মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / অতিভোজনৰ ফলত হ’ব পৰা বিপদ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

অতিভোজনৰ ফলত হ’ব পৰা বিপদ

অতিভোজনৰ ফলত হ’ব পৰা বিপদৰ বিষয়ে আলোচনা কৰা হৈছে।

ছাৰ উইলিয়াম আছিলাৰে এষাৰ বৰ তাৎপর্যপূর্ণ কথা কৈছিল— ‘বন্দুক, বোমা, তৰোৱালৰ আঘাতত যিমান মানুহৰ মৃত্যু হয়, তাতকৈ অধিক মানুহৰ মৃত্যু হয় অতিভোজন আৰু সুৰাপানৰ ফলত’। সুদূৰ অতীতৰে পৰা সুৰাপানজনিত কাৰণত বিশ্বৰ বিভিন্ন প্ৰান্তত অসংখ্য মানুহৰ অকাল মৃত্যু হৈ আহিছে। সুৰাপান কৰি নিচাগ্রস্ত হৈ দুৰ্ঘটনা সংঘটিত কৰাৰ ফলতো বহু লোকৰ মৃত্যু হয়। সেইদৰে অতিভোন কৰা বা শৰীৰৰ বাবে প্রয়োজনতকৈ অধিক আহাৰ গ্রহণ কৰাৰ ফলত বহু লোক বিবিধ ৰোগত আক্রান্ত হয় তথা অকালতে মৃত্যুমুখত পৰে| সেয়েহে কোৱা হয়— অতি ভোজন ‘বিষৱৎ পৰিত্যাজ্য”— শৰীৰৰ বাবে প্ৰয়োজনীয় খাদ্যতকৈ এচামুচ অধিক খাদ্যকো বিহ হিচাপে গণ্য কৰা উচিত।

অতিভোজনৰ ফলত শৰীৰৰ সহজে চৰ্বি জমা হ’ব পাৰে। এনেদৰে শৰীৰত চৰ্বি জমা হোৱা বা মেদবহুল হৈ পৰাটো স্বাস্থ্যৰ বাবে যথেষ্ট ক্ষতিকাৰক। শৰীৰ মেদবহুল হৈ পৰিলে হৃদৰোগ, মধুমেহ, উচ্চ ৰক্তচাপ প্রভৃতি জীৱনশৈলী হোৱাৰ আশংকাও যথেষ্ট বৃদ্ধি পায়। চিকিৎসা বিজ্ঞানীসকলৰ মতে, অতিভোজন কৰাসকলে আহাৰ গ্ৰহণৰ পৰিমাণ ৩০-৪০ শতাংশ কমাই দিলে, সমানুপাতিকভাৱে তেওঁলোকৰ আয়ুস বৃদ্ধি পোৱাৰ সম্ভাৱনা বৃদ্ধি পায়।

শৰীৰৰ বিপাকীয় ক্রিয়া ফলত শৰীৰৰ অভ্যন্তৰত মুক্তমূলক নামৰ কেতবোৰ ক্ষতিকাৰক উপাদানৰ সৃষ্টি হয়। এই মুক্তমূলকে দেহকোষবোৰৰ ক্ষতিসাধন কৰি মানুহক বাৰ্ধক্যৰ দিশলৈ আগবঢ়াই নিয়ে। প্রতিজাৰক (Antioxident) ৰ সহায়ত আমাৰ শৰীৰে মুক্তমূলকৰ দ্বাৰা হোৱা ক্ষতি বহু পৰিমাণে প্রতিৰোধ তথা মেৰামতি কৰে। মুক্তমূলকে অধিক পৰিমাণে সৃষ্টি হয়। ইয়াৰ ফলত কোষসমূহৰ ক্ষতিক বাধা দিয়াটো কঠিন হৈ পৰে।

ড° ৰয় এল ৰালফর্ডে তেওঁৰ ‘বিয়ণ্ড দি ১২০ ইয়েৰ ডায়েট: হাউ টু ডাবল ইয়োৰ ভাইটেল ইয়েৰ্ছ" নামৰ গ্ৰন্থখনত উল্লেখ কৰিছে যে পৰিমিত তথা সুষম আহাৰ গ্ৰহণ কৰাটো সুস্বাস্থ্য তথা দীর্ঘজীৱন লাভৰ এক সৰল উপায়। বিশেষকৈ খাদ্যৰ জৰিয়তে শৰীৰে লাভ কৰা কেলৰিৰ মাত্রা সীমিত কৰি ৰাখিব পাৰিলে, আনকি বৃদ্ধ বয়সতো স্বাস্থ্যৰ উন্নতি আৰু আয়ুস বৃদ্ধি কৰাটো সম্ভৱ। অৱশ্যে কেলৰি নিয়ন্ত্রণ তথা খাদ্য গ্ৰহণৰ পৰিমাণ হ্রাস কৰাৰ ফলত যাতে পুষ্টিহীনতাত ভূগিবলগীয়া নহয়, তাৰ প্ৰতিও লক্ষ্য ৰাখিব লাগে।

সুস্বাস্থ্যু তথা ঋজু-নিৰ্মেদ দেহৰ অধিকাৰী হ’বলৈ হ’লে আহাৰ নিয়ন্ত্রণ বা ডায়েটিং কৰাৰ প্রয়োজনীয়তা নিশ্চয় আছে, কিন্তু আন যিকোনো ক্ষেত্ৰৰ দৰে এইক্ষেত্ৰতো মাত্ৰাধিক্য ভাল নহয়। অনেকে ভোকাতুৰ অৱস্থাতে নোখোৱাকৈ থাকি ক্ষীণাবলৈ যত্ন কৰে। এই ধৰণে আহাৰ নিয়ন্ত্রণ কৰাক “ক্ৰাশ্ব ডায়েটিং” বোলা হয়। কিন্তু এনে ধৰণৰ ডায়েটিং গ্রহণযোগ্য নহয়। আহাৰ গ্ৰহণৰ ক্ষেত্ৰত ভাৰসাম্য বৰ্তাই ৰখাতহে আমি গুৰুত্ব দিয়া উচিত।

ক্ষীণ, শকত প্রভৃতি বিষয় আমাৰ মস্তিষ্কই বুজি নাপায়। শৰীৰক খাদ্যৰ প্রয়োজন হ’লেই মস্তিষ্কই ভোক লগাৰ সংকেত দিয়ে। এনে অৱস্থাত আমাৰ শৰীৰে খাদ্য লাভ নকৰিলে, আমি মৃত্যুৰ দিশলৈ আগবঢ়া বুলি বিবেচনা কৰি, মস্তিষ্কই প্রতিৰোধ ব্যৱস্থা গঢ়ি তোলে। অর্থাৎ ভোকাতুৰ পেটত যি সামান্য খাদ্য পৰে, সেয়াই চৰ্বিৰ ৰূপত শৰীৰত জমা কৰাৰ দিহা কৰে, যাতে সেই চৰ্বিৰ সহায়ত জীৱন ৰক্ষা কৰিব পাৰে। এনেদৰেই তেনেই কম খাদ্য খাই, ভোক সহ্য কৰি থকাৰ ফলত ক্ষীণোৱাৰ পৰিৱৰ্তে দেহৰ ওজন বৃদ্ধি পোৱাৰহে আশংকা থাকে। আকৌ আন এটা কাৰণতে কম খাদ্য খায়ো শকত হ’ব পাৰে- যদি খোৱা খাদ্যত কার্বোহাইড্ৰেট আৰু চৰ্বিৰ মাত্রা বেছি থাকে। যদি অতিমাত্রা কেলৰিযুক্ত খাদ্য খোৱা যায়, তেতিয়া কম পৰিমাণত খাদ্য খায়ো শকত হৈ পৰিব পাৰে।

বেছি খাদ্য খায়ো কোনো মানুহ শকত নহয়। বংশগত কাৰণত কিছুমান মানুহৰ বিপাকীয় হাৰ (Metabolic rate) আন অধিকাংশ মানুহৰ তুলনাত বেছি হয়। সেয়েহে এনে মানুহৰ বেছিকৈ ভোক লাগে আৰু বেছিকৈ খায়। কিন্তু বিপাকীয় হাৰ বেছি হোৱা বাবে বেছিকৈ খোৱা সত্ত্বেও তেওঁলোক স্থূল হৈ নপৰে। আনহাতে, কঠোৰ শাৰীৰিক শ্রম বা ব্যায়াম কৰা লোকসকলৰো বিপাকীয় হাৰ বেছি হয় বাবে ভোক বেছিকৈ লাগে আৰু বেছিকৈ খায় যদিও শকত হৈ নপৰে।

কাৰোবাৰ যদি আচম্বিতে ভোক বৃদ্ধি পায় আৰু তাৰ পৰিপ্ৰেক্ষিতত বেছিকৈ খাবলৈ লয় কিন্তু এনে পৰিস্থিতিত শকত হোৱাৰ পৰিৱৰ্তে তেওঁ ক্ষীণাবলৈহে ধৰে, তেন্তে শীঘ্ৰে চিকিৎসকৰ ওচৰ চপা উচিত; কাৰণ এয়া মধুমেহ বা ডায়েবেটিছত আক্ৰান্ত হোৱাৰ লক্ষণ হ’ব পাৰে।

মধুমেহ ৰোগীৰ শৰীৰৰ তেজত শৰ্কৰা বহু বেছি পৰিমাণে থাকে। যদিও শৰীৰৰ কোষবোৰে সেই শৰ্কৰা ব্যৱহাৰ কৰিব নোৱাৰে। ইয়াৰ ফলত শৰীৰৰ কোষবোৰে প্ৰয়োজনীয় পুষ্টি লাভৰ পৰা বঞ্চিত হয়। শৰীৰৰ কোষবোৰে প্রয়োজনীয় পুষ্টি লাভ নকৰাৰ বাবে বা অভুক্ত হৈ থকা বাবে মস্তিষ্কই শৰীৰক খাদ্যৰ প্ৰয়োজন হোৱা বুলি অনুভৱ কৰি ভোক লগাৰ সংকেত দিয়ে; যাৰ ফলত মধুমেহ ৰোগীয়ে অত্যাধিক খাদ্য খাবলগীয়া হয়।

কেৱল আহাৰ নিয়ন্ত্ৰণ বা ডায়েটিং কৰিয়েই ঋজু-নির্মেদ দেহৰ অধিকাৰী হ’ব নোৱাৰি। ইয়াৰ লগতে প্ৰয়োজন হয় শাৰিৰীক শ্ৰম বা ব্যায়ামৰ। শাৰীৰিক শ্রম বা ব্যায়াম কৰাৰ ফলত শৰীৰত সহজে বি.এম.আৰ. তৈয়াৰ হয় আৰু ইয়াৰ ফলত খাদ্যৰ জৰিয়তে শৰীৰে লাভ কৰা কে’লৰিৰ দহন ভালদৰে হয়।

নিৰ্মেদ শৰীৰৰ অধিকাৰী হ’বলৈ হ’লে অৱশ্যে পালনীয়

  • এবাৰতে বহু বেছি পৰিমাণে খাদ্য খোৱাৰ পৰিৱৰ্তে অলপ অলপকৈ কম কেলৰিযুক্ত খাদ্য দিনটোত কেইবাবাৰো খাব লাগে।
  • প্রতিদিনৰ খাদ্য তালিকাত প্রোটিন, কাৰ্বোহাইড্ৰেটৰ লগতে প্ৰয়োজনীয় মাত্ৰাত চৰ্বিও থাকিব লাগে।
  • শাক-পাচলি, ফল-মূল তথা আঁহজাতীয় খাদ্য প্রতিদিনে পর্যাপ্ত মাত্ৰাত খোৱাটো প্ৰয়োজনীয়।
  • অতিমাত্রা তেল খোৱাটো বেয়া যদিও তেল সম্পূৰ্ণৰূপে বর্জন কৰাও উচিত নহয়।
  • অধিক মাত্ৰাত নিমখ খোৱাটো স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক, সেয়েহে আমি খোৱা খাদ্যত নিমখ সীমিত মাত্ৰাত থাকিব লাগে।
  • প্রতিদিনে দুই-তিনি লিটাৰকৈ পানী খোৱাটো অত্যন্ত জৰুৰী।
  • কেৱল আহাৰ নিয়ন্ত্রণেই নহয়, নিয়মিত শাৰিৰীক শ্ৰম তথা ব্যায়াম কৰাটোও প্ৰয়োজনীয়। প্ৰতিদিনে কমেও আধা ঘন্টাকৈ ব্যায়াম কৰিব লাগে।

লিখক: অমল ভাগৱতী, স্বাস্থ্য আৰু দীৰ্ঘজীৱন।

2.95833333333
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top