অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

এইডছ

এইডছ

  1. এইডছ কি?
    1. এইচ আই ভি কেই প্ৰকাৰৰ?
    2. এইচ আই ভি সংক্ৰমণৰ উৎস:
  2. যিবোৰ ক্ষেত্ৰত এইচ আই ভি সংক্ৰমিত নহয়
  3. এইচ আই ভি আৰু আন যৌন সংক্ৰমণৰ কিবা সম্পৰ্ক আছে নেকি?
  4. চিনেমা হলৰ চকীৰ আঁহৰপৰা এইচ আই ভি সংক্ৰমিত হ’ব পাৰে নেকি?
  5. শৰীৰত টেটু আঁকিলে, কাটিলে বা নাপিতৰদ্বাৰা এইচ আই ভি সংক্ৰমিত হ’ব পাৰে নেকি?
  6. এইচ আই ভি ব্যক্তিৰ সংস্পৰ্শলৈ আহিলে স্বাস্থ্যকৰ্মীসকলৰ সংক্ৰমণ হ’ব পাৰে নেকি?
  7. চিকিৎসক বা দাঁতৰ চিকিৎসকৰ পৰা সংক্ৰমণ হ’ব পাৰে নেকি?
  8. চকুত তেজৰ চিটিকনি পৰিলে এইচ আই ভি সংক্ৰমিত হ’ব পাৰে নেকি?
  9. শৌচাগাৰৰ যোগেৰে এইচ আই ভি সংক্ৰমিত হ’ব পাৰেনে?
  10. শৰীৰত বেজীৰ মাধ্যমেৰে ড্ৰাগচ (নিছাৰ সামগ্ৰী) ল’লে এইচ আই ভি সংক্ৰমণ হয়নে?
  11. গৰ্ভৱতী অৱস্থাত আৰু স্তনপান কৰালে শিশুৰ দেহলৈ এইচ আই ভি সংক্ৰমিত হ’ব পাৰেনে?
  12. তেজ দান কৰিলে বা তেজ গ্ৰহণ কৰিলে এইচ আই ভি সংক্ৰমণৰ সম্ভাৱনা বাঢ়ে নেকি?
  13. শৰীৰৰ বাহিৰত এইচ আই ভি সংক্ৰমণ হ’ব পাৰেনে?
  14. চুন্নত কৰিলে এইচ আই ভি সংক্ৰমণত প্ৰতিৰোধ কৰে?
  15. সংক্ৰমণ প্ৰতিৰোধক চিকিৎসা কৰি থকা অৱস্থাত, শৰীৰত কম পৰিমাণৰ সংক্ৰমণ থাকিলেও আনলৈ সংক্ৰমণৰ ভয় থাকেনে?

এইচ আই ভি কি? - হিউমেন ইমিউন’ডেফিয়েঞ্চি ভাইৰাছ (ই মানুহৰ প্ৰতিৰোধ ক্ষমতা লুপ্ত কৰি পেলায়)

• এইচ আই ভি ভাইৰাছৰ পৰা এইডছ হয়।

• এইচ আই ভি সংক্ৰমণ নিজে এটা ৰোগ নহয় আৰু ইয়াৰ পৰা লগে লগেই এইডছ নহয়।

• এজন এইচ আই ভি সংক্ৰমিত ব্যক্তিয়ে এইডছ হোৱাৰ বহুবছৰ আগৰেপৰা সুস্থ জীৱন-যাপন কৰিব পাৰে।

• এইচ আই ভি কেৱল মানুহৰ দেহতে পোৱা গৈছে-আন কোনো জীৱিত প্ৰাণীৰ দেহত পোৱা নাযায়। এইচ আই ভি সংক্ৰমিত ব্যক্তিক এইচ আই ভি+ বোলা হয়।

এইডছ কি?

একুৱাৰ্ড ইমিউন’ ডেফিছিয়েঞ্চি চিন্দ্ৰম

এ- একুৱাৰ্ড, অৰ্থাৎ আৰ্জিত বা হোৱা, বংশানুক্ৰম বা উত্তৰাধিকাৰী সূত্ৰে পোৱা নহয়।

আই - ইমিউন’ ৰোগ প্ৰতিৰোধ ক্ষমতা।

ডি -ডেফিছিনেঞ্চি, কম বা যথেষ্ট নহয়।

এছ- চিন্দ্ৰম, বিশেষ ৰোগৰ লক্ষণ।

এইচ আই ভি য়ে মানুহৰ শৰীৰত থকা ৰোগ প্ৰতিৰোধ ক্ষমতা সম্পূৰ্ণৰূপে ধ্বংস কৰি দিয়ে। ইয়াৰ ফলত শৰীৰে ৰোগ হ’লে প্ৰতিৰোধ কৰিব নোৱাৰে। এনে অৱস্থাত আক্ৰান্ত ব্যক্তি নানান ৰোগত সহজে আক্ৰান্ত হৈ পৰে।

এইচ আই ভি কেই প্ৰকাৰৰ?

দুই প্ৰকাৰৰ। এইচ আই ভি-১ আৰু এইচ আই ভি-২।

সমগ্ৰ পৃথিৱীত এইচ আই ভি-১ বেছিকৈ দেখা যায়। সাধাৰণভাৱে এইচ আই ভি বুলিলে এইচ আই ভি-১ ককেই বুজা যায়।

এইচ আই ভি সংক্ৰমণৰ উৎস:

তলত উল্লেখ কৰা মাধ্যমেৰে এজন ব্যক্তিৰ এইচ আই ভি সংক্ৰমণ হ’ব পাৰে।

• অসুৰক্ষিত যৌন সংগম:যদি কোনো ব্যক্তিয়ে এইচ আই ভি সংক্ৰমিত ব্যক্তিৰ সতে কনডম ব্যৱহাৰ নকৰাকৈ, অসুৰক্ষিতভাৱে যৌনসংগম কৰে, তেন্তে আক্ৰান্ত ব্যক্তিৰ পৰা এইচ আই ভি সংক্ৰমিত হ’ব।

• উপযুক্তভাৱে বীজানুমুক্ত নকৰা বেজী বা চিকিৎসালয়ৰ আন সামগ্ৰী:বেজী, চুৰি বা নিৰ্দিষ্ট কিছুমান যন্ত্ৰপাতি সংক্ৰমিত ব্যক্তিৰ দেহত এবাৰ ব্যৱহাৰ কৰাৰ পাছত যদি উপযুক্তভাৱে বীজানুমুক্ত কৰা নহয়-তেন্তে সেই যন্ত্ৰপাতি আন ব্যক্তিৰ দেহত ব্যৱহাৰ কৰিলে তেওঁৰ গালৈ এইচ আই ভি সংক্ৰমিত হ’ব পাৰে।

• অসুৰক্ষিত তেজ গ্ৰহণ:সুস্থ ব্যক্তিয়ে এইচ আই ভি সংক্ৰমিত ব্যক্তিৰ পৰা তেজ ল’লে তেজৰ যোগেৰে সুস্থ ব্যক্তিজনৰো এইচ আই ভি সংক্ৰমণ হ’ব।

• সংক্ৰমিত পিতৃ-মাতৃৰপৰা শিশুলৈ সংক্ৰমণ:এগৰাকী এইচ আই ভি+ মাকৰ গৰ্ভাৱস্থাৰ সময়ত বা শিশু জন্মৰ সময়ত শিশুলৈ সংক্ৰমিত হ’ব পাৰে। মাকৰ গাখীৰৰ যোগেৰেও শিশুলৈ এই ভাইৰাছ সংক্ৰমিত হ’ব পাৰে।

যিবোৰ ক্ষেত্ৰত এইচ আই ভি সংক্ৰমিত নহয়

• হাত মিলালে।

• এইচ আই ভি সংক্ৰমিত ব্যক্তিৰ লগত খোৱা বোৱা কৰা।

• সাধাৰণ চুমা।

• বায়ু বা কাঁহ, হাঁছিৰ যোগেৰে।

• খোৱা বস্তু বা পানীৰ যোগেৰে।

• ঘাঁম, চকুপানী আদিৰ যোগেৰে।

• সংক্ৰমিত ব্যক্তিয়ে ব্যৱহাৰকৰা বাচন-বৰ্তন ব্যৱহাৰ কৰিলে।

• সংক্ৰমিত ব্যক্তিৰ লগত বসবাস কৰিলে।

• মহ, মাখি বা আন পোকে কামোৰাৰ ফলত।

এইচ আই ভি আৰু আন যৌন সংক্ৰমণৰ কিবা সম্পৰ্ক আছে নেকি?

এইচ আই ভি আৰু আন যৌন সংক্ৰমণ ৰোগে এটাই আনটোক প্ৰভাৱিত কৰিব পাৰে। এইচ আই ভি সংক্ৰমিত ব্যক্তিৰ শৰীৰত আন যৌন সংক্ৰমণ থাকিলে এই ভাইৰাছ সংক্ৰমিত হোৱাৰ ভয় বহু বাঢ়ি যায়।

চিনেমা হলৰ চকীৰ আঁহৰপৰা এইচ আই ভি সংক্ৰমিত হ’ব পাৰে নেকি?

এনেদৰে সংক্ৰমণ হ’বলৈ হ’লে আঁহত যথেষ্ট পৰিমাণৰ জীৱিত ভাইৰাছ থাকিব লাগিব।

শৰীৰত টেটু আঁকিলে, কাটিলে বা নাপিতৰদ্বাৰা এইচ আই ভি সংক্ৰমিত হ’ব পাৰে নেকি?

যদি কোনো যন্ত্ৰপাতিত এইচ আই ভি সংক্ৰমিত ব্যক্তিৰ তেজ লাগি থাকে তেন্তে সংক্ৰমিত হব পাৰে। টেটু অঁকা লোকসকলে “সৰ্বাত্মক সাৱধানতা” অৱলম্বন কৰিব লাগে যাতে কোনো ধৰণৰ তেজৰ দ্বাৰা সংক্ৰমণ যেনে, এইডছ, হেপাটাইটিছ-বি আদি এজনৰ গাৰ পৰা আন এজনৰ গালৈ সংক্ৰমণ হ’ব নোৱাৰে।

এইচ আই ভি ব্যক্তিৰ সংস্পৰ্শলৈ আহিলে স্বাস্থ্যকৰ্মীসকলৰ সংক্ৰমণ হ’ব পাৰে নেকি?

এইচ আই ভি সংক্ৰমিত ৰোগীৰ সংস্পৰ্শলৈ আহিলে স্বাস্থ্যকৰ্মীসকলৰ সংক্ৰমণ হোৱাৰ সম্ভাৱনা খুব কম। অৱশ্যে তেওঁলোকে স্বাস্থ্যজনিত সাৱধানতাবোৰ অৱলম্বন কৰিব লাগিব। এইচ আই ভি সংক্ৰমণ থকা ছুৰি বা বেজী দূৰ্ঘটনাবসতঃ তেওঁলোকক আঘাট কৰিলে সংক্ৰমণ হ’ব পাৰে।

চিকিৎসক বা দাঁতৰ চিকিৎসকৰ পৰা সংক্ৰমণ হ’ব পাৰে নেকি?

চিকিৎসালয়ৰ ব্যৱস্থাবোৰৰ মাধ্যমেৰে এইচ আই ভি সংক্ৰমণৰ ঘটনা বিৰল। কোনো ৰোগীক চিকিৎসা কৰাৰ সময়ত প্ৰতিজন চিকিৎসকে সংক্ৰমণ ৰোধী ব্যৱস্থাবোৰ মানি চলিব লাগে।

চকুত তেজৰ চিটিকনি পৰিলে এইচ আই ভি সংক্ৰমিত হ’ব পাৰে নেকি?

গৱেষণাৰপৰা দেখা গৈছে যে, এনে সম্ভাৱনা অতি কম।

শৌচাগাৰৰ যোগেৰে এইচ আই ভি সংক্ৰমিত হ’ব পাৰেনে?

এনেদৰে সংক্ৰমণ হোৱাটো অস্বাভাৱিক। ইউৰোপিয়ান শৌচাগাৰ (কমড)ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত দুই এটা সংক্ৰমণ ঘটনা হৈছে বুলি খবৰ পোৱা গৈছিল যদিও-অনুসন্ধানত দেখা গ’ল যে, প্ৰকৃততে ৰক্তপাত আৰু ছিঙা কোষৰ বাবেহে সংক্ৰমিত হৈছে।

শৰীৰত বেজীৰ মাধ্যমেৰে ড্ৰাগচ (নিছাৰ সামগ্ৰী) ল’লে এইচ আই ভি সংক্ৰমণ হয়নে?

এইচ আই ভি সংক্ৰমণ থকা ব্যক্তিয়ে ব্যৱহাৰ কৰা বেজীত যদি তেওঁৰ তেজ লাগি থাকে আৰু সেইটো যদি আন সুস্থ ব্যক্তিয়ে পৰিস্কাৰ নকৰাকৈ ব্যৱহাৰ কৰে, তেন্তে এইচ আই ভি সংক্ৰমণ ঘটে। কাৰ দেহত সংক্ৰমণ আছে সেইটো যিহেতু জনা নাযায়- গতিকে একেটা বেজী একাধিকলোকে ব্যৱহাৰ কৰিলে এইচ আই ভি সংক্ৰমণ হোৱাৰ সম্ভাৱনা খুব বেছি থাকে।

গৰ্ভৱতী অৱস্থাত আৰু স্তনপান কৰালে শিশুৰ দেহলৈ এইচ আই ভি সংক্ৰমিত হ’ব পাৰেনে?

যদি মাকগৰাকী এইচ আই ভি + হয়- তেন্তে গৰ্ভাৱস্থাত, শিশুৰ জন্মৰ আগত বা পাছত শিশুলৈ এইচ আই ভি সংক্ৰমিত হ’ব পাৰে। তেনে মাকৰ গাখীৰৰ যোগেৰেও শিশুটিৰ দেহলৈ এই ভাইৰাছ সংক্ৰমিত হ’ব পাৰে। যদি কোনো মাতৃ এইচ আই ভি সংক্ৰমিত বুলি জনা যায়-তেন্তে বিশেষ কিছু ঔষধৰ যোগেৰে শিশুলৈ এই ভাইৰাছৰ সংক্ৰমণৰ আশংকা বহু পৰিমাণে কমাই দিব পৰা যায়। ইয়াৰ উপৰিও চিজাৰিয়ানৰ দ্বাৰা প্ৰসৱ কৰাব লগে আৰু স্তনপান নকৰোৱাই ভাল। কাৰণ সংক্ৰমিত মাকৰ গাখীৰতো এই ভাইৰাছ পোৱা গৈছে।

তেজ দান কৰিলে বা তেজ গ্ৰহণ কৰিলে এইচ আই ভি সংক্ৰমণৰ সম্ভাৱনা বাঢ়ে নেকি?

সংক্ৰমিত তেজ গ্ৰহণ কৰিলে এইডছ আই ভি সংক্ৰমিত হয়। আজিকালি অৱশ্যে তেজ দিয়া আৰু লোৱা দুয়োটা ক্ষেত্ৰতে এইচ আই ভি সংক্ৰমণৰ পৰীক্ষা কৰি লোৱা হয়। যিবোৰ ঠাইত এনে পৰীক্ষাৰ ব্যৱস্থা আছে এইচ আই ভি সংক্ৰমণ হ’ব পৰা ঘটনা বিৰল।

শৰীৰৰ বাহিৰত এইচ আই ভি সংক্ৰমণ হ’ব পাৰেনে?

শৰীৰৰ বাহিৰত এই ভাইৰাছ কিছু সময়ৰ বাবেহে জীয়াই থাকে। তথাপিও দেহৰপৰা ওলোৱা তেজ, বীৰ্জ বা আনৰ দেহৰপৰা ওলোৱা পদাৰ্থৰ সংস্পৰ্শলৈ অহাৰ ফলত এইচ আই ভি সংক্ৰমিত হোৱাৰ ঘটনা পোৱা হোৱা নাই। নিচেই কম সংক্ৰমিত তেজৰ সংস্পৰ্শলৈ আহিলেই যে কোনো ব্যক্তিৰ সংক্ৰমণ হ’ব-তাৰ কোনো কাৰণ নাই। পৰীক্ষাত জনা গৈছে যে, এইচ আই ভি বাহিৰৰ পৰিবেশত বেছি সময় জীয়াই নাথাকে। সেইবাবেই বাহিৰৰ পৰা সংক্ৰমণ হোৱাৰ সম্ভাৱনা শূণ্য। গৱেষণাৰ অসম্পূৰ্ণ আৰু ভুল কিছুমান তথ্যৰ বাবে মানুহ অকাৰণত শংকিত হৈছে।

চুন্নত কৰিলে এইচ আই ভি সংক্ৰমণত প্ৰতিৰোধ কৰে?

গবেষণাত দেখা গৈছে যে, চুন্নতকৰা মানুহৰ যৌনসংগমৰ যোগেৰে এইচ আই ভি সংক্ৰমণ হোৱাৰ সম্ভাৱনা ৭০ শতাংশ কম। সাধাৰণতে পুৰুষৰ লিংগৰ ছালৰ ভিতৰৰ ফালে এইচ আই ভি সংক্ৰমণ হোৱাৰ সম্ভাৱনা আটাইতকৈ বেছি। চুন্নত কৰিলে যিহেতু গোটেই ছালখন খোলা যায়, ইয়াত সংক্ৰমণ সুবিধা নাথাকে। ইয়াৰ মানে এইটো নহয় যে, চুন্নত কৰা ব্যক্তিৰ এইচ আই ভি সংক্ৰমণ নহ’ব। সংক্ৰমণৰ সম্ভাৱনাহে কমি যায়। কিন্তু চুন্নতকৰা এইচ আই ভি সংক্ৰমিত ব্যক্তিয়ে যৌনসংগমৰ জৰিয়তে আনক সংক্ৰমিত কৰিব পাৰে।

সংক্ৰমণ প্ৰতিৰোধক চিকিৎসা কৰি থকা অৱস্থাত, শৰীৰত কম পৰিমাণৰ সংক্ৰমণ থাকিলেও আনলৈ সংক্ৰমণৰ ভয় থাকেনে?

এইচ আই ভি সংক্ৰমিত ব্যক্তিয়ে যদি প্ৰতিৰোধৰ চিকিৎসা কৰি থাকে, তেওঁৰ যদি সংক্ৰমণ অতি কম পৰিমাণে হয়- তথাপিও তেওঁৰ দ্বাৰা আন ব্যক্তিৰ দেহলৈ সংক্ৰমণ হ’ব পাৰে। এই ভাইৰাছক সম্পূৰ্ণকৈ নিৰ্মূল কৰা সম্ভৱ হৈ উঠা নাই।

উৎস: আইএনডিজি দল।

শেহতীয়া উন্নীতকৰণ: : 4/22/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate