অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বিভিন্ন বঁটা আৰু সন্মান

বিভিন্ন বঁটা আৰু সন্মান

ভাৰতৰত্ন

ভাৰতৰত্ন আমাৰ দেশে প্ৰদান কৰা সৰ্বোচ্চ অসামৰিক সন্মান। সাহিত্য, কলা, বিজ্ঞান, সমাজসেৱা আদি ক্ষেত্ৰত বিশিষ্ট সেৱা আগবঢ়োৱা ব্যক্তিক এই সন্মান প্ৰদান কৰা হয়। কেৱল আমাৰ দেশৰ ব্যক্তিকে নহয় বিদেশী ব্যক্তি যেনে: খান আব্দুল গফৰ খান (পাকিস্তান), নেলছন মাণ্ডেলা (দক্ষিণ আফ্ৰিকা) আদিকো এই সন্মানেৰে বিভূষিত কৰা হৈছে। ১৯৫৪ চনত প্ৰথমবাৰৰ বাবে ভাৰতৰত্ন প্ৰদান কৰা হয়। সেই বছৰ চক্ৰৱৰ্তী ৰাজাগোপালাচাৰী, সৰ্বপল্লী ৰাধাকৃষ্ণণ আৰু চন্দ্ৰশেখৰ ভেংকট ৰমনক এই সন্মান যচা হৈছিল।

  • পদ্মসন্মান
সাহিত্য, সংস্কৃতি, বিজ্ঞান, ক্ৰীড়া, মানৱ সেৱা আদি দিশত খ্যাতি অৰ্জন কৰা আৰু বিশিষ্ট সেৱা আগবঢ়োৱা ব্যক্তিক ভাৰত চৰকাৰে পদ্ম দন্মান প্ৰদান কৰে। তিনি ধৰণৰ পদ্ম সন্মান দিয়া হয়।

(ক) পদ্ম বিভূষণ : পদ্ম সন্মান সমূহৰ ভিতৰত এই সন্মান শীৰ্ষ স্থানীয়। এই সন্মান পোৱা সকলক যিটো স্মাৰক দিয়া হয়, সেইটো ঘূৰণীয়া এটা ট্ৰফি। ইয়াৰ মাজতে সোণৰ বগা পাত চৰোৱা, চাৰিটা পাহিৰ সৈতে এপাহ পদুম ফুলৰ প্ৰতীক খোদিত কৰা হয়। আনটো ফালে ৰাষ্ট্ৰীয় প্ৰতীকটো অংকিত কৰা থাকে।

(খ) পদ্মভূষণ : পদ্ম সন্মান সমূহৰ ভিতৰত এই সন্মান দ্বিতীয় স্থানত। ইয়াৰ স্মাৰকটোও পদ্ম বিভূষণত দিয়াটোৰ দৰেই, কেৱল তাৰ পদুম ফুলটোৰ প্ৰতীকটোত তিনিটা পাহি আছে।

(গ) পদ্মশ্ৰী : পদ্ম সন্মান সমূহৰ ভিতৰত এই সন্মান তৃতীয় স্থানৰ। ইয়াৰ স্মাৰকটোত পদুম ফুলৰ যিটো প্ৰতীক আছে, তাৰ পাহি পাচঁঅটা।

এই তিনিও প্ৰকাৰৰ স্মাৰক গুলপীয়া ৰিবনৰ সহায়ত প্ৰাপক জনৰ বুকুত আঁৰি দিয়া হয়।

১৯৫৪ চনৰ পৰা পদ্ম সন্মান প্ৰদান কৰি অহা হৈছে। অৱশ্যে কেন্দ্ৰত চৰকাৰ সলনি হোৱা বাবে ১৯৭৭ চনৰ আগষ্ট মাহৰ পৰা ১৯৮০ চনৰ জানুৱাৰী লৈকে আৰু ন্যায়ালয়ৰ এটা গোচৰৰ বাবে ১৯৯৩ চনৰ পৰা ১৯৯৭ চনলৈকে এই সন্মান প্ৰদান কৰা হোৱা নাছিল। এক বিশেষ অনুষ্ঠানত ভাৰতৰ ৰাষ্ট্ৰপতিয়ে এই সন্মান সমূহ প্ৰদান কৰে।

  • পৰমবীৰ চক্ৰ

শক্ৰৰ বিৰুদ্ধে যুঁজি অতি বিক্ৰম আৰু সাহসিকতাৰ পৰিচয় দিয়া ব্যক্তিক প্ৰদান কৰা হয়।

  • মহাবীৰ চক্ৰ

স্থল, জল, বায়ু যিকোনো স্থানতেই অতি বিক্ৰমেৰে শত্ৰুৰ বিপক্ষে যুঁজি দিয়া ব্যক্তিক এই বঁটা প্ৰদান কৰা হয়।

  • বীৰ চক্ৰ

স্থল, জল, বায়ু যিকোনো স্থানতে শত্ৰুৰ বিপক্ষে যুঁজ দি পৰম বিক্ৰম আৰু সাহসিকতাৰ পৰিচয় দিয়া ব্যক্তিক এই বঁটা প্ৰদান কৰা হয়।

  • অশোক চক্ৰ

অশোক চক্ৰ হ’ল বীৰত্বৰ বাবে দিয়া সৰ্বোচ্চ অসামৰিক পদক। অতি বিক্ৰম, সাহসিকতাৰে নিজৰ জীৱন বলিদান দি হ’লেও শত্ৰুৰ বিৰুদ্ধে যুঁজ দিয়া ব্যক্তিক এই সন্মান যচা হয়।

ওপৰত উল্লেখ কৰি অহা সন্মান বোৰৰ উপৰি সৈন্য বাহিনীত বিশিষ্ট সেৱা আৰু নাগৰিকৰ জীৱন ৰক্ষা কৰাৰ বাবে পৰম বিশিষ্ট সেৱা পদক, অতি বিশিষ্ট সেৱা পদক, বিশিষ্ট সেৱা পদক, জীৱন ৰক্ষা পদক, সৰ্বোত্তম জীৱন ৰক্ষা পদক, উত্তম জীৱন ৰক্ষা পদক আদি বঁটা দিয়া হয়।

  • ভাৰতীয় জ্ঞানপীঠ বঁটা

ভাৰতীয় জ্ঞানপীঠ বঁটা ভাৰতৰ সৰ্বোচ্চ সাহিত্য-সন্মান। ইংৰাজীকে ধৰি ভাৰতৰ সংবিধানৰ অষ্টম অনুসূচীত থকা আধুনিক ভাষা সমূহৰ যিকোনো ভাষাৰ সাহিত্য-ক্ষেত্ৰত আগবঢ়োৱা বিশিষত সৃষ্টিশীল কৰ্মৰ বাবে প্ৰতি বছৰে ভাৰতীয় জ্ঞানপীঠ বঁটা প্ৰদান কৰা হয়। ১৯৬৫ চনৰ পৰা এই বঁটা প্ৰদান কৰি অহা হৈছে। এই বঁটাত আছে। এই বঁটাত আছে নগদ পাঁচ লাখ টকা, এখন মানপত্ৰ আৰু সৰস্বতীৰ এটি ব্ৰঞ্জৰ মূৰ্তি। আৰম্ভণিতে কোনো এখন নিৰ্দিষ্ট গ্ৰন্থৰ বাবেহে লেখকজনক জ্ঞানপীঠ বঁটা প্ৰদান কৰা হৈছিল যদিও ১৯৮২ চনৰ পৰা লেখক জনৰ সামগ্ৰিক সাহিত্যি কৃতিৰ মূল্যায়ন কৰিহে এই বঁটা প্ৰদানৰ নিয়ম প্ৰচলিত হয়।

  • সাহিত্য অকাডেমী বঁটা

ভাৰতৰ আঞ্চলিক ভাষা সমূহৰ উৎকৰ্ষ আৰু বিকাশত উদগনি যোগোৱাৰ অৰ্থে সাহিত্য অকাডেমীয়ে প্ৰতিবছৰে এই বঁটা প্ৰদান কৰে। অকাডেমীয়ে তেওঁলোকৰ দ্বাৰা স্বীকৃত বাইশটা ভাষাৰ অকডেমীয়ে বঁটা আগবঢ়ায়। ১৯৫৫ চনৰ পৰা এই বঁটা প্ৰদান কৰি অহা হৈছে। এই বঁটাৰ অৰ্থ মূল্য ৪০ হাজাৰ টকা আৰু এখন তাম্ৰপত্ৰ। মূল্ ভাষাৰ উপৰি অনূদিত গ্ৰন্থৰ বাবেও সাহিত্য অকাডেমী বঁটা প্ৰদান কৰা হয়।

  • সংগীত-নাটক একাডেমী বঁটা

সংগীত, নাটক, নৃত্য আদি বিভিন্ন বিষয়ত আগবঢ়োৱা বিশিষ্ট সেৱাৰ বাবে এই বঁটা প্ৰদান কৰা হয়। এই বঁটাৰ মূল্য ৫০ হাজাৰ টকা।

  • ললিত কলা একাডেমী বঁটা

ভাৰতীয় চিত্ৰকলা, ভাস্কৰ্য আদিত শ্ৰেষ্ঠত্ব প্ৰদৰ্শন কৰা ব্যক্তিক ভাৰতৰ ললিত কলা একাডেমীয়ে এই পুৰস্কাৰ প্ৰদান কৰে।

  • শান্তিস্বৰুপ ভাটনাগৰ বঁটা

পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, চিকিৎসা বিজ্ঞান, জীৱ বিজ্ঞান আদি বিষয়ৰ বৈজ্ঞানিক গৱেষণাত দেখুওৱা কৃতিত্বৰ বাবে এই বঁটা আগবঢ়োৱা হয়। ১৯৫৭ চনৰ পৰা শন্তিস্বৰুপ ভাটনাগৰ বঁটা প্ৰদান কৰি অহা হৈছে।

  • ভাৰতেন্দু বঁটা

১৯৮৩ চনৰ পৰা ভাৰত চৰকাৰে সাংবাদিকতা, প্ৰকাশন, প্ৰচাৰ আদি ক্ষেত্ৰত আগবঢ়োৱা বিশিষ্ট সেৱাৰ বাবে ভাৰতেন্দু বঁটা আগবঢ়াই আহিছে। প্ৰথম অৱস্থাত এই বঁটা হিন্দী ভাষাৰ লিখনিৰ ক্ষেত্ৰতহে আগবঢ়োৱা হৈছিল।

  • ইন্দিৰা গান্ধি শান্তি পুৰস্কাৰ

আন্তৰ্জাতিক বুজা-পৰা, অৰ্থনৈতিক সহযোগিতা বৃদ্ধিত বিশিষ্ট বৰঙণি আগবঢ়োৱা ব্যক্তি বা সংস্থাক ইণ্ডিৰা গান্ধী শান্তি পুৰস্কাৰ আগবঢ়োৱা হয়। এই বঁটাত আছে ২৫ লাখ টকা।

  • ইন্দিৰা গান্ধ ৰাষ্ট্ৰীয় সংহতি বঁটা

ভাষা, ধৰ্ম, জাতি, নিৰ্বিশেষে ৰাষ্ট্ৰীয় সংহতি আৰু বুজা-পৰা অৰ্থে কাম কৰা ব্যক্তি বা সংস্থাক ইন্দিৰা গান্ধী ৰাষ্টড়ীয় সংহতি বঁটা আগবঢ়োৱা হয়। এই বঁটাত আছে ১,৫১,০০০ টকা আৰু এখন প্ৰশস্তি পত্ৰ।

  • অৰ্জুন বঁটা

ক্ৰীড়াৰ ক্ষেত্ৰত দেখুওৱা বিশিষ্ট সফলতাৰ বাবে অৰ্জুন বঁটা আগবঢ়োৱা হয়। এই বঁটাত আছে ৩ লাখ টকা আৰু মহাবীৰ অৰ্জুনৰ এটা ব্ৰঞ্জৰ মূৰ্তি। ১৯৬১ চনৰ পৰা এই বঁটা প্ৰদান কৰি অহা হৈছে।

  • দ্ৰোণাচাৰ্য বঁটা

খেলুৱৈৰ প্ৰশিক্ষক সকলক প্ৰদান কৰা সৰ্বোচ্চ বঁটা। এই বঁটাত আছে ৩ লাখ টকা আৰু এটা ট্ৰফী। ১৯৮৫ চনৰ পৰা এই বঁটা প্ৰদান কৰি অহা হৈছে।

  • যমনালাল বাজাজ বঁটা

নাৰী আৰু শিশুৰ কল্যাণ, সমাজ সেৱা, বিজ্ঞান, কাৰিকৰী গৱেষণা আদি ক্ষেত্ৰত দেখুওৱা কৃতিত্বৰ বাবে এই বঁটা আগবঢ়োৱা হয়।

  • গোবিন্দ বল্লভ পন্ত বঁটা

বিশিষ্ট সেৱাৰ বাবে ভাৰতৰ সাংসদ সকলক দিয়া পুৰস্কাৰ। এই বঁটাত আছে ১ লাখ টকা।

  • ‘নেহৰু ৰচন প্ৰতিযোগিতা’ পুৰস্কাৰ

জাতীয় সংহতিৰ বিষয়ত লিখা ৰচনাৰ শ্ৰেষ্ঠ ৰচনা খনৰ লিখোঁতা জনক ‘নেহৰু ৰচনা প্ৰতিযোগিতা’ পুৰস্কাৰ প্ৰদান কৰা হয়।

  • মূৰ্তি দেৱিবঁটা

ভাৰতীয় সাহিত্যলৈ বিশিষ্ট বৰঙণি আগবঢ়োৱা ব্যক্তিক মূৰ্তি দেৱী বঁটা আগবঢ়োৱা হয়। এই বঁটাত আছে এখন প্ৰশস্তি পত্ৰ, এটা সৰস্বতীৰ মূৰ্তি আৰু ১ লাখ টকা।

  • হাফিজ আলি খান বঁটা

হাফিজ আলি খান স্মৃতিৰক্ষা সমিতিয়ে ভাৰতীয় সংগীতৰ উৎকৰ্ষ আৰু প্ৰসাৰৰ বাবে কাম কৰা ব্যক্তিক হাফিজ আলি খান বঁটা প্ৰদান কৰে। ১৯৮৫ চনৰ পৰা এই বঁটা প্ৰদান কৰা হৈছে।

  • বিৰছা মুণ্ডা বঁটা

ভাৰতৰ জনজাতি সকলৰ উন্নয়নৰ বাবে বিশেষ বৰঙণি আগবঢ়োৱা ব্যক্তিক বিৰছা মুণ্ডা বঁটা প্ৰদান কৰা হৈছে। ১৯৯৫ চনৰ ২১ মে’ত প্ৰথম বিৰছা মুণ্ডা বঁটা প্ৰদান কৰা হয়। এই বঁটাত আছে ১ লাখ টকা, এখন প্ৰশস্তি পত্ৰ আৰু এটি ব্ৰঞ্জৰ মূৰ্তি।

  • দয়াৱতী মোদী বঁটা

ভাৰতীয় ভাষা-সাহিত্য, সংস্কৃতি, কলা আদিৰ ক্ষেত্ৰত বিশিষ্ট সেৱা আগবঢ়োৱা ব্যক্তিক এই বঁটা প্ৰদান কৰা হয়। এই বঁটাত আছে ২,৫১,০০০ টকা, এখন প্ৰশস্তিপত্ৰ আৰু এটি স্মৃতিচিহ্ন।

  • গোৱেংকা বঁটা

ভাৰতীয় সাংবাদিকতাৰ ক্ষেত্ৰত আগবঢ়োৱা বিশিষ্ট অৱদানৰ বাবে গোৱেংকা বঁটা আগবঢ়োৱা হয়। এই বঁটাত আছে এটা ট্ৰফি, এখন প্ৰশস্তিপত্ৰ আৰু ১ লাখ টকা।

  • গুজৰমল বঁটা

গৱেষণা মূলক কামত আগবঢ়োৱা বিশিষ্ট সেৱাৰ বাবে ভাৰতীয় বিজ্ঞানীক গুজৰমল বঁটা প্ৰদান কৰা হয়। এই বঁটাত আছে ১.০১ লাখ টকা, এখন ৰুপৰ শ্বিল্‌ড আৰু এখন প্ৰশস্তিপত্ৰ।

  • ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা

সৰ্বভাৰতীয় আৰু আঞ্চলিক ভাষাৰ শ্ৰেষ্ঠ চলচ্চিত্ৰৰ বিভিন্ন দিশত প্ৰতি বছৰে বিভিন্ন বঁটা প্ৰদান কৰা হয়। সৰ্বভাৰতীয় ভিত্তিত নিৰ্বাচিত শ্ৰেষ্ঠ চলচ্চিত্ৰৰ বাবে স্বৰ্ণকমল আৰু আন অঞ্চলিক ভাষাৰ চলচ্চিত্ৰৰ বাবে ৰজতকমল প্ৰদান কৰা হয়।

  • শিক্ষকলৈ ৰাষ্ট্ৰীয় বঁটা

ভাৰতৰ দ্বিতীয় ৰাষ্ট্ৰপতি তথা বিশিষ্ট শিক্ষাবিদ, দাৰ্শনিক ডঃ ৰাধাকৃষ্ণণৰ জন্ম দিৱস ৫ ছেপ্তেম্বৰ দিনটোত (শিক্ষক দিৱস) প্ৰতি বছৰে বিশিষ্ট শিক্ষক আৰু পণ্ডিত সকললৈ এই বঁটা প্ৰদান কৰা হয়।

  • কবিৰ সন্মান

মধ্য প্ৰদেশ চৰকাৰে প্ৰদান কৰা এই সন্মান ভাৰতৰ যিকোনো ভাষাৰ বিশিষ্ট কবিক দিয়া হয়।

  • লতা মংগেশকাৰ বঁটা

মধ্য প্ৰদেশ চৰকাৰৰ দ্বাৰা প্ৰদত্ত এই বঁটা সংগীত জগতলৈ বিশিষ্ট বৰঙণি যোগোৱা ব্যক্তিলৈ আগবঢ়োৱা হয়। এই বঁটাত আছে এক লাখ টকা আৰু এখন প্ৰশস্তি পত্ৰ।

  • ৰীৱ গান্ধী খেল ৰত্ন বঁটা

এই বঁটা ১৯৯১-৯২ চনৰ পৰা প্ৰদান কৰি অহা হৈছে। ক্ৰীড়া ক্ষেত্ৰত বিশিষ্ট বৰঙণি আগবঢ়োৱা ব্যক্তিক এই বঁটা প্ৰদান কৰা হয়। এই বঁটাত আছে তিনি লাখ টকা, এটা মেডেল আৰু এখন প্ৰশস্তি পত্ৰ। ১৯৯১-৯২ চনত পৰাই এই বঁটা প্ৰদান কৰি অহা হৈছে।

  • কমল কুমাৰী ৰাষ্ট্ৰীয় বঁটা
  • ১৯৯০ চনত স্থাপিত কমল কুমাৰী ফাউণ্ডেছনে সংস্কৃতি (সাহিত্য, শিক্ষা, চাৰুকলা আৰু পৰিৱেশ্য কলা) আৰু বিজ্ঞান-প্ৰযুক্তিৰ দিশত বিশিষ্ট বৰঙণি আগবঢ়োৱা ব্যক্তিক এই বঁটা প্ৰদান কৰে। এই বঁটাত আছে এক লাখ টকা, এটা ট্ৰফি আৰু এখন প্ৰশস্তি পত্ৰ।
  • শিৱ প্ৰসাদ বৰুৱা ৰাষ্ট্ৰীয় বঁটা

সাংবাদিকতাৰ ক্ষেত্ৰত প্ৰদৰ্শন কৰা বিশেষ সক্ষতাৰ বাবে এই বঁটা প্ৰদান কৰা হয়। কমল কুমাৰী ফাউণ্ডেছনৰ দ্বাৰা প্ৰদত্ত এই বঁটাত আছে এক লাখ টকা, এটা ট্ৰফি আৰু এখন প্ৰশস্তি পত্ৰ।

  • ব্যাস সন্মান

হিন্দী ভাষাৰ একোগৰাকী সাহিত্যিকৰ দহ বছৰৰ সাহিত্য কৰ্মৰ মূল্যাংকন কৰি এই বঁটা প্ৰদান কৰা হয়। কে কে বিৰলা ফাউণ্ডেচনৰ দ্বাৰা প্ৰদত্ত এই বঁটাত আছে ২.৫ লাখ টকা, এটা ফলক আৰু এখন আলোৱান।

  • সৰস্বতী সন্মান

বিগত দহ বছৰত প্ৰকাশিত ২২ টা ভাৰতীয় ভাষাৰ (সংস্কৃতকে ধৰি) শ্ৰেষ্ঠ সৃষ্টি মূলক গ্ৰন্থৰ ৰচয়িতাক এই বঁটা প্ৰদান কৰা হয়। কে কে বিৰলা ফাউণ্ডেচনে প্ৰদান কৰা এই বঁটাত আছে এখন প্ৰশস্তি পত্ৰ আৰু নগদ ৭.৫ লাখ টকা। ১৯৯১ চনৰ পৰা এই বঁটা প্ৰদান কৰি অহা হৈছে।

  • ৰাজীৱ গান্ধী ৰাষ্ট্ৰীয় সদভাৱনা বঁটা

শান্তি, সাম্প্ৰদায়িক সম্প্ৰীতি আৰু সন্ত্ৰাসবাদ বিৰোধিতাৰ বাবে কাম কৰা ব্যক্তি বা সংস্থাক এই বঁটা প্ৰদান কৰা হয়। ১৯৯২ চনৰ পৰা এই বঁটা প্ৰদান কৰি অহা হৈছে। ভাৰতৰ জাতীয় কংগ্ৰেছৰ দ্বাৰা প্ৰস্তুত এই বঁটাত আছে এখন প্ৰশস্তি পত্ৰ আৰু ২.৫ লাখ টকা।

  • মহাত্মা গান্ধী শান্তি বঁটা

মহাত্মা গান্ধীৰ অহিংস নীতিত বিশ্বাস ৰাখি বিশ্বশান্তি তথা সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক সংস্কাৰ সাধনৰ হকে প্ৰয়াস কৰা ব্যক্তি বা সংগঠনক এই বঁটা প্ৰদান কৰা হয়। মহাত্মা গান্ধীৰ ১২৫ বছৰীয়া জন্ম দিৱস উপলক্ষে ১৯৯৫ চনৰ পৰা প্ৰতি বছৰে এই বঁটা প্ৰদান কৰি অহা হৈছে। এই বঁটাৰ অৰ্থমূল্য এক কোটি টকা।

  • দাদাচাহেব ফাল্কে বঁটা

ভাৰতীয় চলচ্চিত্ৰৰ জনকৰুপে অভিহিত দাদাচাহেব ফাল্কেৰ স্মৃতি ৰক্ষাৰ্থে প্ৰতি বছৰে এই বঁটা প্ৰদান কৰা হয়। ভাৰতীয় চলচ্চিত্ৰৰ উৎকৰ্ষ আৰু বিকাশৰ হকে উল্লেখনীয় বৰঙণিৰ স্বীকৃতি স্বৰুপে এই বঁটা আগবঢ়োৱা হয়। ব হাৰতীয় চলচ্চিত্ৰৰ সৰ্বোচ্চ বঁটা ৰুপে স্বীকৃত এই বঁটাৰ অৰ্থ মূল্য দুই লাখ টকা। ইয়াৰ লগতে বিজয়ী জনক এখন প্ৰশস্তি পত্ৰ আৰু এখন আলোৱান প্ৰদান কৰা হয়। ১৯৬৯ চনৰ পৰা এই বঁটা প্ৰদান কৰি অহা হৈছে।

  • জৱাহৰলাল নেহৰু বঁটা

আন্তঃৰাষ্ট্ৰীয় বুজাপৰা আৰু বিশ্ব বন্ধুত্বৰ দিশত আগবঢ়োৱা বিশিষ্ট বৰঙণিৰ বাবে এই বঁটা প্ৰদান কৰা হয়। এই বঁটাত আছে ১৫ লাখ টকা, এখন প্ৰশস্তি পত্ৰ আৰু এটা ট্ৰফি।

  • জি ডি বিৰলা বঁটা

ভাৰতত বসবাস কৰা কাম কৰা ৫০ বছৰৰ অনুৰ্দ্ধ ভাৰতীয় বিজ্ঞানীলৈ তেওঁৰ অতি বিশিষ্ট বৈজ্ঞানিক গৱেক্ষণাৰ বাবে এই বঁটা প্ৰদান কৰা হয়। এই বঁটাত আছে ২ লাখ টকা আৰু এখন প্ৰশস্তি পত্ৰ। ১৯৯১ চনত স্থাপিত কে কে বিৰলা ফাউণ্ডেছনে এই বঁটা প্ৰদান কৰে।

  • দাদা চাহেব ফাল্কে বঁটা বিজয়ীসকল

নাম

চন

দেবীকা ৰাণী

১৯৬৯

বি এন চিৰকাৰ

১৯৭০

পৃথ্বিৰাজ কাপুৰ

১৯৭১

পংকজ মল্লিক

১৯৭২

সুলোচনা ৰুবি

১৯৭৩

বি এন ৰেড্ডী

১৯৭৪

ধীৰেন গাঙ্গুলী

১৯৭৫

কানন দেৱী

১৯৭৬

নীতি বসু

১৯৭৭

আৰ চি বোৰাল

১৯৭৮

ছোৰাব মোদী

১৯৭৯

পি জয়ৰাজ

১৯৮০

নৌশাদ আলি

১৯৮১

এল বি প্ৰসাদ

১৯৮২

দুৰ্গা খোটে

১৯৮৩

সত্যজিৎ ৰায়

১৯৮৪

ভি চান্তাৰাম

১৯৮৫

বি নাগী ৰেড্ডী

১৯৮৬

ৰাজ কাপুৰ

১৯৮৭

অশোক কুমাৰ

১৯৮৮

লতা মংগেশকাৰ

১৯৮৯

এ নাগেশ্বৰ ৰাও

১৯৯০

বি এল পেন্দ্বাৰ কাৰ

১৯৯১

ভূপেন হাজৰিকা

১৯৯২

মজৰুহ চুলতানপুৰী

১৯৯৩

দিলীপ কুমাৰ

১৯৯৪

ডঃ ৰাজ কুমাৰ

১৯৯৫

শিৱাজী গণেশন

১৯৯৬

ৰামচন্দ্ৰ নাৰায়ণজী দ্বিবেদি

১৯৯৭

বি আৰ চোপ্ৰা

১৯৯৮

হৃষীকেশ মুখাৰ্জী

১৯৯৯

আশা ভোছলে

২০০০

যশ ছোপ্ৰা

২০০১

দেৱানন্দ

২০০২

মৃণাল সেন

২০০৩

আদুৰ গোপালকৃষ্ণণ

২০০৪

শ্যাম বেনেগাল

২০০৫

তপন সিন্‌হা

২০০৬

মান্না দে

২০০৭

 

  • ৫৫ তম্‌ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা

শ্ৰেষ্ঠ ছবি

কাঞ্চীৱৰম (তামিল)

শ্ৰেষ্ঠ পৰিচালক

আদুৰ গোপালকৃষ্ণন (নালু পেন্নুনগাল,মালায়ালম)

শ্ৰেষ্ঠ অভিনেতা

প্ৰকাশ ৰাজ (কাঞ্চীৱৰম, তামিল)

শ্ৰেষ্ঠ অভিনেত্ৰী

উমাশ্ৰী (গুলাবী টকীজ, কানাড়া)

শ্ৰেষ্ঠ মনোৰঞ্জন ধৰ্ম ছবি

চক দে ইণ্ডিয়া (হিন্দী)

ইন্দিৰা গান্ধী বঁটা (পৰিচালকৰ প্ৰথম শিতানত)

শিৱাজী চন্দ্ৰভূষণ (ফ্ৰজেন, হিন্দী)

শ্ৰেষ্ঠ নেপথ্য গায়ক

শংকৰ মহাদেৱন (তাৰে জমীন পৰ, হিন্দী)

শ্ৰেষ্ঠ নেপথ্য গায়িকা

শ্ৰেয়া ঘোষাল (জব উই মেট, হিন্দী)

শ্ৰেষ্ঠ পৰিয়াল কল্যাণকামী ছবি

তাৰে জমীন পৰ (হিন্দী)

 

  • ভাৰতৰ ব্ৰৰুহত্তম, উচ্চতম, দীৰ্ঘতম, ক্ষুদ্ৰতম ইত্যাদি

উচ্চতম বিমান বন্দৰ

লাডাখৰ লেহ বিমান বন্দৰ (৩,২৫৬ মিটাৰ/১০,৬৮০ ফুট)

উচ্চতম এয়াৰ ফিল্‌ড

দৌলতবেগ-অল্‌ডহি (লাডাখ, ৫,১৮২.৯ মিটাৰ/১৭,০০০ ফুট)

উচ্চতম বান্ধ

পঞ্জাবৰ ভাক্ৰা বান্ধ (২২৬ মিটাৰ/৭৩৮ ফুট)

উচ্চতম তোৰণ

আগ্ৰাৰ ওচৰৰ বুলণ্ড দৰৱাজা (৫৩.৫ মিটাৰ/১৭৫ ফুট)

উচ্চতম মিনাৰ (স্তম্ভ)

কুটুব মিনাৰ (৭৩ মিটাৰ/২৩৯ ফুট) ; ১২৩৯ চনত নিৰ্মিত

উচ্চতম পথ

হখাৰডুনগ্লা (৫,৬৮২ মিটাৰ/ ১৮,৩৮৩ ফুট)। এই পথ লেহ-মানালি খণ্ডত অৱস্থিত।

উচ্চতম ওলোমা দলং

পৱগড় (গুজৰাট)

উচ্চতম জলপ্ৰপাত

মহীশূৰৰ পৰা ৩৪৮ কিলোমিটাৰ নিলগত অৱস্থিত স্বৰাৱতি নদীৰ জলপ্ৰপাত, ২৫৩ মিটাৰ (৮৩০ ফুট) উচ্চতাত অৱস্থিত এই জলপ্ৰপাতৰ সমষ্টি। সন্মিলিত ভাৱে ইয়াৰ নাম জগ জলপ্ৰপাত

উচ্চতম শৃংগ

গডউইন অষ্টিন বা ‘কে-টু’ (উচ্চতা : ৮,৬১১ মিটাৰ/২৮,২৫০ ফুট)। এইটো শৃংগ পাক অধিকৃত কাশ্মীৰ অঞ্চলত অৱস্থিত হোৱা বাবে কাঞ্চনজংঘাকে (৮,৫৭৯ মিটাৰ।২৮,১৪৬ ফুট) ভাৰতৰ উচ্চতম শৃংগ বুলি ধৰা হয়।

উচ্চতম মূৰ্তি

বাংগালোৰৰ শিৱমূৰ্তি (উচ্চতা ৬৫ ফুট ; ১৯৯৫ চনত নিৰ্মিত)

বৃহত্তম গুহা

অমৰনাথৰ গুহা ; ই বহলে ৫০ মিটাৰ (১৬৭ ফুট) আৰু ওখই ২৫ মিটাৰ (৮৪ ফুট)। সমুদ্ৰপৃষ্ঠৰ পৰা ইয়াৰ উচ্চতা ৩,৮০০ মিটাৰ (১২,৭০০ ফুট)

বৃহত্তম গীৰ্জা

ছে কেথেড্ৰল, গোৱা। ১৫৬২-১৬৫২ চনত নিৰ্মিত

বৃহত্তম গুহা মন্দিৰ

ইলোৰা, মহাৰাষ্ট্ৰ

বৃহত্তম চিনেমা হল

মাদুৰাই ‘থাংগাম’ ; ইয়াত একেলগে ২,৫৬৩ জন দৰ্শক বহিব পাৰে

বৃহত্তম বান্ধ

নাগাৰ্জুন সাগৰ, অন্ধ্ৰ প্ৰদেশ। (১৯৭৪ চনত কৃষ্ণা নদীৰ ওপৰত নিৰ্মিত এইটো বান্ধৰ উচ্চতা ১২৫ মিটাৰ/৪০৯ ফুট আৰু দৈৰ্ঘ্য প্ৰায় ৫ কিলোমিটাৰ)

বৃহত্তম ব-দ্বীপ

সুন্দৰবন (মাটিকালি : ৭৫,০০০ বৰ্গ কিলোমিটাৰ)

বৃহত্তম মৰুভূমি

থৰ মৰুভূমি (মাটিকালি : ২,০০,০০০ বৰ্গ কিলোমিটাৰ)

বৃহত্তম গম্বুজ

গোল গম্বুজ, কৰ্ণাটক ; ইয়াৰ ব্যাস ৪২ মিটাৰ (১৩৭ ফুট)

বৃহত্তম গুৰুদ্বাৰ

স্বৰ্ণ মন্দিৰ, অমৃতসৰ। ষষ্ঠদশ শতিকাত নিৰ্মিত

বৃহত্তম হ্ৰদ

কাল্লেৰু, অন্ধ্ৰ প্ৰদেশ (কালি : ৯০০ বৰ্গ কিলোমিটাৰ)

বৃহত্তম মছজিদ

জামা মছজিদ, দিল্লী ; ইয়াত একেলগে ১০,০০০ ৰো অধিক ভক্তই প্ৰাৰ্থনা কৰিব পাৰে ; ইয়াৰ মাটিকালি ৯,২৯০ বৰ্গ মিটাৰ। মোগল সম্ৰাট চাহজাহানে ১৬৪৪-৫৮ চনত এই মছজিদ নিৰ্মাণ কৰায়

বৃহত্তম যাদুঘৰ

ভাৰতীয় যাদুঘৰ, কলকাতা। এই যাদুঘৰ ১৮১৪ চনত প্ৰতিষ্ঠা কৰা হয়।

বৃহত্তম তাৰকাগৃহ (প্লেনেটৰিয়াম)

বিৰলা প্লেনেটৰিয়াম, কলকাতা ; ১৯৬২ চনতে নিৰ্মিত এই তাৰকাগৃহত প্ৰায় ৭০০ দৰ্শক বহিব পাৰে

বৃহত্তম ৰাজ্য

ৰাজস্থান (মাটিকালি ৩,৪২,২৩৯ বৰ্হ কিলোমিটাৰ)

বৃহত্তম চিৰিয়াখানা

জুলজিকেল গাৰ্ডেন, কলকাতা

বৃহত্তম বদীদ্বীপ

মাজুলী, অসম (মাটিকালি ১,০৬০ বৰ্গ কিলোমিটাৰ)

বৃহত্তম জনবহুল ৰাজ্য

উত্তৰ প্ৰদেশ (জনসংখ্যা ১৬,৬০,৫২,৮৫৯)

বৃহত্তম কেন্দ্ৰীয় শাসিত অঞ্চল

আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ (৮,২৪৯ বৰ্গ কিলোমিটাৰ)

বৃহত্তম জনবহুল নগৰ

মুম্বাই (১২.৬০ নিযুত)

বৃহত্তম পুথিভঁৰাল

নেচনেল লাইব্ৰেৰী, কলকাতা ; ইয়াত প্ৰায় দুই নিযুত কিতাপ আছে আৰু প্ৰায় ৫০০ পাঠকে একেলগে অধ্যয়ন কৰিব পাৰে

বৃহত্তম মন্দিৰ

মীনাক্ষী মন্দিৰ, মাদুৰাই ; মাটিকালি ৫৫,৮৬০ বৰ্গ কিলোমিটাৰ। ইয়াত প্ৰায় ৩০ নিযুত বিভিন্ন ভাস্কৰ্য আছে

দীৰ্ঘতম নদী

গংগা (২,৫১০ কিলোমিটাৰ); ভাৰতৰ আন এখন প্ৰধান নদী ব্ৰহ্মপুত্ৰ গংগাতকৈ দীঘল (২৮৮০ কিলোমিটাৰ) যদিও এইখন নদীৰ এক তৃতীয়াংশহে ভাৰতৰ মাজেদি বৈ গৈছে

দীৰ্ঘতম ৰে’ল দলং

শোন নদীৰ দলং (৩,০৬৪ মিটাৰ/১০,০৫২ দুট)

দীৰ্ঘতম বান্ধ

হীৰাকুদ বান্ধ, মহানদী, উৰিষ্যা (২৪.৪ কিলোমিটাৰ)

দীৰ্ঘতম ৰে’লৱে প্লেটফৰ্ম

খড়গপুৰ, পশ্চিমবংগ (৮৩৩ মিটাৰ/২,৭৩৩ ফুট)

দীৰ্ঘতম যাত্ৰীবাহী ৰে’লপথ

গুৱাহাটী-ত্ৰিবাণ্ডড়ম (৩,৯৭৪ কিলোমিটঅড়)

দীৰ্ঘতম সুৰংগ

মুম্বাই আৰু গোৱা ষ্টেচনৰ মাজত সুৰংগ (৬.৪৫ কিলোমিটাৰ)

দীৰ্ঘতম দলং

গংগা নদীৰ ওপৰৰ মহাত্মা গান্ধী সেতু, পাটনাৰ সমীপত (৫,৫৭৫ মিটাৰ/১৮,২৮৬ ফুট)

দীৰ্ঘতম পথ

গ্ৰেণ্ড ট্ৰাংক ৰ’ড

দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাইপথ

ৰাষ্ট্ৰীয় ঘাই পথ নং ৭ (বাৰাণসীৰ পৰা কন্যাকুমাৰী; দৈৰ্ঘ্য ২৩৬৯ কিলোমিটাৰ)

দীৰ্ঘতম বাৰাণ্ডা

ৰামেশ্বৰম (তামিলনাডু) মন্দিৰৰ বাৰাণ্ডা (১,২২০ মিটাৰ)

সৰ্বাধিক ব্যস্ত বিমান বন্দৰ

মুম্বাই বিমান বন্দৰ ; ইয়াৰ পৰা দিনে প্ৰায় ২৩,৫০০ যাত্ৰী অহা-যোৱা কৰে

সৰ্বোচ্চ সন্মান

ভাৰত ৰত্ন

ক্ষুদ্ৰতম ৰাজ্য

গোৱা

ক্ষুদ্ৰতম কেন্দ্ৰিয় শাসিত প্ৰদেশ

লাক্ষাদ্বীপ (৩২ বৰ্গ কিলোমিটাৰ)

ক্ষুদ্ৰতম জনসংখ্যাৰ ৰাজ্য

ছিকিম (৫,৪০,৪৯৩)

ক্ষুদ্ৰতম জনসংখ্যাৰ কেন্দ্ৰিয় শাসিত প্ৰদেশ

লাক্ষাদ্বীপ (৬০,৫৯৫)

সৰ্বাধিক জনবসতিৰ ঘনত্বৰ ৰাজ্য

পশ্চিমবংগ (প্ৰতি বৰ্গ কিলোমিটাৰত ৯০৪ জন)

সৰ্বাধিক জনবসতিৰ ঘনত্বৰ কেন্দ্ৰিয় শাসিত অঞ্চল

চণ্ডীগড় (প্ৰতি বৰ্গ কিলোমিটাৰত ৭,৯০৩ জন)

সৰ্বনিন্ম জনবসতিৰ ঘনত্বৰ ৰাজ্য

অৰুণাচল প্ৰদেশ (প্ৰতি বৰ্গ কিলোমিটাৰত ১৩ জন)

সৰ্বাধিক সাক্ষৰতাৰ হাৰ

কেৰালা, ৯০.৯২ শতাংশ (ৰাজ্য) ; লাক্ষা দ্বীপ, ৮৭.৫২ শতাংশ (কেন্দ্ৰীয় শাসিত অঞ্চল)

সৰ্বাধিক বৰষুণ হোৱা ঠাই

মৌছিনৰাম, মেঘালয় ; বছৰি প্ৰায় ১৪৭ দিন ইয়াত বৰষুণ হয়, বৰষুণৰ পৰিমাণ বছৰি গড়ে ১১,৮৭৩ মিলিমিটাৰ

দীৰ্ঘতম ওলোমা দলং

বিদ্যাসাগৰ সেতু, কলকাতা (৪২৩ মিটাৰ)

ক্ষুদ্ৰতম নদীদ্বীপ

উমানন্দ, গুৱাহাটী

 

  • প্ৰসিদ্ধ ভাৰতীয় শিল্পী
  • হিন্দুস্থানী আৰু ধ্ৰুপদী কণ্ঠ সংগীতৰ শিল্পী

আবুল কৰিম খান, পণ্ডিত ভীমসেন যোশী, ফায়জখান, কুমাৰ গন্ধৰ্ব, কিশোৰী আমেনকাৰ, এম এছ শুভলক্ষ্মী, ওংকাৰ নাথ ঠাকুৰ, বৰে গোলাম আলি খান,  বেগম আখতাৰ, ফাহিমুদ্দিন, ডাগৰ, যশৰাজ, পণ্ডিত মল্লিকাৰ্জুন মনছুৰ।

  • ছেতাৰবাদক

ৰবি শংকৰ, আবুল কৰিম হালিম খান, ওস্তাদ বিলায়েৎ খান।

  • সৰোবাদক

আমজাদ আলি খান, আলি আকবৰ খান, আলাউদ্দিন খান, বুদ্ধদেৱ দাসগুপ্ত।

  • তবলাবাদক

আলা ৰাখা খান, আহমদ জান, কৃষণ মহাৰাজ, জাকিৰ হুছেইন।

  • চিত্ৰশিল্পী

এম এফ হুছেইন, অৰ্পিতা সিং, অমৃতা শ্বেৰগিল, ৰাজকুমাৰ সতীশ গুজৰাল, অঞ্জলি ইলা মেনন।

  • ছেহনাইবাদক

বিছমিল্লা খান, নয়না দেৱী।

  • নৃত্য শিল্পী

চাৰু মাথুৰ (মণিপুৰী), দুৰ্গালাল (কথক), গুৰু কুঞ্জু কুৰুপ (কথাকলি), কলামণ্ডল্লন কৃষ্ণণ নায়াৰ (কথাকলি), পণ্ডিত কেলুচৰণ মহাপাত্ৰ (ওডিছি), মাললিকা ছাৰুকাই (কুচিপুড়ি), প্ৰতীমা বেদী (ওডিছি), ৰিক্মিণী দেৱী (ভাৰতনাট্যম), ছিটাৰা দেৱী (কথক), শোভা নাইডু (কুচিপুড়ি), সংযুক্তা পাণিগ্ৰাহি (ভাৰতনাট্যম), সিংহিজিৎ সিং (মণিপুৰী), সোণাল মানসিং (ভাৰতনাট্যম, ওডিছি), উদয় শংকৰ, উমা শৰ্মা (কথক), বৈজয়ন্তীমালা (ভাৰতনাট্যম), যামিনী কৃষ্ণমুৰ্তি (ভাৰতনাট্যম), স্বপ্না সুন্দৰী (কুচিপুড়ি), জাভেৰি ভগ্নীদ্বয় (মণিপুৰী), বিৰজু মহাৰাজ (কথক)।

  • বেহেলা বাদক

গোবিন্দৰাজ পিল্লাই, লালগুড়ি জি জয়ৰামন, এন ৰাজন, ভিচি যোগ।

  • বাঁহীবাদক

পান্নালাল ঘোষ, হৰিপ্ৰসাদ ছৌৰাচিয়া, আৰ মহালিংগম।

  • কাৰ্টুন শিল্পী

কেশৱ শংকৰ পিল্লাই, সুধীৰ টেইলং, আৰ কে লক্ষণ, আবু।

  • সন্তৰবাদক

শিৱ কুমাৰ শৰ্মা।

  • ভাস্কৰ্য শিল্পী

ধনৰাজ ভগত, ভি পি ৰায়চৌধুৰেঈ, শংখ চৌধুৰী।

  • নেপথ্য গায়ক-গায়িকা

লতা মংগেশকাৰ, আশা ভোছলে, মহম্মদ ৰফী, মহেন্দ্ৰ কাপুৰ, কিশোৰ কুমাৰ, মুকেশ, ডঃ ভূপেন হাজৰিকা, আৰ ডি বৰ্মন, ঊষা, মংগেশকাৰ, এছ পি বালাসুব্ৰমণিয়াম, অনুৰাধা পড়োৱাল, কুমাৰ চানু, প্ৰীতি সাগৰ, আলকা শাগনিক, কবিতা কৃষ্ণমূৰ্তি, উদিত নাৰায়ণ, নীতিন মুকেশ, চনু নিগম, অভিজিৎ, সুৰেশ ৱাডেকাৰ, মহম্মদ আজিজ, কুমাৰ ছানু, এ আৰ ৰহমান, শ্ৰেয়া ঘোষাল।

  • কেইজনমান প্ৰসিদ্ধ সাহিত্যিক
  • বাংলা

ৰবীন্দ্ৰ নাথ ঠাকুৰ, আশাপূৰ্ণা দেৱী, কাজি নজৰুল ইছলাম, তাৰাশংকৰ বন্দোপাধ্যায়, প্ৰেমেন্দ্ৰ মিত্ৰ, বংকিম চন্দ্ৰ চেটাৰ্জী, বিষ্ণু দে, বিভূতি ভূষণ বন্দোপাধ্যায়, মাইকেল মধুসুদন দত্ত, শৰৎ চন্দ্ৰ চট্টোপাধ্যায়, বিমল মিত্ৰ, সুনীল গংগোপাধ্যায়, সুভাষ মুখোপাধ্যায় আদি।

  • উৰিয়া

গোপালবন্ধু দাস, গোপীনাথ মহান্তী, ৰাধানাথ ৰয়।

  • উৰ্দু

আছাদুল্লাখান ‘গালিব’, কৃষণ চন্দৰ, কনোৱাৰ ৰাজিন্দৰ সিং বেদী, মিৰ টাকি, মহম্মদ ইকবাল, ৰঘুপতি সাহায় গোৰক্ষপুৰী, ফৈজ আহম্মদ ফৈজ।

  • কানাড়া

কে ভি পুট্টাপ্পা, কে এছ কৰন্‌থ্‌ পাম্পন, পুৰন্দৰ দাস, বি এম শ্ৰীকান্ত, ৰামচন্দ্ৰ বান্দ্ৰে, ৰানা।

  • গুজাৰাটী

নৰসিংহ মেহতা, মীৰাবাঈ, প্ৰেমানন্দ, দলপতৰাম, নৰ্মদ, নাকাৰ, বিষ্ণুদাস, গোৱৰ্ধনৰাম ত্ৰিপাঠী, কে এম মুন্সি, উমাশংকৰ যোশী, নন্দশংকৰ, পান্নালাল পেটেল, শিৱ কুমাৰ যোশী আদি।

  • তেলুগু

শ্ৰীনাথ কে বীৰেশলিংগম, পান্তল, ৰায়প্ৰলু সুব্বা ৰাও, গুৰাজাদা আপ্পা ৰাও, বিশ্বনাথ সত্যনাৰায়ণ আদি।

  • তামিল

স্বামী ভদাচলম, তিৰু ভি কল্যাণসুন্দৰ মুদালিয়ৰ, ভি অ’ চিদাম্বৰম পিল্লাই, সুব্ৰহ্মণ্যম ভাৰতী, কল্কি কৃষ্ণমূৰ্তি, আকিলন, জয়কান্ত, নীলা পদ্মনাভন, সুন্দৰস্বামী, অশোক মিত্ৰণ, ইন্দিৰা পাৰ্থসাৰথি আদি।

  • মালয়ালম

চি ভি ৰমন পিল্লা, এছ কে পটেক্কট, জি শংকৰ কুৰুপ, থাকাজি শিৱশঙ্কৰ পিল্লাই, চান্দু মেনন, ভলাথল কুমাৰ আচান, ভাল্লাতোল নাৰায়ণ মেনন আদি।

  • মাৰাঠী

হৰি নাৰায়ণ আপ্টে, টিকাৰাম সাহায়, টুকাৰাম, ভি এছ খাণ্ডেকাৰ।

  • হিন্দী

তুলসী দাস, সুৰদাস, বিহাৰী, কবীৰ, সুমিত্ৰানন্দন পণ্ট, জয় শংকৰ প্ৰসাদ, মৈথিলিচৰণ গুপ্ত, গুৰুদত্ত, মুন্সি প্ৰেমচান্দ, উপেন্দ্ৰ নাথ আছক, সূৰ্যকান্ত ত্ৰিপাঠী, আচাৰ্য চতুৰদেন, মোহন ৰাকেশ, হৰিবংশ ৰায় বচ্চন, মহাদেৱী বাৰ্মা, ভাগৱতী চৰণ বৰ্মা, ৰামধাৰীসিং দিনকৰ।

  • সংস্কৃত

বাল্মিকী, ব্যাসদেৱ, শ্ৰীহৰ্ষ, আশ্বৰ ঘোষ, শূদ্ৰক, ভাছ, জয়দেৱ, ভক্তহৰি, কালিদাস, দাণ্ডি, বাণভট্ট, ভৱভূতি।

  • ইংৰাজী

কমলা দাস, মনোহৰ মাৱলংকৰ, আৰ কে নাৰায়ণ, ৰাজা ৰাও, মুলক ৰাজ আনন্দ, অৰুন্ধতী ৰয়, ভবানী ভট্টাচাৰ্য, শশী বাট্ৰা, অৰুণ যোশী, চমন নেহাল, কে এ আব্বাছ, অনিতা দেশাই, খুছৱন্ত সিং, মনোজ দাস, পি প্ৰাৱাৰ ঝাবৱালা, বিক্ৰম শেঠ, ঝুম্পা লাহিড়ী আদি।

  • পঞ্জাবী

ভাই বীৰ সিং, ধনীৰাম চৰিত্ৰ, অমৃতা প্ৰীতম, নানক সিং, বলৱন্ত গাৰ্গি, বাৰছ, শ্বাহ, বুল শ্বাহ, শেখ ফৰিদ, হাৰা সিং দৰ্দ, গুৰুদয়াল সিং, খোছলা, গুৰুমুখ সিং মুছাফিৰ আদি।

কাক কি বুলি জানো

খান অব্দুল গফৰ খান

বাদশ্বাহ খান ; সীমান্ত গান্ধী

বাল গংগাধৰ তিলক

লোকমান্য

চিত্তৰঞ্জন দাস

দেশবন্ধু

চক্ৰৱৰ্তী ৰাজাগোপালচাৰী

ৰাজাজী

জৱাহৰলাল নেহৰু

চাচা ; পণ্ডিতজী

জয়প্ৰকাশ নাৰায়ণ

লোকনায়ক

লালা লাজপত ৰায়

পঞ্জাব কেশৰী

মোহন দাস কৰমচান্দ গান্ধী

বাপু, মহাত্মা, জাতিৰ পিতা

মদন মোহন মালব্য

মহামান্য

ৰবীন্দ্ৰ নাথ ঠাকুৰ

গুৰুদেৱ

সৰোজিনী নাইডু

ভাৰতৰ নাইটিংগেল

সুভাষ চন্দ্ৰ বসু

নেতাজী

বল্লভ ভাই পেটেল

লৌহ মানৱ

 

কেইখনমান উল্লেখযোগ্য আৰু দ্ৰষ্টব্য স্থান

অসন্তা আৰু ইলোৰা

মহাৰাষ্ট্ৰৰ ঔৰংগাবাদত অজন্তা আৰু ইলোৰা অৱস্থিত। অজন্তা আৰু ইলোৰাৰ গুহাবোৰত বৌদ্ধ যুগৰ চিত্ৰ ভাস্কৰ্য অংকিত কৰা আছে।

অমৰনাথ

হিন্দু সকলৰ তীৰ্থস্থান। জম্মু আৰু কাশ্মীৰৰ অত্নৰ্গত আৰু সাগৰ পৃষ্ঠৰ পৰা ১২,৭০০ ফুট উচ্চতাত অৱস্থিত।

আগ্ৰা

যমুনা নদীৰ পাৰত অৱস্থিত। ইয়াত পৃথিৱী বিখ্যাত তাজমহল আৰু মোগল যুগৰ বহু স্মৃতিচিহ্ন আছে।

এলাহাবাদ

গংগা, যমুনা আৰু সৰস্বতীৰ সংগমস্থলত অৱস্থিত হিন্দুৰ এখন পৱিত্ৰ তীৰ্থস্থান। ইয়াতে ১২ বছৰৰ মূৰে মূৰে কুম্ভমেলা অনুষ্ঠিত হয়।

কন্যাকুমাৰী

তামিলনাডুৰ পৰ্যটক আকৰ্ষক স্থান সমূহৰ ভিতৰত অন্যতম হ’ল কন্যাকুমাৰী। বংগোপ সাগৰ, আৰবসাগৰ আৰু ভাৰত মহাসাগৰৰ সংগমস্থলত অৱস্থিত। বিখ্যাত ‘বিবেকানন্দ শিলা’ আছে।

কলকাতা

পশ্চিমবংগৰ ৰাজধানী। ভাৰতৰ দ্বিতীয় বৃহৎ চহৰ। ইয়াত বিৰলা প্লেনেটৰিয়াম, ভিক্টোৰিয়া মেম’ৰিয়েল, দক্ষিণেশ্বৰ মন্দিৰ, হাওৰা দলং, ৰাষ্ট্ৰীয় পুথিভঁৰাল, ডায়মণ্ড হাৰবাৰ আদি আছে।

কুটুব মিনাৰ

দিল্লীৰ এক দৰ্শনীয় স্থান। ২৩৪ ফুট ওখ আৰু ৫ মহলীয়া কুটুব মিনাৰত ৩৬৭ টা চিৰি আছে। তদুপৰি দাঁতি-কাষৰত মোগল যুগৰ বহু স্মৃতিচিহ্ন আছে।

গয়া

হিন্দু সকলৰ এখন পৱিত্ৰ তীৰ্থস্থান। ইয়াত হিন্দু ধৰ্মৰ বহুতো লোকে মৃতকৰ পিণ্ড দান কৰেহি। লোক বিশ্বাস মতে গয়াত পিণ্ড দিলে মৃতকৰ আত্মাই মুক্তি লাভ কৰে।

জগন্নাথ মন্দিৰ (পুৰী)

হিন্দু সকলৰ পৱিত্ৰ তীৰ্থস্থান পুৰীত অৱস্থিত। জগন্নাথ মন্দিৰত ভগৱান শ্ৰীকৃষ্ণ, সুভদ্ৰা আৰু বলোৰামৰ মূৰ্তি আছে। ইয়াৰ মূল মন্দিৰটোৰ উচ্চতা ৬৪০ ফুট। ৰথযাত্ৰা অনুষ্ঠিত হয়।

নতুন দিল্লী

ভাৰতৰ ৰাজধানী আৰু এখন উল্লেখযোগ্য পৰ্যটক আকৰ্ষক কেন্দ্ৰ। ইয়াত মোগল যুগৰ বহু স্মৃতিসৌধ, ৰাষ্ট্ৰপতি ভৱন, প্লেনেটৰিয়াম, ল’টাছ টেম্পল, ইণ্ডিয়া গেট আদি আছে।

বিজয় ঘাট

লালবাহাদুৰ শস্ত্ৰীৰ সমাধিস্থল। পৰ্যটক আকৰ্ষক কেন্দ্ৰ।

বুলন্দ দৰৱাজা

ফটেহপুৰ ছিক্ৰিৰ প্ৰৱেশদ্বাৰ। আকবৰে সজোৱা এই প্ৰৱেশদ্বাৰ পৃথিৱীৰ ভিতৰতে ওখ।

ভুবনেশ্বৰ

উৰিষ্যাৰ ৰাজধানী আৰু পৰ্যটক আকৰ্ষণ কেন্দ্ৰ। লিংগৰাজ মন্দিৰৰ বাবে বিখ্যাত।

মুম্বাই

মহাৰাষ্ট্ৰৰ ৰাজধানী। গেটৱে অব্‌ ইণ্ডিয়া, এলিফেণ্ট (শিলৰ) আদি পৰ্যটক আকৰ্ষক স্থান আছে। ভাৰতীয় চলচ্চিত্ৰৰ বলিউড ইয়াতেই অৱস্থিত।

মোগল গাৰ্ডেন

দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনৰ এক আকৰ্ষণীয় উদ্যান। প্ৰতি বছৰৰ ফেব্ৰুৱাৰী মাহত ইয়াক জনসাধাৰণৰ বাবে মুকলি কৰি দিয়া হয়।

ৰাজঘাট

মহাত্মা গান্ধীৰ সমাধিস্থল। যমুনা নদীৰ পাৰত অৱস্থিত।

শক্তিস্থল

ইন্দিৰা গান্ধীৰ সমাধিস্থল। ১৯৮৪ চনৰ ৩১ অক্টোবৰত ইন্দিৰা গান্ধীৰ মৃত্যুৰ পাছত ইয়াতেই সমাধিস্থ কৰা হৈছিল।

শান্তি নিকেতন

কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ দ্বাৰা প্ৰতিষ্ঠিত। বিশ্ব ভাৰতী বিশ্ববিদ্যালয় অৱস্থিত।

শ্ৰীহৰি কোটা

মহাকাশ উৎক্ষেপণ কেন্দ্ৰ।

শ্ৰীপেৰুমবুদৰ

হিন্দু সকলৰ এখন তীৰ্থস্থান। তামিলনাডু ৰাজ্যৰ অন্তৰ্গত।

সাৰনাথ

উত্তৰ প্ৰদেশৰ এখন পৰ্যটক আকৰ্ষক কেন্দ্ৰ আৰু বৌদ্ধ সকলৰ তীৰ্থস্থান। ইয়াতেই বুদ্ধদেৱে প্ৰথমে তেওঁৰ শিষ্য সকলক বৌদ্ধ ধৰ্মৰ শিক্ষা প্ৰদান কৰিছিল।

স্বৰ্ণ মন্দিৰ

অমৃতসৰৰ স্বৰ্ণ মন্দিৰ শিখ সকলৰ পৱিত্ৰ তীৰ্থস্থান। শিখ সকলৰ পঞ্চম জন গুৰুৱে অমৃত সৰোবৰৰ মাজত স্বৰ্ণ মন্দিৰটো নিৰ্মাণ কৰে। পাছত ১৭৮০ চনত ৰঞ্জিৎ সিংজীয়ে ইয়াক পুনৰ নিৰ্মাণ কৰে।

হায়দৰাবাদ

অন্ধ্ৰ প্ৰদেশৰ ৰাজধানী। ভাৰতৰ পঞ্চম বৃহৎ চহৰ। পৰ্যটক আকৰ্ষক কেন্দ্ৰ।

জয়পুৰ

ৰাজস্থানৰ ৰাজধানী। পিংক চিটি নামেৰে জনাজাত। অম্বৰ দুৰ্গ, হাৱামহল আছে। ভাৰতৰ এখন প্ৰসিদ্ধ চহৰ।

অবাদি

তামিলনাডুৰ এখন চহৰ। যুদ্ধত ব্যৱহৃত বৈজয়ন্ত টেংক নিৰ্মাণ কাৰখানাৰ বাবে খ্যাত।

আজমীৰ

ৰাজস্থানত। মুছলমান সকলৰ তীৰ্থস্থান। ইয়াতেই খ্বাজা মইনুদ্দিন কৃষ্টিৰ সমাধি আছে। খ্বাজা মইনুদ্দিন ‘গৰিব নবাব’ নামেৰে জনাজাত।

অমৃতসৰ

গুৰু ৰাম দাসে (শিখ সকলৰ গুৰু) এই চহৰ প্ৰতিষ্ঠা কৰে। ইয়াতেই পৱিত্ৰ স্বৰ্ণ মন্দিৰ আৰু অমৃত সৰোবৰ আছে। শিখ সকলৰ তীৰ্থস্থান।

বিজাপুৰ

কৰ্ণাটকত। ইয়াত পৃথিৱী বৃহৎ গোল গম্বুজ আছে।

বুদ্ধ গয়া

বিহাৰৰ গয়াৰ ওচৰৰ বৌদ্ধ ধৰ্মাৱলম্বী সকলৰ তীৰ্থস্থান। ইয়াতেই বুদ্ধদেৱৰ বোধি বৃক্ষৰ তলত মহাপৰিনিৰ্বাপণ হৈছিল।

উজ্জ্বয়িনী

মধ্য প্ৰদেশত। ইয়াতেই বিক্ৰমাদিত্যই ৰাজধানী পাতিছিল। ইয়াৰ মহাকালেশ্বৰ মন্দিৰ পৃথিৱী বিখ্যাত।

কান্দালা

গুজৰাটৰ এটি বন্দৰ।

কাঞ্চিপুৰম

তামিলনাডুত। সোণালী চহৰ নামে খ্যাত। ইয়াতেই দক্ষিণ ভাৰতৰ হিন্দু ৰজা সকলে ৰাজধানী পাতিছিল।

কাক্ৰাপাৰ

তাপ্তি নদীৰ পাৰত অৱস্থিত। ভাৰতৰ পঞ্চম আণৱিক শক্তি উৎপাদন কেন্দ্ৰ স্থাপন কৰা হৈছে।

কুৰুক্ষেত্ৰ

হাৰিয়ানাত। ইয়াতেই মহাভাৰতৰ কৌৰৱ-পাণ্ডৱৰ মাজত যুদ্ধ সংঘটিত হয় আৰু শ্ৰীকৃষ্ণই গীতাৰ বাণী প্ৰচাৰ কৰে।

কোট্টায়াম

কেৰালাত। ভাৰতৰ প্ৰথম খন চহৰ, য’ত বসবাস কৰা শতকৰা এশ ভাগ লোকেই (৭০,০০০) সাক্ষৰ।

কোলাৰ

কৰ্ণাটকত। সোণৰ খনি আছে।

খাজুৰাহো

মধ্য প্ৰদেশৰ চহৰ। বহুতো প্ৰাচীন স্মৃতিচিহ্ন আৰু মন্দিৰ আছে। মহাদেৱী মন্দিৰৰ বাবে বিখ্যাত।

কটক

উৰিষ্যাত অৱস্থিত। পৰ্যটক আকৰ্ষণ কেন্দ্ৰ।

চিত্তৰঞ্জন

পশ্চিমবংগত। ৰে’লৰ ইঞ্জিন নিৰ্মাণ কৰা কাৰখানা আছে।

চিতোৰ গড়

পৰ্যটক আকৰ্ষক কেন্দ্ৰ। ৰাজস্থানত। বহুতো প্ৰাচীন স্মৃতিচিহ্ন, তোৰণ, অট্টালিকা, স্তম্ভ আদি আছে। মীৰাবাঈৰ মন্দিৰ আছে।

চাৰমিনাৰ

হায়দৰাবাদত। চাৰিটা স্তম্ভৰ অনন্য ভাস্কৰ্য। পৰ্যটক আকৰ্ষক কেন্দ্ৰ।

চণ্ডীপুৰ

উৰিষ্যাত। ইয়াতেই ভাৰতৰ প্ৰথম ক্ষেপণাস্ত্ৰ ‘অগ্নি’ আৰু ভূপৃষ্ঠৰ পৰা আকাশ মাৰ্গলৈ মাৰিব পৰা ক্ষেপণাস্ত্ৰ ‘আকাশ’ উৎক্ষেপণ কৰা হয়।

চেৰাপুঞ্জি

পৃথিৱীৰ ভিতৰত বেছি বৰষুণ হোৱা অঞ্চলৰ অন্যতম। মেঘালয়ত।

জলন্ধৰ

পঞ্জাবত। খেলৰ বিভিন্ন সামগ্ৰী নিৰ্মাণ কৰা হয়।

জালিৱানাৱালাবাগ

পঞ্জাবৰ অমৃতসৰৰ অৱস্থিত। ইয়াতেই ১৯১৯ চনৰ ১৩ এপ্ৰিলত বিখ্যাত জালিৱানাৱালাবাগ হত্যাকাণ্ডত শ শ লোকৰ মৃত্যু হয়।

জামা মছজিদ

ভাৰতৰ আটাইতকৈ ডাঙৰ মছজিদ। দিল্লীৰ মোগল সম্ৰাট চাহজাহানে নিৰ্মাণ কৰে।

জুনাগড়

ৰাজস্থানত। ভাৰতৰ এখন অতি পুৰণি চহৰ।

জগ ফল

কৰ্ণাটকত। ভাৰতৰ আটাইতকৈ ওখ জলপ্ৰপাত আছে।

জামছেদপুৰ

ঝাৰখণ্ডৰ জামছেদপুৰত বৃহৎ লো-তীখাৰ কাৰখানা আছে। তাৰাপুৰ : মহাৰাষ্ট্ৰত। ইয়াত এটা ৰকেট উৎক্ষেপণ কেন্দ্ৰ আছে আৰু আণৱিক শক্তি উৎপাদন কেন্দ্ৰ অৱস্থিত।

ট্ৰ’ম্বে

আণৱিক ৰিয়েক্টৰ আৰু তেল শোধনাগাৰ আছে। মহাৰাষ্ট্ৰৰ এখন চহৰ।

তিৰুপতি

অন্ধ্ৰ প্ৰদেশৰ এখন পৰ্যটক আকৰ্ষক কেন্দ্ৰ। ইয়াৰ ভেংকটেশ্বৰ মন্দিৰৰ ভাস্কৰ্য আৰু চিত্ৰশৈলী ভাৰতীয় ভাস্কৰ্য আৰু চিত্ৰশৈলীৰ অপুৰ্ব নিদৰ্শন।

তাঞ্জোৰ

কৰ্ণাটকৰ তাঞ্জোৰ চোল বংশৰ ৰাজধানী আছিল। ইয়াত থকা শিৱ মন্দিৰ পৃথিৱী বিখ্যাত।

থুম্বা

আণৱিক শক্তি গৱেষণা কেন্দ্ৰ আছে।

দুৰ্গাপুৰ

তীখাৰ কাৰখানা আছে। পশ্চিমবংগত অৱস্থিত।

দাণ্ডি

গুজৰাটত। ইয়াতেই মহাত্মা গান্ধীয়ে আইন অমান্য আন্দোলনৰ আৰম্ভণি হিচাপে নিমখ আইন ভংগ কৰিছিল।

ধানবাদ

ঝাৰখণ্ডত। ভূতত্ত্ব আৰু খনি বিষয়ক মহাবিদ্যালয় অৱস্থিত।

ধৰ্মস্থল

কৰ্ণাটকৰ মাংগালোৰত। ভগৱান বাহুবলীৰ তীৰ্থস্থান।

নালন্দা

বিহাৰত। প্ৰাচীন বৌদ্ধ মন্দিৰ আৰু বিশ্ববিদ্যালয় আছিল।

নন্দীগ্ৰাম

উত্তৰ প্ৰদেশৰ অযোধ্যাত। ইয়াত বিখ্যাত পাদুকা পূজা (ৰামৰ পাদুকা) অনুষ্ঠিত হৈছিল।

নাৰোৰা

উত্তৰ প্ৰদেশৰ গংগা নদীৰ পাৰৰ এখন চহৰ। ইয়াত ভাৰতৰ চতুৰ্থটো আণৱিক শক্তি কেন্দ্ৰ স্থাপন কৰা হৈছে।

নিৰ্মল হৃদয়

কলকাতাৰ কালিঘাটত অৱস্থিত। মাদাৰ টেৰেছাই প্ৰতিষ্ঠা কৰা আশ্ৰম।

পোখ্‌ৰান

ৰাজস্থানত। ১৯৭৪ চনত ভাৰতৰ প্ৰথমটো নিউক্লিয় শক্তি (এটম বোমা) বিস্ফোৰণ ঘটাই পৰীক্ষা কৰা হয়।

পাৰদ্বীপ

উৰিষ্যাত অৱস্থিত। ভাৰতৰ এক উল্লেখযোগ্য বন্দৰ।

পোৰবন্দৰ

গুজৰাটৰ এখন চহৰ। জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্মস্থান।

পাটলিপুত্ৰ

ইতিহাস প্ৰসিদ্ধ নগৰ বিহাৰত।

বাংগালুৰু

কৰ্ণাটকৰ ৰাজধানী। ভাৰতৰ এখন ধুনীয়া চহৰ আৰু পৰ্যটক আকৰ্ষক কেন্দ্ৰ। এইচ এম টিৰ (HMT) কাৰখানা আছে। চাৰিওফালে বিভিন্ন ফুলনি বাগিচা থকাৰ বাবে গাৰ্ডেন চিটি নামেৰে জনাজাত। বৃন্দাবন গাৰ্ডেন আছে।

বোকাৰো

ঝাৰখণ্ডত। ভাৰতৰ চতুৰ্থ তীখা কাৰখানা ইয়াতে স্থাপন কৰা হৈছে।

ভূপাল

মধ্য প্ৰদেশৰ ৰাজধানী। পৰ্যটক আকৰ্ষক কেন্দ্ৰ। ভাৰতীয় সংগীত-চিত্ৰকলাৰ কেন্দ্ৰ ভাৰত ভৱন আছে।

ভাগলপুৰ

বিহাৰত। ইয়াত পচমী সূতা উৎপাদন কৰা হয়।

মথুৰা

হিন্দুৰ পৱিত্ৰ তীৰ্থস্থান। উত্তৰ প্ৰদেশৰ এখন পৰ্যটক আকৰ্ষক কেন্দ্ৰ। ভগৱান কৃষ্ণৰ জন্মস্থান। বহু মঠ-মন্দিৰ আছে।

মহাবলিপুৰম

তামিলনাডুৰ এক পৰ্যটক আকাৰ্ষক কেন্দ্ৰ। ইয়াৰ শিলৰ মন্দিৰ পৃথিৱী বিখ্যাত। বিখ্যাত অৰ্জুন ৰথ, দ্ৰৌপদী ৰথ আৰু ধৰ্ম্ৰাজৰ ৰথ আছে।

মহাবালেশ্বৰ

মহাৰাষ্ট্ৰৰ এক অনুপম পৰ্যটক আকৰ্ষক কেন্দ্ৰ।

মাদুৰাই

তামিলনাডুত। মীনাক্ষী মন্দিৰৰ বাবে বিখ্যাত। হেণ্ডলুম আৰু কপাহী সূতাৰ কাৰখানা আছে।

মাউণ্ট আবু

ৰাজস্থানৰ আৰাৱলী পৰ্বতত অৱস্থিত। জৈন মন্দিৰ আৰু চি আৰ পি এফৰ ট্ৰেইনিং চেণ্টাৰ আছে।

মুচৌৰী

উত্তৰাখণ্ডৰ এখন পাৰ্বত্য নিৱাস। প্ৰথম শ্ৰেণীৰ চৰকাৰী চাকৰিয়ালৰ ট্ৰেইনিং চেণ্টাৰ ‘লাল বাগাদুৰ ইনষ্টিটিউড অব্‌ এডমিনিষ্ট্ৰেচন’ আছে।

মুৰ্চিদাবাদ

উত্তৰ প্ৰদেশত। ইয়াত নিৰ্মিত কাঁহ-পিতলৰ বাচন পৃথিৱী বিখ্যাত।

ৰামেশ্বৰম

তামিলনাডুত। হিন্দুৰ তীৰ্থস্থান।

ৰাজগীৰ

বিহাৰত। ইয়াতেই মহাবীৰ আৰু বুদ্ধই ধৰ্ম প্ৰচাৰ কৰিছিল।

ৰাণা প্ৰতাপ সাগৰ

ৰাজস্থানত। আণৱিক শক্তি উৎপাদন কেন্দ্ৰ আছে।

হাম্পি

কৰ্ণাটকত। বিজয় নগৰৰ ৰজাৰ প্ৰাচীন ৰাজধানী।

সবৰমতী

গুজৰাটত। ইয়াত মহাত্মা গান্ধীৰ সবৰমতী সেৱা আশ্ৰম আছে।

সম্বৰ

ৰাজস্থানত। লুনীয়া পানীৰ হ্ৰদ সম্বৰ হ্ৰদ আছে।

সাঁচী

মধ্য প্ৰদেশত। প্ৰসিদ্ধ বৌদ্ধ স্থাপত্য, ভাস্কৰ্যৰ পীঠস্থান।

নেনিতাল

পাৰ্বত্য স্বাস্থ্য নিৱাস। ১,৮৩৫ মিটাৰ উচ্চতাত অৱস্থিত। উত্তৰাঞ্চলত।

দাৰ্জিলিং

পশ্চিমবংগৰ এখনি মনোৰম পাৰ্বত্য চহৰ আৰু পৰ্যটক আকৰ্ষক কেন্দ্ৰ।

ছিমলা

হিমাচল প্ৰদেশৰ ৰাজধানী। এসময়ত ইংৰাজ সকলে ইয়াত গ্ৰীষমকালীন ৰাজধানী পাতিছিল। ভাৰতৰ শ্ৰেষ্ঠ পাৰ্বত্য নিৱাস আৰু পৰ্যটক আকৰ্ষক কেন্দ্ৰ।

শ্ৰীনগৰ

জম্মু আৰু কাশ্মীৰৰ ৰাজধানী। এখনি মনোৰম পৰ্যটক আকৰ্ষক কেন্দ্ৰ।

আগৰতলা

ত্ৰিপুৰাৰ ৰাজধানী। ইতিহাস প্ৰসিদ্ধ ৰাজ প্ৰাসাদ আৰু অন্যান্য-কীৰ্তিচিহ্ন আছে।

ছিলং

মেঘালয়ৰ ৰাজধানী। পাহাৰীয়া স্বাস্থ্যকৰ আৰু মনোৰম পৰ্যটক আকৰ্ষক ঠাই।

উদয়পুৰ

ৰাজস্থানত। পৰ্যটক। আকৰ্ষক কেন্দ্ৰ। বহু ৰাজপ্ৰাসাদ আৰু প্ৰাচীন স্মৃতিচিহ্ন আছে।

আগাখান পেলেচ

পুনাত। ইয়াতেই মহাত্মা গান্ধী আৰু কস্তুৰীবাই গান্ধীক অন্তৰীণ কৰি ৰখা হৈছিল।

অম্বৰ দুৰ্গ

ৰাজস্থানৰ জয়পুৰত। এয়াত ৰাজপুত সকলৰ বহু ভাস্কৰ্যৰ নিদৰ্শন আছে।

নেপানগৰ

মধ্য প্ৰ্দেশত। ইয়াতেই ভাৰতৰ বৃহৎ ‘নিউজ প্ৰিণ্ট’ৰ কাৰখানা আছে।

হৃষীকেশ

উত্তৰাখণ্ডত। হিন্দু সকলৰ এখন পৱিত্ৰ তীৰ্থস্থান। ইয়াত এটা এণ্টিবায়টিক কৰাখানা আছে।

(অসমৰ উল্লেখযোগ্য আৰু দ্ৰষ্টব্য স্থানৰ বিষয়ে ‘অসম’ শীৰ্ষক অধ্যায় চাওক)।

লেখক: শান্তনু কৌশিক বৰুৱা

লেখিকা: প্ৰীতিমা কৌশিক বৰুৱা

উৎস: নতুন জানানে

 

2.95
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top