অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

সাধাৰণ ডিঙিৰ বিষো ভয়াৱহ হ’ব পাৰে?

ডিঙিৰ বিষ সাধাৰণতে সাধাৰণ অসুস্থতাৰ ভিতৰতেই পৰে। বিশেষকৈ শিশুসকলৰ ক্ষেত্ৰত। ঠাণ্ডা গৰমৰ পৰিৱৰ্তনত চৰ্দি, জ্বৰ, ফ্লু, এলাৰ্জীজনিত জ্বৰ আদিৰ বাবে বেছিভাগ সময়তে ডিঙিৰ বিষ হ’ব পাৰে। কিন্তু এনে ডিঙিৰ বিষ বহুবোৰ ক্ষেত্ৰত অতি ভয়াৱহ স্বাস্থ্যৰ ক্ষতিকাৰক ৰোগৰ প্ৰাথমিক লক্ষণ হিচাপেও দেখা দিব পাৰে।

দা চাউথ আফ্ৰিকান ফাৰ্মাচিষ্ট এচিচটেন্টে জনাইছে যে ডিঙিৰ বিষৰ লগত যদি তলত উল্লেখ কৰা ৫ টা লক্ষণৰ ভিতৰত এটা লক্ষণেই দেখা যায় তেন্তে তৎকালে চিকিৎসকক দেখুৱাব লাগে।

কাণ আৰু জিভা ফুলি যোৱা

ডিঙিৰ বিষৰ লগতে যদি কাণ ফুলি উঠে। যদি মাজে মাজে কান্ধত বিষ অনুভূত হয়। তেন্তে ই লিম্ফো গ্ৰন্থিৰ প্ৰদাহ বা লিম্ফো গ্ৰন্থি ডাঙৰ হৈ যোৱাৰ লক্ষণ হ’ব পাৰে। শৰীৰত কোনো সংক্ৰমণ হ’লেহে লিম্ফো গ্ৰন্থিৰ আকাৰ বৃদ্ধি পায়। টনচিলাইটিছ, গ্ৰন্থি জ্বৰ আৰু আনকি সাধাৰণ পানী লগা জ্বৰতো এই গ্ৰন্থি ফুলি উঠিব পাৰে। অতি দুৰ্ভাগ্যজনক কথাটো হ’ল লিম্ফো গ্ৰন্থিৰ প্ৰদাহৰ ফলত বেছিভাগ ক্ষেত্ৰতে কেন্সাৰ, এইচআইভি/এইডছ, ছিফিলিছ আদি ধৰণৰ মাৰাত্মক ৰোগৰ প্ৰাথমিক লক্ষণো হ’ব পাৰে। কান্ধৰ দৰেই ডিঙিৰ বিষৰ লগত জিভা ফুলি উঠিলেও টনছিলাইটিছ, ফেৰেনজাইটিছ, লেৰিনজাইটিছ, জ্বৰৰ ফলত সৃষ্টি হোৱা সংক্ৰমণৰ কাৰণ হ’ব পাৰে। জিভা ফুলি গ’লে শ্বাস-প্ৰস্বাস ব্যাহত হ’ব পাৰে। সেইবাবেই তৎক্ষণাত চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত।

ছালত ৰঙা দাগ বা ৰেখা সৃষ্টি হোৱা

ডিঙিৰ বিষৰ লগতে ছালত ৰঙা দাগ পৰা, ছাল শুকান হৈ পৰা বা ছালৰ কোনো অংশ উফহি উঠা, সৰু সৰু ঘামচিৰ দৰে ফোহা হোৱা দেখা পোৱা যায়। ই বসন্ত, ঘাম, ৰুবেলা আদিৰ ৰোগৰ লক্ষণ হ’ব পাৰে। প্ৰথম অৱস্থাতেই সচেতন নহ’লে ৰোগীৰ অৱস্থা গুৰুতৰ হৈ পৰিব পাৰে। কাৰণ এই সংক্ৰমণ অতি সোনকালে শৰীৰত বিয়পি পৰে আৰু কোনোৱাটো পৰ্য্যায় মৃত্যুৰো কাৰণ হ’ব পাৰে। সেইবাবেই তৎক্ষণাত চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত।

জ্বৰ

ডিঙি বিষৰ লগত মূৰৰ বিষ হোৱাটো এটা সাধাৰণ উপসৰ্গ মাথোন। বিশেষকৈ ভাইৰেল বা বেক্টেৰিয়েল সংক্ৰমণত ভোগা শিশুৰ ক্ষেত্ৰত এনে হোৱা দেখা যায়। কিন্তু সেই বুলি জ্বৰ উঠিলে বিষয়টো সাধাৰণভাৱে লোৱা উচিত নহয়। যদিহে শিশুৰ শৰীৰৰ তাপমাত্ৰা ৯৮.৬ ডিগ্ৰী ফাৰেনহাইট অতিক্ৰম কৰে। তেন্তে তৎক্ষণাত চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত। শিশু কালত হোৱা জ্বৰৰ সময়মতে নিৰাময়ৰ ব্যৱস্থা নল’লে পিছলৈ ই হৃদৰোগৰ দৰে মাৰাত্মক স্বাস্থ্য সমস্যাৰ সৃষ্টি হ’ব পাৰে।

ডিঙি লৰাব নোৱাৰা

ডিঙিৰ বিষৰ লগতে ডিঙি লৰচৰ কৰিব নোৱাৰা বা কাণ লৰচৰ কৰিব নোৱাৰা হ’লে ই মেনিনজাইটিচ বা বাতবিষৰ মাৰাত্মক পৰ্য্যায়ৰ লক্ষণ হ’ব পাৰে। ইয়াৰ ফলত মগজু আৰু স্পাইনেল কৰ্ডৰ চাৰিওফালে থকা পাতল আৱৰণত সংক্ৰমণ ঘটি প্ৰাণৰ আশংকাইয়ো দেখা দিব পাৰে। মেনিনজাইটিচত ভোগা লোকসকলে প্ৰায়েই তলমূৰ কৰি চাবলৈ নোৱাৰে। মেনিনজাইটিছৰ আন লক্ষণবোৰ হ’ল-জ্বৰ, চৰ্দি, বমিৰ ভাৱ আৰু পোহৰৰ প্ৰতি স্পৰ্শ কাঁতৰতা।

মূখৰ পৰা লেলাউতি ওলাই থকা

ডিঙিৰ বিষ হৈ থকা অৱস্থাত যদি মুখৰ পৰা লেলাউতি ওলাই থাকে তেন্তে ৰোগীয়ে যিকোনো খাদ্য গিলিব নোৱাৰাৰ সমস্যাত ভুগিব পাৰে। এনে অৱস্থাত তৎক্ষণাত নিৰাময়ৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে বিশেষকৈ শিশুসকলৰ ক্ষেত্ৰত। কাৰণ জলশূণ্যতাৰ লগতে আন আনুষংগিক জটিল সমস্যাই দেখা দিব পাৰে।

আন কেইটামান লক্ষণ-যিবোৰ দেখা দিয়াৰ লগে লগে চিকিৎসকৰ সহায় লোৱা উচিত:

  • ডিঙিৰ বিষ সাতদিনতকৈ অধিক সময় ধৰি থাকিলে অথবা চিকিৎসা গ্ৰহণ কৰাৰ পিছতো এসপ্তাহৰ ভিতৰত নিৰাময় নহ’লে।
  • গৰ্ভৱতী নাৰীৰ ডিঙিৰ বিষৰ লগত বিশেষকৈ যদি জ্বৰ হয়।
  • মধুমেহ, এইচআইভি আৰু কেন্সাৰ ৰোগীৰ ক্ষেত্ৰত ডিঙিৰ বিষে ৰোগৰ মাৰাত্মকতা বৃদ্ধিৰ লক্ষণ হিচাপে দেখা দিব পাৰে।

উৎস: ইন্টাৰনেট।

শেহতীয়া উন্নীতকৰণ: : 5/1/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate