অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

হাৰ্ট এটেকৰ পিছত হাৰ্টটো নিৰোগী কৰাৰ ঔষধ আৱিষ্কাৰ

হাৰ্ট এটেকৰ পিছত হাৰ্টটো নিৰোগী কৰাৰ ঔষধ আৱিষ্কাৰ

হাৰ্ট এটেকৰ পিছত হৃদযন্ত্ৰৰ কিছু অংশৰ পেশী সম্পূৰ্ণ ৰুপে বিনষ্ট হয় আৰু এই নষ্ট হোৱা পেশীবোৰ পুনৰ উজ্জীৱিত কৰিব পৰা নাযায়। এই বিকৃতিৰ বাবে কোনো ধৰণৰ ঔষধো আজিলৈকে আৱিষ্কাৰ হোৱা নাছিল। হাৰ্ট এটেকৰ পিছত পেশী নষ্ট হোৱা ৰোগীৰ পৰিণতি আছিল কেৱল মৃত্যু। কিন্ত অলপতে বষ্টনৰ চিলড্ৰেন হস্পিতালৰ শিশু ৰোগ বিশেষজ্ঞ ডাঃ ফেলিক্স এঞ্জেলৰ অধীনত অদল বিজ্ঞানীয়ে এনে দুবিধ ঔষধ আৱিষ্কাৰ কৰিছেযি ঔষধে হাৰ্ট এটেকৰ পিছত নষ্ট হোৱা হৃদযন্ত্ৰৰ পেশী পুনৰ বিকাশ কৰাৰ লগতে প্ৰয়োজনীয় ৰক্ত সঞ্চালনৰ সিৰা আদিও বৃদ্ধি কৰিব পাৰে। বৰ্তমান এই দুবিধ ঔষধ এন্দুৰৰ শৰীৰত প্ৰবেশ কৰি উৎসাহ জনক ফল পাব পৰা গৈছে। স্বাভাৱিকি ভাৱে হাৰ্ট এটেক হৈ থকাৰ সময়ত হৃদপিণ্ডটোলৈ তেজৰ সৰবৰাহ বন্ধ হৈ পৰে, সেয়ে হৃদযন্ত্ৰৰ কিছু অংশৰ পেশী বা কোষকলা নষ্ট হৈ পৰে আৰু পিছত তেজৰ সৰবৰাহ পুনৰ আৰম্ভ হ’লেও সেই নষ্ট হোৱা কোষবোৰ পুনৰ সক্ৰিয় হৈ নুঠে। এনেদৰে নষ্ট হৈ পৰা কোষকলাবোৰৰ ঠাইত পুনৰ নতুন কোষ সৃষ্টি কৰিবৰ বাবে এঞ্জেল আৰু তেওঁৰ সহযোগী সকলে দুবিধ ঔষধ ব্যৱহাৰ কৰিছিল। ইয়াৰে এবিধ ঔষধে হৃদযন্ত্ৰৰ ভিতৰত নতুন কোষ গঠন আৰু কোষ বিভাজন হোৱাত উদগনি যোগায় আৰু আনবিধ ঔষধে নতুনকৈ গঠিত পেশীবোৰৰ মাজে মাজে ৰক্ত সৰবৰাহৰ বাবে ধমনী গঠন হোৱাত সহায় কৰে। গৱেষক সকলে ইতিমধ্যে ১২০ টা এন্দুৰৰ ওপৰত অধ্যয়ন চলাইছিল। ইয়াৰে কিছুমান এন্দুৰৰ হৃদযন্ত্ৰৰ পেশীলৈ ৰক্ত সৰবৰাহ কৰা নলী স্থায়ী ভাবে বন্ধ কৰি হাৰ্ট এটেক কৰোৱা হৈছিল। নতুনকৈ উদ্ভাৱন কৰা দুয়ো বিধ ঔষধ প্ৰয়োগ কৰা এন্দুৰ বোৰৰ হৃদযন্ত্ৰত নষ্ট হোৱা হৃদযন্ত্ৰৰ পেশীৰ ঠাইত নতুন পেশী ৰক্তবাহী নলী সৃষ্টি হোৱা দেখা গৈছে। বিজ্ঞানী সকলৰ এই চমকপ্ৰদ সাফল্যই চিকিৎসা বিজ্ঞানক আৰু এখোজ আগবঢ়াই নিব। অদূৰ ভৱিষ্যতে এই দুবিধ ঔষধ মানুহৰ শৰীৰতো প্ৰয়োগ কৰি মৃত্যু মুখত পৰা হেজাৰ হেজাৰ লোকক বচাব পৰা যাব বুলি আশা কৰা হৈছে।

উৎস: স্বাস্থ্য আৰু দীৰ্ঘ জীৱন।

শেহতীয়া উন্নীতকৰণ: : 6/26/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate