মূল পৃষ্ঠা / শিক্ষা / শিশুসকলৰ ক্ষেত্ৰ / পৰিৱেশ আন্দোলনৰ হোত্রী ৰাচেল কার্চন
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

পৰিৱেশ আন্দোলনৰ হোত্রী ৰাচেল কার্চন

পৰিৱেশ আন্দোলনৰ হোত্রী ৰাচেল কার্চন

আজিৰ পৰা এশ বছৰৰ আগেয়ে অর্থাৎ ১৯০৭ চনৰ ২৭মে’ তাৰিখে

আমেৰিকাৰপিটচ‌‌বার্গৰ উপকণ্ঠ স্প্রিংডেলত এগৰাকী কন্যা সন্তানৰ জন্ম হৈছিল।সময়ৰ লগে লগেকন্যা সন্তানটিএকলা দুকলাকৈ বাঢ়ি আহে।কিন্তু এই কণমাণি ছোৱালীজনী আন দহজনী সমনীয়া ছোৱালীতকৈযেন কিছু বেলেগ। যি বয়সত সমনীয়াবোৰে নাচ-বাগ, খেলা-ধুলাত ব্যস্ত আছিল সেই সময়ত তাইঘুৰি ফুৰিছিল জান-জুৰিৰ পাৰে পাৰে। চৰাই-চিৰিকটিৰ মাতত বিভূৰ হৈ ভ্রমি ফুৰিছিল হাবিতলীয়াঅঞ্চলবোৰত।এইদৰে প্রকৃতিৰ মাজত থাকি ভাল পোৱা ছোৱালীজনীয়ে কেৱল প্রকৃতিৰ বৈচিত্রবোৰচাই থাকিয়েই ক্ষান্ত নাথাকি মাত্র এঘাৰ বছৰ বয়সতে হাতত কলম তুলি প্রকৃতিৰ বিষয়ে লিখিবলৈআৰম্ভ কৰে।মনতে ঠিক কৰিলে সাহিত্যক মুল বিষয় হিচাপে লৈ অধ্যয়ন কৰি পাছলৈ এগৰাকীলেখিকা হোৱাৰ।কিন্তু দিন যোৱাৰ লগে লগে ছোৱালীজনী চৰাই-চিৰিকতিৰ প্রেমত এনেদৰে মতলীয়াহ’ল যে পূর্বৰ সিদ্ধান্ত সলনি কৰি জীৱ বিজ্ঞান পঢ়িবলৈ স্থিৰ কৰে।সেইমতে জীৱ বিজ্ঞান বিষয়তঅধ্যয়ন কৰি ১৯২৯ চনত স্নাতক উপাধি আৰু ১৯৩২ চনত জন্স হপকিন্স বিশ্ববিদ্যালয়ৰ পৰাস্নাতকোত্তৰ উপাধি লাভ কৰে। জীৱ বিজ্ঞানত গৱেষণা কৰি ডক্তৰেট উপাধি ল’বলৈ সাজু হওতেইপিতৃ বিয়োগ হয়।মাক আৰু দুগৰাকী বায়েকক লৈ থকা সৰু পৰিয়ালটোত লাহে লাহে অভাৱ-অনাটনে দেখা দিবলৈ ধৰেহি।এই সমস্যাৰ বাবে গৱেষণাৰ কাম আধাতে বাদ দি ছোৱালীজনীয়ে জন্সহপকিন্স বিশ্ববিদ্যালয়ত শিক্ষকতা কৰিবলৈ লয় আৰু ইয়াৰ কিছুদিনৰ পাছত আমেৰিকাৰ Bureau of Fishery ৰ অনাতাঁৰ বিভাগত এগৰাকী বিজ্ঞানভিত্তিক ৰচনা লেখিকা হিচাপে যোগদান কৰে।

সৰুতে সাহিত্যক মুল বিষয় হিচাপে অধ্যয়ন কৰি নিজকে এগৰাকী লেখিকা ৰূপে গঢ় দিবলৈ ইচ্ছা কৰা ছোৱলীজনীয়ে এই পদটো বৰ ভাল পালে। বিজ্ঞান আৰু সাহিত্যৰ চর্চা সমানে কৰি যাবলৈ ধৰিলে। ছোৱালীজনীৰ কলমৰ মাজেৰে বিজ্ঞানৰ নিৰস যেন লগা কথাবোৰ অতি ৰসাল হৈ ওলাল। অনাতাঁৰ মাধ্যমেৰে প্রচাৰ হোৱা এনে লেখাবোৰৰ মাজেৰে ছোৱালীজনী সর্বসাধাৰণৰ প্রিয় হৈ উঠিল। বিভাগীয় অধ্যাপকজনে ছোৱালীজনীৰ মাজত থকা প্রতিভালৈ লক্ষ্য কৰি আলোচনী আদিত লিখিবলৈ উৎসাহ যোগালে। সেই সময়তে এই মেধাবী ছোৱালীজনীয়ে Civil Service পৰীক্ষাত পাছহৈ ১৯৩৬ চনত নিজৰ প্রতিষ্ঠানতে Junior AquaticBiologist পদত যোগদান কৰে আৰু এই পদ লাভ কৰা আমেৰিকাৰ দ্বিতীয় মহিলা হিচাপে পৰিগণিত হয়।

নতুন পদত যোগদান কৰি ছোৱালীজনী নতুন উদ্যোমেৰে কামত লাগিল। বিভাগীয় অধ্যাপকজনৰ পৰামর্শৰ কথা মনত ৰাখি Atlantic Monthly নামৰ আলোচনীখনত এলানি ৰচনা লিখিবলৈ ঠিক কৰে। ৰচনাৰ বিষয়বস্তু হিচাপে বাছনি কৰে সাগৰৰ বিচিত্র ৰেহ-ৰূপ। এই ৰচনালানি প্রকাশ পোৱাৰ লগে লগে ছোৱালীজনী সর্বসাধাৰণৰ মাজত এগৰাকী জনপ্রিয় লেখিকা হৈ পৰে। পঢ়ুৱৈৰ পৰা পোৱা সমাদৰৰ বাবে ৰচনালানি “Under the Sea Wind” নামেৰে কিতাপ আকাৰত প্রকাশ পায়। প্রথমলানি ৰচনাই আনি দিয়া সফলতাই নতুন এলানি ৰচনা লিখিবলৈ অনুপ্রাণিত কৰে। The Newyork আৰু The Nature ত প্রকাশ পোৱা এই ৰচনালানিক Oxford University Press য়ে “The Sea Around Us” নামেৰে কিতাপৰ আকাৰে প্রকাশ কৰে। এই কিতাপখন ইমান জনপ্রিয় হ’ল যে একেধাৰে ৮৬ সপ্তাহ Best Seller স্থান দখল কৰিবলৈ সক্ষম হোৱাৰ লগতেNational Book Award লাভ কৰে। আর্থিক অনাটনৰ কাৰণে ডক্তৰেট উপাধিৰ বাবে প্রয়োজন হোৱা গৱেষণাৰ কাম আধাতে বাদ দিয়া ছোৱালীজনীলৈ এই কিতাপখনে ডক্তৰেট উপাধি কঢ়িয়াই আনে।

মাত্র এঘাৰ বছৰ বয়সতে প্রকৃতিৰ বিষয়ে লিখিবলৈ হাতত কলম তুলি লোৱা ছোৱালীজনীৰ কলম ইয়াতে ৰৈ নগ’ল। এইবাৰ সাগৰৰ বিষয়ে তৃতীয়তো খণ্ড লিখিবলৈ ঠিক কৰি চাকৰি ইস্তাফা দি full time writer হৈ পৰিল। ফলস্বৰূপে প্রকাশ পালে “The Edge of The Sea” । এই কিতাপখনৰ বিষয়বস্তুক লৈ প্রস্তুত কৰা তথ্যচিত্রখনে অস্কাৰবঁটা লাভ কৰে। ইতিমধ্যে ছোৱালীজনীয়ে নবৈ বছৰীয়া ৰুগীয়া মাতৃক লগত লৈ মেৰিলেণ্ডত নিগাজিকৈ থাকিবলৈ লয়। কিন্তু মেৰিলেণ্ডৰ পৰিবেশ আৰু সেই সময়ৰ কিছুমান ঘটনাৰাজিয়ে প্রকৃতিপ্রমী ছোৱালীজনীক এইবাৰ এনে এটা বিষয়ৰ ওপৰত লিখিবলৈ বাধ্য কৰালে যাৰ বাবে আজি ছোৱালীজনীক বিশ্বৰ প্রতিজন প্রকৃতিপ্রমী, পৰিৱেশ সচেতন ব্যক্তিয়ে শ্রদ্ধাৰে স্মৰণ কৰে। মেৰিলেণ্ডত থাকি ছোৱালীজনীয়ে এনে কি লিখিলে আৰু তাইৰ নামেই বা কি সেই বিষয়ে জনাৰ আগেয়ে দ্বিতীয় মহাযুদ্ধৰ সময়ৰ এটা আৱিষ্কাৰ আৰু তাৰ পাছৰ কিছু ঘটনাৰ বিষয়ে জনাটো উচিত হ’ব।

ছুইজাৰলেণ্ডৰ বিজ্ঞানী Paul Muller য়ে ১৯৩৯ চনত dichlorodiphenyl trichoroethane চমুকৈ যিবিধ ৰাসায়নিক পদার্থক DDT বুলি জনা যায় সেইবিধ পদার্থৰ কীটনাশক গুণ আবিষ্কাৰ কৰে। এই আবিষ্কাৰৰ ফলাফল ঘোষণা হোৱাৰ লগে লগে আমেৰিকাই নিজাববীয়াকৈ পৰীক্ষা কৰি পতিয়ন গ’ল যে বিশ্বযুদ্ধৰ বাবে পৃথিৱীৰ বিভিন্ন প্রান্তত সিঁচৰতি হৈ থকা আমেৰিকান সৈন্যসকলে মৃত্যুদূত ৰূপে গণ্য কৰা এন’ফিলিচ নামৰ মেলেৰিয়া বেমাৰৰ বীজাণুবাহক ক্ষুদ্র মহবিধ নাশ কৰিবলৈ DDT নামৰ এই পদার্থবিধ অতি উত্তম। তাৰ পাছত ১৯৪২ চনত DDT নামৰ পদার্থবিধ কীটনাশক হিচাপে উৎপাদিত হৈ Guerasol আৰু Neocide নামেৰে বজাৰলৈ ওলাই আহে। লগে লগে মেলেৰিয়া নির্মূলৰ অভিযানত অতি ব্যাপক হাৰত DDTব্যৱহাৰ হ’বলৈ ধৰিলে।ফলাফল অতি চমকপ্রদ! সকলোৱে একেমুখে DDT ক “Wonder insecticide of World War II ” বুলি কবলৈ বাধ্য হ’ল। কোনোৱে আকৌ ক’লে “ Saviour of Mankind” । এনে সাফল্যৰ পাছত DDT ৰ লগতেBHC, Aldrin, Endrin  আদি অনেক কীটনাশক দ্রব্যই বজাৰ ছানি ধৰিলে। সূচনা হ’ল অনিষ্টকাৰী কীট-পতংগৰ বিৰুদ্ধে মানুহে আৰম্ভ কৰা যুদ্ধৰ এক নতুন যুগৰ। প্রথমে মেলেৰিয়া আদি বেমাৰৰ বীজাণুবাহকৰ বিৰুদ্ধে ব্যৱহাৰ হোৱা কীটনাশক দ্রব্যবোৰ লাহে লাহে কৃষি পথাৰত প্রৱেশ কৰিলে। অনিষ্টকাৰী কীটৰ বাবে খাদ্যশস্যৰ উৎপাদন হ্রাস পোৱাৰ পৰিমাণ কমি গ’ল। ফলত এনে অৱস্থা পালেহি যে আমেৰিকা আদি উন্নত দেশবোৰে খেতি-পথাৰত কীটনাশক ছটিয়াবলৈ উৰাজাহাজ ব্যৱহাৰ কৰিবলৈ ল’লে। সকলোৰে মুখত কীটনাশকৰ জয়গান। DDT ৰ কীটনাশক গুণ আৱিষ্কাৰৰ বাবে Paul Muller ক ১৯৪৮ চনত নোবেল বঁটাৰে পুৰস্কৃত কৰা হ’ল। লাহে লাহে মানুহে অনিষ্টকাৰী কীট-পতংগ নিবাৰণৰ আন উপায়বোৰ পাহৰি গ’ল।

কীটনাশকৰ এনে চমকপ্রদ ফলফলৰ মাজতো কিছুসংখ্যক বিজ্ঞানী সচকিত হৈ পৰিল। তেওঁলোকে দেখিলে যে ৰাসায়নিক কীটনাশকবোৰে কেৱল মাত্র অপকাৰী কীট-পতংগকে নাশ কৰা নাই; এইবোৰে প্রকৃতিত থকা আন বহুবোৰ উপকাৰী কীট-পতংগ, চৰাই-চিৰিকটি, জীৰ-জন্তুকো সমানে নিমূল কৰিছে। এই কার্য দেখি Elmer Higgins আৰু Clarence Cottam নামৰ বিজ্ঞানী দুজনে ১৯৪৬ চনত এখন গৱেষণা পত্রৰ মাধ্যমেৰে  DDT  আদি কীটনাশকবোৰে প্রকৃতিৰ ওপৰত পেলোৱা কুপ্রভাৱৰ বিষয়ে প্রকাশ কৰিলে। এই লেখা প্রকাশ হোৱাৰ আগৰ বছৰ অর্থাৎ ১৯৪৫ চনত আমি পূর্বে উল্লেখ কৰা ছোৱালীজনীয়ে DDT আদি কীটনাশকবোৰৰ পৰা হ’ব পৰা কুফলবোৰৰ বিষয়ে সর্বসাধাৰণক সচেতন কৰিবলৈ Reader’s Digest নামৰ আলোচনীখনৰ পৰা অনুমতি বিচাৰিলে। কিন্তু ছোৱালীজনীয়ে সেই অনুমতি নাপালে। এই কার্যই দৃঢ়মনৰ ছোৱালীজনীক হতাশ নকৰিলে; বৰং কীটনাশকৰ বাবে পৰিবেশৰ ওপৰত ইতিমধ্যে দেখা দিয়া কুপ্রভাৱৰ বিষয়ে আৰু অধিক তথ্য বিচাৰি ঘুৰি ফুৰিল। অৱশেষত প্রায় চাৰি বছৰকাল গৱেষণা কৰি এনে এখন কিতাপ লেখি উলিয়ালে যিখন ১৯৬২ চনৰ ২৭ ছেপ্তেম্বৰত প্রকাশ পোৱাৰ দিনটোতে ৪০,০০০ কপি বিক্রি হৈ যায়। বছৰৰ শেষলৈ এই সংখ্যা এক লাখ অতিক্রম কৰে। কিতাপখনে আমেৰিকা আৰু আন উন্নত দেশৰ সচেতন ব্যক্তিসকলক এনে দৰে জোঁকাৰি গ’ল যে ১৯৬৩ চনত American Geographical Society য়ে ছোৱালীজনীক Audubon Medel প্রদান কৰে। এই সন্মান পোৱা এওঁ হ’ল প্রথম গৰাকী মহিলা। এই মেডেলৰ লগত দিয়া প্রশস্তি পত্রত ছোৱালীজনীৰ বিষয়ে এই বুলি খোদিত হ’ল "Distinguished scientist, gifted writer, sensitive and perceptive interpreter of the ways of nature, who authored a book called SILENT SPRING ; Through it she alerted and aroused the public about needless and dangerous chemical pollution of our environment And sounded a timely warning that technology run away from science can be a threat to Man" |

হয়, কিতাপখনৰ নাম Silent Spring অর্থাৎ নিৰৱ বসন্ত । পখীৰ কাকলি বিহীন বসন্ত আৰু লেখিকা হ’ল ৰাচেল কার্চন। প্রথম অৱস্থাত কিতাপখনৰ নাম The Control of Nature ৰাখিবলৈ ঠিক কৰি পাছত Man Against The Nature  নামাকৰণ কৰিবলৈ বিচাৰিলে। কিন্তু সৰুতে পখীৰ মাতত বিভূৰহৈ ঘুৰি ফুৰা ছোৱালীজনীৰ দুয়োটা নামেই পছন্দ নহ’ল। শেষত কিতাপখনত অন্তর্নিহিত বার্তাক সঠিক ৰূপত তুলি ধৰিব পৰাকৈ নামাকৰণ কৰা হ’ল Silent Spring ।ইতিমধ্যে DDT ৰ প্রভাৱত পৰি ৰঙা বুকুৰ Robin নামৰ সৰু ধুনীয়া পখীটি কেনেকৈ লোপ পাবলৈ ধৰিছে তাক Roy Barker নামৰ প্রকৃতিপ্রেমী বিজ্ঞানীজনে অনুসন্ধান কৰি দেখা পাইছিল। সেয়েহে কীটছৰ কবিতা এফাঁকি---"The sedge is wither’d from the lake, And no bird sing…." কিতাপখনৰmotto হিচাপে প্রথমেই ঠাই পালে।

কিতাপখন প্রকাশ হোৱাৰ লগে লগে যিদৰে প্রকৃতিপ্রেমীসকল সজাগ হ’ল সেইদৰে কীটনাশক প্রস্তুত কৰা কোম্পানীবোৰ কিতাপখন আৰু লেখিকাৰ বিৰুদ্ধে জাঙুৰ খাই উঠিল। তেওঁলোকে লেখিকাক এগৰাকী চৰাই চাই ঘুৰি ফুৰা সন্ন্যাসিনী বুলি ইতিকিং কৰিয়েই ক্ষান্ত নাথাকি কমিউনিষ্ট বুলিও আখ্যা দিলে। এই সকলোবোৰকে চেৰাই American Cynamid Company ৰ ( ভূপালৰ সেই অভিশপ্ত দিনটোলৈ মনত পৰিছেনে?) এজন জ্যেষ্ঠ বিষয়াই কৈ উঠিল --- এই কিতাপখনৰ কথা মানিবলৈ হ’লে আমি dark age লৈ উভটি যাব লাগিব আৰু পৃথিৱীখন পুনৰ কীট-পতংগ, বেমাৰ-আজাৰৰ লীলাভূমী হৈ পৰিব।

কিন্তু আমেৰিকা এখন গণতান্ত্রিক ৰাষ্ট্র। সেইসময়ত ৰাষ্ট্রপতি আছিল জন এফ কেনেডি। তেখেতে কিতাপখনৰ বার্তা যেন বুজি পালে। লগে লগে ৰাষ্ট্রপতিৰ Science Advisory Committee ৰ পৰা কিতাপখনৰ ওপৰত প্রতিবাদন বিচাৰিলে। ফলস্বৰূপে লেখিকাই চিনেট কমিটীৰ সন্মূখত যুক্তি সহকাৰে সকলোকে পতিয়ন নিয়ালে আৰু অনতিপলমে পৰিবেশ তথা সর্বসাধাৰণ ৰাইজৰ হিতৰ কথা চিন্তা কৰি কীটনাশকবোৰৰ ব্যৱহাৰ নিয়ন্ত্রিত কৰিবলৈ অনুৰোধ কৰিলে। এই অনুৰোধৰ ফলস্বৰূপেই যেন গঠন হ’ল Environmental Protection Agency ( EPA )| প্রকৃতিপ্রেমী আৰু পৰিবেশ কর্মীসকলৰ উৎসাহ বাঢ়ি গ”ল আৰু ১৯৭২ চনৰ ১৪ জুনত আমেৰিকা যুক্তৰাষ্ট্রত DDT ৰ ব্যৱহাৰ বন্ধ হৈ গ’ল।

এইদৰে Silent Spring নামৰ কিতাপখনক সাৰথি কৰি আমেৰিকাত এক আন্দোলনে গা কৰি উঠে যাৰ ঢৌৱে অসমকো চুইছেহি। এই কিতাপখনৰ ২৫তম সংস্কৰণৰ পাতনিত আমেৰিকাৰ ভূতপূর্ব উপ-ৰাষ্ট্রপতি Albert Gore য়ে লেখিছে "Without this book the environmental movement might have been long delayed or never have been developed at all." সেয়েহে এই কিতাপৰ লেখিকা ৰাচেল কার্চনক The Life আলোচনীয়ে যোৱাটো শতিকাৰ শ্রেষ্ঠ এশ গৰাকী আমেৰিকানৰ শাৰীত স্থান দিছে। আনহাতে যোৱা পঞ্চাছ বছৰত প্রকাশ পোৱা উল্লেখযোগ্য কিতাপসমূহৰ ভিতৰত Silent Spring নামৰ কিতাপখন অন্যতম বুলি বিবেচিত হৈছে।

আজি আমি Integrated Pest Management ৰ কথা কৈছো। কোনো কোনোৱে Organic Farmingঅর্থাৎ জৈৱিক কৃষিৰ কথাও কৈছে। কিন্তু এনে চিন্তাধাৰাৰ বাটকটীয়া সকলৰ ভিতৰত ৰাচেল কার্চন অন্যতম। যি সময়ত এচাম ব্যৱসায়ী অতি নিষ্ঠুৰ ভাবে তেখেতৰ বিৰুদ্ধে মুখৰিত হৈ পৰিছিল সেই সময়ত এই গৰাকী প্রকৃতিপ্রেমী বিচলিত নহৈ নিজ কর্মত ব্যস্ত থাকি সহকর্মীসকমক মাথো কৈছিল " Let the course of events provide the answer "। সময়ৰ লগে লগে Silent Spring প্রতিটো বাক্যই সঁচা বুলি প্রমাণিত হ’বলৈ ধৰিলে। অৱশেষত সেই কিতাপৰে A Fable of Tomorrow নামৰ অধ্যায়টোৰ কল্পিত চহৰখনৰ all men and animals silenced by DDT ৰ দৰে ১৯৮৪ চনৰ সেই অভিশপ্ত দিনটোত ভাৰতবর্ষৰ ভূপাল নগৰীত নিশা শুই থাকোতেই অগণন মানুহ আৰু জীৱ-জন্তু মৃত্যুৰ কোলাত ঢলি পৰিল। হাজাৰজন পঙ্গু হ’ল । এই ভূপাল কাণ্ডৰ উৎস হ’ল Sevin নামৰ কীটনাশক প্রস্তুত কৰা কোম্পানীটোৰ পৰা নির্গত হোৱা বিষাক্ত গেছ। সময় বৰ নিষ্ঠুৰ। এই কোম্পানীটো হ’ল Union Carbide যাৰ সহযোগী American Cynamide Company য়ে ৰাচেল কার্চনৰ কথা মানিলে মানৱ জাতি Dark Age লৈ ঘুৰি যাব লাগিব বুলি কৈছিল। আজি সেই কোম্পানীটোৰ কি হ’ল সেয়া সর্বজন বিদিত।

অসম এখন চিৰ সেউজীয়া দেশ। নানান চৰাইৰ সুমধূৰ গীতে অসমৰ আকাশ-বতাহ মুখৰিত কৰি ৰাখে। বসন্ত কালত এতিয়াও কুলি-কেতেকীৰ মাত ৰৈ ৰৈ শুনি আছো। কিন্তু আৰু কিমান দিন ? বর্তমান অসমত যি হাৰত ৰাসায়নিক কীটনাশক ব্যৱহাৰ হ’বলৈ ধৰিছে আৰু যিটো গতিত এইবোৰ গাঁৱে-ভূঁয়ে উপলব্ধ হৈ পৰিছে তালৈ চাই সুজলা-সুফলা, শস্য শ্যামলা অসমত যে অচিৰতে কুলি-কেতেকীৰ মাত স্তব্ধ হৈ পৰিব সেইটো ধুৰুপ। সেয়েহে জন্ম শতবার্ষিকিত ৰাচেল কার্চনক স্মৰণ কৰি অসমৰ প্রতিজন সচেতন ব্যক্তিয়ে কিছু চিন্তা-চর্চা কৰাটো উচিত হ’ব। জোঁৰ পুৰি এতিয়াও হাত পোৱাহি নাই।

ডঃ চাদিকুল হুছেইন

2.89552238806
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top