আধুনিক অসমীয়া ৰন্ধন প্ৰকৰণৰ এবিধ এৰাব নোৱাৰা উপাদান হৈছে ডাইল । ডাইলৰ ব্যৱহাৰ অসমীয়া খাদ্য প্ৰকৰণত আপেক্ষাকৃত ভাৱে নতুন । মাহজাতীয় শষ্য সিজাই তাক অলপ মচলাৰে সৈতে ভাজি ডাইল তৈয়াৰ কৰা হয়। আজিকালি বহুল ব্যৱহৃত কিছুমান এনে ডাইল হৈছে
মচুৰ
মগু
ৰহৰ
বুট
মাটি মাহ ইত্যাদি
আমাৰ শৰীৰ এটি আৱশ্যকীয় আহাৰ হৈছে ডাইল। এক সমীক্ষামতে এজন নিৰামিষভোজী মানুহৰ আহাৰত প্ৰায় ৭০-৭৫ গ্ৰাম ডাইল থাকিব লাগে আৰু আমিষভোজীৰ আহাৰত কমেও ৩০ গ্ৰাম ডাইল থকাটো আৱশ্যকীয়।
ডাইলৰ পৰা অধিক পুষ্টিকৰ তত্ত্ব পাব পাৰি।
১০০ গ্ৰাম দাইলত প্ৰায় ২০.৮০ গ্ৰাম কাৰ্বোহাইড্ৰেট পোৱা যায়।
ইয়াত থকা শক্তিৰ পৰিমাণ হ’ল—৩৭২ কেলৰী।
আইৰণ আৰু ফচফৰাচৰ পৰিমাণো যথেষ্ট।
ভিটামিন—ই বি-১, বি-২, চি, নাইচীন, এমাইড, পাইৰিডাকচিন, পেটোথিনিক এচিড, কেলচিয়াম পেছোথিনেটো ডাইলত পোৱা যায়।
চি ভিটামিনৰ পৰিমাণ বেছি থাকে অঙ্কুৰিত মাহত। তদুপৰি লাইচিন আৰু থ্ৰিয়োনিন, ডাইলৰ পৰাই সৰ্বাধিক মাত্ৰাত পোৱা যায়।
শিশুৰ শাৰীৰিক বিকাশৰ কাৰণে দাইলৰ বিশেষ আৱশ্যকতা আছে। দাইলে ভোক বঢ়ায় আৰু আহাৰ জীণ যোৱাত সহায় কৰে। বাকিলযুক্ত ডাইল অতি উপকাৰী। ৰাতি তিয়াই থৈ দিয়া গোটা মাহ, গজালি উলিয়াই আৰু এই গজালি উলিওৱা মাহৰ ডাইল, সাধাৰণ দাইলতকৈ দুগুণ উপকাৰী। কাৰণ ডাইল ভাজিলে বা বাকলি গুছালে ইয়াৰ ভিটামিন পুষ্টি নহোৱা হয়।
এই ডাইল সমূহ প্ৰটিনৰ উৎস হোৱাৰ লগতে স্বাদযুক্তও হয়।
এই বিলাক ডাইল বা ডালি ৰ প্ৰায় বিলাকেই অসমলৈ চুবুৰীয়া খাদ্য প্ৰকৰণৰ অবদান। অসমত পৰম্পৰা গত ভাৱে ব্যৱহৃত মাহ জাতীয় খাদ্য বিলাকৰ ভিতৰত মাটিমাহ আৰু মগু মাহেই প্ৰধান । ঔটেঙা দিয়া বা খাৰ দি ৰন্ধা মাটি মাহ আজিও অসমৰ অন্যতম জনপ্ৰিয় খাদ্য। কোনো কোনো লোকে মাছ বা মাংসৰ সৈতেও মাহ ৰান্ধি খায়।
শেহতীয়া উন্নীতকৰণ: : 7/15/2020
ডাইলৰ পৰিৱৰ্তে চয়াবিন
পঞ্চৰত্ন দাইল
ৰহৰ মাহৰ খেতিৰে উপাৰ্জন বঢ়াব পাৰি
ৰহৰ দাইলৰ খেতিৰ বিষয়ে ইয়াত আলোচনা কৰা হৈছে।