আহাৰে মানৱ দেহক শাৰিৰীক তথা মানসিক শক্তি যোগাই কৰ্মক্ষম কৰি ৰাখে। সেইবুলি, একে আহাৰকে সকলো বয়সৰ লোকৰ বাবে উপযোগী হ’ব নোৱাৰে, কিয়নো বয়সভেদে দেহৰ হজম ক্ষমতা সুকীয়া সুকীয়া হয়। সেয়ে, এজন শিশুৰ আহাৰ আৰু এজন ডেকাৰ আহাৰৰ মাজত প্ৰভেদ ৰখাটো প্ৰয়োজনীয়। একে কাৰণতে, এজন শিশু বা ডেকাৰ আহাৰৰ মাজত প্ৰভেদ ৰখাটো প্ৰয়োজনীয়। এইটো মন কৰিব লগা যে বৃদ্ধাৱস্থাত এফালে দাঁতৰ জোৰ কমি যাবলৈ ধৰে আৰু আনফালে হজম শক্তিও হ্ৰাস পাব ধৰে, গতিকে তেনে অৱস্থাত এনে আহাৰহে উপযোগী হ’ব, যি আহাৰ সহজে হজম হোৱাৰ লগতে শৰীৰত যথোচিত শক্তি প্ৰদান কৰিব পাৰে, অথচ ৰক্তচাপ বৃদ্ধি, ৰক্তত ছুগাৰ বৃদ্ধি আৰু কলেষ্টেৰল বৃদ্ধি ঘটাই জীৱন দুখময় কৰি তুলিব নোৱাৰে।
গতিকে উক্ত দিশসমূহৰ প্ৰতি লক্ষ্য ৰাখি বৃদ্ধাৱস্থাৰ উপযোগী আহাৰ যে সাত্ত্বিক আহাৰহে হ’ব পাৰে সেই কথাই বৰ্তমানে সকলো ঠাইতে গুৰুত্ব পাবলৈ লোৱাটো পৰিলক্ষিত হৈ উঠিব ধৰিছে। সাত্ত্বিক আহাৰৰ স্বৰূপ সম্পৰ্কে গীতাত এইদৰে উল্লেখ কৰা হৈছে- ‘আয়ু:মত্ত্ব বলাভোগ্য সুখ প্ৰীতি বিবৰ্দ্ধায়া: ব্যাখ্যা: স্নিগ্ধা: স্থিৰাহৃদ্যা আহাৰ: সাত্ত্বিক প্ৰিয়া।’ অৰ্থাৎ, সাত্ত্বিক আহাৰে আয়ুস, উৎসাহ বৃদ্ধি কৰে, সুখ-প্ৰীতি, আনন্দ বঢ়ায়, ই ৰসযুক্ত, স্নিগ্ধ আৰু হৃদয়ৰ বাবে উপকাৰী। এনে আহাৰ সাত্ত্বিক লোকৰ প্ৰিয়’। সাত্ত্বিক আহাৰ বুলিলে অৱশ্যে আমাৰ সৰ্বসাধাৰণৰ ধাৰণাত নিৰামিষ আহাৰ বুলি ধৰাৰ হয়। পিছে, দৃষ্টিশক্তি, স্মৰণ শক্তি আৰু হৃদযন্ত্ৰৰ সক্ৰিয়তাৰ বাবে সাত্ত্বিক আহাৰৰ লগতে কিছু পৰিমাণে মাছ (সাধাৰণতে সৰু মাছ) আৰু কণী মাজে সময়ে হ’লেও গ্ৰহণৰ প্ৰয়োজন থাকে। সি যি কি নহওক বৃদ্ধাৱস্থাৰ আহাৰ কেনে হোৱা উচিত সেই সম্পৰ্কে ভেষজ ৰত্ন গুণাৰাম খনিকৰে তেওঁৰ ‘সুস্বাস্থ্যৰ মূল চাবিকাঠি আহাৰ’ শীৰ্ষক গ্ৰন্থত বাৰুকৈ উল্লেখ কৰিছে। তাৰে মূল অংশ ইয়াত সন্নিৱষ্ট কৰা হৈছে-
১) বৃদ্ধাৱস্থাত সন্মুখীন হোৱা গা-ছাল সোতোৰা পৰা কোষ দুৰ্বল হোৱা কাৰ্য প্ৰতিহত কৰাৰ বাবে প্ৰতিদিনে যথেষ্ট পৰিমাণে (১০/১২ গিলাচ) পানী বা ফলৰ ৰস খাব লাগে। এই অৱস্থাত পাচন তন্ত্ৰ দুৰ্বল হোৱাৰ বাবে হজম শক্তি হ্ৰাস পায় আৰু সেয়ে তাক বাধা দিয়াৰ বাবে পকা বা কেঁচা অমিতাৰ আঞ্জা, দোৰোণ শাকৰ আঞ্জা, ভেদাইলতাৰ আঞ্জা, ত্ৰিফলা, কেঁচা নহৰু ৩/৪ ফুটা, ২/৩ চকল আদা ভাতৰ লগত নিয়মীয়াকৈ খোৱা উচিত। আঁহজাতীয় ফল-মূল আৰু শাক-পাচলি আদি খোৱাও ভাল। ভাত খোৱাৰ পিছত তামোল নাখাই এটা শিলিখা চোবাই খোৱা উচিত।
২) বৃদ্ধাৱস্থাত ৰোগ প্ৰতিৰোধী ক্ষমতা বৃদ্ধিৰ বাবে চাহ চামুচেৰে ২ চামুচ আমলখিৰ গুড়ি, দুই চামুচ মৌ আৰু ১৫-২০ চামুচ পানী মিশ্ৰণ কৰি দিনে এবাৰকৈ নিয়মীয়াভাৱে খাব লাগে। তেনেকৈ খালে সাধাৰণ পানী লগাৰ পৰা আৰম্ভ কৰি কৰ্কট ৰোগ, পেটৰ ঘাঁ, মেলিনা আদি খালেও দেহত ৰোগ প্ৰতিৰোধী ক্ষমতা বৃদ্ধি পায়।
৩) বৃদ্ধাৱস্থাত হোৱা এলাহ, ভাগৰ, বুকু ধপ্ধপনি, নিম্ন ৰক্তচাপ, হাঁওফাঁওজনিত ৰোগ, ৰক্তহীনতা আদি দূৰ কৰাৰ কাৰণে আটাইতকৈ ভাল ঔষধ হৈছে অৰ্জুন গছৰ ছালৰ গুড়ি। তেনেকৈ বৃদ্ধাৱস্থাত ভৰি আৰু হাতৰ গাঠিত হোৱা বিষ আদি এৰাই চলাৰ বাবে মাংস সম্পূৰ্ণকৈ এৰি দিয়াই ভাল। এনে ৰোগসমূহৰ মহৌষধ হৈছে- ভেদাইলতা, নহৰু, ওলকবি, পচতীয়াৰ পাত, কেঁচা হালধি, পুৰণি গুড় আদি। ভেদাইলতাৰ আঞ্জাৰ উপৰি ইয়াৰ পাত নহৰুৰ লগত চাটনি কৰি দিনে এবাৰকৈ একেৰাহে ৩০/২৫ দিন খালে বাতবিষ আদি সহজে ভাল হয়।
৪) বৃদ্ধাৱস্থাত শৌচ কঠিন হোৱা সমস্যা দূৰ কৰাৰ বাবে পানী, জুলীয়া পদাৰ্থ, আঁহজাতীয় দ্ৰব্য, ফলৰ ৰস যথেষ্ট পৰিমাণে খাব লাগে। শৌচ বেছি দিন ধৰি কঠিন হৈ থাকিলে সোণাৰু গছৰ ফলৰ বীজ ৮/১০ টা পিহি পানীৰ লগত মিহলি কৰি দিনে এবাৰকৈ ৮/৯ দিন খালে শৌচ স্বাভাৱিক হয়। পকা, অমিতা, পকা বেল, পকা আম আদি সুপথ্য।
৫) শ্বাস-প্ৰশ্বাসৰ ৰোগে বৃদ্ধাৱস্থাত আমনি কৰা দেখা যায়। এই ক্ষেত্ৰত ষেষ্ঠমধু খোৱাৰ অভ্যাস কৰিলে জমা হোৱা কফ বাহিৰ হয়। বগা বাহকৰ পাতৰ ৰস, কলীয়া তুলসীৰ পাতৰ ৰস লেটাগুটিৰ গুড়ি, জালুকৰ গুড়ি, পিপলিৰ গুড়ি, আদাৰ ৰস আৰু মৌ মিহলাই নিয়মীয়াকৈ খালে হাইফাই যক্ষ্মা ৰোগ ভাল হয়। বৃদ্ধাৱস্থাত মিঠা জাতীয় খাদ্য পৰাপক্ষত কমাই খাব লাগে। পনীয়া বা লুণীয়া খাদ্য যথেষ্ট পৰিমাণে খোৱাৰ উপৰি ভালদৰে সিদ্ধ হোৱা আহাৰহে গ্ৰহণ কৰা উচিত। বহুমূত্ৰ ৰোগ উপশমৰ বাবে মহানিমৰ পাত আৰু তিতা কেহা আদি বস্তু খোৱাৰ অভ্যাস কৰিলে এই ৰোগ প্ৰতিৰোধ হোৱাৰ আশা থাকে।
লিখক: অৰ্পণ দত্ত, দৈনিক অসম।
শেহতীয়া উন্নীতকৰণ: : 6/30/2020
অসমীয়া আহাৰ-পানী
আহাৰ আৰু বনৌষধিৰে আমাৰ স্বাস্থ্য
কোমোৰা আৰু ইয়াৰ বিশেষ গুণাগুণৰ বিষয়ে ইয়াত দিয়া হৈছ...
আহাৰৰ দ্বাৰা বিষ নিৰাময়