স্থান : শ্ৰেণী
গোটৰ আকাৰ : ২-৩
সময় : ৩০-৪৫ মিনিট
যোগাৰ : দিনৌ ব্যৱহাৰ কৰা ইটো সিটো বস্তু কলম, চুৰি, পিয়লা, গিলাচ, কিতাপ, চামুচ, চুপি আদি।
কেনেকৈ আমাৰ দেহৰ এটা অকণমানি অংগয়ো (ইয়াত আমাৰ হাতৰ আঙুলি) একো একোটা গুৰুত্বপূৰ্ণ কাম কৰে, তাকে বুজোৱা।
উদাহৰণ : বুঢ়া আঙুলি ব্যৱহাৰ নকৰাকৈ কলম এটা ধৰিব কওক।
তেওঁলোকে দেখা পাব তেনে কৰা কিমান টান আৰু বুজিব যে বিশেষ কামৰ বাবে বিশেষ আঙুলি আছে। ইয়াৰ পৰাই তেওঁলোকে বিকলাংগ সকলৰ অসুবিধাৰ কথা অনুভৱ কৰিব। দেহৰ আন অংগক বিকল হোৱা অংগৰ কাম কৰিবলৈ শিকোৱাত লগা পৰিশ্ৰম আৰু কৌশলৰ কথাও তেওঁলোকে অনুভৱ কৰিব।
ছাত্ৰ ছাত্ৰী সকলক অনুমান কৰিব কওক আন ধৰণৰ হাত হোৱা হ’লে কি হ’ল হেঁতেন। কেইখিলা মান ডাঠ কাগজ লওক আৰু ১৫ চে.মি. মান দীঘল পাঁচডাল নলী কৰক আৰু পাঁচাটা আঙুলিক পিন্ধক। তেওঁলোকে এই দীঘল আঙুলি ভিন ভিন কাম কৰোঁতে ব্যৱহাৰ কৰক আৰু নতুন অনুভৱ আগৰ অনুভূতিৰ সৈতে তুলনা কৰক।
খোৱাৰ সময়ত তেওঁলোকে মন কৰিব ভিন ভিন আহাৰৰ কাৰণে কিমান পৃথক পৃথক ধৰণে আঙুলি ব্যৱহৃত হয়।
উৎস: শিকাৰ আনন্দ, পৰিৱেশ বিজ্ঞান কেন্দ্ৰ, আহমেদাবাদ।
শেহতীয়া উন্নীতকৰণ: : 4/19/2020
নকল বা কৃত্ৰিম কণী চিনাক্ত কৰাৰ দহটা সহজ কিটিপ
কম্পিউটাৰ আৰু মবাইলত অসমীয়া লিখাৰ সহজ পদ্ধতি আৰু স...
টেনচন কমাবলৈ সহজ উপায়
বিভিন্ন চৰকাৰী আঁচনি আৰু কৰ্মসূচীৰ বাবে কৃষকৰ সহজ ...