মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / ডাইলৰ পৰিৱৰ্তে চয়াবিন
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ডাইলৰ পৰিৱৰ্তে চয়াবিন

ডাইলৰ পৰিৱৰ্তে চয়াবিন

ডাইলৰ মাত্ৰাধিক চ’ৰা দামে ইতিমধ্যে ক্ৰেতাৰইজক বিবুধিত পেলাইছে। নিত্য খাদ্য তালিকাত ডাইল অপৰিহাৰ্য হোৱা বাবে মাহেকীয়া বাজেটত হেঁচা দিয়াৰ পৰতে কৃষি বিজ্ঞানী অশোক বিলাটিৰ লগতে আন এগৰাকী কৃষি বিজ্ঞানি অশোক বিজন দাসে মত প্ৰকাশ কৰিছে যে ধান আৰু ঘেহুৰ উৎপাদনত চৰকাৰ আৰু কৃষকে অধিক মনোনিৱেশ কৰাৰ ফলত ডাইলৰ উৎপাদন হ্ৰাস পোৱাৰ ফলত ডাইলৰ্শ মূল্য দিনক দিনে আকাশলঙঘী হৈছে।

ডাইলত যথেষ্ট পৰিমাণে প্ৰ’টিন থকা বাবে মাছ, মাংস, কণীৰ সলনি ডাইলৰ ব্যৱহাৰে মানুহৰ শৰীৰত প্ৰ’টিন যোগায়। সেয়েহে কোৱা হয়’Dal is the poor mans protein’ অৰ্থাত, ‘ডাইল দুখীয়া লোকৰ বাবে প্ৰটিন সম্বলিত খাদ্য।’ প্ৰটিনৰ অভাৱত দেহত নানা ৰোগৰ সৃষ্টি হয়। দেহৰ প্ৰতিৰোধ ক্ষমতা হ্ৰাস পায়। প্ৰতিনযুক্ত খাদ্য দেহত অতীৱ প্ৰয়োজনীয়। ইয়ো সচা যে মাত্ৰাধিক প্ৰটিনযুক্ত খাদ্যৰ ব্যৱহাৰে দেহত নানা ৰোগৰ সৃষ্টি কৰে। সেয়েহে সততে সমতা বৰ্তাই ৰখাৰ প্ৰচেষ্টা বাঞ্চনীয়। মন কৰিবলগীয়া যে চয়াবীনত ৪০ শতাংশ প্ৰ’টিন, ২০ শতাংশ উচ্চমানৰ তেল, প্ৰচুৰ পৰিমাণে ‘বি’ ভিটামিন, থিয়ামিন, কাইবোফ্লেবিন থকা বাবে ডাইলৰ সলনিজ চয়াবিনৰ ব্যৱহাৰ প্ৰণিধানযোগ্য। মিঠাত্ৰেলৰ সলনি চয়াবিনৰ তেলৰ ব্যৱহাৰে বহু ৰোগৰ পৰা হাত সৰাৰ উপায় দিব। ই আটাইৰে বিদিত যে মিঠাতেলত ভেজালকৰণ প্ৰক্ৰিয়া অতি ভয়াবহভাৱে বৃদ্ধি পাইছে। বজাৰত চয়াবিন আৰু বেলি ফুলৰ তেল পোৱা যায়। ই নিৰ্ঘাতসত্য যে খাদ্যৰ ওপৰতে মানুহৰ স্বাস্থ্য ঘাইকৈ নিৰ্ভৰশীল। উল্লেখযোগ্য যে চয়াবীন গাখীৰৰুপেও ব্যৱহাৰ কৰিব পাৰি। এনে গাখীৰ সুস্বাদু আৰু শৰীৰৰ বাবে উপযোগী। চয়াবিনৰ গাখীৰ প্ৰস্তুত কৰিবলৈ প্ৰয়োজন অনুযায়ী চয়াবিনৰ গুটিবোৰ ১০/১২ ঘণ্টামান পানীত তিয়াই থৈ কোমলিলে হাতেৰে মোহাৰি বাকলি গুচাই পিহি লৈ তিনিগুণ পৰিমাণৰ পানীত কমকৈ উতলিব দিলে বিশুদ্ধ গাখীৰ প্ৰস্তুত হ’ব। চয়াবিনৰ গোন্ধ আঁতৰাবলৈ কেইটোপালমান আদাৰ ৰস, দুখিলামান তেজপাত দিলেই গোন্ধ আঁতৰিব। চয়াবিনৰ গাখীৰ দৈনিক ব্যৱহাৰ কৰাৰ উপৰি গ্ৰহণী, পেটৰ অসুখ, তেজ-গ্ৰহণী আদিৰ মহৌষধ, অমৃতসম। বৃদ্ধ লোক, দূৰ্বল দেহৰ বাবে বৰ উপকাৰী। কেঁচুৱাকো কম পৰিমাণে পানী মিহলাই খুৱালে উত্তম পথ্য। চয়াবিন, চাপাটি, পৰঠা, ৰুটি, চাটনি, পকৰী, বৰ আদিতো ব্যৱহাৰ্কৰিলে উত্তম খাদ্য হ’ব। মাছ-মাংস, কণী আৰু গাখীৰ আদিৰ অধিক মূল্যবৃদ্ধি প্ৰতিৰোধ কৰিবৰ উপায়ৰুপে চয়াবিনৰ ব্যৱহাৰ সফলদয়ক। চয়াবিনৰ ব্যৱহাৰে দেহত প্ৰ’টিনযুক্ত খাদ্য যোগোৱাৰ লগতে স্বাস্থ্য ৰক্ষা আৰু অৰ্থনৈতিক দিশতো সহায়তা প্ৰদান কৰিব। ইয়াৰ ফল হ’ব সুদূৰপ্ৰসাৰী। এনেবোৰ ক্ষেত্ৰত গৃহস্থতকৈ গৃহিণীসকলৰ প্ৰচেষ্টা অধিক বাঞ্চনীয়। মনীষী বুলৱাৰ লিটনৰ ভাষাৰে-‘আমি বন্ধু অবিহনে জীয়াই থাকিব পাৰো। গ্ৰন্থ অবিহনেও জীয়াই থাকিব পাৰো, কিন্তু সভ্য মানুহে ‘ৰান্ধনী’ অবিহনে জীয়াই থাকিব নোৱাৰে।

ডা: কৃপাসিন্ধু অধিকাৰী, দৈনিক অসম।

3.02173913043
কুলদীপ কুমাৰ শৰ্মা Jun 25, 2016 01:18 AM

সমাজকৰ্মী স্বৰ্গীয় ৰাজীব দীক্ষীতৰ মতে চয়াবীন স্বাস্থ্যৰ পক্ষে বিপজ্জনক ।

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top