অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

স্তনপান

স্তনপান

শিশুৰ বৃদ্ধি আৰু বিকাশৰ বাবে মাতৃদুগ্ধই হৈছে সহজতে, সুৰক্ষিত, বিশুদ্ধ আৰু প্ৰাকৃতিকভাৱে পোৱা উপযুক্ত খাদ্য। শিশুৰ বিকাশৰ বাবে প্ৰয়োজনীয় পুষ্টিকাৰক উপাদানসমূহ মাতৃদুগ্ধতে উপযুক্ত পৰিমাণে সন্নিবিষ্ট থাকে। মাতৃদুগ্ধ পুষ্টিগত গুণৰ উপৰিও বেমাৰ-আজাৰ প্ৰতিৰোধৰ দিশৰ পৰাও শিশুটিৰ বাবে উত্তম খাদ্য বুলি গণ্য কৰা হয়। মাতৃদুগ্ধত পুষ্টিকাৰক দ্ৰৱ্য সমূহ সৰল অৱস্থাত থাকে যাতে শিশুটিয়ে সহজে গ্ৰহণ কৰিব পাৰে। সেয়ে শিশুটিৰ উপযুক্ত পৰিপুষ্টি তথা সুস্বাস্থ্যৰ কাৰণে জন্মৰ পৰা ছমাহ বয়সলৈকে কেৱল মাতৃদুগ্ধহে পান কৰাব লাগে। গড় হিচাপত এগৰাকী ভাৰতীয় মহিলাৰ সন্তান জন্মৰ প্ৰথম সপ্তাহত দৈনিক ৭৫০ মিলিলিটাৰ কৈ আৰু এবছৰৰ বয়সলৈ দৈনিক ৬০০ মিলিলিটাৰ কৈ দুগ্ধ উৎপাদন হয়।

সাধাৰণতে শিশুটিক স্তনপান কৰাবলৈ বিশেষ সময়তালিকাৰ প্ৰয়োজন নাই। প্ৰথমাৱস্থাত নৱজাত শিশুটিয়ে বেছিভাগ সময় টোপনিতে কটায়। ভোগ লাগিলেহে শিশুটি সাৰ পায়। সেয়ে, জন্মৰ প্ৰথম কেইসপ্তাহ স্তনপানৰ ব্যৱধানসমূহ অনিয়মীয়া হয়। ইয়াৰ পিছৰ পৰা শিশুটিৰ স্তনপান সাধাৰণতে নিয়মীয়া হোৱা দেখা যায়। শিশুটিয়ে যেতিয়াই বিচাৰে মাতৃয়ে তেতিয়াই শিশুটিক স্তনপান কৰোৱাটো উচিত। শিশুটিক জন্মৰ কেইসপ্তাহমান পিছৰ পৰা দৈনিক ২-৩ ঘণ্টা সময়ৰ ব্যৱধানত ৭-৮ বাৰকৈ সঘনাই স্তনপান কৰাব লাগে।

কোলোষ্ট্ৰাম শিশুৰ প্ৰথম ছিটা

নৱজাত শিশুটিৰ জন্মৰ প্ৰথম তিনিদিনত মাতৃৰ স্তনৰপৰা নিঃসৰণ হোৱা ঈষৎ হালধীয়া তৰল পদাৰ্থকে কোলোষ্ট্ৰাম বোলে। কোলোষ্ট্ৰামত স্নেহ পদাৰ্থ, খাদ্যপান ‘ক’, খাদ্যপান ‘গ’ আৰু জিংক উপযুক্ত পৰিমাণে থাকে। কোলোষ্ট্ৰামত স্নেহ পদাৰ্থ, খাদ্যপান ‘ক’, খাদ্যপান ‘গ’ আৰু জিংক উপযুক্ত পৰিমাণে থাকে। কোলোষ্ট্ৰামত ‘ইউমিন’গ্লবিউলিন নামৰ এবিধ প্ৰতিৰক্ষা দ্ৰব্য পোৱা যায়। ই বেমাৰ আজাৰ সৃষ্টিকাৰী বীজাণুৰ বৃদ্ধিত বাধা প্ৰদান কৰে। স্তনপান কৰা শিশুৰ পাকস্থলি ৰস বেছি আম্লিক হয়। সেয়ে ই শিশুটিৰ পেটত প্ৰৱেশ কৰা যিকোনো জীৱাণুকে ধ্বংস কৰিব পাৰে। লগতে ই লৌহ পদাৰ্থ আৰু কেলচিয়ামৰ শোষণো খৰটকীয়া কৰে। ইয়াৰোপৰি মাতৃদুগ্ধই শিশুটিৰ দেহত প্ৰৱেশ কৰা বেক্টেৰিয়াৰ বৃদ্ধিত বাধা আৰোপ কৰে।

কেইটামান মনত ৰাখিবলগীয়া কথা

  • শিশুটিক স্তনপান দুঘণ্টাৰ মুৰে-মুৰে সঘনাই কৰাৰ উপৰিও শিশুটিয়ে যেতিয়াই বিচাৰে তেতিয়াই স্তনপান কৰাব লাগে।
  • জন্মৰ পৰা ছমাহ বয়সলৈকে শিশুটিক কেৱল স্তনপানহে কৰব লাগে।। ছমাহ বয়সৰ পৰা শিশুটিক পৰিপূৰক আহাৰ যোগান ধৰিব লাগে।
  • কমেও দুবছৰ বয়সলৈকে শিশুটিক স্তনপান কৰাব লাগে।
  • মাতৃগৰাকীয়ে গৰ্ভাৱস্থাত আৰু সন্তান জন্মৰ পাছতো উপযুক্ত পুষ্টিকাৰক আৰু সন্তোলিত আহাৰ গ্ৰহণ কৰিব লাগে।
  • স্তনপানে মাতৃদুগ্ধ বেছিকৈ উৎপাদনত সহায়হে কৰে।

উৎসঃ দৈনিক অসম

শেহতীয়া উন্নীতকৰণ: : 7/10/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate