অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ককাদেউতাৰ বন্ধু

ককাদেউতাৰ বন্ধু

এইবাৰ গ্ৰীষ্মৰ বন্ধৰ দিনকেইটাত ৰাহুলৰ মাক-দেউতাকে গাঁৱলৈ ফুৰিবলৈ যোৱাৰ কথা ভাবিছে। কথাষাৰ জানিব পাৰি আঠ বছৰীয়া ৰাহুল আনন্দত তৎ নাইকিয়া হ’ল। সি ককাক-আইতাকক লগ পাবলৈ অদৈৰ্ধ্য হৈ পৰিল।

যথা সময়ত এদিনাখন তেওঁলোক গাঁৱলৈ ওলাল। বহুদিনৰ মূৰত ৰাহুলক দেখা পাই ককাক-আইতাকৰো ভাল লাগিল। আইতাকে নাতিয়েকৰ কাৰণে বিভিন্ন তৰহৰ লাড়ু, মিঠাই আদি তৈয়াৰ কৰিলে আৰু সেইবোৰ খাই সি খুব জুতি পালে।

গাঁৱৰ মুকলি পৰিৱেশ, সেউজীয়া ধানেৰে ভৰা খেতি পথাৰত ঘূৰি ফুৰি ৰাহুলে ভাল পায়। পিছদিনা ৰাতিপুৱা ককাদেউতাকে খেতি পথাৰলৈ যাবলৈ ওলোৱাত ৰাহুলে ক’লে-ককা, ময়ো তোমাৰ লগত যাম। তোমাৰ কামত সহায় কৰিও দিম।

ৰাহুলৰ কথা শুনি ককাকে মিচিকিয়াই হাঁহি তাৰ গালে মুখে মৰমেৰে হাত ফুৰাই দিলে আৰু তাকো নিজৰ লগত লৈ গ’ল।

ৰাহুলৰ মাকে তেতিয়া  ক’লে-দুপৰীয়ালৈ উভতি আহিবা দেই ৰাহুল। দুপৰীয়া ৰ’দৰ তাপ খুব বেছি হয়।

ৰাহুলে ভাল ল’ৰাৰ দৰে মূৰ জোকাৰি হয়ভৰ দি ৰংমনেৰে দৌৰি নাচি বাগি ককাকৰ পিছে পিছে গৈ থাকিল।

নাহৰৰ কাষেৰে কিছুমান ওখ ডাঙৰ গছৰ তলেৰে ঘূৰি-পকি দুয়োয়ে খেতিপথাৰৰ পিনে খোজ আগবঢ়ালে।

বাটত ৰাহুলে নানাবিধ চৰাই, ভাটৌ, পাৰ আৰু ময়ুৰ দেখিবলৈ পালে। এঠাইত পেখম ধৰা ময়ুৰ এটি দেখি সি স্ফূৰ্তিতে হাত চাপৰি বজাব ধৰিলে।

খেতিপথাৰ পোৱাৰ পিছতে ককাকে নিজৰ কাম-বনত ব্যস্ত হৈ পৰিল আৰু ৰাহুলে  ইফালে-সিফালে ঘূৰি ফুৰি বিভিন্ন দৃশ্য উপভোগ কৰি থাকিল।

পথাৰখনৰ এমূৰত চাৰি-পাঁচডালমান গছৰ ওপৰত ৰাহুলে বহুকিটা মৌমাখিৰ বাহ দেখিবলৈ পালে। সি জানে যে মৌ মাখি আৰু বৰলে মানুহক কামুৰে। সেই কাৰণতে সি সেইবোৰ দেখি ভয় খাই দৌৰি ককাকৰ ওচৰলৈ আহিল ক’লে- ককা....ককা....সেইফালে গছকেইজোপাৰ ওপৰত মৌমাখিৰ বাহ আছে। মৌমাখিয়ে কামুৰে। তুমি সিহঁতৰ বাহবোৰ ভাঙি পেলোৱা নাই কিয়?

ৰাহুলৰ কথাকিটা শুনি ককাকে হাঁহি হাঁহি ক’লে-তুমি ভুল বুজিছা। এই মৌ মাখিবোৰ আমাৰ বন্ধু। ইহঁতে আমাৰ কাৰণে মৌ আৰু মম তৈয়াৰ কৰে। ইয়াৰোপৰি ফুল ফুলাৰ ক্ষেত্ৰত, শস্যৰ উৎপাদন বঢ়োৱাত যথেষ্ট সহায় কৰে। ফলৰ উৎপাদনো অধিক হয়। ইয়াৰে তৈয়াৰী মৌ আমি খাওঁ আৰু ঔষধ তৈয়াৰ কৰাৰ কাৰণেও প্ৰয়োজন হয়।

ৰাহুলে আচৰিত হৈ ক’লে- সঁচা! তেনেহ’লে মৌমাখিবোৰ আমাৰ বন্ধু। কিন্তু ককা, ইহঁতে আমাক কামুৰে কিয়?

ককাকে তাক বুজাই দি ক’লে-ইহঁতক নোজোকালে কেতিয়াও নাকামুৰে ৰাহুল। কোনোবাই যদি জোকায় অথবা ইহঁতৰ মৌবোৰ চুৰি কৰাৰ চেষ্টা কৰে, তেতিয়াহে ইহঁতে নিজকে বচোৱাৰ কাৰণে কামুৰে।

ঠিক তেনেতে ৰাহুলে দেখিবলৈ পালে ধাননি ডৰাৰ মাজে মাজে ককাকে আঠ-দহ ফুট ওখকৈ একোডাল বাঁহ পুতি দি সেইডাল বাঁহৰ ওপৰ অংশত অন্য এডাল বাঁহ পথালিকৈ বান্ধি দি আছে। কিন্তু কিয়? একো বুজিব নোৱাৰি সি সুধিলে-এয়া তুমি কি কৰিছা ককা? ধাননি ডৰাৰ মাজত বাঁহবোৰ কি কাৰণে বান্ধিছা?

ককালে ক’লে-দীঘল বাঁহডালৰ ওপৰত পথালিকৈ যিডাল বাঁহ বান্ধি দিয়া হৈছে, তাত ৰাতি হ’লে ফেঁচা, বাজপক্ষী আদি বহিব আৰু আৰাম কৰিব।

ককাকৰ কথাৰ অৰ্থ বুজিব নোৱাৰি ৰাহুলে পুনৰ প্ৰশ্ন কৰিলে-কিন্তু সিহঁতে দেখোন আমাৰ আটাইবোৰ শস্য খাই পেলাব!

নাখায় ৰাহুল, ফেঁচা, বাজপক্ষীয়ে শস্য নাখায়। বৰং সিহঁতে নিগনি আদিহে খায়। নিগনিয়ে আমাৰ খেতি তথা শস্যৰ বহুত লোকচান কৰে। সিহঁতক ধৰি ধৰি খাই ফেঁচা, বাজপক্ষী আদিয়ে আমাৰ যথেষ্ট উপকাৰহে কৰে। গতিকে ইহঁতো আমাৰ বন্ধু।

ৰাহুলে ক্ষন্তেক কিবা চিন্তা কৰি ক’লে-অ’ বুজিছো, সম্ভৱত: তুমিও সেই কাৰণেই ঘৰত মেকুৰীজনী পুহি ৰাখিছা! সিও আমাৰ বন্ধু নহয়নে ককা?

অ’ ৰাহুল, ঠিকেই কৈছা। পথাৰত শস্যৰ বীজ ৰোপণ কৰিবলৈ আহিলে মেকুৰীজনীকো মই লগত লৈ আহো। তাই আমাৰ শস্যবোৰক নিগনিৰ উপদ্ৰৱৰ পৰা ৰক্ষা ক’ৰে। যোৱা বছৰ কি হ’ল জানা!

নাজানো ককা। ৰাহুলে মূৰ জোকাৰিলে।

তেতিয়া ককাকে ক’লে-আমাৰ ওচৰৰে খেতি-পথাৰখনৰ ৰামু ককাই যোৱাবাৰ শস্যৰ বীজ সিঁচি পিছদিনা পথাৰলৈ আহি মূৰে-কপালে হাত থ’বলগীয়া হৈছিল।

কিয়? ৰাহুলে সুধিলে।

নিগনিয়ে সিদিনা গোটেই ৰাতি খুচৰি খু্চৰি আটাইবোৰ বীজ কুটি নষ্ট কৰিলে। অৱশেষত তেওঁ পুনৰ বীজ সিঁচিবলগীয়া হ’ল! ভাবাচোন, বেচেৰাৰ কিমান লোকচান হৈছিল। ককাকে ক’লে।

তেনেতে হঠাৎ ৰাহুলে বিকট চিঞঁৰ এটা মাৰিলে। সোঁভৰিখনত খামুচি ধৰি সি ইফালে-সিফালে দৌৰিব ধৰিলে। তাৰ অৱস্থাতো দেখি ককায়েও ভয় খাই তাৰ ওচৰ চাপি আহিল আৰু সুধিলে-ৰাহুল, কি হৈছে তোমাৰ?

