অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ছাডেন কাৰ্ডিয়াক এৰেষ্টৰ প্ৰাথমিক চিকিৎসা

কোনো সা-সঁজুলি নোহোৱাকৈ অকল হাত দুখনৰ উচিত সময়ত যথোচিত ব্যৱহাৰেৰে হয়তো এজন কাৰ্ডিয়াক এৰেষ্ট হোৱা ব্যক্তিৰ মূল্যৱান জীৱন ৰক্ষা কৰিব পাৰে। তাৰ বাবে আমি মাত্ৰ অলপ প্ৰশিক্ষণ ল’ব লাগিব। পশ্চিমীয়া দেশবোৰৰ প্ৰায়ভাগ লোকে জীৱন ৰক্ষাকাৰী এনে কৌশলবোৰৰ প্ৰশিক্ষণ লৈ বহু ব্যক্তিৰ জীৱন ৰক্ষা কৰিবলৈ সক্ষম হৈছে। সেয়েহে পৰিয়ালৰ যাতে অন্তত: দুজন ব্যক্তিয়ে এনেধৰণৰ প্ৰাথমিক চিকিৎসাৰ কৌশলবোৰ আয়ত্ত কৰি লয়।

আমি সঘনাই শুনি থকা জটিল ৰোগবোৰৰ ভিতৰত মহামাৰী ৰূপ ধাৰণ কৰা আন এটা ব্যাধি হৈছে হৃদৰোগ। আমাৰ দৈনন্দিন ব্যস্ততা, আৰামদায়ক কৰ্ম অভ্যাস, বিসংগতি, আৰামদায়ক কৰ্ম অভ্যাস, বিসংগতি বা অধিক কলেষ্টেৰলযুক্ত খাদ্য প্ৰণালী; ৰাগিয়াল দ্ৰব্য সেৱনে মানৱ জীৱনক হৃদৰোগীৰ সংখ্যা বঢ়োৱাত সহায় কৰি আহিছে। সেইবাবেই আমি কিছুমান এনেকুৱা কৌশল শিকাটো প্ৰয়োজন হৈ পৰিছে যে যিকোনো মুহূৰ্তত যাতে ইয়াক কাৰ্যকৰী কৰি কোনো ব্যক্তিৰ জীৱন ৰক্ষা কৰিব পাৰে বা ৰোগীজনক দ্ৰুত নিৰাময় বা ৰোগীজনৰ অৱস্থা অধিক বেয়ালৈ যোৱাৰ পৰা ৰক্ষা কৰিব পাৰো।

হাৰ্ট এটেক যিকোনো মুহুৰ্তত যিকোনো ঠাইতে যিকোনো ব্যক্তিৰ হ’ব পাৰে। সেই সময়ত হয়তো কোনো চিকিৎসক, নাৰ্ছ বা জৰুৰী মেডিকেল টেকনিচিয়ান নাথাকিবও পাৰে। সেয়েহে আন এক বিপদসংকুল অৱস্থাত দুৰ্গতজনৰ অৱস্থাটো অতি সোনকালে বুজি লৈ আমি যদি প্ৰাথমিক চিকিৎসাৰ অতি প্ৰয়োজনীয় কৌশলবোৰ প্ৰয়োগ কৰো, তেন্তে হয়তো বহুজনৰ মূল্যৱান জীৱন ৰক্ষা পৰিব পাৰে।

আমেৰিকান হাৰ্ট এছ’চিয়েচনৰ ২০০৫ চনৰ নীতিগত নিৰ্দেশাৱলীয়ে জীৱন ৰক্ষাকাৰী এই কৌশলবোৰক ইংৰাজী বৰ্ণমালাৰ A, B, C ৰ দ্বাৰা সহজভাৱে বুজাই দিছে। ইয়াৰ অৰ্থ হৈছে    A= Airway, (অৰ্থাৎ শ্বাস-প্ৰশ্বাস লোৱাত সহায় কৰি দিয়া), B= Breathing, (অৰ্থাৎ শ্বাস-প্ৰশ্বাস লোৱাত সহায় কৰি দিয়া), C= Circulation/Compression (অৰ্থাৎ বাহিৰৰ পৰা বুকুত হেঁচা প্ৰয়োগ কৰি ৰক্ত সঞ্চালনত সহায় কৰি দিয়া) বৰ্তমান এই নিৰ্দেশাৱলীৰ অকণমান সাল-সলনি ঘটাই C, A, B কৰিছে।

হঠাৎ অসুস্থ হৈ মাটিত ঢলি পৰা কোনো ব্যক্তিক জীৱন ৰক্ষাকাৰী প্ৰাথমিক চিকিৎসাৰ কৌশলবোৰ প্ৰয়োগ কৰাৰ আগতে ব্যক্তিজনৰ জীয়াই থকাৰ লক্ষণবোৰ মূল্যায়ন কৰি ল’ব লাগে। লক্ষণবোৰ হ’ল-

১) ব্যক্তিজনৰ কান্ধত লাহেকৈ চপৰিয়াই মাতি চাব লাগে যদি প্ৰাপ্তবয়স্ক লোকজন অচেতন অৱস্থাত থাকে, তেন্তে সহায়ৰ কাৰণে কোনো ব্যক্তিক চিঞৰি মাতিব লাগে। লগতে তেওঁক ইমাৰজেন্সি মেডিকেল ছাৰ্ভিচ চিষ্টেম (ই এম এছ)ক মাতিবলৈ ক’ব লাগে। মন কৰিবলগীয়া কথা যে ই এম এছ ছিষ্টেম (১০৮ বা ৯৪০১১৯৪০১১) মাতোতে সদায় দুৰ্গতজন থকা ঠাইৰ সবিশেষ বৰ্ণনা স্পষ্টভাৱে দিয়াৰ লগতে দুৰ্গতৰ সংখ্যা কিমান, কি কি দুৰ্গতজনৰ বাবে কৰা হ’ল আৰু টেলিফোন নম্বৰ ইত্যাদি জনাব লাগে।

২) ব্যক্তিজনে শ্বাস-প্ৰশ্বাস লৈ আছে নে নাই লক্ষ্য কৰিব লাগে। ইয়াৰ বাবে দুৰ্গতজনৰ বুকুখন উঠা-নমা আৰু উশাহ লোৱাৰ শব্দ মন কৰিলে জানিব পাৰি।

৩) তৃতীয়তে হৃৎপিণ্ডৰ স্পন্দন সঠিকমতে হৈছে নে নাই তাক নিৰীক্ষণ কৰিব লাগে। ব্যৱহাৰিক কৌশলটো হ’ল যে তৰ্জনী আৰু মধ্যমা আঙুলি দুটা দুৰ্গতজনৰ ডিঙিৰ ঘটিকাত থৈ নিজৰ গাৰ পিনে ডিঙিৰ পেশী অকণ পিছলাই আনি গ্ৰীৱা ধমনীৰ স্পন্দন অনুভৱ কৰিব পাৰি। যদি অচেতন ব্যক্তিজনে উশাহ লোৱা নাই আৰু গ্ৰীৱা ধমনীৰ স্পন্দন পোৱা নাই, তেন্তে অতি সোনকালে জীৱন ৰক্ষাকাৰী কৌশলবোৰ C, A, B প্ৰয়োগ কৰিব লাগে।

প্ৰথম পদক্ষেপ: কমপ্ৰেছন বা চাপ প্ৰয়োগ কৰা

ধমনীৰ গতি পৰিলক্ষিত হোৱা নাই, অৰ্থাৎ বুজিব লাগিব শৰীৰত ৰক্ত সঞ্চালন হোৱা নাই। অতি জৰুৰী কথাটো হ’ল, ৰক্ত সঞ্চালন শৰীৰত বন্ধ হৈ পৰাৰ চাৰি মিনিটৰ পিছৰ পৰাই তেজ আৰু অক্সিজেনৰ অভাৱত দুৰ্গতজনৰ মগজুৰ ক্ষয় আৰম্ভ হয় আৰু এই ক্ষয় ক্ৰমান্বয়ে বাঢ়ি যায়, সেয়েহে যিমান সোনকালে পাৰি সিমান সোনকালে ব্যক্তিজনৰ বুকুৰ ওপৰত হাতেৰে হেঁচা বা চাপ প্ৰয়োগ কৰি ৰক্ত সঞ্চালন কৰাব লাগে। হাতৰ কোনটো অংশ দুৰ্গতজনৰ বুকুৰ ক’ত কেনেকৈ ৰাখিব লাগিব আৰু কিমান জোৰেৰে কিমান বাৰলৈ হেঁচা প্ৰয়োগ কৰিব লাগিব, এইখিনি জনাটো অতি প্ৰয়োজনীয়। আমেৰিকান হাৰ্ট এছ’চিয়েচনে ২০১০ চনত সুন্দৰভাৱে বৰ্ণনা কৰিছে যে দুৰ্গতজনৰ ঠিক কাষতে আঁঠু কাঢ়ি লৈ এখন হাত আনখনৰ ওপৰত ৰাখি হাতৰ তলুৱাৰ সবল অংশটো দুৰ্গতজনৰ বুকুৰ সোঁমাজত ৰাখিব লাগে। বুকুত লাগি থকা হাতখনৰ আঙুলিবোৰ পোনকৈ ৰখাটো দৰকাৰ। এতিয়া কান্ধ, কিলাকুটি আৰু মণিবন্ধ পোনকৈ ৰাখি দুৰ্গতজনৰ বুকুখন দুই ইঞ্চি অৰ্থাৎ পাঁচ চে:মি: বহি যোৱাকৈ দৰকাৰ। সাধাৰণতে ৰক্ত সঞ্চালন হ’বলৈ হ’লে অধিক চাপৰ প্ৰয়োজন। সেয়েহে ১, ২, ৩, ৪, ৫, ৬ ….. এনেকৈ এটা ছন্দত ত্ৰিশবাৰলৈ গণি চাপ দিলেহে সঠিক চাপ ব্যক্তিজনৰ বুকুৰ ওপৰত পৰিব। মন কৰিব লাগে যাতে প্ৰত্যেকবাৰ হেঁচা দিয়াৰ পিছতে ব্যক্তিজনৰ বুকুখন আগৰ অৱস্থালৈ আহে।

দ্বিতীয় পদক্ষেপ (এ): উশাহ ঘূৰাই অনাৰ পদ্ধতি

ব্যক্তি এজন অচেতন হৈ থাকিলে ব্যক্তিজনৰ জিভাখন শিথিল হৈ ভিতৰৰ পিনে শ্বাস-প্ৰশ্বাস লোৱা পথটো বন্ধ কৰিব পাৰে। সেয়েহে দুৰ্গতজনৰ মূৰটোত ধৰি থুঁতৰিটো দাঙি ধৰিলে হাওঁফাওঁলৈ বতাহ চলাচল  কৰা পথটো মুকলি হৈ পৰিব। কিন্তু ব্যক্তিজনে ডিঙিত আঘাত পোৱা বুলি সন্দেহ হ’লে মাত্ৰ থুঁতৰিটোত ধৰি মুখখন খুলি লৈ বতাহ ল’ব পৰাকৈ সুবিধা কৰি দিব লাগে। ইয়াক Jaw Thrust Maneuver বোলা হয়।

তৃতীয় পদক্ষেপ (বি): মুখত মুখ লগাই উশাহ-নিশাহ

যদি ব্যক্তিজনে উশাহ লোৱা নাই, তেন্তে দ্বিতীয় পদক্ষেপত বৰ্ণনা কৰা ধৰণে বাওঁ হাতখন কপালত থৈ বাওঁ হাতেৰে বুঢ়া আৰু তৰ্জনী আঙুলিৰে বতাহ ওলাই যাব নোৱাৰাকৈ দুৰ্গতিজনৰ নাকটো চেপা মাৰি ধৰি, সোঁ হাতেৰে থুঁতৰিটো দাঙি লৈ মুখত দুবাৰ ফুৱাই দিব লাগে। লক্ষ্য কৰিব লাগে যাতে প্ৰতিবাৰত একৰ পৰা ডেৰ ছেকেণ্ড সময় লয় আৰু প্ৰতিবাৰতে দুৰ্গতজনৰ বুকুখন হাওঁফাওঁত বতাহ সোমাই ফুলি উঠাটো লক্ষ্য হয়। সেয়েহে উদ্ধাৰকাৰী আৰু আক্ৰান্তজনৰ মুখ দুখন বতাহ ওলাই যাব নোৱাৰাকৈ লিপিট খাই ধৰিব লাগে। এই প্ৰক্ৰিয়াটো চলাই যাওঁতে দুয়োজনৰ মুখৰ মাজত বাধাহীনভাৱে বতাহ যাব পৰা পাতল কাপোৰৰ আৱৰণ ৰাখিব পাৰিলে ভাল হয়। যদি অতি সোনকালে আৰু অতি জোৰেৰে বায়ু দুৰ্গতজনৰ মুখেৰে ফুৱাই দিয়া হয়, তেন্তে সেই বায়ু দুৰ্গতজনৰ পাকস্থলীত গৈ ফুলি সৰ্বনাশ ঘটাব পাৰে। সেয়েহে সাৱধান হোৱাটো দৰকাৰ। এনেদৰে প্ৰতি ত্ৰিশটা হেঁচাৰ পিছত দুবাৰ কৃত্ৰিম শ্বাস দি আকৌ বুকুৰ ওচৰলৈ গৈ ত্ৰিশটা হেঁচা আৰু দুবাৰ কৃত্ৰিম শ্বাস দিয়া প্ৰক্ৰিয়াটো পাঁচবাৰ কৰি অৰ্থাৎ দুই মিনিটত ৩০:২ (ত্ৰিশটা হেঁচা: দুবাৰ কৃত্ৰিম শ্বাস) পাঁচবাৰকৈ দি গ্ৰীৱা ধমনীৰ স্পন্দন অনুভৱ কৰিব লাগে। এই প্ৰক্ৰিয়াত যথেষ্ট ভাগৰ লাগিব পাৰে, সেয়েহে আন কোনো অভিজ্ঞ ব্যক্তিৰ লগত সাল-সলনি কৰিবলৈ হ’লে পাঁচ ছেকেণ্ডৰ ভিতৰত কৰিব লাগে। যদি ব্যক্তিজনে চেতনা ঘূৰাই পোৱা নাই, তেন্তে তৎকালীন চিকিৎসা সেৱা আগবঢ়াবলৈ অহা ব্যক্তিসকল আহি নোপোৱালৈকে এই প্ৰক্ৰিয়া চলাই যাব লাগে। যদি ব্যক্তিজনৰ গ্ৰীৱা ধমনীৰ স্পন্দন অনুভৱ হয়, তেন্তে তাৰ গতি প্ৰতিমিনিটত কিমানবাৰ হয় তাক চোৱাৰ লগতে ব্যক্তিজনে উশাহ ল’বলৈ আৰম্ভ কৰিছে নে নাই তাক লক্ষ্য কৰিব লাগে। যদি উশাহ লোৱা নাই, কিন্তু ধমনীৰ স্পন্দন আছে, তেন্তে প্ৰতি পাঁচৰ পৰা ছয় ছেকেণ্ডত এবাৰকৈ কৃত্ৰিম শ্বাস দিব লাগে। যদি ব্যক্তিজনৰ গ্ৰীৱা ধমনীৰ গতিৰ লগতে উশাল ল’বলৈ আৰম্ভ কৰিছে, তেন্তে ব্যক্তিজনকো সোঁ বা বাওঁপিনে কাটি কৰি শুৱাই দিব লাগে।

লিখক: ডা: সুব্ৰত দেৱ ভাগৱতী, সম্ভাৰ।

শেহতীয়া উন্নীতকৰণ: : 3/29/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate