অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

চয়াবিনৰ ফুলৰি

চয়াবিনৰ ফুলৰিৰ প্ৰস্তুত প্ৰণালী

উপকৰণ

  • নিউট্ৰেলা বা চয়াবিন- ১০/১২ ফুটা।
  • বেচন-আধা কাপ।
  • পিঁয়াজ কুটা- এটা।
  • আদা কুটা অকণমান।
  • নিমখ, হালধি, ৰিফাইন তেল আন্দাজমতে।

প্ৰস্তুত প্ৰণালী

নিউট্ৰেলা বা চয়াবিনখিনি বনোৱাৰ আগতে অলপ সময় উতলা পানীত ডুবাই ৰাখিব। অলপ পিচত কুমলি যোৱা চয়াবিনবোৰ বাটি এটাত লৈ বেচনৰ লগত পিটিকি ল’ব। পিঁয়াজ কুটা, আদা কুটা, জলকীয়া কুটা, নিমখ আৰু হালধিও লগতে দি সানিব। এখন কেৰাহীত অলপ ৰিফাইন তেল ঢালি সৰু চামুচেৰে এচামুচ এচামুচকৈ ফুলৰিৰ মিশ্ৰণবোৰ তেলত দি ৰঙচুৱাকৈ ভাজিব। সন্ধিয়া আদা দিয়া ৰঙা চাহৰ লগত পৰিৱেশন কৰিব।

লেখিকা: শিল্পীকা ৰাজগুৰু।

2.95454545455
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top