ভয়তে পেঁপুৱা লগা ৰাহুলে আঙুলিয়াই দি তাৰ পিছফাললৈ ইংগিত কৰিলে- সা....প.....। সেইটো সাপৰ পোৱালী।

তাৰ কথা মতে ককাকে ওচৰলৈ গৈ চাই-চিতি দেখি অবাক হ’ল আৰু ডাঙৰকৈ হাঁহিলে। ককালে হঁহা দেখি ৰাহুলে থতমত খালে। সি কি কৰিব একো ভাবি নাপালে।

ককাকে হাঁহি হাঁহি এটা সময়ত কৈ উঠিল-ৰাহুল, এইডাল সাপ নহয়, কেঁচুহে। ইয়াৰে মাটিত এনে বহুতো কেঁচু তুমি দেখিবলৈ পাবা।

ৰাহুলে কিন্তু তেতিয়াও ভয়তে কঁপি আছিল। সি লাহেকৈ ক’লে-কিন্তু ককা, দেখিবলৈ দেখোন একেবাৰে সাপৰ পোৱালীৰ দৰে!

অ’, ইও আমাৰ বন্ধু। ইহঁতে মাটিবোৰ গুড়ি কৰি সাৰুৱা কৰি তোলে। ককাকে ক’লে।

তেন্তে কেঁচু আমাৰ বন্ধু। ৰাহুলে আনন্দৰে ক’লে।

ককাকে আকৌ ক’লে-অৱশ্যে সাপো আমাৰ বন্ধু।

কি? এইবুলি ৰাহুলে চিঞঁৰি উঠিল।

তুমি চাগৈ আচৰিত হৈছা! কিন্তু ই সঁচা। সাপেও নিগনিবোৰ ভক্ষণ কৰি আমাৰ পৰম উপকাৰ কৰে।

কিন্তু সাপে যে খুঁটে! ৰাহুলে ক’লে।

ককাকে তেতিয়া কথাষাৰ বুজাই দিলে- যেতিয়ালৈকে সিহঁতক আমি নোজোকাও, তেতিয়ালৈকে সিহঁতে আমাক নাকামুৰে আৰু আমি দেখা প্ৰত্যেকটো সাপেই বিষাক্ত নহয় ৰাহুল। তথাপিও খেতি পথাৰত কাম কৰাৰ সময়ত আমি সাপৰ পৰা সাৱধান হৈ থকা উচিত। অসাৱধান হোৱাৰ ফলত তথা নিশাৰ এন্ধাৰত সাপে খুঁটাৰ ফলত বহু মানুহৰ মৃত্যুও হয়।

ইমানপৰে ককাকৰ মুখৰ পৰা বিভিন্ন কথা শুনি অৱশেষত ৰাহুলে ক’লে- ককা, তোমাৰ ইমানবোৰ বন্ধু আছে! কোনো শত্ৰু নাই নেকি?

কিয় নাথাকিব! শত্ৰুও আছে। শত্ৰুৰ পৰা ৰক্ষা পোৱাৰ কাৰণেইতো বন্ধুৰ প্ৰয়োজন হয়। চৰাই, নিগনি, ভাটৌ আদিয়ে আমাৰ শস্যবোৰ খাই বহু অনিষ্ট কৰে। সেয়েহে আমি ইহঁতবোৰক বন্ধু বুলি নাভাবি শত্ৰু বুলিহে ভাবো।

তাৰ পিছত ককাকে ক’লে- বেলি মূৰৰ ওপৰত উঠিল। এতিয়া ঘৰলৈ যোৱাই ভাল হ’ব। মাৰাই চাগৈ দুপৰীয়াৰ আহাৰ ৰান্ধি আমাৰ বাবে বাট চাই আছে!

লেখিকা: ৰীণা দেৱী।

3.15217391304
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top