পশ্চিম আফ্ৰিকাত ইতিমধ্যে সংহাৰী ৰূপ ধাৰণ কৰা ইব’লাৰ প্ৰতিষেধক ছিটা অহাটো বৰ্ষৰ শেষভাগলৈ ব্যাপক হাৰত প্ৰয়োগ কৰিব পৰাকৈ প্ৰস্তুত কৰি উলিওৱাটো সম্ভৱ হৈ উঠিব। এই আশা ব্যক্ত কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই। সংস্থাই আশা কৰিছে ২০১৫ বৰ্ষৰ প্ৰথম ছমাহৰ ভিতৰত ইব’লাৰ প্ৰতিষেধক ছিটাৰ কেইবা লাখ ইউনিট সাজু হৈ উঠিব। সংস্থাই লগতে এয়াও আশা কৰিছে যে ইব’লাৰ সৈতে নিতৌ যুঁজ-বাগৰ কৰি থকা স্বাস্থ্য কৰ্মীসকলৰ কিছু সংখ্যকক এই বছৰৰ শেষৰফালে অৰ্থাৎ ডিচেম্বৰ মাহৰ ভিতৰতে টিকাকৰণ কৰিব পৰা যাব। সেয়ে হ’লেও সংস্থাটি অদ্যাপি এই সন্দেহৰ আৱৰ্ততে আছে যে এই ছিটাবিধে ইব’লাৰ সংক্ৰমণ ৰোধ কৰিবলৈ সক্ষম হ’বনে। কাজেই সংস্থাটিয়ে ইতিমধ্যে সাৱধানবাণীও শুনাইছে যে ৰোগবিধৰ প্ৰসাৰ ৰোধৰ বাবে ছিটা ‘যাদুকৰী দৰব’ নহ’বও পাৰে। ছিটাবিধে কেনেদৰে কাম কৰে তাৰ এক ক্ষীণ আভাস অহা বছৰৰ এপ্ৰিল মাহ পৰ্যন্ত জানিব পৰাটো সম্ভৱ হৈ উঠিব। তাৰ আশে পাশেই লাখৰ ঘৰত ছিটাও প্ৰস্তুত হৈ ওলাব। যদিহে ছিটাৰ ফলাফল ইতিবাচক হয়, তেন্তে ব্যাপক পৰিসৰত ছিটা প্ৰয়োগৰ লক্ষ্য স্থিৰ কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই। ইতিহাসৰ সৰ্বাধিক ভয়ংকৰ এই ৰোগবিধৰ সংক্ৰমণ চৌদিশে নিবিয়পিবৰ বাবে বিশ্ব স্বাস্থ্য সংস্থাই ছিটাৰ বিকাশক গতি দিবলৈ নিৰন্তৰ চলাই অহা চেষ্টাৰ অৱশেষত কিছু সুফল লাভ কৰিবলৈ সক্ষম হ’ল বুলি অন্তত: ক’ব পৰা হোৱাটোৱে এই সময়ৰ বৃহৎ সফলতা।
উৎস: দৈনিক অসম।
শেহতীয়া উন্নীতকৰণ: : 3/13/2020
পিঠিৰ বিষ কাৰণ আৰু প্ৰতিৰোধৰ ব্যৱস্থা
ডায়েৰীয়া ৰোগৰ চিকিৎসা আৰু প্ৰতিৰোধ
কৰ্কট ৰোগ প্ৰতিৰোধযোগ্য
ছাইনাছাইটিছ ৰোগ কেনেকৈ হয়, ইয়াৰ লক্ষণ, কাৰণ, চিকিৎ...