অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

কৃত্ৰিম মৌল

কৃত্ৰিম মৌল

গ্ৰীক ভাষাৰ ‘টেকনেট’জ’ৰ অৰ্থ কৃত্ৰিম যাৰ আলমতে এটা মৌলৰ নাম টেকনেচিয়া। ই পৰ্য্যাবৃত্ত তালিকাৰ ৪৩ ক্ৰমাংকৰ মৌল। ব্যৱহাৰহীন এই মৌলটোক বিলুপ্ত বুলি ধৰা হৈছিল যদিও ইটালীৰ বিজ্ঞানী এমিলিও ছেগ্ৰো আৰু কাৰ্লো পেৰিয়াৰে ইয়াক কৃত্ৰিম উপায়েৰে সৃষ্টি কৰি পুনৰ জন্ম দিয়ে।

আদিম কালত ধাতু বিদ্যা চৰ্চা কৰা লোকসকলে অসাধ্য সাধন কৰিবলৈ প্ৰয়াস কৰি সাধাৰণ ধাতুবোৰ সোণলৈ পৰিৱৰ্তন কৰিব বিচাৰিছিল। নানা ধৰণৰ ৰাসায়নিক পদাৰ্থ মিহলাই পৰীক্ষা কৰিছিল অথচ মৰিচীকা খেদি ফুৰোতেই সময় অতিবাহিত হৈছিল। উনৈশ শতিকাৰ শেষ ভাগত পদাৰ্থৰ তেজষ্ক্ৰিয়তাৰ ভু পোৱাত এই ক্ষেত্ৰত আশাৰ সঞ্চাৰ ঘটে। ১৮৯৬ খ্ৰীষ্টাব্দত বিজ্ঞানী হেনৰি বেক’ৰেলে পৰমাণু কেন্দ্ৰৰ পৰিৱৰ্তন লক্ষ্য কৰি উচ্চ পাৰমাণৱিক ভৰৰ মৌলৰ পৰা আপোনা-আপুনি তীব্ৰভেদী ৰশ্মি ওলোৱাৰ প্ৰমাণ পায়, যি স্বাভাৱিক প্ৰক্ৰিয়াৰেই তেজষ্ক্ৰিয়। এই প্ৰক্ৰিয়া চলি থকা মৌল তেজষ্ক্ৰিয়। লৰ্ড আৰ্ণেষ্টি ৰাডাৰফ’ৰ্ডে আৰু ছ’ডি নামৰ বিজ্ঞানীয়ে এই ক্ৰিয়াৰ বিশদ অধ্যয়ন কৰি ই পৰমাণু কেন্দ্ৰত ঘটা প্ৰক্ৰিয়া বুলি ঠাৱৰ কৰে। ইংৰাজ পদাৰ্থবিদ ৰাডাৰ ফ’ৰ্ডে ১৯১১ চনত পৰমাণুৰ আৰ্হি সাজি দেখুৱায়। ইয়াৰ মাজত পৰমাণু কেন্দ্ৰত ঘটা প্ৰক্ৰিয়া বুলি ঠাৱৰ কৰে। ইংৰাজ পদাৰ্থবিদ ৰাডাৰ ফ’ৰ্ডে ১৯১১ চনত পৰমাণুৰ আৰ্হি সাজি দেখুৱায়। ইয়াৰ মাজত পৰমাণু কেন্দ্ৰ থাকে যিটো প্ৰ’টিন আৰু নিউট্ৰন আৰু ইলেক্ট্ৰনৰ সংখ্যা সমান। প্ৰ’টনৰ সংখ্যাকে মৌলৰ পাৰমাণৱিক সংখ্যা বোলে।তেজষ্ক্ৰিয় মৌলৰ পৰমাণু কেন্দ্ৰই ৰশ্মি নিৰ্গত কৰে। ফলত ইয়াৰ পৰিৱৰ্তন ঘটি নতুন মৌলৰ পৰমাণু কেন্দ্ৰই ৰশ্মি নিৰ্গত কৰে। ফলত ইয়াৰ পৰিৱৰ্তন ঘটি নতুন মৌলৰ সৃষ্টি হয়। তেজষ্ক্ৰিয় মৌলৰ পৰমাণু কেন্দ্ৰই ৰশ্মি নিৰ্গত কৰে। ফলত ইয়াৰ পৰিৱৰ্তন ঘটি নতুন মৌলৰ সৃষ্টি হয়। তেজষ্ক্ৰিয় বিকিৰণৰ ফলস্বৰূপে ইউৰেনিয়ামৰ পৰা পৰাথ’ৰিয়াম সৃষ্টি হয়। গতিকে এই প্ৰক্ৰিয়াৰে কোনো ধাতুৰ পৰা সোণ সৃষ্টি হয়। গতিকে এই প্ৰক্ৰিয়াৰে কোনো ধাতুৰ পৰা সোণ সৃষ্টি হোৱাটো মুঠেই অমূলক নহয়। ৰাডাৰফ’ৰ্ডে ১৯১৯ খ্ৰীষ্টাব্দত নাইট্ৰ’জেনৰ পৰা অক্সিজেন পৰমাণু তৈয়াৰ কৰি দেখুৱায়। যি প্ৰক্ৰিয়াৰ জৰিয়তে বিজ্ঞানীয়ে কৃত্ৰিম মৌল প্ৰস্তুত কৰিবলৈ অনুপ্ৰেৰণা পায়।

১৯৪০ খ্ৰীষ্টাব্দ পৰ্যন্ত ইউৰেনিয়ামেই গধূৰ মৌল আছিল, যাৰ পাণমাণৱিক ভৰ ২৩৮। ইয়াতকৈ গধুৰ মৌল পাবলৈ বিজ্ঞানীয়ে অহোপুৰুষাৰ্থ কৰিছিল। এই ক্ষেত্ৰত ১৯৩৪ চনত ৰোমত প্ৰথম প্ৰয়াস কৰা হৈছিল। ইটালীৰ পদাৰ্থবিদ এনৰিকো ফাৰ্মি আৰু এমিলিও ছেগ্ৰেৰ নেতৃত্বত এদল বিজ্ঞানীয়ে ইউৰেনিয়াম পৰমাণু কেন্দ্ৰক মুক্তি নিউট্টনেৰে প্ৰচণ্ড আঘাত হানি দুটা টুকুৰাত পৰিণত কৰিছিল। এই প্ৰক্ৰিয়াক পৰমাণু কেন্দ্ৰৰ বিখণ্ডন বুলি জনা যায়। এই ক্ৰিয়াত প্ৰচুৰ পৰিমাণৰ শক্তি উদ্ভৱ হয়। বিজ্ঞানীয়ে আশা কৰা মতে, এই প্ৰক্ৰিয়াত গধুৰ মৌলৰ সৃষ্টি নহ’ল। তথাপি এই ক্ষেত্ৰত বিজ্ঞানীৰ আশাশুধীয়া প্ৰয়াস অব্যাহত থাকিল। আমেৰিকাৰ পদাৰ্থ বিজ্ঞানী এডুইন মেটিছন মেকমিলন আৰু ফিলিপ এবেলছনে ১৯৪০ চনত একে উদ্দেশ্যৰে আন এক পৰীক্ষা সম্পন্ন কৰে। বাৰ্কলিত থকা কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ত তেওঁলোকে চাইক্ল’ট্ৰনৰ জৰিয়তে ইউৰেনিয়াম অক্সাইডৰ লগত নিউট্ৰনৰ সংঘৰ্ষ ঘটায়। উল্লেখ্যযোগ্য যে চাইক্ল’ট্টন নামৰl;;’l সূক্ষ্ম বৈজ্ঞানিক আহিলাৰে প্ৰ’টন, নিউট্টন আদি কণিকাৰ গতিবেগ বঢ়া-টুটা কৰাটো সম্ভৱপৰ। এই সংঘৰ্ষৰ ফল বিশ্লেষণ কৰি তেওঁলোকে এটা নতুন মৌল প্ৰত্যক্ষ কৰে, যাৰ পৰমাণু ক্ৰমাংক পৰ্য্যবৃত্ত তালিকা অনুসৰি ৯৩। গতিকে ইউৰেনিয়ামতকৈ গধুৰ মৌল এটা প্ৰথমবাৰৰ বাবে কৃত্ৰিম উপায়েৰে বিজ্ঞানীয়ে উদ্ভাৱন কৰিলে। জ্যোতিবিদ্যাৰ সৰস্বতী ইউৰেনিয়াম, যাৰ আধাৰত সৌৰজগতৰ এটা গ্ৰহৰ নামকৰণ কৰা হৈছিল ইউৰেনাছ। এই গ্ৰহৰ নামৰ আলমতে মৌলৰ নাম ৰখা হৈছিল ইউৰেনিয়াম। একে কৌশল অৱলম্বন কৰি নতুনকৈ উদ্ভাৱিত মৌলটো নামকৰণ কৰা হ’ল। সূৰ্য্যৰ পৰা দূৰত্ব অনুসৰি ইউৰেনাছৰ পিছৰ গ্ৰহটো নেপচুন। ইয়াৰ আধাৰতে ইয়াৰ পিছত উদ্ভাৱিত মৌলটোৰ নাম নেপচুনিয়াম ৰখা হৈছে। এই পৰীক্ষাৰ জৰিয়তে মেক’মিলানে চাইক্ল’ট্ৰন নামৰ সঁজুলিটোৰো উন্নতি সাধন কৰাত সফল হয়। কণাবোৰৰ গতিবেগ বাঢ়ি যোৱাৰ লগে লগে আপেক্ষিকতাৰ প্ৰভাৱত ইহঁতৰ ভৰো বৃদ্ধি কৰাটো মুঠেই সম্ভৱপৰ নাছিল। এই অসুবিধা আঁতৰ কৰিবলৈ মেকমিলানে যন্ত্ৰটোৰ কিছু পৰিমাণে পৰিৱৰ্তন সাধন কৰে। ফলত তেওঁ কণাবোৰৰ গতিবেগ অসীমলৈ বৃদ্ধি কৰিবলৈ সমৰ্থ হয়। এই উন্নত চাইক্ল’ট্ৰনে ইউৰেনিয়ামতকৈ গধুৰ মৌল সৃষ্টি কাৰ্যত বিশেষ ধৰণৰ অৰিহণা আগবঢ়াবলৈ সক্ষম হৈছে।

ইউৰেনিয়ামৰ পৰিৱৰ্তন ঘটি কেনেকৈ নেপচুনিয়ামৰ গঠন হ’ল সেই বিষয়ে অৱগত হৈ বিজ্ঞানীয়ে ব্যাখ্যা আগবঢ়াইছে। এই পৰীক্ষাত ইউৰেনিয়াম পৰমাণু কেন্দ্ৰই এটা নিউট্ৰন কণা ধৰি ৰাখে। ইয়াৰ ফলত বিটা কণিকা নিৰ্গত হয়। পৰমাণু কেন্দ্ৰৰ পৰা বিটা কণিকা নিৰ্গমন হ’লে নিউট্ৰনৰ পৰিৱৰ্তন ঘটি প্ৰ’টনত পৰিণত হয়। প্ৰ’টিন কণাৰ সংখ্যা বাঢ়ি গ’লে মৌলৰ পাৰমাণৱিক সংখ্যাও বৃদ্ধি পায়। সেইবাবে ইউৰেনিয়ামৰ পাৰমাণৱিক ক্ৰমাংক ৯২ বাঢ়ি গৈ ৯৩ হোৱাৰ ফলত নতুন মৌল এটাৰ আৱিৰ্ভাৱ ঘটিল। নেপচুনিয়ামৰ উদ্ভাৱনে বিজ্ঞানীসকলক আন কৃত্ৰিম মৌল সৃষ্টিত উৎসাহ যোগালে। সেইবাবে পিছত আনকেইবাটাও কৃত্ৰিম মৌল সৃষ্টি কৰাৰ পথ প্ৰশস্ত হ’ল। কেলিফ’ৰ্ণিয়া বিশ্ববিদ্যালয়ত গ্নেন টি ছীবৰ্গ নামৰ বিজ্ঞানীয়ে আন এক অসাধ্য সাধন কৰে। তেওঁ মেকমিলান আৰু আন সহকৰ্মীৰ লগ লাগি ইউৰেনিয়ামতকৈ আন এক গধুৰ মৌল পৃথক কৰে। ইয়াৰ পাৰমাণৱিক ক্ৰমাংক ৯৪ যাৰ নাম ৰখা হৈছে প্লুট’নিয়াম। ইউৰেনিয়ামক ডিউটেৰেণেৰে আঘাত কৰি এই মৌল সৃষ্টি কৰে যাৰ নাম প্লুটো গ্ৰহৰ নামানুসৰি হয়। এই মৌল নানা কামত উপযোগী বুলি প্ৰতিপন্ন হৈছে। ইয়াক ব্যৱহাৰ কৰি বোমা তৈয়াৰ কৰিব পাৰি। ইয়াক নিউট্ৰনেৰে আঘাত কৰি নিউক্লীয় ৰিয়েক্টৰৰ ইন্ধন হিচাপে সুফল পোৱা যায়। দ্বিতীয় মহাসমৰৰ কালত প্লুট’নিয়ামৰ প্ৰথম ঔদ্যোগিক উৎপাদন আৰম্ভ কৰা হয়। ইয়াৰ তেজষ্ক্ৰিয়তাৰ উৎপন্ন হোৱা তাপ ব্যৱহাৰ কৰি মহাকাশ সুক্ষ্মানুসন্ধানৰ বাবে আৱশ্যক হোৱা বিদ্যুৎ উৎপাদন কৰা হয়। চি বৰ্গৰ নেতৃত্বত বিজ্ঞানীৰ দলটোৱে চিকাগো বিশ্ববিদ্যালয়ত গৱেষনা কৰি আন দুটা কৃত্ৰিম মৌল আৱিষ্কাৰ কৰে যিবোৰৰ পাৰমাণৱিক ক্ৰমাংক ৯৫ আৰু ৯৬। ছীবৰ্গে এই মৌল দুটাৰ নাম এমেৰিকিয়াম আৰু কুৰীয়াম ৰাখে। কুৰীয়ামৰ পৰা আহৰণ কৰা তাপৰ জৰিয়তে বিদ্যুৎ উৎপাদন কৰি মহাকাশ গৱেষণাত প্ৰয়োগ কৰা হৈছে।

পাৰমাণৱিক ক্ৰমাংক ৯৭ বহন কৰা কৃত্ৰিম মৌলটো ১৯৪৯ খ্ৰীষ্টাব্দত সৃষ্টি কৰা হয়। ছীবৰ্গে আন বিজ্ঞানীৰ সহযোগত বাৰ্কলিত ইয়াক পৃথক কৰে। এমেৰেকিয়ামক হিলিয়াম আয়নেৰে প্ৰচণ্ড আঘাত কৰি ইয়াত পোৱা যায়। যাক বাৰ্কেলিয়াম বুলি নামকৰণ কৰা হয়। ১৯৫০ খ্ৰীষ্টাব্দত আনটো কৃত্ৰিম মৌল কেলিফ’নিয়াম সংশ্লেষিত কৰা হয় যাৰ পাৰমাণৱিক ক্ৰমাংক ৯৮। কুৰীয়ামক হিলিয়াম আয়নেৰে প্ৰচণ্ড আঘাত কৰিলে এই মৌল ওলায়। উদ্যোগত ৰাসায়নিক অধ্যয়নৰ ক্ষেত্ৰত বাৰ্কেলিয়াম তথ্য কেলিফ’ৰ্ণিয়াম ব্যৱহাৰ হয়।

লিখক: আনন্দ দেৱ গোস্বামী, ৰঙিয়া, দৈনিক অসম।

3.1
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
সম্পৰ্কীয় সামগ্ৰীসমূহ
অধিক ...
Back to top