মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / গ্ৰীষ্মকালত ছালৰ যত্ন কেনেকৈ ল’ব?
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

গ্ৰীষ্মকালত ছালৰ যত্ন কেনেকৈ ল’ব?

গ্ৰীষ্মকালত ছালৰ যত্ন কেনেকৈ ল’ব?

  • কেঁচা ফলমূল, শাক-পাচলিৰ চালাড, ডাৱৰ পানী আদি প্ৰচুৰ পৰিমাণে খাবলৈ চেষ্টা কৰক।
  • প্ৰচুৰ পৰিমাণে পানী খাওঁক। অন্তত: দিনটোৰ ভিতৰত ছয় বা আঠ গিলাচ পানী খাবলৈ অভ্যাস কৰক।
  • অন্তত: দিনত দুবাৰমানকৈ গা ধোৱক আৰু ঠাণ্ডা পানীৰ ছিটা মুখমণ্ডলত কেইবাবাৰো মাৰিব পাৰিলে ভাল।
  • গৰম কালি প্ৰখৰ ৰ’দত ওলাব লাগিলে চানগ্লাচ আৰু ছাতি ব্যৱহাৰ কৰিবলৈ নাপাহৰিব।
  • গৰম দিনত প্ৰায়ভাগ মানুহৰে ঘামচি হোৱা দেখা যায়। ঘামচি হোৱাৰ পিছত দাগ পৰি মুখমণ্ডলৰ ছাল অশুৱনি হৈ পৰে। তেনে অৱস্থাত বৰষুণৰ পানীৰে গা ধুলে ভাল। কৰ্পূৰ তেল আৰু বেচনো সানিব পাৰে। ঘামচিৰ কাৰণে বৰিক পাউদাৰ উপকাৰী। মৌ লগালেও ভাল ফল পোৱা যায়।
  • ৰ’দত গাৰ ছাল পুৰিলে নেমুৰ ৰস আৰু অলিভ অইল মিহলাই গাৰ ছাল পোৰা অংশত ঘঁহি আধা ঘন্টামান পিছত ধুই পেলালে ছালৰ উজ্জ্বলতা বাঢ়ে।
  • মাজে মাজে বৰফৰ টুকুৰাও মুখত বোলাই দিব পাৰে।
  • বীটৰ ৰস ছালৰ কাৰণে ভাল। কিছু সময় বীটৰ ৰস লগোৱাৰ পিছত মুখখন ধুই পেলাওঁক। লগে লগে ক্ৰীম সানিলে ভাল।
  • নিমখৰ লগত সৰিয়হৰ তেল মিহলাই মুখত সানি থৈ অলপ পিছত ঠাণ্ডা পানীৰে মুখখন ধুই পেলাওঁক।

লেখিকা: শেৱালী দাস।

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top