অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

অসমীয়া আহাৰ-পানী

অসমীয়া আহাৰ-পানী

ভৌগোলিক পৰিবেশে মানুহৰ খাদ্য-সম্ভাৰৰ ভিন্নতা আনয়নত প্ৰভূতভাবে প্ৰভাৱ বিস্তাৰ কৰাৰ কথাটো ইতিমধ্যে সমাজতাত্বিকসকলৰ দ্বাৰা স্বীকৃত হৈছে। অসমৰ জলবায়ু খেতিৰ উপযোগী। ধান ইয়াৰ প্ৰধান খেতি বাবে ইয়াৰ লোকে ইয়াৰপৰা প্ৰস্তুত কৰা বিভিন্ন সম্ভাৰ খাদ্যৰূপে গ্ৰহণ কৰে। যোগিনীতন্ত্ৰত বৰ্ষা আৰু শীতকালীন বিভিন্ন শ্ৰেণীৰ ধানৰ নাম পোৱা যায়। মাধৱ কন্দলীৰ লেখাত ‘শালি তণ্ডুল’ আৰু ‘খৰিকাজহাৰ পিঠা’ৰ সোৱাদ পাওঁ। ধান-চাউলৰপৰা প্ৰস্তুত কৰা আখৈ, চিৰা, পিঠা-পনা, মুড়ি আৰু সান্দহ অসমীয়া লোকৰ আহাৰ। বিহুৱা ডেকাই ‘ক’লাজহা চাউলৰ ভাত’, ‘বকুল বৰা ধানৰ কৰাই’, ‘দোৱাভজা চিৰা’, কোমল(বোকা) চাউল আৰু শুকান পিঠাগুৰিৰ সোৱাদ ল’বলৈ পাহৰা নাই। গৰু-ম’হৰ গাখীৰেৰে ক্ষীৰ আৰু পায়স ৰান্ধি তাক নিজেও খাইছিল – দেৱতালৈয়ো আগবঢ়াইছিল। লোকে ঘিউ আৰু ঘোলো ব্যৱহাৰ কৰিছিল। সকলো মানুহেই ফলাহাৰ কৰে। অসমীয়া লোকো ইয়াৰ ব্যতিক্ৰম নহয়। চীনা পৰিব্ৰাজক হিউৱেন চাঙে পুৰণি কামৰূপত কঁঠাল আৰু নাৰিকলৰ প্ৰাচুৰ্য দেখিছিল। যোগিনীতন্ত্ৰত বহু ফলৰ নামোল্লেখ হৈছে। মাধৱ কন্দলী ৰামায়ণতো বিধে বিধে ফলৰ নাম পোৱা যায়। তামোল খোৱাটো অসমীয়া লোকৰ এটা দীৰ্ঘদিনীয়া ৰীতি। সেইবাবে ইয়াৰ লোকে তামোল-পাণৰ বাৰীত যথেষ্ট মনোযোগ দিছিল। ফাতিয়াহ-ই-ইব্ৰিয়াত অসমীয়া মানুহে প্ৰচুৰ কেঁচা তামোল খোৱাৰ কথা উল্লিখিত হৈছে। শাক-পাচলি খোৱা ৰীতি সমগ্ৰ ভাৰতবৰ্ষতে বৰ্তমান। যোগিনীতন্ত্ৰত বহুবিধ শাক-পাতৰ নাম পোৱা যায়। বনৰীয়া আৰু কৃষিজাত উভয়বিধ শাকেই অসমীয়া লোকৰ প্ৰিয়খাদ্য। বাহকা, বক, কলফুল, শেৱালি ফুল, চজিনা ফুল আদিও অসমীয়াই খাদ্যৰূপে গ্ৰহণ কৰে। টেঙা আৰু খাৰৰ ৰন্ধন প্ৰণালীয়ে অসমীয়া খাদ্য সম্ভাৰক আন ঠাইৰ পৰা পৃথক কৰিছে। আঞ্জাৰ সোৱাদ বঢ়াবলৈ মচলাৰ প্ৰয়োজন। যোগিনীতন্ত্ৰত আদা, জিৰা, জলকীয়া, জালুক, কৰ্পূৰ আৰু সৰিয়হৰ নাম পোৱা যায়। ডাকৰ বচনত ৰন্ধা-বঢ়াৰ বিষয়ে বহু কথা আছে। ‘ফোৰণ মৰা’ আঞ্জা খাবলৈ বেচি সোৱাদ। আঞ্জা ৰান্ধি খোৱাৰ উপৰি অসমীয়া লোকে মাছ, আলু আৰু শাক-পাচলি ভাজি, পুৰি, খৰিকাত দি আৰু পাতত দিয়ো খাইছিল। কুমৰ হৰণ কাব্যত ‘মুগৰ ডালিত ঘৃত চিনি চুৰা দিয়া’, বাখৰেৰে ‘খাসিৰ মাংস’ ৰন্ধা, পাৰাৱতৰ কতলা, কচ্ছপৰ মাংসত বৰকলা, হৰিণৰ মাংসত হিঙৰ ফোৰণ, ৰম্ভামূলেৰে গাহৰিৰ মাংস, ‘চিত্ৰ ফলিত কৰ্পূৰ’, ‘বৰালিৰ ঘাণ্টি, ৰউ মাছত মচুৰ’, ‘কচে বচে বেসুৱাৰি শৌলে মূলে সংগ’, ‘বাংগোনে মাগুৰে’ আৰু ‘আৰি মাছত পালংগ’, ‘কাঠি অৰা কৰি ইলীহ কান্দোল’, ‘জামিৰ সোলংগ দিয়া লফাৰ আমোল’, ‘বদৰীৰ আমোলে চিনি’ আৰু ‘পকা তেতেলীত গুৰৰ ৰস’ দিয়া বৰ্ণনা জিভাৰ পানী অহা। হৰগৌৰী বিলাসত মাছেৰে আঞ্জা ৰন্ধাৰ নিৰ্দেশ দিছে এনেদৰে : ‘ৰৌৱে ঔৱে ভাল শোলে মূলে জাল। মাগুৰে জিম খৰিচা। কাৱৈ পালংগ, গৰৈ সলংগ, বচে বাচা কৰদৈয়া’। আহোম স্বৰ্গদেৱসকলৰ দিনত চাংমাইসকলে সাধাৰণ শাক-পাতকে জুতি লগাকৈ ৰান্ধিব জানিছিল। জন-জাতীয় লোকৰ উপৰি সাধাৰণ অসমীয়া লোকসকলেও মাজে-সময়ে সুৰা ব্যৱহাৰ কৰিছিল। বাণে উল্লেখ কৰিছে, কুমাৰ ভাস্কৰ বৰ্মাই হৰ্ষলৈ ‘সুস্বাদু সুৰাৰ গন্ধ ওলাই থকা উল্লকৰ পাত্ৰ’ পঠিয়াইছিল।

লিখক : ড° নাৰায়ণ দাস, অসমীয়া সংস্কৃতিৰ কণিকা

3.1
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top