মানৱ দেহৰ এক অতি গুৰুত্বপূৰ্ণ অংগ হ’ল চকুযুৰি। চকুযুৰি গুৰুত্বপূৰ্ণ হোৱাৰ লগতে যথেষ্ট আলসুৱাও। ফলত সততে চকুযুৰি ৰোগাক্ৰান্ত বা আঘাটপ্ৰাপ্ত হোৱা দেখা যায়। চকুযুৰিক ৰোগ বা আঘাটগ্ৰস্ততাৰ পৰা মুক্ত কৰাৰ ববে কেতবোৰ চিকিৎসা বিধান আছে যদিও চকুৰ কিছুমান জটিল সমস্যা সমাধানৰ ক্ষেত্ৰত চিকিৎসকসকলে এতিয়াও সফলতা লাভ কৰিব পৰা নাই। কিন্তু চকুৰ এনে সমস্যাসমূহ সমাধানৰ বাবে চকু বিশেষজ্ঞ তথা সমস্যাসমূহ সমাধানৰ বাবে চকু বিশেষজ্ঞ তথা বিজ্ঞানীসকলে নিৰলস গৱেষণা চলাই আছে আৰু এনে গৱেষণাৰ সুফলো লাহে লাহে লাভ কৰিবলৈ ধৰিছে। চকুৰ সমস্যা সম্পৰ্কীয় গৱেষণাৰ পৰা লাভ কৰা শেহতীয়া সুফলসমূহৰ অন্যতম হ’ল ‘লেছিক লেজাৰ পদ্ধতি’। লেছিক লেজাৰ পদ্ধতি’ৰ সহায়ত দৃষ্টিশক্তি হ্ৰাস পোৱা ব্যক্তিৰ দৃষ্টিশক্তি পুনৰ বৃদ্ধি কৰিব পাৰি।
কোনো এজন ব্যক্তিৰ চকুৰ সন্মুখভাগৰ কৰ্নিয়া অংশৰে লক্ষ্যবস্তুৰ পৰা অহা পোহৰৰ ৰশ্মি পিছফালে থকা ৰেটিনা অংশত প্ৰতিবিম্বিত হয় আৰু সেই স্ংকেত চকুৰ স্নায়ুৰ দ্বাৰা মগজুলৈ প্ৰেৰণ কৰাৰ পিছত ব্যক্তিজনে বস্তুটো দেখা পায়। চকুৰে দৃশ্য প্ৰত্যক্ষ কৰাৰ এই প্ৰক্ৰিয়াটো কেমেৰাৰে ফটো তোলা প্ৰক্ৰিয়াটোৰ সৈতে একে। চকুৰ কেতবোৰ ত্ৰুটিৰ বাবে লক্ষ্যবস্তুৰ পৰা অহা পোহৰৰ ৰশ্মি ৰেটিনাৰ পিছফালে পৰিব পাৰে, ফলত ওচৰৰ বস্তু দেখা পোৱাত অসুবিধা হয়। চকুৰ এই সমস্যটোক ‘হাইপাৰমেট্ৰ’পিয়া’ বোলা হয়। আনহাতে, পোহৰৰ ৰশ্মি যদি ৰেটিনাৰ সন্মুখত কেন্দ্ৰীভূত হ’লে যি সমস্যাৰ উদ্ভৱ হ্য, তাক বোলা হয় ‘এছটিগমেটিজিম’। চকুৰ এই সমস্যাসমূহ সমাধানৰ উপায় হিচাপে চকুই বিশেষজ্ঞই ৰোগীক চছমা বা কনটেক্ট লেন্স ব্যৱহাৰ কৰিবলৈ দিয়ে। কিন্তু চছমা বা কনটেক্ট লেন্স ব্যৱহাৰ কৰাটোক দৃষ্টিশক্তি সম্পৰ্কীয় সমস্যাৰ স্থায়ী সমাধান বুলিব নোৱাৰি। চছমা বা কনটেক্ট লেন্সে কৃত্ৰিমভাৱেহে দৃষ্টিশক্তি সম্পৰ্কীয় সমস্যা সমাধান কৰে। কিন্তু ‘লেছিক লেজৰ পদ্ধতি’ৰ সহায়ত বাস্তৱিকতেই হেৰোৱা দৃষ্টিশক্তি ঘুৰাই আনিব পাৰি।
লেছিক হ’ল এবিধ ৰশ্মি- যি এখন তীক্ষন ছুৰীৰ দৰে কাম কৰে। দৃষ্টি শক্তিৰ সমস্যা থকা ব্যক্তিৰ চকুৰ কৰ্ণিয়াৰ বাঢ়ি থকা অংশখিনি লেছিক লেজাৰেৰে কাটি সঠিক আকৃতিলৈ অনা হায় আৰু এনেদৰেই দৃষ্টিশক্তিৰ সমস্যা দূৰ হয়। ওপৰত উল্লেখ কৰি অহা হৈছে যে মায়’পিয়া সমস্যাযুক্ত চকুৰ ৰেটিনাৰ কেৱল সন্মুখৰ অংশতহে পোহৰ-ৰশ্মি প্ৰতিফলিত হয়। মায়’পিয়া ৰোগাক্ৰান্ত চকুৰ কৰ্ণিয়াৰ সামঞ্জস্যহীন হৈ থকা অংশ লেছিকৰ সহায়ত লেজাৰ দি কাটি পেলোৱাৰ ফলত ৰেটিনাত পোহৰ ভালদৰে প্ৰতিফলিত হয় আৰু ইয়াৰ ফলত মায়’পিয়াৰ সমস্যা দূৰ হয়। আনহাতে, হাইপাৰমেট্ৰপিয়াত আক্ৰান্ত চকুৰ ক্ষেত্ৰত পোহৰ ৰেটিনাৰ একেবাৰে পিছফালে প্ৰতিফলিত হয় আৰু ইয়াৰ ফলত ওচৰৰ বস্তু দেখা পোৱাত অসুবিধা হয়। এই ক্ষেত্ৰত লেছিকৰ সহায়ত কৰ্ণিয়াৰ ওপৰৰ অংশ ৰশ্মিৰে স্বাভাৱিক আকৃতিলৈ আনি থিয় কৰাই দিয়া হয়। ইয়াৰ ফলত চকুৰ ভিতৰলৈ পূৰ্বতকৈ বেছি পোহৰ সোমায় আৰু এনেদৰেই চকুৰ এই সমস্যা নিৰাময় হয়।
লেছিক চিকিৎসা কৰাৰ আগতে ‘অৰ্বস্কেন’ কৰি ৰোগীৰ দৃষ্টিশক্তি কিমানখিনি স্ংশোধন কৰাটো সম্ভৱ। এনে ৰোগীয়ে লেছিক চিকিৎসা গ্ৰহণ কৰাৰ পিছত আৰু চছমা বা কনটেক্ট লেন্স ব্যৱহাৰ কৰিবলগীয়া নহয়। কিন্তু যিসকলৰ দৃষ্টিশক্তিৰ সমস্যা পূৰ্ণ শতাংশ স্ংশোধন কৰাটো সম্ভৱ নহয়। এইক্ষেত্ৰত অৰ্বস্কেনৰ জৰিয়তে দৃষ্টিশক্তি কিমানখিনি স্ংশোধন কৰা সম্ভৱ, সেইটো নিৰ্দ্ধাৰণ কৰি লোৱা হয়। সাধাৰণতে লেছিক লেজাৰ পদ্ধতিৰে কৰা চিকিৎসাৰ সুফল স্থায়ী হয়। লেছিক অস্ত্ৰোপচাৰৰ ক্ষেত্ৰত প্ৰথমে চকুত এনাস্থেচিয়া দি কৰ্ণিয়াৰ ওপৰত অতি পাতল আৱৰণখন লুটিয়াই লোৱা হয়। কৰ্ণিয়াৰ ওপৰৰ আৱৰণখন লুটিয়াই দি কৰ্ণিয়াৰ ওপৰত অতি পাতল আৱৰণখন লুটিয়াই লোৱা হয়। কৰ্ণিয়াৰ ওপৰৰ আৱৰণখন লুটিয়াই লোৱাৰ কাৰণ হ’ল যাতে অস্ত্ৰোপ্ৰচাৰ কৰা অংশত কোনো বিষ বা যন্ত্ৰণা নাথাকে। তাৰ পিছত এক্সইমাৰ লেজাৰৰ সহায়ত কৰ্ণিয়াৰ পূৰ্ব নিৰ্ধাৰিত নিৰ্দিষ্ট অংশ চাঁচি নিয়াৰ দৰে কটা হয়। পূৰ্বে নিৰ্দ্ধাৰণ কৰা মতে পেশীবোৰো নিৰ্দিষ্ট পৰিমাণত কাটি আঁতৰ কৰ হয়। কিবা কাৰণত অস্ত্ৰোপচাৰ চলি থকা সময়ত চকুৰ মণিটো লৰচৰ কৰিলে অস্ত্ৰোপচাৰ কাৰ্য ততমূহুৰ্ততে নিয়ন্ত্ৰণ কৰাৰ সুবিধা আছে। অতি কম সময়ৰ ভিতৰতে দুয়োটা চকুৰ অস্ত্ৰোপচাৰ সম্পন্ন হয়। অস্ত্ৰোপচাৰৰ পিছত চকুত কপাহ, বেণ্ডেজ আদি লগাই থোৱাৰ প্ৰয়োজন নহয়। অস্ত্ৰোপচাৰৰ পৰৱৰ্তী ১২ ৰ পৰা ২৪ ঘণ্টাৰ ভিতৰত ৰোগীয়ে দৃষ্টি শক্তি ঘুৰাই পায় আৰু স্বভাৱিক জীবন-যাত্ৰা তাৰ লগে লগেই পুনৰ আৰম্ভ কৰিব পাৰে।
লেছিক লেজাৰ চিকিৎসা পদ্ধতি জাৰ্মানীত উদ্ভাৱন হৈছিল। সম্প্ৰতি মাৰ্কিন যুক্তৰাষ্ট্ৰ, ভাৰত আদি দেশতো এই চিকিৎসা পদ্ধতিৰ প্ৰচলন হৈছে। কিছুদিনৰ আগতে গুৱাহাটীৰ খ্ৰীষ্টান বস্তিতো ‘লেছিক লেজাৰ আই কেয়াৰ’ নামৰ এক লেছিক চিকিৎসা প্ৰতিষ্ঠান স্থাপিত হৈছে। এই প্ৰতিষ্ঠানত লেছিক লেজাৰ পদ্ধতিৰে এজন ব্যক্তিৰ দুয়োটা চকুৰ চিকিৎসা কৰালে ২৫/৩০ হাজাৰ টকা খৰচ হয়; কেৱল এটা চকুৰ চিকিৎসা কৰালে তাৰ আধা খৰচ হয়। উল্লেখ্য যে সম্প্ৰতি গুৱাহাটীৰে শ্ৰীশ্ংকৰদেৱ নেত্ৰালয়েও চকুৰ ৰোগীসকললৈ লেছিক লেজাৰ চিকিত্ৰসাৰ সুবিধ আগবঢ়াইছে।
শেষত ইয়াকে কওঁ যে লেছিক লেজাৰ চিকিৎসা পদ্ধতিয়ে দৃষ্টিশক্তিৰ সমস্যাত ভুগি থকা লোকসকলৰ বাবে আশাৰ উজ্জ্বল কিৰণ কঢ়িয়াই আনিছে। তদুপৰি চকুৰ বিভিন্ন সমস্যা সমাধানৰ উপায় উদ্ভাৱনৰ বাবে বিজ্ঞানীসকলে নিৰলস গৱেষণা চলাই থকাৰ পৰিপ্ৰেক্ষিতত ভৱিস্যতে চকুৰ জটিল সমস্যাসমূহ নিৰাময়ৰ বাবে কেতবোৰ চমতকাৰ চিকিৎসা-পদ্ধতি উদ্ভাৱন হ’ব বুলি আশা কৰিব পাৰি।
অমল ভাগৱতী, স্বাস্থ্য আৰু দীৰ্ঘ জীৱন