মহ প্ৰাণীজগতৰ কিউলিচিডি পৰিয়ালৰ এবিধ সৰু পতংগ। আভিধানিকভাৱে মস্কিট’ শব্দটিৰ অৰ্থ হ’ল ‘সৰু মাখি’। মহৰ সৰ্বমুঠ ৪১ টা জাতি আৰু প্ৰায় ৩,৫০০ প্ৰজাতি আছে। এই ৪১ টা জাতিৰ ভিতৰত ট’ক্চোৰিংকাইটিছ জাতিৰ বাদে আন সকলো জাতিৰ মাইকী মহে কণী পাৰিবলৈ মানুহ বা অইন প্ৰাণীৰ তেজ খাব লাগে। এইসমূহৰ ভিতৰত এনোফিলিছ জাতিৰ প্ৰায় এশটা প্ৰজাতি, কিউলেক্স, অ’ক্লিৰ’টেটাছ, ঈডিছ আৰু চ’ৰোফেৰা জাতিৰ কেবাটাকৈ প্ৰজাতি আৰু ক’কুইলেটিডিয়া জাতিৰ এটা প্ৰজাতিয়ে মানুহৰ শৰীৰলৈ বিভিন্ন ৰোগ বিয়পাব পাৰে। বিভিন্ন জাতিৰ মহৰ ৭০ টাতকৈ অধিক প্ৰজাতি বৰ্তমান অসমত আৰু সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত ১৩০ টাতকৈ অধিক প্ৰজাতিৰ অস্তিত্ব পোৱা হৈছে। মহে বিভিন্ন ৰোগকাৰী ভাইৰাছ, বেক্টেৰীয়া আৰু পৰজীৱিৰ বাহক হিচাপে কাম কৰি ৰোগ বিয়পাব পাৰে, যদিও ই নিজে আক্ৰান্ত নহয়। মহে বিয়পোৱা বিভিন্ন ৰোগৰ ভিতৰত ঈদিছ জাতিৰ মহৰ দ্বাৰা হালধীয়া জ্বৰ, ডেংগু আৰু চিকুনগুনিয়া জ্বৰ আৰু কিউলেক্স জাতিৰ মহৰ দ্বাৰা জাপানী এনকেফেলাইটিছ, ৱেষ্ট নাইল জ্বৰ আদি বিয়পে। পৰজীৱিজনিত ৰোগৰ ভিতৰত প্ৰধান হ’ল মেলেৰীয়া, ই এনোফিলিছ জাতিৰ মহৰ দ্বাৰা বিয়পে। আন এবিধ পৰজীৱিজনিত ৰোগ ফাইলেৰিয়াছিছ কিউলেক্স এনোফিলিছ, ঈদিছ, মেনচ’নিয়া আৰু ককুলিটিডিয়া জাতিৰ মহে বিয়পায়। টুলাৰেমিয়া নামৰ বেক্টেৰিয়াজনিত ৰোগ এবিধো কিউলেক্স আৰু কিউলিচেটা জাতিৰ মহে বিয়পায়। তথ্যমতে প্ৰতি বছৰে বিশ্বত প্ৰায় ৭০ কোটি মানুহ মহৰ দ্বাৰা বিয়পা ৰোগত আক্ৰান্ত হয় আৰু ইয়াৰে কমেও ২০ লাখ মানুহ মৃত্যুমুখত পৰে।
মহ সম্পূৰ্ণৰূপে নিৰ্মূল কৰা সম্ভৱ নহয় যদিও ব্যক্তিগত আৰু সামাজিক পৰ্য্যায়ত কিছুমান সাৱধানতা
ল’ব পাৰো যাৰ দ্বাৰা মহৰ সংখ্যা নিয়ন্ত্ৰিত হয় বা মহে মানুহক কামুৰিবৰ সুবিধা নাপায়।
এইবোৰৰ দ্বাৰা এক বৃহৎ জনসংখ্যা অকালতে হেৰুওৱাৰ পৰা তথা সম্ভাব্য বৃহৎ অৰ্থনৈতিক ক্ষতিৰ পৰা কিছু পৰিমাণে হ’লেও হাত সাৰিব পাৰো। মহৰ সংখ্যা কমোৱাৰ বাবে মহৰ প্ৰজননৰ উৎস হ্ৰাস এক সহজ ফলপ্ৰসূ পন্থা। মহৰ বেছিভাগ প্ৰজাতিয়েই জমা হৈ থকা বা ৰৈ থকা পানীত কণী পাৰে। নাৰিকলৰ কোৰোকা, পুৰণা টায়াৰ, অব্যৱহৃত পেলনীয়া বাচন, প্লাষ্টিকৰ সামগ্ৰী, ফুলৰ টাব আদি আমি সহজে মন নকৰা ঠাইত বৰষুণৰ পিছত পানী জমা হৈ মহৰ বংশবৃদ্ধি সুচল কৰে। ঘৰৰ আশে-পাশে থকা এইবোৰৰ পৰা পানী পেলাই শুকানকৈ ৰাখিব লাগে। পুখুৰী, খাল আদিত মহৰ কণী খোৱা মাছৰ প্ৰজাতি যেনে, গাম্বুছিয়া, টিলাপিয়া, গাপ্পী আদি মেলি দিলে মহৰ সংখ্যা দ্ৰুতভাৱে হ্ৰাস হয়। অসমৰ স্থানীয় প্ৰজাতিৰ ভিতৰত চেঙেলী, কাৱৈ, চন্দা আদি মাছেও মহৰ কণী খায় বুলি জনা গৈছে।
গাঁউনি, জিঞা আদি পতংগ আৰু কিছুমান প্ৰজাতিৰ জেঠী, নাইপিয়া আদি সৰীসৃপেও মহৰ কণীৰ লগতে পূৰঠ মহো খায়। এনেবোৰ প্ৰাণী আমি ধ্বংস কৰিব নালাগে। মহে কণী পৰা জলাশয়ত পানীৰ ওপৰত এটা পাতল তৰপ হোৱাকৈ তেল ঢালি দি মহৰ বংশবৃদ্ধি ৰোধ কৰিব পৰা যায়। মেলেৰিয়া বিয়পোৱা এনোফিলিছ মহৰ এটা প্ৰজাতি বোকাতো কিছুদিনলৈ বাছি থাকিব পাৰে। গতিকে পানীভাগৰ লগতে বোকাভাগতো ব্যৱস্থা গ্ৰহণ কৰিব লাগে। মহে মানুহক কামোৰা ৰোধ কৰিবৰ বাবে ঘৰৰ খিৰিকী, ৱেন্টিলেটৰ আদি মহ সোমাব নোৱাৰা জালৰে আৱৰি পেলাব লাগে। দিনতে হওক বা ৰাতিয়েই হওক শুওতে আঁঠুৱা ব্যৱহাৰ কৰিবলৈ কেতিয়াও পাহৰিব বা হেলা কৰিব নালাগে। আঁঠুৱাৰ ফুটাবোৰ ১.২ মিলিমিটাৰতকৈ ডাঙৰ হ’ব নালাগে অৰ্থাৎ প্ৰতি বৰ্গ ইঞ্চি ক্ষেত্ৰত কমেও ১৫০ টা ফুটা থকা হ’ব লাগে। খিৰিকীৰ বাবে ব্যৱহৃত জাল তাম বা পিতলৰ তাঁৰেৰে তৈয়াৰী হ’ব লাগে, লোৰ তাঁৰেৰে তৈয়াৰী হ’লে মামৰ লাগি সোনকালে নষ্ট হয়। এনে ধাতৱ জালৰ প্ৰতি ইঞ্চিত ১৬ ডালকৈ তাঁৰ বোৱা হব লাগে। আজিকালি পাৰমেথ্ৰিন, ডেল্টামেথ্ৰিন আদি মহ দূৰকাৰী ঔষধ ওলাইছে। নিৰ্দ্ধাৰিত প্ৰক্ৰিয়াৰে এই ঔষধ আঁঠুৱাত প্ৰয়োগ কৰিলে ছয় মাহ মানলৈ মহ আঁতৰি থাকে। ঔষধ প্ৰয়োগৰ আগেয়ে আঁঠুৱাবোৰ ধুই পৰিষ্কাৰ কৰি ভালদৰে শুকাব লাগে। ঔষধ প্ৰয়োগৰ পিছত ছাঁত শুকাব লাগে। ছয় মাহমানলৈ পুনৰ আঁঠুৱাখন ধুব নালাগে। মহৰ দ্বাৰা বিয়পা ৰোগৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ঔষধিযুক্ত আঁঠুৱাৰ ব্যৱহাৰে দেখুওৱা সফলতাৰ বাবে বিশ্ব স্বাস্থ্য সংস্থাৰ ‘সহস্ৰাব্দৰ উন্নয়ন লক্ষ্য’ সামৰি লোৱা হৈছে। K-Othrine নামেৰে ভাৰতৰ বজাৰত উপলব্ধ এই মহ দূৰকাৰী ঔষধ ঘৰৰ পৰ্দা আদিতো প্ৰয়োগ কৰি সুফল পোৱা যায়। ডাই-ইথাইল-মেটা-টলুএমাইড, পিকাৰ্ডিন, ইউকেলিপ্টাছ তেল আদিৰে প্ৰস্তুত কৰা গাত সানি ল’ব পৰা লোচন বা তেল আদিৰে প্ৰস্তুত কৰা গাত সানি ল’ব পৰা লোচন বা তেল উপলব্ধ হৈছে। এনে লোচন ব্যৱহাৰৰ দ্বাৰাও মহৰ কামোৰৰ পৰা নিস্তাৰ পাব পাৰি। এলেথ্ৰিনযুক্ত মহ দূৰকাৰী ধূপৰ মহক আঁতৰাই পঠাব পৰা যায়। এনেবোৰ ঔষধিযুক্ত যতনৰ অনাহৃত পাৰ্শ্বক্ৰিয়া অৱশ্যে নথকা নহয়। বিশেষকৈ বিভিন্ন প্ৰকাৰৰ এলাৰ্জী, এজমা আদি শ্বাহ-প্ৰশ্বাসজনিত ৰোগত ভুগি থকা ব্যক্তি পৰিয়ালত থাকিলে বিশেষ সতৰ্কতা বা বিকল্পৰ দৰকাৰ হ’ব। পৰাপক্ষত শৰীৰৰ সৰ্বাধিক অংশ ঢাক খোৱা ধৰণে সাজ পৰিধান কৰিব লাগে।
জৰুৰী ক্ষেত্ৰত যেতিয় মহৰ দ্বাৰা বিয়পা ৰোগে জনস্বাস্থ্যৰ প্ৰতি গুৰুতৰ ভাবুকিৰ সৃষ্টি কৰে, বিশেষ শ্ৰেণীৰ কীটনাশক ‘ফ’গিং’ পদ্ধতিৰে বতাহত ব্যৱহাৰ কৰি বৃহৎ মাত্ৰাত মহ নিধন সম্ভৱ। এই পদ্ধতিত নিৰ্দিষ্ট কীটনাশকৰ অতি ক্ষুদ্ৰ টোপাল কৰি বিশেষ যন্ত্ৰৰ জৰিয়তে ছটিয়াই দিয়া হয়। ‘ফ’গিং কৰাৰ সময়ত খাদ্যবস্ত, পানী, বাচন-বৰ্তন আদি ঢাকি ৰাখিব লাগে। গেছ জ্বলাব বা গেছৰ ভালভ খুলি ৰাখিব নালাগে। পিছে এনে পদ্ধতিত মহৰ বাদেও পখিলা, বিভিন্ন পতংগ আদিও সমূলঞ্চে ধ্বংস হৈ প্ৰাকৃতিক পৰিৱেশ আৰু ভাৰসাম্যতাত বিৰূপ প্ৰভাৱ পেলায়। ডি ডি টি অইন এবিধ এনে ৰাসায়নিক, যাৰ প্ৰয়োগৰ দ্বাৰা মহ বৃহৎ হাৰত নিধন সম্ভৱ। মানুহৰ স্বাস্থ্যৰ ওপৰত থকা অনিষ্টকাৰী ক্ৰিয়াৰ বাবে আমেৰিকা, কানাডা আদি বিশ্বৰ প্ৰায় সকলোবোৰ উন্নত দেশত ইয়াৰ প্ৰয়োগ নিষিদ্ধ কৰা হৈছে। অৱশ্যে ভাৰতকে ধৰি উত্তৰ কোৰিয়া, দক্ষিণ আমেৰিকা আৰু আফ্ৰিকাৰ কেবাখনো দেশত ডি ডি টি এতিয়াও ব্যৱহাৰ হৈ আছে। মানুহৰ স্বাস্থ্যত পেলোৱা কুপ্ৰভাৱৰ উপৰি জীৱজগততো ই অনিষ্টকাৰী প্ৰভাৱ পেলায়। তপামূৰীয়া ঈগল চৰাইবিধ পৃথিৱীৰ বিলুপ্তপ্ৰায় হোৱাৰ কাৰণ ডি ডি টি ৰ বহুল ব্যৱহাৰ বুলি কোৱা হৈছে। মহবিহীন পৃথিৱী এখনৰ কথা ভাবি ভাল লাগিব যদিও বাস্তৱত ই অসম্ভৱ। সেয়ে উপযুক্ত সাৱধানতাৰে মহ নামৰ ক্ষুদ্ৰ পতংগবিধৰ স’তে সহাৱস্থানৰ বাদে মানুহৰ বিকল্প নাই।
লিখক: ডা: ৰমেন কুমাৰ কাকতি।
শেহতীয়া উন্নীতকৰণ: : 6/15/2020
মহে বিয়পোৱা ৰোগ ডেংগু
শক্তি আৰু দূৰ্বলতাৰ আলেখলেখ
মহৰ বিৰুদ্ধে চীন দেশৰ গৱেষণা
মহৰ কামোৰ