অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মুখগহ্বৰৰ ঘাঁ বা মুখপাক ৰোগ (Mouth ulcer/Stomatitis) আৰু ইয়াৰ প্ৰতিকাৰ

মুখগহ্বৰৰ ঘাঁ বা মুখপাক ৰোগ (Mouth ulcer/Stomatitis) আৰু ইয়াৰ প্ৰতিকাৰ

 

মুখগহ্বৰ হৈছে মানুহৰ খাদ্যনলীৰ বা পাচনতন্ত্ৰৰ প্ৰথম আৰু প্ৰধাণ অংগ ৷ ওঁঠ (lips), দাঁত(teeth), দাঁতৰ আলু (gums), জিভা(tongue), গালৰ ভিতৰৰ অংশ, জিভাৰ তলৰ অংশ, তালু(palate) , আলজিভা(uvula) আদিক একেলগে মুখগহ্বৰ বুলি কোৱা হয় ৷ আমি খোৱা খাদ্য ইয়াতে লালটি বা চেলেইভা ৰ দ্বাৰা আংশিকভাৱে পাচন হৈ খাদ্যনলীৰ তলৰ অংশসমূহলৈ গতি কৰে ৷ কিন্তু মুখগহ্বৰত কিবা সমস্যাৰ সৃষ্টি হ’লে এই পাচন পক্ৰিয়া বাধাগ্ৰস্ত হয় বা আমি খাদ্য গ্ৰহণ কৰোঁতে অসুবিধাৰ সৃষ্টি হয় ৷ আনকি মুখ মেলোতে বা কথা পাতোতেও সমস্যা হয় ৷ বিশেষকৈ বৰ্তমান সময়ত মানুহৰ খাদ্যাভ্যাস আৰু জীৱনশৈলীৰ পৰিৱৰ্তনে মুখগহ্বৰৰ বিভিন্ন ৰোগ সৃষ্টি কৰে ৷ বিভিন্ন জ্বলা,পোৰা মচলাযুক্ত খাদ্য,ধপাঁত জাতীয় পদাৰ্থ যেনে বিৰি, চিগাৰেট,চাধা,তামোল পাণ,গুটখা,মদ্যপান আদিৰ অত্যাধিক ব্যৱহাৰে মুখগহ্বৰৰ ৰোগ হোৱাত প্ৰভাৱ পেলায় ৷ মুখগহ্বৰৰ ঘাঁ হৈছে এনে এটা সহজতে হোৱা ৰোগ যাক চিকিৎসা বিজ্ঞানৰ ভাষাত Mouth ulcer বা ষ্টমা’টাইটিছ (Stomatitis) বুলিও কোৱা হয় ৷ বৰ্তমানৰ দৰে প্ৰাচীন কালতো ভাৰতবৰ্ষত এই ৰোগৰ পাদুৰ্ভাব আছিল বুলি গম পোৱা যায় ৷ প্ৰায় পাঁচ হাজাৰ বছৰ পুৰণি আয়ুৰ্বেদৰ প্ৰায়ভাগ মুখ্য গ্ৰন্থতে মুখগহ্বৰৰ ৰোগৰ বিস্তৃত বিৱৰণ পোৱা যায় ৷ চৰক সংহিতাত ৬৪ টা,সুশ্ৰুত সংহিতাত ৬৫ টা আৰু অস্টাংগ সংগ্ৰহ গ্ৰন্হত ৭৫ টা ,ভাৱপ্ৰকাশ ত ৬৭টা ,সাৰংগধৰ সংহিতাত ৭৪টা মুখ গহ্বৰ ৰোগৰ উল্লেখ আছে ৷ আচাৰ্য্য চৰক আৰু কাশ্যপে মুখগহ্বৰৰ ৰোগক ’মুখপাক’ ৰোগ বুলি অভিহিত কৰিছে ৷ মুখপাক মানে হৈছে মুখৰ ভিতৰৰ আৱৰণৰ পাকঅৱস্হা বা পকি যোৱা অৱস্থা (stage of suppuration/ulcer formation) আনহাতে আচাৰ্য্য সুশ্ৰুত আৰু বাগভত্তে ’সৰ্বচৰ ৰোগ’ বুলি কৈছে ৷ মুখগহ্বৰৰ বিভিন্ন অংশত এই ৰোগ হয় বাবে ’সৰ্বচৰ ৰোগ’ বোলা হয় ৷

ঘাঁ বা ulcer ক আয়ুৰ্বেদত ব্ৰণ বুলিও কোৱা হয় ৷ ’সুশ্ৰুত সংহিতা’ গ্ৰন্হত কৈছে যে এই ব্ৰণ উৎপত্তি হ’লে শৰীৰৰ কোষসমূহ চূৰ্ণ বিচূৰ্ণ হয় (অৰ্থাৎ ’ব্ৰণ গাত্ৰবিচূৰ্ণনে ব্ৰণয়তীতি ব্ৰণ") ৷ উক্ত ব্ৰণ বা ঘাঁ ত্ৰিদোষ (বাত,পিত্ত আৰু কফ) দুষিত হৈ সৃষ্টি হয় বা বিভিন্ন বাহ্যিক কাৰণ যেনে চোকা অস্ত্ৰৰ আঘাত,তীক্ষ্ণ ঔষধিৰ প্ৰয়োগ বা অগ্নি,ক্ষাৰ,বিষক্ৰিয়া বা বিভিন্ন পশু পক্ষীৰ আক্ৰমণত উৎপত্তি হয় ৷ ফলশ্ৰুতিত মানৱ শৰীৰৰ চাল, মাংস ,সিৰা, স্নায়ু, অস্থি, মেদ ,কোষ্ঠ ,মৰ্ম আদি আক্ৰান্ত হৈ ’নিজ’ আৰু ’আগন্তুজ’ দুই ধৰণৰ ব্ৰণ সৃষ্টি কৰে ৷ ’নিজ’ ব্ৰণ শৰীৰৰ ত্ৰিদোষৰ প্ৰভাৱত হয় ,আনহাতে ’আগন্তুজ’ ব্ৰণ বাহ্যিক আঘাটৰ বাবে উৎপত্তি হয় ৷

কাৰণ -


মুখপাক বা Stomatitis ৰোগ হ’লে মুখৰ ভিতৰৰ শ্লেচমা আৱৰণ (mucous membrane) ত প্ৰদাহ আৰম্ভ হয় যাক চিকিৎসা বিজ্ঞানৰ ভাষাত ইনফ্লেমেচন (Inflammation) বোলা হয় ৷ এই ইনফ্লেমেচন কেতিয়াবা ঘাঁ(ulcer) লৈ পৰিৱৰ্তিত হয় ৷ এনে ইনফ্লেমচন বা ঘাঁৰ প্ৰধাণ কাৰনসমূহ এনেধৰনৰঃ

১ ) আঘাটজনিত(Injury):-

টান বা খহতা টুথব্ৰাছৰ ব্যৱহাৰ,দাঁতৰ কামোৰ খোৱা,বেছি গৰম বস্তু সেৱন কৰা, মুখৰ ভিতৰত কিবা চোকা বস্তুৰ আঘাট পোৱা ,দুৰ্ঘটনাক্ৰমে মুখত এচিদ বা এলকালিৰ দ্বাৰা আক্ৰান্ত হোৱা ,অধিক জ্বলা মচলা খাদ্য সেৱন,তামোল,পান,ধপাত,গুটখাবিৰি,চিগাৰেট,মদ্যপান আদি ৷

২ ) বীজানুৰ সংক্ৰমণঃ-

ভাইৰাছ ( যেনে Herpes simplex,চিকেনপক্স ৰ বীজাণু Vericella zoster virus আদি),বেক্টেৰিয়া (যেনে Borrelia Vincenti, চিফিলিছৰ ৰ বীজাণু Treponema pallidum আদি ), ফাংগাচ ( যেনে Candida albicans) ইত্যাদি ৷

৩) পুষ্টিহীনতা আৰু ভিটামিনৰ অভাৱ বিশেষকৈ ভিটামিন B,C, আইৰণৰ অভাৱ ৷

৪) বিভিন্ন ৰোগ যেনে মিজেলছ,ডায়েবেটিছ, Crohn's disease,Coeliac disease,Systemic lupus Erythematosus,লিউকেমিয়া, মুখগহ্বৰৰ কৰ্কটৰোগ আদি ৷

৫) বিভিন্ন দৰৱৰ পাৰ্শ্বক্ৰিয়া যেনে দীঘলীয়াকৈ এন্টিবায়’টিকৰ ব্যৱহাৰ কৰাৰ ফলত পাচনতন্ত্ৰৰ প্ৰয়োজনীয় বেক্টেৰিয়েল ফ্লোৰা ধ্বংস হৈ ভিটামিনৰ অভাৱ ঘটি ঘাঁ দেখা দিব পাৰে নতুবা চাইত’টক্সিক দৰৱ ৰ ব্যৱহাৰ ফলতো দেহৰ প্ৰতিৰোধক্ষমতাৰ (immunity) কমি গৈ হ’ব পাৰে ৷ ইয়াৰ উপৰিও বিভিন্ন দৰৱৰ ’এলাৰ্জীক ৰিয়েকশ্যন’ৰ ফলতো মুখগহ্বৰত ঘাঁ দেখা দিব পাৰে যাক Hypersensitivity বোলা হয় ৷

৬) ৰে ডিঅ’থেৰাপীঃ-

কেঞ্চাৰ আদিৰ দৰে বিভিন্ন ৰোগত ৰেডিঅ’থেৰাপী ব্যৱহাৰ কৰিলে চেলাইভেৰী গ্লেন্ডবোৰ ধ্বংস হৈ যোৱাৰ পৰিপ্ৰেক্ষিতত মুখৰ ভিতৰৰ লালটি নিঃসৰন কমি যায় আৰু শ্বেচমাৱৰণ শুকান হৈ পৰে ৷ ফলশ্ৰুতিত মুখগহ্বৰৰ ঘাঁ উৎপত্তি হয় ৷

প্ৰকাৰ -

ওপৰত উল্লেখ কৰা কাৰণ আৰু লক্ষণসমূহৰ ওপৰত ভিত্তি কৰি তলত দিয়া ধৰণে স্টমা'টাইটিছ ৰোগক ভাগ কৰিব পাৰিঃ-

১)ট্ৰমাটিক আলচাৰ (Traumatic Ulcer):-

উপৰোক্ত আঘাটজনিত কাৰণসমূহৰ বাবে উৎপত্তি হোৱা মুখগহ্বৰৰ ঘাঁক ট্ৰমাটিক আলচাৰ বোলা হয় ৷ এই ঘাঁ মুখগহ্বৰৰ বিভিন্ন স্হানত হ’ব পাৰে ৷

২ ) এফথা’ছ আলচাৰ (Aphthous Stomatitis):-

এই ধৰণৰ ঘাঁ সাধাৰণতে প্ৰাপ্তবয়স্ক ব্যক্তিৰ ক্ষেত্ৰত বেছিকৈ দেখা যায় ৷ মুখৰ বিভিন্ন অংশত হোৱা এই ঘাঁ যথেষ্ট বিষ আৰু অত্যাধিক লালটি নিঃসৰণ হোৱা দেখা যায় ৷ ৩০ শতাংশ ব্যক্তিৰ ক্ষেত্ৰত এই ধৰণৰ ঘাঁ পুনাৰাবৃত্তি হোৱা দেখা যায় ৷ তেতিয়া তাক ৰিকাৰেন্ট (Recurrent) এফথাছ আলচাৰ বোলা হয় ৷ বেছিভাগ ক্ষেত্ৰতে চিকিৎসা কৰিলে ঠিক হৈ যায় বা এক-দুই সপ্তাহত নিজে নিজে ঠিক হৈ যায় ৷ এফথাছ আলচাৰ সাধাৰণতে গালৰ ভিতৰ ফালে,জিভাৰ কাষৰ ফালে বা মুখগহ্বৰৰ তলৰ অংশত হোৱা দেখা যায় ৷ এই ধৰণৰ ঘাঁ গোলাকাৰ আকৃতিৰ আৰু ১ মি.মি ৰ পৰা ১৫ মি.মি ৰ সমান হয় ৷

৩)মনিলিয়াল ষ্টমা’টাইটিছ বা অ’ৰেল থ্ৰাছ (Monilial Stomatitis /Thrush):-

এই ধৰণৰ মুখৰ ঘাঁ প্ৰধানকৈ শিশুৰ ক্ষেত্ৰত প্ৰথম কেইসপ্তাহমানতে দেখা যায় ৷ ইয়াৰ উপৰিও দুৰ্বল ব্যক্তি,ডায়েৱেটিক ৰোগী,AIDS ৰোগী,দিঘলীয়াকৈ এন্টিবায়’টিক,কৰটিক’ষ্টেৰ’ইড ,চাইট’টক্সিক দৰৱ ব্যাৱহাৰ কৰা ব্যক্তিৰো হোৱা দেখা যায় ৷ সাধাৰণতে Candida albicans নামৰ ফাংগাছবিধৰ আক্ৰমণৰ ফলত এই ধৰণৰ ঘাঁ হয় ৷ বগা ধৰণৰ এই ঘাঁ মুখৰ ভিতৰৰ গালত আৰু জিভাত বেচিকৈ হয় ৷এই ঘাঁ সমূহ যথেষ্ট বিষ হয় ৷ আনকি কেতিয়াবা মুখগহ্বৰৰ তলৰ অংশ যেনে ফেৰিংছ আক্ৰান্ত হৈ খোৱা বস্তু গিলোতে কষ্ট হয়গৈ ৷যাক Dysphagia বোলা হয় ৷

৪) ভিনচেন্ট এনজাইনা (Vincent's Angina):-

এই ধৰণৰ ঘাঁ Borrelia Vincenti নামৰ বীজানুৰ দ্বাৰা হয় ৷ এই ধৰণৰ ঘাঁ ৰঙা গুটিৰ দ্বৰে আৰু সাধাৰণতে দাতঁৰ আলুত হোৱা দেখা যায় ৷ এই ঘাঁ যথেষ্ট বেদনাদায়ক, ৰক্ত নিৰ্গত হোৱা আৰু মুখেৰ বেয়া গোন্ধ ওলায় ৷

৫) এংগুলাৰ ষ্টমা’টাইটিছ (Angular Stomatitis ):-

এই ধৰণৰ ঘাঁ দুইটা ওঁঠৰ মাজৰ দুয়োফালে থকা চুকত (কাউৰি ?) ত হোৱা দেখা যায় ৷ সৰু ল’ৰা ছোৱালী ৰ ক্ষেত্ৰত আৰু বুঢ়া মানুহৰ ক্ষেত্ৰত বেছিকৈ হয় ৷ কাৰন সৰু ল’ৰা ছোৱালীয় বাৰে বাৰে জিভাৰে ওঁঠ চেলেকি থকা বাবে আৰু বুঢ়া মানুহৰ দাতঁ নোহোৱাৰ বাবে ওঁঠদুটা জোৰকৈ বন্ধ কৰাৰ পৰিপ্ৰেক্ষিতত ওঁঠৰ চুকত এই ধৰণৰ ঘাঁ উৎপত্তি হয় ৷ বেছিকৈ তামোল পাণ খোৱা ব্যক্তি আৰু ওঁঠৰ চুকেৰে লালটি ওলাই থকা ব্যক্তিৰো এই ধৰণৰ মুখপাক হোৱা দেখা যায় ৷ এই ধৰণৰ ঘাঁ ৰঙা বৰণৰ হয় আৰু খজুয়টি,বিষ অনুভৱ হয় ৷ পিছলৈ এই ঘাঁ ফাংগাছ বা বেক্টেৰিয়াৰ দ্বাৰা বীজাণু সংক্ৰমণ হ’ব পাৰে।

৬) কেনক্ৰাম অ’ৰিছ বা গ্ৰেংগ্ৰেনিয়াছ ষ্টমা’টাইটিছ ( Cancrum Oris /Gangrenous stomatitis):-

এই ধৰণৰ ঘাঁ খুব কম দেখা যায় ৷ ইয়াৰ লগত সৰুআই, পুষ্টিহীনতা, লিউকেমিয়া আদি ৰোগত জড়িত হৈ থাকে ৷ ওঁঠ,গালৰ ভিতৰৰ ফালে,দাঁতৰ আলু আদি ধ্বংসপ্ৰাপ্ত হয় ৷ বিষ,খাবলৈ মন নোযোৱা,জ্বৰ আদি লক্ষণ দেখা যায় ৷

৭) পুষ্টিহীনতাৰ কাৰনে হোৱা ষ্টমাটাইটিছঃ-

পুষ্টিহীনতাৰ বাবে হোৱা এই ধৰণৰ ষ্টমা'টাইটিছ ৰোগত গালৰ ভিতৰভাগ আৰু জিভাখন যথেষ্ট পাতল হৈ যায় ৷ ফলশ্ৰুতিত কিবা গৰম বা জ্বলা পোৰা বস্তু খালে বা কিবা বস্তুৰ দ্বাৰা আঘাতপ্ৰাপ্ত হ’লে খুব সহজতে মুখৰ ভিতৰভাগ আক্ৰান্ত হয় ৷

৮) চিফিলিছৰ কাৰণে হোৱা ষ্টমা'টাইটিছ ( Chancre):-

চিফিলিছ নামৰ ৰোগ Treponema pallidium বেক্টেৰীয়াৰ দ্বাৰা হয় ৷ ই যৌন সম্পৰ্কৰ দ্বাৰা এজনৰ পৰা আনজনলৈ বিয়পে ৷ এই ৰোগ হ’লে যৌনাংগ,ওঠ,জিভা আদিত প্ৰথম অৱস্হাত সৰু সৰু গুটিৰ দৰে ঘাঁ দেখা যায় যাক Chancre বোলা হয় ৷ এইবোৰৰ বিষ নাথাকে ৷ পিছলৈ এই ঘাঁই ভয়াৱহ ৰূপ লয় ৷

চিকিৎসা -


১)আয়ুৰ্বেদৰ মতে এই ৰোগত পিত্ত দোষৰ প্ৰভাৱ বেছি থাকে সেয়েহে পিত্ত দোষ প্ৰকোপ কৰিব পৰা আহাৰ বিহাৰ যেনে ভজা পোৰা তেলজাতীয় খাদ্য (spicy food), ফাষ্ট ফুদ, তামোল, চাধা, বিৰি,  চিগাৰেট আদি ধপাঁত জাতীয় দ্ৰব্যৰ ব্যৱহাৰ, মদ্যপাণ, ৰাতি দেৰকৈ খোৱা ,শাৰীৰিক পৰিশ্ৰমৰ অভাৱ, সময়মতে খাদ্য গ্ৰহণ নকৰা ইত্যাদি ত্যাগ কৰা উচিত ৷

২) এই ৰোগত ৰোগৰ কাৰণসমূহ চিনাক্তকৰণ কৰি চিকিৎসা কৰা দৰকাৰ ৷ অধিকাংশ ক্ষেত্ৰতে ৰোগৰ কাৰণসমূহৰ পৰা বিৰত থাকি এই ৰোগ হোৱাত বাধা দিব পাৰি ৷
৩) উক্ত ৰোগত কচায়, মধুৰ, শীতল ,সিদ্ধ আহাৰ আৰু ঔষধি প্ৰয়োগ কৰা উচিত ৷
খোৱা ঔষধিৰ লগতে ঘাঁ হোৱা স্হানত লগোৱা দৰৱ নতুবা বিভিন্ন দৰৱ কুলিকুলি(gargle) হিচাপে ব্যাৱহাৰ কৰি সুফল পোৱা যায় ৷
৪) আয়ুৰ্বেদত উল্লেখিত বিভিন্ন ঔষধি গছ লতা এল’ভেৰা,  গিলয়,  খদিৰ (acacia catechu) ত্ৰিফলা ( আমলখী,শিলিখা,ভোমোৰা ),চন্দন , উচিৰ (vittivera zizinoides),  মুষ্টক ( cyperus rotundus) , যষ্টিমধু,  মধুৰী, লং, ইলাচী , জাতিফলম আদি একক ঔষধি হিচাপে আৰু যৌগিক ঔষধি যেনে খদিৰাদি, এলাদী বটী,  উচিৰাসৱ, কুমাৰীসৱ, চন্দনাসৱ, আমলখি ৰসায়ন আদি ব্যাৱহাৰ কৰি সুফল পাব পাৰি ৷ ইয়াৰ উপৰিও ইৰিমিদাদি তৈল , মৌ,তংকন ভস্ম আদি ঘাঁ হোৱা স্থানত লগাই সুফল পাব পাৰি ৷ ত্ৰিফলা কচায়,  পঞ্চবল্কল কচায় আদিৰে প্ৰক্ষালণ কৰি সোনকালে আৰোগ্য হ’ব পৰা যায় ৷

৫) মুখগহ্বৰৰ ঘাঁৰ ক্ষেত্ৰত মুখগহ্বৰৰ স্বচ্ছ্যতা (oral hygine ) নিয়ন্ত্ৰণ কৰি ৰখাটো নিত্যান্তই আৱশ্যক ৷ আজিকালি বজাৰত উপলব্ধ বিভিন্ন এন্টিচেপ্টিক মাউঠ ওৱাছ আৰু টুথপেষ্ট ব্যৱহাৰ কৰিব পাৰি ৷

৬) এনে ৰোগ দেখা পালেই চিকিৎসকৰ লগত আলোচনা কৰি দৰৱ ব্যৱহাৰ কৰা দৰকাৰ ৷ কেতিয়াবা ৰোগ চিনাক্তকৰণৰ বাবে পৰীক্ষাগাৰৰ পৰীক্ষা নিৰীক্ষাৰো প্ৰয়োজন হয় ৷ বিশেষকৈ দৰৱ ব্যৱহাৰৰ পিছতো ভাল নহ’লে বা বাৰে বাৰে এনে ঘাঁ হৈ থাকিলে Routine blood test,Blood Sugar, VDRL ,HIV test,Culture and sensivity test ,Biopsy আদিৰ প্ৰয়োজন হয় ৷ ৰোগৰ অৱস্হাৰ ওপৰত নিৰ্ভৰ কৰি এন্টিবায়’টিক,এন্টিফাংগেল,এন্টি ভাইৰেল,এনালজেচিক (বিষ নিৱাৰণৰ ঔষধ) ,অতিৰিক্ত ভিটামিন ( বিশেষকৈ ভিটামিন B আৰু C) আৰু আইৰণ প্ৰয়োগ কৰিব লগীয়া হ’ব পাৰে ৷ সেয়েহে চিকিৎসকৰ পৰামৰ্শ লোৱাটো অতি জৰুৰী কাৰণ মুখগহ্বৰৰ ঘাঁ ই হয়তো কৰ্কট ৰোগৰ আগজাননীও দিব পাৰে ৷


লেখক :-  ডা:  ইন্দুভূষণ শৰ্মা

উৎস :- স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

শেহতীয়া উন্নীতকৰণ: : 5/16/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate