শিলিখা বনৌষধি দ্ৰব্যৰ ভিতৰত উৎকৃষ্ট বুলিব পাৰি। ইয়াৰ অন্য নাম হৰিতকী। সকলো ৰোগ হৰণ কৰিব পাৰে বুলিয়ে শিলিখাৰ নাম হৰিতকী হৈছে। এই গছ প্ৰকাণ্ড ডাঙৰ হয়। শিলিখা ফলবোৰ সৰু আৰু দীঘলীয়া। অৱশ্যে এবিধ গোলাকাৰ নাম ৰোহিনী। শিলিখাৰ এটি জন্ম কথা আছে। এদিন হেনো দেৱৰাজ ইন্দ্ৰই অমৃত পান কৰোতে এটি অমৃতৰ টোপাল মৰ্ত্তাত সৰি পৰিল। সেই টোপালৰ অমৃতৰ পৰা শিলিখাৰ জন্ম হয়। শিলিখা সাত প্ৰকাৰৰ আছে। যথা
১) বিজয়া
২) ৰোহিনী।
৩) পুতলা।
৪) চেতেকী।
৫) অভয়া।
৬) অমৃত।
৭) জীৱন্তী।
এই সাতবিধ শিলিখা আকৃতিত বিভিন্ন হ’লেও গুণগত পাৰ্থক্য বিশেষ নাই। চেতকী বিধ শিলিখাৰ বাহিৰে বাকী কেইবিধ প্ৰায় সকলো ঠাইত পোৱা যায় আৰু ই আটাইতকৈ ভাল। আকৃতিক ই অলপ দীঘলীয়া লাউৰ দৰে ওপৰত ৫/৬ টাকৈ শিৰ থাকে। শিলিখা দৰৱত ব্যৱহাৰ হোৱাৰ উপৰিও ধৰ্মীয় পূজা-পাৰ্বণত অত্যাৱশ্যকীয়। শিলিখাৰ শাস্ত্ৰীয় নাম অভয়া, পখ্যা, অমৃতা অব্যথা, শিবা আদি।
শিলিখাৰ মিঠা, কেহা, তিতা, জালা আৰু লৱণ এই ছটা ৰস থাকে। পৰিপাকত ই মিঠা ৰস নি:সৰণ কৰে। খাওঁতে কিন্তু কেঁহা ৰসৰ আস্বাদন অনুভূত হয়। আগতে কোৱা হৈছে যে শিলিখা মহৌষধি অমৃতমূল্য দ্ৰব্য। ই শৰীৰৰ সকলো ৰোগ নিৰাময় কৰি জীৱনীশক্তি বৃদ্ধি কৰে। শিলিখা আহাৰৰ পিচত ব্যৱহাৰ কৰিলে অন্নপানদি কৃত আৰু ত্ৰিদোষৰ পৰা হোৱা সকলো ৰোগ বিনাশ হয়। শিলিখা নিমখৰ লগত খালে কফ নষ্ট কৰে। চেনীৰ লগত শিলিখা খালে পিত্ত নষ্ট হয়; ঘিউৰ লগত ব্যৱহাৰ কৰিলে বাতৰ পৰা হোৱা ৰোগ নিৰাময় হয় আৰু গুড়ৰ লগত শিলিখা খালে সৰ্বৰোগ বিনাশ হয়। আয়ুৰ্বেদ শাস্ত্ৰত বিভিন্ন শিলিখাৰ একোটা ভিন্ন ভিন্ন গুণৰ বৰ্ণনা দিছে।
১) অভয়া শিলিখা চকুৰ বেমাৰত ব্যৱহাৰ্য্য।
২) অমৃতা শিলিখা বিৰোচন আৰু সংশোধনী কাৰ্য্যত ব্যৱহাৰ হয়।
৩) চেতকী শিলিখা চূৰ্ণ ঔষধ প্ৰস্তুত কৰাত ব্যৱহৃত হয়। এইবিধ শিলিখাই তীব্ৰভাৱে ভেদকাৰ্য্য কৰে পিয়াহত আতুৰ মানুহৰ আৰু ক্ষীণ মানুহৰ তথা ৰুচিহীন মানুহক ইয়াৰ চূৰ্ণ খুৱাব লাগে।
৪) জীৱন্তী শিলিখা সৰ্বৰোগত ব্যৱহাৰ হয়।
৫) ৰোহিনী শিলিখা ব্ৰণ, ঘাঁ আদিত বিশেষ উপকাৰী।
৬) পুতনা শিলিখা প্ৰলেপ কাৰ্য্যত ব্যৱহাৰ হয় এইবিধৰ সাহ কম গুটিটো বেছি ডাঙৰ।
৭) বিজয়া শিলিখাও সকলো ৰোগতে ব্যৱহাৰ হয়।
শিলিখা দৰৱত ব্যৱহাৰ কৰাৰ আগতে পৰীক্ষা কৰি ল’ব লাগে। যি শিলিখা পানীত ওপঙি নাথাকে সেইবিধ ভাল আৰু দৰৱত ব্যৱহাৰ যোগ্য। ঋতুভেদে শিলিখাৰ চূৰ্ণ বিভিন্ন মাত্ৰাত ব্যৱহাৰ কৰিলে সুফল পোৱা যায়। শিলিখাৰ চূৰ্ণ চাৰি অনাৰ পৰা আঠ অনালৈ এই নিয়মত খাব লাগে।
১) বৰ্ষাকালত শিলিখা চূৰ্ণ সৈন্ধৱ লোণৰ লগত।
২) শৰৎ কালত চেনীৰ লগত।
৩) হেমন্তকালত আদাৰ শুঠ দুই অনাৰ লগত মিহলাই খাব লাগে।
৪) শীতকালত পিপলিৰ গুড়া দুই অনাৰ লগত।
৫) বসন্ত কালত মৌৰ লগত।
৬) গ্ৰীষ্মকালত ঘিউ অলপৰ লগত।
ৰক্তাৰ্শ বেমাৰত শিলিখা চূৰ্ণ আঠ অনা অলপ গুড়ৰ ভাত খোৱাৰ পিছত খাব লাগে। গৰম পানীৰ লগত শিলিখা ব্যৱহাৰ কৰিলে অতিসাৰ আমাশয় আৰু আমদোষ নষ্ট হয়। ভাত খোৱাৰ আগে আগে শিলিখা চূৰ্ণ চাৰি তোলা, সিদ্ধিলতাৰ ৰস এক তোলা আৰু গুড় মিহলাই নিয়মিতভাৱে ব্যৱহাৰ কৰিলে বাত, ৰক্ত, কুষ্ঠ ৰোগ উপশম পাব পাৰি। শৌচ কঠিন হ’লে শিলিখাৰ গুড়া গোমূত্ৰৰ লগত কেইদিনমান খালে নিয়মীয়া হয়। শোথ বেমাৰত শিলিখা চূৰ্ণ নিতৌ খালে নিৰাময় হয়। চকুৰ বেমাৰত শিলিখা ঘিউত ভাজি চকুৰ চাৰিওফালে প্ৰলেপ দিব লাগে। পিত্ত প্ৰধান মানুহ আৰু গৰ্ভৱতী তিৰোতাই শিলিখা খাব নালাগে। শ্বাস, কাহ, প্ৰমেহ, ক্ৰিমি স্বৰভংগ, বিষমজ্বৰ পেটফুলা, তৃষ্ণা, খজুৱতী, প্লীহাৰোগ, যকৃত বৃদ্ধি, মূত্ৰাঘাত আদি বহুৰোগৰ বাবে শিলিখা মহৌষধ।
লিখক: কবিৰাজ ধৰ্ম্মকান্ত শৰ্মা।
শেহতীয়া উন্নীতকৰণ: : 10/7/2018
কিছুমান সহজলভ্য ঔষধি গুণযুক্ত বনৌষধি
শিলিখা
শিলিখাৰ ঔষধি গুণ