অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

উচ্চ শিক্ষাৰে শিক্ষিত হৈয়ো গাহৰি পালনত ব্যস্ত আমগুৰিৰ জয়ন্ত গগৈ

উচ্চ শিক্ষাৰে শিক্ষিত হৈয়ো গাহৰি পালনত ব্যস্ত আমগুৰিৰ জয়ন্ত গগৈ

সাম্প্ৰতিক সময়ত উন্নত জাতৰ গাহৰি পালন কৰি বহু শিক্ষিত যুৱকে স্বাৱলম্বনৰ নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে। বিশেষকৈ অসমৰ জলবায়ু গাহৰি পালনৰ বাবে উপযুক্ত হোৱাত গ্ৰামাঞ্চলৰ বহু পৰিয়ালে বৈজ্ঞানিক পদ্ধতিৰে উন্নত জাতৰ গাহৰি ক্ৰয় কৰি জীৱিকাৰ সুন্দৰ পথ বাচি লৈছে।


শিৱসাগৰ জিলাৰ আমগুৰি সমষ্টিৰ চৰাইমূৰীয়া গাঁৱৰ এজন শিক্ষিত যুৱক জয়ন্ত গগৈ। গাঁওখনৰ নিবাসী প্ৰতাপ গগৈৰ সু-সন্তান জয়ন্ত গগৈয়ে ২০০৬ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা সমাজশাস্ত্ৰ বিভাগত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। আমগুৰি মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা যুৱক জয়ন্তই ক্ৰীড়াৰ ক্ষেত্ৰতো পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হৈছিল। ২০০৫ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ‘ষ্ট্ৰ্ং মেন’ ৰ খিতাপ, ২০০৬ চনত ‘বেষ্ট লিফটাৰ’ খিতাপ আৰু বডী বিলডিঙত মি: আছাম খিতাপ লাভ কৰা জয়ন্তৰ ক্ৰীড়া ক্ষেত্ৰলৈ বহুখিনি অৱদান আছে। ক্ৰীড়া ক্ষেত্ৰৰ প্ৰতি থকা আগ্ৰহৰ বাবেই জয়ন্তই আমগুৰি নগৰত হেলথ ক্লাব প্ৰতিষ্ঠা কৰি বহু যুৱকক প্ৰশিক্ষণ প্ৰদান কৰি আহিছে।

উচ্চ শিক্ষাৰে শিক্ষিত আৰু ক্ৰীড়াৰ ক্ষেত্ৰত থকা পাৰদৰ্শিতাৰ পিছতো কিন্তু জয়ন্ত গগৈ গাঁৱলৈ গুচি আহে। আৰ্থিক অনাটনৰ বাবে শিক্ষিত যুৱকজনে আগবাঢ়ি যোৱাৰ বহু সপোন ত্যাগ কৰি আৰ্থিক স্বাৱলম্বনৰ উপায় বিচাৰিবলৈ ধৰে। কৰ্মসংস্থাপনৰ বাবে বহুবাৰ চেষ্টা কৰি বিফল হোৱাৰ পিছত তেওঁ অৱশেষত নিজৰ বাৰীৰ ১ কঠা মাটিত উন্নত জাতৰ গাহৰি পালনৰ বাবে আত্মনিয়োগ কৰে। পৰিয়ালটোৰ হাতত থকা পঁচিশ হাজাৰ টকাৰে তাত এটি গৃহ নিৰ্মাণ কৰি তেওঁ লাজব্লেক জাতৰ উন্নত গাহৰি ক্ৰয় কৰে। গুৱাহাটীৰ খানাপাৰা আৰু শিৱসাগৰত গাহৰি পালনৰ প্ৰশিক্ষণ লৈ জয়ন্তই বৈজ্ঞানিক পদ্ধতিৰে নিজৰ ফাৰ্মত থকা গাহৰিৰ যত্ন ল’বলৈ ধৰে। নিজ ফাৰ্মতে গাহৰিৰ উন্নত পোৱালি জন্ম দি গাহৰি পালকক বিক্ৰী কৰি নিজে লাভান্বিত হোৱা সত্ত্বেও বহু পৰিয়ালক আৰ্থিকভাৱে সহায় কৰি আহিছে। বৰ্তমান জয়ন্তৰ ফাৰ্মত ৬ টা ডাঙৰ আৰু ১০ টা উন্নত জাতৰ গাহৰি পোৱালি আছে। আশ্চৰ্যজনক কথা যে জয়ন্তৰ ফাৰ্মত প্ৰায় ২ কুইণ্টল ওজনৰ এটা বৃহৎ আকাৰৰ গাহৰিও আছে। শিৱসাগৰ জিলাৰ লগতে সমগ্ৰ ৰাজ্যখনতো গাহৰিৰ ফাৰ্মত ইমান ডাঙৰ গাহৰি নোলাব।

লিখক: সমীৰণ দুৱৰা, দৈনিক অসম।

শেহতীয়া উন্নীতকৰণ: : 3/16/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate