মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / বৰ্ষাকালত সৌন্দৰ্য অটুট ৰখাৰ বাবে ল’বলগীয়া সাৱধানতা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বৰ্ষাকালত সৌন্দৰ্য অটুট ৰখাৰ বাবে ল’বলগীয়া সাৱধানতা

বৰ্ষাকালত সৌন্দৰ্য অটুট ৰখাৰ বাবে ল’বলগীয়া সাৱধানতা

  • এই সময়ছোৱাত ভৰি দুখনৰ যতন লোৱাটো অতি দৰকাৰী। ভৰি দুখনত কফি স্ক্ৰাব ব্যৱহাৰ কৰিব পাৰিলে যথেষ্ট সুফল পাব। এই স্ক্ৰাব নিজেও ঘৰতে প্ৰস্তুত কৰি ল’ব পাৰে। সম পৰিমাণে কফি, সাগৰীয় নিমখ আৰু কৰ্নমিল একেলগে মিলাই ল’ব। ইয়াৰ লগত কেইটোপালমান আলমণ্ড অইল মিহলাই এই কফি স্ক্ৰাব প্ৰস্তুত কৰি ল’ব। এই ঋতুত ভৰিৰ নখ আৰু ভৰিত ফাংগেল ইনফেকচন হ’ব পাৰে। এনে সমস্যাত পৰিলে ভৰি দুখন পৰিষ্কাৰকৈ আৰু শুকান কৰি ৰাখিব।
  • এই ঋতুত চুলিত প্ৰসাধন সামগ্ৰী ব্যৱহাৰ নকৰিব। ব্যৱহাৰ কৰিলে সামান্য পাতল হেয়াৰ চিৰাম ব্যৱহাৰ কৰিব। চুলি যাতে কেঁকোৰা ভাজ নহয়, তাৰবাবে বতাহৰ আৰ্দ্ৰতা নিয়ন্ত্ৰণ কৰি ৰাখিব পৰা যিকোনো এণ্টি ফ্ৰিজ সামগ্ৰী ব্যৱহাৰ কৰিব পাৰে। এই ঋতুত চুলি ষ্টাইল কৰিলে টেক্সাৰ্ড ব্ৰেইড, বান, টপন’ট, ফিছটেইল আৰু ফ্ৰান্স ব্ৰেইড ষ্টাইলত চুলি বান্ধিব পাৰে।
  • এই ঋতুত আৰ্দ্ৰ বতাহে ছাল শুকান আৰু তেলেতীয়া কৰে। দিনটোত দুবাৰকৈ ছাল পৰিষ্কাৰ কৰিব। শুকান ছাল মৃসণ হৈ থাকিবলৈ ক্ৰীমযুক্ত ক্লিনজাৰেৰে ছাল পৰিষ্কাৰ কৰিব। আনহাতে তেলেতীয়া ছালৰ বাবে জেল ক্লিনজাৰেৰে ছাল পৰিষ্কাৰ কৰিব।

উৎস: অসমীয়া প্ৰতিদিন।

2.95238095238
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top