মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / অনিষ্টজনক মুখাভ্যাস
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

অনিষ্টজনক মুখাভ্যাস

অনিষ্টজনক মুখাভ্যাস

অভ্যাস বুলি ক’লে বাৰে বাৰে দোহাৰি থকা আচৰণ বা ব্যৱহাৰক বুজায়। নতুবা আচহুৱা পৰিৱেশৰ সন্মুখীন হ’লে বহুক্ষেত্ৰত এই আচৰণবিলাক প্ৰকাশিত হয়। বিৰক্ত হৈ থকা শিশু এটাই আকৌ নিজে নিজে আমোদ-বিনোদনৰ পথ হিচাবে কিছুমান অভ্যাস বিচাৰি উলিয়ায়।

অভ্যাসবিলাকে সাধাৰণতে কোনো ধৰণৰ অপকাৰ নকৰে, সেয়ে এইবিলাক লৈ বিশেষ চিন্তা কৰিবলগীয়া নাথাকে। কিন্তু যেতিয়া কোনো অভ্যাসে শিশু এটাৰ সামাজিক সম্পৰ্কত ঋণাত্মক পৰিৱৰ্তন আনে নাইবা দৈনন্দিন কাৰ্যক্ৰমনিকাত ব্যাঘাতৰ সৃষ্টি কৰে, তেতিয়া সেই অভ্যাসটো এৰুৱাবৰ অন্তঃকৰণেৰে যত্ন কৰিব লাগে।

মুখৰ সাধাৰণ বৃদ্ধি আৰু বিকাশত যিবিলাক অভ্যাসে হেঙাৰ হিচাবে দেখা দিয়ে, সেই অভ্যাসবিলাকক অনিষ্টজনক মুখাভ্যাস বুলি অভিহিত কৰা হয়। সাধাৰণতে দেখা পোৱা অনিষ্টজনক মুখাভ্যাস বিলাক হৈছে-

আঙুলি চোহা অভ্যাস।

জিভাখন সমুখলৈ ঠেলি থকা অভ্যাস।

ওঠ কামোৰা বা চোহা অভ্যাস।

মুখেৰে উশাহ লোৱা অভ্যাস।

দাঁত কৰচি থকা অভ্যাস।

আঙুলি চোহা অভ্যাস

আঙুলি চোহা কাৰ্যত শিশু এটাই সাধাৰণতে বুঢ়া আঙুলিটোৱেই ব্যৱহাৰ কৰে, সেয়ে ইয়াত আঙুলি মানে বুঢ়া আঙুলিটোকেই বুজোৱা গৈছে। আঙুলি চোহাটো এটা শিশুৰ কাৰণে সম্পূৰ্ণৰূপে বিধান বিষয়ক কথা আৰু এই অভ্যাসে এটা শিশুৰ মনত নিৰ্ভয়তা প্ৰদান কৰে বুলি বিশ্বাস কৰা হয়। প্ৰকৃততে জন্মৰ আগত মাকৰ গৰ্ভত থকা অৱস্থাৰে পৰা গৰ্ভজাত শিশু এটাই আঙুলি চোহা আৰম্ভ কৰে। অৱশ্যে দুইৰ পৰা চাৰি বছৰ বয়সৰ ভিতৰত বেছিভাগ শিশুৱেই এই অভ্যাস এৰি দিয়ে। এই সময়ছোৱাত আঙুলি চোহা অভ্যাসৰ কাৰণে দাঁত আৰু হনুৰ ওপৰত কোনো ধৰণৰ অনিষ্টজনক ফল পৰিলক্ষিত নহয়।

আঙুলি চোহা অভ্যাসটো যদি স্থায়ী দাঁত ওলোৱা (৬ বছৰ বয়স)-ৰ পাছতো এটা শিশুৱে কৰি থাকে, তেন্তে আঙুলিৰ দ্বাৰা প্ৰয়োগিত হেঁচাৰ কাৰণে দাঁত আৰু হনু বিশেষকৈ উৰ্দ্ধহনুৰ তালু ভাগত বিশেষ পৰিৱৰ্তন পৰিলক্ষিত হয়। দাঁত আৰু তালুত হোৱা পৰিৱৰ্তনৰ পৰিমাণ নিৰ্ভৰ কৰে আঙুলি চোহাৰ সঘনতা, প্ৰচণ্ডতা, অৱস্থিতি আৰু মুখৰ ভিতৰত আঙুলিৰ অৱস্থানৰ ওপৰত। ওপৰ আৰু তলৰ দাঁতৰ সম্বন্ধৰ ওপৰতো আঙুলি চোহা অভ্যাসে প্ৰভাৱ পেলায়। এই অভ্যাসৰ কাৰণে উৰ্দ্ধ হনু সাধাৰণ অৱস্থাতকৈ ঠেক হয়। ফলস্বৰূপে দাঁতবিলাক ওপৰাওপৰিকৈ গজা, পিছৰ দাঁতৰ প্ৰচবাইট, ডাঙৰ অভাৰজেট, অ’পেনবাইট, ছেদক দাঁত সমুখলৈ ওলোৱা আদিৰ নিচিনা অবিধি অৱস্থানৰ কাৰণে কেতিয়াবা কথা কোৱা প্ৰক্ৰিয়াটো বিকাৰ ঘটে। তাৰোপৰি, এই অভ্যাসে জিভাৰে দাঁত ঠেলি থকাৰ নিচিনা অন্য অনিষ্টজনক অভ্যাসৰো জন্ম দিব পাৰে।

আঙুলি চোহা অভ্যাস দূৰ কৰিবৰ কাৰণে শিশু এটাক নিচুকাবৰ কাৰণে সান্তনাকাৰী ব্যৱহাৰ কৰিবলৈ দিব পাৰি। কাৰণ, পেচিফায়াৰৰ ব্যৱহাৰ যিকোনো সময়ত বন্ধ কৰিব পাৰি। এইখিনিতে মনত ৰখা উচিত যে দীৰ্ঘদিনীয়াকৈ পেচিফায়াৰ ব্যৱহাৰ কৰিলে আঙুলি চোহাৰ পৰা সৃষ্টি হোৱাৰ সৈতে একেধৰণৰ সমস্যাৰাজি সৃষ্টি হ’ব পাৰে।

বহু ক্ষেত্ৰত দেখা যায় যে বেয়া অভ্যাস এটা এৰিবৰ বাবে শিশু এটাই নিজৰ ফালৰ পৰা অলপো যত্ন নকৰে, তেনেক্ষেত্ৰত পিতৃ-মাতৃয়ে জবৰদস্তি নকৰি মৰম সাদৰেৰে শিশুটোক বুজাব লাগে। শিশুৰ মানসিক অৱস্থাৰ বিশ্লেষণ কৰি জানিব পৰা গৈছে যে জবৰদস্তি কৰিলে শিশু এটাই বেছিকৈহে কথা শুনিব নিবিচাৰে আৰু সহযোগিতা নেদেখুৱায়। কেতিয়াবা কেতিয়াবা স্মৰণকাৰক হিচাপে আঙুলিৰক্ষক ব্যৱহাৰ কৰিও ভাল ফল পোৱা দেখা যায়। আমাৰ গাঁৱে-ভূঞে আঙুলিত তিতা জাতীয় বস্তুৰ প্ৰলেপ স্মৰণকাৰক হিচাপে ব্যৱহাৰ কৰা দেখা যায়। শিশুটোৱে অভ্যাসটো সম্পূৰ্ণৰূপে এৰাৰ পাছত বা এৰাৰ যত্ন কৰি থাকোতে শিশুটোক কেতিয়াবা পুৰষ্কাৰ দি প্ৰশংসা কৰাটোও খুব দৰকাৰ।

ঘৰত আগবঢ়োৱা ব্যৱস্থাৰ দ্বাৰা ভাল ফল নাপালে ব্যৱসায়ীক ৰূপত স্মৰণকাৰক বাৰ ওপৰৰ পাৰি দাঁতত পিন্ধিবলৈ দিয়া হয়।

জিভাৰে দাঁত ঠেলি থকা অভ্যাস

বহু সময়ত সেপ গিলোতে জিভাখনে সমুখৰ দাঁত ঠেলি দিয়া নাইবা জিভাখন দাঁতৰ মাজতে সোমাই পৰা পৰিলক্ষিত হয়। জন্মৰ পাছত শিশু এটাই সাধাৰণতে এনে কৰা দেখা যায়। ইয়াক শৈশৱকালীন সেপ গিলা আৰ্হি বুলি কোৱা হয়। অৱশ্যে জিভাখনে সমুখৰ দাঁতৰ পৰিৱৰ্তে পিছফালৰ দাঁতত কাষেদি হেঁচা প্ৰয়োগ কৰাও বহু সময়ত পৰিলক্ষিত হয়। বয়স বৃদ্ধিৰ লগে লগে সেপ গিলা পদ্ধতিৰ পৰিৱৰ্তন ঘটে। সাধাৰণতে শিশু এটাই চাৰি বছৰৰ পাছত পৈণত সেপ গিলা আৰ্হিটো আহৰণ কৰে। এই পদ্ধতিত সেপ গিলোতে জিভাখন দাঁতৰ পৰিৱৰ্তে তালুত হেঁচা মাৰি ধৰি খাদ্যবস্তু খাদ্যনলীলৈ ঠেলি দিয়ে।

জিভাখন আমাৰ শৰীৰৰ সকলোতকৈ শক্তিশালী মাংসপেশী। আমি এদিনত ১২০০ ৰ পৰা ২০০০ বাৰ সেপ গিলো আৰু প্ৰতিবাৰ সেপ গিলোতে জিভাখনে প্ৰায় ০.১৮ কিঃগ্ৰাঃ পৰিমাণৰ হেঁচা প্ৰয়োগ কৰে। বয়সৰ লগে লগে যদিহে শৈশৱকালীন সেপ গিলা আৰ্হিটোৰ পৰিৱৰ্তন নঘটে, তেন্তে জিভাই প্ৰয়োগ কৰা হেঁচাৰ কাৰণে ছেদক দাঁতকেইটা সমুখৰ ফালে বাহিৰলে ওলায় আৰু ই অ’পেন বাইটৰ সৃষ্টি কৰে।

জিভাৰে দাঁত ঠেলা অভ্যাসটোৰ গঠনৰ কাৰণ সঠিকভাৱে জনা নাযায়। কিন্তু কৃত্ৰিমভাৱে বটলৰ পৰা গাখীৰ আহৰণ, আঙুলি চুহি থকা অভ্যাস, মুখেৰে উশাহ লোৱা অভ্যাস, অসাধাৰণভাৱে ডাঙৰ জিভা আদিয়ে এই অভ্যাসটো গঠনত অৰিহণা যোগায় বুলি জানিব পৰা গৈছে। যদিও ইংৰাজী এছ আৰু জেদ আখৰৰ উচ্চাৰণত জিভাৰে দাঁত ঠেলি থকা অভ্যাসে প্ৰভাৱ পেলায়, এই অভ্যাসৰ কাৰণে কথা কোৱা বা খাদ্য খোৱাত কোনোধৰণৰ অসুবিধা পোৱা দেখা নাযায়। অৱশ্যে এই অভ্যাসে শিশু এটাৰ লোকদৃষ্টিত প্ৰভাৱ পেলায়।

সাধাৰণতে জিভাৰে দাঁত ঠেলি থকা অভ্যাসটো আঁতৰাবলৈ বিশেষ কষ্টকৰ নহয়। কেতিয়াবা এই অভ্যাসৰ লগত মাংসপেশী তথা স্নায়ুতন্ত্ৰ সন্মিলিত হৈ পৰে। তেতিয়া অৱশ্যে এই অভ্যাসটো দূৰ কৰিবলৈ কিছু অসুবিধাৰ সন্মুখীন হোৱা দেখা যায়। এই অভ্যাস দূৰ কৰাৰ ক্ষেত্ৰত শিশুটোৰ লগতে পিতৃ-মাতৃৰ সহায়-সহযোগিতাৰ প্ৰভাৱ অভূতপূৰ্ব। বয়সৰ লগে লগে শৈশৱকালীন সেপ গিলা আৰ্হিটো যদি পৈণত ধৰণটোলৈ ৰূপান্তৰিত নহয়, তেন্তে অভিজ্ঞ দন্ত চিকিত্সকৰ সহায় লৈ ব্যৱসায়িক ৰূপত অভ্যাসটো দূৰ কৰাৰ মানসেৰে ‘হেবিট ব্ৰেকিং এপপ্লায়েঞ্চ’ পিন্ধিবলৈ দিব লাগে। নহ’লে এই অভ্যাসে নিগাজীকৈ মুখৰ আকৃতিত প্ৰভাৱ পেলায়।

ওঠ কামুৰি বা ওঠ চুহি থকা অভ্যাস

সাধাৰণতে লম্বিক দিশত আমাৰ ওপৰ পাৰি দাঁতে তলৰ পাৰি দাঁতৰ প্ৰায় ১-২ মিঃমিঃ ঢাকি ৰাখে। এই সম্বন্ধটোক অভাৰবাইট বুলি কোৱা হয়। যদি অভাৰবাইটৰ পৰিমাণ বেছি হয়, তেন্তে দন্ত চিকিত্সা বিজ্ঞানত ইয়াক দীপবাইট বুলি কোৱা হয়।

ওঠ কামুৰি বা ওঠ চুহি থকা অভ্যাসটো সাধাৰণতে দীপবাইট থকা শিশুৰ ক্ষেত্ৰত পৰিলক্ষিত হয়। দীপ বাইট থাকিলে সাধাৰণতে তলৰ ওঠটো ওপৰ আৰু তলৰ পাৰিৰ সমুখৰ দাঁতৰ মাজত সোমাই থাকে। ফলস্বৰূপে ওঠৰ পৰা প্ৰয়োগ হোৱা হেঁচাৰ কাৰণে তলৰ দাঁতকেইটা মুখৰ ভিতৰৰ ফালে সোমাই যায় আৰু ওপৰৰ দাঁতকেইটা বাহিৰৰ ফালে ওলাই আহে। লগতে ওঠৰ নৰম অংশৰ বৰণ ৰঙচুৱা হয় আৰু পানীজোলা বান্ধি সেইবোৰ ফাটি ঘাৰ সৃষ্টি হয়। কেতিয়াবা কেতিয়াবা ইমপেটিগো নামৰ ৰোগৰ সঞ্চাৰণ হোৱাও দেখা যায়।

কিছুমান বিশেষ অনুশীলনে ওঠ কামুৰি থকা বা ওঠ চুহি থকা অভ্যাসত ব্যাঘাত জন্মায়। ওপৰৰ ওঠটো উৰ্ধহনুৰ ছেদক দাঁতৰ ওপৰত প্ৰসাৰিত কৰি তলৰ ওঠটো ওপৰৰ ওঠৰ ওপৰত অৱস্থান কৰা অনুশীলনটোৰ প্ৰভাৱ এইক্ষেত্ৰত বিশেষভাৱে উল্লেখযোগ্য। অভ্যাসটোৰ ফলত ওঠৰ নৰম অংশত সৃষ্টি হোৱা ঘাৰ কাৰণে জীপনি গুণ সম্পন্ন এজেণ্ট ব্যৱহাৰ কৰি সুফল পোৱা পৰিলক্ষিত হয়। তাৰোপৰি, মুখেৰে বজোৱা কিছুমান বাদ্যযন্ত্ৰৰ ব্যৱহাৰেও ওঠৰ মাংসপেশীসমূহ শক্তিশালী কৰি তোলে, ফলস্বৰূপে ওপৰৰ ছেদক দাঁতত সঠিক দিশত হেঁচা প্ৰয়োগিত হয়।

মুখেৰে উশাহ লোৱা অভ্যাস

দেহৰ কোষ তথা কলাসমূহ আৰু বাহ্যিক পৰিৱেশৰ মাজত গেছৰ আদান-প্ৰদানকেই আমি শ্বাস-প্ৰশ্বাস বুলি কওঁ। এই প্ৰক্ৰিয়াৰ জৰিয়তে শ্বাসতন্ত্ৰই বায়ুৰ অক্সিজেন শৰীৰৰ তেজলৈ বিয়পাই দিয়ে আৰু তেজৰ পৰা কাৰ্বন-ডাই-অক্সাইড গেছ বাহিৰৰ পৰিৱেশলৈ উলিয়াই দিয়ে। এজোপা গছৰ বৃদ্ধি আৰু ভৰণ-পোষণৰ কাৰণে যিদৰে সূৰ্যৰ পোহৰৰ প্ৰয়োজন, ঠিক সেইধৰণে মানুহৰ কাৰণে উশাহ লোৱাটো আৱশ্যক। যদি গছ এজোপাই সূৰ্যৰ পোহৰ এটা দিশৰ পৰা পায়, তেন্তে গছজোপাৰ গা-গছ, ডাল-পাতবিলাক সেই পোহৰৰ উত্সৰ ফালে গতি কৰে, ফলস্বৰূপে গছজোপা বিকৃত হৈ পৰে। যদি কোনো কাৰণত এটা শিশুৱে নাকেৰে উশাহ ল’ব নোৱাৰে, তেন্তে স্থিতিৰ লগত সংগতি ৰাখি শৰীৰৰ প্ৰয়োজনীয়তা পূৰণ কৰিবৰ উদ্দেশ্যে মুখেৰে উশাহ লোৱা অভ্যাসটো গঠন হয়।

বহুতে ভাৱে যে শ্বাস-প্ৰশ্বাস হৈছে শ্বাস-প্ৰশ্বাস। মুখেৰে লোৱা বা নাকেৰে লোৱা উশাহৰ কোনো পাৰ্থক্য নাই। বহুতে আকৌ ভাৱে যে মুখেৰে ভিতৰলৈ নিয়া বতাহৰ পৰিমাণে নাকেৰে নিয়া বতাহৰ পৰিমাণতকৈ বেছি। প্ৰকৃততে মুখেৰে উশাহ ল’লে কম পৰিমাণৰ অক্সিজেনহে শৰীৰৰ ভিতৰত হাঁওফাঁওলৈ যায়। সেয়ে শৰীৰত কম পৰিমাণেহে শক্তিৰ যোগান হয়। ব্যায়াম আদি কৰোঁতে মুখেৰে উশাহ লোৱা শিশু এটা অতি খুব সোনকালে ভাগৰি পৰে। তাৰোপৰি, মুখেৰে উশাহ লোৱা অভ্যাসৰ পৰিণতিস্বৰূপে মৰ্ধকৰ্ণত ৰোগ সঞ্চাৰণ, চাইনাচাইটিচ, উৰ্ধ শ্বাসনলীৰ ৰোগ সঞ্চাৰণ, নাকেৰে ঘোৰ্ঘোৰাকে আদি কৰি বহু ধৰণৰ অস্বাস্থ্যকৰ পাৰ্শ্বক্ৰিয়াৰ উদ্ভৱ হয়। এইবিলাকৰ উপৰিও, মুখেৰে উশাহ লোৱা কাৰ্যই শিশু এটাৰ মুখ, হনু, জিভা আৰু ডিঙিৰ লগত সন্মিলিত মাংসপেশীসমূহৰ পৰিৱৰ্তন ঘটায়। সেয়ে এই পেশীসমূহৰ দ্বাৰা প্ৰয়োগিত হেঁচাৰ দিশ আৰু পৰিমাণ অস্বাভাৱিক হয় আৰু ই মুখৰ হাড় আৰু হনুৰ বিকৃতি ঘটায়। ফলস্বৰূপে হনু আৰু দাঁতৰ আকাৰৰ সমতুলতা নাইকিয়া হয়। দাঁতবিলাক ওপৰাওপৰিকৈ গজে আৰু স্বাভাৱিক অৱস্থাৰ বিপৰীতে মেক্সেলী আৰ্চ্চৰ দাঁতসমূহ মেণ্ডিবুলাৰ আৰ্চ্চৰ ভিতৰত সোমাই থাকে, যাক দন্ত চিকিত্সা বিজ্ঞানত ‘ক্ৰচ বাইট’ বোলা হয়।

মুখেৰে উশাহ লোৱা শিশুসকলৰ মুখমণ্ডলৰ আকৃতি লোকদৃষ্টিত এক বিশেষ ধৰণৰ হয়। তাক ‘এডিনয়ড ফেচ’ বা ‘লং ফেচ’, চিনদ্ৰম বোলা হয়। অসাঠন ওপৰৰ ওঠৰ সৈতে ঠেক আৰু দীঘল মুখমণ্ডল, খোল খাই থকা মুখ, ভি-আকৃতিৰ ঠেক মেক্সিলেৰী আৰ্চ্চ, পতন খাই থকা উৰ্ধ হনু, বাহিৰলৈ ওলোৱা ওপৰৰ সমুখৰ দাঁত, ওপৰৰ সমুখৰ দাঁতৰ ভিতৰৰ প্ৰসাৰিত হৈ থকা তলৰ ওঠ আৰু দাঁতৰ উপৰিও আলুৰ বহু অংশ হাহোঁতে দৃষ্টিগোচৰ হোৱা আদিয়েই ‘এডিনয়ড ফেচ’ৰ বিশেষত্ব।

জিভাখন সাধাৰণ অৱস্থাত তালুখনত লাগি থাকে। কিন্তু মুখেৰে উশাহ লোৱা অভ্যাস থকা সকলৰ জিভাখন সাধাৰণতে মুখৰ মজিয়াভাগত থাকে আৰু সমুখৰ ফালে আগবাঢ়ি থাকে যাতে সৰহ পৰিমাণৰ বতাহ মুখেদি উশাহত ভিতৰলৈ নিব পাৰে। ফলস্বৰূপে এই অভ্যাসে জিভাৰে দাঁত ঠেলি থকাৰ নিচিনা অন্য অনিষ্টজনক অভ্যাসৰ গঠনতো অৰিহণা যোগায়।

মুখেৰে উশাহ লোৱা অভ্যাসটো তিনিটা কাৰণবশতঃ হোৱা পৰিলক্ষিত হয়-

বাধাগ্ৰস্ত- শ্বাসনলীৰ কোনো অংশত থকা প্ৰতিবন্ধকতাৰ কাৰণে।

অভ্যাসগত- অভ্যাসৰ কাৰণে।

দেহ বিজ্ঞানভিত্তিক- দেহৰ গঠনৰ কাৰণে।

বহু সময়ত মুখেৰে উশাহ লোৱা অভ্যাসটো নিজে নিজে সংশোধন হয়। সাধাৰণতে ফেৰিঞ্জিয়েল টনচিলৰ কলাসমূহ শিশু অৱস্থাত ডাঙৰ আকাৰৰ হোৱা কাৰণে নাকেৰে উশাহ লোৱাত বাধাৰ সৃষ্টি কৰে। বয়সৰ লগে লগে সেই কলাসমূহৰ নিজে নিজে সংকোচন হয়। ফলত মুখেৰে উশাহ লোৱা অভ্যাসটো নিজে নিজে সংশোধন হয়। অৱশ্যে কেতিয়াবা বৰ্ধিত টনচিলৰ অস্ত্ৰোপচাৰ কৰি এই অভ্যাসৰ সংশোধন কৰিব লগাত পৰে। বহু ক্ষেত্ৰত আকৌ দেখা যায় যে অস্ত্ৰোপচাৰৰ পাছতো অভ্যাসজনিত কাৰণত মুখেৰে উশাহ লোৱা অভ্যাসটো চলি থাকে। এনেক্ষেত্ৰত অভ্যাসটোত ব্যাঘাত জনোৱাৰ মানসেৰে ‘অ’ৰেল স্ক্ৰীণ’ বা ‘অ’ৰেল শ্বিল্ড’ নামৰ এমপ্লায়েঞ্চ ব্যৱসায়ীক ৰূপত তৈয়াৰ কৰা হয়। ইয়াৰ জৰিয়তে মুখেৰে উশাহ লোৱা পথটো বন্ধ কৰি দি নাকেৰে শ্বাস-প্ৰশ্বাস ল’বলৈ বাধ্য কৰোৱা হয়। এই অ’ৰেল স্ক্ৰীণ সাধাৰণতে গোটেই ৰাতিটো পিন্ধিবলৈ দিয়া হয়। যদিও এই এমপ্লায়েঞ্চ মুখেৰে উশাহ লোৱা কাৰ্যত ব্যাঘাত জন্মোৱাৰ কাৰণে ব্যৱহৃত হয়, জিভাৰে দাঁত ঠেলি থকা, আঙুলি চোহা আৰু ওঠ কামুৰি থকা আদি অভ্যাসবোৰৰ ব্যাঘাত জন্মোৱাত ই এক গুৰুত্বপূৰ্ণ অৰিহণা যোগায়।

দাঁত কৰচি থকা অভ্যাস

এই অভ্যাস সাধাৰণতে ৰাতি শুই থকা অৱস্থাত লক্ষ্য কৰা হয়, অৱশ্যে দিনৰ সময়ছোৱাত যে এজন ব্যক্তিয়ে দাঁত কৰচা কাৰ্য নকৰে তেনে নহয়। দন্ত চিকিত্সা বিদ্যাত এই কাৰ্যক ‘বাক্সিজিম’ বুলি কোৱা হয়।

দাঁত কৰচি থকা অভ্যাস মতা-মাইকী, ল’ৰা-ছোৱালী নিৰ্বিশেষে যি কোনো বয়সতে হ’ব পাৰে। মানসিক অৱস্থাৰ প্ৰতিফলন বুলিয়েই এই অভ্যাসক জ্ঞাত কৰা হয়। কাৰণ, খং উঠিলে বা মানসিক অশান্তিত ভুগিলে মানুহে সঘনে দাঁত কৰচা দেখা যায়। ধঁপাত, সুৰাপান আদিৰ ব্যৱহাৰেও দাঁত কৰচি থকা অভ্যাসত অৰিহণা যোগায়।

দীৰ্ঘদিন ধৰি দাঁত কৰচি থকা অভ্যাসৰ কাৰণে দাঁতৰ উপৰিভাগৰ এনামেল ক্ৰমে ক্ষয় যায়। ফলস্বৰূপে, দাঁতত ঠাণ্ডা, গৰম, টেঙা, মিঠাজাতীয় খাদ্য খোৱাৰ সময়ত শিৰশিৰণিৰ অনুভূত হয়। তাৰোপৰি দন্তক্ষয় হোৱাৰ কাৰণে দাঁতৰ দৈৰ্ঘতা কমি যায়। কেতিয়াবা কেতিয়াবা অস্বাভাৱিক অৱস্থানলৈ দাঁতে গতি কৰাও দেখা যায়। তাৰোপৰি, এই অভ্যাসৰ কাৰণে হনুৰ লগত সন্মিলিত মাংসপেশীসমূহত বিষ হয়। আনকি কেতিয়াবা কেতিয়াবা হনুৰ সমতুলতাও হ্ৰাস পায়।

যিহেতু দাঁত কৰচি থকা অভ্যাসটো এজন ব্যক্তিৰ মানসিক অৱস্থাৰেই প্ৰতিফলন, সেয়ে মানসিক অৱস্থাৰ স্বাভাৱিকতা তথা সু-স্বাস্থ্য স্থাপন কৰাটো আটাইতকৈ দৰকাৰী কথা। এইক্ষেত্ৰত অভিজ্ঞ ভেষজ তথা মানসিক ৰোগ বিশেষজ্ঞৰ দিহা-পৰামৰ্শ লোৱা উচিত।

দাঁত কৰচি থকা অভ্যাসটোৰ গঠনৰ লগত জিভা, দাঁত আৰু ওঠৰ অৱস্থানৰ প্ৰত্যক্ষ সম্পৰ্ক থকা কথাটো বিবেচনা কৰি এই অংগসমূহ সঠিক অৱস্থানত ৰাখিবৰ কাৰণে ৰোগীসকলক প্ৰশিক্ষণ দিব লাগে। এই অভ্যাসত ব্যাঘাত জন্মোৱাৰ উদ্দেশ্যে নৰম ৰবৰৰ দ্বাৰা তৈয়াৰী এক বিশেষ এপপ্লায়েঞ্চ ৰোগীসকলক পিন্ধিবলৈ দিয়া হয়। এই এপপ্লায়েঞ্চ পিন্ধাৰ পাছত দাঁত কৰচিবলৈ যত্ন কৰোঁতে আগৰ কঠিন দাঁতৰ উপৰিভাগ পোৱাৰ পৰিৱৰ্তে যেতিয়া নৰম ৰাবাৰ পায়, ব্যক্তিজনে মানসিক স্ফূৰ্তি থকা শান্তি নাপায়। ফলস্বৰূপে পৰৱৰ্তী কালত ৰোগীজনে এই অভ্যাস এৰি দিবলৈ বাধ্য হয়।

লেখকঃ ডাঃ স্বৰ্গজ্যোতি দাস, জিএনআৰচি, স্বাস্থ্য।

3.06451612903
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top