, লুইটি, লোহিত, লৌহিত্য কৰিলে। আহোমসকল যেতিয়া অসমলৈ আহিছিল, তেতিয়া তেওঁলোকে ব্ৰহ্মপুত্ৰ নদৰ নাম শুনা নাছিল, ‘টিলাও’হে শুনিছিল। এইদৰে পশ্চিমৰ এটা ডাঙৰ কৃষ্টি আৰু সভ্যতাই অসম অধিকাৰ কৰিলে। মুছলমানে যেতিয়া প্ৰথম অসম আক্ৰমণ কৰিছিল, তেতিয়া অসমক কামৰূপ বোলা নাছিল, ‘কামৰূ’ বা ‘কামৰূদ’ বুলিছিল। এইদৰে অসমৰ ভাষা-কৃষ্টি আৰু সভ্যতাই নতুন গঢ় ল’লে।

পাঁচ

ভাষা হিচাবে অসমীয়া সম্পূৰ্ণ বেলেগ। ইয়াৰ বৰ্ত্তমান গঠন প্ৰণালী প্ৰাচীন আদিম অসমীয়া ভাষাৰে ঐতিহাসিক পৰিণতি। সেই কাৰণে ‘ইয়াণ্ডাবু’ সন্ধিৰ পিছত যেতিয়া ইংৰাজে অসম অধিকাৰ কৰিলে, সেই সময়ত বৃটিচ শাসনৰ প্ৰাৰম্ভত আমোলাৰ ভাষা হ’ল বঙালী। স্বৰ্গীয় আনন্দৰাম ঢেকিয়াল ফুকন, স্বৰ্গীয় গুণাভিৰাম বৰুৱা, স্বৰ্গীয় হেমচন্দ্ৰ বৰুৱা আদি মহাপুৰুষসকলৰ আপ্ৰাণ চেষ্টাত আৰু এণ্ডাৰ্চন চাহাবৰ ঊনৈশ শতিকাৰ শেহ ভাগত ‘এচিয়াটিক জাৰ্নেল’ৰ প্ৰবন্ধই বুজাই দিলে যে অসমীয়া এটা সুকীয়া ভাষা; এই ভাষাৰ লগত বঙালী ভাষাৰ কোনো সম্বন্ধ নাই। বঙালীয়ে কয়, আমাৰ পিতা, তাহাৰ পিতা, তোমাৰ পিতা! কিন্তু অসমীয়াই কয়, মোৰ পিতা, তাৰ পিতায়েক, তোমাৰ পিতায়েৰা। এই গঠন হ’ল বড়ো-খছাৰীৰ পৰা অহা। বড়ো ভাষাত কয়, ‘আইনি আফা, বেনি বেফা, নেনি নেফা’। বাক্যৰ গঢ়ও বেলেগ; এই ভাষাত প্ৰথম কবিতা কোনে জানে, ‘বেং কান্দে তড়ড়ৎ চাপ্‌ড়া মাটিৰ তলত, নতুন তিৰীৰ ছাৱা কান্দে ছিড়া কানিৰ তলত’, অথবা ৰংপুৰ কুচবিহাৰৰ ‘তাৰ্‌ নাক্‌ ডাংৰা বেটাটা মোৰ্‌ চকু ডাংৰী বেটাটাৰ মন্‌ ফুচুলাই গেল্‌ হাতেৰ খাৰু দি’, নাইবা ‘অ’ মোৰ বাপ্‌ মুই আৰ কাম কৰিবাৰ নাপাৰং ৰে’ ইত্যাদি। শেহত আমি মাৰ্জ্জিত ভাষাত পাওঁ লেহী ডঙৰাৰ ডাকৰ বচন, বৰাহীৰজা মানকফাৰ আদেশত মাধৱ কন্দলীয়ে লিখা ৰামায়ণ, ভট্টদেৱৰ কথাগীতা, শঙ্কৰ-মাধৱ-দামোদৰ আদি মহাপুৰুষসকলৰ বৈষ্ণৱী সাহিত্য, শুকনাৰায়ণদেৱৰ পদ্মপুৰাণ, দুৰ্গাবৰীৰ গীত, আইনাম, বিয়ানাম, বৰগীত, বনগীত, বাৰমাহী গীত, দেহ-বিচাৰৰ গীত, গৰখীয়া গীত, থিয়-নাম, হীৰা নাম, বুৰঞ্জী আৰু আধুনিক যুগৰ প্ৰাৰম্ভৰ নবীন সাহিত্য আৰু আধুনিক সাহিত্য।

শ্ৰীশঙ্কৰদেৱৰ যুগতে হ’ল অসমীয়া শিল্পৰ চৰম বিকাশ। এই পৃথিৱীত যিসকল মহাপুৰুষে জন্মগ্ৰহণ কৰিছিল, তাৰ ভিতৰত তিনিজন মহাপুৰুষ আছিল কৃষ্টিৰ আকৰ। এজন হৈছে স্বয়ং শ্ৰীকৃষ্ণ। ‘কৃষ’ ধাতু লগ্ন কৃষ্টিৰ আকৰ কাৰণে তেওক কৃষ্ণ বুলিছিল। তেওঁ কি নাজানিছিল? গীত, বাদ্য, নৃত্য, ৰাজনীতি, ধনুৰ্বিদ্যা ইত্যাদি? তেওঁ  আছিল সৰ্বগুণনিধি। আৰু এজন আছিল ইটালীৰ লিওনাৰ্দো দ্যা ভিন্সি— তেও একেলগে বৈজ্ঞানিক, চিত্ৰকৰ আৰু ৰাজনীতিজ্ঞ পুৰুষ আছিল। আৰু এজন আছিল আমাৰ এই অসমৰে মহাপুৰুষ শ্ৰীশ্ৰীশঙ্কৰদেৱ, যাক আজিও অসমে গুৰু বুলি পূজা কৰি থাকে। সঁচাকৈয়ে আজি শ্ৰীশ্ৰীশঙ্কৰদেৱৰ যিকোনো কৃষ্টি বা সাহিত্য বাদ দিলে অসমীয়াৰ মৃত্যু হ’ব। শ্ৰীশ্ৰীশঙ্কৰ নাথাকিলে অসমীয়াৰ একোৱেই নাথাকে। এনে যি শ্ৰীশ্ৰীশঙ্কৰদেৱ, তেৰাই কিনো নাজানিছিল, কিনো নিদিছিল আৰু কিনো নিলিখিছিল! অসমীয়াক তেৰাই সকলো দি গৈছিল। অসমীয়াৰ গীত, বাদ্য, নৃত্য, সুৰ, সঞ্চৰাগ, সাহিত্য, ভাৱনা, নাম, কীৰ্ত্তন, ঘোষা, বৰগীত, অঙ্ক, নাট, নামঘৰ, খোল, মৃদঙ্গ, তাল, ভাঁজঘৰ, দোলযাত্ৰা, হাটী, ধন-পুঁজি (Bank), সমাজ, ধৰ্ম্ম, বিচাৰ নীতি, আইন, নৈতিক আন্দোলন, অহিংসা, ত্যাগ, ভোগ, বৈৰাগ্য, সমাধি— সকলো শ্ৰীশ্ৰীশঙ্কৰদেৱেহে অসমীয়াক দি গৈছিল। কেৱল অসমীয়াইহে সেইবিলাক ভালকৈ আয়ত্ত কৰিব পৰা নাই। এই শঙ্কৰদেৱৰ আলমতে অঙ্কীয়া নাট পাওঁ, ভাৱনা পাওঁ, পদ্ধতিত ৰচা বৰগীত, ৰাগ, সুৰসঞ্চ আদি পাওঁ। আজিও অসমীয়াই ভাৱনা পাতে মুখত-গাত ৰং, পিঠাগুৰি, হেঙ্গুল, হাইতাল নানা তৰহৰ সাজ-অলঙ্কাৰ পিন্ধি। পাতনিতে সৰু ধেমালি, বৰ ধেমালি, ঘোষা ধেমালি বাজে, নান্দী সুহাই একতালিৰ পিছত সূত্ৰধাৰ ভঙ্গিমাৰ চেৱে চেৱে সূত্ৰধাৰে নাচে, তাৰ পাছত গোসাঁই-গোসানী, ৰজা-ৰাণী, সৈন্য-সামন্ত, গোপিনী, বহুৱা আদি প্ৰৱেশ কৰে। নাটকৰ ঘটনা নানান গীত-বাদ্য-নৃত্যৰে হাঁহি, বিলাপ, বচনেৰে অঙ্গী-ভঙ্গীৰে প্ৰকাশিত হয়, শেহত কল্যাণ খৰমানত সমাপন হয়। এয়ে অসমৰ উৎকৃষ্ট অঙ্কীয়া নাট-ভাৱনা। এই নাট-ভাৱনা নাট্যশাস্ত্ৰ লিখা ভাৱনাৰ প্ৰকাশভঙ্গীও শাস্ত্ৰ সমৰ্থিত। কিন্তু তাৰ প্ৰকাশভঙ্গী, তাৰ গীত-মাত, সুৰ-সঞ্চ সকলো অসমীয়া। ভাৰতৰ আন আন সঙ্গীতৰ লগত বিশেষ সামঞ্জস্য নাই। মণিপুৰী নৃত্য কামৰূপীয়া সঙ্গীত পদ্ধতিৰ এটা শাখাহে। মণিপুৰৰ আদি নাম ‘মিতেই লৈপাক’ (মিশ্ৰিত জাতিৰ বাসভূমি); মানহঁতে এই দেশক ‘কা-ছে’ বা ‘কা-থে’ বুলিছিল; ‘মেখেলী’ নৈৰ পৰা সিহঁতক ‘মেঘলী’ বা ‘মগলু’ বুলিছিল; অসমীয়াই ‘মগলৌ’ বোলে। সিহঁতৰ আদি দেৱতা ‘পাখংবা’ বা নাগ। সিহঁত অষ্ট্ৰিক আৰু তিব্বত বৰ্ম্মীয় মিশ্ৰিত জাতি। গতিকে সিহঁত মিশ্ৰিত নাগ। সিহঁতৰ ‘লাই-হৰাওবা’ নৃত্যই সেই আদিম অষ্ট্ৰিক আৰু মঙ্গোলীয় মিশ্ৰিত শিল্পৰ আভাস দিয়ে। অসমৰ ৰংপুৰত যেতিয়া ৰাজেশ্বৰ  সিংহ ৰজা আছিল, তেতিয়া মানে মণিপুৰ আক্ৰমণ কৰাত মণিপুৰৰ ৰজা জয়সিংহই তেওঁৰ জীয়েক কুৰঙ্গনয়নীৰ সৈতে পলাই আহি অসম ৰজাৰ আশ্ৰয় লৈছিল। মণিপুৰ ৰজাক ৰাজ সন্মান দিবলৈ বিৰাট আয়োজন কৰা হৈছিল। ঢুলীয়া, খুলীয়া, গায়ন, বায়ন সকলোৱে মিলি ৰাৱন বধ ভাওনা কৰিছিল। লগতে নটুৱা আদি নাচো নিশ্চয় দেখুওৱা হৈছিল। যেতিয়া মানক খেদি মণিপুৰ উদ্ধাৰ কৰা হ’ল আৰু মগলৌ কুঁৱৰী কুৰঙ্গনয়নীক ৰাজেশ্বৰ সিংহই বিবাহ কৰিলে, তেতিয়া মণিপুৰ ৰজাক বিদায় দিওঁতে মণিপুৰ ৰজালৈ অসমৰ আন আন দানৰ লগত নিশ্চয় অসমীয়া গায়ন-বায়ন, নটুৱা আদিও দিছিল। সেই অসমীয়া গায়ন-বায়ন, নটুৱাই মণিপুৰলৈ গৈ মণিপুৰত নৃত্য-বাদ্য-গীতৰ উৎকৰ্ষ সাধন কৰাইছিল। তাৰ ফলতে আজি মণিপুৰী নৃত্য জগদ্বিখ্যাত আৰু সেই মণিপুৰী নৃত্যত আজিও অসমীয়া নৃত্যৰ ছাঁ দেখা যায়। মণিপুৰীয়া ৰাসনৃত্যৰ গোপিনীৰ সাজ-সজ্জা আৰু অসমীয়া নটুৱাৰ সাজ-সজ্জাৰে উন্নত ধৰণৰ অনুকৰণ। আজি কামৰূপীয়া সঙ্গীত পদ্ধতিৰ শাখা এই মণিপুৰীয়া নৃত্য জগদ্বিখ্যাত হোৱাত অসমৰে গৌৰৱ চৰিছে, টুটা নাই। কিন্তু তাৰে ঘাই কামৰূপীয়া সঙ্গীত পদ্ধতি অসমীয়া সত্ৰ আৰু নামঘৰবিলাকৰ ভিতৰ চোতালত থকাৰ কাৰণে আজিও এই অসমীয়া সূক্ষ্ম কলা অসূৰ্য্যস্পৰ্শা। এনে স্থিতিশীলতাৰ যদি কিবা মূল্য আছে, তেন্তে অসমীয়াই নিশ্চয় যথা সময়ত সেই মূল্য পাব। মোৰ মতে, ভাৰতত তিনিটা ঘাই সঙ্গীত পদ্ধতি আছে— হিন্দুস্থানী সঙ্গীত, কৰ্ণাটকী সঙ্গীত পদ্ধতি আৰু কামৰূপীয়া সঙ্গীত পদ্ধতি। কামৰূপীয়া পদ্ধতিৰ নিজস্ব তাল আছে, ৰাগ আছে, আৰু নৃত্য আছে। তালৰ মাত্ৰা বিচিত্ৰা বিজ্ঞান সন্মত। তাল বহু আছে, যেনে— ৰূপক, একতালী, পৰিতাল, যতি, খৰমান ইত্যাদি। ৰাগও তেনে, যেনে— বেলোৱাৰ, আশাৱৰী, কানাড়া, পৰ্ব্বী, কল্যাণ ইত্যাদি। এই ৰাগবিলাগৰ বৰ্ণনা মালিতাও আছে। নৃত্যৰ কথা নকওঁৱেই। এই কামৰূপীয়া নৃত্য ভাৰতৰ ভিতৰত শ্ৰেষ্ঠ। তদুপৰি পৃথিৱীত নোহোৱা জাতীয় নৃত্যশাস্ত্ৰ ৰূপে অসমীয়াৰ ‘শ্ৰীহস্তমুক্তাৱলী’ আছে। গতিকে সঙ্গীতত অসমীয়াৰ এনে বহুমূলীয়া সম্পদ থাকিও আজি জগতৰ আগত অসমীয়াৰ নৃত্যকলা দেখুৱাবলৈ অসমীয়া অপাৰগ। তাৰ বাবে লাগে পুঁজি চৰ্চ্চা, সাধনা আৰু সাধনা আশ্ৰম। তাৰ বাবে লাগে বাট দেখুৱাওঁতা অসমীয়া বিষ্ণু ভাটখাণ্ডে।

ছয়

অসমত ‘চিত্ৰ-চিত্ৰাৰ্দ্ধ’ আৰু ‘আলেখ্য’ৰ বহু নিদৰ্শন দেখা যায়। ‘কামৰূপ অনুসন্ধান সমিতি’ৰ মিউজিয়াম দেখিলে গেৌৰৱত অসমীয়াৰবুকু ফুলিউঠে। কিন্তু মোৰ মতে সেই সংগ্ৰহ আৰ অনুসন্ধান এতিয়াও কেঁচুৱা অৱস্থাতেই আছে। তাৰ অনুসন্ধান আৰু প্ৰকাশ দেখিলে মনত হয় যেন সেইবিলাক অতি মৃদু গতিতহে চলিছে। তাৰ বাবে আমি সূৰ্য্যকুমাৰ ভূঞা আদি কৰি অসমৰ আন আন প্ৰত্নতত্ববিদ পণ্ডিতসকলক অনুৰোধ কৰোঁ যেন তেওঁলোকে নানান শাখা হাতত লৈ বিজ্ঞান মতে অনুসন্ধান বিশ্লেষণ কৰি অসমৰ গৃঢ়ততত্ব আৰু কাহিনী অসমীয়াৰ চকুৰ আগত সোনকালে মেলে। পুৰণি বস্তুৰে যেন নতুন সংস্কৰণ কৰি প্ৰকাশ নকৰে। অসমৰ গৌৰৱ সুপণ্ডিত ডঃ বাণীকান্ত কাকতি ডাঙৰীয়ালৈও আমাৰ একান্ত মিনতি যেন তেখেতে কেৱল পুথিগত বিদ্যাৰে বিশ্লেষণ কৰি পুথি নেলেখি প্ৰত্যেক জাতিৰ মানুহৰ লগত বেলেগ বেলেগ ভাষাত কথা পাতি নিজ অভিজ্ঞতাৰে পুথি লিখে। নহ’লে অতি কষ্টৰে লিখা তেখেতৰ পুথিৰ বহুতো ভুল থাকিবৰ সম্ভাৱনা থাকে। যি কি নহওক, ‘কামৰূপ অনুসন্ধান সমিতি’ৰ ঘৰটোৰ বাহিৰেও গোটেই অসমখনেই এটা বিৰাট মিউজিয়াম। ডাঙৰ ডাঙৰ শিলৰ যে কিমান আৱশ্যক তাৰ প্ৰমাণ পাওঁ নগা, মিকিৰ, খাচী আদিৰ শ্মশানত। মানুহ মৰিলে তাৰ স্মৃতি স্তম্ভ শিল পুতি থিয় কৰি যে দিব লাগে আজিও এই প্ৰথা এইবিলাক জাতিৰ মাজত দেখা যায়। এয়া হ’ল প্ৰস্তৰ যুগীয় প্ৰথা। আদিম যুগত অসমত এই প্ৰথা অষ্ট্ৰিক, ইণ্ডো-বৰ্ম্মম, মঙ্গোলীয় জাতিৰ মাজত বিশেষভাৱে আছিল। শেষত এই শিলবিলাক কাটি চিত্ৰিত কৰা হ’ল, তাৰে বহু চিত্ৰাৰ্দ্ধ (Teracotta) আজিও পাৰ্ব্বত্য অঞ্চলবিলাকত দেখা যায়। শেহত ডিমাপুৰত মঙ্গোলীয় খছাৰীসকলে গছ, লতা, চৰাই আঁকি এই স্তম্ভবিলাক উন্নত ধৰণেৰে সাজিলে; পাটশদীয়াৰ হাজাৰ ঘৰ কছাৰীসকলে কটা শিলৰ চিত্ৰাৰ্দ্ধবোৰেও তেনে গঢ় ল’লে। শেহত বৌদ্ধযুগ আহিল; অজন্তা, ইলোৰা, চাঞ্চী আদিত চিত্ৰকলা বাঢ়িলে। তাৰ ঢৌ অসমলৈও আহিল। আজিও অসমত শিলৰ, মাটিৰ, তামৰ, কাঁহৰ চিত্ৰ-চিত্ৰাৰ্দ্ধৰ বহুতো নিদৰ্শন গোটেই অসমতে সিঁচৰতি হৈ পৰি আছে। মহাপুৰুষীয়া বৈষ্ণৱ যুগৰ পৰা আমি আলেখ্যৰ অসংখ্য নিদৰ্শন পাওঁ। তাৰ আগতো যে আলেখ্যৰ উৎকৰ্ষ সাধন হৈছিল, তাৰ প্ৰমাণ পাওঁ ভাস্কৰ বৰ্ম্মনে পঠিওৱা ৰাজদূত হংসবেগৰ লগত উপঢৌকনবিলাকৰ ভিতৰত ছবি আঁকিবৰ তুলি, নানা ৰঙৰ মহীৰে ভৰা মহীচুঙা, কেতবোৰ অঁকা ছবি আৰু পৰিষ্কাৰ অঙ্কনযোগ্য পট— এইবিলাকত। আজিও কামৰূপ অনুসন্ধান সমিতিৰ ঘৰত আৰু বহুতো অসমীয়াৰ ঘৰত নানান ৰহণেৰে অঁকা ছবিৰে পৰিপূৰ্ণ সাঁচিপতীয়া পুথি পাওঁ। তদুপৰি পুৰণি দোলাত, চকধৰাত, জাপিত, পেৰাৰ ঢাকনিত, জপাত এনে আলেখ্যৰ নিদৰ্শন দেখা যায়। এইবিলাক ছবিৰ নিদৰ্শন অসমীয়া কৃষ্টি আৰু সংস্কৃতিৰ বহুমূলীয়া পৰিচয়। তদুপৰি শ্ৰীশ্ৰীশঙ্কৰদেৱে পতা নাট-ভাওনাৰ কাৰণে বৰপেটাৰ তাঁতিকুছিত আঁকি বোৱা তিনি কুৰি হাত বহল আৰু চাৰি কুৰি হাত দীঘল সাতবৈকুণ্ঠৰ লীলাৰ ছবিৰে ভৰা বৃন্দাবনী কাপোৰখন বয়ন শিল্পৰ পৰা শ্ৰেষ্ঠ নিদৰ্শন হ’লেও আলেখ্যৰ ফালৰ পৰা ইয়াৰ যথেষ্ট মূল্য আছে। এই সম্পত্তি হেনো এতিয়াও কুচবিহাৰত আছে। কিন্তু এই অধীনে কুচবিহাৰত বিচাৰোঁতে সেই নিদৰ্শনৰ কোনো সম্ভেদকে নাপালে। যি কি নহওক, চিত্ৰ, চিত্ৰাৰ্দ্ধ আৰু আলেখ্যৰ উৎকৰ্ষ সাধন যে অসমত এসময়ত যথেষ্ট হৈছিল তাৰ প্ৰমাণ বহুতো পোৱা যায়। আনকি আহোমসকলৰ সময়তো ইয়াৰ চৰ্চ্চা হৈছিল। এতিয়াও আন আন মূৰ্ত্তি আৰু সাঁচিপাতৰ চিত্ৰাৱলী আৰু তলাতল ঘৰৰ কাৰেঙৰ প্ৰাচীৰৰ গাত প্ৰাচীৰ-আলেখ্য (Fresco)ৰ ক্ষীণ নিদৰ্শন পোৱা যায়। এতিয়াও কছাৰীসকলৰ শেষ ৰাজধানী খাচপুৰ, মায়-বং আদিত এনে চিত্ৰ-চিত্ৰাৰ্দ্ধৰ নিদৰ্শন পোৱা যায়। মুঠতে ক’বলৈ গ’লে, চিত্ৰ-চিত্ৰাৰ্দ্ধ আৰু আলেখ্যত এসময়ত অসমীয়া কেতিয়াও পিছপৰা নাছিল। বৰং এইবিলাকৰ যতেষ্ট উৎকৰ্ষ সাধন হৈছিল।

বয়ন শিল্পৰ কৃষ্টিৰ বিষয়ে আলোচনা কৰা যাওক। অসম এখন বিচিত্ৰ প্ৰদেশ। ইয়াত আজি বিবিধ জাতিৰ মানুহে বাস কৰে। সেই কাৰণে নৃতত্ব আৰু ভাষা তত্বৰ বিদ্যাৰ্থীসকলৰ ই এখন বিশাল বিদ্যাৰ নিকেতন। ইয়াত উলঙ্গ নগাও থাকে। আৰু অদ্ধ-ন নগা, মিকিৰ, কুকি, তিপৰা, লুচাই, আবৰ, মিচিমি, অংকা, দফলা, গাৰো, কোচ, ৰাভা আদিও বাস কৰে। এজাতৰ গাৰোৱে কাপোৰ নবয়, গছৰ বাকলি পিন্ধে, গাত লয়। সেই গছৰ বাকলি বা ছালৰ উম যথেষ্ট থাকে; তাক গাত ল’লে জাৰ গুচে। অৰ্দ্ধলগ্ন জাতিৰ কিছুমানে কঁকালত ওদালৰ ছাল বা বেতৰ টেঙালি বান্ধি গাঁত খান্দি এবিধ তাঁত লগাই কাপোৰ বয়। তাৰ সূতা কপাহ, পশুৰ নোম, গছৰ আঁহ এইবিলাকৰ পৰা তৈয়াৰ কৰি লয়। ক্ৰমবিকাশৰ ফলত কপাহ খেতি কৰি সেই কপাহ বুটলি আনি নেওঠনিত তেওঠি ধনুৰে ধুনি পাজী তুলি যঁতৰত সূতা কাটি চোতালত কুৰ মৰা খুঁটা আদি পুতি বাটি কাঢ়ি বো তুলি ৰাচত সূতা সুমুৱাই তাঁত মেলি কাপোৰ উলিওৱা অসমীয়া কৃষ্টিৰ এটা ডাঙৰ পৰিচয়। তদুপৰি লাহ, নীল আদিৰে সূতা বুলোৱাও সংস্কৃতিৰ এটা ডাঙৰ নিদৰ্শন। কপাহী মেখেলা, ৰিহা, আঘোৰাণ, চুৰীয়া, গামোচা, পাগ, টঙালী, চাদৰ, চেলেং, বৰকাপোৰ; বড়োসকলৰ দখনা, মেখেলা আদি; ডিমাছা খছাৰীসকলৰ ৰিগু, ৰিজাংফাই, ৰিখাওদছা আদি চালে অসমীয়াৰ সাজ-পাৰ যে কিমান ওখ ধৰণৰ তাক বুজিব পাৰি। তাৰ লগে লগে মিৰজাই চোলা, চুটিয়া চোলা, এঙা চোলাস হাতীশুঁৰীয়া চোলা, বৰপাগ, মথুৰা পাগ, হাতীশুঁৰীয়া পাগ, সূত্ৰধাৰী পাগ ইত্যাদি সাজ-সৰঞ্জাম দেখিলে কোন অসমীয়াৰনো প্ৰাণৰ প্ৰাণত গহীন ভাব নাহে? সেই প্ৰাচীন খিংখাপ, গোমচেং, চাতোন আদি উৎকৃষ্ট কাপোৰ ব’বলৈ আজি মিল-কাৰখানাৰ কাপোৰ পাই অসমীয়া কাজী শিপিনীৰ পাহৰি পেলালে। এতিয়া জানে কেৱল এড়ি, মুগা, পাট আৰু কপাহী কাপোৰ ব’বলৈ। মুগা অসমীয়া শিপিনীৰ শ্ৰেষ্ঠ অৱদান। চোমনীৰ পৰা মুগা আনি ভাওৰীত সূতা কাটি কাপোৰ বই এনে সোণালী কাপোৰ উলিয়াব কোনে পাৰে? আজি এই পৃথিৱীত সামান্য অসমীয়া মানুহেও সোণাৰ বস্ত্ৰ, সোণাৰ চোলা পিন্ধি গেৌৰৱ অনুভৱ কৰিব পাৰে।

পল্লৱপ্ৰাণ গোস্বামী, সম্পাদক, নীলা চৰাই

2.97777777778
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top