অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

যকৃতৰ ৰোগ

যকৃতৰ ৰোগ

যকৃত বা লিভাৰ মানুহৰ শৰীৰৰ পৰিপাক প্ৰণালীৰ সৈতে সম্পৰ্কিত এটা যন্ত্ৰ যিটোৱে খোৱা খাদ্যৰ সাৰভাগ- কাইমবোৰৰ সত্ ব্যৱহাৰ কৰি আমাৰ শৰীৰটো জীয়াই ৰাখে। শৰীৰৰ তেজত কাইম মিহলি কৰি হৃত্পিণ্ডলৈ পঠায়। হৃত্পিণ্ডই আকৌ তেজ পাম্প কৰি শৰীৰৰ বিভিন্ন অংগ-প্ৰত্যংগলৈ পঠায় আৰু শৰীৰৰ ভিন ভিন মাংসপিণ্ডৰ মাংসপেশীবোৰে সেইবোৰ গ্ৰহণ কৰি শৰীৰৰ আৱশ্যক মতে কাৰ্ব’হাইড্ৰেট, প্ৰোটিন আৰু ফেট আদি কামত লগায়। এই কাইমবোৰ ক্ষুদ্ৰ অন্ত্ৰৰ ভিলিবোৰে শুহি লৈ ভেনাপৰ্টা নামৰ ডাঙৰ সিৰডাললৈ পঠায় আৰু ভেনাপৰ্টাই এই কাইমবোৰ যকৃতলৈ আনে। শৰীৰৰ তলৰ অংশৰ (ভৰি, অন্ত্ৰ আদি) অশুদ্ধ তেজ ইনফেৰিঅ’ৰ ভেনাকাভা নামৰ সিৰেৰে যকৃতলৈ যায়। তেনেকৈ শৰীৰৰ ওপৰৰ অংশৰ (মূৰ, বুকু, হাত আদিৰ) অশুদ্ধ তেজ ছুপিৰিঅ’ৰ ভেনাকাভা নামৰ সিৰেৰে যকৃতলৈ আহে। যকৃতত জমা হোৱা অশুদ্ধ তেজৰ সৈতে খাদ্যৰ কাইমবোৰ মিহলি হয়। খাদ্যসাৰ আৰু অশুদ্ধ তেজ ইনফেৰিঅ’ৰ ভেনাকাভাই হৃদযন্ত্ৰৰ সোঁ অৰিকোল নামৰ কোঠাত সুমুৱাই দিয়ে। হৃদযন্ত্ৰই পাম্প কৰি এই তেজ শোধিত হ’বলৈ, অম্লজান মিহলি হ’বলৈ, হাঁওফাঁওলৈ পঠায়। হাঁওফাঁওত অক্সিজেনৰ সংস্পৰ্শলৈ অহাৰ লগে লগেই তেজ শোধিত হয় আৰু হৃত্পিণ্ডৰ বাঁও অৰিকোললৈ যায়, বাঁও অৰিকোলে বাঁও ভেণ্ট্ৰিকোলত পেলাই দিয়ে। বাঁও ভেণ্ট্ৰিকোলে এৱৰটা নামৰ ডাঙৰ ধমনী বা সিৰডালত পেলায় আৰু তাৰ মাজেৰে শোধিত তেজ আৰু খাদ্যৰ কাইমভাগ শৰীৰৰ বিভিন্ন অংশ পায়গৈ। হৃদযন্ত্ৰই পাম্প কৰি তেজ পঠিয়াই থাকে।

খাদ্যৰ কাইমবোৰো পোনে পোনে শৰীৰৰ কামত নালাগে, অন্য পৰ্যায়লৈ ৰূপান্তৰিত হৈ কামত ব্যৱহাৰ হয়। যেনে- কাৰ্ব’হাইড্ৰেটৰ পৰা গ্লুক’জ হয়। যকৃতত এই গ্লুক’জবোৰ গ্লাইক’জেনলৈ ৰূপান্তৰিত হয়। মাংসপেশীতো তেনেকৈ গ্লাইক’জেন হয়গৈ আৰু তেতিয়াহে মাংসপেশীয়ে এই গ্লাইক’জেনবোৰ ভাঙি শক্তিলৈ (কেলৰিলৈ) ৰূপান্তৰিত কৰে।

যকৃতে খাদ্যৰ পৰা পোৱা পুষ্টি সাধনৰ মূল বস্তুবোৰ তেজত মহলাই দিয়াৰ উপৰিও পুষ্টি সাধনৰ বস্তুবোৰ সকলো সময়তে যোগান ধৰিয়ে থাকে। যকৃতে ৰাহি হোৱা গ্লাইক’জেন জমা কৰি ৰাখে আৰু শৰীৰত গ্লুক’জৰ যোগান কম হ’লে (লঘোনে থাকিলে, খাদ্য নাখালে) জমা কৰি ৰখা গ্লাইক’জেনবোৰ উলিয়াই দি যোগান ব্যৱস্থা ঠিককৈ ৰাখে।

গ্লাইক’জেনবোৰ আকৌ গ্লুক’জ হয়, তেজৰ লগত শৰীৰৰ অংগ-প্ৰত্যংগবোৰলৈ পুনৰবাৰ গৈ গ্লাইক’জেনলৈ পৰিৱৰ্তন হৈ সেই ঠাইবোৰৰ মাংসপেশীৰ সহায়ত কেলৰি বা শক্তিৰ উত্পাদন কৰে। তেনেকৈ প্ৰোটিন, ফেট আদিকো কাৰ্যবিধি মতে কামত লগায়।

খাদ্যবস্তু হজম হোৱাৰ কামতো যকৃতে বাইল ৰস খাদ্যত দি খাদ্যবস্তুৰ চৰ্বীবোৰ হজম কৰায়। তাৰ পাছত সৰু অন্ত্ৰত সোমাই পৰাত সৰু অন্ত্ৰই খাদ্য-সাৰ বা কাইমবোৰ শুহি লৈ পুনৰ যকৃতলৈ পঠিয়ায়। এইদৰে শৰীৰৰ ৰক্ষা আৰু পুষ্টি সাধনৰ ক্ষেত্ৰত যকৃতে গুৰুত্বপূৰ্ণ কাম কৰি থাকে। সেইবাবেই ইংৰাজীত ‘লিভাৰ ইজ লাইফ’ বুলি কোৱা হয়।

যকৃতৰ দুৰ্বলতা

বুকুৰ সোঁফালৰ কামিহাড়ৰ তলত লিভাৰ অৱস্থিত। লিভাৰৰ অসুখ হ’লে ইয়াত বিষায়। ভোক কম হৈ জ্বৰ উঠিব পাৰে, পেটত গেছ হয়, বমি হয় বা বমি বমি ভাব হয়, শৌচ পনীয়া বা কেতিয়াবা তেজ পৰিবও পাৰে। যকৃত বৃদ্ধ হ’লে ফুলি উঠে। হাতেৰে (আঙুলিৰে) কামিহাড়ৰ তলৰ ফালে টিপি চালে অনুভৱ কৰিব পৰা হয়। পাছলৈ হাত-ভৰি ফুলে, টোপনি কম হয়, মানসিক অশান্তি আহে আৰু মূৰ্চ্ছা ৰোগ হোৱাও দেখা যায়।

ৰোগৰ কাৰণ

অত্যধিক মাদক দ্ৰব্য, অধিক ঘিউ তথা মছলাযুক্ত খাদ্য খোৱা, খালী পেটত চাহ খোৱা, আৰু অধিক মিঠাই খোৱাৰ ফলতো এই ৰোগ হ’ব পাৰে। অধিক নিমখ খালে, অধিক পৰিশ্ৰম কৰিলেও যকৃতৰ অসুখ হয়।

চিকিৎসা

প্ৰতিদিনে পুৱা আকণৰ আঠা দুই টোপাল, পানীত লৈ খালে ৰোগ আৰোগ্য হয়। ৩-৪ দিন খালে উপকাৰ পাব।

১ গ্ৰাম পৰিমাণৰ ছালকুঁৱৰী পাতৰ ৰস দিনে এবাৰকৈ এসপ্তাহমান খালে যকৃতৰ ৰোগ ভাল হয়।

কেঁচুৱাৰ লিভাৰৰ অসুখ হ’লে কেৰেলাৰ (তিতা) ৰস আধা চামুচ দিনে দুবাৰকৈ খুৱালে ভাল পাব। শিশুৱে কেৰেলা খালেও উপকাৰ পাব।

গাজৰৰ ৰসত মৌজোল মিহলি কৰি (এচামুচ, এচামুচ) পুৱা-গধূলি দুবাৰ খালে উপকাৰ হয়।

নহৰু ১০ গ্ৰাম, জীৰা ১ গ্ৰাম, আদা ১ গ্ৰাম, জালুক ১ গ্ৰাম পিহি গুড়ি কৰি আহাৰৰ লগত কেই সাঁজমান খালে যকৃতৰ ৰোগ আৰোগ্য হয়।

প্ৰতিদিনে ২-৩ টা কেঁচা বা পকা অমিতা খালে উপকাৰ পাব।

কামলা বা পাণ্ডু বা জণ্ডিচ ৰোগ

লিভাৰত পিত্ত বেছি হ’লে জণ্ডিচ হয়। দূষিত পানী আৰু খাদ্যবস্তু খোৱাৰ বাবেও এয়া হ’ব পাৰে। জণ্ডিচ ৰোগীৰ শৌচৰ ৰং বগা বা পাতল হালধীয়া হয়। অভোক অৰুচি হয়, মুখত তিতা তিতা ভাব হয়। গা পাক দিয়ে, পেট ফুলি থাকিব পাৰে। কেতিয়াবা হাত-ভৰি-মূৰ বিষায়, গা খজুৱায়, জ্বৰ জ্বৰ ভাব হয়। দিনে দিনে শৰীৰ দুৰ্বল হৈ যায়। চকু, গাৰ ৰং, নখ, মুখ প্ৰস্ৰাৱৰ ৰং হালধীয়া হৈ যাবলৈ ধৰে। গা-ঢিলা হয়, চকু-মুখ জ্বালা কৰে। নাড়ীৰ গতি ধীৰ আৰু ক্ষীণ হয়। জ্বৰ ৯৯-১০০ ডিগ্ৰী থাকিব পাৰে। তেজত পিত্ত সোমাই যোৱাৰ বাবে তেজ বিষাক্ত হৈ উঠে। ৰাতি মূৰৰ যন্ত্ৰণা হ’ব পাৰে। স্মৃতিশক্তি হ্ৰাস পায়। কাম-কাজলৈ মন নোযোৱা হয়। চিকিৎসাত পলম হ’লে যকৃত, প্লীহা বাঢ়ে (ফুলি যায়), টান হৈ উঠে। ইয়াক সাৰ বেমাৰো বোলে। সাধাৰণতে শৰীৰত তেজ কম হ’লে এই ৰোগ হয়।

এই ৰোগ হলে যকৃতৰ পৰা ওলোৱা পিত্তৰস বাঢ়ি যায়। ইমানকৈ বাঢ়ে যে যকৃতৰ কোষবোৰে তাক গ্ৰহণ কৰিব নোৱাৰে। ফলত ৰক্তবাহিকা নাড়ীৰ তেজত পৰে আৰু শৰীৰৰ বিভিন্ন অংগ-প্ৰত্যংগ দেখাত হালধীয়া হৈ যায়।

চিকিৎসা

কলমৌ, হেলেচী, মহানিমৰ পাত কুলেখাড়া (এবিধ সৰু সৰু কাঁইটিয়া ঔষধি গুল্ম বন) আৰু কেঁচা হালধি সকলোৰে ৰস একো চামুচকৈ লৈ মিহলাই তাৰে পৰা দুই চামুচ প্ৰতিদিনে ৰাতিপুৱা খালী পেটতে ১০ দিন খালে জণ্ডিচ ৰোগ ভাল হয়।

৫-৬ টা শিলিখা গুড়ি কৰি গুৰৰ সৈতে খালে সকলো প্ৰকাৰৰ জণ্ডিচ ৰোগ আৰোগ্য হয়।

কেঁচা অমিতাৰ তৰকাৰী কৰি (মছলা, জলকীয়া নিদিয়াকৈ) কেইদিনমান খালে ৰোগ আৰোগ্য হয়।

৪-৫ কোহ নহৰু বটি আধা কাপ গৰম গাখীৰত মিহলাই একেৰাহে দুদিন খালেই এই ৰোগ ভাল হয়।

দুই-তিনিটা আঁহত গছৰ কোমল পাত বটি, এগিলাচ পানীত, সোৱাদ লগাকৈ মিছিৰি গুড়ি কৰি বা চেনি গুলি তাৰ পাছত ছেকি লৈ, চৰবত কৰি, দিনে দুবাৰকৈ খালে, জণ্ডিচ ৰোগ ভাল হয়। আৱশ্যকবোধে এই চৰবত ৩-৭ দিন খাব দিব লাগিব পাৰে।

জণ্ডিচ ৰোগত ল’ব লগা সতৰ্কতাঃ জণ্ডিচ যকৃতৰ এক জটিল ৰোগ। পিত্তাধিক্যৰ বাবে যকৃত বৰ দুৰ্বল হৈ পৰে। সকলো ধৰণৰ খাদ্যই গুৰুভাৰ স্বৰূপ হৈ পৰে, হজম হৈ শৰীৰৰ কামত লগাত কষ্ট সাধ্য হয়। গতিকে খোৱা-লোৱাৰ ক্ষেত্ৰত বিশেষ সতৰ্ক হ’ব লাগে। অতি সহজে হজম হোৱা, নৰম, সৰল খাদ্যহে মাত্ৰ খাব পাৰি। আনকি চিকিৎসা ভুল হৈ অদৰকাৰী ঔষধ খালেও শৰীৰৰ অপূৰণীয় ক্ষতি হয়।

অপথ্য

তেল, ঘিউ, নিমখ, হালধি, শুকান বা কেঁচা জলকীয়া, গৰম মছলা দিয়া খাদ্য, মাছ, মাংস, কণী সম্পূৰ্ণ বৰ্জনীয়। হিং, তেল, গুৰ, বেচন, কচু, মাটিৰ তলৰ আলু, মিঠা আলু এইবোৰ খোৱা নিষিদ্ধ। যিকোনো ভজা, সেকা, কেক্ আদি খোৱা নিষেধ। চাহ, কফি, মাদক দ্ৰব্য, বাহি কোনো খাদ্য খোৱা নচলে। এইবোৰ বস্তু লিভাৰ দুৰ্বল হ’লেই পৰিত্যাগ কৰিব পাৰিলে ভাল। ইয়াৰ বাহিৰেও বৰ ৰ’দত ঘূৰা-ফিৰা কৰা, জুইৰ ওচৰত বেছি সময় থকা, বৰ পৰিশ্ৰমৰ কাম কৰাও নিষেধ। যিকোনো উত্তেজনা, উদ্বেগ, সম্ভোগ বা সহবাস সাময়িকভাৱে বন্ধ ৰাখিব লাগে। তামোল-পাণ, চাধা খোৱা নিষেধ। কেইসপ্তাহমানলৈ চেনি আৰু মিঠাই একেবাৰে নাখাব।

পথ্য

কমলাটেঙাৰ ৰস, ডাবৰ পানী, ডালিম, বেদানাৰ ৰস উপকাৰী। মূলাৰ পাতৰ ৰসো ভাল। ছানাৰ পানী, দৈৰ ঘোল, ঘোলত সামান্য নিমখ মিহলাই খালেও উপকাৰ হয়।

গাখীৰ নোখোৱাই ভাল কিন্তু ইচ্ছা কৰিলে সমান পৰিমাণৰ পানী মিহলাই, তাতে গুৱা-মৰি ৪-৫ টা বা লং দুটা বা এটা (এবিধ মাত্ৰ) দি গৰম কৰি (উতলাই) চেঁচা হ’লে খাব দিব পাৰি। পদিনা শাক, আমলখি, ধনিয়াৰ পাত, পটল, কেঁচা মূলা, পুৰাকল, পানীলাউ, ভেণ্ডি, পালেং শাক আৰু নহৰু উপকাৰী শাক-পাচলি। ফল হিচাপে মিঠা কমলা, বেদনা, মিঠা হ’লে আঙুৰ, পকা অমিতা, মনাক্কা বা কিচমিচ খাব পাৰে। কিচমিচ ১৫-২০ টামান ভালকৈ ধুই এগিলাচ পানীত ৰাতি ভিজাই থৈ ৰাতিপুৱা খালী পেটতে কিচমিচকেইটা ভালকৈ চোবাই খাই সেই পানীখিনিও খালে উপকাৰ হয়। আজিকালি ফলবোৰ সোনকালে নষ্ট নহ’বলৈ, পোকে নধৰিবলৈ ঔষধত জোবোৰাই দিয়ে। সেই ঔষধৰ এটা কুপ্ৰভাৱ থাকে। কিন্তু উপায় কি আছে, যুগৰ প্ৰভাৱ। ফলবোৰ নোধোৱাকৈ কেতিয়াও নাখাব। ল’ৰা-ছোৱালীকো খাবলৈ নিদিব। কৰদৈটেঙা, কুঁহিয়াৰৰ ৰস, আনাৰস, পকা মিঠা আম সুপথ্য। নিমপাত আৰু শিলিখা খালেও উপকাৰ হয়। পানী আৰু নেমুটেঙাৰ চৰবত পাৰ্যমানে খাব লাগে। চৰবতত চেনি নিদিব। আহাৰ হিচাপে পুৰণা চাউলৰ ভাত উপকাৰী। আটাৰ ৰুটি (ঘিউত বা তেলত নভজাকৈ) খাব পাৰে। মুগৰ দাইলৰ পানী খাব পাৰে। মচুৰ, অৰহৰ দাইলৰ পানীও খাব পাৰে কিন্তু দাইল নোখোৱাই ভাল। তেল দি বনোৱা খাদ্য নোখোৱা ভাল। আটাৰ ৰুটি নাখাই যদি কেৱল তৰকাৰীৰ ওপৰতে নিৰ্ভৰ কৰে আৰোগ্য লাভ আৰু সোনকালে হ’ব।

কিছুদিন চেনি আৰু মিঠাই একেবাৰে খোৱা নিষেধ। চেনিৰ পৰিৱৰ্তে মনাক্কা বা কিচমিচ ৪-৫ টা মান খাব পাৰে। এইবোৰ দিহা মানি সাৱধান হৈ চলিলে ১৫ দিনৰ পৰা ২১ দিনৰ ভিতৰত জণ্ডিচ ৰোগৰ পৰা আৰোগ্য লাভ কৰিব।

লিভাৰ চিৰ’ছিছ

লিভাৰ বা যকৃতৰ অসুখ বেছি হৈ শেষত লিভাৰ সংকুচিত হৈ সৰু হৈ যায় আৰু গাঁঠি বন্ধাৰ দৰে হৈ শুকাই টান হৈ পৰে। তেতিয়া চিকিৎসাৰ থল প্ৰায় নাথাকে। মদ্যপানৰ বাবেই এয়া বেছিকৈ হয়। ক্ৰনিক হাৰ্ট ফেইলৰো কাৰণ হ’ব পাৰে।

পিত্ত পাথৰি বা গল ব্লাডাৰ ষ্ট’ন

যকৃতৰ পৰা বাইল ৰস গল ব্লাডাৰ গ্ৰন্থিৰে ডুঅডেনামত থকা খাদ্যৰ মণ্ডৰ ওপৰত পৰে আৰু এই ৰসে খাদ্য হজম হোৱাত সহায় কৰে। এই বাইল ৰসত থকা কলেষ্টেৰল, কেলচিয়াম ছল্ট আৰু বাইল পিগমেণ্টবোৰ কেতিয়াবা শুকাই টান হৈ যায় বা পাথৰৰ দৰে কঠিন হয় আৰু ইয়াকেই গল ব্লাডাৰ ষ্ট’ন বা গল ষ্ট’ন বুলি কোৱা হয়।

বাইল ৰসত থকা পনীয়া ভাব কমি গ’লে, কলেষ্টেৰল ডাঠ হৈ আহে, টান  হৈ পাথৰৰ দৰে হয়। অথবা গল ব্লাডাৰ গ্ৰন্থিৰ প্ৰদাহ হৈ থাকিলে কলেষ্টেৰল আদি বস্তুবোৰ শুকাই টান হৈ যায় আৰু বাইল ৰস যোৱাৰ পথত বাধাৰ সৃষ্টি কৰে বা পথ বন্ধ কৰে।

ৰোগৰ লক্ষণ

বহু ক্ষেত্ৰত ৰোগীয়ে অনুভৱেই নকৰে, চলি থাকে। কিন্তু পাথৰ ডাঙৰ হ’লে ৰোগীয়ে বিষ অনুভৱ কৰে, আভোক হয়।

চিকিৎসা

শল্য চিকিৎসাই একমাত্ৰ উপায়। পেটৰ ভিতৰৰ পৰা পাথৰবোৰ বাহিৰ নকৰিলে আৰোগ্য নহয়। অন্যান্য সহায়ক চিকিৎসা হিচাপে, অপাৰেছন নকৰালৈ, গাজৰৰ ৰস ৪০০ গ্ৰাম দিনে এবাৰকৈ এসপ্তাহ খাব পাৰে। পাথৰ বাহিৰ হয় বুলি ভবা হয়। পাতেগজাৰ পাত ২১ খন খুন্দি ৰস উলিয়াই অলপ চেনি মিহলাই একেৰাহে ২১ দিন পুৱা আৰু গধূলি একাপ একাপ খালে পাথৰ ভাঙি ওলাই আহিব পাৰে।

কেঁচা বাদাম ৬ টা, মনাক্কা (আঙুৰ) ৬ টা, তৰমুজৰ গুটি ৪ টা, সৰু এলাচি ২ টা, মিছিৰিৰ গুড়ি ১০ গ্ৰাম- এই বস্তুকেইটা বটি একাপ পানীত মিহলাই ছেকি লওক আৰু খাবলৈ দিয়ক। পিত্তাশয়ৰ পাথৰিত আচৰিত ফল প্ৰদান কৰিব। পিত্তস্ৰাৱ নিয়মিত হ’ব আৰু স্বাভাৱিক হৈ পৰে।

ৰোগ পুৰণি হলে অল্ট্ৰা ছন’গ্ৰাফি কৰি পাথৰ থকাটো বুজিব পাৰি আৰু আৱশ্যক হ’লে অপাৰেছন কৰি বাহিৰ কৰিব লাগে।

পথ্যাপথ্য

পুৰণি চাউলৰ ভাত, পুৰণি কোমোৰা, বেতৰ গাজ, ডাব-নাৰিকলৰ পানী, পটল, ছালকুঁৱৰীৰ ৰস, কুঁহিয়াৰৰ ৰস সুখাদ্য। অতি ভোজন, বিৰুদ্ধ ভোজন, টান বস্তু খোৱা, শুকান বস্তু খোৱা নিষেধ। ৰিক্সাত উঠা, ঘোঁৰাত উঠা, চাইকেল চলোৱা ক্ষতিকাৰক। দিনত ৮-১০ গিলাচ পানী খালে পিত্ত পাথৰি হ’বই নোৱাৰে।

অন্ত্ৰবৃদ্ধি বা হাৰ্নিয়া ৰোগ

তলপেটৰ বাঁওফালে একেবাৰে তলৰ ভাগত বৃহত্ অন্ত্ৰৰ যত বিষ্ঠা জমা হয় (গুহ্যদ্বাৰৰ ওপৰভাগত) তাৰ ওচৰত অন্ত্ৰৰ কোনো অংশৰ বৃদ্ধি হয় আৰু ইনগুইনেল ফাকৰ মাজেৰে বাহিৰলৈ আহিব খোজে। ফলত তলপেটৰ কোমল অংশ বাহিৰলৈ ওলাই অহাৰ দৰে হয়। ইয়াকেই ইনগুইনেল হাৰ্নিয়া বোলে। তেনেকৈ অন্ত্ৰ বাঢ়ি অণ্ডকোষতো ঠেলা দিব পাৰে বা সোমাব পাৰে। তাক স্ক্ৰোটাল হাৰ্নিয়া বোলে। কৰঙণলৈ আৰ্টেৰী (ৰক্তবাহিকা নাড়ী) সোমাই যোৱা ফাকেৰেও কেতিয়াবা অন্ত্ৰৰ বৃদ্ধি হোৱা অংশ সোমাই কৰঙণৰ কাষেৰে বাহিৰ ওলাব খুজিব পাৰে। তাক ফেম’ৰেল আৰ্টেৰীৰ কাষেৰে যোৱাৰ বাবে ফেম’ৰেল হাৰ্নিয়া বোলে। তেনেধৰণে ডাইএফ্ৰাগমাটিক, ইনচিচনেল, আমবাইলিকেল আদি অন্ত্ৰৰ এই অংশত হোৱা হাৰ্নিয়াই বেছি আৰু ইনগুইনেল হাৰ্নিয়াই বেছিকৈ হয়। বাহিৰলৈ ওলাব খোজাৰ বাবে সেই অংশলৈ তেজৰ চলাচল ব্যাহত হয় আৰু সেই ঠাই বিষায়। তেতিয়া আৰু চিকিৎসা কৰি নাড়ীৰ সংকোচন কৰাৰ সম্ভাৱনা নোহোৱা হয় আৰু অস্ত্ৰোপচাৰেই একমাত্ৰ আৰোগ্যৰ উপায় হিচাপে থাকে।

ৰোগ হোৱাৰ কাৰণ

বাৰ্ধক্যৰ কাৰণে শৰীৰ শিথিল হ’লে, শৌচ-প্ৰস্ৰাৱ কৰোঁতে বল দিয়া অভ্যাস হ’লে, শৌচ কচা হ’লে, বৰ বেছি পৰিশ্ৰম কৰিলে, গধুৰ বস্তু উঠোৱা নমোৱা কৰোঁতে নিম্নাংশত জোৰ পৰাৰ বাবে এই ৰোগ হ’ব পাৰে। কোনো অপাৰেচনৰ ফলস্বৰূপেও ইনচিচনেল হাৰ্নিয়া হয়। অন্ত্ৰক আগুৰি ৰখা ঠাই পাতল বা ফুটা হ’লে ইনচিচনেল হাৰ্নিয়া হয়।

ৰোগৰ লক্ষণ

জ্বৰ, বমি, হিকটি থাকিব পাৰে। পেট ফুলিব। প্ৰকৃত ঠাইত বিষ হয়। অণ্ডকোষত, তলপেটৰ নাড়ীত, ঊৰু সন্ধিস্থলত টান (আজোৰ) লাগে।

চিকিৎসা

শল্য চিকিৎসাই একমাত্ৰ আৰোগ্যৰ উপায়। ৰোগীক শল্য চিকিত্সকৰ দ্বাৰা চিকিৎসা কৰোৱাৰ ব্যৱস্থা কৰিব লাগে। ৰোগীক চিত্ হৈ শুব দি ভৰি দুখন ওপৰ ফালে ৰখাৰ ব্যৱস্থা কৰিব লাগে। গৰম সেক দিলে আৰাম লাভ কৰিব।

পথ্যাপথ্য

সৰল আৰু সহজে হজম হোৱা খাদ্য খাব। মিছিৰিৰ চৰবত খালে উপকাৰ হয়। শুকান, টান, মছলা, জলকীয়া দিয়া খাদ্য, ভজা খাদ্য নাখাব।

প্লীহা বা পিলাইৰ ৰোগ

তেজ অপৰিষ্কাৰ হ’লে পিলাইৰ ৰোগ হয়। কাৰণ পিলাই মানুহৰ তেজৰ ভঁৰাল। মেলেৰিয়া আদি জ্বৰত দীৰ্ঘদিন ধৰি ভুগি থাকিলে পিলাই বাঢ়ি যায়।

প্লীহা বাঢ়িলে পেটত বিষ হয়। মূৰ ঘূৰায়, শৌচ টান হয়, অৰুচিৰ ভাব হয়, খোৱা-লোৱাত মন নোযোৱা হয়। শৰীৰত তেজ কম হয়। চকুৰ চেলাউৰিৰ তল বগা হৈ পৰে।

চিকিৎসা

যনী চূৰ্ণ ২ গ্ৰাম (আধা চামুচ), সৈন্ধৱ লোণ আধা গ্ৰাম (লোণ হ’লেও হয়) দিনত আৰু ৰাতি খোৱাৰ পাছত গৰম পানীত মিহলাই খালে ২-৩ দিনৰ ভিতৰত প্লীহাৰ বিকাৰ আৰোগ্য হ’ব।

যনী চূৰ্ণ এই পৰিমাণত খালে উদৰ শূল, কৃমিৰ বাবে হোৱা যিকোনো অসুখ, অজীৰ্ণ ৰোগ, পনীয়া শৌচ হোৱা, ঠাণ্ডা লাগি হোৱা চৰ্দি-কাহ আদি অসুখ ২-৩ দিনৰ ভিতৰতে আৰোগ্য হয়। হজম শক্তিও বাঢ়ে। চৰ্দি-কাহত হালধিৰ ৰস বা হালধি বটা ১ চামুচ মিহলাই খালে উপকাৰ হয়।

কেঁচা মূলা চকলিয়াই তাত জালুকৰ গুড়ি আৰু সৈন্ধৱ লোণ (অলপ অলপ) দি দিনত তিনিবাৰকৈ ৬-৭ দিন খালে প্লীহাৰ অসুখ ভাল হয়।

গাজৰৰ আচাৰ খালেও প্লীহাত উপকাৰ হয়।

পচতীয়াৰ পাতৰ ৰস প্ৰতিদিনে ১২ গ্ৰামকৈ (৩ চামুচ) খালে এসপ্তাহত সুফল পোৱা যায়।

পথ্য আৰু অপথ্য

নহৰু, অমিতা, পুৰাকল, চজিনা, ভাতকেৰেলা, ধনিয়া, জিৰা. মৌ খাব। পিঠা, দাইল নিমখ খাব নালাগে। মাদক দ্ৰব্য, টান বস্তু নাখাব।

জ্বৰ

জ্বৰ এনে এটা ৰোগ যিটো যিকোনো মানুহৰ যিকোনো সময়ত হ’ব পাৰে। আকৌ জ্বৰ উঠাৰ কাৰণ এটা বা দুটাই নাই অসংখ্য কাৰণ আছে যাৰ বাবে জ্বৰ হয়। প্ৰকৃততে জ্বৰ বুলি ৰোগৰ লক্ষণ এটা থাকিলেও জ্বৰ নিজে এটা ৰোগ নহ’বও পাৰে। কোনো ৰোগৰ উপসৰ্গ হিচাপে জ্বৰ হ’ব পাৰে। উদাহৰণ স্বৰূপে মেলেৰীয়াৰ বীজাণু তেজত থাকিলে জ্বৰে এৰা নিদিয়া হয়। আকৌ নিউমোনিয়া হ’লেও জ্বৰ হয়। জণ্ডিচ ৰোগ হ’লেও জ্বৰ হয়। বাত বিষতো জ্বৰ হ’ব পাৰে। পানী লাগিলে চৰ্দি-কাহ আৰু জ্বৰ হয়। তেনেকৈ বহু ধৰণৰ ৰোগ আছে যিবোৰৰ কোনোবিধৰ দ্বাৰা আক্ৰান্ত হলে শৰীৰত জ্বৰৰ লক্ষণে দেখা দিয়ে। কোনো কোনো জ্বৰ সাংঘাতিক বিপদজনক হয়, মৃত্যুৰেই কাৰক হয়- চেৰেব্ৰেল মেলেৰিয়া, এনকেফেলাইটিচ আদিৰ জ্বৰ তেনে মাৰাত্মক। আকৌ কিছুমান জ্বৰ হ’লেও বিশেষ একো ক্ষতি নহয়। আমাৰ শৰীৰত ৰোগ প্ৰতিষেধক শক্তি, শ্বেত ৰক্তকণিকা থাকে। কোনো ৰোগৰ আক্ৰমণ হ’লে এইবোৰে ৰোগৰ বীজাণুৰ সৈতে ভীষণ যুদ্ধত অৱতীৰ্ণ হয়। তেতিয়াও গাত জ্বৰ জ্বৰ ভাব হ’ব পাৰে বা সাধাৰণ জ্বৰ হ’ব পাৰে। তাৰ পৰা বিশেষ ক্ষতি নহয়। তলত জ্বৰ আৰু তাৰ বিপৰীতে সৰল চিকিৎসাৰ কিছুমান ব্যৱস্থাৰ কথা উল্লেখ কৰা হ’ল।

মেলেৰিয়া জ্বৰ

মেলেৰিয়া জ্বৰ এবিধ সংক্ৰামক জ্বৰ। মেলেৰিয়া জ্বৰত ভুগি থকা মানুহ থাকিলে ঘৰৰ আন এজনৰো হ’ব পাৰে। কথাবোৰ বৈচিত্ৰময়। মেলেৰিয়া মহৰ বীজাণু আকৌ মহৰ গলধনত কেইদিনমান থাকিলেহে ডাঙৰ হ’ব পাৰে আৰু অন্য মানুহক আক্ৰমণ কৰিব পাৰে। মেলেৰিয়া ৰোগী থাকিলেও যদি তাত মহ নাথাকে তেওঁৰ পৰা বীজাণু আনৰ গালৈ যাব নোৱাৰে। মহে মেলেৰিয়া ৰোগী এজনক কামুৰি তেজ শুহি নিওঁতে সেই তেজৰ লগত মেলেৰিয়াৰ বীজাণু মহৰ গালৈ যায়, গলধনত থিতাপি লয় আৰু তাতে কেইদিনমাম থকাৰ পাছত আনক আক্ৰমণ কৰিবলৈ উপযুক্ত হৈ উঠে। ঠিক তেনে সময়ত সেই মহে আনক কামুৰিলে সেইজন মানুহৰ শৰীৰলৈ মেলেৰিয়াৰ বীজাণু যায়। মহে কামোৰোঁতে প্ৰথমতে শুংডালেৰে এবিধ ৰস মানুহজনৰ গালৈ ঠেলি দিয়ে। এই ৰস মানুহৰ গাত সোমালে মহে তেজ টানি লোৱাত সহজ হয়। সেই ৰসৰ সৈতে তাৰ গলধনত থকা মেলেৰিয়াৰ বীজাণু গৈ মানুহজনৰ গাত সোমায় আৰু ইনকুবেছন পিৰিয়ড ৮-১০ দিনৰ ভিতৰত জ্বৰ আৰম্ভ হয়। এইটো আকৌ প্ৰকৃতিৰ নিয়ম।

প্লাছম’ডিয়াম ভাইভাক্স, প্লাছম’ডিয়াম মেলেৰি আৰু প্লাছম’ডিয়াম ফেলচিপেৰাম আদি তিনি প্ৰকাৰৰ মেলেৰিয়াৰ বীজাণু আছে। ইয়াৰ ফেলচিপেৰামে মগজুৰ চেৰেব্ৰাম আক্ৰমণ কৰে। ইয়াক চেৰেব্ৰেল মেলেৰিয়া বোলে। খুব টান জ্বৰ হয়। ৰোগীয়ে প্ৰলাপ বকে। ভাল চিকিৎসা নহলে ৰোগীৰ ১-২ দিনতে মৃত্যু হয়। ফেলচিপেৰামবিধৰ বাহিৰে অন্য মেলেৰীয়াৰ বীজাণুৱে আক্ৰমণ কৰিলে সাধাৰণ জ্বৰ হয়। বহুদিন ভুগি থাকিলে শৰীৰ ভাঙি পৰে, দুৰ্বল হয়, প্লীহা বৃদ্ধি আদি অন্য ৰোগৰ সম্ভাৱনা সূচিত হয়। এই বীজাণু আকৌ এন’ফেলিচ নামৰ মহৰ গলধনতহে প্ৰতিপালিত হয়, অন্য মহত নহয়। গতিকে অন্য মহে কামুৰিলে মেলেৰিয়া জ্বৰ নহয়।

ৰোগৰ লক্ষণ

হঠাৎ কঁপনি উঠাকৈ ঠাণ্ডা লাগি জ্বৰ উঠে। ইমান ঠাণ্ডা লাগে যে দুই-তিনিখন লেপ ল’লেহে শীতৰ কঁপনি সহিব পৰা হয়। গা আৰু মূৰ বৰকৈ বিষায়, পানীৰ পিয়াহ লাগে। জ্বৰৰ কঁপনি কমি আহে আৰু এক দুই ঘণ্টাৰ পাছতেই শৰীৰ ভীষণভাৱে ঘামি উঠে আৰু তাৰ পাছত শৰীৰৰ উত্তাপ কমি যায়, জ্বৰ এৰে। পিছদিনাখন আকৌ ঠিক সেই একে সময়তে জ্বৰ উঠে। কেতিয়াবা এদিন এৰি পিছৰ দিনাও জ্বৰ উঠিব পাৰে।

চিকিৎসা

তেজ পৰীক্ষা কৰি মেলেৰিয়াৰ বীজাণু থাকিলে কুইনাইনেৰে এল’পেথিক চিকিৎসা কৰা হয়। সেই সুবিধা সহজতে নহ’লে বাহকৰ পাতৰ ৰস, তুলসী পাতৰ ৰস, চিৰতাৰ ৰস, চম্পাফুলৰ ৰস, কটকী-তিতাৰ ৰসত ক্ষেত পাপড়াৰ (এবিধ ঔষধি গছ) পাতৰ ৰস, সকলোৰে ২৫ মিলিলিটাৰ (৫ চামুচ) কৈ ১ লিটাৰ পানীত লৈ উতলাই পানী ১০০ মিলিলিটাৰ হ’লে চেঁচা কৰি তাৰে প্ৰতিদিনে পুৱা আৰু গধূলি আধা কাপ লৈ ১ চামুচ মৌ মিহলাই ১৫ দিন খালে মেলেৰিয়া জ্বৰ এৰিব।

সদায় পুৱা ৫ মিলিলিটাৰকৈ (১ চামুচ) তুলসীৰ ৰস খাই থাকিলে মেলেৰিয়া নিৰাময় হ’ব আৰু পুনৰ নহয়।

পিঁয়াজ ১ টা ৮-১০ টা জালুকৰ সৈতে খালে মেলেৰিয়া জ্বৰ এৰে।

চিৰতাৰ পাতৰ ৰস ৫০ গ্ৰাম কৈ পুৱা খালীপেটত এমাহ খালে মেলেৰিয়া সম্পূৰ্ণ আৰোগ্য হয়।

চতিয়না গছৰ বাকলিৰ ৰস বা গুড়ি ২৫ গ্ৰামকৈ দিনে ৩ বাৰকৈ খালে মেলেৰিয়া জ্বৰ এৰে।

মেলেৰিয়া জ্বৰত, ভজা লোণৰ ব্যৱহাৰঃ মেলেৰিয়া জ্বৰত ভজা নিমখে বৰ ভাল কাম কৰে। সাধাৰণ খোৱাত ব্যৱহাৰ কৰা নিমখ কেৰাহি বা তাৱাত, বাদামী ৰং হোৱাকৈ ভাজক। তাৰ পাছত চেঁচা হ’লে এটা বটলত ভৰাই থওক। এই ভজা নিমখ কেৱল মেলেৰিয়াই নহয়, পাল জ্বৰ, নিউমোনিয়া আদি জ্বৰত অত্যন্ত শুভ ফল দিয়ে। জ্বৰ উঠাৰ আগে আগে এক টেবিল চামুচ বা ৬ গ্ৰাম (বেছি হ’লে ক্ষতি নাই কিন্তু কম হ’ব নালাগে) এক গিলাচ চেঁচা পানীৰে মিহলাই খাবলৈ দিব লাগে। ২-৩ বাৰ খালেই জ্বৰ নামি যাব। জ্বৰ আৰু নাহে। যদিও বা উঠে সেইভাবেই ভজা নিমখ খুৱাওক। তৃতীয় বাৰলৈ জ্বৰ আৰু নাহে। উচ্চ ৰক্তচাপৰ ৰোগী আৰু বুঢ়া মানুহক এয়া খাব দিব নালাগে। পানীৰ পিয়াহ লাগিলে গৰম কৰি চেঁচা কৰা পানী খাবলৈ দিব পাৰি। পেটত যদি গেছ হয়- কেঁচা হালধি এক গ্ৰাম এক গ্ৰাম লোণত মিহলাই খাবলৈ দিয়ক। পেটৰ গেছ বাহিৰ হৈ যাব পেটৰ অশান্তি দূৰ হ’ব।

ভজা নিমখ ল’ৰা-ছোৱালীক আধা চামুচ আৰু ডাঙৰক এক চামুচ এগিলাচ পানীত উতলাই নিমখ গলি গ’লে জুইৰ পৰা নমাই আনি অলপ চলপ গৰম থাকোতেই খাবলৈ দিয়ক। ৰোগীৰ গাত জ্বৰ নাথাকিলে খাবলৈ দিয়ক। জ্বৰ আৰু নাহে। ৰোগীয়ে যাতে ঠাণ্ডা নাপায় তালৈ লক্ষ্য ৰাখিব লাগে।

পথ্যাদি

ৰোগীৰ গাত জ্বৰ থাকিলে ভাত, দাইল আদি কঠিন খাদ্য খাব দিব নালাগে। আটা বা ময়দাৰ খাদ্যও খোৱা উচিত নহয়। বিস্কুট-পাওৰুটিও দিব নালাগে। পানী বেছিকৈ খাব দিব পাৰি। কিন্তু বিশুদ্ধ পানী, গৰম কৰি চেঁচা হোৱা পানী অলপ অলপ কৈ ঘন ঘন কৈ খুৱাই থাকিব লাগে। আগদিনা ৰাতি ৮-১০ টা পদিনাৰ পাত, মনাক্কা (কিচমিচ) ৮-১০ টা মানৰ সৈতে পানীত ভিজাই থ’ব লাগে আৰু সেই পানী ছেকি লৈ খালে উপকাৰ হয়। পেটৰ বিকাৰ, বদহজম, আভোক আদি অসুখতো উপকাৰ কৰে। জ্বৰ অলপ কমিলে তৰল খাদ্য আৰু ফল, ফলৰ ৰস দিব পাৰি। গৰম আটা সামান্য পৰিমাণৰ ঘিউত ভাজি তাত পানী দি ভালকৈ লৰাই থাকিব লাগে। লৰাওঁতে লৰাওঁতে যেতিয়া ভাতৰ মাড়ৰ দৰে হয় জুইৰ পৰা নমোৱাৰ আগতেই সামান্য গাখীৰ, চেনি বা কেৱল চেনি বা কেৱল নিমখ দি লৰাই নমাই থ’ব লাগে। জ্বৰত এই বাৰ্লি খুব উপকাৰী। জ্বৰ একেবাৰে এৰিলে ভালকৈ সিজোৱা ভাত বা শুকান ৰুটি গৰম পানীত তিয়াই কোমল কৰি দিব পাৰি। ভালকৈ সিজোৱা সহজতে হজম হোৱা, তৰকাৰিও খাব পাৰে। কিন্তু আহাৰ পেট ভৰাই খাব নালাগে। ভোক নাথাকিলে কেই চকলমান আদা, নিমখ লগাই খোৱাৰ আগত খাব পাৰে অথবা ৪-৫ টা মনাক্কা (আঙুৰ বা কিচমিচ) অলপ বিট নিমখ মিহলাই খালেও ভোক বাঢ়ে। মেলেৰিয়া জ্বৰত মৌ বৰ উপকাৰী আৰু সহজেই হজম হয়। বাৰ্লিৰ লগত মৌ দি খালে বিষাক্ত পদাৰ্থ শৰীৰৰ পৰা ওলাই যায়।

টাইফয়েদ জ্বৰ

ছালমোনেলা টাইফি নামৰ বীজাণুৰ দ্বাৰা এই ৰোগ হয়। বীজাণুই আক্ৰমণ কৰাৰ ১০-১৪ দিনৰ ভিতৰত জ্বৰ আৰম্ভ হয়। ৰোগীৰ শৌচ আৰু প্ৰস্ৰাৱৰ লগত ইয়াৰ বীজাণু ওলাই যায় আৰু খোৱাবস্তু আদি এইবোৰৰ দ্বাৰা দূষিত হ’লে আন মানুহৰো এই জ্বৰ হয়। ই সংক্ৰামক ৰোগ।

ৰোগৰ লক্ষণ

শৌচ পাতল অথবা কচা হয়। চকু মুখ ৰঙা হয়। দিনে-ৰাতিয়ে সমানে জ্বৰ উঠে। জ্বৰ নেৰে। ১০৪ ডিগ্ৰী-১০৫ ডিগ্ৰী ফাৰেনহাইট পৰ্যন্ত উঠে। ৰোগী দুৰ্বল হয়, ভুল বকে, বেহুচো হ’ব পাৰে।

চিকিৎসা

এলপেথিক ভাল ঔষধ আছে। জ্বৰ বন্ধ হয়। ইয়াৰ প্ৰতিষেধক ব্যৱস্থাও আছে । সোনকালে সেইবোৰৰ সহায় ল’ব লাগে।

ঘৰুৱা চিকিৎসা

৫০ গ্ৰাম সুমথিৰা টেঙাৰ ৰসত সম পৰিমাণৰ গাখীৰ মিহলাই খুৱালে সান্নিপাতিক জ্বৰত উপকাৰ হয়।

৫ টা লং ১ লিটাৰ পানীত উতলাই, পানী শুহি আধা হ’লে তাক সমানে দুভাগ কৰি দিনত দুবাৰ খাব লাগে। টাইফয়েড বা সান্নিপাতিক জ্বৰ ভাল হয়।

জ্বৰ ১০৩ ডিগ্ৰী হলে মূৰত পানী ঢালিব। মূৰ সঘনে ভিজাই থাকিব। কপালত জলপটি দিব। ছালকুঁৱৰী পাত ৩-৪ টা মান থেতেলাই খুন্দি মিহি কৰি মূৰত প্ৰলেপ দিলে জ্বৰৰ উত্তাপ কম হয়।

পথ্যাপথ্য

জ্বৰ এৰাৰ ২৪ ঘণ্টাৰ পাছত ভালকৈ সিজোৱা পুৰণি চাউলৰ পনীয়া ভাত, পুৰাকল, জিকা আদি সহজে হজম হোৱা তৰকাৰী দিব পাৰি। টেঙাজাতীয় কোনো বস্তু খাব নালাগে। আটাৰ ৰুটি, গাখীৰ, মিঠা ফল খাব পাৰে।

সূতিকা জ্বৰ

অতি মাৰাত্মক ৰোগ। শিশুৰ জন্মৰ এসপ্তাহৰ ভিতৰত প্ৰসৱিনী মাতৃৰ এই ৰোগ হয়। কঁপি কঁপি জ্বৰ উঠে। জ্বৰ ১০৬ ডিগ্ৰী ফাৰেনহাইটলৈ উঠিব পাৰে। ভৰি উখহিবও পাৰে। মূৰৰ বিষ হয়, বমি ভাব থাকে, শেষত উশাহ খৰতকীয়া হয়। ততাতৈয়াকৈ ভাল চিকিৎসা নহ’লে ৰোগীক বচোৱা টান হ’ব পাৰে। ৰোগীক হাস্পতাললৈ নি প্ৰকৃত চিকিৎসা হোৱাৰ ব্যৱস্থা কৰিব লাগে।

পথ্যাপথ্য

ভাল হৈ ঘৰলৈ আহিলেও ৰোগীক সহজতে হজম নোহোৱা খাদ্য, ভজা মছলা দিয়া খাদ্য, মাংস, উৰহী, বৰাচাউল, কঁঠাল, আনাৰস, বিড়ি, ধঁপাত, মদ খাব দিব নালাগে। নেমু টেঙাৰ চৰ্বত, মগুমাহৰ দাইল, ভাত আদি লঘুপাকী খাদ্য দিব পাৰি।

ইনফ্লুয়েঞ্জা, পানী লগা জ্বৰ

বৰকৈ পানীত ভিজা বা ৰদত বৰকৈ ঘূৰা-ফিৰা কৰা, ঋতুৰ পৰিৱৰ্তন হলে, গাত বেছিকৈ ঠাণ্ডা বতাহ লগা আদি কাৰণত এই অসুখ হয়। ভয়ৰ কাৰণ নাই কিন্তু অশান্তি আৰু কষ্টদায়ক।

ৰোগৰ লক্ষণ

চকুৰে-নাকেৰে পানী ওলাবলৈ ধৰে। মূৰ বৰকৈ বিষায়, গা বিষায়, বুকুত ব্যথা হয়, কাহ থাকিব পাৰে, অলপ জ্বৰ জ্বৰ ভাবো থাকিব পাৰে।

চিকিৎসা

এলপেথিক ভাল ঔষধ আছে যিবোৰ খালেই সোনকালেই আৰোগ্য হয়। সম্পূৰ্ণ ভাল হওঁতে ৫-৭ দিন লাগে।

পথ্যাপথ্য

আদা, পিঁয়াজ, নহৰু উপকাৰী খাদ্য। ভাতৰ পৰিৱৰ্তে অসুখৰ সময়ত আটাৰ ৰুটি খাব পাৰি।

সাধাৰণ জ্বৰৰ চিকিৎসা

জ্বৰ যিকোনো কাৰণতেই হওক, গৰমৰ দিনত জ্বৰ হ’লে ১১ টা তুলসীৰ পাত আৰু ৭ টা জালুক দুয়োটাকে একেলগে বটি ৬০ গ্ৰাম পানীত ভালকৈ গুলি পুৱা আৰু গধূলি খুৱালে উপকাৰ হয়।

শীতৰ দিনত বা বৰষুণীয়া বতৰত (গৰমৰ দিনতো) ঠাণ্ডা লাগি জ্বৰ হ’লে একে পৰিমাণৰে তুলসীৰ পাত আৰু জালুক খুন্দি ১২৫ মিলিলিটাৰ পানীত উতলাই পানী শুহি আধা হ’লে সেই পানী ৰোগীক পুৱা এবাৰ আৰু গধূলি খাব দিব পাৰি। সৰু লৰা-ছোৱালী, ১২ বছৰৰ তলৰ হ’লে, তুলসীৰ পাত তিনিটা, জালুক ২ টা আৰু পানী ১০ মিলিলিটাৰত গুলি খুৱালেই হয়, পানীত সিজাব নালাগে। যদি মিঠা লাগিলে ভাল হয় বুলি ভাবে ১০ গ্ৰাম মিছিৰি মিহলাব পাৰে। প্ৰতিদিনে দুবাৰকৈ ৩-৭ দিন খুৱালে জ্বৰ এৰিব।

জ্বৰ বেছি থাকিলে, কাগজি নেমুৰ পাত দুই-তিনিটা হাতত লৈ ভালকৈ মোহাৰি পাতল কাপোৰত বান্ধি ৰোগীক শুঙিবলৈ দিয়ক, দিনত অন্ততঃ দুবাৰ। জ্বৰৰ প্ৰকোপ কমিব।

পথ্যাপথ্য

জ্বৰ হ’লে ৰোগীক চাগু, বাৰ্লি, গাখীৰ, মৌচম্বীৰ ৰস দিব পাৰি। জ্বৰ থাকিলে গোটা খাদ্য খাবলৈ নিদিব। পনীয়া সহজ পাচ্য বস্তু, দাইলৰ পানী আদি দিব পাৰে। জ্বৰ এৰিলে ২৪ ঘণ্টাৰ পাছত সকলো সহজে হজম কৰিব পৰা খাদ্য দিব পাৰি। শৌচ খোলোচা হৈ থকা খাদ্যহে দিব।

তথ্য সংগ্ৰহ: ব্ৰজনাথ শৰ্মা।

2.89552238806
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top