অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

জণ্ডিছৰ লক্ষণ

জণ্ডিছৰ লক্ষণ

  • শৰীৰ দুৰ্বল লগা।
  • মূৰ বিষ হোৱা।
  • হাত-ভৰি জিনজিনোৱা।
  • জ্বৰ হৈ থকা,
  • বমি হোৱা বা বমি বমি লাগি থকা।
  • শৰীৰত খজুৱতি হোৱা।
  • শৰীৰটো হালধীয়া হৈ পৰা।
  • খাব মন নোযোৱা হোৱা।
  • ওপৰ পেটৰ সোঁফালে বিষ হোৱা।
  • প্ৰস্ৰাৱ হালধীয়া হোৱা।

চিকিৎসা

  • বেল পাতৰ ৰস ৫ গ্ৰামৰ লগত জালুকৰ গুড়ি অকণমান মিহলাই পুৱা আৰু গধূলি খাব লাগে।
  • নিমপাতৰ ৰস দিনে দুবাৰকৈ খালে জণ্ডিছ উপশম হয়।
  • কুঁহিয়াৰৰ ৰসৰ লগত অকণমান আদাৰ ৰস মিহলাই খাব লাগে।
  • দোৰোণ শাকৰ পাতৰ ৰস ২-৩ চামুচ দিনে খাব লাগে। তেতিয়া জণ্ডিছৰ পৰা আৰোগ্য পোৱা যায়।
  • ব্ৰাক্ষ্মীশাক খালে মগজুৰ উপৰিও জণ্ডিছ ৰোগীয়ে খালেও উপশম পায়।
  • মছলাজাতীয় খাদ্য খাব নালাগে। প্ৰচুৰ পৰিমাণে পানী খাব লাগে।
  • অনন্তমূল গছৰ ছাল দুই গ্ৰামত জালুক দুটা বটি পানীৰ লগত মিহলাই খাব লাগে।

লেখিকা: চন্দনা মেধি।

শেহতীয়া উন্নীতকৰণ: : 6/9/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate