অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

এইছআইভি/এইডছ

এইছআইভি/এইডছ

  1. এইছআইভি/এইডছ সম্পৰ্কীয় তথ্যসমূহ জনা আৰু সেইবোৰ মানি চলাতো কিয় গুৰুত্বপূৰ্ণ?
  2. এইছআইভি/এইডছ সম্পৰ্কে কিবোৰ কথা সকলো পৰিয়াল আৰু ৰাইজে জনাৰ অধিকাৰ আছে?
  3. এইডছ এটা অনাৰোগ্য কিন্তু প্ৰতিৰোধ কৰিব পৰা ৰোগ।
  4. শিশুসহ সকলো লোকৰে এইছআইভি/এইডছ ৰ আশংকা থাকে।
  5. কোনো ব্যক্তিয়ে যদি সন্দেহ কৰে যে তেওঁ এইছআইভি ৰ দ্বাৰা সংক্ৰমিত হৈছে তেন্তে অনতিপলমে স্বাস্থ্যকৰ্মী বা এইছআইভি/এইডছ কেন্দ্ৰলৈ গৈ গোপনীয় পৰীক্ষা আৰু পৰামৰ্শ লব পাৰে।
  6. যৌন কাৰ্য্যৰ দ্বাৰা সংক্ৰমিত এইছআইভি প্ৰতিৰোধ কৰা যায়।
  7. ছোৱালীসকল সহজে এইছআইভি ৰ দ্বাৰা সংক্ৰমিত হয় আৰু তেওঁলোকক সুৰক্ষা দিবলৈ সহায়ৰ প্ৰয়োজন।
  8. কম বয়সীয়াসকলক এইছআইভি/এইডছ ৰ বিষয়ে আলোচনা কৰি কেনেকৈ এই ৰোগৰ পৰা আঁতৰি থাকিব পাৰি আৰু বিয়পাটো কেনেদৰে বাধা দিব পাৰি সেই বিষয়ে পিতৃ-মাতৃ আৰু শিক্ষকে কথা পতাৰ লগতে পুৰুষ আৰু মহিলাৰ কনডমৰ বিষয়েও আলোচনা কৰিব লাগে।
  9. এইছআইভি ত আক্ৰান্ত মাতৃৰ পৰা গৰ্ভাৱস্থা বা প্ৰসৱ বা স্তনপানৰ যোগেৰে শিশুটিৰ গালৈ এই ভাইৰাছ সংক্ৰমিত হয়।
  10. বেছিভাগ ক্ষেত্ৰতে নিছাযুক্ত ঔষধ বেজীৰে গ্ৰহণ কৰাৰ ফলত, বিজানুমুক্ত নকৰা বেজী আৰু চিৰিঞ্জৰ দ্বাৰা এইছআইভি বিয়পি পৰে।
  11. যিসকল লোকৰ যৌনকাৰ্য্যৰ দ্বাৰা সংক্ৰমিত ৰোগ আছে তেওঁলোকৰ এইছআইভি সংক্ৰমিত হোৱা আৰু এইছআইভি সংক্ৰমিত কৰাৰ আশংকা অতি বেছি।

এইছআইভি/এইডছ সম্পৰ্কীয় তথ্যসমূহ জনা আৰু সেইবোৰ মানি চলাতো কিয় গুৰুত্বপূৰ্ণ?

  • বিশ্বৰ সকলো দেশৰ লোকেই এইডছৰ দ্বাৰা ক্ষতিগ্ৰস্ত হৈছে। প্ৰতিদিনে নতুন নতুন লোক এইছআইভি/এইডছ ত আক্ৰান্ত হৈছে। ১৫ বছৰ বয়সৰ তলৰ প্ৰায় ১০.৪ নিযুত শিশুৱে এইডছত তেওঁলোকৰ মাক বা দেউতাক অথবা দুয়োকে হেৰুৱাইছে।
  • এইৰোগে ক্ৰমান্বয়ে যুৱ সমাজক বেয়াকৈ প্ৰভাৱিত কৰিছে-২০০১ চনত নতুনকৈ ৫ নিযুত লোক সংক্ৰমিত হৈছে। এইসকলৰ ভিতৰত প্ৰায় আধা সংখ্যকৰ বয়স ১৫ ৰ ২৪ বছৰৰ ভিতৰত।
  • কম বয়সীয়া মহিলা এইৰোগত বেছিকৈ আক্ৰান্ত হৈছে।
  • ৭.৩ নিযুত কম বয়সীয়া মহিলা আৰু ৪.৫ নিযুত কম বয়সীয়া পুৰুষ-প্ৰায় ১১.৮ নিযুত কম বয়সীয়া লোক এইছআইভি/এইডছ ত আক্ৰান্ত।
  • এইডছ ৰোগ হিউমেন ইমিউন’ডেফিছিয়েঞ্চি ভাইৰাছ (এইছআইভি) ৰ দ্বাৰা হয়। এইছআইভি য়ে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা নষ্ট কৰি পেলায়।
  • ঔষধে এইছআইভি/এইডছ ত আক্ৰান্ত ব্যক্তিৰ জীৱনকাল দীঘলীয়া কৰি তুলিব পাৰে, কিন্তু বৰ্তমানলৈ এইৰোগ নিৰাময় আৰু প্ৰতিষেধকৰ ব্যৱস্থা নাই।
  • এইছআইভি/এইডছ বিয়পাতো ৰোধ কৰাৰ একমাত্ৰ কাৰ্য্যকৰী কৌশল হ’ল ইয়াক প্ৰতিৰোধ কৰা। বিশ্বৰ সকলো দেশৰ সকলো ব্যক্তিয়েই এই ৰোগ হোৱাৰ পৰা কেনেকৈ আঁতৰি থাকিব পাৰি আৰু সংক্ৰমণ কেনেকৈ ৰোধ কৰিব পাৰি সেই বিষয়ে জনা দৰকাৰ।
  • যৌন কাৰ্য্যৰ দ্বাৰা সংক্ৰমিত এইছআইভি কনডমৰ ব্যৱহাৰেৰে প্ৰতিৰোধ কৰি জীৱন ৰক্ষা কৰিব পৰা যায়।
  • সকলো দেশতে এইৰোগৰ নিৰ্ণয় আৰু পৰামৰ্শৰ ব্যৱস্থা সহজলভ্য হব লাগে।
  • সকলো ব্যক্তিৰে স্বেচ্ছামূলকভাৱে এইছআইভি/এইডছ ৰ পৰীক্ষা কৰা, পৰামৰ্শ লোৱা আৰু গোপনীয়তা অক্ষুন্ন ৰখাৰ অধিকাৰ আছে। লগতে এইছআইভি/এইডছ ৰ স্থিতি সম্পৰ্কে ব্যক্ত কৰাৰ সুৰক্ষিত অধিকাৰ আছে।
  • এইছআইভি/এইডছ ৰ বিভিন্ন সেৱা আৰু কাৰ্য্যসূচীসমূহক বাধা দিব পৰা সকলো ধৰণৰ সামাজিক, সাংস্কৃতিক আৰু ৰাজনৈতিক বাধাবোৰ আঁতৰাবলৈ উপযুক্ত ব্যৱস্থা লোৱাৰ প্ৰয়োজন।

মূল বাৰ্তাসমূহ

এইছআইভি/এইডছ সম্পৰ্কে কিবোৰ কথা সকলো পৰিয়াল আৰু ৰাইজে জনাৰ অধিকাৰ আছে?

১) এইডছ এটা অনাৰোগ্য কিন্তু প্ৰতিৰোধ কৰিব পৰা ৰোগ। এইডছ ৰোগ কৰা এইছআইভি ভাইৰাছটো অসুৰক্ষিত যৌনকাৰ্য্য (কনডম অবিহনে কৰা যৌন সংগম), পৰীক্ষা নকৰা তেজ গ্ৰহণ, দূষিত বেজী আৰু চিৰিঞ্জৰ ব্যৱহাৰ (বেছিভাগ ক্ষেত্ৰতে নিছাযুক্ত ঔষধ বেজীৰে গ্ৰহণ কৰা)আৰু সংক্ৰমিত মহিলাৰ পৰা গৰ্ভাৱস্থা, প্ৰসৱৰ সময়ত বা স্তনদুগ্ধৰ মাজেৰে শিশুলৈ বিয়পে।

২) শিশুসহ সকলো লোকৰে এইছআইভি/এইডছ হোৱাৰ আশংকা থাকে। সকলো লোকেই এইৰোগৰ বিষয়ে তথ্য জনা আৰু জ্ঞান থকাটো উচিত আৰু এই আশংকা কমাবলৈ কনডম ব্যৱহাৰ কৰিব লাগে।

৩) কোনো ব্যক্তিয়ে যদি সন্দেহ কৰে যে তেওঁ এইছআইভি ৰ দ্বাৰা সংক্ৰমিত হৈছে তেন্তে অনতিপলমে স্বাস্থ্যকৰ্মী বা এইছআইভি/এইডছ কেন্দ্ৰলৈ গৈ গোপনীয় পৰীক্ষা আৰু পৰামৰ্শ লব পাৰে।

৪) যৌন কাৰ্য্যৰ দ্বাৰা সংক্ৰমিত এইছআইভি প্ৰতিৰোধ কৰিব পৰা যায়-যদিহে ব্যক্তিয়ে যৌন সংগম নকৰে, যদিহে একাধিক যৌন সংগী নাথাকে, যদিহে যৌন সংগম কৰা দুয়োজন ব্যক্তিয়েই অসংক্ৰমিত হয় বা সুৰক্ষিত যৌন সংগম কৰে-অৰ্থাৎ ভেদ নকৰা যৌন সংগম বা কনডম ব্যৱহাৰ কৰি সংগম কৰে। কনডমৰ সঠিক আৰু উপযুক্ত ব্যৱহাৰে এইছআইভি বিয়পোৱাটো প্ৰতিৰোধ কৰি মানুহৰ জীৱন ৰক্ষা কৰিব পাৰে।

৫) ছোৱালীসকল সহজে এইছআইভি ৰ দ্বাৰা সংক্ৰমিত হয় আৰু তেওঁলোকক সুৰক্ষা দিবলৈ সহায়ৰ প্ৰয়োজন। তেওঁলোকক নিবিছৰা আৰু অসুৰক্ষিত যৌন কাৰ্য্যৰ বিৰুদ্ধে সুৰক্ষা প্ৰদান কৰিব লাগে।

৬) কম বয়সীয়াসকলক এইছআইভি/এইডছ ৰ বিষয়ে তেওঁলোকৰ লগত আলোচনা কৰি কেনেকৈ এই ৰোগৰ পৰা আঁতৰি থাকিব পাৰি আৰু বিয়পাটো কেনেদৰে বাধা দিব পাৰি সেই বিষয়ে পিতৃ-মাতৃ আৰু শিক্ষকে কথা পতাৰ লগতে পুৰুষ আৰু মহিলাৰ কনডমৰ বিষয়েও আলোচনা কৰিব লাগে।

৭) এইছআইভি ত আক্ৰান্ত মাতৃৰ পৰা গৰ্ভাৱস্থা বা প্ৰসৱ বা স্তনপানৰ যোগেৰে শিশুটিৰ গালৈ এই ভাইৰাচ সংক্ৰমিত হয়।

যিসকল গৰ্ভৱতী মহিলা এইছআইভিৰ দ্বাৰা সংক্ৰমিত বা যিসকলে সংক্ৰমিত হোৱা বুলি সন্দেহ কৰে, তেওঁলোকে প্ৰশিক্ষিত স্বাস্থ্যকৰ্মীৰ দ্বাৰা পৰীক্ষা আৰু পৰামৰ্শ লব লাগে।

৮) বেছিভাগ ক্ষেত্ৰতে নিছাযুক্ত ঔষধ বেজীৰে গ্ৰহণ কৰাৰ ফলত বিজানুমুক্ত নকৰা বেজী আৰু চিৰিঞ্জৰ দ্বাৰা এইছআইভি বিয়পি পৰে। দাড়ি খুৰুৱা ব্লেড, খুৰ, চুৰি বা তেনে ধৰণৰ ছাল কাটিব পৰা আহিলা বিজানুমুক্ত নকৰাকৈ একাধিক লোকে ব্যৱহাৰ কৰাৰ ফলতো এইছআইভি বিয়পাৰ আশংকা বৃদ্ধি পায়।

৯) যিসকল লোকৰ যৌনকাৰ্য্যৰ দ্বাৰা সংক্ৰমিত হোৱা ৰোগ আছে তেওঁলোকৰ এইছআইভি সংক্ৰমিত হোৱা আৰু এইছআইভি সংক্ৰমিত কৰাৰ আশংকা অতি বেছি। এনে সংক্ৰমণ থকা লোকে তৎকালে চিকিৎসা কৰোৱাব লাগে আৰু যৌন সংগমৰ পৰা বিৰত থাকিব লাগে বা সুৰক্ষিত যৌন কাৰ্য্যৰ অভ্যাস (সংগম নকৰা যৌনকাৰ্য্য বা কনডমসহ যৌন সংগম) কৰিব লাগে।

সহায়ক তথ্য:এইছআইভি/এইডছ

মূল বাৰ্তা-১

এইডছ এটা অনাৰোগ্য কিন্তু প্ৰতিৰোধ কৰিব পৰা ৰোগ।

এইডছ ৰোগ কৰা এইছআইভি ভাইৰাছটো অসুৰক্ষিত যৌনকাৰ্য্য (কনডম অবিহনে কৰা যৌন সংগম), পৰীক্ষা নকৰা তেজ গ্ৰহণ, দূষিত বেজী আৰু চিৰিঞ্জৰ ব্যৱহাৰ (বেছিভাগ ক্ষেত্ৰতে নিছাযুক্ত ঔষধ বেজীৰে গ্ৰহণ কৰা) আৰু সংক্ৰমিত মহিলাৰ পৰা গৰ্ভাৱস্থা, প্ৰসৱৰ সময়ত বা স্তনদুগ্ধৰ মাজেৰে বিয়পে।

হিউমেন ইমিউন’ডেফিছিয়েঞ্চি ভাইৰাছৰ পৰা এইডছ ৰোগ হয়।ই মানুহৰ দেহৰ প্ৰতিৰক্ষা ব্যৱস্থা নষ্ট কৰি পেলায়। এইছআইভি সংক্ৰমিত ব্যক্তিয়ে ৰোগৰ লক্ষণ নেদেখুৱাকৈ বহু বছৰলৈ জীয়াই থাকে। তেনে লোকক দেখাত স্বাস্থ্যৱান যেন লাগিলেও আনৰ গালৈ এই ভাইৰাছ সংক্ৰমিত কৰিব পাৰে।

এইডছ এইছআইভি সংক্ৰমণৰ শেষ স্তৰ। এইডছ হোৱা লোক লাহে লাহে দূৰ্বল হৈ পৰে কিয়নো তেওঁৰ শৰীৰে ৰোগৰ বিৰুদ্ধে যুদ্ধ কৰাৰ ক্ষমতা হেৰুৱাই পেলায়। প্ৰাপ্তবয়স্কসকলৰ মাজত এইছআইভি সংক্ৰমণৰ পাছত এইডছ হ’বলৈ প্ৰায় ৭ ৰ পৰা ১০ বছৰ সময় লয়। সৰু ল’ৰা-ছোৱালীৰ ক্ষেত্ৰত ই যথেষ্ট সোনকালে বিকাশ হয়। এইডছ ৰোগ আৰোগ্য কৰিব নোৱাৰি, কিন্তু নতুন ঔষধ গ্ৰহণ কৰি আক্ৰান্ত ব্যক্তিয়ে বহুদিনলৈ স্বাস্থ্যকৰ জীৱন কটাব পাৰে।

বেছিভাগ ক্ষেত্ৰতে অসুৰক্ষিত যৌন সংগমৰ দ্বাৰা এইছআইভি বিয়পে। যৌন সংগমৰ সময়ত বীৰ্জ, যোনীৰ পদাৰ্থ বা তেজৰ যোগেৰে সংক্ৰমিত ব্যক্তিৰ পৰা আন ব্যক্তিলৈ এইছআইভি বিয়পে।

বিজানুমুক্ত নকৰা বেজী আৰু চিৰিঞ্জ (নিছাযুক্ত ঔষধ সেৱন কৰাসকলৰ ক্ষেত্ৰতে বেছিকৈ দেখা যায়) ব্যৱহাৰ কৰাৰ বাবেও এইছআইভি এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিলৈ সংক্ৰমিত হয়। দাড়ি খুৰুৱা ব্লেড বা খুৰ, ছুৰি আদি ধৰণৰ সামগ্ৰী আৰু সংক্ৰমিত তেজ এজনৰ পৰা আন এজনলৈ যোৱাৰ ফলতো এইছআইভি বিয়পে। ৰক্তগ্ৰহণ কৰোঁতে সকলো ক্ষেত্ৰতে এইছআইভি ৰ পৰীক্ষা কৰি লব লাগে।

সংক্ৰমিত ব্যক্তিক স্পৰ্শ কৰিলে, সাঁৱতি ধৰিলে, কৰ্মন্দন কৰিলে বা কাঁহ আৰু হাঁছিৰ যোগেৰে এইছআইভি সংক্ৰমিত নহয়। ৰোগীয়ে ব্যৱহাৰ কৰা শৌচাগাৰ, টেলিফোন, কাঁহী-বাটি, পিয়লা, আন খাদ্য গ্ৰহণৰ বাচন-বৰ্তন, গামোছা, বিছনা-চাদৰ, সাতোঁৰা পুখুৰী বা ৰাজহুৱা স্নানাগাৰ ব্যৱহাৰ কৰিলে এইছআইভি/এইডছ সংক্ৰমিত নহয়।

মহ বা আন কীট পতংগৰ দ্বাৰা এইডছ নহয়।

মূল বাৰ্তা-২

শিশুসহ সকলো লোকৰে এইছআইভি/এইডছ ৰ আশংকা থাকে।

সকলো লোকেই এইৰোগৰ বিষয়ে তথা আৰু জ্ঞান থকাটো উচিত আৰু এই আশংকা কমাবলৈ কনডম ব্যৱহাৰ কৰিব লাগে।

এইছআইভি এইডছ হোৱা শিশুসকলক ভাল পৰিপুষ্টি, প্ৰতিষেধন আৰু নিয়মীয়া স্বাস্থ্য যত্নৰ বিশেষ প্ৰয়োজন হয়। এনে কৰিলে শিশুকালত হোৱা সাধাৰণ অসুস্থতাৰ জতিলতাৰ পৰা আঁতৰি থাকিব পৰা যায়। কিয়নো এনেবোৰ সাধাৰণ ৰোগেই এইছআইভি/এইডছ থকা শিশুৰ বাবে মাৰাত্মক হবগৈ পাৰে। যদিহে শিশুটি সংক্ৰমিত হয় তেন্তে হয়তুবা মাক আৰু হয়তু দেউতাকো সংক্ৰমিত হ’ব পাৰে। ঘৰতে স্বাস্থ্য যত্ন আগবঢ়োৱাৰ প্ৰয়োজন হব পাৰে।

অধিক হাৰত এইছআইভি সংক্ৰমিত লোক থকা দেশত কেৱল শিশুসকলেই সংক্ৰমিত হোৱাৰ আশংকা বৃদ্ধি পোৱাই নহয়, ইয়াৰ উপৰিও পৰিয়াল বা সমাজৰ এইছআইভি/এইডছ সংক্ৰমিত সকলৰ প্ৰভাৱো শিশুসকলৰ ওপৰত পৰে।

  • এইছআইভি/এইডছ ত যদিহে শিশু এটিয়ে নিজৰ পিতৃ-মাতৃ, শিক্ষক আৰু যত্ন লওঁতাক হেৰুৱায় তেন্তে প্ৰকৃততে কি হৈছে সেয়া বুজিবলৈ আৰু পৰিস্থিতিৰ সৈতে মুখামুখি হ’বলৈ শিশুটিক সহায়ৰ প্ৰয়োজন হয়।
  • মাউৰা শিশুসকলে ঘৰখনৰ মুৰব্বী হিচাপে দ্বায়িত্ব লব লগা হবগৈ পাৰে আৰু নিশ্চিতভাৱে আৰ্থিক অনাটনৰো সৃষ্টি হ’ব পাৰে। যদি মাউৰা ল’ৰা-ছোৱালীক আন পৰিয়ালে যত্ন লবলৈ আগবাঢ়ি আহে তেন্তে সেই পৰিয়ালতো অতিৰিক্ত শিশুৰ প্ৰয়োজনীয়াবোৰ পূৰাবলৈ সীমিত সমলৰ নাটনি হ’বগৈ পাৰে।
  • এইছআইভি/এইডছ থকা শিশু বা তেওঁলোকৰ পৰিয়ালক সমাজৰ পৰা আঁতৰাই ৰাখিব পাৰে বা তেওঁলোকক স্বাস্থ্য সেৱা বা ভাল শিক্ষা গ্ৰহণৰ পৰা বঞ্চিত কৰিব পাৰে।

এনে বৈষম্যভাৱ দূৰ কৰিবলৈ আৰু বুজাবুজি আৰু সহায়ৰ হাত আগবঢ়াবলৈ শিক্ষকসকলক এইছআইভি/এইডছ ৰ ওপৰত ভালদৰে প্ৰশিক্ষিত কৰা উচিত।

এইছআইভি/এইডছ ৰ দ্বাৰা প্ৰভাৱিত পৰিয়ালটো যাতে একে লগেই থাকে তাৰ প্ৰতি যত্ন ৰাখিব লাগে। মাউৰাসকলক বিশেষ প্ৰতিষ্ঠানত ৰখাৰ ব্যৱস্থাটোৰ পৰা বিৰত থাকিবলৈ চেষ্টা কৰিব লাগে। দূৰ সম্পৰ্কীয় পৰিয়ালৰ লোক বা ৰাইজে এনে মাউৰাসকলৰ প্ৰতিপালনৰ দ্বায়িত্ব ল’লে অধিক উপকৄত হয়।

অতি কম সংখ্যক যুৱক-যুৱতীয়েহে তেওঁলোকে বিছৰা ধৰণে সঠিক আৰু যথোপযুক্ত তথ্য লাভ কৰে। বিদ্যালয়লৈ যোৱা শিশুসকলক তেওঁলোকৰ বয়স সাপেক্ষে এইছআইভি/এইডছ ৰ বিষয়ে সঠিক তথ্য প্ৰদান কৰিব লাগে। আৰু যৌন কাৰ্য্যত সক্ৰিয় হোৱাৰ পূৰ্বেই জীৱনটোৰ বাবে দক্ষতা প্ৰদান কৰিব লাগে। এইখিনি সময়ত যৌনকাৰ্য্য পিছুৱাবলৈ আৰু দ্বায়িত্ববোধ বৃদ্ধিৰ শিক্ষা প্ৰদান কৰে।

প্ৰতিষ্ঠানিক পৰ্য্যায়ত থকা, পদপথত থকা বা শৰনাৰ্থী শিবিৰত থকা শিশুসকলৰ এইছআইভি সংক্ৰমণ হোৱাৰ আশংকা আন সকলতকৈ অতি বেছি থাকে। উপযুক্ত সহায়ক সেৱা ব্যৱস্থা গ্ৰহণৰ প্ৰয়োজন।

মূল বাৰ্তা-৩

কোনো ব্যক্তিয়ে যদি সন্দেহ কৰে যে তেওঁ এইছআইভি ৰ দ্বাৰা সংক্ৰমিত হৈছে তেন্তে অনতিপলমে স্বাস্থ্যকৰ্মী বা এইছআইভি/এইডছ কেন্দ্ৰলৈ গৈ গোপনীয় পৰীক্ষা আৰু পৰামৰ্শ লব পাৰে।

এইছআইভি পৰীক্ষা আৰু পৰামৰ্শমূলক আলোচনাই এইছআইভি সংক্ৰমণ প্ৰথম অৱস্থাতে নিৰ্ণয় কৰাত সহায় কৰে আৰু যিসকল সংক্ৰমিত তেওঁলোকক প্ৰয়োজনীয় সহায়ক সেৱা, আন সংক্ৰমণ নিয়ন্ত্ৰণ কৰা আৰু এইছআইভি/এইডছ সহ কেনেদৰে সুস্থ জীৱন-যাপন কৰি আনলৈ এই ৰোগ সংক্ৰমিত কৰাৰ পৰা আঁতৰি থাকিব পৰা যায় সেই বিষয়ে সক্ষম কৰি তোলে।

পৰীক্ষা আৰু পৰামৰ্শমূলক আলোচনাই যিসকল সংক্ৰমিত নহয় তেওঁলোকেও কেনেদৰে সুৰক্ষিত যৌনকাৰ্য্যৰ দ্বাৰা সংক্ৰমিত নোহোৱাকৈ থাকিব পাৰে তাৰ শিক্ষা প্ৰদান কৰে। যদিহে এইছআইভি/এইডছ ৰ পৰীক্ষাৰ ফলাফল ঋণাত্মক হয় তেন্তে ইয়াৰ অৰ্থ হ’ল যে ব্যক্তিজন সংক্ৰমিত হোৱা নাই বা ভাইৰাছটো নিৰ্ণয় কৰিব পৰাকৈ সময় যথেষ্ট আগতীয়া হৈছে। এইছআইভি ৰ সংক্ৰমণৰ ৬ মাহলৈ তেজ পৰীক্ষাত নিৰ্ণয় কৰিব পৰা নাযাব পাৰে। সাম্ভাব্য এইছআইভি ৰ সংক্ৰমণৰ আশংকা থাকিলে ৬ মাহৰ বিৰতিত পুনৰাই এইছআইভি ৰ পৰীক্ষা কৰি থাকিব লাগে। যিহেতু সংক্ৰমিত ব্যক্তিয়ে যিকোনো সময়তেই ভাইৰাছবিধ সংক্ৰমিত কৰিব পাৰে সেয়েহে যৌন কাৰ্য্যৰ পৰা বিৰত থাকিব লাগে।

প্ৰাপ্তবয়স্ক আৰু শিশুসকল যাতে এই সংক্ৰমণৰ পৰা সুৰক্ষিত হব পাৰে তাৰ বাবে উপযুক্ত গোপনীয়তা সহ এইছআইভি/এইডছ ৰ পৰীক্ষা, পৰামৰ্শ প্ৰদান আৰু তথ্যৰ যোগানেৰে সহায় কৰিবলৈ প্ৰতিটো পৰিয়াল আৰু ৰাইজে দাবী উত্থাপন কৰিব লাগে। এনে পৰীক্ষাই এটা দম্পতীক সন্তান লাগে নে নালাগে সেই সিদ্ধান্ত লোৱাত সহায় কৰে। যদি এজন যৌন সংগী সংক্ৰমিত হয় তেন্তে গৰ্ভধাৰণ কৰিবলৈ চেষ্টা কৰিলে আনজনো সংক্ৰমিত হোৱাৰ অধিক সম্ভাৱনা থাকে।

যদিহে যুৱসকলে এইছআইভি সম্পৰ্কে প্ৰকৃত সত্য তথ্যসমূহ জানে, যৌনকাৰ্য্যৰ পৰা বিৰত থাকে আৰু কনডমৰ ব্যৱহাৰ কৰে, তেন্তে পিছৰ প্ৰজন্মক এই মাৰাত্মক ৰোগৰ পৰা ৰক্ষা কৰাটো সম্ভৱ হবগৈ পাৰে।

মূল বাৰ্তা-৪

যৌন কাৰ্য্যৰ দ্বাৰা সংক্ৰমিত এইছআইভি প্ৰতিৰোধ কৰা যায়।

যদিহে ব্যক্তিয়ে যৌন সংগম নকৰে, যদিহে একাধিক যৌন সংগী নাথাকে, যদিহে যৌন সংগম কৰা দুয়োজন ব্যক্তিয়েই অসংক্ৰমিত হয় বা মানুহে সুৰক্ষিত যৌন সংগম কৰে-অৰ্থাৎ ভেদ নকৰা যৌন সংগম বা যেতিয়া কনডম ব্যৱহাৰ কৰি সংগম কৰে। কনডমৰ সঠিক আৰু উপযুক্ত ব্যৱহাৰে এইছআইভি বিয়পোৱাতো প্ৰতিৰোধ কৰি মানুহৰ জীৱন ৰক্ষা কৰিব পাৰে।

দুজন অসংক্ৰমিত ব্যক্তিৰ মাজত বুজাবুজিগত যৌন সম্পৰ্কই দুয়োকে এইছআইভি/এইডছ ৰ পৰা সুৰক্ষা প্ৰদান কৰে।

একাধিক লোকৰ সৈতে যৌন সংগম কৰিলে এইছআইভি/এইডছ সংক্ৰমিত হোৱাৰ আশংকা বৃদ্ধি পায়, কিয়নো কোনো এজনৰ যদি এই সংক্ৰমণ থাকে তেওঁৰ পৰা আন সকললৈ বিয়পি পৰে।

তথাপিও যিহেতু যিকোনো ব্যক্তিৰে এইছআইভি/এইডছ থাকিব পাৰে সেয়ে একাধিক ব্যক্তিৰ লগত যৌন সংগম কৰিলেই যে এইছআইভি/এইডছ হব সেইটো ডাঠি কব নোৱাৰি।

  • এইছআইভি/এইডছ ৰ সংক্ৰমিত বুলি তেজ পৰীক্ষাৰ যোগেৰেহে সঠিকভাৱে কব পৰা যায়। এজন সংক্ৰমিত ব্যক্তিক সম্পূৰ্ণ স্বাস্থ্যৱানো দেখা যাব পাৰে।

যদি অসংক্ৰমিত দুজন নৰনাৰীয়ে কেৱল ইজনে সিজনৰ লগতহে সুৰক্ষিত যৌন সংগম কৰে তেন্তে দুয়ো অসংক্ৰমিত হৈ থকাটো নিশ্চিত কৰিব পৰা যায়। সুৰক্ষিত যৌন সংগম বুলিলে ভেদহীন যৌন কাৰ্য্যক (যেতিয়া লিংগডাল যোনী, মুখ বা মলদ্বাৰত নোসোমায়) বা সকলো ধৰণৰ যৌন কাৰ্য্যত কনডম ব্যৱহাৰ কৰাটো বুজায়। নতুন লাটেক্স কনডম সহজে ফাটি নাযায় আৰু পাতল হোৱাৰ বাবে অধিক সংবেদনশীল হয়। কনডম কেতিয়াও দুবাৰ ব্যৱহাৰ কৰিব নালাগে।

  • দুয়ো যৌন সংগী উভয়ে সম্পূৰ্ণৰূপে এইছআইভি/এইডছ সংক্ৰমিত নহয় বুলি নিশ্চিত নোহোৱালৈকে সকলো ভেদন যৌন সংগমত কনডমৰ ব্যৱহাৰ কৰিব লাগে। কেৱল এবাৰ কনডমবিহীন অসুৰক্ষিত ভেদন যৌন সংগম কৰিলেও এজন ব্যক্তি এইছআইভি/এইডছ ৰ দ্বাৰা সংক্ৰমিত হব পাৰে।
  • এইছআইভি প্ৰতিৰোধ কৰিবলৈ যোনী, শৌচদ্বাৰৰ যৌন সংগমত প্ৰতিবাৰ কনডম ব্যৱহাৰ কৰিব লাগে।

কনডমৰ ওপৰত পিছল পদাৰ্থ ঘঁহি ল’লে কনডমৰ ব্যৱহাৰ আৰু যৌন কাৰ্য্যৰ সময়ত ফাটি যোৱাৰ সম্ভাৱনা কম থাকে। যদি কনডমটোত পিছল দ্ৰব্য সানি থোৱা নাথাকে তেন্তে চিলিকন বা গ্লিছাৰিন জাতীয় দ্ৰব্য ব্যৱহাৰ কৰিব পাৰি। এই দ্ৰব্যসমূহ লভ্য নহ’লে লেলাৱতীৰেও পিছল কৰি লব পাৰি। তেল বা পেট্ৰলজাতীয় সামগ্ৰী, ৰন্ধন তেল, খনিজ তেল, কেঁচুৱাক ঘঁহা তেল, পেট্ৰলীয়াম জেলি, ভেছলিন আদিবোৰে কনডমটো নষ্ট কৰি পেলায় বাবে এনেবোৰ পদাৰ্থ পিছল কৰিবলৈ ব্যৱহাৰ কৰিব নালাগে। শৌচদ্বাৰৰ সংগমৰ সময়ত সুৰক্ষাৰ বাবে ভালদৰে পিছল কৰা কনডম অত্যাৱশ্যকীয়।

  • মুখৰ যৌন কাৰ্য্যৰ দ্বাৰাও এইছআইভি/এইডছ সংক্ৰমিত হ’ব পাৰে। সেইহে এনে যৌন কাৰ্য্যত পুৰুষে কনডম আৰু মহিলাই পিছল মিহি ৰবৰৰ টুকুৰা ব্যৱহাৰ কৰিব লাগে।

যিহেতু বেছিভাগ যৌনকাৰ্য্যৰ দ্বাৰা সংক্ৰমিত ৰোগ যৌনাংগৰ সংস্পৰ্শৰ দ্বাৰা বিয়পে সেইহে যৌন কাৰ্য্যৰ আগতেই কনডম ব্যৱহাৰ কৰিব লাগে।

ভেদন বিহীন যৌনকাৰ্য্য নিৰাপদ যৌন কাৰ্য্য আৰু এইছআইভি সংক্ৰমণ হোৱাৰ পৰা ৰক্ষা পোৱাৰ আন এটা উপায় (ই অৱশ্যে যৌন কাৰ্য্যৰ দ্বাৰা বিয়পে সকলো ৰোগৰ প্ৰতিৰোধ নহয়)

পুৰুষৰ কনডমৰ আন এটা পৰিপূৰক হ’ল মহিলাৰ কনডম। মহিলাৰ কনডম কোমল, ঢিলা পলিথিন-যিটো যোনীত লগাই লোৱা হয়। ইয়াৰ দুয়োটা মূৰতে সৰু কোমল আঙুঠি থাকে। বন্ধ থকা ফাল আঙুঠিটো যৌন সংগমৰ সময়ত যোনীৰ ভিতৰৰ ফালে ভৰাই দিয়া হয়। আনটো খোলা মুখৰ ফালে থকা আঙুঠিটো যোনীৰ বাহিৰত থাকে। আৰু যোনীৰ চাৰিওকাষ অলমানকৈ ঢাকি ৰাখে। যৌন সংগম কৰাৰ আগতে মহিলাগৰাকীয়ে নিজে যোনীৰ ভিতৰলৈ আঙুলীৰে হেঁচি কনডমটো ভৰাই লব পাৰে। মহিলাৰ এই কমডম পিছলীয়া কৰিবলৈ যিকোনো ধৰণৰ পানী, তেল বা পেট্ৰলীয়াম জাতীয় সামগ্ৰী ব্যৱহাৰ কৰিব পাৰি।

মদিৰাপান কৰিলে বা নিছাযুক্ত ঔষধ সেৱন কৰিলে ভাল বেয়া বিছাৰ বুদ্ধি নোহোৱা হয়। যিসকলে এইডছ ৰ আশংকাৰ বিষয়ে ভালদৰে জানে আৰু সুৰক্ষিত যৌন সম্পৰ্কেও মানি চলে-তেনে লোকেই এনে নিছাশক্ত অৱস্থাত হিতাহিত জ্ঞান হেৰুৱাই এই বিষয়ত গুৰুত্ব নিদিয়ে।

মূল বাৰ্তা-৫

ছোৱালীসকল সহজে এইছআইভি ৰ দ্বাৰা সংক্ৰমিত হয় আৰু তেওঁলোকক সুৰক্ষা দিবলৈ সহায়ৰ প্ৰয়োজন।

তেওঁলোকক নিবিছৰা আৰু অসুৰক্ষিত যৌন কাৰ্য্যৰ বিৰুদ্ধে সুৰক্ষা প্ৰদান কৰিব লাগে।

বহুবোৰ দেশত এইছআইভি আক্ৰান্ত কিশোৰীৰ হাৰ কিশোৰৰ হাৰতকৈ বেছি। কিশোৰীসকল সোনকালে এইছআইভি ৰ দ্বাৰা সংক্ৰমিত হয় কাৰণ-

  • কিশোৰীসকলে যৌন উৎপীড়নৰ বিপদবোৰ সম্পৰ্কে নাজানে বা নিজকে সুৰক্ষিত কৰিবলৈ সক্ষম নহয়।
  • বয়সস্থ ছোৱালীতকৈ তেওঁলোকৰ যোনীৰ ছাল পাতল আৰু সহজে সংক্ৰমিত হয়।
  • বহু বয়সস্থলোকে এওঁলোকৰ লগত যৌন সংগম কৰিবলৈ বিছাৰে কিয়নো এওঁলোকে যৌন সংগমৰ বিষয়ে একো নাজানে বা কমকৈ জানে আৰু এওঁলোকৰ বেছিভাগেই সংক্ৰমণ মুক্ত হৈ থাকে।

ছোৱালী আৰু মহিলাসকলে নিবিছৰা আৰু অসুৰক্ষিত যৌন সংগমৰ পৰা বিৰত থকাৰ অধিকাৰ আছে। পিতৃ-মাতৃ আৰু শিক্ষকে ল’ৰা-ছোৱালীৰ সৈতে এই বিষয়ে আলোচনা কৰি ছোৱালী আৰু মহিলাৰ অধিকাৰ সম্পৰ্কে সচেতন কৰি তুলিব লাগে। ল’ৰাসকলক ছোৱালীক সমান সন্মান দিবলৈ শিকাব লাগে। কোনোবাই ছোৱালীসকলে নিবিছৰা যৌন সংগমৰ সুবিধা গ্ৰহণ কৰিব বিছাৰিলে তাক প্ৰতিৰোধ কৰিব লাগে।

মূল বাৰ্তা-৬

কম বয়সীয়াসকলক এইছআইভি/এইডছ ৰ বিষয়ে আলোচনা কৰি কেনেকৈ এই ৰোগৰ পৰা আঁতৰি থাকিব পাৰি আৰু বিয়পাটো কেনেদৰে বাধা দিব পাৰি সেই বিষয়ে পিতৃ-মাতৃ আৰু শিক্ষকে কথা পতাৰ লগতে পুৰুষ আৰু মহিলাৰ কনডমৰ বিষয়েও আলোচনা কৰিব লাগে।

শিশুসকলেও এইছআইভি/এইডছ ৰ বিপদসমূহৰ বিষয়ে বুজি উঠা প্ৰয়োজন। পিতৃ-মাতৃ, শিক্ষক, স্বাস্থ্যকৰ্মী, অভিভাৱক, সমাজৰ মুৰব্বী আদিসকলে এই প্ৰজন্মক এইছআইভি/এইডছ ৰ বিপদসমূহ, আন যৌন কাৰ্য্যৰ দ্বাৰা বিয়পা ৰোগ আৰু অপৰিকল্পনাগত গৰ্ভধাৰণ সম্পৰ্কে উচিত পথ দেখুৱাব লাগে। সৰু ল’ৰা-ছোৱালীৰ লগত যৌন বিষয়ক কথা আলোচনা কৰা কথাটো অসজা লাগিব পাৰে। বিদ্যালয়লৈ যোৱা শিশুসকলক এইছআইভি/এইডছ ৰ বিষয়ে কি জানে বুলি প্ৰশ্ন কৰি এনে আলোচনাৰ পাঁতনি মেলিব পৰা যায়। যদি তেওঁলোকৰ কিবা তথ্য ভুল হয় তেন্তে প্ৰকৃত তথ্যসমূহ তেওঁলোকক জনোৱাৰ সুযোগ উলিয়াই ল’ব পৰা যায়। শিশুসকলৰ লগত কথা পতা আৰু তেওঁলোকৰ কথাবোৰ মনোযোগেৰে শুনাটোও গুৰুত্বপূৰ্ণ বিষয়। যদি পিতৃ-মাতৃয়ে শিশুসকলৰ লগত এনে আলোচনা কৰিবলৈ ভাল নাপায়, তেন্তে তেওঁলোকে শিক্ষক, সম্পৰ্কীয় লোক বা এনে স্পৰ্শকাঁতৰ বিষয় শিশুসকলৰ লগত কেনেদৰে পাতিব লাগে সেয়া পৰামৰ্শ লব লাগে। এইছআইভি/এইডছ ৰ প্ৰতিষেধক বেজী যে নাই আৰু এইৰোগৰ যে চিকিৎসাও নাই- সেই বিষয়ে এই প্ৰজন্মক ভালদৰে বুজাই দিব লাগে। প্ৰতিৰোধেই যে এই ৰোগৰ একমাত্ৰ সুৰক্ষা সেইটো তেওঁলোকক বুজাব লাগে। যৌন কাৰ্য্যৰ পৰা বিৰত থাকিব পৰাকৈ এই সময়তে তেওঁলোকক শক্তিশালী কৰি তুলিব লাগে।

এইছআইভি/এইডছ ত আক্ৰান্ত ব্যক্তি বা শিশুৰ সৈতে সামাজিক সম্পৰ্ক ৰক্ষাৰ যোগেৰে যে এইছআইভি নিবিয়পে সেই কথা শিশুসকলে জনা দৰকাৰ।

এইছআইভি/এইডছ সংক্ৰমণসহ জীৱিত লোকসকলক যত্ন আৰু সহায়ৰ প্ৰয়োজন। যুৱসকলে এনে লোকৰ প্ৰতি সহানুভূতিশীল আৰু সহায় কৰা প্ৰয়োজন।

মূল বাৰ্তা-৭

এইছআইভি ত আক্ৰান্ত মাতৃৰ পৰা গৰ্ভাৱস্থা বা প্ৰসৱ বা স্তনপানৰ যোগেৰে শিশুটিৰ গালৈ এই ভাইৰাছ সংক্ৰমিত হয়।

যিসকল গৰ্ভৱতী মহিলা এইছআইভি সংক্ৰমিত বা যিসকলে সংক্ৰমিত হোৱা বুলি সন্দেহ কৰে, তেওঁলোকে প্ৰশিক্ষিত স্বাস্থ্যকৰ্মীৰ দ্বাৰা পৰীক্ষা আৰু পৰামৰ্শ লব লাগে।

মাকৰ পৰা শিশুলৈ এইছআইভি সংবাহিত হোৱাৰ আশংকা কমোৱাৰ অতি কাৰ্য্যকৰী উপায় হ’ল মহিলাৰ এইছআইভি সংক্ৰমণ প্ৰতিৰোধ কৰা।

মহিলাক সৱলীকৰণ কৰা আৰু সুৰক্ষিত যৌন সম্পৰ্ক, কনডমৰ ব্যৱহাৰ আৰু যৌন কাৰ্য্যৰ দ্বাৰা সংক্ৰমিত ৰোগৰ উন্নত নিৰ্ণয় আৰু চিকিৎসা ব্যৱস্থাই মহিলাৰ এইছআইভি সংক্ৰমণ হ্ৰাস কৰে। যদি কোনো মহিলাই এইছআইভি সংক্ৰমিত বুলি জ্ঞাত হয় তেন্তে তেওঁক আৱেগিক সহায়ৰ লগতে ভৱিষ্যতৰ পৰিকল্পনা আৰু সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত সহায়ক হোৱাকৈ আলোচনা কৰিব লাগে।

মহিলাগৰাকীয়ে সিদ্ধান্ত গ্ৰহণ কৰাত ৰাজহুৱা সহায়কাৰী গোট বা বেচৰকাৰী সংস্থাবোৰে সহায় আগবঢ়াব পাৰে।

গৰ্ভৱতীসকলে জানিব লাগে যে,

  • গৰ্ভাৱস্থাত নিৰ্দিষ্ট ঔষধেৰে চিকিৎসা কৰিলে শিশুটিলৈ এই  ভাইৰাছ সংক্ৰমিত হোৱাৰ সম্ভাৱনা যথেষ্ট কম কৰিব পৰা যায়।
  • গৰ্ভাৱস্থা আৰু প্ৰসৱৰ সময়ত বিশেষ যত্ন গ্ৰহণ কৰি শিশুটিলৈ ভাইৰাছ বিয়পাৰ সম্ভাৱনা কমাব পৰা যায়।

নতুন মাকসকলে শিশুক খুওঁৱাৰ বিভিন্ন বিকল্পবোৰৰ সম্পৰ্কে জনা প্ৰয়োজন আৰু এইবোৰৰ আশংকাসমূহৰ বিষয়েও জানিব লাগে। কেঁচুৱাটিৰ সৰ্বাত্মক বিকাশ হোৱা আৰু এইছআইভি মুক্ত হৈ থকা উপযুক্ত খাদ্য প্ৰদান পদ্ধতিটো চিনাক্ত কৰাত স্বাস্থ্যকৰ্মীয়ে সহায় আগবঢ়াব পাৰে।

এইছআইভি সংক্ৰমিত মাকে গৰ্ভাৱস্থাত এইছআইভি ৰ বাবে কোনো ধৰণৰ ঔষধ সেৱন নকৰিলে শিশুটিৰ এইছআইভি সংক্ৰমিত হোৱাৰ আশংকা প্ৰতি ৩ জনৰ ভিতৰত এজনৰ থাকে। এইছআইভিৰে সংক্ৰমিত কেঁচুৱাৰ তিনিভাগৰ এভাগৰেই পাছবছৰ বয়সৰ পূৰ্বে মৃত্যু হ’ব পাৰে।

মূল বাৰ্তা-৮

বেছিভাগ ক্ষেত্ৰতে নিছাযুক্ত ঔষধ বেজীৰে গ্ৰহণ কৰাৰ ফলত, বিজানুমুক্ত নকৰা বেজী আৰু চিৰিঞ্জৰ দ্বাৰা এইছআইভি বিয়পি পৰে।

দাড়ি খুৰুৱা ব্লেড, খুৰ, চুৰি বা তেনে ধৰণৰ ছাল কাটিব পৰা আহিলা বিজানুমুক্ত নকৰাকৈ একাধিক লোকে ব্যৱহাৰ কৰাৰ ফলতো এইছআইভি বিয়পাৰ আশংকা বৃদ্ধি পায়।

বিজানুমুক্ত নকৰা বেজী বা চিৰিঞ্জৰ যোগেৰে এজনৰ পৰা আন এজনৰ গালৈ এইছআইভি ভাইৰাছ বিয়পিব পাৰে। কোনো সামগ্ৰী বিজানুমুক্ত নকৰাকৈ আন এজনৰ ছাল কটা কামত ব্যৱহাৰ কৰিব নালাগে।

যিসকল লোকে নিছাযুক্ত ঔষধ বেজীৰে নিজৰ গাত সুমুৱায় লয়, বা এনে নিছামুক্ত ঔষধ সেৱন কৰা ব্যক্তিৰ লগত অসুৰক্ষিত যৌন সংগম কৰে তেওঁলোকৰ এইছআইভি সংক্ৰমিত হোৱাৰ অতি বেছি সম্ভাৱনা থাকে। যিসকল লোকে নিছাযুক্ত ঔষধ গ্ৰহণ কৰে তেওঁলোকে প্ৰতিবাৰ বিজানুমুক্ত কৰা বেজী আৰু চিৰিঞ্জ ব্যৱহাৰ কৰিব লা্গে। কেতিয়াও আনৰ বেজী আৰু চিৰিঞ্জ ব্যৱহাৰ কৰিব নালাগে।

প্ৰশিক্ষিত স্বাস্থ্যকৰ্মীৰ দ্বাৰাহে সদাই বেজী লব লাগে। প্ৰতিটো শিশু আৰু প্ৰাপ্তবয়স্ক লোকক প্ৰতিষেধন প্ৰদান কৰোতে নতুন বা সম্পূৰ্ণ ভাৱে বিজাণুমুক্ত কৰা বেজী আৰু চিৰিঞ্জহে ব্যৱহাৰ কৰিব লাগে। আন ব্যক্তিৰ সৈতে আনকি একেটা পৰিয়ালৰ লোকৰ মাজত একেটা বেজী আৰু চিৰিঞ্জ ব্যৱহাৰ কৰিলে এইছআইভি বা আন মাৰাত্মক ৰোগ বিয়পিব পাৰে। কেতিয়াও আনৰ বেজী আৰু চিৰিঞ্জ ব্যৱহাৰ কৰিব নালাগে। পিতৃ-মাতৃয়ে সকলো শিশুৰ বাবে পৃথক আৰু নতুন বা বিজাণুমুক্ত বেজী আৰু চিৰিঞ্জ ব্যৱহাৰ কৰিবলৈ স্বাস্থ্যকৰ্মীক কব লাগে।

বিজানুমুক্ত নোহোৱা দাড়ি খুৰুৱা ব্লেড বা চুৰি আদিৰে ছাল আদি কটাৰ ফলতো এইছআইভি সংক্ৰমিত হব পাৰে। এনে কটা আহিলা সম্পূৰ্ণভাৱে বিজাণুমুক্ত কৰিহে প্ৰতিজন ব্যক্তিৰ বাবে ব্যৱহাৰ কৰিব লাগে। একে পৰিয়ালৰ সদস্যৰ মাজতো এনে কৰা উচিত।

নৱজাতকৰ নাড়ী কাটিবলৈ ব্যৱহৃত আহিলা সদাই বিজানুমুক্ত হব লাগে। বিশেষকৈ গৰ্ভফুল আৰু গৰ্ভাশয়ৰ পৰা ওলোৱা তেজৰ প্ৰতি বিশেষ সাৱধানতা অৱলম্বন কৰিব লাগে। সুৰক্ষিত হাতমোজা উপলব্ধ হ’লে ব্যৱহাৰ কৰিব লাগে।

দন্ত চিকিৎসা কৰা সঁজুলি, টেটু কৰা, মুখত ঘঁহা সামগ্ৰী প্ৰস্তুতি, কান চাফা কৰা সঁজুলি আৰু আকুপাংচাৰ কৰা সঁজুলিবোৰ প্ৰতিজন ব্যক্তিয়ে ব্যৱহাৰ কৰাৰ পাছত ভালদৰে বিজানুমুক্ত নকৰালৈকে নিৰাপদ নহয়। এনেবোৰ কাৰ্য্য সম্পাদন কৰা ব্যক্তিয়ে কোনো সঁজুলিয়েই যাতে তেজৰ সংস্পৰ্শলৈ নাহে তাৰ বাবে যত্ন লব লাগে।

মূল বাৰ্তা-৯

যিসকল লোকৰ যৌনকাৰ্য্যৰ দ্বাৰা সংক্ৰমিত ৰোগ আছে তেওঁলোকৰ এইছআইভি সংক্ৰমিত হোৱা আৰু এইছআইভি সংক্ৰমিত কৰাৰ আশংকা অতি বেছি।

এনে সংক্ৰমণ থকা লোকে তৎকালে চিকিৎসা কৰোৱাব লাগে। আৰু যৌন সংগমৰ পৰা বিৰত থাকিব লাগে বা সুৰক্ষিত যৌন কাৰ্য্যৰ অভ্যাস (সংগম নকৰা যৌনকাৰ্য্য বা কনডমসহ যৌন সংগম) কৰিব লাগে।

যৌন কাৰ্য্যৰ দ্বাৰা বিয়পা সংক্ৰমণবোৰ যৌন সম্পৰ্কৰ যোগেৰে বিয়পে। যৌন কাৰ্য্যত নিৰ্গত দ্ৰব্য (বীৰ্জ, যোনীৰ পৰা ওলোৱা দ্ৰব্য বা তেজ) বা যৌনাংগৰ ছালৰ সংস্পৰ্শত (বিশেষকৈ যদি সেই স্থানত কোনো ধৰণৰ ঘাঁ, কটা-ছিঙা আদি থাকে-যিবোৰ যৌন কাৰ্য্যৰ দ্বাৰা সংক্ৰমণ হোৱাৰ ফলত হয়) যোগেৰে এনে সংক্ৰমণ হৈ শাৰিৰীক ক্ষতি কৰে। গনোৰিয়া বা ছিফিলছ ধৰণৰ যৌন সংক্ৰমিত ৰোগ থাকিলে এইছআইভি সংক্ৰমণ হোৱাৰ আশংকা বৃদ্ধি কৰি তোলে। যদি এজন যৌন সংক্ৰমিত ৰোগ থকা ব্যক্তিয়ে কোনো সুৰক্ষা অবিহনে এইছআইভি থকা লোকৰ সৈতে যৌন সংগম কৰে, তেন্তে তেওঁৰ এইছআইভি সংক্ৰমিত হোৱাৰ সম্ভাৱনা আন লোকতকৈ ৫-১০ গুণ বৃদ্ধি পায়।

  • কনডমৰ সঠিক আৰু নিয়মীয়া ব্যৱহাৰে যোনী, পায়ু বা মুখৰ যৌন সংগমত এইছআইভিসহ আন যৌন কাৰ্য্যৰ দ্বাৰা বিয়পা ৰোগ বাধা দিয়াত যথেষ্ট সহায় কৰে।
  • যিসকল লোকে যৌন কাৰ্য্যৰ দ্বাৰা সংক্ৰমিত ৰোগ হোৱা বুলি সন্দেহ কৰে তেওঁ শীঘ্ৰে স্বাস্থ্যকৰ্মীৰ দ্বাৰা ৰোগ নিৰ্ণয় আৰু চিকিৎসা কৰোৱাব লাগে। তেওঁলোকে যৌন সংগমৰ পৰা বিৰত থাকিব লাগে বা সুৰক্ষিত যৌনকাৰ্য্য (অ-ভেদন যৌন কাৰ্য্য বা কনডম পিন্ধি যৌন সংগম) কৰিব লাগে। যৌন কাৰ্য্যৰ দ্বাৰা বিয়পা ৰোগ থকা বুলি জনাৰ লগে লগে ব্যক্তিজনে তেওঁৰ যৌন সংগীক এই কথা জনাব লাগে। যদিহে দুয়োগৰাকীয়েই যৌন কাৰ্য্যৰ দ্বাৰা সংক্ৰমিত ৰোগৰ চিকিৎসা নকৰে তেন্তে উভয়ে উভয়ক এনে ৰোগৰে সংক্ৰমিত কৰিব। বেছিভাগ যৌন কাৰ্য্যৰ দ্বাৰা সংক্ৰমিত ৰোগেই আৰোগ্য কৰিব পৰা যায়। যৌন কাৰ্য্যৰ দ্বাৰা সংক্ৰমিত ৰোগ থকা এজন লোকৰ পেচাব কৰোতে লিংগ বিষাব পাৰে বা অসুবিধা পাব পাৰে। যৌনাংগত আৰু মুখৰ ভিতৰত খজুঁৱতি, ঘাঁ, টেমুনা হব পাৰে। এনে সংক্ৰমণ থকা মহিলাৰ যোনীৰে বৰ্জিত পদাৰ্থৰ বৰণ সলনি হয় আৰু বেয়া গোন্ধাব পাৰে, যৌনাংগৰ ওচৰত বিষ বা খজুৱাব বা পোৰণি হব পাৰে আৰু যৌন সংগমৰ সময়ত বা পাছত যোনীত বিষ আৰু যোনীৰে অপ্ৰত্যাক্ষিতভাৱে ৰক্তপাত হব পাৰে। অতি বেছিকৈ সংক্ৰমণ হ’লে জ্বৰ, পেটৰ বিষ আৰু উৰ্বৰতা নোহোৱা হব পাৰে। মহিলাৰ ক্ষেত্ৰত এনে সংক্ৰমণৰ লক্ষণ প্ৰথম অৱ্স্থাত দেখা নিদিবও পাৰে। অৱশ্যে বহুবোৰ এনে যৌনকাৰ্য্যত সংক্ৰমিত ৰোগৰ লক্ষণ পুৰুষসকলৰ দেহতো দেখা নিদিব পাৰে।

আকৌ যৌনাংগত হোৱা সকলো সমস্যা যৌনকাৰ্য্যৰ দ্বাৰা সংক্ৰমিত নহয়। কেনডিজিদিচু আৰু মূত্ৰনলীৰ সংক্ৰমণ এনে ধৰণৰ সংক্ৰমণ। এইবোৰ যৌন সংগমৰ জৰিয়তে নিবিয়পে কিন্তু যৌনাংগত ভিষণ অসুবিধাৰ কাৰণ হৈ পৰে। যৌন কাৰ্য্যৰ দ্বাৰা সংক্ৰমিত ৰোগ পৰম্পৰাগতভাৱে গৱেষণাগাৰৰ পৰীক্ষাত নিৰ্ণয় কৰা হয়। তথাপিও এইবোৰ বহু সময়ত উপলব্ধ নহয় বা অতি বেছি খৰছী হয়।

১৯৯০ চনৰ পৰা বিশ্ব স্বাস্থ্য সংস্থাই লক্ষণ ব্যৱস্থাপনাৰ ভিত্তিত যৌন কাৰ্য্যৰ দ্বাৰা সংক্ৰমিত ৰোগ নিৰ্ণয়ৰ অনুমোদন কৰিছে। এই ব্যৱস্থাপনাৰ মূল অভিব্যক্তিসমূহ হ’ল-

  • চিকিৎসাগত লক্ষণৰ ভিত্তিত মূল বিজাণুৰ শ্ৰেণীবিভাজন।
  • প্ৰতিটো লক্ষণত এই শ্ৰেণীবিভাজনৰ পৰা সঠিক পদ্ধতি অৱলম্বন কৰা।
  • সকলোবোৰ লক্ষণৰ সঠিক চিকিৎসা কৰা।
  • যৌন সংগীৰ ৰোগ চিনাক্ত কৰি তাৰ চিকিৎসা কৰা।
  • কোনো ধৰণৰ গৱেষণাগাৰৰ খৰচী পদ্ধতি নাই।

ক্ৰম তালিকা অনুসৰি এনে লক্ষণভিত্তিক চিকিৎসা কম খৰচী, সহজগম্য আৰু তৎকালে প্ৰদান কৰা সম্ভৱ হোৱাৰ উপৰিও ই অতি কাৰ্য্যদক্ষ।

উৎস: ইউনিছেফ

শেহতীয়া উন্নীতকৰণ: : 6/5/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate