অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বুকুৰ বিষ

প্ৰতিটো ক্ষণ হ’ব পাৰে ঘাটক

বুকুৰ বিষ এনে এক মাৰাত্মক ব্যাধি যাক এক মুহূৰ্তৰ বাবেও আওকাণ কৰাটো হ’ব পাৰে জীৱন নাশক। আক্ৰান্তজনৰ বাবে ঘাটক সদৃশ হ’ব পাৰে বুকুৰ বুষ। কিছুমান ক্ষেত্ৰত কোনো কোনো সুপ্ত কাৰণে আপোনাৰ হৃদযন্ত্ৰৰ যথেষ্ট ক্ষতি কৰিব পাৰে আৰু এনে কাৰণসমূহ ধৰা পেলাবৰ বাবে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণৰ গত্যন্তৰ নাই।

বুকুৰ বিষৰ কাৰণসমূহ কি কি?

বিভিন্ন সৰু সৰু সমস্যা, যেনে বদহজম বা মানসিক চাপৰ পৰা আৰম্ভ কৰি হাৰ্ট এটেকৰ দৰে স্ংকটজনক সমস্যা আদিৰ বাবে বুকুৰ বিষ হ’ব পাৰে।

বুকুৰ বিষৰ লক্ষণসমূহ

আপুনি আপোনাৰ ডিঙিৰপৰা পেটৰ ওপৰৰ অংশলৈ বুকুৰ বিষ অনুভৱ কৰিব পাৰে। বিষৰ উৎপত্তিৰ কাৰণ অনুসাৰে বুকুৰ বিষ তীব্ৰ হ’ব পাৰে, ক্ষীণ বিষ অনুভৱ হ’ব পাৰে, বুকু জ্বলা-পোৰা কৰিব পাৰে আৰু হানি ধৰিব পাৰে বা বুকু হেঁচা মাৰি ধৰিব পাৰে।

হাৰ্ট এটেক কি?

হাৰ্ট এটেকৰ ফলত হোৱা বুকুৰ বিষ ১৫ মিনিট বা তাতোধিক সময়ৰ বাবে থাকিব পাৰে। অৱশ্যে হাৰ্ট এটেক কেতিয়াবা নিশব্দ হোৱাও দেখা যায় আৰু ই কেতিয়াবা কোনো উপসৰ্গ নেদেখুৱাকৈও হ’ব পাৰে। উল্লেখ্য যে হাৰ্ট এটেক হৈছে শেহতীয়াকৈ সংঘটিত মৃত্যুৰ এক অন্যতম কাৰণ। হৃদৰোগৰ প্ৰাৰম্ভিক উপসৰ্গসমূহ সময়ে সময়ে হোৱা বুকুৰ বিষেৰে প্ৰদৰ্শিত হয়, এইসমূহ উপসৰ্গ আপুনি শাৰীৰিকভাৱে সপ্ৰতিভ হৈ থকা অথচ জিৰণি লৈ থকা সময়ত উদ্ভাসিত হয়।

হাৰ্ট এটেকত ভোগা লোক এগৰাকীয়ে নিম্নলিখিত সমস্যাসমূহত ভুগিব পাৰে

  • বুকুৰ মাজভাগত একমিনিটৰো অধিক সময় ধৰি অসুবিধাজনক চাপ, অসহ্যকৰ বিষ অনুভৱ।
  • বিষখিনি কান্ধ, ডিঙি বা হাত পৰ্যন্ত।
  • পাতলীয়া মূৰৰ বিষ, আচন্দ্ৰাই কৰা, ঘামি যোৱা, মূৰ্চ্ছা যোৱা অৱস্থাটো হাৰ্ট এটেকৰ লক্ষণ হ’ব পাৰে।

আপুনি যদি নতুন বা অব্যক্ত বুকুৰ বিষ অনুভৱ কৰিছে বা আপুনি যদি হাৰ্ট এটেকৰ আশ্ংকা কৰিছে তেন্তে ততালিকে চিকিৎসা গ্ৰহণ কৰক।

ধৰি ৰাখক ‘গোল্‌ডেন আৱাৰ’

বুকুৰ বিষ আৰম্ভ হ’লে ‘গোল্‌ডেন আৱাৰ’ ধৰি ৰাখক। কিয়নো বুকুৰ বিষ ক্ৰমান্বয়ে অধিক কষ্টকৰ হ’বলৈ আৰম্ভ কৰিব পাৰে আৰু ইয়াক কেতিয়াও এৰাই নচলিব। বুকুৰ বিষ অতি স্ংকটপূৰ্ণ হাৰ্ট এটেকলৈ পৰিৱৰ্তিত হোৱাৰ সম্ভাৱনা আৰু সেয়েহে প্ৰথম ৬০ মিনিটৰ ভিতৰতে চিকিৎসা সেৱা গ্ৰহণ কৰাটো অত্যন্ত জৰুৰী। এই ৬০ মিনিট বা ঘণ্টাটোকে গোল্‌ডেন আৱাৰ বুলি কোৱা হয়। অতি তাতপৰ্যপূৰ্ণ হয় এই সময়ছোৱা। এই গোল্‌ডেন আৱাৰ’ সময়খিনি ৰোগীগৰাকীৰ বাবে অতি স্ংকটপূৰ্ণ হয়। কিয়নো ৰক্তপ্ৰৱাহ নোহোৱা হোৱাৰ ৮০-৯০ মিনিটৰ ভিতৰত হৃত্ৎপিণ্ডৰ মাংসপেশীসমূহ মৰি যাবলৈ আৰম্ভ কৰে আৰু ২৪ ঘণ্টাৰ পিছত হৃৎপিণ্ডৰ আটাইখিনি আক্ৰান্ত অংশ সম্পূৰ্ণৰুপে নষ্ট হৈ যায়। সেয়েহে তাতক্ষণিকভাৱে আৰু সময়মতে চিকিৎসা প্ৰদান কৰি ৰোগীগৰাকীক বিপদমুক্ত কৰি তুলিব পাৰি।

সুবিধাসম্পন্ন সঠিক চিকিৎসালয়লৈ যাওক

এনে স্ংকটজনক বা জৰুৰীকালীন সময়ত যাতে ততালিকে যাৱতীয় তথা পৰ্যাপ্ত পৰিমাণৰ চিকিৎসা লাভ কৰিব পাৰি তাৰ বাবে জৰুৰীকালীন সেৱাৰ চিকিৎসক, হৃদৰোগ বিশেষজ্ঞ, কাৰ্ডিয়েক ছাৰ্জন আৰু পৰ্যাপ্ত চিকিৎসা সামগ্ৰীও উপলব্ধ চিকিৎসালয়লৈ যোৱাটো নিশ্চিত কৰক। সঠিক সময়ত সঠিক চিকিৎসা প্ৰদানেৰে হৃদযন্ত্ৰৰ মাংসপেশী নষ্ট হোৱাৰ পৰা ৰক্ষা কৰাৰ লগতে ৰোগীগৰাকীক বিপদাশ্ংকাৰ পৰা মুক্ত কৰাৰ সম্ভাৱনাও বৃদ্ধি হয়।

হাৰ্ট এটেকেৰ পিছত হৃদযন্ত্ৰৰ মাংপেশী কেনেদৰে সুৰক্ষিত কৰিব পাৰি?

সম্প্ৰতি সমগ্ৰ বিশ্বতে হাৰ্ট এটেকত ভোগা ৰোগীগৰাকীৰ হৃদযন্ত্ৰৰ মাংসপেশী নষ্ট হোৱাৰ পৰা ৰক্ষা কৰিবলৈ ব্যৱহাৰ কৰা শ্ৰেষ্ঠতম চিকিতসা পদ্ধতিটোৱেই হৈছে ব্লক হৈ থকা আৰ্টেৰী খুলি দিয়া। এয়া কৰা হয় ভৰি বা হাতৰ আৰ্টেৰী আৰু হৃদযন্ত্ৰত থকা বন্ধ হৈ থকা আৰ্টেৰীটোলৈ যোৱা এডাল সৰু সিৰাৰে আৰু অৱশেষত হৃদপিণ্ডৰ মাংসপেশীলৈ তেজৰ প্ৰৱাহ স্বাভাৱিক কৰি ৰাখিবলৈ ষ্টেণ্টছ নামৰ এবিধ নলীসদৃশ সঁজুলি ভৰাই দিয়া হয়। এই প্ৰক্ৰিয়াটোকে ক’ৰ’নেৰী আৰ্টেৰীজৰ এঞ্জিঅ’প্লাষ্টি বুলি কোৱা হয়। এই পদ্ধতিৰে হাৰ্ট এটেকৰ পিছতো হৃদযন্ত্ৰৰ মাংপেশী নষ্ট হৈ যোৱাৰ পৰা ৰক্ষা কৰিব পাৰি।

হৃদযন্ত্ৰ সুস্থ কৰি ৰখাৰ দহটা উপায়

  • ধূমপান এৰাই চলক
  • নিমখ কমাই গ্ৰহণ কৰক
  • খাদ্যাভ্যাস ভালদৰে তদাৰক কৰক
  • সুৰা এৰাই চলক
  • সপ্ৰতিভ হৈ থাকক
  • ৰক্তচাপ, ৰক্ত শৰ্কৰা আৰু কলেষ্টেৰলৰ পৰ্যায় পৰীক্ষা কৰি থাকক
  • আপোনাৰ ওজন সঠিক ৰাখক
  • চাপ নিয়ন্ত্ৰণ কৰক
  • পৰিয়ালৰ সবিশেষ পৰীক্ষা কৰক
  • হাঁহি হৈছে হৃদযন্ত্ৰ সুস্থ কৰি ৰখাৰ শ্ৰেষ্ঠতম উপায়।

ডা0 ৰিতাংকুৰ বৰকটকী, দৈনিক অসম।

শেহতীয়া উন্নীতকৰণ: : 5/1/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate