মূল পৃষ্ঠা / স্বাস্থ্য / মানসিক স্বাস্থ্য / সুখী হ’বলৈ আমাক কাৰণৰ প্রয়োজন হয় নেকি?
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

সুখী হ’বলৈ আমাক কাৰণৰ প্রয়োজন হয় নেকি?

সুখী হ’বলৈ আমাক কাৰণৰ প্রয়োজন হয় নেকি?

আমি প্রত্যেকে নিজকে এই প্ৰশ্নটো কৰি চাওঁ আহকচোন যে সুখী হ’বলৈ আমাক কাৰণৰ প্রয়োজন হয় নেকি? অর্থাং সুখী হ'বলৈ হ’লে আমাৰ অর্থনৈতিক অৱস্থা ঠিক থাকিবই লাগিব নেকি, সকলো সম্বন্ধ ঠিক হ’বই লাগিব নেকি, মনে বিচৰা আশাবোৰ পূৰণ নহ’লে নহ’ব নেকি, বাহ্যিক পৰিৱেশ আমাৰ অনুকূলে হ’বই লাগিব নেকি ইত্যাদি। যদি আমি আমাৰ চাৰিওফালে এবাৰ চকু ফুৰাই চাওঁ, তেতিয়া দেখিম অধিকসংখ্যক মানুহেই এক অসুখী জীৱন-যাপন কৰি আছে। ইয়াৰ মূল কাৰণটো বিচাৰি চালে আমি দেখিম যে সেইসকল মানুহৰ প্ৰকৃততে সুখী হোৱাৰ কাৰকবোৰ পূৰ্ণ হোৱা নাই। কোনোবাই হয়তো বিচৰা ধৰণে চাকৰি এটা পোৱা নাই, সেইবাবে তেওঁ অসুখী, কোনোবাই হয়তো বিয়া হ’ব বা পাতিব নোৱাৰা বাবে অসুখী, মাটি এডোখৰ কিনি ঘৰ এটা বনাব নোৱাৰাটো হয়তো কাৰোবাৰ অসুখীৰ কাৰণ, কোনোবাই নতুন গাড়ী এখন কিনিব পৰা নাই সেইবাবেই হয়তো তেওঁ অসুখী, কাৰোবাৰ এখন আছে কিন্তু দুখন গাড়ী কিনিব পৰা নাই বাবে তেওঁ অসুখী। এইদৰে কৈ থাকিলে আমাৰ অসুখী হোৱাৰ কাৰণবোৰ কিজানি শেষেই নহ’ব। আচলতে আমি বহু সৰু সৰু কথাৰ মাজত সুখী হোৱাৰ কাৰণ বিচাৰি ফুৰোঁ। কেনেবাকৈ যদি সেই সৰু এটাও কাৰণ পূৰণ নোহোৱাকৈ থাকি যায়, আমি অসুখী হৈ পৰোঁ।

এইখিনিতে গুৰুত্বপূৰ্ণ কথাটো হৈছে যে আমি জীৱনত সুখী হ’ব পাৰিছোঁ নে নাই, সেইটো যদি সম্পূৰ্ণৰূপে কাৰকৰ ওপৰত নিৰ্ভৰশীল হয় তেনেহ’লে জীৱনটোত বাৰু সঁচাকৈ আমি সুখী হ’ব পাৰিমনে? নিশ্চিতভাৱে এইক্ষেত্ৰত আমি ক’ব পাৰোঁ যে এইদৰে হয়তো সুখী হোৱাটো আমাৰ বাবে কঠিন হ'ব। কঠিন হ'ব মানে মই এইটো বুজাবলৈ যত্ন কৰিছোঁ যে যিটো কাৰকৰ ওপৰত আমাৰ সুখ নিৰ্ভৰশীল হৈ থাকে, সেই কাৰকটো পূৰ্ণ হোৱাৰ পিছত নিশ্চিতভাৱে হয়তো আমি সুখী হৈ পৰিম, কিন্তু তৎপর্যপূর্ণ কথাটো হ’ল যে সেই সুখ হ’ব একেবাৰে ক্ষন্তেকীয়া। কিয়নো এটা কাৰণ পূৰ্ণ হোৱাৰ পিছত সুখী হ’বলৈ আমাক আকৌ দহটা কাৰণৰ প্রয়োজন হ'ব। সেইকেইটা পূৰণ হোৱাৰ পিছত আকৌ দহটা। সেইবাবেই দৈনন্দিন জীৱনৰ গতানুগতিকতাৰ পৰা ফালৰি কাটি মানুহে মূলতঃ অকণমান সুখ বিচাৰি বাহিৰৰ এখন ঠাইলৈ ফুৰিবলৈ যায়। বাহিৰত থকা কালছোৱা মানুহে ঠিকেই সুখী হৈ থাকে, কিন্তু ঘূৰি আহি পুনৰ যেতিয়া গতানুগতিকতাৰ মাজত সোমাই পৰে, ইয়াৰ লগে লগে ক্রমান্বয়ে মানুহ পুনৰ দুখী হ’বলৈ আৰম্ভ কৰে। গতিকে মই যদি এনেকৈ কওঁ চাগে ভুল কোৱা নহ'ব যে অধিকসংখ্যক মানুহে গোটেই জীৱনটো আংশিকভাৱেহে সুখী হৈ কটায়। জীৱনৰ বেছিভাগ সময় কাৰণৰ অপেক্ষাতেই মানুহ ৰৈ যায়।

আচলতে এই কথাটোৰ ভিতৰত যিটো শক্তিয়ে ক্ৰিয়া কৰি থাকে, সেয়া হৈছে সুখক কেন্দ্র কৰি থকা আমাৰ কিছুমান বিলিফ ছীষ্টেম। এই কথাটো এইখিনিতে মই উল্লেখ কৰি থ'ব খুজিছোঁ যে বিশেষজ্ঞসকলে উল্লেখ কৰা মতে আমি যিবোৰ চিন্তা কৰে, সেই চিন্তাধাৰাবোৰ একেবাৰেই মৌলিক নহয়। অতি উচ্চ পৰ্যায়ৰ সৃষ্টিশীল চিন্তাবোৰ বাদ দি বাকী সকলো চিন্তাই সমাজৰ দ্বাৰা প্ৰভাৱিত হোৱা প্ৰায় প্ৰতিটো কথাক কেন্দ্ৰ কৰি সমাজে আমাৰ মনত কিছুমান বিশ্বাস এইদৰে সুমুৱাই দিয়ে যে তাৰ পৰা ওলাই অহাটো আমাৰ বাবে অতি দুৰূহ কাম হৈ পৰে। সুখ-দুখক কেন্দ্ৰ কৰিও প্ৰত্যক্ষ বা পৰোক্ষভাৱে আমাৰ মনত তেনে কিছুমান বিশ্বাস সৰুৰে পৰাই মনত থিতাপি ল’বলৈ আৰম্ভ কৰে। সৰুৰে পৰা হয়তো আমি আমাৰ মা-দেউতাক দেখিছোঁ যে তেওঁলোকৰ সুখ-দুখবোৰ কাৰণৰ ওপৰত নিৰ্ভৰশীল হৈ থাকে বা ঘৰৰ বাহিৰত দেখা পোৱা প্ৰায় প্ৰতিজন মানুহৰেই সুখ-দুখ কাৰণৰ ওপৰত নিৰ্ভৰশীল। আমি আমাৰ সমাজত এনেকুৱা মানুহ খুব কমেই দেখিবলৈ পাওঁ, যি সুখ-সুখ সকলোতে সমানে থাকিব পাৰে, যাক সুখী হ’বৰ বাবে কোনো কাৰণৰ প্রয়োজন নহয়। পিতৃ-মাতৃ তথা সমাজৰ এনেকুৱা আচৰণে হয়তো ক’ব নোৱৰাকৈয়ে আমাৰ মনত প্ৰভাৱ বিস্তাৰ কৰে আৰু সেইবাবে ক্ৰমান্বয়ে আমিও এই ধাৰণাটোকে গ্রহণ কৰি লওঁ। তদুপৰি একেবাৰে সৰুৰে পৰা আমাৰ এই অভিজ্ঞতাটো বাৰে বাৰে হৈ আহিছে যেতিয়া বিচৰাধৰণে আমি কিবা এটা পাইছোঁ। তেতিয়া সুখী হৈ পৰিছোঁ আৰু যেতিয়াই পোৱা নাই, তেতিয়াই অসুখী হৈছো। এই প্রক্ৰিয়াটো ঠিক তেতিয়াৰ পৰাই আৰম্ভ হয় যেতিয়াৰ পৰা আমি যিকোনো খেলৰ বা আন সামগ্ৰী বিচাৰিবলৈ আৰম্ভ কৰে আৰু তাৰ পিছত সেই বস্তুটো নাপাওঁ। সেই সময়ত আমাক কোনেও আহি এই কথাটো নিশিকায় যে সুখ-দুখ সকলোতে আমি একেধৰণে থাকিব লাগে বা লাগিব।

অৱশ্যে এইটো ঠিক যে সমাজৰ দ্বাৰা প্ৰভাৱিত হোৱা কথাটো আমি নুই কৰিব নোৱাৰোঁ। মানুহৰ সংস্পৰ্শত যে মানুহ প্ৰভাৱিত হয় বা হ’ব সেইটো নিশ্চিত। কিন্তু জীৱনত পৰমানন্দ অনুভৱ কৰিব পৰাকৈ সকলো ধৰণৰ ঋণাত্মক প্রভাৱৰ পৰা নিজকে মুক্ত কৰিব পৰা শক্তি আমাৰ প্ৰতিজন মানুহৰ ভিতৰতে বিদ্যমান। কেৱল আমাক প্ৰয়োজন সেই শক্তিৰ কথা অনুভৱ কৰি তাক প্ৰয়োগ কৰাৰ সেই শক্তিৰ প্রয়োগ কৰি আচলতে আমি কোনো কাৰণ নোহোৱাকৈও জীৱনত সুখী হ’ব পাৰোঁ। যি মানুহক সুখী হ’বৰ কাৰণে জীৱনত কোনো কাৰণৰ প্ৰয়োজন নহয়, তেওঁহে পৰমানন্দ লাভ কৰিব পাৰে। সুখ আৰু পৰমসুখৰ মাজত পাৰ্থক্য এইখিনিতে। সুখী হ’বৰ কাৰণে আমাক কাৰণ লাগে কিন্তু পৰমসুখ পাবৰ কাৰণে কোনো কাৰণৰ প্ৰয়োজন নহয়। ইয়াতে আমাৰ মনত হয়তো এটা প্ৰশ্নৰ সৃষ্টি হ’ব পাৰে যে কাৰণ নোহোৱাকৈ সুখী হোৱাটো জানো সম্ভৱ। বহু সময়ত আমাৰ এনেকুৱাও এক ধাৰণা থাকে যে কেৱল সন্ন্যাসীয়েহে সংসাৰৰ মায়া-মোহ ত্যাগ কৰি তেনেদৰে জীৱনত সুখী হ’ব পাৰে। কিন্তু মই ভাবোঁ যে কাৰণ নোহোৱাকৈ সুখী হ’বৰ বাবে আমি সন্ন্যাসী বা বাবা হোৱাৰ প্ৰয়োজন নাই, আমি বর্তমান যিদৰে জীয়াই আছোঁ, তেনেকৈ জীয়াই থাকিয়ে পৰমানন্দ লাভ কৰিব পাৰোঁ। আমাৰ সমাজখনত চাৰিওফালে আমি যদি এবাৰ চকু ফুৰাই চাওঁ তেনেহ’লে তেনে মানুহ নিশ্চয় আমাৰ চকুত পৰিব, যিয়ে কোনো কাৰণ নোহোৱাকৈ সুখী হৈ থাকিব পাৰে। উল্লেখ্য, পৰমানন্দৰ মাজেৰে জীয়াই থকা মানে জীৱনত সমস্যা নথকাটো নুবুজায়। ইয়াৰ প্ৰকৃত অৰ্থ হৈছে সমস্যা থকা সত্ত্বেও সুখী হোৱাৰ এক অজুহাত উলিয়াই লোৱা।

জীৱনটো পৰমানন্দৰে জীয়াই থকাৰ পৰিৱৰ্তে মানুহে কিয় যন্ত্রণা পাবলগীয়া হয়? এইটো নিশ্চিতভাৱে আমাৰ বাবে এক গুৰুত্বপূৰ্ণ প্রশ্ন। আমি প্ৰকৃততে কিয় যন্ত্রণা পাবলগীয়া হয়। সেই সম্পর্কে বেদান্তত ইয়াৰ পাঁচটা কাৰণৰ কথা উল্লেখ কৰিছে (মই এতিয়ালৈ বেদান্ত সম্পূৰ্ণৰূপে অধ্যয়ন কৰা নাই যদিও এই সম্পৰ্কত মোৰ যি এক সম্যক জ্ঞান আছে, তাৰ ওপৰত ভিত্তি কৰি কৈছোঁ)। আমাৰ যন্ত্ৰণাৰ প্ৰথম কাৰণটো হৈছে আমি নিজক ভালদৰে নাজানো বা আমি আত্মসজাগ নহয় মইনো প্ৰকৃততে কোন, দ্বিতীয় কাৰণটো হৈছে যিটো বস্তু প্রকৃততে অস্থায়ী, সেই অস্থায়ী বস্তুটোক পাবলৈ হাবিয়াস কৰা বা যাক ধৰি ৰাখিব নোৱাৰি তাক ধৰি ৰাখিবলৈ চেষ্টা কৰা, তৃতীয়তে সেইবোৰ বস্তুলৈ বা বস্তুৰ পৰা ভয়, বিৰক্তি বা ঘৃণা, অনিচ্ছা যিবোৰ ক্ষণস্থায়ী; চতুৰ্থ কাৰণটো হ’ল ইগো বা অহং ভাব আৰু পঞ্চমতে মৃত্যুৰ ভয়। 'বেদান্ত’ত উল্লেখ কৰা অনুসৰি এই পাঁচটা কাৰণৰ প্ৰথমটো কাৰণৰ ভিতৰতে বাকীকেইটা সমাহিত হৈ আছে। অর্থাং আমাৰ যন্ত্ৰণাৰ একমাত্ৰ কাৰণ হৈছে আমি নিজক নজনাটো বা এইটো নজনাটো ‘মই কোন?” হয়তো এনেকুৱা হয় যে আমি বহুতে নিজক জীৱনত কেতিয়াও এই প্রশ্নটি নকৰো বা কৰিলেও ইয়াৰ প্ৰকৃত উত্তৰটো বিচাৰি নাপাওঁ। আমি যেতিয়া নিজৰ পৰিচয় দাঙি ধৰিব লগা হয়, বহু সময়ত নিজৰ নামটোকে আমি আমাৰ পৰিচয় বুলি ধৰি লওঁ বা আমাৰ পদবীটোৱে আমাৰ পৰিচয় হৈ পৰে। প্রায়ে এনেকৈয়ো আমাৰ পৰিচয়টো হয়, মই অমুকৰ ছোৱালী বা অমুকৰ ল’ৰা। এনেধৰণে আমাৰ যিবোৰ পৰিচয় থাকে, সেইবোৰ হৈছে এক উপৰুৱা পৰিচয়। কিন্তু জীৱনটো সঁচা অৰ্থত উপভোগ কৰিবলৈ হ’লে আমি আমাৰ গভীৰ পৰিচয়ৰ সন্ধান কৰিব লাগিব। আমাৰ গভীৰ পৰিচয়টো হৈছে এনেকুৱা এক সত্তা, যাৰ দ্বাৰা সকলো পৰিচালিত হৈ আছে বা য’ত সকলো ঘটি আছে। সেই সত্তাটো হৈছে আমাৰ সচেতনতা বা কনচিয়াছনেছ। সচেতনতা বা সজাগতা হৈছে জীৱনৰ সকলো অভিজ্ঞতা লাভ কৰিব পৰা, চিন্তা কৰিব পৰা, অনুভৱ কৰিব পৰাৰ ক্ষমতা। সচেতনতাৰ বাবে আমি নিজস্বতাবোধ অনুভৱ কৰো। সচেতনতা হৈছে আৱির্ভাৱ। জীৱনৰ আমাৰ প্ৰতিটো অভিজ্ঞতাই সংঘটিত হয় সচেতনতাত। আনকি মন আৰু শৰীৰে হৈছে এক অভিজ্ঞতা, গতিকে মন আৰু শৰীৰৰ অভিজ্ঞতাও সংঘটিত হয় সচেতনতাত। আমি তাকেই অভিজ্ঞতা বুলি কওঁ, যি সৃষ্টি হৈ শেষ বা নাশ হৈ যায়, ঠিক সেইদৰে যিদৰে সাগৰৰ ঢৌ সৃষ্টি হৈ শেষ বা নাশ হৈ যায় বাবে ই এক অভিজ্ঞতা। কিন্তু সচেতনতা কেতিয়াও নাশ হৈ নাযায়। এই সচেতনতাই হৈছে ঈশ্বৰ, আত্মা, হায়াৰ ইন্টেলিজেন্স বা পৰম শক্তি, ব্ৰহ্মাণ্ডৰ শক্তি। আমি নিজৰ ধৰণে ইয়াক নামকৰণ কৰিব পাৰো। ই হয় অবিনাশী। সেইবাবে ই সকলো অভিজ্ঞতাৰ ঊৰ্ধত। কিন্তু আমি এই সত্যটোৰ বিষয়ে সচেতন নোহোৱা বাবে প্ৰায় প্ৰতিমুহূৰ্তত মন আৰু শৰীৰৰ লগতহে আমি একাত্মবোধ কৰোঁ। আমি ধৰি লওঁ যে মনটো বা শৰীৰটোৱে সর্বস্ব। এয়াও এক সচেতনতা যদিও এয়া মন শৰীৰৰ সচেতনতা। ই নিম্ন পর্যায় সচেতনতা। এই সচেতনতা বিশুদ্ধ বা পিঅ'ৰ নহয়। একেবাৰে বিশুদ্ধ সচেতনতা হৈছে সেই সচেতনতা যি সকলো নিম্ন পর্যায়ৰ সচেতনতাৰ উৰ্ধত। আমি সেই সচেতনতাৰ বিষয়ে সচেতন হ’ব পাৰিছোঁ মানে নিজক জানিছোঁ। ই অবিৰতভাৱে পৰমানন্দ। যাক ‘বেদান্ত’ত উল্লেখ কৰিছে 'চট-চিট-আনন্দ’ হিচাপে। আমি প্রতিজন ব্যক্তি ‘চট চিট আনন্দ। আমাক কেৱল প্রয়োজন এই বিষয়ে সচেতন হোৱাৰ তেতিয়া আমাক আৰু সুখী হ’বৰ কাৰণে কোনো কাৰণৰ প্ৰয়োজন নহয়। আমি ভাবিব পাৰোঁ যে এই পর্যায় পোৱাটো এটা অতি কঠিন প্রক্রিয়া। ই কঠিন নিশ্চয় হয়। পৃথিৱীৰ কোনো কথাই সহজ নহয়। মূল কথাটো হৈছে ইয়াৰ বাবে আমি চেষ্টা কৰিছোঁ নে নাই। ব্যক্তিগতভাৱে মই হয়তো এতিয়াও সেই পর্যায়টোত গৈ উপনীত হ’ব পৰা নাই কিন্তু ইয়াৰ বাবে চেষ্টা অব্যাহত ৰাখিছোঁ।

লিখক: পলাশ কলিতা।

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top