অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

স্বাস্থ্য ৰক্ষাত ফলাহাৰ

স্বাস্থ্য ৰক্ষাত ফলাহাৰ

স্বাস্থ্য ৰক্ষাত ফলাহাৰৰ নিয়মিত প্ৰয়োগৰ কথা আমি ভাৰতীয় সকলে বিশেষকৈ অসমীয়া মানুহে দ কৈ নাভাবো। যেতিয়াই মন যায় ফল পালে খোৱা হ্য, কিন্তু নিয়মিতভাবে ফলৰ পৰা উপকাৰ জানি লৈ খোৱাৰ প্ৰয়োজনবোধ নকৰে। আমাৰ্দ দৈনন্দিন খাদ্য তালিকাত কেৱল, মাছ, মামগস, কণী আদি আমিষ জাতীয় আহাৰ স্বাস্থ্যৰ বাবে বেছি উপকাৰী বুলি ভাবে। কিন্তু সহজলভ্য বতৰৰ ফল যে যথেষ্ট উপকাৰী সেই কথা আমৰ মানুহে নাভাবে। তলত সহজলভ্য কেইবিধমান ফলৰ উপকাৰিতাৰ কিছু কথা জনোৱা হ’ল।

কল

আমাৰ সমাজত সকলোৰে সু-পৰিচিত সহজলভ্য ফল হোঐছে কল। ফলাহাৰ হিচাপে কল অতি উত্তম আৰু উপকাৰী ফল। গাঁৱলীয়া সমাজত প্ৰায় মনুহৰ ঘৰে ঘৰে বৰীত এজোপাকল গছ আছেই। কোনো কোনো মানুহে কলৰ খেতি কৰিও যথেষ্ট লাভবান হয়। কল গছৰ উপকাৰিতা আমিও বাৰুকৈয়ে জানো। কলগছ ৰুলে সহজে ডাঙৰ দীঘল হৈ ফল ধৰে। ইয়াৰ কাৰণে বেছি যত্নৰ প্ৰায়োজন নহয়। কল বহুবিধ আছে-তাৰ ভিতৰত মালভোগ, চেনিচম্পা, মনোহৰ,। আঠিয়া, জাহাজীকল ইত্যাদি। কাচকল বা পুৰাকল তৰকাৰী হিচাপে ব্যৱহাৰ হয়। এইবিধ কল খালে পেটৰ অসুখ ভাল হয়, সিজাই নিমখ সানিও খাব পাৰি। তৰকাৰী আদিতো কচকল দি খাব পাৰি।

জহকালি বা গৰমৰ দিনত কলৰ উত্পাদন বেছি হয়। কল এবিধ আঁহজাতীয় ফল, ইয়াত প্ৰধানকৈ তিনিবিধ শৰ্কৰা থাকে। যেনে- চুক্ৰোছ, ফ্ৰুক্ট’জ আৰু গ্লুক’জ। দৈনিক এটাকৈ পকা কল খালে শৰীৰত শক্তি আহৰণ হয়। গাখীৰ, কল, আৰু ভাতৰ সৈতে পকা কল সানি বা মিহলি কৰি দৈনিক খালেও যথেষ্ট উপকাৰ পোৱা যায়। কোষ্ঠকাঠিন্য ৰোগ দূৰ হয়। নিয়মিত কলৰ ফলাহাৰে মানুহক বিভিন্ন ৰোগৰ পৰা হাত সাৰি থকাত সহায় কৰে। কলত আয়ৰনৰ পৰিমাণ বেছি থাকে বাবে এনিমিয়া ৰোগৰ পৰা উপশম পাবলৈ আৰু তেজ বৃদ্ধিৰ বাবে নিয়মীয়াকৈ কল খাব লাগে। কলত লৱণৰ পৰিমাণ খুব কম থাকে আৰু আৰু ‘পটাছিয়াম’ৰ পৰিমাণ অধিক থকা বাবে উচ্চ ৰক্তচাপ ৰোগীৰ বাবে কল্ক উপকাৰী। কলে মগজুৰ শক্তি বৃদ্ধি কৰে আৰু শিকাৰ ক্ষমতা বৃদ্ধি কৰে। উচ্চ মাত্ৰাত আঁহযুক্ত পদাৰ্থ আৰুহ ‘পটাছিয়াম’ বেছিকৈ থাকে বাবে শৌচ খোলোচা হয়। বুকু জ্বলা-পোৰা কৰি অম্লৰ পৰিমাণ বাঢ়িলে কাল খাব লাগে। ই অতি শীঘ্ৰে এই ৰোগ উপশম কৰে। কলত ভিটামিন ‘বি’ যথেষ্ট পৰিমাণে থাকে বাবে ক্ল খালে স্নায়ুৰ দুৰ্বলতা হ্ৰাস হয়।

সৰ্বগুণী কলৰ ফলাহাৰে মানুহৰ হৃৎপিণ্ডৰ ‘ষ্ট্ৰোক’ হোৱা ৰোগীকো বহু পৰিমাণে সহায় কৰে। কলত ‘প্ৰোটিন’ অধিক পৰিমাণে থাকে। কাৰ্বোহাইড্ৰেট, ‘ফছফৰাছ’, ‘ভিটামিন ‘এ’, ‘বি’, লৌহ পদাৰ্থ  আৰু খনিজ লৱণো থাকে। সকলো বয়সৰ লোকে ‘কল’ ফলাহাৰ হিচাপে খাব পাৰে। ডায়েবেটিছ ৰোগীয়ে কম পৰিমাণে কল খাব পাৰে।

তৰমুজ

এইবিধ গৰমকালি উৎপাদন হোৱা গোলাকাৰ, ফুটবল বা ৰবাব টেঙাৰ সদৃশ ঘূৰণীয়া আকৃতিৰ ফল। এই ফলৰ বাহিৰফাল মিহি আৰু ঘন সেউজীয়া ধৰণৰ। কোনো কোনো বিধ পাতল সেউজীয়া বা হালধীয়া ৰঙৰো আছে। এইবিধ ফল বজাৰত সহজলভ্য। ফল পুৰঠ হ’লে ভিতৰভাগ ৰঙা হয় আৰু সৰু সৰু ক’লা ৰঙৰ গুটি থাকে। গৰম দিনত এই ফলৰ এচকল কাটি আনি খালে পেট ঠাণ্ডা পৰি যায়। তৰমূজৰ ভিতৰ অংশ পানী আৰু মিঠা ৰসেৰে পৰিপূৰ্ণ। প্ৰোটিন, স্নেহপদাৰ্থ, কম পৰিমাণে শৰ্কৰা, কেলচিয়াম আৰু লৌহ পদাৰ্থ থাকে। তাৰোপৰি খুব কম পৰিমাণে ফ’চফ’ৰাচ, পটাচিয়াম আৰু ভিটামিন ‘খ’, ‘গ’ থাকে। তৰমূজৰ ভিতৰৰ ৰঙা অংশত ‘লাইকোপেন’ নামৰ এবিধ এণ্টিঅক্সিডেণ্ট থাকে, ই কৰ্কট ৰোগ নিবাৰণত সহায় কৰে। কম কেল’ৰিযুক্ত ফল বাবে এইবিধ ফল ডায়েবেটিছ ৰোগীয়েও খাব পাৰে। এইবিধ ফল এক ডেৰ কেজিৰ পৰা ৪/৫ কেজি পৰ্যন্ত ওজনৰ হোৱা দেখা যায়।

ডালিম

আমাৰ দেশৰ ভিন ভিন ঠাইত ডালিম পোৱা যায় আৰু বজাৰত প্ৰায় গোটেই বছৰ ধৰি ডালিম বিক্ৰী হয়। অসমৰ বজাৰলৈ ডালিম উত্তৰ প্ৰদেশ, হিমাচল প্ৰদেশ, কাশ্মীৰ, মহাৰাষ্ট্ৰ আদিৰ পৰা চালানি ফল হিচাপে আমদানি হৈ আহে। ডালিমৰ জাত বহুতো আছে। তাৰ ভিতৰত হিমাচল প্ৰদেশ, কাশ্মিৰ আদি ৰাজ্যৰ পৰা অহাবোৰ উন্ন্ত ধৰণৰ আৰু খাবলৈও সোৱাদ, ৰসৰ পৰিমাণ অধিক। সি যিয়েই নহওক, মুঠতে ডালিম বৰ উপকাৰী ফল।

ই গোলাকাৰ। ২৬/২৭ ছে:মি: পৰিধি, ব্যাস প্ৰায় ৮/৯ ছে:মি: হয়। তলফালে ফুল সদৃশ জোঙা জোঙা পাহি থাকে। পকিলে বৰণ ৰঙা, গুলপীয়া অৰু কেঁচাতে সেউজীয়া ৰঙৰ। ই এবিধ বহুগুটীয়া ফল, ডালিমৰ ভিতৰত পকা গুটোবোৰ [পাতল বেৰ সদৃশ চামনিৰে আবৃত হৈ থকে, ভাগ ভাগকৈ গুটিবোৰ থাকে। কোনো ল’ৰা-ছোৱালীৰ দাঁতবোৰ ধুনীয়া হ’লে, মানুহে ডালিমগুটীয়া বুলি তুলনা কৰে।

ডালিমৰ গছবোৰ বৰ বেছি ওখ নহয়, কিন্তু ডালযুক্ত  আৰু সৰু সৰু পাত, ফুলেৰে আৱৰা। ডালিম ফল হিচাপে যথেষ্ট উপকাৰী। ইয়াৰ ঔষধী গুণো অনেক। দৈনিক ডালিম খালে ভোক আৰু হজম শক্তি বাঢ়ে। যকৃত, বৃক্ক আৰু হৃদযন্ত্ৰৰ বাবেও বৰ উপকাৰী। ফল। ডালিমৰ পৰা ৰসযুক্ত গুটিবোৰ খালে পেট খোলোচা হয়। এইবোৰত এচিড আৰু খাৰৰ সমতা ৰক্ষা কৰাৰ গুণ থাকে। তাৰোপৰি ডালিমৰ পকা ৰসল গুটিবোৰ পিহি ৰস উলিয়াই পানীৰ সৈতে মিহলাই দৈনিক খালে বৃক্কৰ পাথৰ গলে। সতেজ ডালিমৰ ৰস দৈনিক খাব পাৰিলে দুৰ্বল মানুহেও গাত যথেষ্ট শক্তি পায়। আমাৰ দৈনন্দিন জীৱনত ডালিম ফলৰ উপকাৰ যথেষ্ট আছে।

কঠাল

অসমৰ থলুৱা ফলৰ ভিতৰত কঠাল এবিধ উতকৃষ্টমানৰ বৃহত আকৃতিৰ ফল। এইবিধ ফল গ্ৰীস্মকালত উতপাদন হয়। অসম, বংগদেশ আৰু দক্ষিণ ভাৰততো অধিক পৰিমাণে কঠাল হোৱা দেখা যায়। কঠাল বহুগুটীয়া ফলৰ ভিতৰত পৰে। পকা কঠাল্ ফালিলে ভিতৰ ভাগত বহুবোৰ সৰু-ডাঙৰ কোঁহ ওলায়। কঠালৰ ভিতৰত থকা ডিলাটোৰ বা ডিলাডালৰ চাৰিওফালে কোঁহবোৰ স্ংলগ্ন হৈ থাকে। কঠালটো পকিলে ভিতৰৰ কোঁহবোৰ বৰ মিঠা আৰু ৰসাল হয়। কোঁহৰ ভিতৰত টান দীঘলীয়া সৰু আকৃতিৰ গুটি থাকে। এই কঠালৰ গুটিবোৰ আঞ্জাত দি বা সিজাইও খায়।

কেঁচা কঠাল বা কঠালৰ মুচি তৰকাৰী বনাই খাবলৈ বৰ সোৱাদ। পকা কঠালৰ কোহৰ পৰা জেলি প্ৰস্তুত কৰিও খাব পৰা যায়। শৰীৰ দুৰ্বল হ’লে কঠালৰ কোঁহৰ ৰস চেকি লৈ তিনি চামুচকৈ দিনে দুবাৰকৈ খালে শৰীৰত শক্তি বৃদ্ধি হয়। অৰুচী হ’লে পকা কঠালৰ কোঁহৰ ৰস খাব লাগে। মাংসপেশীৰ বিষ হ’লে কঠালৰ ভিতৰৰ দণ্ডাকৃতিৰ ডিলাডাল সৰু সৰুকৈ কাটি পাচলিৰ লগত খালে ভাল পায়। শুক্ৰ দুৰ্বলতাত কঠালৰ কেঁচা কোঁহ আহাৰৰ সৈতে সিজাই খালেও শুক্ৰ বৰ্দ্ধন হয়। পকা কঠাল বল কাৰক ফল, বায়ু, পিত্ত, ৰক্তপিত্ত আৰু ক্ষত নাশক। কফ, পিত্ত আদি দোষ নাশক। ই সৰ্বগুণী হ’লেও মধুমেহ ৰোগীৰ বাবে অপকাৰী ফল। কঠাল গছ ডালযুক্ত ওখ হয়, ফলবোৰ ডাল আৰু গা-গছত লাগি থকা দেখা যায়।

শেহতীয়া উন্নীতকৰণ: : 6/4/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate