অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

আহাৰ আৰু স্বাস্থ্য

জীৱনধাৰণৰ তিনিটা মৌলিক বস্তু - খাদ্য ,বস্ত্র আৰু বাসস্থানৰ ভিতৰত খাদ্যই মূখ্য বস্তু । কিন্ত্ত খাদ্য বুলিলে অকল পেট ভৰাবলৈ খোৱা আহাৰকে নুবুজায় । যি আহাৰত আমাৰ শৰীৰৰ প্রয়োজনীয় পুষ্টিসাধন হয় আৰু যি আহাৰে আমাৰ শৰীৰক অভাব জনিত ৰোগ আদি হোৱাৰ পৰা ৰক্ষা কৰে , তেনে সুষম আহাৰহে (Balanced Diet) আমি খাব লাগে । এই সুষম আহাৰত আমাৰ শৰীৰৰ প্রয়োজনীয় সকলোখিনি পৰিপুষ্টি (Nutrients) পোৱা যায় ।

আমি দৈনন্দিন খোৱা খাদ্যবস্তুবোৰক প্রধানতঃ তলত দিয়া ধৰণে ভাগ কৰা হৈছে ।

    • দানাদাৰ খাদ্য (Cereals)
    • মাহজাতীয় খাদ্য (Pulses)
    • তৈলবীজ /বাদাম / নাৰিকল (Nuts andOilseeds) জাতীয় খাদ্য
    • শাক -পাচলি (Vegetables)
    • মূল জাতীয় পাছলি (Roots and Tubers)
    • ফল মূল (Fruits) * গাখীৰ আৰু গাখীৰৰ তৈয়াৰী খাদ্য (Milk and Milk Products)
    • মাছ / মাংস জাতীয় খাদ্য (Flesh Foods) উপৰুক্ত আহাৰ বোৰৰ প্রধান উপাদান সমূহ হৈছে -
    • শ্বেতসাৰ (Carbohydrates)
    • মাংসসাৰ (Protein)
    • স্নেহ পদার্থ বা চর্বি (Fats)
    • ভিটামিন বা খাদ্যপ্রাণ আৰু খনিজ লৱণ (Vitamin and minerals) শ্বেতসাৰ (Carbohydrates)

শ্বেতসাৰ

শ্বেতসাৰ যুক্ত আহাৰ যেনে - চাউল , ঘেহুঁ ,মাকৈ ,আলু । গুড় ,চেনি , মৌ , কুঁহিয়াৰ ইত্যাদিক শক্তিদায়ক আহাৰ (Energy giving food) হিচাপে ধৰা হয় ।

  • আমাৰ খাদ্যৰ এক বৃহত্ অংশ আমি শ্বেতসাৰ যুক্ত আহাৰৰ পৰা পাওঁ ।
  • এই খাদ্যই শৰীৰত প্রয়োজনীয় তাপ আৰু শক্তিৰ যোগান ধৰে ।
  • শৰীৰে প্রয়োজনীয় অংশ গ্রহণ কৰাৰ পাছত ৰৈ যোৱা অতিৰিক্ত শ্বেতসাৰ দেহত চর্বিৰুপে জমা হয় ।
  • আমাৰ দেহত থকা অগ্ন্যাশয়ত (Pancreas) ইনচুলিণ নামৰ হ'ৰমনৰ উত্পাদন কমি গ'লে দেহৰ কোষ বোৰে শর্কৰা (Starch) জাতীয খাদ্য গ্রহণ কৰিব নোৱাৰা হয় , এনে অৱস্থাত বহুমূত্র ৰোগে দেখা দিয়ে ।
  • আমাৰ শৰীৰৰ কার্য্যক্ষমতা বৃদ্ধিৰ বাবে শ্বেতসাৰ যুক্ত আহাৰ যথেষ্ট পৰিমানে খাব লাগে ।
  • শ্বেতসাৰ সম্পর্ণৰুপে পাচন হ'লে গ্লক'জ , ফ্রুক্ট'জ , বা গেলেক্ট'জলৈ ৰুপান্তৰিত হৈ কোষত প্রৱেশ কৰে ।

মাংসসাৰ

জীৱদেহৰ কোষ গঠনৰ প্রধান উপাদান হৈছে মাংসসাৰ বা প্রটিন ,সেয়ে ইয়াক "শৰীৰ গঠনকাৰী (Body building food) আহাৰ" হিচাবে ধৰা হয় ।

প্রটিন বা মাংসসাৰ যুক্ত আহাৰে আমাৰ শৰীৰৰ কোষ গঠন ,মেৰমতি, ৰোগ প্রতিৰোধকাৰী পদার্থ আৰু পাচক ৰস তৈযাৰ কৰাৰ বাবে প্রয়োজনীয় উপাদানবোৰৰ যোগান ধৰে ।

  • শাৰীৰিক বৃদ্ধি আৰু পৰিপুষ্টিত মাংসসাৰে বিশেষভাৱে সহায় কৰে । খাদ্যৰ পাচন ক্রিয়াত প্রয়োজন হোৱা উত্ষচক (Enzyme) প্রটিন বা মাংসসাৰ দ্বাৰা গঠিত । ইয়াৰ উপৰিও এই উত্ষচকৰ (Enzyme) সহায়ত প্রটিন ভাঙি "এমাইন 'এচিড'লৈ (Amino acid) ৰুপান্তৰিত হয় আৰু এই এমাইন'এচিড হে শৰীৰ গ্রহণ কৰে।
  • প্রটিন বা মাংসসাৰ আমি দুইধৰণে পাব পাৰো । যেনে - ভেষজ প্রটিন - যেনে ডাইল / ৰাজমাহ / মগুমাহ / বুট / চয়াবিন /বাদাম / কাঠফুলা ইত্যাদিত পোৱা যায় ।
  • প্রাণীজ প্রটিন - যেনে মাছ / মাংস / কণী / গাখীৰ ইত্যাদিত পোৱা যায় ।
  • স্নেহ পদার্থ বা চর্বি জাতীয় আহাৰ (Fats)
  • স্নেহ বা চর্বি জাতীয় খাদ্যত শৰীৰৰ বাবে প্রয়োজনীয় শক্তি (Energy) সঞ্চয় হৈ থাকে ।
  • স্নেহ জাতীয় খাদ্যৰ সহায়ত ভিটামিন এ,ডি,ই আৰু কে , (Vitamin A, D,E,K- fat soluble vitamin) সৰবৰাহ হয়।
  • ঘিঁউ, মাখন, গাখীৰ ,বাদাম, কাজু ,নাৰিকল, তেল ইত্যাদিত এই চর্বি পোৱা যায়।
  • স্নেহ পদার্থ পাচন হলে স্নেহ এচিড আৰু গ্লিছাৰল নামৰ দ্রৱ্য উত্পাদিত হয় আৰু শৰীৰৰ কোষত প্রৱেশ কৰে।

খাদ্যপ্রাণ বা ভিটামিন আৰু খনিজ লৱণ

  • খাদ্যপ্রাণ বা ভিটামিন আৰু খনিজ লৱণক " প্রতিৰক্ষা বা দেহ নিয়ন্ত্রণ কাৰী " আহাৰ হিচাবে ধৰা হয় ।
  • ভিটামিনক এ,বি,চি,ডি,ই আৰু কে (A,B,C,D,E,K) হিচাবে নামকৰণ কৰা হৈছে । এইবোৰৰ প্রত্যেকৰে শৰীৰত কাম বেলেগ বেলেগ।
  • আনহাতেদি খনিজ লৱণবোৰ হ'ল - চডিয়াম ,পটাচিয়াম মেগনেচিয়াম, কেলচিয়াম, আইৰণ, ফচফৰাচ, আয়ডিন, ফ্লৰিণ, তাম ইত্যাদি । এইবোৰ সকলোৱে শৰীৰত বিভিন্ন কাম কৰে।
  • সেউজীয়া শাক - পাচলি / কচুঁ /ঢেঁকীয়া / পালেং শাক / খুতুৰা শাক / মৰিচা শাক / মাটি কাঁদুৰী / মানিমুনী /শুকলতি /মেঠিশাক / চজিনাপাত /গাজৰ / বিলাহী / নেমু / ৰঙালাও /অমিতা /বতৰৰ ফলমূল / আমলখি /মধুৰী /কণী / মাছ / মাংস / চীজ / গাখীৰ / পনীৰ /কাঠফুলা /চয়াবিন ইত্যাদিত প্রয়োজনীয় ভিটামিন আৰু খনিজ লৱণ পোৱা যায় ।

ইয়াৰ বাহিৰেও শৰীৰৰ অতি আৱশ্যকীয় বস্তু হৈছে 'পানী '-

  • তেজৰ শতকৰা ৯২ ভাগ পানী।
  • পানীৰ সহায়ত শৰীৰৰ উত্তাপ নিয়ন্ত্রণ হয়।
  • পানীয়ে আহাৰ পৰিপাক অর্থাত্ খোৱা বস্তু হজম হোৱাত সহায় কৰে ।
  • দেহৰ জৈৱিক কার্য্যৰ বাবে পানীৰ আৱশ্যক হয় ।
  • জীৱকোষৰ স্বাভাৱিক ক্রিয়াৰ বাবে পানীৰ আৱশ্যক ।
  • পানীয়ে আহাৰৰ উপাদান সমূহ শৰীৰৰ বিভিন্ন কোষলৈ কঢ়িয়াই নিয়াত সহায় কৰে ।
  • শৰীৰত উত্পন্ন হোৱা দূষিত বস্তু সমূহ বাহিৰলৈ উলিয়াই নিয়াত সহায় কৰে ।
  • পানীয়ে বহুতো ৰোগ নির্মূলত সহায় কৰে যেনে - পিত্তশুল(Gastric) ,বৃক্কৰ বেমাৰ (Kidney Trouble) ,কৌষ্ঠ কাঠিন্য (Constipation) ইত্যাদি।
  • কিন্ত্ত সদায় বিশুদ্ধ পানীহে খাব লাগে ,উতলাই চেঁচা কৰি নাইবা বজাৰত কিনিবলৈ পোৱা ফিল্টাৰ ব্যৱহাৰ কৰি পানী বিশুদ্ধ কৰি খাব লাগে।
  • প্রতিদিনে ৮ ৰ পৰা ১০ গিলাছ পানী খাব লাগে।
  • সাধাৰণতে জীৱ কোষত ৮০-৯০ শতাংশ পানী থাকিব লাগে ।

প্রটিনযুক্ত আহাৰ আৰু শক্তিদায়ক আহাৰৰ অভাৱত হোৱা ৰোগ (Protein Calorie Malnutrition)

ভাৰতবর্ষৰ দাৰিদ্র সীমাৰেখাৰ তলৰ শ্রেণীৰ লোকৰ ল'ৰা - ছোৱালী বিশেষকৈ ১ বছৰৰ পৰা ৫ বছৰৰ বয়সৰ ল'ৰা - ছোৱালী সাধাৰণতে এই প্রটিন আৰু শক্তিদায়ক আহাৰৰ অভাৱত অভাৱজনিত ৰোগত আক্রান্ত হয় ।

  • এই ধৰণৰ পুষ্টিহীনতা ৰোগত শৰীৰৰ লগতে মানসিক বৃদ্ধিটো বাধাগ্রস্ত হয়।
  • জন্মৰ পৰা ৬ মাহলৈ মাতৃদুগ্ধ খাই থকাৰ পাছত শিশুটিক উপযুক্ত পৰিমাণৰ উপৰুৱা আহাৰৰ (Supplementary food) প্রয়োজন হয় ।

প্রটিন আৰু শক্তিদাযক আহাৰৰ অভাৱত হোৱা ৰোগ দুই ধৰণৰ -

  • এইবিধক " কোৱাচি অ'কাৰ "(Kwashiorkar) বোলা হয় । এইবিধ ৰোগত - শিশুটিৰ

১) শাৰীৰিক বৃদ্ধি বাধা প্রাপ্ত হয় (Stunting growth)

২) পাচন ক্রিয়া ক্রমান্বয়ে কমে ।

৩) মগুজৰ বিকাশ বাধাপ্রাপ্ত হয় ।

৪) সঘনাই ডায়েৰীয়া হয় ।

৫) চুলিৰ ৰং সলনি হয় , চুলি ঠৰঙা হয় ।

৬) ৰক্তহীনতা বা তেজ নোহোৱা হয় ।

৭) হাত ভৰি উখহে ।

৮) এই ৰোগত আক্রান্ত শিশু ৫ বছৰৰ ভিতৰৰ মৃত্যু হোৱা দেখা যায় ।

আনবিধক কোৱা হয় - " মাৰাচমাচ"(Marasmas)

১) এইবিধ ৰোগতো শাৰীৰিক বৃদ্ধি নহয় (Stunting growth)

২) শৰীৰৰ মাংস পেশী সমূহ (মঙহ) শুকাই ক্ষীণাই যায় ।

৩) মগুজৰ বিকাশ নহয় ।

৪) ছাল শোঁতোৰা /শুতুৰি হয় । কেচুৱাৰ ক্ষেত্রত অকল প্রটিনৰ অভাৱতে এই ৰোগে হোৱা দেখা নাযায় । শিশুটিয়ে উপযুক্ত পৰিমানে মুঠ আহাৰ ঠিকমতে নোপোৱাৰ ফলতহে এনে হয় । আনহাতে অলপ ডাঙৰ লৰা ছোৱালীৰ ক্ষেত্রত প্রটিন আৰু শ্বেতসাৰ শর্কৰা জাতীয় আহাৰ উচিত পৰিমাণত নোপোৱাৰ ফলত এনে ৰোগ হয় ।

উৎস: অসম কৃষি বিশ্ববিদ্যালয়।

শেহতীয়া উন্নীতকৰণ: : 6/22/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate