আচলতে চুলি পকা সমস্যাটো এটা সাধাৰণ সমস্যা। গুৰুত্বপূৰ্ণ কথাটো হ’ল যে ই কোনো ৰোগ নহয়। বৰঞ্চ ই চুলি বিকাশ হোৱাতহে অৰিহণা যোগায়। কাৰণ বয়স হ’লে চুলি পকাটো এক প্ৰাকৃতিক নিয়ম। ই ইমান চিন্তনীয় বিষয় নহয়। কিন্তু আজিকালি কম বয়সৰ ল’ৰা-ছোৱালীৰ চুলি পকা সমস্যাটো বৃদ্ধি পাইছে। দেখা যায় অতিপাত চুলি পকাৰ পিচত দেখাত শুকান হোৱাৰ লগতে চুলিত শুষ্কতাৰ তাৰতম্য পৰিলক্ষিত হয়। এনে অৱস্থাত প্ৰাকৃতিক ষ্টাইল বা প্ৰাকৃতিক উপায়েৰে চুলিৰ যতন লোৱা দৰকাৰ। নিয়মিত চুলিত তেল লগোৱাৰ লগতে হেনা কৰা উচিত। তদুপৰি প্ৰাকৃতিক উপায়ৰ উপৰি ৰাসায়নিক পদ্ধতিৰে চুলি ৰং অথবা স্পা কৰিব পাৰে। বছৰ বছৰ ধৰি পকা চুলি যতনৰ ক্ষেত্ৰত সহজ উপায় হিচাপে মানুহে চুলিত ৰং কৰা পদ্ধতিয়ে ব্যৱহাৰ কৰি আহিছে। এইক্ষেত্ৰত আপুনি অভিজ্ঞ চুলি বিশেষজ্ঞৰ হতুৱাই পকা চুলিৰ যত্ন ল’লে অধিক ফলপ্ৰসূ হ’ব। কাৰণ যিকোনো হেয়াৰ কালাৰে আপোনাৰ পকা চুলিৰ আৱৰণ কিছুদিনৰ বাবে ঢাকি ৰাখিব ঠিকেই, কিন্তু এনে নিম্নমানৰ হেয়াৰ কালাৰে চুলিৰ ক্ষতি কৰাৰ আশংকাই বেছি। চুলিৰ যতনৰ ক্ষেত্ৰত আজিকালি বহু আধুনিক পদ্ধতি ব্যৱহাৰ কৰিব পাৰে। মনত ৰাখিব চুলি পকাটো কোনো ৰোগ নহয়। পূৰ্বৰ দৰে আপোনাৰ চুলিকোছাক সুন্দৰ কৰি ৰাখিবলৈ একমাত্ৰ নিজৰ যত্নৰ প্ৰয়োজন।
লিখক: জাৱেদ হাবিব, অসমীয়া প্ৰতিদিন।
শেহতীয়া উন্নীতকৰণ: : 12/11/2018
পৰিৱেশ আন্দোলনৰ হোত্রী ৰাচেল কার্চন
কেৰিয়াৰ হিচাপে পৰিবেশ বিজ্ঞান
সোনালী বান্দৰ
ইয়াত গৰমৰ পৰা হকাহ পাবলৈ পৰিবেশ উপযোগী উপায়সমূহ দি...