অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

হাওঁফাওঁ

হাওঁফাওঁৰ ৰোগৰ লক্ষণ

প্ৰতিবছৰে লাখ লাখ মানুহৰ হাওঁফাওঁ ৰোগ ধৰা পৰে- ইয়াতকৈ অধিক সংখ্যক লোকৰ ৰোগ ধৰা নপৰে। হাওঁফাওঁৰ ৰোগৰ বিশেষ ধৰণৰ কিছুমান লক্ষণ আৰু উপসৰ্গ আছে। তলত হাওঁফাওঁ ৰোগৰ লক্ষণ আৰু উপসৰ্গবোৰ ব্যাখ্যাসহ দিয়া হ’ল:

হাওঁফাওঁৰ ৰোগৰ লক্ষণ

কাঁহ

কাঁহ শৰীৰৰ প্ৰতিৰোধক ব্যৱস্থা। ইয়াৰ ফলত শৰীৰত বায়ু সোমোৱা পথৰ পৰা মিউকাচ, বিষাক্ত গেছ বা পদাৰ্থ বা আন বাহিৰা বস্তু আতঁৰাই মুকলি কৰে। কাঁহৰ ধৰণৰ ওপৰত নিৰ্ভৰ কৰি ইয়াৰ উপকাৰিতা আৰু অপকাৰিতা কব পৰা যায়। উপকাৰী কাঁহে বায়ু চলাচল কৰিব পৰাকৈ পথ কফ বা আন বস্তুৰ পৰা মুকলি কৰে। লাহে লাহে বাঢ়ি যোৱা কাঁহৰ লগতে জ্বৰ, ডিস্পেনীয়া বা কাঁহৰ লগত তেজ বা থুৰ লগত তেজ আদি হ’লে অতি শীঘ্ৰে চিকিত্সকক দেখুৱাব লাগে। হাওঁফাওঁৰ ৰোগৰ লক্ষণবোৰৰ ভিতৰত কাঁহ সাধাৰণভাৱেই দেখা যায়।

ডিস্পেনীয়া

উশাহ-নিশাহ লোৱা প্ৰক্ৰিয়াত কিবা সমস্যা হ’লে, উত্তেজনা বা হূদয়ৰ ৰোগ এনেধৰণৰ কিবা অৱস্থাত উশাহ চুটি হোৱাটোকে ডিস্পেনীয়া বোলা হয়। এনেধৰণৰ অৱস্থা যদি দীৰ্ঘস্থায়ী হয় আৰু লগত আন উপসৰ্গও থাকে-তেন্তে এইটো ৰোগৰ লক্ষণ হব পাৰে। এনে হ’লে অতি শীঘ্ৰে চিকিত্সকক দেখুৱাব লাগে। বয়সবৃদ্ধিত উশাহ চুটি হোৱাটো অস্বাভাৱিক কথা। এনে হ’লে বিষয়টোত গুৰুত্ব দি লগে লগে চিকিত্সকক দেখুৱাব লাগে।

হুইজিং

শ্বাস কাৰ্য্যত শব্দৰ সৃষ্টি হোৱা উশাহ লওঁতে বা নিশাহ এৰোতে হুইজিং বা তীব্ৰ শব্দ হোৱটো এটা লক্ষণ। শ্বাস নলীত অস্বাভাৱিক কোষৰ সৃষ্টি হোৱা, প্ৰদাহ হোৱা, অত্যাধিক মিউকাচক্ষৰণ হোৱা, আৰু উশাহত বাহিৰা বস্তু শ্বাস নলীত সোমাই, ইয়াৰ পথ সৰু কৰি পেলোৱাৰ বাবে এনে শব্দ হয়। এই হুইজিং হাওঁফাওঁৰ অৱস্থা অতি বেয়া হোৱাৰ লক্ষণ।

বুকুৰ বিষ

সাধাৰণতে হাওঁফাওঁৰ সমস্যা, হাওঁফাওঁৰ আৱৰণৰ সমস্যা, বুকুৰ মাংসপেশী আৰু কামিহাড়ৰ কিবা সমস্যা একেবাৰে সাধাৰণো হব পাৰে বা অতি গুৰুতৰ বা প্ৰাণনাশকো হব পাৰে। সকলো সময়তে  বিষাব পাৰে বা উশাহ লওঁতেহে বিষাব পাৰে। বুকুৰ বিষৰ লগতে কাঁহ আৰু জ্বৰ হ’লে ই বুকুৰ সংক্ৰমণৰ লক্ষণো হব পাৰে। বুকুৰ বিষ হ’লে লগে লগে চিকিত্সকক দেখুৱাব লাগে।

হেমটাইছিছ

হেম’টাইছিছ (কাঁহত তেজ ওলোৱা)বা কাঁহৰ লগত গোলাপী ৰঙৰ ফেন, মিউকাচৰ লগত গোটা তেজ বা কেৱল তেজ ওলাব পাৰে। দীৰ্ঘদিন ধৰি হৈ থকা কাঁহৰ ফলত এনে হব পাৰে বা অতি গুৰুতৰ হাওঁফাওঁৰ ৰোগৰ বাবেও এনে হব পাৰে। হেম’টাইছিছ হাওঁফাওঁৰ অতি গুৰুতৰ ৰোগৰ লক্ষণ।

উখহি উঠা

হাত, ভৰি, গেৰুৱা আদি উখহি উঠাটো হাওঁফাওঁ ৰোগৰ লক্ষণ হব পাৰে। উখহি উঠাটো সাধাৰণতে হূদয় ৰোগৰ উপসৰ্গ, ইয়াৰ লগতে উশাহো চুটি হয়। বহু সময়ত হূদয় আৰু হাওঁফাওঁৰ ৰোগৰ একে লক্ষণে দেখা দিয়ে-কাৰণ বহুবোৰ ৰোগত দুয়োটা অংগই একেলগে প্ৰভাৱিত হয়।

উশাহ বন্ধ হোৱা

উশাহ বন্ধ হোৱা তীব্ৰ আৰু দীৰ্ঘস্থায়ী উশাহ বন্ধ হোৱাটো হাওঁফাওঁৰ ৰোগৰ অতি গুৰুতৰ লক্ষণ। অতিপাত সংক্ৰমণ, হাওঁফাওঁৰ প্ৰদাহ, হূদস্পন্দন বন্ধ হোৱা আৰু গুৰুতৰ হাওঁফাওঁৰ ৰোগৰ বাবে তীব্ৰভাৱে উশাহ বন্ধ হব পাৰে। যেতিয়া হাওঁফাওঁয়ে তেজক অক্সিজেনৰ যোগান ধৰিব নোৱাৰে বা কাৰ্বন-ডাই-অক্সাইড আঁতৰ কৰিব নোৱাৰে তেতিয়া দীৰ্ঘম্যাদী উশাহ বন্ধ হোৱা দেখা যায়।

হাওঁফাওঁৰ ৰোগৰ কাৰণ আৰু ৰোগ হব পৰা আশংকাসমূহ

হাওঁফাওঁ ৰোগে কেৱল বৃদ্ধলোককে প্ৰভাৱিত নকৰে- যুৱকসকলকো প্ৰভাৱিত কৰিব পাৰে। আনকি হাওঁফাওঁৰ ৰোগ আৰু হাওঁফাওঁৰ সংক্ৰমণ শিশুৰ মৃত্যুৰ এক নম্বৰ কাৰণ।

ধুমপান বাদ দিয়া

ধুমপানে শৰীৰত অত্যন্ত ক্ষতিকাৰক প্ৰভাৱ পেলায়। কেৱল হাওঁফাওঁৰ ৰোগেই নহয়, ইয়াৰ ফলত এমফিছিয়া, চিঅপিডি আৰু হাওঁফাওঁৰ কেঞ্চাৰ কৰাৰ উপৰিও শৰীৰৰ বিভিন্ন অংগত হানিকাৰক প্ৰভাৱ পেলায়।

নিউমনিয়া

নিউমনিয়া হাওঁফাওঁত সহজে দেখা পোৱা এটা সংক্ৰমিত ৰোগ। এই সংক্ৰমণৰ ফলত হাওঁফাওঁৰ এলভেৱলী (শ্বাসতন্ত্ৰৰ অন্তিম

শাখা-প্ৰশাখা, এইবোৰে হাওঁফাওঁৰ গেছ বিনিময় কেন্দ্ৰ হিচাপে কাম কৰে)ৰ এটা বা একাধিক অঞ্চল সংক্ৰমিত কৰে। ইয়াৰ ফলত হাওঁফাওঁৰ মূল অংশত পানী জমা হয়। এই অৱস্থাটোক কনজেছন বোলা হয়। এইটো নিউমনিয়াৰ এটা আভ্যন্তৰীণ লক্ষণ। ইয়াৰ ফলত হাওঁফাওঁৰ কাৰ্য্যক্ষমতা কমি আহে।

বেক্টেৰীয়া, ভাইৰাছ আৰু ভেকুৰৰ পৰা হাওঁফাওঁ সংক্ৰমিত হৈ নিউমনিয়া হোৱা দেখা যায়। ই এটা বা দুয়োটা হাওঁফাওঁতে হব পাৰে। এন্টিবায়টিক আবিষ্কাৰ হোৱাৰ আগতে নিউমনিয়াত আক্ৰান্ত হোৱালোকৰ এক তৃতীয়াংশ লোকে সংক্ৰমণৰ বাবে প্ৰাণ হেৰুৱাইছিল।

বৰ্তমান সমগ্ৰ পৃথিৱীৰ ৫ বছৰ বয়সৰ তলৰ নিউমনিয়া হোৱা শিশুৰ ২০ শতাংশ শিশু প্ৰতিবছৰে এই ৰোগৰ বিৰল জটিলতাৰ বাবে মৃত্যু হয়।

ভাৰতবৰ্ষত ৫ বছৰ বয়সৰ তলৰ ৪ লাখ শিশুৱে বিভিন্ন ৰোগত প্ৰাণ হেৰুৱায়। ইয়াৰে আধা অৰ্থাত্‍ ২ লাখ শিশুৱে নিউম’ককেল (বেক্টেৰীয়া) ৰোগত মৃত্যু হয়।

নিউমনিয়া এটা পাহৰি যোৱা ঘাটক। এই ৰোগত মৃত্যু হোৱা শিশুৰ সংখ্যা মেলেৰিয়া, মিজিলছ আৰু এইডছ আদিত মৃত্যু হোৱা সংখ্যাতকৈ আজিও অধিক।

বছৰ বাগৰি যোৱাৰ লগে লগে ঔষধ প্ৰতিৰোধী নিউমনিয়া ককাছ (বেক্টেৰীয়া)ৰ সংখ্যা বৃদ্ধি পোৱাটো পৰিলক্ষিত হৈছে। এইটো এটা অতিশয় চিন্তাৰ বিষয়।

উশাহত বায়ুৰ পৰা এই ৰোগত বিজাণুযুক্ত ক্ষুদ্ৰ কনিকা গ্ৰহণৰ যোগেও কিছু কিছু ক্ষেত্ৰত নিউমনিয়া হয়। এই কনিকাবোৰ বতাহত মিলি থাকে আৰু হাওঁফাওঁত সংক্ৰমণ ঘটায়। (এই বিজাণুবোৰ বেক্টেৰীয়া, ভেকুৰ বা আন ৰাসায়নিক বা অস্বস্তিকাৰক হব পাৰে) পাছত এইবোৰ এলভেঅলী অংশ পায়গৈ।

প্ৰাথমিক নিউমনিয়া স্বাস্থ্যবান হাওঁফাওঁত হয়। আক্ৰান্ত ব্যক্তিৰ কাঁহৰ যোগেৰে এই ৰোগৰ বিজাণুযুক্ত কনিকা বায়ুমণ্ডললৈ আহে আৰু সুস্থ ব্যক্তিয়ে উশাহত এই কনিকা সেৱন কৰাৰ ফলত ই হাওঁফাওঁ পায়গৈ। এইটো ৰোগ মানুহৰ দ্বাৰাই বিয়পে-সেইবাবেই জনসমাগম বেছি থকা ঠাই আৰু শীতকালত ইয়াৰ প্ৰকোপ বেছি দেখা যায়। স্বাভাৱিকভাৱে শৰীৰৰ প্ৰতিৰোধী ক্ষমতাই এই বিজাণু এলভেঅলীৰ পৰা আঁতৰাবলৈ শক্তি প্ৰয়োগ কৰে। ইয়াৰ ফলত সেই ঠাইত বেক্টেৰীয়া আৰু শ্বেতৰক্ত কনিকা থকা কিছু তৰল জমা হয়। ইয়াৰ ফলত কনজেছন আৰু হাওঁফাওঁৰ প্ৰদাহ আৰম্ভ হয়। ইয়াকে নিউমনিয়া বোলে।

যিবোৰ ব্যক্তিৰ শৰীৰৰ প্ৰতিৰোধী ক্ষমতা কম থাকে, ওপৰফালৰ শ্বাসতন্ত্ৰত সংক্ৰমণ বা শৰীৰতাত্বিক (সাধাৰণতে শৰীৰক ক্ষতি কৰা) ৰোগৰ বাবে প্ৰতিৰোধ ক্ষমতাৰ ক্ষতি হয় তেনে লোকৰ সহজেই নিউমনিয়া হয়। মুখ, নাক, ডিঙি আদিত স্বাভাৱিকভাৱে থকা বেক্টেৰীয়া বা ভাইৰাছ কেনেবাকৈ হাওঁফাওঁ পালে, নিউমনিয়া হয়।

টোপনীৰ সময়ত মুখ, ডিঙি বা নাকৰ নিঃসৰিত তৰল পদাৰ্থ উশাহৰ লগত ভিতৰলৈ যোৱাটো স্বাভাৱিক কথা। সাধাৰণতে শৰীৰৰ প্ৰতিবিম্ব প্ৰতিক্ৰিয়া আৰু প্ৰতিৰোধী ব্যৱস্থাই এই বিজাণুবোৰক নিউমনিয়া কৰাত বাধা দিয়ে। কিন্তু কোনো ব্যক্তি যদি আন কোনো ৰোগৰ বাবে অসুস্থ আৰু দূৰ্বল হৈ থাকে, তেন্তে সেই ব্যক্তিৰ সাংঘাটিক ধৰণে নিউমনিয়া হব পাৰে। যিসকলৰ অলপতে ভাইৰেল সংক্ৰমণ, হাওঁফাওঁৰ ৰোগ, হূদৰোগ, গিলোতে সমস্যা হোৱা, যিসকলে অত্যাধিক মদ খায়, যিসকলৰ ষ্ট্ৰ’ক হৈছে বা ফিট হৈছে-তেওঁলোকৰ সাধাৰণ লোকতকৈ নিউমনিয়া হোৱাৰ আশংকা অতি বেছি।

বিজাণুবোৰ এবাৰ হাওঁফাওঁত প্ৰৱেশ কৰিলে সাধাৰণতে বায়ুথলীত থিতাপি লয়। ইয়াত দ্ৰুতভাৱে বংশবৃদ্ধি কৰে। শৰীৰৰ প্ৰতিৰোধী ব্যৱস্থাই এই বিজাণুবোৰৰ লগত যুঁজ কৰি থকাৰ ফলত হাওঁফাওঁত এই অংশত তৰল পদাৰ্থ আৰু পুঁজেৰে ভৰি পৰে।

হাওঁফাওঁৰ সুস্থতাৰ ওপৰত নিৰ্ভৰ কৰি দুই ধৰণৰ নিউমনিয়া হব পাৰে:

  • প্ৰাথমিক নিউমনিয়া-সুস্থ হাওঁফাওঁত হয়।
  • আনুসংগিক নিউমনিয়া ইতিমধ্যেই ক্ষতিগ্ৰস্ত হাওঁফাওঁত হয়: যি হাওঁফাওঁত আগৰ পৰাই কিবা ৰোগ আছে বা কোনো সংক্ৰমণৰ ফলত ক্ষতিগ্ৰস্ত হৈছে বা জন্মগতভাৱেই অস্বাভাৱিকতা আছে।
  • এস্পিৰেচন নিউমনিয়া বা শ্বাসজনিত নিউমনিয়া: পেশী আৰু আলজিভাই সাধাৰণতে মুখৰ পৰা কোনো বাহিৰা বস্তু হাওঁফাওঁলৈ যোৱাত বাধা দিয়ে। এই পেশী আৰু আলজিভা কিবা কাৰণত দূৰ্বল হ’লে বা শিথিল হ’লে উশাহৰ লগত এইবোৰ হাওঁফাওঁলৈ গুছি যায়। ইয়াকে শ্বাসজনিত নিউমনিয়া বোলা হয়। পাকস্থলীৰ পৰা পদাৰ্থ প্ৰতিবম্বিত হৈ হাওঁফাওঁলৈ গুছি যোৱাটো এনে শ্বাসজনিত নিউমনিয়াৰ উদাহৰণ।

কাৰ এইৰোগ হব পাৰে?

দুবছৰৰ তলৰ শিশুৰ

এইৰোগ শিশু আৰু বৃদ্ধ লোকৰ মাজত প্ৰায়ে বেছিকৈ হোৱা দেখা যায়। দুবছৰতকৈ কম বয়সৰ শিশুৰ মাজত এই ৰোগ প্ৰায়ে হোৱা দেখা যায় আৰু যদি শিশুটি অপুষ্টিত ভোগা হয় তেন্তে এই ৰোগ প্ৰানঘাটিও হৈ উঠিব পাৰে। অতি বেছি মদ খোৱা লোক আৰু গৰ্ভৱতী মহিলাৰ মাজতো এই ৰোগ প্ৰায়ে হোৱা দেখা যায়।

তলত উল্লেখ কৰা পৰিস্থিতিত থকা শিশুবোৰৰ নিউমনিয়া হয়:

  • নাকত তেলৰ টোপাল দিয়া (অজ্ঞানতা আৰু নিৰক্ষৰতাৰ বাবে) বিশেষকৈ গাঁও অঞ্চলত।
  • ভুলভাৱে খোৱাৰ পদ্ধতি।
  • দূৰ্ঘটনাবসত: কেৰাচিন উশাহৰ লগত ভিতৰলৈ গ’লে।

তলত উল্লেখ কৰা পৰিস্থিতিত বয়স্কসকলৰ নিউমনিয়া হয়:

  • প্ৰতিৰোধী ক্ষমতা নোহোৱা কৰা ৰোগীৰ নিউমনিয়া হয়। এইডছ আক্ৰান্ত ব্যক্তিক সাধাৰণতে সেইবোৰ বিজাণুৱে নিউমনিয়া কৰে যিবোৰে সুস্থ হাওঁফাওঁক আক্ৰমণ কৰিব নোৱাৰে।

লক্ষণ আৰু উপসৰ্গ

ৰোগৰ তীব্ৰতা, প্ৰতিৰোধী প্ৰতিক্ৰিয়া আৰু বয়সৰ ওপৰত ভিত্তি কৰি কেইটামান সাধাৰণ উপসৰ্গ দিয়া হ’ল:

  • শিশুসকলৰ: নিউমনিয়া হোৱা শিশু আৰু কেঁচুৱাৰ মাজত সাধাৰণতে কোনো ধৰণৰ বিশেষ লক্ষণে দেখা নিদিয়ে। জ্বৰ, শৰীৰ ৰুগীয়া হোৱা ধৰণৰ দেখা আৰু ভাগৰুৱা হোৱা দেখা যায়। শিশুসকলৰ ক্ষেত্ৰত বুকুখন ভিতৰফালে সোমায় পৰে, শ্বাস দ্ৰুত হয়, ছালৰ ৰঙ নীলা ধৰণৰ হৈ পৰে। প্ৰথমে চৰ্দিৰ লক্ষণে দেখা দিয়াৰ পাছত অতিমাত্ৰা জ্বৰ হয়। (কেতিয়াবা কেতিয়াবা প্ৰায় ১০৪ ডিগ্ৰী ফাৰেনহাইটলৈকে হয়)। লেলাউতি ওলাই থাকে। লেলাউতি বিবৰ্ণ আৰু কেতিয়াবা তেজযুক্ত হয়।

বয়স্কসকলৰ

  • বেছিভাগ নিউমনিয়া আক্ৰান্ত ব্যক্তিৰ প্ৰথম অৱস্থাত:
  • চৰ্দিৰ সাধাৰণ লক্ষণে দেখা দিয়াৰ পাছত অতিপাত জ্বৰ হয়। (কেতিয়াবা কেতিয়াবা প্ৰায় ১০৪ ডিগ্ৰী ফাৰেনহাইটলৈকে হয়)
  • ঠাণ্ডা লাগি কঁপনি উঠা।
  • কাঁহোতে কফ ওলোৱা, থুৰ ৰঙ বিবৰ্ণ আৰু কেতিয়াবা তেজযুক্ত।
  • উশাহ চুটি হোৱা।
  • হাওঁফাওঁৰ বাহিৰৰ আৱৰণ প্ৰভাৱিত হ’লে বুকুৰ বিষ হব পাৰে।
  • দীঘলকৈ উশাহ ল’লে এই বিষ তীব্ৰ আৰু কষ্ট দায়ক হয়। ইয়াক প্ৰেউৰিটিক বিষ বোলা হয়।
  • আন কিছুমান নিউমনিয়াত লক্ষণবোৰ লাহে লাহে দেখা দিয়ে। ক্ৰমাগতভাৱে বৃদ্ধি পোৱা কাঁহ, মুৰৰ বিষ, পেশীবোৰত বিষ হব পাৰে।
  • কিছুমান নিউমনিয়া ৰোগীৰ ক্ষেত্ৰত কাঁহটো এটা লক্ষণ নহবও পাৰে।
  • কাৰণ সংক্ৰমণ হোৱা ঠাইখিনি হাওঁফাওঁৰ এনে ঠাইত হয়, যিখিনি ঠাই শ্বাস নলীৰ পৰা যথেষ্ট দূৰৈত।
  • তেজত ভালদৰে অক্সিজেন নোপোৱাৰ বাবে ৰোগীৰ ছালৰ ৰঙ কলছিয়া বা বেঙুনীয়া হৈ পৰিব পাৰে। ইয়াক চাইন’ছিছ বোলা হয়।

pneumonia.png

যিবোৰ সাৱধানতা লোৱা উচিত

নিউমনিয়া হোৱা ব্যক্তিয়ে তলত উল্লেখ কৰা সাৱধানতাবোৰ লোৱা উচিত। ব্যক্তিগত স্বাস্থ্যবিধি মানি চলিব লাগে, মুখখন কাপোৰেৰে ঢাকি ৰখা উচিত যাতে এইৰোগ চাৰিওকাষে থকা লোকসকললৈ বিয়পিব নোৱাৰে।

উপযুক্ত পুষ্টি আৰু বতাহ অহা যোৱাৰ পথ সুচল হব লাগে।

শিশুৰ এনে ৰোগ হ’লে তলৰ কথাবোৰত বিশেষ গুৰুত্ব দিব লাগে। নিউমনিয়াৰ লক্ষণ থকা শিশুক অবহেলা কৰি আঁতৰাই ৰাখিব নালাগে। এওঁলোকৰ অৱস্থা দ্ৰুতভাৱে শোচনীয় হব পাৰে। নিউমনিয়া হব পৰা সম্ভাৱনাৰ কাৰকবোৰৰ পৰা আঁতৰাই ৰাখিব লাগে।

প্ৰতিৰোধ

  • সংক্ৰমণ হব পৰা পৰিস্থিতিৰ পৰা আঁতৰি থকা।
  • সঠিক পদ্ধতিৰে শিশুক খুৱাবলৈ মাকক শিক্ষিত কৰা।
  • যিবোৰ লোকৰ প্ৰতিৰোধ ক্ষমতা কম আৰু প্ৰতিৰোধ ক্ষমতা পৰিবৰ্তিত তেওঁলোকক পলিভেলেণ্ট নিউম’ককেল প্ৰতিষেধক প্ৰদান কৰা।

উত্স: মেডিছিননেট

হাঁপানি

হাঁপানি কি?

হাঁপানি এটা শ্বাসনলীত সংক্ৰমণ হৈ হোৱা ৰোগ। এই ৰোগ দীৰ্ঘস্থায়ী হয়। উশাহ লওঁতে বায়ু শ্বাসনলীৰে হাওঁফাওঁলৈ যায় আৰু একে পথতেই ওলাই আহে। হাঁপানি হ’লে শ্বাসনলীৰ ভিতৰ অংশ উখহি উঠে। এনেকৈ উখহি উঠাৰ ফলত শ্বাসনলী অতি বেছি  স্পৰ্শকাতঁৰ হৈ পৰে। এনে অৱস্থাত এলাৰ্জি হোৱা কিবা বস্তু শ্বাসনলীত প্ৰৱেশ কৰিলে ই অতি সক্ৰিয়ভাৱে শক্তিশালী প্ৰতিক্ৰিয়া দেখুৱায়। এই প্ৰতিক্ৰিয়াৰ ফলত শ্বাসনলীৰ ফুটা সৰু হৈ যায় আৰু ফলত হাওঁফাওঁলৈ কম বায়ু প্ৰৱাহিত হয়। ইয়াৰ বাবে হুইজিং বা শ্বাসকাৰ্য্যত শব্দৰ সৃষ্টি হয়, কাঁহ, বুকুৰ বিষ আৰু উশাহ লওঁতে কষ্ট, বিশেষকৈ ৰাতি আৰু পুৱতি নিশা এনেবোৰ লক্ষণে দেখা দিয়ে।

হাঁপানি ৰোগ নিৰাময় কৰিব নোৱাৰি। অৱশ্যে এই ৰোগ নিয়ন্ত্ৰণত ৰাখিব পৰা যায়। ইয়াৰ কিছুমান উপসৰ্গ নিয়ন্ত্ৰণ কৰি সক্ৰিয় জীৱন কটাব পৰা যায়।

astema.jpg

হাঁপানিত সকলো সময়ত আৰু সকলোৰে বাবে একেধৰণৰ উপসৰ্গ নহবও পাৰে। কিছুমান লোকৰ ক্ষেত্ৰত এই উপসৰ্গ অধিক ক্ষতিকাৰক হব পাৰে। হাঁপানিৰ প্ৰকোপ বেছি হ’লে ইয়াৰ ফলত শ্বাসনলী সম্পূৰ্ণৰূপে বন্ধ হৈ যাব পাৰে ফলত শৰীৰৰ গুৰুত্বপূৰ্ণ অংগবোৰে প্ৰয়োজনীয় অক্সিজেন নাপায়। এই অৱস্থাত জৰুৰীভাৱে চিকিত্সাৰ প্ৰয়োজন হয়। এনে সাংঘাটিক ধৰণে আক্ৰান্ত ব্যক্তিৰ মৃত্যুও হব পাৰে।

হাঁপানি থকা লোকে নিয়মীয়াকৈ চিকিত্সাৰদ্বাৰা পৰীক্ষা কৰোৱাই থাকিব লাগে। হাঁপানিৰ উপসৰ্গবোৰ কি কাৰণবোৰত বেছিকৈ হয় সেই বিষয়ে জানি লৈ সেইবোৰৰ পৰা আঁতৰি থাকিব লাগে। চিকিত্সকে হাঁপানি নিয়ন্ত্ৰণৰ বাবে ঔষধ আদিও দিব পাৰে।

কাৰণবোৰ

পৰিৱেশত থকা কিছুমান বস্তুৰ বাবে হাঁপানিৰ উপসৰ্গবোৰে দেখা দিয়ে আৰু হাঁপানিৰ দ্বাৰা আক্ৰান্ত কৰে। হাঁপানিৰ উপসৰ্গই দেখা দিব পৰা কেইটামান সাধাৰণ বস্তু হ’ল ব্যায়াম, এলাৰ্জী কৰা সামগ্ৰী, বিভিন্ন উত্তেজক পদাৰ্থ, আৰু ভাইৰেল সংক্ৰমণ। কিছুমান লোকৰ কেৱল ব্যায়াম আৰু ভাইৰেল সংক্ৰমণ হ’লেহে হাঁপানি হয়।

  • জন্তুৰ গাৰ ধুলি।
  • ঘুগুলা।
  • পইতাচোঁৰা।
  • গছ আৰু ঘাঁহৰ ৰেণু।
  • এলান্ধু।
  • চিগাৰেটৰ ধোৱা।
  • বায়ু প্ৰদূষণ।
  • ঠাণ্ডা বতাহ বা বতৰৰ পৰিবৰ্তন।
  • ৰঙ আৰু ৰন্ধনত ব্যৱহূত উগ্ৰ গোন্ধ।
  • গোন্ধযুক্ত বন্ধু।
  • শক্তিশালী আবেগিক প্ৰকাশ (কান্দোন, অতিবেছিকৈ হঁহা) আৰু মানসিক হেঁচা।
  • এস্পিৰিন, বেটা-ব্লকাৰ জাতীয় ঔষধ।
  • শুকান ফল আৰু ৱাইন আদিত থকা চালফাইট।
  • গেষ্ট্ৰ ইচফজেল নামৰ প্ৰতিবিম্বিত ৰোগ-যাৰ ফলত হূদয় প্ৰদাহ আৰু নিশাৰ ভাগত অতি বেয়া ধৰণে হাঁপানিৰ উপসৰ্গই দেখা দিয়ে।
  • এলাৰ্জীকাৰক আৰু উত্তেজক পদাৰ্থ-ৰসায়ন আৰু ধুলি জাতীয়।
  • সংক্ৰমণ।
  • পৰিয়ালত কাৰোবাৰ এই ৰোগ থকা
  • চিগাৰেটৰ ধোৱাৰ মাজত থকা শিশুৰ সহজতে হাঁপানি হোৱাৰ সম্ভাৱনা থাকে। গৰ্ভৱতী অৱস্থাত চিগাৰেটৰ ধোৱাৰ মাজত থকা মহিলাই জন্ম দিয়া শিশুৰ হাঁপানি হোৱাৰ সম্ভাৱনা অধিক।
  • অতিপাত শকত হোৱা বা মেদবহুলতাও হাঁপানিৰ কাৰণ হব পাৰে।
  • লক্ষণ আৰু উপসৰ্গবোৰ

    • শ্বাসকাৰ্য্যত শব্দৰ সৃষ্টি হোৱা।
    • হঠাত্‍ আৰম্ভ হয়।
    • মাজে মাজে এনে হৈ থাকে।
    • ৰাতি আৰু ৰাতিপুৱা সময়ত অতি বেছি হয়।
    • ঠাণ্ডা ঠাই, ব্যায়াম আৰু হূদয় দহনত অতি বেয়া অৱস্থা হয়।
    • নিজে নিজেই ভাল হব পাৰে।
    • ব্ৰংকডাইলেটৰচ (শ্বাসনলী মুকলি কৰা ঔষধ) ব্যৱ্হাৰ কৰি সকাহ পাব পাৰি।
    • কফ থকা বা নথকা কাঁহ হব পাৰে।
    • কাম-কাজ কৰোতে বা ব্যায়াম কৰোতে উশাহ চুটি হৈ অতি বেয়া অৱস্থাৰ সৃষ্টি হব পাৰে।
    • ইন্টাৰকষ্ট্ৰাল ৰিট্ৰেকচন।

    উৎস: আইএনডিজি দল।

    শেহতীয়া উন্নীতকৰণ: : 3/16/2020



    © C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
    English to Hindi Transliterate