অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

প্ৰষ্টেট গ্লেণ্ড ইয়াৰ ভয়াৱহতা

প্ৰষ্টেট গ্লেণ্ড ইয়াৰ ভয়াৱহতা

প্ৰত্যেক জীৱৰে বংশ বিস্তাৰৰ কাৰণে একোটাকৈ প্ৰজনন পদ্ধতি থাকে- পুং প্ৰজনন পদ্ধতি আৰু স্ত্ৰী প্ৰজনন পদ্ধতি। প্ৰষ্টেট গ্লেণ্ডটো পুং প্ৰজনন পদ্ধতিৰহে এটা সৰু অংগ। ই স্ত্ৰী প্ৰজনন পদ্ধতিত নাথাকে। প্ৰষ্টেট গ্লেণ্ড হৈছে এটা সৰু আখৰোটৰ আকৃতিৰ অংগ, যিটো ছেমিনেল ভেছিকোলটোৰ তলফালে গাতে লাগি থাকে। মুত্ৰস্থলীৰ পৰা অহা প্ৰস্ৰাৱ নলীডাল ইয়াৰ মাজেৰে গৈ পুং জননেন্দ্ৰিয়ত পৰিছেগৈ, যাতে প্ৰস্ৰাৱবোৰ ইয়াৰ দ্বাৰা সময় অনুযায়ী বাহিৰ হৈ যায়। এই প্ৰষ্টেট গ্লেণ্ডটোৰ দুটা প্ৰধান কাম আছে। এটা হৈছে ইয়াৰ দ্বাৰা এবিধ ৰস প্ৰস্তুত কৰি শুক্ৰাণুবিলাকক নষ্ট হোৱাৰ পৰা ৰক্ষা কৰা আৰু আনটো ইয়াৰ কাৰণে খাদ্য প্ৰস্তুত কৰ। তদুপৰি ই পুং প্ৰজননৰ ক্ষেত্ৰত দুটা প্ৰধান কাম কৰে। তাৰে এটা হৈছে যোৱন অৱস্থাপ্ৰাপ্ত হোৱাৰ সময়ত লিংগ হৰম’ন প্ৰস্তুত কৰা আৰু মানুহজনৰ বয়সৰ লগে লগে ইয়াৰ ওজনৰো বৃদ্ধিহোৱা। এই গ্লেণ্ডটোৰ ওজন এজন প্ৰাপ্তবয়স্ক মানুহৰ ক্ষেত্ৰত ২০ গ্ৰাম। যেতিয়া মানুহজনৰ বয়স ৩০ বছৰ হয়গৈ আৰু এইদৰে বাঢ়ি গৈ ৭০ বছৰমান বয়সত ইয়াৰ ওজন হয়গৈপ্ৰায় ৪০ গ্ৰাম।

প্ৰষ্টেট গ্লেণ্ডৰ ভিতৰত দহন হয় বেক্টেৰিয়াৰ পৰা আৰু তেতিয়া তলত উল্লেখ কৰা লক্ষণবিলাক দেখা যায়- জ্বৰ হোৱা, পিঠিৰ তলফালে বিষৰ উত্পন্ন আৰু সঘনাই প্ৰস্ৰাৱ কৰিব লগা হোৱাটো।

প্ৰস্ৰাৱৰ সমস্যাটো অকল প্ৰষ্টেট গ্লেণ্ডৰ কাৰণতহে হ’ব পাৰে এনে নহয়, মূত্ৰাশয়টোৰ আৱৰণটোৰ আকাৰ ডাঙৰ হ’লে ই দুৰ্বল হয় আৰু প্ৰস্ৰাৱ ওলোৱাত সমস্যাৰ সৃষ্টি কৰে। কিন্তু বহুতো মতা মানুহৰ ক্ষেত্ৰত প্ৰস্ৰাৱৰ সমস্যাটো ইয়াৰ দহনৰ পৰা হোৱা দেখা যায় আৰু এনে কিছুমান সমস্যা হ’লে ডাক্তৰৰ পৰামৰ্শ লোৱাটো ভাল, কাৰণ ইয়াৰ পৰাহে কেঞ্চাৰ হোৱাৰ আশ্ংকা থাকে।

কেতিয়াবা আকৌ কিছু লোকৰ ক্ষেত্ৰত অৰ্থাত বয়সীয়া মতা মানুহৰ ক্ষেত্ৰত প্ৰষ্টেট গ্লেণ্ডটোত কিছুমান কোষৰ সৃষ্টি হয়আৰু তেতিয়া ইয়াৰ আকাৰ বৃদ্ধি হ’লেও ই কেঞ্চাৰৰ লক্ষণ নহয় বুলি বিশেষজ্ঞসকলে মত প্ৰকাশ কৰিছে। তথাপি আন কিছুমান সমস্যাৰ সৃষ্টি হ’ব পাৰে, কাৰণ গ্লেণ্ডটোৰ আকাৰ ডাঙৰ হোৱাৰ লগে লগে ইয়াৰ কাৰ্যক্ষম ক্ষমতাটোও কমি আহে।

এই ৰোগৰ লক্ষণবিলাক পৰিলক্ষিত হ’লে সোনকালে ডাক্তৰৰ পৰামৰ্শ আৰু পৰীক্ষা কৰোৱাটো অতি আৱশ্যকীয়। বিসেষজ্ঞসকলৰ মতে এনে ক্ষেত্ৰত অৱহেলা কৰিব নালাগে। অৱহেলাৰ ফলতহে কেঞ্চাৰ আদিয়ে গা কৰি উঠিব পাৰে। আমাৰ সমাজত শিক্ষিত লোকসলেও এনে ক্ষেত্ৰত অৱহেলা কৰা দেখা যায় আৰু পলম হোৱাৰ পিচতহে ডাক্তৰৰ কাষ চাপে আৰু উপশম হোৱাৰ কোনো উপায়েই নাথাকে। প্ৰায় ৪০-৭০% ৰোগীয়েই এনে অৱস্থাত তেওঁলোকৰ ওচৰলৈ যায়, যেতিয়া কেঞ্চাৰ চেলবিলাক দেহৰ আন আন অংশলৈও বিয়পি পৰেগৈ। দিল্লীৰ ‘মেডান্ত’ হাস্পতালৰ ডা: এন পি গুপ্তাৰ(kidney & Urology dept. of Medanta Hospital)মতে ‘If the patient comes to us at early stage when the cancer is localiged to prostate gland, there are maximum chances for curing the disease through surgical removing of the gland. Unfortunately in our country most cases are detected at later stages due to which the mortality rate is higher’. (The times of India, dated, 13 julu,15)মত প্ৰকাশ কৰিছে যে এজন মানুহৰ ৫০-৭৫ বছৰ বয়সৰ ভিতৰতহে এই ৰোগটো হোৱাৰ আশংকা থাকে। গতিকে এই সময়ছোৱাত সঘনাই প্ৰষ্টেট গ্লেণ্ডটো পৰীক্ষা কৰিব পৰাটো ভাল। তদুপৰি ই এটা বংশানুগতিক ৰোগ। গতিকে পৰিয়ালৰ কোনো লোক যদি কেতিয়াবা এই ৰোগত আক্ৰান্ত হৈছিল, তেনেহ’লে এনে পৰিয়ালৰ লোকসকলে ৪০ বছৰৰ লগে লগে গ্লেণ্ডটো পৰীক্ষা কৰাব লাগে। এইসকল লোকৰ মতে এই ৰোগটো ভাৰতৰ ভিতৰত আমাৰ অসমতে আটাইঅতকৈ বেছি আৰু ইয়াৰ মাত্ৰা অসমত ১১.২%, দিল্লীত ইয়াৰ মাত্ৰা ১০,৭%, বাংগালুৰুত ইয়াৰ মাত্ৰা ৮,৯%, থিৰুৱন্তপুৰমত ৮,৫%, মুম্বাইঅত ইয়াৰ মাত্ৰা ৭,৭%, পুনেত ৭,২% আৰু চেন্নাইত ৭,০%(National cancer registry Kamrup (Metro), Assam)All India Institute of Medical Science (AIIMS)ৰ অনক’লজিৰ(oncology) অধ্যাপক পি কে জোলকাৰৰ  মতে- অতিমাত্ৰা ধূমপান আৰু অবেছিটি। অতিমাত্ৰা মদ ব্যৱহাৰ। এই দুটাই হৈছে প্ৰষ্টেট গ্লেণ্ডৰ কেঞ্চাৰ হোৱাৰ মূল কাৰণ।

গতিকে মানুহৰ জীৱনৰ গতিটোৰ ওপৰতেই প্ৰষ্টেট গ্লেণ্ডৰ কেঞ্চাৰ হোৱা বা নোহোৱাটো নিৰ্ভৰ কৰিছে বা বংশানুক্ৰমিক ‘ব পাৰে। এতিয়া আমি দেখিলো যে বিজ্ঞানীসকলে এই ৰোগটোৰ আচল কাৰণটো দিব পৰা নাই যদিও কেইটামান সম্ভাৱ্য কাৰণৰ ওপৰত আমি সাৱধান হোৱাটো ভাল, যাৰ পৰা হয়টো আমি সকলোৱে এই ভয়াবহ ৰোগতোৰ পৰা আঁতৰি থাকিব পাৰিম। ৪০-৫০ বয়সৰ পৰা গ্লেণ্ডটোৰ পৰীক্ষা কৰোৱ। ৰোগটো যেতিয়া বংশানুক্ৰমিক, আগতে পৰিয়ালৰ লোকৰ বুৰঞ্জীত এই ৰোগ যদি থাকে, তেনেহ’লে (দেউতাক, ককায়েক, ভায়েক) ৪০ বছৰ বয়সৰ পৰাই সাৱধান হোৱা দৰকাৰ। অতিমাত্ৰা খাদ্য যাৰ পৰা অবেছিটি হ’ব পাৰে, অতিমাত্ৰা ধূমপান, অতিমাত্ৰা পানীয় ব্যৱহাৰ।

গতিকে ওপৰত উল্লেখ কৰা লক্ষণবোৰ পৰিলক্ষিত হ’লে ডাক্তৰৰ পৰামৰ্শ, পৰীক্ষা কৰোৱাত অৱহেলা নকৰি সাময়িকভাৱে পৰীক্ষা কৰোৱাই থাকিলে এই ৰোগটোৰ পৰা নিশ্চয় আঁতৰি থাকিব পাৰিব আৰু ভগবানেও নিশ্চয় সহায় কৰিব।

ইয়াৰ ভয়াৱহতা

লক্ষণ

  • নিশা সঘনাই প্ৰস্ৰাৱ কৰিব লগা হোৱা।
  • দিনটো তেনেকৈ বেছি প্ৰস্ৰাৱ কৰাৰ ভাব আহে।
  • টয়লেট পোৱাৰ আগতেই প্ৰস্ৰাৱ ওলাই যাব পাৰে।
  • প্ৰস্ৰাৱ বাহিৰ হোৱাত পলম হোৱা।
  • মূত্ৰাশয়টো খালি হৈ নাযায়।
  • প্ৰস্ৰাৱ কৰা প্ৰণালীটো পলম হ’ব পাৰে।
  • প্ৰস্ৰাৱ কৰিয়েই থাকিবৰ মন যাব- ওলাই যাব, ওলাই যাব নিচিনা ভাব হ’ব পাৰে।
  • প্ৰস্ৰাৱ কৰাৰ পিচতো টোপটোপকৈ প্ৰস্ৰাৱ ওলাই থাকে। কেতিয়াবা আকৌ-
  • প্ৰস্ৰাৱ কৰিবলৈ কষ্ট হয়-ওলাই নাহে
  • প্ৰস্ৰাৱ কৰোতে বিষৰ অনুভৱ।
  • জননেন্দ্ৰিয়ৰ পৰা আন বস্তু ওলোৱা।

লিখক: ডা: ব্ৰজেন মহন্ত, অসমীয়া প্ৰতিদিন।

শেহতীয়া উন্নীতকৰণ: : 3/14/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate