অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

সহায়ক তথ্য: স্তনপান

মূলবাৰ্তা-১

এটি শিশুক ৬ মাহ বয়সলৈকে প্ৰয়োজন হোৱা সকলে উপাদান কেৱল স্তন দুগ্ধতেই পোৱা যায়। এই সময়ছোৱাত আন কোনো ধৰণৰ খাদ্য, পানীয় আনকি পানীও শিশুক সাধাৰণতে প্ৰয়োজন নহয়।

শিশুক প্ৰয়োজন হোৱা একমাত্ৰ খাদ্য হ’ল স্তনদুগ্ধ। পশুৰ গাখীৰ বা পাউদাৰ গাখীৰ, আন পানীয় যেনে- চাহ, চৰবত, খাদ্য শস্য, পানী এই সকলোবোৰতকৈ শিশুৰ বাবে স্তনদুগ্ধ উত্তম। স্তনদুগ্ধ শিশুৰ দেহত সহজে হজম হৈ যায় আৰু শিশুৰ বৃদ্ধি আৰু স্বাস্থ্যৰ অতি উত্তম-ই শিশুক ৰোগ আৰু অসুস্থ হোৱাৰ পৰা ৰক্ষা কৰে। গৰম, শুকান পৰিৱেশতো আনকি স্তনদুগ্ধই কেঁচুৱাৰ দেহত তৰলৰ যোগান ধৰে। এনে পৰিৱেশতো শিশুক প্ৰথম ছমাহলৈ কোন ধৰণৰ আন খাদ্য, জুলীয়া আহাৰ বা পানীৰ প্ৰয়োজন নহয়। আনকি পানীয়ে শিশুৰ হাঁগনি বা আন অসুখৰ কাৰণ হ’বগৈ পাৰে।

স্তনদুগ্ধৰ সম্পূৰক যিবোৰ শিশু খাদ্য পোৱা যায়, সেইবোৰৰ দাম অত্যন্ত বেছি। উদাহৰণস্বৰূপে, এটি শিশুক এবছৰত এনে খাদ্য খুৱাবলৈ হ’লে প্ৰয়োজন হ’ব ৪০ কিলো’গ্ৰাম (প্ৰায় ৮০ টেমা)। সেয়েহে স্তনদুগ্ধ কমাই টেমাৰ গাখীৰ খুৱালে যে অধিক খৰছ হয় সেই কথা স্বাস্থ্যকৰ্মীসকলে জনাই দিয়া উচিত। ছমাহৰ ভিতৰত যদি শিশুটিৰ ওজন নাবাঢ়ে, তেন্তে:

শিশুটিক আৰু অধিক পৰিমাণত মাকৰ গাখীৰ খুৱাব লাগে। ২৪ ঘন্টাত কমেও ১২ বাৰ। প্ৰত্যেকবাৰ ১৫ মিনিটতকৈ খুৱাব লাগে।

  • শিশুটিৰ মুখলৈ যাতে ভালদৰে গাখীৰ যাব পাৰে তাৰ বাবে শিশুটিক মাকে সহায় কৰিব লাগে।
  • শিশুটিয়ে যদি ভালদৰে স্তনপান কৰিব নোৱাৰে, তেন্তে শিশুটি অসুস্থতাত ভুগিবও পাৰে, সেয়ে স্বাস্থ্যকৰ্মী বা চিকিৎসকক দেখুৱাব লাগে।
  • পানী বা আন কোনো ধৰণৰ পানীয় শিশুটিক খাবলৈ দিলে-স্তনদুগ্ধ খোৱাৰ পৰিমাণ কমি যায়।
  • আন কোনো ধৰণৰ খাদ্য নিদিয়াকৈ কেৱল মাত্ৰ স্তনদুগ্ধই খুৱাব লাগে। ছমাহতকৈ ডাঙৰ শিশুক আন খাদ্য দিয়াটো প্ৰয়োজন যদিও-দুবছৰ বা তাতোকৈ অধিক বয়সলৈ শিশুটিক স্তনৰ গাখীৰো খুৱাই থাকিব লাগে।

মূলবাৰ্তা-২

এইছআইভি ৰে সংক্ৰমিত মহিলাৰ স্তনৰ গাখীৰৰ যোগেদি কেঁচুৱালৈ এই সংক্ৰমণ বিয়পাৰ বিপদ থাকে। যিসকল মহিলা সংক্ৰমিত আৰু সংক্ৰমিত হোৱা বুলি আশংকা কৰে তেনে মহিলাই স্বাস্থ্যকৰ্মী বা প্ৰশিক্ষিত স্বাস্থ্যকৰ্মীৰ লগত আলোচনা কৰি পৰীক্ষা, পৰামৰ্শ ল’ব লাগে যাতে শিশুটিক এই সংক্ৰমণৰ হোৱাৰ আশংকা কম কৰিব পাৰি।

এইছআইভি সংক্ৰমণৰ পৰা আঁতৰত কেনেকৈ থাকিব পাৰি সেই কথা জনাতো সকলোৰে বাবে প্ৰয়োজনীয়। গৰ্ভৱতী মহিলাসকলে এইটো জনা উচিত যে যদি তেওঁৰ এইছআইভি হয় তেনেহ’লে স্তনদুগ্ধৰ দ্বাৰা অথবা গৰ্ভৱতী অৱস্থাত শিশুৰ শৰীৰতো এই ভাইৰাছ সংক্ৰমণ হ’ব পাৰে।

এই সংক্ৰমণ বিয়পাৰ আগতে বাধা দিব লাগিব। সেইহে যৌনকাৰ্য্যৰ সময় সেয়া নিৰাপদ হয় নে নহয় সেইটো লক্ষ্য ৰখা উচিত। কনডম ব্যৱহাৰ কৰি বা যাৰ ফলত এজনৰ শৰীৰৰ পৰা আনজনৰ শৰীৰলৈ এই ভাইৰাছ নিবিয়পে তাৰ ব্যৱস্থা ল’ব লাগে। যিসকলৰ এনে সংক্ৰমণ হৈছে তেওঁলোকে আনৰ লগত যৌন সম্পৰ্ক ৰাখিব নালাগে।

যিসকল ছোৱালীৰ এইছআইভি সংক্ৰমণ হৈছে বা হোৱাৰ সম্ভাৱনা আছে তেওঁলোকৰ সঠিক পৰীক্ষা, পৰামৰ্শ আৰু ব্যৱস্থা প্ৰশিক্ষিত স্বাস্থ্যকৰ্মী বা চিকিৎসকৰ পৰা লোৱাটো অতি আৱশ্যকীয়।

মূলবাৰ্তা-৩

জন্মৰ ১ ঘন্টাৰ ভিতৰতে নৱজাতক শিশুটিক মাকৰ ওচৰলৈ নিব লাগে আৰু স্তনপান কৰোৱাব লাগে।

জন্মৰ পাছত যিমান সোনকালে সম্ভৱ কেঁচুৱাটিক মাকৰ গাৰ স্পৰ্শত ৰাখিব লাগে। মাক আৰু শিশুক একে বিছনাত বা একে কোঠাতে ৰাখিব পাৰিলে দুয়োৰে বাবেই ভাল। যেতিয়াই শিশুৱে খাব বিচাৰে তেতিয়াই স্তনপান কৰোৱাব লাগে।

শিশুটিক জন্মৰ পিছতেই স্তনৰ গাখীৰ খুৱাবলৈ আৰম্ভ কৰিলে মাকৰ শৰীৰত দুগ্ধ উৎপাদন কৰিবলৈ আৰম্ভ কৰে যাতে শিশুৰ প্ৰয়োজনীয়তা পূৰাব পৰা যায়। ইয়াৰ উপৰিও মাকৰ জৰায়ুটোক বৃদ্ধি হোৱাত বাধা প্ৰদান কৰে যাৰ ফলত ৰক্তপাত বা সংক্ৰমণৰ পৰা আতৰি থাকিব পৰা যায়। কল’ষ্ট্ৰাম বা গাঢ় হালধীয়া স্তনদুগ্ধ শিশুৰ জন্মৰ পিছতেই মাকৰ শৰীৰত প্ৰস্তুত হয়। ই শিশুৰ বাবে আটাইতকৈ পুষ্টিকৰ খাদ্য আৰু ই শিশুক সংক্ৰমণৰ পৰা ৰক্ষা কৰে। কেতিয়াবা এই প্ৰথম স্তনদুগ্ধখিনি নুখুৱাবলৈ মাতৃগৰাকীক উপদেশ দিয়া হয়। ই একেবাৰে ভুল উপদেশ মাকৰ স্তনদুগ্ধৰ পৰিমাণ বৃদ্ধি হোৱালৈকে শিশুটিক আন কোনো ধৰণৰ খাদ্য বা পানীয়ৰ প্ৰয়োজন নহয়।

যদি শিশুৰ জন্ম চিকিৎসালয়ত হয় তেন্তে শিশুটিক ২৪ ঘন্টাই মাকৰ ওচৰত ৰখা আৰু যদিহে শিশুটিক স্তনপান কৰোৱা হৈছে-তেন্তে আন কোনো শিশু খাদ্য বা পানীয় শিশুটিক নিদিবলৈ মাকৰ অধিকাৰ আছে।

মূলবাৰ্তা-৪

যিমান ঘনাই স্তনপান কৰোৱা হয় সিমানে স্তনদুগ্ধ বেছিকৈ উৎপন্ন হয়। প্ৰায় সকলো মহিলায়েই সফলভাৱে স্তনপান কৰোৱাব পাৰে।

বহু নৱমাতৃক স্তনপান কৰোৱাবলৈ উৎসাহ আৰু সহায়ৰ প্ৰয়োজন হয়। যি মহিলাই আগতে সফলতাৰে স্তনপান কৰাইছে, পৰিয়ালৰ আন মহিলা সদস্য, বন্ধু, স্তনপান মহিলা সহায়ক গোট আদিয়ে মহিলাগৰাকীৰ স্তনপানৰ অসুবিধা আৰু ভয়সমূহৰ পৰা আঁতৰত থকাত সহায় কৰিব পাৰে।

মাকে কেনেদৰে শিশুটিক কোলাত ল’ব, শিশুটিয়ে কেনেদৰে মাকৰ স্তনত মুখ লগাব সেইটো অতি গুৰুত্বপূৰ্ণ কথা। মাকে যদি শিশুটিক কোলাত ভাল ধৰণে ধৰে তেন্তে শিশুৱে সহজে মাকৰ স্তনত মুখ লগাই ভালদৰে স্তন চুহিব পাৰে।

স্তনপান কৰোৱাৰ বাবে শিশুক ভালভাৱে ধৰা উচিত।

  • শিশুৰ শৰীৰটো মাকৰ ফালে থাকিব লাগিব।
  • শিশুৰ শৰীৰ মাকৰ একেবাৰে কাষত থাকিব লাগিব।
  • শিশুটিক আনন্দ আৰু আৰামত ৰখা দৰকাৰ।

স্তনপান কৰাৰ সময়ত শিশুটিক যদি ভালভাৱে কোলাত লোৱা নহয় তেন্তে তলত দিয়া সমস্যাবোৰ হ’ব পাৰে:

  • স্তনবৃন্তত ঘাঁ লগা বা ফাটি যোৱা।
  • পৰ্য্যাপ্ত গাখীৰ উৎপন্ন নোহোৱা
  • খাবলৈ ইচ্ছা নকৰা।

শিশুটিয়ে ভালদৰে স্তনপান কৰাৰ লক্ষণসমূহ:

  • শিশুটিৰ মুখখন ডাঙৰকৈ মেলখাই থাকে।
  • শিশুটিৰ থুতঁৰি মাকৰ স্তনত স্পৰ্শ কৰি থাকে।
  • স্তনবৃন্তৰ চাৰিওফালে থকা ক’লা অংশ শিশুটিৰ মুখৰ তলৰ ফালে ওলাই থকাতকৈ ওপৰফালে ওলাই থাকিলে ভাল।
  • শিশুটিয়ে দীৰ্ঘসময় দীঘলকৈ চুহা মাৰে।
  • মাকে স্তনবৃন্তত কোনো বেদনা অনুভৱ নকৰে।

প্ৰায় সকলো মাতৃয়েই পৰ্য্যাপ্ত পৰিমাণৰ স্তনদুগ্ধ উৎপন্ন কৰিব পাৰে, যদিহে,

  • তেওঁ কেৱল মাত্ৰ স্তনদুগ্ধই পান কৰোৱায়।
  • যদি শিশুটিক ভালভাৱে কোলাত লোৱা হয় আৰু শিশুটিয়ে ভালদৰে স্তন চুহিব পাৰে।
  • ঘনাই শিশুটিক স্তনপান কৰোৱাই থকা আৰু শিশুটিয়ে যিমান সময়লৈ বিচাৰে নিশাও সিমান সময়লৈ স্তনপান কৰোৱা হয়।

জন্মৰ পৰাই শিশুটিয়ে যেতিয়াই বিচাৰে তেতিয়াই স্তনপান কৰোৱাব লাগে। যদি এটি নৱজাতক শিশুৱে স্তনপান কৰাৰ পিছত ৩ ঘন্টাতকৈ অধিক সময়লৈ টোপনীত থাকে তেন্তে তাক সতৰ্কতাৰে জগাই স্তনপান কৰোৱাব লাগে।

শিশুটিয়ে কন্দাৰ অৰ্থ এইটো নহয় যে, শিশুটিক আন কিবা খাদ্য বা পানীয় লাগে। সাধাৰণতে শিশুটিক আকোঁৱালি ধৰা আৰু মৰম বিচাৰিহে শিশুৱে কন্দা দেখা যায়। কিছুমান শিশুৱে আৰাম পাই বাবে স্তন চুহি থাকে। বেছিকৈ চুহিলে অধিক গাখীৰ উৎপন্ন হয়।

বহু মাতৃয়ে তেওঁৰ স্তনত যথেষ্ট গাখীৰ নাই বুলি শিশুটিক জীৱনৰ প্ৰথম কেইমাহমানৰ ভিতৰতে আন খাদ্য আৰু পানীয় খাবলৈ দিয়ে। কিন্তু ইয়াৰ ফলত শিশুটিয়ে কমকৈ মাকৰ স্তন চুহে আৰু ফলত স্তনত গাখীৰৰ উৎপাদনো কমি যায়। যদি মাতৃগৰাকীয়ে কেৱল মাত্ৰ স্তনদুগ্ধই শিশুটিক ঘনাই খুৱাই থাকে, আন খাদ্য বা পানীয় নুখুৱাই তেন্তে অধিক পৰিমাণে স্তনৰ গাখীৰ উৎপন্ন হ’ব।

নকল স্তনবৃন্ত বা বটলৰ গাখীৰ স্তনপান কৰি থকা শিশুক দিব নালাগে। কাৰণ এইবোৰ চুহাৰ ধৰণ সম্পূৰ্ণ পৃথক। এনবোৰ শিশুক দিয়াৰ ফলত মাতৃৰ স্তনত গাখীৰৰ উৎপাদন কমি যায় আৰু শিশুটিয়ে সময়ৰ আগতে স্তনপান বন্ধ কৰে বা কমকৈ কৰে।

মাতৃসকলক এইটো কথাত আশ্বস্ত কৰা প্ৰয়োজন যে, তেওঁ কেৱল স্তনদুগ্ধই শিশুটিক পৰ্য্যাপ্ত পৰিমাণে খুৱাব পাৰে। তেওঁক শিশুটিৰ পিতৃ, পৰিয়াল বৰ্গ, বন্ধু-বান্ধৱ, স্বাস্থ্যকৰ্মী, মহিলা সমিতি আৰু ওচৰ চুবুৰীয়াই ইয়াৰ বাবে উৎসাহিত আৰু সহায় কৰিব লাগে।

স্তনপানে মাতৃগৰাকীলৈ বিশ্ৰামৰ সুযোগ উলিয়াই দিয়ে। পিতৃ আৰু পৰিয়াল বৰ্গই শিশুক স্তনপান কৰোৱা সময়খিনি মাতৃগৰাকীক নিৰৱে বিশ্ৰাম লোৱাত সহযোগ আগবঢ়াব লাগে। তেওঁলোকে মাতৃগৰাকীৰ বাবে পৰ্য্যাপ্ত পৰিমাণৰ খাদ্য যোগান ধৰাৰ লগতে ঘৰুৱা কাম-কাজত সহায় আগবঢ়াব লাগে।

মূলবাৰ্তা-৫

স্তনপান কৰিলে কেঁচুৱা আৰু শিশুক বিপদজনক ৰোগৰ বিৰুদ্ধে প্ৰতিৰোধ কৰাত সহায় কৰে। ই মাক আৰু শিশুৰ মাজত নিবিড় সম্পৰ্ক গঢ়ি তোলে।

স্তনদুগ্ধ শিশুৰ বাবে প্ৰথম প্ৰতিষেধক। স্তনদুগ্ধই শিশুক পেটচলা, কান আৰু শ্বাসতন্ত্ৰৰ সংক্ৰমণ আৰু স্বাস্থ্য সমস্যাৰ পৰা সুৰক্ষা প্ৰদান কৰে। ছমাহলৈ কেৱল স্তনদুগ্ধয়েই শিশুৰ একমাত্ৰ খাদ্য আৰু দুবছৰ বা তাৰ পিছলৈকে স্তনদুগ্ধ পান কৰাই থাকিলে এই সুৰক্ষা আৰু অধিকতম হয়। আন কোনো খাদ্য বা পানীয়ই এই সুৰক্ষা প্ৰদান কৰিবলৈ নোৱাৰে।

বটলৰ গাখীৰ খোৱাসকলতকৈ স্তনদুগ্ধ পান কৰা সকলে অধিক মনোযোগ আৰু মৰম লাভ কৰে। মৰম আৰু মাকৰ কাষত অধিক সময় থাকিলে শিশু সোনকালে বিকশিত হয়। বেছি সুৰক্ষিত বোধ কৰে।

মূলবাৰ্তা-৬

বটলেৰে গাখীৰ খুৱাৰ ফলত শিশু অসুস্থ হ’ব পাৰে আনকি মৃত্যুও হ’ব পাৰে। যদি কোনো মহিলাই তেওঁৰ শিশুক স্তনপান কৰোৱাব নোৱাৰে তেন্তে তেওঁক স্তনৰ গাখীৰ বা স্তন গাখীৰৰ পৰিপূৰক গাখীৰ সাধাৰণ পৰিষ্কাৰ কাপেৰে খুৱাব লাগে।

অপৰিষ্কাৰ বটলেৰে গাখীৰ খুৱালে শিশুটিৰ পেট চলা আৰু কাণৰ সংক্ৰমণৰ দৰে ৰোগ হ’বগৈ পাৰে। পেটচলা ৰোগ শিশুৰ বাবে মাৰাত্মক হ’বগৈ পাৰে। যদিহে প্ৰতিবাৰে ব্যৱহাৰৰ পূৰ্বে বটল আৰু ৰবৰৰ বৃন্ত পানীত সিজাই বিজাণু মুক্ত কৰি লোৱা হয় তেন্তে ৰোগৰ আশংকা কিছু পৰিমাণে কমাব পৰা যায়। কিন্তু তথাপিও স্তনপান কৰা শিশুতকৈ বটলৰ গাখীৰ খোৱা শিশুৰ পেটচলা আৰু আন সাধাৰণ সংক্ৰমণ হোৱাৰ প্ৰৱণতা অধিক থাকে।

স্তনপান কৰিব নোৱাৰা শিশুৰ বাবে উত্তম খাদ্য হ’ল মাকৰ স্তনৰ পৰা বা আন মাতৃৰ স্তনৰ পৰা গাখীৰ উলিয়াই খাবলৈ দিয়া। এই গাখীৰ শিশুটিক এটা পৰিষ্কাৰ বিজানুমুক্ত কাপেৰে খুৱাব লাগে।

সদ্যজাত শিশুকো সহজে ধুব পৰা খোলা কাপেৰে গাখীৰ খুৱাব পাৰি।

নিজৰ মাকৰ যথেষ্ট স্তনদুগ্ধ নথকা শিশুৰ বাবে উত্তম খাদ্য হ’ল আন মাতৃৰ স্তনদুগ্ধ।

যদি স্তনদুগ্ধ উপলব্ধ নহয় তেন্তে পৰ্য্যাপ্ত পৰিমাণে পুষ্টিগত স্তনদুগ্ধৰ সম্পূৰক গাখীৰ শিশুক কাপেৰে খুৱাব পৰা যায়। স্তনদুগ্ধৰ সম্পূৰক গাখীৰ খুওৱা কেঁচুৱাৰ স্তনদুগ্ধ পান কৰা শিশুতকৈ মৃত্যু আৰু ৰোগাক্ৰান্ত হোৱাৰ সম্ভাৱনা অধিক থাকে।

শিশুক স্তনদুগ্ধৰ সম্পূৰক গাখীৰ খুৱালে যদি অধিক বা অতি কম পানী মিহলোৱা হয় তেন্তে শিশুৰ বৃদ্ধি কমকৈ হোৱাৰ লগতে অপৰিষ্কাৰ পানীৰ ফলত অসুস্থও হৈ পৰিব পাৰে। সেইবাবেই স্তনদুগ্ধৰ পৰিপূৰকৰ লগত উতলাই বিজাণুমুক্ত কৰা পানী লগত দিয়া নিৰ্দেশমতে মিহলি কৰি শিশুক খাবলৈ দিয়াটো অতি গুৰুত্বপূৰ্ণ কথা।

পশুৰ গাখীৰ আৰু স্তনদুগ্ধৰ সম্পূৰক গাখীৰ কোঠাৰ উষ্ণতাত কেইঘন্টামানৰ ভিতৰতে নষ্ট হৈ যায়। কিন্তু স্তনদুগ্ধ কোঠাৰ উষ্ণতাত ৮ ঘন্টা সময়লৈকে ভালে থাকে। ইয়াক পৰিষ্কাৰ, বিজাণুমুক্ত আৰু ঢাকনি থকা পাত্ৰত ৰাখিব লাগে।

মূলবাৰ্তা-৭

৬ মাহ বয়সৰ পৰা শিশুক বিভিন্ন ধৰণৰ অতিৰিক্ত খাদ্যৰ প্ৰয়োজন হয়। কিন্তু দুবছৰ বা তাতোকৈ দেৰীলৈকে স্তনপান কৰোৱাই থাকিব লাগে।

যদিও ৬ মাহ বয়সৰ পাছত শিশুক আন খাদ্য প্ৰদান কৰিব পৰা যায় তথাপিও শিশুক প্ৰয়োজন হোৱা শক্তি, মাংসসাৰ আৰু খাদ্যপ্ৰান ‘ক’ আৰু লৌহৰ দৰে সূক্ষ্মপোষণবোৰৰ উৎস স্তনদুগ্ধ হোৱাৰ বাবে ইয়াক অব্যাহত ৰাখিব লাগে। শিশুৱে যিমান দিনলৈ স্তনপান কৰি থাকে সিমান দিনলৈ স্তনদুগ্ধই শিশুটিক ৰোগৰ পৰা সুৰক্ষা প্ৰদান কৰে। ৬ মাহৰ পৰা এবছৰলৈ শিশুটিয়ে প্ৰতিদিনে পৰ্যাপ্ত স্তনপান কৰাটো নিশ্চিত কৰিবলৈ আন খাদ্য দিয়াৰ আগতে স্তনপান কৰোৱাব লাগে। শিশুটিৰ আহাৰত বাকলি গুচুৱা, ৰন্ধা আৰু গুৰি কৰা পাচলি, শস্যবীজ, মাহ আৰু ফল সন্নিৱিষ্ট কৰিব লাগে। কিছুমান তেল, মাছ, কণী, কুঁকুৰাৰ মাংস ছাগলীৰ মাংস, গাখীৰৰ সামগ্ৰী আদিৰ পৰা খাদ্যপ্ৰান আৰু খনিজ পদাৰ্থসমূহ পোৱা যায়। দ্বিতীয় বছৰত খাদ্যগ্ৰহণৰ পাছত বা আন সময়ত শিশুটিক স্তনপান কৰোৱাব লাগে। শিশুৱে বিচৰা পৰ্য্যন্ত এগৰাকী মাতৃয়ে স্তনদুগ্ধ পান কৰাই থাকিব পাৰে।

সম্পূৰক আহাৰৰ সাধাৰণ নিৰ্দেশাৱলী

৬ মাহৰ পৰা ১২ মাহ

ঘনাই স্তনপান কৰোৱা আৰু দিনত ৩ ৰ পৰা ৫ বাৰ আন আহাৰ প্ৰদান৷

১২ মাহৰ পৰা ২৪ মাহলৈ ঘনাই স্তনপান কৰোৱা আৰু পৰিয়ালৰ সকলোৰে বাবে প্ৰস্তুত কৰা আহাৰ দৈনিক ৫ বাৰকৈ প্ৰদান৷

২৪ মাহৰ পিছত

যদি মাক আৰু শিশু দুয়ো বিচাৰে তেন্তে স্তনপান অব্যাহত ৰাখিব লাগে। প্ৰতিদিনে পৰিয়ালৰ আহাৰ ৫ বাৰকৈ প্ৰদান।

যেতিয়া শিশুৱে বাগৰিবলৈ শিকে, খোজকঢ়া আৰু খেলিবলৈ আৰম্ভ কৰে আৰু যেতিয়া মাকৰ গাখীৰ খোৱাটো কমাই দি আন খাদ্য শিশুটিক খাবলৈ দিয়া হয় তেতিয়াই প্ৰায়ে শিশু অসুস্থ হৈ পৰে। এনে সময়ত শিশুটি অসুস্থ অৱস্থাত থাকিলেও স্তনপান কৰোৱাব লাগে-কাৰণ ই সহজে হজম হয় আৰু পুষ্টি সমৃদ্ধ।

শিশুৰ অৰুচিভাৱ আহিলে স্তনদুগ্ধই উত্তম খাদ্য কাৰণ শিশুৱে ইয়াত সুস্থবোধ কৰে।

মূলবাৰ্তা-৮

ঘৰৰ পৰা আঁতৰত চাকৰী কৰা মহিলাই শিশুৰ লগত থকা সময়ছোৱাত ঘনাই স্তনপান কৰোৱাব লাগে।

যদি মাতৃগৰাকীয়ে কৰ্মস্থলীত থকাৰ বাবে শিশুটিক স্তনপান কৰোৱাব নোৱাৰে তেন্তে দিনে তিনি চাৰিবাৰ স্তনৰ গাখীৰ উলিয়াই পৰিষ্কাৰ পাত্ৰত ভালদৰে ঢাকি থ’ব পাৰে। কোঠাৰ উষ্ণতাত এই গাখীৰ ৮ ঘন্টা পৰ্য্যন্ত ভালে থাকে। পাছত সেইখিনি এটা পৰিষ্কাৰ বাটিৰে শিশুটিক খুৱাব পাৰে।

স্তনদুগ্ধৰ পৰিপূৰক খুৱাব নালাগে।

পৰিয়াল আৰু সমাজৰ এইটো দায়িত্ব যে মাতৃসকলে এই সময়ত প্ৰয়োজন অনুসৰি যাতে দৰমহাসহ ছুটি লাভ কৰে আৰু কৰ্মস্থলীত এনে সঠিক আচুতীয়া স্থান থাকে য’ত মহিলাগৰাকীয়ে শিশুটিক স্তনপান কৰোৱাব পাৰে বা স্তনৰ পৰা গাখীৰ উলিয়াব পাৰে।

মূলবাৰ্তা-৯

যদি এগৰাকী মহিলাই ৬ মাহ বয়সলৈ শিশুক কেৱল মাত্ৰ স্তনৰ গাখীৰেই খুৱাই, আন কোনো ধৰণৰ খাদ্য বা পানীয় নুখুৱায় আৰু দুধদানী বা কৃত্ৰিম স্তনবৃন্ত নিদিয়ে তেন্তে তেওঁ পুনৰ বাৰ গৰ্ভৱতী নোহোৱাত ৯৪ শতাংশ সুৰক্ষা প্ৰদান কৰে।

মাতৃগৰাকীকে যিমানে বেছিকৈ শিশুটিক স্তনপান কৰোৱাৰ পুনৰ ঋতুস্ৰাৱো সিমানে পলমকৈ আৰম্ভ হব। মাকে যদি ২৪ ঘন্টাত ৮ বাৰৰ কম স্তনপান কৰোৱায় আৰু শিশুক আন খাদ্য আৰু কৃত্ৰিম স্তনবৃন্ত দিয়ে তেন্তে মাকৰ মাহেকীয়া ঋতুস্ৰাৱ সোনকালে আৰম্ভ হয়।

মাহেকীয়া ঋতুস্ৰাৱ আৰম্ভ হোৱাৰ আগতেই ছয়মাহৰ ভিতৰত পুনৰ গৰ্ভৱতী হৈ পৰিব পাৰে।

তলত উল্লেখ কৰাসমূহ যদি হৈছে তেন্তে মাতৃগৰাকীয়ে পুনৰ গৰ্ভৱতী নহ’বলৈ পৰিয়াল পৰিকল্পনা কৰা উচিত।

  • যদি মাহেকীয়া ঋতুস্ৰাৱ আৰম্ভ হৈছে।
  • তেওঁৰ শিশুটিক আন খাদ্য দিয়া হৈছে, কৃত্ৰিম স্তনবৃন্ত বা বটলৰে গাখীৰ খুওঁৱা হৈছে।
  • শিশুটিৰ বয়স ছমাহ হৈ গৈছে।

প্ৰথমটো সন্তানৰ দুবছৰ নোহোৱা পৰ্য্যন্ত পুনৰ গৰ্ভৱতী নোহোৱাটো মাক আৰু শিশুটিৰ স্বাস্থ্যৰ বাবে অতি উত্তম।

পিতৃ-মাতৃ পৰিয়ালে প্ৰশিক্ষিত স্বাস্থ্যকৰ্মীৰ পৰা পৰিয়াল পৰিকল্পনা সম্বন্ধে তথ্যসমূহ জানি লোৱাটো অতি প্ৰয়োজনীয়।

গৰ্ভৱতী নহ’বলৈ লোৱা ব্যৱস্থাসমূহৰ ফলত স্তনদুগ্ধৰ কোনো পৰিৱৰ্তন নহয়, তথাপিও গৰ্ভনিৰোধক বড়ি গ্ৰহণ কৰিলে স্তনদুগ্ধৰ পৰিমাণ কমি যাব পাৰে। এনে সময়ত মাতৃগৰাকীয়ে কেনে ধৰণৰ বড়ি গ্ৰহণ কৰিব পাৰে সেই সম্পৰ্কে স্বাস্থ্যকৰ্মীয়ে ভালদৰে জনাব পাৰিব।

উৎস: ইউনিছেফ

শেহতীয়া উন্নীতকৰণ: : 3/16/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate