মূল পৃষ্ঠা / কৃষি / শস্য উৎপাদন / কীট-পতংগ আৰু ৰোগৰ আক্ৰমণ / অসমত ৰাসায়নিক সাৰ, কীটনাশকৰ ব্যৱহাৰ মাৰাত্মক
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

অসমত ৰাসায়নিক সাৰ, কীটনাশকৰ ব্যৱহাৰ মাৰাত্মক

অসমত ৰাসায়নিক সাৰ, কীটনাশকৰ ব্যৱহাৰ মাৰাত্মক

ড০ জি ডি ৰমনজানেয়ুলু ভাৰতৰ এজন প্ৰখ্যাত কৃষি বিজ্ঞানী। বহনক্ষম কৃষি পদ্ধতিৰে কৃষকৰ জীৱন ধাৰণৰ মান উন্নত কৰাৰ বাবে দেশজোৰা খ্যাতি সন্মান অৰ্জন কৰা ড০ ৰমনজানেয়ুল ২০০৩ চনৰ পৰা হায়দৰাবাদৰ চেন্টাৰ ফৰ ছাছনেটইনেবল এগ্ৰিকালচাৰ নামৰ সংগঠনটোৰ কাৰ্যবাহী সঞ্চালকৰ দায়িত্বত আছে। আমাৰ কৃষকৰ নিজা কৃষি পদ্ধতি আৰু কৃষি কৌশলৰ ওপৰত ভিত্তি কৰি বহনক্ষম কৃষিৰ প্ৰচাৰ-প্ৰসাৰৰ হকে কাম কৰি আছে কৃষি বিজ্ঞানীজনে। কৃষি বিজ্ঞানীজনৰ সংগঠনটোৱে কৃষকটোৱে কৃষকসকলৰ সম্পদ ৰক্ষা আৰু অধিকাৰৰ হকে কাম কৰি আহিছে। চি এছ এ-ই ২০১৬ চনৰ ভিতৰত দেশৰ ছখন ৰাজ্যৰ ৫০, ০০০ জন কৃষকৰ ওচৰলৈ প্ৰত্যক্ষভাৱে আৰু ৫ লাখ কৃষকৰ ওচৰলৈ পৰোক্ষভাৱে যোৱাৰ লক্ষ্য বান্ধি লৈছে। সংগঠনটোৱে বিশ্বাস কৰে যে তেওঁলোকৰ পদক্ষেপে কৃষিৰ উৎপাদিকা শক্তি ১০ শতাংশ বৃদ্ধি কৰিব আৰু কৃষকৰ উৎপাদন ১৫ শতাংশ বৃদ্ধি কৰিব, যিটোৰ পৰিমাণ প্ৰতি পৰিয়ালৰ বাবে ধনৰ হিচাপত ৫০০০ টকা। ‘দৈনিক অসম’ ৰ ষ্টাফ ৰিপ’ৰ্টাৰ অৰূপ শাণ্ডিল্যৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপৰ সাৰাংশ পাঠকলৈ-

প্ৰশ্ন: বহনক্ষম কৃষি বুলিলে আপুনি কি বুজে? এই ধাৰণাৰ জৰিয়তে আপুনি কৃষকৰ সৈতে কেনেদৰে কাম কৰি আছে?

উত্তৰ: আমাৰ খেতিয়কসকলৰ কৃষিকাৰ্য সম্পৰ্কে থকা বিস্তৰ জ্ঞান, কৃষি, কৌশল, স্থানীয় পৰিৱেশৰ সৈতে মিলি কৰা কৃষিকাৰ্য, খেতিয়কে কৃষিকাৰ্য্যত ব্যৱহাৰ কৰা প্ৰাকৃতিক সামগ্ৰী আদিৰ ভিত্তিয়েই বহনক্ষম কৃষি। আমাৰ খেতিয়কসকলে স্থানীয় পৰিৱেশ-পৰিস্থিতিৰ সৈতে মিলি কৃষিকাৰ্য কৰে। আমি খেতিয়কৰ সৈতে দুটা ৰূপত কাম কৰোঁ। প্ৰথ, য’ত প্ৰাকৃতিকভাৱে গুৰুতৰ সংকট সৃষ্টি হৈছে। য’ত বহল মাত্ৰাত ৰাসায়নিক সাৰ। কীটনাশক দৰৱ আদি ব্যৱহাৰ হৈছে, য’ত ব্যাপক মাত্ৰাত ভূ-জল উলিয়াই কৃষিকাৰ্যত ব্যৱহাৰ কৰা হৈছে। তেনেবোৰ ঠাইত আমি কৃষকক তেনে কামৰ পৰা আঁতৰাই আনিবলৈ চেষ্টা কৰোঁ। এয়া দীৰ্ঘ সময়ৰ বাবে পৰিৱেশ প্ৰকৃতি সুষম কৰি ৰখাৰ উপায়। আমাৰ কামৰ দ্বিতীয় ধাৰণাটো হ’ল- কৃষকৰ অৰ্থনৈতিক লাভালাভৰ বিষয়টোলৈ লক্ষ্য কৰা। কৃষকে যিমান কৃষিকাৰ্যৰ বাবে ব্যয় কৰে, তাৰ বিপৰীতে তেওঁলোকে অধিক ধন উপাৰ্জন কৰিব পাৰিব লাগিব। এয়া হ’ল বৰ্তমানৰ পৰিস্থিতিত কৃষকৰ বাবে অৰ্থনৈতিকভাৱে টিকি থকাৰ সূত্ৰ।

প্ৰ্শ্ন: বৰ্দ্ধিত খাদ্যশস্যৰ চাহিদা বহনক্ষম কৃষিৰ জৰিয়তে পূৰণ কৰাটো সম্ভৱপৰনে?

উত্তৰ: নিশ্চয়: আমি আগবাঢ়ি যোৱাৰ এয়াই প্ৰধান আৰু একমাত্ৰ উপায়। তথাকথিত আধুনিক কৃষিকাৰ্যত বৰ্তমান যি পৰিমাণে ৰাসায়নিক সাৰ, শক্তি, পানী ব্যৱহাৰ হ’বলৈ ধৰিছে, তালৈ চাই ক’ব পাৰি- দীৰ্ঘ সময়ৰ বাবে এই পদ্ধতি টিকি নাথাকে। যদিহে আমি প্ৰকৃততে খাদ্য সুৰক্ষাৰ কথা ভাবোঁ, আমি বহনক্ষম কৃষিকাৰ্যৰ জৰিয়তে আগুৱাবই লাগিব।

প্ৰশ্ন: কিন্তু বেছিসংখ্যক লোকৰে ধাৰণা যে বহনক্ষম কৃষি, জৈৱিক কৃষি পদ্ধতিত উৎপাদন আৰু উৎপাদিকা শক্তি বহুত কম।

উত্তৰ: এইটো এটা ভুল ধাৰণা। আমি লক্ষাধিক কৃষকৰ সৈতে কাম কৰিছোঁ। মই লক্ষাধিক কৃষকৰ উদাহৰণসহ ক’ব পাৰো যে বহনক্ষম কৃষিত উৎপাদন আৰু উৎপাদিকা শক্তি কোনো পধ্যই কম নহয়। মই নাভাবো যে এই বিষয়টো এতিয়া গুৰুত্বপূৰ্ণ। বৰ্তমান সময়ত সবাতোকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল কৃষি-কৃষক আৰু কৃষিভূমিৰ সুৰক্ষা। কৃষিভূমিৰ গুণাগুণৰ দিশটো আমি চাব লাগিব। পঞ্জাবলৈ চাওক। প্ৰচলিত আধুনিক কৃষি পদ্ধতিৰ বাবে এতিয়া পঞ্জাবৰ ৪০ শতাংশ কৃষি ভূমি লুণীয়া, ক্ষাৰযুক্ত হৈ পৰিছে। অত্যাধিক ৰাসায়নিক সাৰ, কীটনাশকৰ ব্যৱহাৰ কৰি ১০ বছৰলৈ উৎপাদন বঢ়াব পাৰিব। কিন্তু তাৰ পিছত কৃষিভূমিৰ উৰ্বৰা অভাৱনীয়ভাৱে হ্ৰাস পাই মাটি লুণীয়া হৈ পৰিব। তেতিয়া তেনে কৃষিভূমিক লৈ কৃষকে কৰিব কি? সেয়ে প্ৰাকৃতিক সম্পদ দীৰ্ঘদিনৰ বাবে ব্যৱহাৰ যোগ্য কৰি ৰখাটো গুৰুত্বপূৰ্ণ কথা। পঞ্জাৱৰ ভূ-জলৰ স্তৰ পৃথিৱীৰ ভিতৰতে সৰ্বনিম্ন। দ্ৰুতগতিত এই স্তৰ আৰু তললৈ যাবলৈ ধৰিছে। সেয়ে বহনক্ষম কৃষিত বাদে আমি আগবাঢ়ি যাবলৈ অন্য উপায় নাই।

প্ৰশ্ন: জৈৱিক সাৰ, জৈৱ কীটনাশক বজাৰত পৰ্যাপ্ত পৰিমাণে পোৱা নাযায় নেকি?

উত্তৰ: কুৰি শতিকাৰ সপ্তম, অষ্টম দশকৰ কথাটো বেলেগ আছিল। এতিয়া সেই সমস্যা নাই। বজাৰত পৰ্য্যাপ্ত পৰিমাণে জৈৱিক সাৰ, জৈৱিক কীটনাশক পোৱা যায়। চৰকাৰে জৈৱিক সাৰ প্ৰস্তুত কৰাত বিনিয়োগ কৰি সাৰ বজাৰত পৰ্য্যাপ্ত কৰি তুলিব লাগে। মূল কথা হ’ল-চৰকাৰৰ মনোভাৱ কেনেকুৱা? যদি চৰকাৰ মাত্ৰ ৰাসায়নিক সাৰ উৎপাদনত উৎসাহ দি থাকে আৰু কৈ থাকে জৈৱিক সাৰ, জৈৱ কীটনাশক বজাৰত উপলব্ধ নহয়, ই কেনে কথা।

প্ৰশ্ন: সমগ্ৰ দেশত এক ধৰণৰ কৃষি পদ্ধতিয়ে কাৰ্যকাৰীভাৱে কাম কৰিবলৈ সক্ষম নে?

উত্তৰ:চাওক। পৰম্পৰাগত কৃষি পদ্ধতি স্থানীয় পৰিৱেশ, পৰিস্থিতি অনুসৰি কৰা হয়। এটা পৰিৱেশৰ সৈতে অন্য এটা পৰিৱেশৰ পৰম্পৰাগত কৃষি পদ্ধতিত বহু অমিল থাকে। কিন্তু বৰ্তমানৰ আধুনিক কৃষি পদ্ধতিৰ নামত কি হৈছে? আমি সমগ্ৰ দেশতে একে আৰ্হিৰ কৃষি পদ্ধতিৰে খেতি কৰাৰ সপক্ষে মাত মাতি আহিছোঁ। কৃষকক একে পদ্ধতিৰে খেতি কৰিবলৈ বাধ্য কৰাইছোঁ। যদিহে অসম আৰু পঞ্জাৱত একেই প্ৰযুক্তি, একেই উৎপাদন পদ্ধতিৰে খেতি কৰিবলৈ কোৱা হয়, তেন্তে সেই পদ্ধতিয়ে সফলভাৱে কাম নকৰিব-যিটো এতিয়া দেখিবলৈ পোৱা গৈছে। অসমৰ প্ৰাকৃতিক সম্পদ, অসমৰ জৈৱ-বৈচিত্ৰ্য, আৰ্থ-সামাজিক পৰিৱেশ, মাটি-পানী পঞ্জাৱতকৈ পৃথক। পৰম্পৰাগত পদ্ধতিত কৃষকসকলে তেওঁলোকৰ স্থানীয় পৰিৱেশৰ ওপৰত ভিত্তি কৰি কৃষি পদ্ধতি প্ৰস্তুত কৰিছিল। কিন্তু তথাকথিত আধুনিক কৃষি পদ্ধতিত সেই ব্যৱস্থা লোপ পালে। সেয়ে কৃষি ক্ষেত্ৰত সংকট আৰম্ভ হৈছে। আমাক অঞ্চলভিত্তিক, স্থানীয় পৰিৱেশ প্ৰকৃতি ভিত্তিক কৃষি পদ্ধতিৰ প্ৰয়োজন।

প্ৰশ্ন: সমগ্ৰ দেশৰ লগতে অসমৰ কৃষকেও উৎপাদিত সামগ্ৰীৰ নায্য মূল্য নাপায়।

উত্তৰ: বজাৰৰ ভিত্তিত, বজাৰৰ মূল্যৰ ভিত্তিত কৃষিকাৰ্য এতিয়া আৰু কতো লাভজনক কাৰ্য হৈ থকা নাই। কিন্তু পৃথিৱীৰ অন্য প্ৰান্তত কৃষিজাত সামগ্ৰীৰ দাম বজাৰত কমিলে বা গ্ৰাহকক কম দৰত যোগান ধৰিলে বাকী মূল্য প্ৰত্যক্ষভাৱে চৰকাৰে কৃষকক আদায় দিয়ে বা চৰকাৰে প্ৰত্যক্ষভাৱে কৃষকক সহায় কৰে। যদিহে প্ৰতি কুইন্টল ধানৰ সৰ্বভাৰতীয় গড় উৎপাদন ব্যয় ২১০০ টকা আৰু কৃষকক ১৪০০ টকাহে দিয়া হয়। নিশ্চিতভাৱে কৃষকৰ লোকচান হ’ব। আমাৰ দেশত সেয়াই হৈ আছে। অন্তত: কৃষকে প্ৰতি কুইন্টলত দৰ ২৫০০ টকাকৈ পাব লাগিব।

প্ৰশ্ন: কৃষিখণ্ডৰ সংকট কিদৰে আঁতৰাব পাৰি?

উত্তৰ: কৃষকৰ উৎপাদ ব্যয় হয় কমাব লাগিব, নহয়, তেওঁলোকৰ নূন্যতম সমৰ্থন মূল্য খৰচ অনুপাতে বঢ়াব লাগিব। কৰ নীতিৰ বাবে কৃষিখণ্ডৰ সমস্যা হোৱা নাই। যদিহে চৰকাৰে ভাবে যে  কৃষি-কৃষিখণ্ডৰ সমস্যা প্ৰযুক্তিৰ জৰিয়তে সমাধান কৰিব, তেন্তে ক’ব লাগিব যে সেয়া সম্ভৱ নহয়।

প্ৰশ্ন: অসমৰ ক্ষুদ্ৰ আৰু উপান্ত কৃষকসকললৈ আপোনাৰ পৰামৰ্শ কি?

উত্তৰ: অসমতো ৰাসায়নিক সাৰ, কীটনাশক, বৰ্ণসংকৰ বীজৰ ব্যৱহাৰ অভাৱনীয়ভাৱে বাঢ়িবলৈ লৈছে। এয়া ইতিবাচক ধাৰা নহয়। অসমৰ যি ধৰণৰ পাৰিপাৰ্শ্বিক অৱস্থা, ভৌগোলিক অৱস্থান তাত ৰাসায়নিক সাৰ, কীটনাশকৰ ব্যৱহাৰ মাৰাত্নক। অসমৰ ভৌগোলিক অৱস্থানৰ বাবেই সাৰ, কীটনাশক সহজেই পানীৰ সৈতে মিহলি হয়। সেয়ে অসমৰ কৃষকসকলে ইয়াৰ পৰা আতৰি থকা উচিত।

আপোনালোকৰ পৰ্য্যাপ্ত প্ৰাকৃতিক সম্পদ আছে, পৰ্য্যাপ্ত জাবৰ-জোথৰ, গোবৰ, গছৰ ডাল-পাত, যৌগিক পদাৰ্থ আছে। সেইবোৰক পচন সাৰলৈ ৰূপান্তৰিত কৰক আৰু ব্যৱহাৰ কৰক। আপোনালোকে ধান খেতি বহুত পৰিমাণে কৰে। কিন্তু বছৰত এটা বতৰৰ বাবেহে কৰে। দুটা-তিনিটা খেতিৰ বাবে চেষ্টা কৰক। মাত্ৰ ধান খেতিয়েই নকৰিব। দাইল বা মাহজাতীয় শস্যৰ খেতি কৰক। সংহত কৃষি পদ্ধতিৰ সহায় লওক। চৰকাৰেও কৃষকসকলক সহায় কৰিব লাগিব। অন্ধ্ৰপ্ৰদেশ, তামিলনাডু আদি ৰাজ্যত বৰ্ণসংকৰ বীজ, ৰাসায়নিক সাৰ, কীটনাশক আদিৰ বহুল ব্যৱহাৰৰ কুফল বুজি উঠা বাবে সেই ৰাজ্যবোৰত তাৰ ব্যৱহাৰ কমি আহিছে। বিগত ৯ বছৰৰ ভিতৰত অন্ধ্ৰপ্ৰদেশত কীটনাশকৰ ব্যৱহাৰ ৪৫ শতাংশ হ্ৰাস পাইছে। অসম পাহাৰেৰে আগুৰা। ৰাজ্যখনত আছে জলাহভূমিও। বানৰ সমস্যা আছে। অসমতো অনাবৃষ্টিৰ পৰিমাণ বাঢ়িবলৈ লৈছে। বৰষুণৰ গতি প্ৰকৃতি সলনি হ’বলৈ ধৰিছে। বৃষ্টি নিৰ্ভৰ অসমক পশ্চিম ভাৰতৰ সৈতে একে বুলি ভাবি পৰিকল্পনা কৰিলে কোনো ইতিবাচক ফল পোৱা নাযাব। যদিহে ঢৌত উটি যোৱা যায়, অসমতো কৃষক কৃষিক্ষেত্ৰৰ সংকটে সৰ্বাত্মক ৰূপ ধাৰণ কৰিব। দেশৰ অন্য বহু ৰাজ্যৰ দৰে। কথাবোৰ ভাবি গুণি অসমৰ বাবে পৰিকল্পনা কৰা উচিত।

লিখক: অৰূপ শাণ্ডিল্য, দৈনিক অসম।

2.94736842105
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top