অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

কিলাকুটীৰ যত্ন

কিলাকুটীৰ যত্ন

ঘৰুৱা পদ্ধতিৰে কিলাকুটীৰ যত্ন লোৱাৰ উপায়

  • বেছিভাগৰে দেখা যায় কিলাকুটিটো ক’লা হৈ থাকে। ফলত দেখাত হাতখন বেয়া হয়। যাৰ ফলত শৰীৰৰ সৌন্দৰ্য বহুখিনি হানি হয়।
  • গা ধুঁওতে চাবোন ঘঁহি কোমল ব্ৰাছেৰে লাহে লাহে ঘঁহিব।
  • নেমু ৰসৰ লগত অলপমান নিমখ মিহলাই ঘঁহি ঘঁহি লাহে লাহে ধুব।
  • ক’লা পৰা কিলাকুটিত তিয়ঁহৰ ৰস সানি থ’ব।
  • নেমুৰ ৰসৰ লগত অলপ গাখীৰৰ সৰ মিহলাই লগাব।
  • মুখত যি পেক লগায়, সেই পেক হাতত লগাব পাৰে-সুফল পাব।
  • কমলা খাই বাকলি নেপেলাব। সেই বাকলিবোৰেৰে কিলাকুটি ঘঁহি ধুব বা শুকুৱাই থৈ গুড়ি কৰি তাৰ লগত চেনি মিহলাই পেক বনাব। সেই পেক সপ্তাহত তিনি দিন লগাব গা ধোৱাৰ আগত।

উৎস: সম্ভাৰ, অসমীয়া প্ৰতিদিন।

3.0
ৰঞ্জিনী শৰ্মা Jan 06, 2016 03:16 PM

ওপৰৰ লিখনিটোৰ পৰা কিলাকুটীৰ দাগ গোচোৱা উপায় জানি উপকৃত হʼলো।

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top