অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

যক্ষ্মা ৰোগৰ চিকিৎসা

যক্ষ্মা ৰোগৰ চিকিৎসা

যক্ষ্মা ৰোগৰ বীজাণুৰ মানুহৰ শৰীৰৰ বিভিন্ন অংগত সংক্ৰমণ ঘটিব পাৰে। যেনে- হাঁওফাঁও, ৰাজহাড়, বৃক্ক, গাঁঠি, তলপেট, হাড় ইত্যাদি। দেহত যক্ষ্মাৰ স্ংক্ৰমণ ঘটিলে কাহ হ’ব, ওজন হ্ৰাস পাব, দেহ দুৰ্বল হৈ আহিব, ৰাতি ৰাতি জ্জ্বৰ হ’ব, খোৱাৰ ইচ্ছা কমি যাব আৰু সদায় ভাগৰ লগা ভাব হ’ব। উল্লেখযোগ্য যে হাঁওফাঁওৰ যক্ষ্মা ৰোগেই সাধাৰণতে সঘনাই দেখা যায়। যিকোনো মনুহৰ দেহতে যক্ষ্মা ৰোগীৰ বীজাণু সংক্ৰমিত হ’ব পাৰে। এজন লোকৰ যদি কাহ দুসপ্তাহতকৈ অধিক কাল থাকে, তেন্তে তেওঁ যক্ষ্মা ৰোগত আক্ৰান্ত হৈছে নেকি জানিবৰ বাবে খেকাৰ পৰীক্ষা কৰা উচিত। মন কৰিবলগীয়া যে গাঁঠিৰ বিষ হোৱা, শ্ৰৱণ ক্ষমতা কিছু পৰিমাণে হ্ৰাস পোৱা, শৰীৰৰ কোনো এটা অংশ ফুলি উঠাও যক্ষ্মাৰ লক্ষণ।

যক্ষ্মাৰ বীজাণুযুক্ত বতাহ সেৱন কৰাৰ ফলত যক্ষ্মা ৰোগ হ’ব। হাঁওফাঁওৰ যক্ষ্মাত আক্ৰান্ত ব্যক্তিৰ সংস্পৰ্শলৈ আহিলে বেমাৰীৰ কাহ, থ, হাঁচিৰ দ্বাৰা যক্ষ্মাৰ বীজাণু সংক্ৰমিত হ’ব পাৰে। যক্ষ্মা ৰোগীৰ নাক-মুখ উপযুক্তভাৱে ঢাকি থকা অৱস্থাত নাথাকিলে, ভিৰ থকা ঠাইত অতি সহজেই যক্ষ্মাৰ বীজাণুৰ বিস্তাৰ ঘটে। মদ্যপান বা ড্ৰগ সেৱনকাৰীসকলে উপযুক্ত পুষ্টিযুক্ত আহাৰ গ্ৰহণ নকৰিলে, তেওঁৰ শৰীৰৰ প্ৰতিৰোধ ক্ষমতা কমি যায়। ফলত এনেবোৰ শৰীৰত যক্ষ্মাৰ বীজাণুৱে সহজেই আক্ৰমণ কৰিব পাৰে। খেকাৰ পৰীক্ষা কৰিলে যক্ষ্মাত আক্ৰান্ত হৈছে নেকি ধৰা পৰে। মনত ৰখা উচিত-

(ক) খেকাৰৰ দুটাকৈ নমুনা পৰীক্ষাৰ বাবে দিব লাগে।

(খ) যদি বেমাৰৰ আন কিবা লক্ষণ আছে, তেন্তে চিকিৎসকে বেলেগ কিবা পৰীক্ষা কৰাবৰ পৰামৰ্শ দিব পাৰে আৰু সেইমতে পৰীক্ষাবোৰ কৰাই ল’ব লাগে।

যক্ষ্মা বুলি সন্দেহ কৰা ব্যক্তিৰ খেকাৰৰ দুটা নমুনা ডি এম চি বা খেকাৰ সংগ্ৰহ কেন্দ্ৰলৈ পঠোৱাৰ ব্যৱস্থা কৰিব লাগে। ৰোগ সংক্ৰমণত বাধা দিবলৈ হ’লে স্বাস্থ্যকৰ্মীসকলে যথাসম্ভৱ শীঘ্ৰে যক্ষ্মা আক্ৰান্ত ৰোগীক চিনাক্ত কৰিব লাগে। Mycobacterium tuberculosis নামৰ বীজাণুবিধৰ জৰিয়তে যক্ষ্মা ৰোগ সংক্ৰমিত হয়। ৮০-৮৫ শতাংশ লোকৰ যক্ষ্মা ৰোগ হাঁওফাঁওত হয়। এই ৰোগ বংশানুক্ৰনিকভাৱে নিবিয়পে। সাধাৰণতে খেকাৰ পৰীক্ষা কৰিলেই এই ৰোগ ধৰা পৰে। সম্প্ৰতি চৰকাৰে খেকাৰ পৰীক্ষা আৰু ঔষধ বিনামুলীয়াকৈ প্ৰদান কৰি আমাৰ দেশ যাতে যক্ষ্মা ৰোগমুক্ত হয়, সেইটোৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে। বৰ্তমান ডট্‌ছ পদ্ধতিৰ জৰিয়তে যক্ষ্মা ৰোগ দূৰীকৰণত চৰকাৰৰ চিকিৎসা বিভাগ বহু পৰিমাণে সফল হৈছে।

অধ্যয়নৰ জৰিয়তে গম পোৱা গৈছে যে প্ৰাপ্তবয়স্কৰ ক্ষেত্ৰত যক্ষ্মা হৈছে সবাতোকৈ সংক্ৰমিত হোৱা ঘাতক ৰোগ। সন্তান জন্ম হোৱাৰ সময়ত ঘটা মৃত্যুৰ আটাইবোৰ কাৰণতকৈও যক্ষ্মাত অধিক সংখ্যক মহিলাৰ বা মাতৃৰ মৃত্যু ঘটে আৰু আন সংক্ৰ্মিত ৰোগত মাতৃহাৰা হোৱা শিশুৰ সংখ্যাতকৈ যক্ষ্মাত মাতৃহাৰা হোৱা শিশুৰ সংখ্যা বহুগুণে বেছি। যিহেতু যক্ষ্মা প্ৰতিৰোধ আৰু এই সমস্যাটো নিয়ন্ত্ৰণ কৰিব পাৰি, সেয়ে ইয়াক বেছিকৈ অগ্ৰাধিকাৰ দিয়া উচিত। উল্লেখযোগ্য যে যক্ষ্মা ৰোগত আক্ৰান্ত (হাঁওফাঁও অথবা হাঁওফাঁও বহিৰ্ভূত) ৰোগীৰ বাবে দুই শ্ৰেণীৰ চিকিৎসা ব্যৱস্থা আছে। (১) নতুন যক্ষ্মা ৰোগী, যাৰ বাবে ৰঙা ৰঙৰ ঔষধৰ বাকচ যোগান ধৰা হয় আৰু (২) পূৰ্বে চিকিৎসা প্ৰদান কৰা ৰোগী, যাৰ বাবে নীলা ৰঙৰ ঔষধৰ বাকচ যোগান ধৰা হয়। প্ৰত্যেকটো বাকচতে আকৌ দুটা পেকেট থাকে, তাৰে এটা হ’ল ইনতেনছিভ ফেজ আৰু আনটো হ’ল কণ্টিনিউৱেচন ফেজ। মন কৰিবলগীয়া যে যক্ষ্মাৰ চিকিৎসা সাধাৰণতে ৬ৰপৰা ৮ মাহ চলিলে ৰোগী ৰোগমুক্ত হোৱা দেখা যায়।

অত্যাধিক ঘন জনবসতিপূৰ্ণ অস্বাস্থ্যকৰ পৰিবেশত বাস কৰিলে, শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা কমি আহিলে (সাধাৰণতে বৃদ্ধাৱস্থাত), পুষ্টিৰ অভাৱত ভূগিলে, মাদক দ্ৰব্য সেৱন কৰিলে, ডায়েবেটিছ ৰোগৰ চিকাৰ হ’লে যক্ষ্মা ৰোগৰ বলি হোৱাৰ সম্ভাৱনা অধিক। সমাজত এই ৰোগত আক্ৰান্ত লোকসকলক সৰ্বসাধাৰণে হীন চকুৰে চায়, যিটো আচলতে কৰা উচিত নহয়। পিছে যক্ষ্মা এতিয়া আগৰ দৰে মাৰাত্মক বেমাৰ হৈ থকা নাই। আগতে এই বেমাৰৰ চিকিৎসাৰ বাবে ১৮ মাহ সময়ৰ প্ৰয়োজন হৈছিল। এতিয়া চৰকাৰে বিনামূলীয়াকৈ যোগান ধৰা ঔষধেৰে ৬-৮ মাহৰ ভিতৰতে ৰোগৰপৰা উপশম পাব পাৰি; মাত্ৰ ঔষধখিনি সম্পূৰ্ণকৈ খোৱা প্ৰয়োজন। খেকাৰ পৰীক্ষাৰ বাবে অসমত এতিয়া ৩৪৬টা খেকাৰ পৰীক্ষা কেন্দ্ৰ আছে। আনহাতে ৰোগীয়ে আক্ৰান্ত সময়ছোৱাত পুষ্টিৰ অভাৱত খীণাই যোৱা আৰু ওজন হ্ৰাস হোৱাৰ নিমিত্তে পূৰ্বাৱস্থালৈ ঘূৰি আহিবলৈ মাছ-মঙহেৰে যে দঁকচি খাব লাগে তেনে নহয়, বৰং দাইল, ছয়াবিন, শাক-পাচলি, ভাত আদিয়েই হৃত স্বাস্থ্য ঘূৰাই অনাত সহায় কৰিব। অৱশ্যে আন সকলো দৰবৰ দৰে যক্ষ্মাৰ দৰব সেৱনৰ ক্ষেত্ৰতো কিছু পৰিমাণে পাৰ্শ্বক্ৰিয়া হ’ব পাৰে। এনে ক্ষেত্ৰত চিকিৎসকে এই অসুবিধাবোৰৰ সময়ত কি কি কৰিব লাগে, তাৰ পৰামৰ্শ দিয়ে। উল্লেখযোগ্য যে চৰকাৰৰ নীতি মতে ব্যক্তিগত খণ্ডৰ চিকিৎসালয়তো চিকিৎসাধীন হৈ থকা ৰোগীৰ খবৰ সংশ্লিষ্ট চিকিৎসালয়ে যক্ষ্মা বিভাগক জনাব লাগে। আনহাতে গ্ৰামাঞ্চলৰপৰা যক্ষ্মা ৰোগ দূৰ কৰাৰ ক্ষেত্ৰত গাঁওবুঢ়াৰ দায়িত্ব অতি বেছি। ৰোগী যাতে বেজ, ওজা, হাকিমৰ ওচৰলৈ নগৈ পোনপটীয়াকৈ চৰকাৰী চিকিৎসালয়লৈ আহি সম্পূৰ্ণ বিনামূলীয়া চিকিৎসা গৰণ কৰে, তাৰ ব্যৱস্থা নিশ্চিত কৰাত গাঁওবুঢ়াজনে ভূমিকা ল’ব পাৰে।

যক্ষ্মা বিভাগে ডট্‌ছ নিশ্চিতকাৰীৰ (DOTS Provider) জৰিয়তে যক্ষ্মা ৰোগীক ঘৰত গৈ ঔষধ খুৱাই আৰোগ্য লাভৰ ব্যৱস্থা কৰিছে। আনকি ৰোগীয়ে ঔষধ খইছে নে খোৱা নাই, সেই কথা নিশ্চিত কৰিবলৈ টেবলেটৰ খালী বাকচবোৰ কাৰ্যালয়ত জমা দিব লাগে। মুঠতে যক্ষ্মা হোৱা বুলি জানিলেই কাৰ্যালয়ৰপৰা মানুহ গৈ বিচাৰ-খোচাৰ কৰি হ’লেও বেমাৰীক উলিয়াই দৰব খুৱাই ভাল কৰিবলৈ যক্ষ্মা বিভাগ আগবাঢ়ি আহিছে। সেয়েহে যক্ষ্মা ৰোগৰ সৈতে জড়িত অন্ধবিশ্বাস আৰু কুসংস্কাৰ আঁতৰি গৈ যক্ষ্মা হ’লেই যক্ষ্মা ৰোগ নিয়ন্ত্ৰণ বিভাগৰ ওচৰলৈ আহিবলৈ ইতস্ততঃবোধ নকৰি আগবাঢ়ি আহিব লাগিব। তদুপৰি এই ৰোগবিধ নহ’বৰ বাবে ওপৰত উল্লেখ কৰা বিধি-নিয়ম মানি চলা উচিত।

লিখক: চন্দন শৰ্মা।

শেহতীয়া উন্নীতকৰণ: : 5/3/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate